Home Blog Page 1985

জেঠীয়ে যদি খাদ্যত মুখ দিয়ে, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজি আমি কেইটামান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা সহজে জেঠীৰ পৰা মুক্তি পাব পাৰে। 

আমাৰ প্ৰত্যেকৰে ঘৰত কম-বেছি পৰিমাণে জেঠী দেখিবলৈ পোৱা যায়। ই এবিধ এনেকুৱা প্ৰাণী যিয়ে আমাৰ প্ৰত্যক্ষ ক্ষতি নকৰে, কিন্তু ইয়াৰ পৰা বহু ৰোগ বিয়পিব পাৰে। তদুপৰি জেঠীয়ে যদি খাদ্যত মুখ দিয়ে, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজি আমি কেইটামান টিপছৰ বিষয়ে জানিম, যাৰ দ্বাৰা সহজে জেঠীৰ পৰা মুক্তি পাব পাৰে। এবাৰ চাওঁ আহক-

 ১. ঘৰৰ পৰা জেঠী আঁতৰাবলৈ কেৰাচিন তেলেৰে ঘৰ, বেলকনি আৰু বেৰ ভালদৰে মচিব লাগে। কেৰাচিন তেলৰ উৎকট গোন্ধে জেঠীৰ লগতে আন পোক-পৰুৱাকো ঘৰৰ পৰা আঁতৰা কৰে।

২. বহুতে হয়তো নাজানে যে ময়ূৰৰ পাখি জেঠী হত্যাকাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি। বহুতে ভাবে যে ঘৰৰ বেৰত ময়ুৰৰ পাখি লগালে জেঠীৰ পৰা পৰিত্ৰাণ পোৱা যায়। যদিও এই বিষয়ত কোনো বৈজ্ঞানিক যুক্তি নাই, তথাপিও বহুতে বিশ্বাস কৰে যে ময়ূৰৰ পাখিয়ে সঁচাকৈয়ে ঘৰৰ পৰা জেঠী আঁতৰাই কৰে।

৩. আপুনি জানি আচৰিত হ’ব যে জলকীয়াৰ গোন্ধও জেঠীয়ে একেবাৰে সহ্য কৰিব নোৱাৰে। আপোনাৰ ঘৰত জেঠী থকা সকলো ঠাইতে জলকীয়াৰ গুড়ি পানীৰ লগত মিহলাই ছটিয়াই দিলে উপকৃত হ’ব।

৪. হালধিৰ তিতা গোন্ধ জেঠীয়ে সহ্য কৰিব নোৱাৰে। অলপমান হালধি পানীৰ লগত মিহলাই স্প্ৰে কৰিলে ঘৰৰ পৰা জেঠীবোৰ নোহোৱা হয়।

৫. ঘৰৰ পৰা জেঠী দূৰ কৰিবলৈ কৰ্ফূৰ ব্যৱহাৰ কৰিব পাৰে। ঘৰৰ চুকত কৰ্পূৰ ৰাখিলে ইয়াৰ তিতা গোন্ধৰ বাবে জেঠী আৰু অন্যান্য পোক-পৰুৱাক নোহোৱা কৰিব পাৰে।

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷

 বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ তিনিওখন মেচতে তেওঁৰ ব্যৰ্থতা৷ বেটত ৰাণ নাই কেএল ৰাহুলৰ৷

কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এতিয়াও কে এল ৰাহুলৰ ওপৰত আস্থা ৰাখিছে৷ ইংগিত দিছে যে কাইলৈও বাংলাদেশৰ বিৰুদ্ধে অপেনিং কৰিবলৈ খেলপথাৰত নামিব বেটাৰগৰাকী৷

‘‘ৰাহুল অত্যন্ত ভাল ক্ৰিকেটাৰ৷ মই ভাবো, ৰাহুলে খুব ভাল বেটিং কৰিছে৷ কিন্তু টি টুৱেণ্টিত এইধৰণৰ ঘটনা হ’ব পাৰে৷ অপেনিং কৰা সহজ নহয়৷ এইদৰে কাৰো সমালোচনা কৰা উচিত নহয়৷’’- কে এল ৰাহুল সম্পৰ্কত ৰাহুল দ্ৰাৱিড়ে এইদৰে কয়৷

‘‘এইবাৰৰ বিশ্বকাপ বেটাৰৰ বাবে কঠিন৷ প্ৰস্তুতিমূলক মেচখনত পেট কামিন্স, মিচেল ষ্টাৰ্কৰ বিৰুদ্ধে ৰাহুলে খুব ভাল বেটিং কৰিছিল৷ আশা কৰো পৰৱৰ্তী মেচখনত তেওঁৰ বেটলৈ ৰাণ আহিব৷’’- ৰাহুল দ্ৰাৱিড়ে কয়৷

