Home Blog Page 1984

দীঘল দাঁতৰ বাবে জনাজাত আফ্ৰিকান বৃহদাকাৰ দাঁতৰ মাইকী হাতী দিদাৰ মৃত্যু…

দীঘল দাঁতৰ বাবে জনাজাত আফ্ৰিকান বৃহদাকাৰ দাঁতৰ মাইকী হাতী দিদাৰ মৃত্যু ঘটিছে। ৬৫ বছৰ বয়সত কেনিয়াৰ চাভো ইষ্ট নেচনেল পাৰ্কত মৃত্যু বৰণ কৰে দিদাই।

কেনিয়া বন্যপ্ৰাণী সেৱাই এক বিবৃতিত স্বাভাৱিক বয়সজনিত কাৰণত দিদা নামৰ এই হাতীটোৰ মৃত্যু হয় বুলি সদৰী কৰিছে।

বিবৃতিটোত বিভাগটোৱে কয়, “আমি দিদাৰ মৃত্যুত মৰ্মাহত। চাভো ইষ্ট নেচনেল পাৰ্কত বাস কৰা দিদা সম্ভৱতঃ আফ্ৰিকাৰ সৰ্ববৃহৎ মাইকী টাস্কাৰ। বৃদ্ধ বয়সৰ বাবে প্ৰাকৃতিক কাৰণত দিদাৰ মৃত্যু হৈছে। প্ৰায় ৬০-৬৫ বছৰ বয়সলৈকে সম্পূৰ্ণ জীৱন অতিবাহিত কৰিলে।”

বিবৃতিটোত লগতে কোৱা হৈছে, “যিসকলে ফটো তথা ভিডিঅ’ৰ জৰিয়তে দিদাক চিনি পাইছিল, অথবা যিসকলে দিদাক প্ৰত্যক্ষভাৱে দেখা পাই আনন্দিত হৈছিল, তেওঁলোকে দিদাক মনত ৰাখিব।”

হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত একতা দিৱস পালন…

হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত একতা দিৱস পালন ৷ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন হৈছে ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন উদ্যোগত একতা দৌৰ অনুষ্ঠিত কৰা হয় ৷


জিলা প্ৰশাসনৰ উদ্যোগ অনুষ্ঠিত একতা দৌৰত অংশগ্ৰহণ কৰে জিলা প্ৰশাসনৰ বহু উচ্চপদস্থ বিষয়া, আৰক্ষী, 26th বেটেলিয়নৰ ১০০ জোৱান, NCC ৰ ছাত্ৰ-ছাত্ৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।

হাটশিঙিমাৰী জালা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একতা দৌৰৰ ফ্লেগ অফ কৰে অসমৰ দক্ষিণ সংমণ্ডলৰ ই জি পি দিলীপ কুমাৰ ডে আৰু উপায়ুক্ত পল্লৱী সৰকাৰৰ লগতে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে ৷

একতা দৌৰৰ পূৰ্বে চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বালন কৰি মাল্যাৰ্পণ কৰি ই জি পি গৰাকেয়ে ৷

আজি বলীউডৰ কিং খান শ্বাহৰুখ খানৰ জন্মদিন…

শ্বাহৰুখ খানৰ জন্মদিন : বলীউডৰ ৰজা তথা ৰোমাঞ্চ ৰজা শ্বাহৰুখ খানৰ বয়স ৫৭ বছৰ। একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ আগ্ৰহী হৈ পৰিছিল। একে সময়তে ৰজা খানেও তেওঁক নিৰাশ কৰা নাছিল আৰু তেওঁ মাজনিশা অনুৰাগীক আচৰিত কৰি তুলিছিল।

