Home Blog Page 3

Hardik Pandya: হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !
হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

ছেপ্টেম্বৰ মাহত (Hardik Pandya) ইউ এ ইত অনুষ্ঠিত এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা হাৰ্দিক পাণ্ডিয়া দুমাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছিল। এই সময়ছোৱাতে মাহিকা শৰ্মাৰ সৈতে হাৰ্দিকৰ ঘনিষ্ঠতা বাঢ়িল বুলি চলিছে চৰ্চা, আনকি তাৰকা ক্ৰিকেটাৰগৰাকীয়ে মডেলগৰাকীৰ সৈতে জন্মদিনও উদযাপন কৰিলে। তেতিয়াৰ পৰাই তেওঁলোকৰ প্ৰেম কাহিনীৰ খবৰ শিৰোনামাত আছে।

টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ হাৰ্দিক পাণ্ডিয়া নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত থাকে। কাটাকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচত তাৰকাময় প্ৰদৰ্শনৰ পিছত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয় আৰু মুকলিকৈ কয় যে “লেডী লাকে” তেওঁৰ জীৱনত প্ৰৱেশ কৰিছে। মডেল মাহিকা শৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰে হাৰ্দিকে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্রথম টি-২০ত উজ্জ্বল প্রদর্শন কৰা হার্দিক পাণ্ডিয়াক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে৷ বি চি চি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে আঘাতে আপোনাক মানসিকভাৱে পৰীক্ষা কৰে আৰু বহু সন্দেহৰ সৃষ্টি কৰে। মোৰ সফল প্ৰত্যাৱৰ্তনৰ বাবে মোৰ আপোনজনক ধন্যবাদ। মোৰ সংগীৰ কথা বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছো। তাই মোৰ জীৱনলৈ অহাৰ পৰাই মোৰ বাবে সদায় শ্ৰেষ্ঠ। তাই অহাৰ পিছৰে পৰা বহু ভাল কাম হৈছে বুলিও কয়।

হাৰ্দিক পাণ্ডিয়াৰ প্ৰেয়সীয়ে তেওঁৰ ইনিংছত ইমানেই আনন্দিত হৈছিল যে তেওঁ তাৰকা অলৰাউণ্ডাৰগৰাকীক “কিং” বুলি অভিহিত কৰিছিল। মাহীকা শৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে হাৰ্দিকৰ এখন ফটো। মাহিকাই ফটোখনৰ কেপচনত লিখিছে “KING” বুলি।

হাৰ্দিকক কিং বুলি সম্বোধন কৰাত বিৰাট অনুৰাগীৰ ক্ষোভ। বছৰ বছৰ ধৰি এই খিতাপ দখল কৰি আহিছে বিৰাট কোহলীয়ে। মাহিকাই হাৰ্দিকক “কিং” বুলি কোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কোহলীৰ অনুৰাগীসকল অলপ খং উঠিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত হাৰ্ডিকে ২৮টা বলত ৫৯ ৰানৰ অপৰাজিত ইনিংছ খেলি ছটা চাৰি আৰু চাৰিটা ছয় কৰে। এই শৃংখলাত দক্ষিণ আফ্ৰিকাক ১০১ ৰানত পৰাস্ত কৰি ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস
শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় শ্বহীদ দিৱস ৷ উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদ সকলক সোঁৱৰি অসম চৰকাৰৰ উদ্যোগত আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্‌যাপন কৰা হৈছে শ্বহীদ দিৱস ৷

সমান্তৰালভাৱে ঢেকীয়াজুলি সম-জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজি উদ্‌যাপন কৰা হয় জাতীয় শ্বহীদ দিৱস ৷

আজিৰ উক্ত শ্বহীদ দিৱসৰ অনুষ্ঠানত অসমৰ আন্দোলনৰ জাতীয় শ্বহীদ সকলক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি ৰাজহচক্ৰ বিষয়া নয়নজ্যোতি পাঠক,বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ বৰা,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস,সমাজকৰ্মী কাজল বৰাৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে ৷

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰ…

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰ
ডিগবৈৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ গৌতম

চাহ শ্ৰমিকক ভূমি পট্টা দিয়া ব্যৱস্থাক সমালোচনা গৌতমৰ
মালিক পক্ষৰ লগত আলোচনা নকৰি শ্ৰমিকক ভূমি পট্টা দিয়া হ’ব বুলি কৈ থাকিলে প্ৰকৃততে ভূমি পট্টা নোপোৱাৰ আশংকা আছে বুলি কয়‌ গৌতমে