কেএল ৰাহুলৰ বেটিং শৈলীক প্ৰশংসা কৰি ৰাহুল দ্ৰাৱিড়ে কয় যে সাধাৰণতে কে এল ৰাহুলে বেকফুটত খেলি ভাল পায় আৰু ইয়াত তেওঁ সুখী৷ কে এল ৰাহুলৰ খেলাৰ ধৰণ অষ্ট্ৰেলিয়াৰ পিটচৰ বাবে উপযোগী বুলিও তেওঁ কয়৷

 যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব;নাখাব এই তিনিবিধ বস্তু!

টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। যদি আপোনাৰো টোপনিৰ অভাৱৰ দৰে সমস্যা আছে, তেন্তে এবাৰ আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ খাদ্য আৰু পানীয়ই মানুহৰ টোপনিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলায়। সেইবাবেই খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সুস্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ লগত সুস্বাস্থ্যৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। টোপনিৰ অভাৱৰ বাবে এজন ব্যক্তি বহু বিপদজনক ৰোগৰ বলি হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, স্তন কেন্সাৰৰ আশংকা, হতাশা আদি সমস্যা হ’ব পাৰে। গতিকে শোৱাৰ আগতে কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

ৰাতি শোৱাৰ আগতে এইবোৰ সেৱন নকৰিব
১) কেফেইনযুক্ত পানীয়ঃ ৰাতি মদ আৰু কেফেইনৰ পৰিমাণ নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি এইটোও মনত ৰাখিব লাগে যে টোপনিৰ ধৰণত প্ৰভাৱ পেলোৱা কেফেইন বহু ধৰণৰ খাদ্য আৰু পানীয়ত পোৱা যায়। চাহ, কফি আৰু বিভিন্ন ধৰণৰ শীতল পানীয়ত কেফেইন পোৱা যায়। চকলেট আৰু বিষনাশক ঔষধতো ইয়াক পোৱা যায়। গতিকে ৰাতি শোৱাৰ আগতে এইবিলাক সেৱনৰ পৰা বিৰত থাকিব লাগে।
২) বিলাহীঃ আপুনি জানেনে ৰাতি শোৱাৰ আগত বিলাহী খোৱাটোও টোপনিৰ বাবে ভাল নহয়। কাৰণ বিলাহীয়ে এচিড ৰিফ্লাক্স সৃষ্টি কৰি হজম শক্তিৰ লগত জড়িত সমস্যা বৃদ্ধি কৰিব পাৰে। ৰাতি বিলাহী সেৱন কৰিলে অস্থিৰতা বৃদ্ধি পাব পাৰে আৰু তাৰপাছত আপুনি পৰ্যাপ্ত টোপনি পোৱাৰ সম্ভাৱনা অতি কম হৈ পৰে।
৩) পিঁয়াজঃ বিলাহীৰ বাহিৰেও পিঁয়াজ এনেকুৱা এটা বস্তু, যিয়ে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। পিঁয়াজে পেটত গেছ তৈয়াৰ কৰাৰ কাম কৰে। এই গেছে আপোনাৰ পেটৰ চাপত প্ৰভাৱ পেলায়, যাৰ ফলত এচিড ডিঙিৰ ফালে ওপৰলৈ যায়। বিশেষকৈ যেতিয়া আপুনি পোন হৈ শুই থাকে। আশ্চৰ্যজনকভাৱে কেঁচা বা সিজোৱা পিয়াঁজ দুয়োটাই এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰাতি শোৱাৰ আগতে যিমান পাৰি পিয়াঁজ খোৱাৰ পৰা বিৰত থাকিব লাগে।

বাস্তুশাস্ত্ৰৰ মতে এলোভেৰা উদ্ভিদে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে ।কেনেকৈ আপুনি এলোভেৰা গছ ৰোপণ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে?

এলোভেৰা উদ্ভিদ আমাৰ দৈনন্দিন বহু কামত ব্যৱহাৰ কৰা হয়। এলোভেৰা গছৰ পৰা তৈয়াৰী জেল ছালৰ যিকোনো সমস্যা সমাধানৰ বাবে অতি উপযোগী। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এলোভেৰা উদ্ভিদে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰে বুলি বহুতে হয়তু নাজানে। আজি আমি জানিম যে কেনেকৈ আপুনি এলোভেৰা গছ ৰোপণ কৰি আৰ্থিক সমস্যাৰ সমাধান পাব পাৰে?

 বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰা গছ যদি ঘৰৰ পূব দিশত ৰোপণ কৰা হয়, তেন্তে ই আপোনাৰ ঘৰৰ বাস্তু উন্নত কৰে। আমাৰ জীৱনৰ বহুখিনি কথাই নিৰ্ভৰ কৰে আমাৰ বাস্তুৰ ওপৰত। পূব দিশত এলোভেৰা গছ ৰোপণ কৰিলে আপোনাৰ আৰ্থিক সৌভাগ্যও উন্নত হোৱাৰ লগতে সুখ- সমৃদ্ধিও বৃদ্ধি হয়। কিন্তু পূব দিশত গছ ৰোপণ কৰিলেই নহ’ব, আন কিছুমান নিয়ম জনাটো প্ৰয়োজন।

 * বাস্তুশাস্ত্ৰৰ মতে পূব দিশ সূৰ্য্যৰ দিশ। আনহাতে গছ ৰোপণ কৰিলে আৰ্থিক বৃদ্ধি হয় আৰু সাংসাৰিক অস্থিৰতা দূৰ হয়। বিশেষজ্ঞসকলে জনোৱা মতে, ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰিলে ঘৰৰ বাসিন্দাসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়। আত্মবিশ্বাস বৃদ্ধিয়ে আৰু কঠিন কামবোৰ সহজ কৰি তোলে।

 * যদি ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰে, তেন্তে উত্তৰ-পূব দিশত কোনো ধৰণৰ গছ ৰোপণ নকৰিব। সেয়েহে ঘৰৰ কেৱল পূব দিশতহে এলোভেৰা গছ ৰোপণ কৰিব লাগে আৰু নিয়মীয়াকৈ ইয়াৰ যত্ন ল’ব লাগে। দেখিব সময়ৰ লগে লগে এলোভেৰা গছৰ প্ৰভাৱত আপোনাৰ সকলো সমস্যা নোহোৱা হৈ পৰিছে।

ঐশ্বৰ্য ৰায়ৰ হীৰাৰ আঙঠিটোৰ দাম কিমান আৰু কোনে উপহাৰ দিয়া? জানেনে ?

ঐশ্বৰ্য ৰায় বচ্ছন মানেই সৌন্দৰ্য আৰু বিলাসৰ প্ৰতীক। যিকোনো অনুষ্ঠানতে সৌন্দৰ্যৰ দেৱীগৰাকীয়ে এটা আঙঠি পিন্ধি থকা দেখা যায়। হীৰাৰ সেই সুদৃশ্য আঙঠিটোৱে ঐশ্বৰ্যৰ ৰূপত সোণত সুৱগা চৰায়।

কিন্তু আপুনি জানেনে আঙঠিটোৰ দাম কিমান? কোনে উপহাৰ দিছিল আঙঠিটো?

ঐশ্বৰ্য আৰু অভিষেকৰ বিয়া হোৱা এক দশকৰো অধিক হ’ল। বিয়াৰ সময়তে অভিষেকে ঐশ্বৰ্যক সেই হীৰাৰ আঙঠিটো উপহাৰ দিছিল। এতিয়াও আঙঠিটো আগৰ দৰেই নতুন হৈ আছে।

বচ্ছন পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত ঐশ্বৰ্যই সুযোগ পালেই আঙঠিটো পিন্ধে। জানিব পৰা মতে, ৫৩ কেৰেট হীৰাৰে তৈয়াৰ কৰা হৈছিল আঙঠিটো। দাম ৫০ লাখ টকা!

সঁচাকৈয়ে ওপৰৱালা জব দেতা হ্যেঁ দেতা থপ্পৰ ফাৰকে। পোৱাই সকলো পায়, নোপোৱাই একো নাপায়।

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ?বিশ্বকাপৰ মাজতে কিয় চৰ্চা হৈছে এই প্ৰশ্নৰ?

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ? টীম ইণ্ডিয়াৰ দুই যুঁজাৰু শক্তিক ২০২৪ চনৰ টি২০ বিশ্বকাপত দেখা পোৱা নাযাব নেকি? বিশ্বকাপ আৰু নেখেলে নেকি বিৰাট-ৰোহিতে?