কনিষ্ঠ পুত্ৰ আবৰামৰ সৈতে মন্নতৰ টেৰেচত উপস্থিত হৈ শ্বাহৰুখে হাত মিলাই অনুৰাগীক ধন্যবাদ জনায়। ইয়াৰ পিছত তেওঁ নিজৰ চিগনেচাৰ মুভও দেখুৱাইছিল। একে সময়তে শ্বাহৰুখক দেখি আনন্দত জপিয়াই উঠিল অনুৰাগীসকল। সকলোৱে SRK ৰ জন্মদিনৰ শুভেচ্ছা জনালে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত শ্বাহৰুখ খানে নিজৰ টেৰেচৰ পৰা অনুৰাগীক সম্ভাষণ জনোৱা দেখা গৈছিল। এই সময়ত কিং খান ক’লা টি-চাৰ্ট আৰু নীলা জিন্স পিন্ধি দেখা দিছিল। একে সময়তে আব্ৰামে বগা টি-চাৰ্ট আৰু শ্বৰ্ট পিন্ধিছিল। এই সময়ত শ্বাহৰুখে নিজৰ টেৰেচৰ পৰা অনুৰাগীৰ সৈতে চেলফিও তুলিছিল।

সহজ সৰল ধৰণেৰে জন্মদিন পালন কৰিব শ্বাহৰুখ খানে
আনহাতে, সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে, তেন্তে শ্বাহৰুখ খানে জন্মদিনত বিশেষ উদযাপন নকৰিব, কিন্তু তেওঁ নিশ্চিতভাৱে অনুৰাগীৰ সৈতে কেক কাটিব। কোৱা হৈছে যে এই কেক কটা অনুষ্ঠান পাঁচ তাৰকা হোটেল তাজ লেণ্ডছ এণ্ডত অনুষ্ঠিত হ’ব য’ত শ্বাহৰুখ খান তেওঁৰ অনুৰাগীৰ সৈতে উপস্থিত থাকিব।

‘পাথান’ ছবিৰ সৈতে পুনৰ উভতি অহা।
আপোনালোকক কওঁ যে শ্বাহৰুখ খানে যোৱা চাৰিটা দশক ধৰি ছবি জগতত সক্ৰিয় হৈ আছে আৰু নিজৰ অতুলনীয় অভিনয় আৰু উজ্জ্বল ছবিৰ বাবে লাখ লাখ অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। শ্বাহৰুখ খানৰ আগন্তুক ছবিৰ কথা ক’বলৈ গ’লে ইয়াত সিদ্ধাৰ্থ আনন্দৰ পৰিচালক ‘পাথান’ ছবিখনো অন্তৰ্ভুক্ত কৰা হৈছে।

শ্বাহৰুখৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামেও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। একে সময়তে কিং খানৰ আগন্তুক আন আন ছবিসমূহৰ ভিতৰত আছে ‘জৱান’ আৰু ‘ডাংকি’।

ৰাছিয়াৰ আক্ৰমণৰ পিছত পানী আৰু বিদ্যুতৰ অভাৱত জীয়াতু ভুগিবলগা হৈছে কীয়েভৰ প্ৰায় সংখ্যক জনগণে…

সোমবাৰে সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত ৰাছিয়াই ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত পুনৰ সৃষ্টি হয় বিভীষিকাময় পৰিস্থিতি।

ৰাছিয়াই কোৱা মতে এই আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ সেনা বাহিনী নিয়ন্ত্ৰণ কৰাৰ লগতে ইউক্ৰেইনৰ শক্তি সংস্থাপন কেন্দ্ৰ সমূহ নষ্ট কৰা। যোৱা সপ্তাহৰ শেষৰ ফালে ক্ৰিমিয়াত ৰাছিয়ান সেনাৰ যুদ্ধ জাহাজত কৰা আক্ৰমণৰ প্ৰত্যাক্ৰমণ হিচাপে ৰাছিয়াই এই ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰিছে বুলি ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

ইউক্ৰেইনে দিয়া তথ্য মতে, ৰাছিয়াই ইউক্ৰেইনলৈ লক্ষ্য কৰি ৫৫টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ইয়াৰে ৪৫ টা ক্ষেপণাস্ত্ৰই ক্ষতিগ্ৰস্ত কৰিছে ইউক্ৰেইনক।

