২০ জুন,আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ৰাজ্যজুৰি কলাগুৰুক স্মৰণ।(Bishnu Rabha Divas 2025)
বিষ্ণু ৰাভাৰ বিদ্ৰোহগীতি ‘স্বাধীনচিতীয়া হালোৱা’ৰ শিল্পসুষমা-
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ মহত্ত্ব, সিবোৰৰ বিষয়বৈচিত্ৰ্যতে সীমাবদ্ধ নহয়। মানে- এইটো বাস্তৱবাদী, সৌটো সৌন্দৰ্যবাদী, এইটো প্ৰেমৰ, সেইটো প্ৰকৃতিৰ- এনেধৰণৰ স্থূল বিচাৰতে শেষ নহয়। বিষ্ণু ৰাভাৰ গীত- বিষ্ণু ৰাভাৰ গীত। এক অসাধাৰণ শিল্পবস্তু।
ৰাভাৰ গীত সম্পূৰ্ণ কলা। ভাষাই চাব নে, সুৰেই চাব নে, গায়কীলৈকে চাব! সঙ্গীতানুষঙ্গও হ’ব অনুকুল।
ৰাভাৰ সৃষ্টিৰ শ্ৰেষ্ঠভাগ সঙ্গীত। তেখেতে হয়তো বহু কামেই কৰিছে। সৰ্ববিদ্যাবিশাৰদ বিষ্ণু ৰাভা। লোককৃষ্টি, নৃতত্ত্ব-ইতিহাস, ৰাজনীতি-সমাজনীতি, চিত্ৰ-বাদ্য-নৃত্য-অভিনয়-ক্ৰীড়া- ক’ত নাই তেওঁ? হয়তো বহু বস্তুৰে এতিয়া আৰু চানেকি পাবলৈ নাই। প্ৰৱাদতেই ৰৈ গ’ল।
কিন্তু যি খিনি বস্তুৰ বাবে অসমীয়া জাতি থকালৈকে ৰাভাক সুঁৱৰি থাকিব, সেয়া হ’ল তেওঁৰ অসাধাৰণ সঙ্গীত-প্ৰতিভা। সঙ্গীত মানে আমি কেৱল সুৰ দিয়া গীতিখিনিকে সামৰি লৈছোঁ। নৃত্য-নাট্যলৈ যোৱা নাই।
কথাবোৰ ভাৱি চাবচোন। কথাটো বহুদিনৰ পৰা মনত লাগি আছে। ভুল নহয় চাগে’। তেওঁৰ গীতখিনি এনেকুৱা যে তেওঁৰ গীতৰ সুৰীয়া বাটেৰে উজাই গৈ আৱিষ্কাৰ কৰি পেলাব পাৰি- গোটেই বিষ্ণু ৰাভাজনকে। ৰাভাৰ সামগ্ৰিক সত্তাকেই। তেওঁৰ গীত- তেওঁৰ বিচিত্ৰ জীৱন, চিন্তা, বীক্ষা আৰু কৰ্মৰ পৰিষ্কাৰ দাপোন।
তুলনামূলক কমকৈ গোৱা আৰু শুনা অহা ৰাভাৰ এটি গীত- ‘স্বাধীনচিতীয়া হালোৱা ডেকা বনুৱা’। এটি মনোৰম গীত। সামাজিক বৈষম্যবিৰোধী গীত। ৰাভাৰ বিশিষ্ট চিন্তাৰ প্ৰতিফলক এই গীত। ”ব’ল ব’ল ব’ল কৃষকশক্তি-দল”ৰ দৰে।
সেইবোৰ সকলো হয় বাৰু । কিন্তু গীতটোৰ ভাষালৈ মন কৰিছে নে? ‘পৰজনমৰ শুভ লগনত’, ‘লগন উকলি গ’ল’, ‘আজি মন্দিৰ দুৱাৰ খোলা’, ‘বিশ্বৰে ছন্দে’, ‘সুৰৰে দেউলৰে’ আদি গীতৰ বিপৰীত মেৰুত ‘স্বাধীনচিতীয়া হালোৱা’।
“স্বাধীনচিতীয়া হালোৱা, ডেকা ৰণুৱা।
পঞ্চায়তী যুগৰ ন মনৰ মনুৱা’
যুঁজিব সমৰত লগৰীয়া বনুৱা।।
এই ‘হালোৱা’, ‘ৰণুৱা’, ‘বনুৱা’ৰ লগতে আকৌ ‘মনুৱা’ শব্দটো ক’ৰ পৰা আহিল? এই শব্দ নিশ্চয় অভিধানত নাপাব। এয়া ৰাভাৰ ভাষা। coined word। তৈয়াৰ কৰি লোৱা ‘ভাষামুদ্ৰা’।
ঈপ্সিত অৰ্থ- মনস্বী, মননশীল, মনৰ চহকী, চিন্তানায়ক। ইমান ডাঙৰ কথা এটা ইমান সহজকৈ কৈ দিলে- ‘মনুৱা’। বন- বনুৱা, ৰণ- ৰণুৱা, মন- মনুৱা। আহা! এনেকুৱা আৰু কিছুমান গঢ়ি লোৱা শব্দ- ”জালিয়াতী মেল’, ‘জুলুমবাজীৰ জাল’ আৰু ‘শোষণবাদীৰ কাল’।
‘শোষণ’, ‘শোষণবাদী’! জ্যোতিপ্ৰসাদৰ ‘আলোকবাদী’ৰ বিপৰীতে। এইবোৰ তেজাল শব্দ আজিকালিৰ অসমীয়া গীতত শুনিবলৈ নোহোৱা হ’ল। যেন সকলো শেষ। ‘ডাৱৰ আৰু নাই!’ কিন্তু হয় জানো?
একেবাৰে শেষৰ শাৰীদুটালৈ আহক। “নতুন যুগৰ, নতুন ভাৱৰ, নতুন ৰণৰ মাল’।
‘নতুন ৰণৰ মাল’। উচপ্ খাই উঠিব। ‘মাল?’ বিষ্ণু ৰাভায়ো গীতত ‘মাল’ শব্দৰ ব্যৱহাৰ কৰে নে?
হয়। এই ‘মাল’ৰ অৰ্থ গীতত বস্তু বা আহিলা সামগ্ৰী নহয়। এই ‘মাল’ৰ অৰ্থ যুঁজাৰু। মালযুঁজ
বা মল্লযুদ্ধৰ প্ৰসঙ্গৰ পৰা এই শব্দটো আহিছে। নতুন যুগত, নতুন চিন্তাৰে সমৃদ্ধ, নতুন কৌশলী বীৰযোদ্ধা- এই বিশেষ অৰ্থ।
শব্দৰ এনেকুৱা তাৎপৰ্যপূৰ্ণ ব্যৱহাৰ আজিৰ অসমীয়া গীতত পাবনে? নাপায়। ৰাভাৰ গীতবোৰ অসমীয়া ভাষাৰ কালিকাটোকে জানিবলৈকে পঢ়কচোন। সুৰবিহীনভাৱে। কবিতাৰ দৰে। ভাল লাগিব। অসমীয়া কবিতাৰ অনন্য ৰূপ ৰাভাৰ গীতিকবিতা।
‘স্বাধীনচিতীয়া হালোৱা ডেকা ৰণুৱা’ৰ সুৰটিও নিভাঁজ অসমীয়া। ইয়াত থলুৱা নেপালী বা বড়োসুৰৰ সংমিশ্ৰণ ঘটিছে। ই পশ্চিমীয়া ‘পেণ্টাট’নিক স্কেল’ বা পঞ্চসুৰযুক্ত। ভূপালী ৰাগৰ শুদ্ধ স্বৰবিন্যাস -সা ৰে গা পা ধা সা- ইয়াতো পৰিস্ফুট।
“স্বাধীনচিতীয়া হালোৱা, ডেকা ৰণুৱা।
গগ ৰেগ গৰে।। গ সাসা ৰে।। গ ৰেসা ধ.।। প. ।।
লেখকঃ ৰঞ্জন বেজবৰুৱা