কংগ্ৰেছত যোগদান কৰি ডিগবৈ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি চলিছে চৰ্চা
২০১৬ ৰ নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল‌ গৌতমে

National Handicraft Award: ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ
২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ

অসম কন্যা কাৰ্বি আংলঙৰ ছাবিনা(National Handicraft Award) তেৰনপিৰ সাফল্য। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা। পৰম্পৰাগত জনজাতীয় শিল্পকলাৰ সংৰক্ষণ, প্ৰচাৰ আৰু উদ্ভাৱনৰ প্ৰতি থকা নিষ্ঠাৰ বাবে এই স্বীকৃতি প্ৰদান।


অসমৰ পাহাৰীয়া কাৰ্বি আংলঙলৈ সুখবৰ। জনপ্ৰতিনিধি পৰা আৰম্ভ কৰি সামাজিক কৰ্মকৰ্তা সকলে সামাজিক মাধ্যমৰ জৰিয়তে ছাবিনা তেৰনপিৰলৈ শুভেছা জ্ঞাপন কৰিছে ৷ মঙলবাবে নতুন দিলীত বিজ্ঞান ভৱণত আয়োজিত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩-২৪ বৰ্ষ Karbi Heritageৰ সংৰক্ষণ প্ৰচেষ্টা লগতে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বি জনজাতীয় Handloom আৰু Textiles সমূহৰ প্ৰদৰ্শনীয় আৰু ভৱিষ্যত নৱপ্ৰজন্মক আকৰ্ষিত কৰি সংৰক্ষিত কৰা উদ্দেশ্য কাৰ্য সম্পাদনা কৰিছিল ৷ নতুন দিলীত বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা ২০২৩-২৪ বৰ্ষ কাৰ্বি আংলংঙৰ চাবিনা টেৰণপী লৈ দেশৰ মহামহিম ৰাট্ৰপতি দ্ৰোপতি মূৰ্মূৰয়ে চাবিনা টেৰণপী লৈ কাৰঁবি হেৰিটেছ সংৰক্ষিত বাবে ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা প্ৰদান কৰে ৷ উপস্থিত থাকে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মা্ৰঘেৰিটাকে আদি কৰি বিভিন্ন গন্যমাণ্য ব্যক্তিসকল৷ কাৰঁবি আংলং লৈ ৰাট্ৰীয় পৰ্যায় পূৰস্কাৰ অৰ্জন কৰাটো ভৱিষ্যতৰ নৱপ্ৰজন্মৰ উচ্চাহ উদ্দীপনা আকৰ্ষিত হৈ ৰ’ব লগতে অনাগত দিনত কাৰ্বি হেৰিটেছ সংৰক্ষিত কৰিবলৈ অনুপ্ৰেৰণা হৈ উঠিব বুলি কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাংঙে সামাজিক মাধ্যম জৰিয়তে মতপ্ৰকাশ কৰে৷

16 বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা…

FILE PHOTO: Australian Prime Minister Anthony Albanese addresses members of the media during a joint news conference hosted with New Zealand Prime Minister Jacinda Ardern, following their annual Leaders’ Meeting, at the Commonwealth Parliamentary Offices in Sydney, Australia, July 8, 2022. REUTERS/Loren Elliott/File Photo

16 বছৰৰ তলৰ শিশুৱে এতিয়া ফেচবুক, টিকটক, ইনষ্টাগ্ৰামকে ধৰি বিশ্বৰ 10 টা বৃহৎ প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব ।আজি অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত কাৰ্যকৰী হৈছে এই নতুন নিয়ম । নতুন আইন মানি চলিবলৈ বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ ভিতৰত আছে টিকটক, ইউটিউব আৰু মেটাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লগতে থ্ৰেডছ, এক্স (পূৰ্বতে টুইটাৰ), স্নেপচ্যাট, কিক, টুইচ আৰু ৰেডিট ।

অষ্ট্ৰেলিয়া চৰকাৰে কয় যে এই নিষেধাজ্ঞাৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক অনলাইনত ক্ষতিকাৰক বিষয়বস্তুৰ পৰা ৰক্ষা কৰাৰ যত্ন কৰা হৈছে । ফেচবুক, ইউটিউব, টিকটককে ধৰি তালিকাভুক্ত সকলো প্লেটফৰ্মে এতিয়া নাবালক ব্যৱহাৰকাৰীক আঁতৰোৱাৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ সন্মত হৈছে । ইল’ন মাস্কৰ এক্সেও নিশ্চিত কৰিছে যে ই অষ্ট্ৰেলিয়াৰ নতুন আইন মানি চলিব ।

Discord, Google Classroom, Messenger, GitHub, WhatsApp, Lego Play, Steam, Roblox আৰু YouTube Kids আদি প্লেটফৰ্ম বৰ্তমান এই নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত নহয় । অৱশ্যে অষ্ট্ৰেলিয়া চৰকাৰৰ ই-নিৰাপত্তা বিষয়াগৰাকীয়ে উল্লেখ কৰে যে কিছুমান প্লেটফৰ্ম এতিয়াও বিবেচনাৰ অধীনত আছে, ইয়াৰ পৰা বুজা যায় যে চূড়ান্ত তালিকাখন পৰৱৰ্তী সময়ত সলনি হ’ব পাৰে ।

এই আইন বলৱৎ কৰিবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে একাউণ্টৰ বয়স আৰু প্ৰফাইল ফটোৰ পৰা বয়স অনুমান কৰাকে ধৰি বিভিন্ন স্তৰত বয়স সম্পৰ্কীয় সংকেত পৰীক্ষা কৰিব লাগিব । লগতে শিশুৰ কন্টেন্টৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ নিৰীক্ষণ কৰিব লাগিব ।

প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ইয়াক গৌৰৱৰ দিন বুলি অভিহিত কৰি কয় যে অষ্ট্ৰেলিয়াই 16 বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া একাউণ্টৰ ওপৰত প্ৰথমটো বিশ্বব্যাপী নিষেধাজ্ঞা কাৰ্যকৰী কৰিছে ।

Post Malone Concert Guwahati: ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ

ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ
ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ

গুৱাহাটীক বদনামী কৰিলে কোনে?(Post Malone Concert Guwahati)

গুৱাহাটীত পোষ্ট মেলনৰ কনচাৰ্টত অপ্ৰীতিকৰ ঘটনা।

ভাৰতৰ কনচাৰ্টত মহিলা সুৰক্ষিত নহয় বুলি ক্ষোভ বিদেশী পৰ্যটকৰ।

পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টত অনাংকাক্ষিত ঘটনা।

শাৰীৰিকভাৱে অপদস্থ বিদেশী মহিলাক।

সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে যুৱতীয়ে।

কেইজনমান উদণ্ড যুৱকৰ বাবে বদনাম গুৱাহাটীৰ।

ইনষ্টাগাম যোগে ক্ষোভ প্ৰকাশ বিদেশী পৰ্যটকৰ।

কনচাৰ্ট উপভোগ নকৰাকৈ স্থান ত্যাগ কৰিলে দুই যুৱতীয়ে।

ইনষ্টাগাম যোগে সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিলে বিদেশী পৰ্যটকে।

ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে মহিলাসকলে নিৰাপত্তা অনুভৱ কৰাৰ যোগ্য। কেৱল কনচাৰ্টতে নহয়, সকলোতে।

আজি ছহিদ দিৱসঃ মুকলি হ’ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ

আজি ছহিদ দিৱসঃ মুকলি হ'ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ
আজি ছহিদ দিৱসঃ মুকলি হ'ব বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ

আজি ছহিদ দিৱস।

অসম আন্দোলনৰ ছহিদৰ পবিত্ৰ স্মৃতিত ছহিদ দিৱস।

মহানগৰীৰ বৰাগাঁৱত মুকলি হ’ব ছহিদ স্মাৰক ক্ষেত্ৰ।

অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদৰ স্মৃতিত নিৰ্মাণ হৈছে স্মাৰক।

৮৬০ গৰাকী ছহিদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে সু-উচ্চ সৌধ।

৮৬০ গৰাকী ছহিদৰ স্মৃতিত নিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে।

ছোনিয়া গান্ধীলৈ আদালতৰ জাননী

কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীলৈ জাৰি কৰা হৈছে জাননী ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক তেওঁৰ নাগৰিকত্বৰ দাবী পৰীক্ষা কৰাৰ পূৰ্বে তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সৈতে জড়িত এক গোচৰত জাননী জাৰি কৰিছে । ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম ভুলকৈ অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি এখন আবেদনৰ ভিত্তিত ৰাউজ এভিনিউ আদালতে কংগ্ৰেছৰ সাংসদ ছোনিয়া গান্ধীক জাননী জাৰি কৰে ।

ইয়াৰ উপৰিও আবেদনখনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ খাৰিজ কৰা দণ্ডাধীশৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে । আদালতে এই বিষয়ত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি সম্পূৰ্ণ কেছ ৰেকৰ্ড (TCR) চমন কৰিছে । ৬ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে বিশেষ ন্যায়াধীশ বিশাল গগনে । এই জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব ছোনিয়া আৰু ৰাজ্য চৰকাৰে ।

এই আৱেদন দাখিল কৰিছে অধিবক্তা বিকাশ ত্ৰিপাঠীয়ে । ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ বৈভৱ চৌৰাছিয়াই আবেদন খাৰিজ কৰিছিল । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱা বুলি, কিন্তু ইমানৰ পিছতো ১৯৮০ চনত ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত সংযোজন কৰা হৈছিল ।

১৯৮২ চনত ভোটাৰ তালিকাৰ পৰা ছোনিয়াৰ নাম আঁতৰাই পিছত ১৯৮৩ চনত সংযোজন কৰা হয় । ১৯৮৩ চনত ছোনিয়া ভাৰতীয় নাগৰিক হৈ পৰে । আৱেদনখনত উল্লেখ আছে যে ১৯৮৩ চনৰ এপ্ৰিল মাহত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল । যিহেতু ১৯৮৩ চনত ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হৈছিল, গতিকে ভোটাৰ তালিকাত যোগ হ’বলৈ কিছুমান প্ৰৱঞ্চনামূলক নথি দাখিল কৰা হ’ব লাগিব, যিটো এটা চিনাক্তকৰণযোগ্য অপৰাধ । এনেক্ষেত্ৰত আদালতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ নিৰ্দেশ দিব লাগে । এই বিষয়ত দণ্ডাধীশ আদালতে ছোনিয়া গান্ধী বা দিল্লী আৰক্ষী কোনো এজনকো জাননী জাৰি কৰা নাছিল ।

অভিযোগত উল্লেখ আছে যে ছোনিয়া গান্ধী মূলতঃ ইটালীৰ নাগৰিক । ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ১৯৮৩ চনত নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে । এই অনিয়মৰ তদন্ত আৰু এই কথিত অবৈধ পঞ্জীয়নৰ বাবে সংশ্লিষ্ট বিষয়াক জগৰীয়া কৰিবলৈ আদালতক অনুৰোধ জনাইছে ।

Swahid Divas: কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস
কাইলৈ কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

১০ ডিচেম্বৰত নগাঁও(Swahid Divas) জিলা ছাত্ৰ সন্থা উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ সহযোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি। কাইলৈ শ্বহীদ দিৱস, ৰাজ্যজুৰি আছুৱে সুঁৱৰিব অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা বীৰ সন্তানক। সদৌ অসম ছাত্ৰ সন্থাই (আছু) ১০ ডিচেম্বৰ তাৰিখটোত শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে।

এই দিৱসটোৰ অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰতিবছৰে আছুৱে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে।

অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে। প্ৰস্তুতিৰ সন্দৰ্ভত মৃগাঙ্ক শেখৰ ভঁৰালী হাজৰিকা, মুখ্য সম্পাদক, অভ্যৰ্থনা সমিতি, শ্বহীদ দিৱস উদ্‌যাপন সমিতি

Zubeen Garg: জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান

জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান
জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান

আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন।(Zubeen Garg)

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমাৱৰ্তনৰ অনুষ্ঠান।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান ডি.লিট সন্মান।

কটন বিশ্ববিদ্যালয়ে প্ৰদান কৰে এই ডি.লিট সন্মান।

জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰে গ্ৰহণ কৰে এই সন্মান।

ৰাজ্যপালৰ পৰা ডিগ্ৰী গ্ৰহণ কৰে ভগ্নী পামী বৰঠাকুৰে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সমাৱৰ্তন সমাৰোহ।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপালৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।