আানহাতে এই আক্ৰমণৰ পিছতেই কীয়েভত ব্যাহত হৈ পৰিছে বিদ্যুৎ । আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহ। কীয়েভৰ ২ লাখ ৭০ হাজাৰটা ঘৰ বঞ্চিত হৈ পৰিছে বিদ্যুৎ যোগানৰ পৰা। বন্ধ কৰি দিয়া হৈছে কীয়েভৰ ষ্ট্ৰীট লাইট। ইলেক্ট্ৰনিক বাছৰ সলনি চলিছে তৈল্যচালিত বাহন। প্ৰশাসনে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’বলৈ আহ্বান জনাইছে ইউক্ৰেইনবাসীক। সম্প্ৰতি বিদ্যুৎ আৰু পানী যোগানৰ ব্যৱস্থাসমূহৰ মেৰামতিৰ কাম চলি আছে বুলি জানিবলৈ দিছে ইউক্ৰেইনে।

নিচামুক্তি কেন্দ্ৰত অত্যাচাৰ, নগাঁও থানাত গোচৰ তৰিলে যুৱকে

নিচাসক্ত যুৱকক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ নামত স্থাপিত হোৱা নিচামুক্তি কেন্দ্ৰসমূহত ব্যাপক বেমেজালি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নগাঁৱত কাঠফুলাৰ দৰে গঢ়ি উঠা নিচামুক্তি কেন্দ্ৰসমূহত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

নিচামুক্তি কেন্দ্ৰত ব্যাপক অত্যাচাৰৰ সন্মুখীন হৈ এগৰাকী যুৱকে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰাৰ পিছতে পুনৰ পোহৰলৈ আহিছে নিচামুক্তি কেন্দ্ৰসমূহৰ প্ৰকৃত স্বৰূপ। ইতিমধ্যে চেষ্টা নামৰ নিচামুক্তি কেন্দ্ৰটোৱে নগাঁৱত তেঁওলোকৰ কাৰ্যালয় বন্ধ কৰি পলায়ন কৰাৰো অভিযোগ উঠিছে।

বাহাৰুলৰ অভিযোগ অনুসৰি, নিচামুক্তি কেন্দ্ৰটোত থকা যুৱকসকলক নাঙঠ কৰি প্ৰহাৰ কৰা হয়। অতি লেতেৰা পৰিৱেশত যুৱকসকলক ৰখাৰ লগতে তেঁওলোকক অস্বাস্থ্যকৰ খাদ্য প্ৰদান কৰাৰো অভিযোগ কৰিছে যুৱকজনে। ইতিমধ্যে যুৱকজনৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ভাৰত জোড়ো যাত্ৰা কৰি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে।”-ৰূপজ্যোতি কুৰ্মী

‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ভাৰত জোড়ো যাত্ৰা কৰি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে। চৰকাৰ থাকোতে ৰে’ল সংযোগ, বিমান সংযোগে কৰিব নোৱাৰিলে কংগ্ৰেছে। নৰেন্দ্ৰ মোদী বহু ওপৰত, তেওঁক আৰু কোনেও চুব নোৱাৰে।’’ – এই মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰাই নিজৰ সমষ্টিত কাম কৰিব এৰি ধুবুৰীলৈ গৈছে। ধুবুৰীৰ পৰা নহয়, শদিয়াৰ পৰাহে আৰম্ভ হয় অসম, কংগ্ৰেছে ওলোটাকৈ আৰম্ভ কৰিছে।

ইফালে, মিঞা মিউজিয়াম সন্দৰ্ভত ৰূপজ্যোতি কয়, ‘‘মণিপুৰী নাঙলেৰে ময়ো হাল বাইছিলো সৰুতে। নাঙল অসমীয়াৰ, অসমীয়াৰ স্বাভিমান, মিঞাৰ নহয়। লাচিত বৰফুকনে অসমৰ পৰা মোগল খেদিছিল। অসমীয়া ভাষা মিঞাই জীয়াই ৰাখিব নালাগে, অসমীয়াই নিজে নিজকে ৰক্ষা কৰিব জানে। মিঞাই কিতানী-বালানী কয়, এইবোৰ অসমীয়া নেকি?’’

‘‘অসম মানে অসমীয়া, যিয়েই অসমীয়া বুলি গৰ্ব কৰিব তেওঁহে তিষ্টি থাকিব অন্যথা নহ’ব। মিঞাৰ নীলা, ৰঙা, সেউজীয়া ৰঙৰ লুঙী বাহিৰে আন কি আছে? মিঞাই অসমত বেছি পেক-পেকাই থাকি লাভ নাই।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।

খিলঞ্জীয়াৰ মাজত খোজ কঢ়াৰ সাহস নাই কংগ্ৰেছৰ, মিঞাৰ মাজত খোজ কাঢ়িছে : জয়ন্ত মল্ল বৰুৱা

‘‘ভূপেন বৰাই নিজৰ সমষ্টিত নিৰ্বাচন থাকিলে ধুবুৰীত খোজ কাঢ়ে। ভাৰত জোড়ো নে ভাৰত তোড়ো কি কৰিছে তেওঁলোকেহে জানে। মিঞাৰ মাজত খোজ কাঢ়িছে। খিলঞ্জীয়াৰ মাজত খোজ কঢ়াৰ সাহস নাই। ভীম বৰ দেউৰীৰ হৈ কি কৰিলে, তাৰ উত্তৰ দিব নোৱাৰাৰ বাবেই ধুবুৰীত খোজ কাঢ়িছে।’’ – এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

মন্ত্ৰীগৰাকীয়ে কয়, জিলা এখনলৈ যাওঁতে য’ত সন্দেহযুক্ত নাগৰিক থাকে তালৈহে যায়। মিয়া মিউজিয়াম বনালেও মনে মনে থাকিবলগীয়া হ’ল। কংগ্ৰেছ এতিয়া ৪ নম্বৰ দল। হয়তো এদিন নাইকিয়া হ’ব।

AIUDF দলৰ জন্ম কংগ্ৰেছৰ পৰাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, মিঞাৰ ষড়যন্ত্ৰ বুজি নাপালে খিলঞ্জীয়াৰ বাবে বিপদ হ’ব বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয়, আগ্ৰাসনকাৰীৰ কোনো সংস্কৃতি নাথাকে।

যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীৰ এগৰাকী ছাত্ৰীৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ

আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে।

মঙলবাৰে বিয়লি যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীৰ এগৰাকী ছাত্ৰীৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ হয়। যোৰহাট নগৰৰ মাজমজিয়াস্থিত শিক্ষা প্ৰতিষ্ঠানখনৰ সমীপতে থকা এটা ভাড়াঘৰত চিপ লৈ ওলমি থকা থকা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীয়ে  আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত ছাত্ৰীগৰাকী নামৰূপৰ পৰিস্মিতা সোণোৱাল।

অনিতা পি জি নামৰ ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল ছাত্ৰীগৰাকীয়ে। অটমোবাইল বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে মৃত ছাত্ৰীগৰাকী। মঙলবাৰেও শিক্ষানুষ্ঠানলৈ গৈছিল ছাত্ৰীগৰাকী। কিন্তু কি পৰিস্থিতিত পৰি এই চৰম সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে

বিবাহ বিচ্ছেদৰ পিছত মায়োচাইটিছত ভুগিছে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু! প্ৰকৃততে কি এই বিৰল শাৰীৰিক জটিলতা?

মায়োচাইটিছত ভুগি থকা সামান্থা ৰুথ প্ৰভু নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ আন এটা কাৰণৰ বাবে বাতৰিলৈ আহিছে। মায়োচাইটিছ এক নিৰ্দিষ্ট ৰোগ নহয়, কিন্তু বহুতো বিৰল শাৰীৰিক জটিলতাক মায়োচাইটিছ বুলি কোৱা হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী খহি পৰে, পেশীবোৰ দুৰ্বল হৈ পৰে।মায়োচাইটিছৰ মুখ্য লক্ষণবোৰ হৈছে পেশীৰ বিষ আৰু দুৰ্বলতা, যি সময়ৰ সৈতে বৃদ্ধি হয়। এয়াও হ’ব পাৰে যে প্ৰভাৱিত ব্যক্তিজনে কিছু সময় খোজ কঢ়াৰ পিছত অতি দুৰ্বল অনুভৱ কৰিব পাৰে।চিকিৎসকৰ মতে, ডাৰ্মাটোমায়োচাইটিছ, পলিমায়োচাইটিছ, শৰীৰৰ মায়োচাইটিছৰ দৰে সমস্যাৰ ফলত জটিলতা হ’ব পাৰে। ৰিউমেটিক আৰ্থ্ৰাইটিছ এই সমস্যা আৰু জটিলতাৰ কাৰণো হ’ব পাৰে।ভাইৰেল সংক্ৰমণ, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মায়োচাইটিছ হোৱাৰ আশংকাও থাকে। দুৰ্বলতাৰ উপৰিও, এই জটিলতাৰ অন্যান্য লক্ষণবোৰ হৈছে দুৰ্বলতা, ভাগৰ, ছালৰ সংক্ৰমণ, হাতৰ ছাল ডাঠ হোৱা, খোৱা আৰু উশাহ লোৱাত অসুবিধা, খোজ কঢ়াত অসুবিধা, পেশীৰ বিষ। যদি সঠিক সময়ত চিকিৎসা কৰা নহয়, এই লক্ষণ আৰু জটিলতাবোৰ বৃদ্ধি হৈ থাকে।এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিস্তাৰিত ভাৱে জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক।

ব্ৰেইন টিউমাৰ কি? প্ৰাৰম্ভিক লক্ষণবোৰ অতি সামান্য, আওকাণ নকৰিব ! 

আজিৰ সময়ত ব্ৰেইন টিউমাৰ এক গুৰুতৰ সমস্যাত পৰিণত হৈছে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণৰ কথা উল্লেখ কৰি চিকিৎসকে কয় যে এই ৰোগক একেবাৰেই সহজভাৱে লোৱা উচিত নহয়। মূৰৰ সামান্য বিষৰ পৰা আৰম্ভ হয় কিন্তু সময়ৰ লগে লগে এই বিষ বাঢ়িবলৈ আৰম্ভ কৰে। কিছু সময়ৰ পাছত মূৰৰ এই বিষ ইমানেই তীব্ৰ হৈ পৰে যে সহ্যও কৰিব নোৱাৰি। এনে পৰিস্থিতিত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যিটো প্ৰায়ে মনত ৰাখিব লগা হয়। অৰ্থাৎ যদি অনবৰতে মূৰৰ বিষ থাকে, তেন্তে পলম নকৰাকৈ তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

আপুনি জানি আচৰিত হ’ব যে এতিয়াও ব্ৰেইন টিউমাৰৰ কোনো নিৰাময় হোৱা নাই। এই ৰোগৰ তিনিটা পৰ্যায় থাকে। যদি সময়ত এই ৰোগ ধৰা পৰে তেন্তে আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰি। কিন্তু যদি আপুনি ইয়াৰ লক্ষণসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰে তেন্তে সেয়া আপোনাৰ বাবে মাৰাত্মক হ’ব পাৰে।
ব্ৰেইন টিউমাৰ কি?মগজুৰ টিউমাৰত মগজুৰ কলাবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। আপুনি জানে যে মগজুটো অতি কঠিন মূৰৰ খুলিৰ ভিতৰত আবদ্ধ হৈ থাকে। গতিকে মূৰৰ ছালৰ ভিতৰত কলাবোৰৰ বৃদ্ধিয়ে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মগজুৰ টিউমাৰৰ প্ৰকাৰমগজুৰ টিউমাৰ বিভিন্ন প্ৰকাৰৰ। কিছুমান মগজুৰ টিউমাৰ কেন্সাৰমুক্ত। কিছুমান মগজুৰ টিউমাৰ কেন্সাৰ ৰোগ হয়। যদি আপোনাৰ মগজুৰ পৰা মগজুৰ টিউমাৰ আৰম্ভ হয়, তেন্তে ইয়াক প্ৰাথমিক মগজুৰ টিউমাৰ বোলা হয়। যদি ই শৰীৰৰ আন এটা অংশৰ পৰা আৰম্ভ হৈ মগজুলৈ যায়, তেন্তে ইয়াক ছেকেণ্ডাৰী বা মেটাষ্টেটিক ব্ৰেইন টিউমাৰ বোলা হয়।
মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ• প্ৰথমতে স্থায়ী মৃদু মূৰৰ বিষ• সময়ৰ লগে লগে মূৰৰ বিষ বাঢ়ি যায়• মূৰ ঘূৰোৱা, বমি হোৱা• চকুৰ দৃষ্টিশক্তি কমি যোৱা। বা ম্লান দৃষ্টিশক্তি, সকলো দুগুণ দেখা• সকলো সময়তে হাত-ভৰিত অনুভূতি• যিকোনো কথা মনত পেলাবলৈ অসুবিধা হোৱা• কথা কোৱা বা বুজিবলৈ অসুবিধা• শ্ৰৱণ, সোৱাদ বা গোন্ধৰ সমস্যা• মেজাজৰ দোলাচল থকা• লিখা বা পঢ়াৰ সমস্যা• মুখ, হাত বা ভৰিৰ দুৰ্বলতা
ব্ৰেইন টিউমাৰৰ পৰীক্ষাসমূহ : 
• চিটি স্কেন- চিটি স্কেনৰ সহায়ত মগজুৰ ভিতৰৰ সকলো অংশৰ ফটো লোৱা হয়।• এম আৰ আই স্কেন- ব্ৰেইন টিউমাৰৰ সঠিক চিকিৎসাৰ বাবে প্ৰথমে ইমেজিং টেষ্ট কৰা হয়। ইয়াত মগজুৰ গঠনৰ লগত জড়িত সকলো তথ্য ৰেডিঅ’ সংকেতৰ সহায়ত লোৱা হয়। যিটো চিটি স্কেনত পোৱা নাযায়।• এঞ্জিঅ’গ্ৰাফী- এই পৰীক্ষাত ৰং বেজী হিচাপে ব্যৱহাৰ কৰা হয়। ৰংটো আপোনাৰ মগজুৰ কলাত বেজী দিয়া হয়। ইয়াৰ জৰিয়তে চিকিৎসকে জানিব পাৰে যে তেজ কেনেকৈ টিউমাৰটোৰ ওচৰ পাইছে। মগজুৰ অস্ত্ৰোপচাৰৰ সময়ত এই তথ্য অতি গুৰুত্বপূৰ্ণ।• এক্স-ৰে- মগজুৰ টিউমাৰ মূৰৰ খুলিৰ হাড় ভাঙি যোৱাৰ বাবেও হ’ব পাৰে। এক্স-ৰে কৰি মূৰৰ খুলিৰ হাড়ৰ ভাঙন ধৰা পৰে।
ব্ৰেইন টিউমাৰৰ চিকিৎসা১) অস্ত্ৰোপচাৰ- ব্ৰেইন টিউমাৰৰ চিকিৎসা অস্ত্ৰোপচাৰৰ জৰিয়তেহে সম্ভৱ। টিউমাৰৰ আকাৰ সৰু হ’লেহে অস্ত্ৰোপচাৰ কৰিব পাৰি। 
২) ৰেডিয়চন থেৰাপী – এক্স-ৰে বা প্ৰ’টনৰ দৰে ৰেডিয়চন ব্যৱহাৰ কৰি টিউমাৰৰ কলাবোৰ হত্যা কৰা হয়। ইয়াক ৰেডিয়চন থেৰাপী বোলা হয়।
৩) কেমোথেৰাপি – কেমোথেৰাপিত টিউমাৰৰ কলা ধ্বংস কৰিবলৈ ঔষধ ব্যৱহাৰ কৰা হয়।