Breaking

গোসাইগাঁৱত ৰেলষ্টেচনৰ সমীপত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

0 64

গোসাইগাঁৱত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। গোসাইগাও মহকুমাৰ শ্ৰীৰামপুৰ ৰেলষ্টেচনৰ সমীপত হাৰাফুটা ৰেল দলঙৰ তলত এগৰাকী ৩০/৩৫ বছৰীয়া যুবকৰ মৃতদেহ আজি পূৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰে


উক্ত দূৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থিলত জি আৰ পিৰ লোক উপস্হিত হৈছে যদিও এতিয়ালৈকে যুবক জনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

ৰেলৰ পৰা পৰি মৃত্যু হৈছে না কোনোবাই হত্যা কৰি ৰেল দলঙৰ তলত পেলাই দিছে সেয়া এতিয়া লৈকে স্পষ্ট হোৱা নাই। তদন্ত কৰাৰ পিছতহে আচল ৰহস্য পোহৰ লৈ আহিব।

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট।

Leave A Reply