বিশ্বকাপ চলি থকাৰ মাজতে এই প্ৰশ্নৰ উদ্ভৱ হৈছে। ইয়াৰ উত্তৰো দিছে বিচিচিআইৰ প্ৰধান নিৰ্বাচক চেতন শৰ্মাই। প্ৰধান নিৰ্বাচক গৰাকীয়ে এখন সাংবাদিক কয় যে কোনো ক্ৰিকেটাৰে যদি ধাৰাবাহিকভাৱে ভাল খেলে, তেনেহ’লে নিৰ্বাচকসকলৰ কোনো সমস্যা নাই।

এতিয়ালৈকে এই বিষয়ে ক্ৰিকেটাৰ দুগৰাকীৰ স’তে নিৰ্বাচক কমিটিয়ে কোনো কথা পতা নাই বুলিও তেওঁ জনায়। বিশ্বকাপৰ দৰে এটা প্ৰতিযোগিতাৰ মাজত খেলুৱৈৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিবলৈ তেওঁলোক ৰাজি নহয় বুলি তেওঁ কয়।

”তেওঁলোক শ্ৰেষ্ঠ ক্ৰিকেটাৰ। যদি তেওঁলোকে নিজেই কিবা ভাবে, নিশ্চিতভাৱে আমাক ক’ব।’’- তেওঁ কয়- ”ৰোহিত, কোহলি লগত থাকিলে দলৰ বাকীসকলেও কিবা শিকিব পাৰে। মই লক্ষ্য কৰিছো কেনেদৰে তেওঁলোকে তৰুণ ক্ৰিকেটাৰসকলৰ স’তে অনুশীলন কৰে। কোনো এখন মেচৰ বাবে কিধৰণে প্ৰস্তুতি ল’ব লগা হয়, কিদৰে নিজকে ফিট কৰি ৰাখিব পাৰি, সেই বিষয়ে তৰুণসকলে ৰোহিত-কোহলীৰ পৰা শিক্ষা লাভ কৰি আহিছে।’’

”কাৰোৰে বাবে দৰ্জা বন্ধ নহয়। যদি কোনোবাই নিজকে ফিট ৰাখিব পাৰে, তেন্তে বয়স মাত্ৰ এটা সংখ্যা।’’- বিৰাট-ৰোহিতৰ বয়সৰ বিষয়ে উনুকিয়াই তেওঁ কয়- ”যদি তেওঁলোকে দলৰ বাবে খেলি যাব পাৰে, তেন্তে নিৰ্বাচকসকল সুখী হৈ থাকিব।’’

অসমত বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱতৰ দক্ষিণ কামৰূপৰ চানডুবি পৰিদৰ্শন…

অসমত বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱত দক্ষিণ কামৰূপৰ চানডুবি পৰিদৰ্শন ।

আজি দিনৰ ১১ বজাত বিমান বন্দৰত উপস্থিত হৈছিল অভিনেত্ৰী গৰাকী

টিভি জগতৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী হিনা খানৰ ইনষ্টাগ্ৰামৰ হট ফটোশ্বুটে অনুৰাগীৰ মাজত সৃষ্টি কৰিছে ধুমুহা…

টিভি জগতৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী হিনা খানৰ সৌন্দৰ্য্যৰ বিষয়ে সকলোতে চৰ্চা হয় ।

ইনষ্টাগ্ৰামত নীলা হট সাজত ফটো আপলোড কৰাৰ পিছতে অনুৰাগীৰ মাজত সৃষ্টি হৈছে ধুমুহা ।

যাৰ ছবিবোৰ ইণ্টাৰনেটত অহাৰ লগে লগে কভাৰ কৰা হয় ।

ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
থিতাতে নিহত এজন । আহ’ত ১৫ জন।


দুজনৰ অৱস্হা সংকটজনক ,নিহত জনৰ নাম গুলজাৰ হুছেইন ।👉 *আহত কেইজনক ধিং FRU ত ভৰ্তি কৰোৱা হয় ।


AS02 CC8970 নম্বৰৰ মাছ ভৰ্তি ব’লেৰু পিক আপ বাহন খনে নিয়ন্ত্রণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় ।

গোসাইগাঁৱত ৰেলষ্টেচনৰ সমীপত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

গোসাইগাঁৱত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। গোসাইগাও মহকুমাৰ শ্ৰীৰামপুৰ ৰেলষ্টেচনৰ সমীপত হাৰাফুটা ৰেল দলঙৰ তলত এগৰাকী ৩০/৩৫ বছৰীয়া যুবকৰ মৃতদেহ আজি পূৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰে


উক্ত দূৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থিলত জি আৰ পিৰ লোক উপস্হিত হৈছে যদিও এতিয়ালৈকে যুবক জনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

ৰেলৰ পৰা পৰি মৃত্যু হৈছে না কোনোবাই হত্যা কৰি ৰেল দলঙৰ তলত পেলাই দিছে সেয়া এতিয়া লৈকে স্পষ্ট হোৱা নাই। তদন্ত কৰাৰ পিছতহে আচল ৰহস্য পোহৰ লৈ আহিব।

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট।