Home Blog Page 4

FIFA World Cup 2026: আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ

FIFA World Cup 2026: আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ
FIFA World Cup 2026: আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ

আজি ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ।(FIFA World Cup 2026)

মেক্সিকো চহৰৰ জাপোপানত ফিফা বিশ্বকাপৰ দ্বিতীয়খন মেচ।

দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে চেক ৰিপাব্লিকৰ হাইভল্টেজ মেচ।

ফিফা বিশ্বকাপৰ উদ্বোধনী খেলত মেক্সিকোৰ জয়লাভ।

মেক্সিকোৰ হাতত ২-০ গ’লত পৰাস্ত দক্ষিণ আফ্রিকা।

উদ্বোধনী মেচত ৩খন ৰঙা কাৰ্ডৰ অবাঞ্চিত অভিলেখ।

দক্ষিণ আফ্ৰিকাৰ চিতোলে আৰু জোৱানক ৰেড কাৰ্ড ৰেফাৰীৰ।

ৰঙা কার্ড পাই বাহিৰ হ’ল মেক্সিকোৰ চিজাৰ মণ্টেছ।

নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma

নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma
নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ । Himanta Biswa Sarma

প্ৰধানমন্ত্ৰী Narendra Modiৰ অধ্যক্ষতাত অনুষ্ঠিত নীতি আয়োগৰ ১১ সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarmaই।

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ মাজত অধিক সুসমন্বয় আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে দেশৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনগাঁথনিগত লাভাংশ (Demographic Dividend) সঠিকভাৱে ব্যৱহাৰ কৰি যুৱ সমাজৰ বাবে অধিক কৰ্মসংস্থান আৰু সুযোগ-সুবিধা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। লগতে শাসন ব্যৱস্থা আৰু উন্নয়নমূলক আঁচনিসমূহৰ কেন্দ্ৰবিন্দুত নাৰীশক্তিক স্থান দিয়াৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও, বিভিন্ন দেশৰ সৈতে সম্পাদিত ভাৰতৰ বাণিজ্যিক চুক্তিসমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি দেশৰ অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমান ভাৰত ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। বিশ্বৰ ভিতৰত দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে ভাৰত আগবাঢ়ি যোৱাৰ লগতে সমগ্ৰ বিশ্বৰ পৰা বিনিয়োগ আৰু প্ৰতিভাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

তেওঁ লগতে উল্লেখ কৰে যে, সমন্বিত মনোভাব আৰু যৌথ প্ৰচেষ্টাৰে “টীম ইণ্ডিয়া”ই এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি “বিকশিত ভাৰত” গঢ়াৰ লক্ষ্যত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ কাম কৰি যাব।

নীতি আয়োগৰ এই বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰি উন্নয়ন, সু-শাসন আৰু অৰ্থনৈতিক অগ্ৰগতিৰ বিভিন্ন দিশত মতামত আগবঢ়ায়।

২০০৭ চনৰ পৰাই পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে কমি গৈছে জন্মহাৰৰ গতি

২০০৭ চনৰ পৰাই পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে কমি গৈছে জন্মহাৰৰ গতি
২০০৭ চনৰ পৰাই পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে কমি গৈছে জন্মহাৰৰ গতি

সাধাৰণতে দেখা যায় যে কোনো এখন দেশ বা সমাজৰ জীৱনধাৰা যিমানেই উন্নত হয়, তাত সিমানেই জন্মহাৰ কমি আহে৷ এয়া এক স্বাভাৱিক সামাজিক নিয়ম৷ কিন্তু বিগত দুটা দশকত সমগ্ৰ বিশ্বতে এক আচৰিত ঘটনা ঘটিবলৈ ধৰিছে, যি দেখি গৱেষকসকল চিন্তিত হৈ পৰিছে৷ ২০০৭ চনৰ পিছৰে পৰা দেখা গৈছে যে অৰ্থনৈতিক বা সামাজিক পৰিস্থিতি যিয়েই নহওক কিয়, পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে জন্মহাৰ একে গতিতে কমি গৈছে৷ কোনো ডাঙৰ মহামাৰী বা যুদ্ধ নোহোৱাকৈয়ে কেনেকৈ এনেকুৱা সম্ভৱ হ’ল, তাক লৈ চলোৱা গৱেষণাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়া দুখন গৱেষণাপত্ৰত দাবী কৰা হৈছে যে এই ঘটনাৰ আঁৰত আন কোনো নহয়, আপোনাৰ হাতত থকা আইফোনটোহে আছে৷ গৱেষকসকলৰ মতে, স্মাৰ্টফোনে অলক্ষিতে মানুহৰ জীৱনত এটা ডাঙৰ জন্মনিয়ন্ত্ৰণ বা বাৰ্থ কণ্ট্ৰ’ল ডিভাইচৰ দৰে কাম কৰিছে৷ আমেৰিকাৰ নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্ছ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা এটা গৱেষণাপত্ৰত দেখা গৈছে যে ১৯৮০ চনৰ পৰা ২০০৭ চনলৈ আমেৰিকাত জন্মহাৰ প্ৰায় সুস্থিৰ আছিল৷ তাত প্ৰতি এহেজাৰ গৰাকী মহিলাৰ বিপৰীতে ৬৫ ৰ পৰা ৭০ টা শিশুৰ জন্ম হৈছিল৷

কিন্তু ২০০৭ চনৰ পিছৰে পৰা এই সংখ্যাটো হঠাৎ কমিবলৈ ধৰে আৰু ২০২৪ চনৰ ভিতৰত এই হাৰ মাত্ৰ ৫৪ লৈ নামি আহে৷ অৰ্থাৎ মাত্ৰ ১৭ বছৰত জন্মহাৰ প্ৰায় ২২ শতাংশ হ্ৰাস পালে৷ এই সময়ছোৱাত বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থাও চলি আছিল, যাৰ বাবে গৱেষকসকলে ২০০৭ ৰ পৰা ২০১১ চনৰ মাজৰ সময়ছোৱাক বিশেষভাৱে পৰীক্ষা কৰিছিল৷ সেই সময়ত আমেৰিকাত আইফোন কেৱল এটা নিৰ্দিষ্ট মোবাইল নেটৱৰ্কৰ জৰিয়তেহে পোৱা গৈছিল৷ গৱেষকসকলে দেখা পালে যে যিবোৰ অঞ্চলত আইফোনৰ নেটৱৰ্ক আৰু ইয়াৰ ব্যৱহাৰ বেছি আছিল, সেইবোৰ অঞ্চলতে জন্মহাৰ বেছিকৈ কমিছে৷ গৱেষণাৰ তথ্য অনুসৰি, যিবোৰ অঞ্চলত আইফোনৰ সহজ প্ৰৱেশ আছিল, তাত ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰী আৰু যুৱতীসকলৰ মাতৃ হোৱাৰ হাৰ চ্ছ্ৰ.প্ত ৰ পৰা জ্জ্ব শতাংশ পৰ্যন্ত হ্ৰাস পাইছে৷ আনহাতে ২০ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাসকলৰ ক্ষেত্ৰত এই হাৰ ৩.২ ৰ পৰা ৬.৬ শতাংশ হ্ৰাস পাইছে৷ সামগ্ৰিকভাৱে চালে দেখা যায় যে ২০০৭১ পৰা ২০১১ চনৰ ভিতৰত আমেৰিকাৰ ১৫ ৰ পৰা ৪৪ বছৰ বয়সৰ মহিলাৰ জন্মহাৰ হ্ৰাস পোৱাৰ আঁৰত ৩৩১ পৰা ৫২ শতাংশ পৰ্যন্ত দায়ী আছিল কেৱল আইফোন৷ পৰিসংখ্যাই এইটোও দেখুৱাইছে যে ২০০৭ ৰ পৰা ২০২৪ চনৰ ভিতৰত কিশোৰীসকলৰ মাজত জন্মহাৰ অভিলেখ ৭০ শতাংশ হ্ৰাস পাইছে৷ আনহাতে বয়সস্থ মহিলা যেনে ৩৫ ৰ পৰা ৩৯ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ হাৰ অলপ বাঢ়িছে৷ স্মাৰ্টফোনে কেনেকৈ জন্মহাৰৰ ওপৰত প্ৰভাৱ পেলালে, তাৰ আঁৰত কিছুমান মনস্তাত্ত্বিক আৰু সামাজিক কাৰণ আছে বুলি গৱেষকসকলে জনাইছে৷

আইফোন আৰু অন্যান্য আধুনিক স্মাৰ্টফোন যিমানেই জনপ্ৰিয় হৈছে, সিমানেই মানুহে বাস্তৱ জগতত বন্ধু-বান্ধৱী বা সংগীৰ সৈতে সময় কটোৱা কমাই দিছে৷ ইয়াৰ ফলত যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক বা যৌন সম্পৰ্কৰ প্ৰৱণতা বহুখিনি কমি গৈছে৷ মানুহে এতিয়া বাস্তৱতকৈ ভাৰ্চুৱেল বা ইণ্টাৰনেটৰ পৃথিৱীখনত বেছি ব্যস্ত হৈ থাকে৷ গৱেষণাত প’ৰ্নগ্ৰাফী বা নীল ছবিৰ অতিৰিক্ত ব্যৱহাৰক যৌন সম্পৰ্কৰ এক বিকল্প হিচাপে উল্লেখ কৰা হৈছে৷ এই সময়ছোৱাত ইণ্টাৰনেটত এনে বিষয় সন্ধান কৰাৰ হাৰ দুগুণতকৈও অধিক বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি স্মাৰ্টফোনৰ সহায়ত যুৱ প্ৰজন্মই গৰ্ভধাৰণ এৰাই চলাৰ বিভিন্ন উপায় বা গৰ্ভনিৰোধক বড়ীৰ বিষয়ে সহজে জানিব পৰা হৈছে, যাৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ কৰাটো সহজ হৈ পৰিছে৷ এই পৰিৱৰ্তন কেৱল আমেৰিকাতে সীমাবদ্ধ থকা নাই, এয়া এক গোলকীয় প্ৰযুক্তিগত ধাক্কা৷ ইউনিভাৰ্চিটি অৱ চিনচিনাটিৰ অৰ্থনীতিবিদসকলে বিশ্ব বেংকৰ তথ্য ব্যৱহাৰ কৰি বিশ্বৰ ১২৮ খন দেশৰ ওপৰত এটা জৰীপ চলাইছিল৷ তাত দেখা গৈছে যে ইৰান, কোষ্টা ৰিকা, মেক্সিকো, চিলি আৰু তুৰস্কৰ দৰে ভিন ভিন স্বাস্থ্য ব্যৱস্থা আৰু সংস্কৃতি থকা দেশবোৰতো যেতিয়াই স্মাৰ্টফোন মানুহৰ হাতলৈ আহিল, তেতিয়াই কিশোৰীসকলৰ মাতৃ হোৱাৰ হাৰ দ্ৰুতগতিত কমিবলৈ ধৰিলে৷ হাই-স্পীড ইণ্টাৰনেট আৰু চ্ছ্ৰজি নেটৱৰ্ক থকা ঠাইবোৰত এই হ্ৰাসৰ গতি অধিক আছিল৷

তথ্য অনুসৰি, ২০০৩ চনত মানুহে দৈনিক গঢ়ে ৬৮ মিনিট সময় বন্ধু-বান্ধৱীৰ সৈতে মুখামুখিকৈ কটাইছিল, কিন্তু ২০১৯ চনত এই সময় কমি মাত্ৰ ৩৮ মিনিট হ’লহি৷ আনহাতে কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত মানুহে কটোৱা সময় দৈনিক ২২ মিনিটৰ পৰা বাঢ়ি ৯৬ মিনিট হৈ পৰিল৷ বিশ্বজুৰি জনসংখ্যা কমি অহাৰ এই ঘটনাই এতিয়া বিভিন্ন দেশৰ চৰকাৰসমূহৰ টোপনি হৰণ কৰিছে৷ আমেৰিকাৰ জন্মহাৰ এতিয়া সৰ্বকালৰ সৰ্বনিম্ন স্তৰত আছে৷ আনহাতে কানাডাত প্ৰতিগৰাকী মহিলাৰ বিপৰীতে সন্তান জন্মৰ হাৰ ৰ.২৫ লৈ নামি আহিছে, যাৰ বাবে দেশখনে এক ডাঙৰ সংকটৰ সন্মুখীন হৈছে৷ জাপান, স্পেইন বা ছিংগাপুৰৰ দৰে দেশবোৰো একেই সমস্যাত ভুগিছে৷ এছিয়াৰ ডাঙৰ অৰ্থনীতিসমূহ এতিয়া জনসংখ্যা সংকুচিত হোৱাৰ ভয়ত কঁপি উঠিছে৷ চীনে নিজৰ পুৰণি এক সন্তান নীতি সলনি কৰিবলৈ বাধ্য হৈছে৷ জাপান আৰু দক্ষিণ কোৰিয়াই দম্পতীসকলক সন্তান জন্ম দিবলৈ বিপুল ধন বা সাহায্য ঘোষণা কৰিও বিশেষ সুফল পোৱা নাই৷ ভাৰত বা ব্ৰাজিলৰ দৰে মধ্যম আয়ৰ দেশসমূহতো এতিয়া অতি দ্ৰুতগতিত জন্মহাৰ কমিবলৈ ধৰিছে৷ এই সকলোবোৰৰ পিছত নিশব্দে কাম কৰি আছে হাতৰ সেই স্মাৰ্টফোনটো, যিয়ে মানুহৰ মনযোগ কাঢ়ি লৈ বাস্তৱ জীৱনৰ সম্পৰ্কবোৰক একাষৰীয়া কৰি পেলাইছে৷

১ জুলাইৰ পৰা নতুন কাঠামো আৰম্ভঃ অসমে লাভ কৰিলে ১,৯২৯.৭ কোটি টকা

১ জুলাইৰ পৰা নতুন কাঠামো আৰম্ভঃ অসমে লাভ কৰিলে ১,৯২৯.৭ কোটি টকা
১ জুলাইৰ পৰা নতুন কাঠামো আৰম্ভঃ অসমে লাভ কৰিলে ১,৯২৯.৭ কোটি টকা

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত ৰাজ্যিক গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ ‘বিকশিত ভাৰত জিআৰএএমজি’ ৰূপায়ণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত ভাৰত চৰকাৰে গ্ৰাম্য কৰ্মসংস্থাপন, শ্ৰমিকৰ সুৰক্ষা আৰু গাঁৱৰ সামগ্ৰিক উন্নয়নক সতেজ গতি প্ৰদানৰ বাবে ব্যাপক আৰ্থিক আৰু নীতিগত পদক্ষেপৰ কথা ঘোষণা কৰিছে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ সৈতে এক উচ্ছ পৰ্যায়ৰ বৈঠকত ভাষণ দি চৌহানে কয় যে ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া ঐতিহাসিক নতুন ব্যৱস্থাই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ সম্পূৰ্ণ মসৃণ, শ্ৰমিককেন্দ্ৰিক পৰিৱৰ্তন নিশ্চিত কৰিব লাগে৷ এই বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছানীয়েও অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বৈঠকত কয় যে এয়া কেৱল আঁচনিৰ পৰিৱৰ্তন নহয়, কোটি কোটি শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ সৈতে জড়িত বিষয়ৰ পৰিৱৰ্তন৷

তেওঁ স্পষ্টভাৱে কয় যে ‘এজনো শ্ৰমিকে এদিনো কাম নোপোৱাকৈ থাকিব নালাগিব’৷ তেওঁ লগতে কয় যে নিয়োগ সৃষ্টি, মজুৰি প্ৰদান বা বিধিগত অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত জন্মিবলৈ দিয়া নহ’ব৷ তেওঁ জনায় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এম জি এনৰেগাৰ অধীনত ৩০,০০০ কোটি টকা আবণ্টন দিছে৷ ইয়াৰ উপৰি আজি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ ৯৫,৬৯২ কোটি টকাৰ অন্তৰ্ৱৰ্তীকালীন আবণ্টন মুকলি কৰা হয়৷ ইয়াৰ লগে লগে মুঠ আবণ্টনৰ পৰিমাণ ৰ.২৫ লাখ কোটিতকৈ অধিক হ’ব৷ চৌহানে কয় যে এই ধনৰাশি সমগ্ৰ দেশৰ প্ৰায় ২.৮০ লাখ গ্ৰাম পঞ্চায়তত উপনীত হ’ব, যাৰ ফলত প্ৰতিখন পঞ্চায়তে কেইবা লাখ টকাৰ ধন লাভ কৰাটো নিশ্চিত হ’ব৷ তেওঁ লগতে কয় যে এই ধন আইনখনৰ বিধানৰ অধীনত চিনাক্ত কৰা ক্ষেত্ৰসমূহত উন্নয়নমূলক কামৰ বাবে ধন ব্যৱহাৰ কৰিব লাগে, যাতে নিয়োগ সৃষ্টি আৰু গ্ৰাম্য সম্পত্তিৰ সৃষ্টি দুয়োটাই নিশ্চিত হয়৷ কেন্দ্ৰীয় চৰকাৰে কেৱল পুঁজি প্ৰদান কৰাই নহয়, সময় মতে মজুৰি প্ৰদান, শ্ৰমিকৰ অধিকাৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন উন্নয়নমূলক কাম-কাজ সুনিশ্চিত কৰিব বিচাৰিছে বুলিও তেওঁ কয়৷ তেওঁ ৰাজ্যসমূহক পৰ্যাপ্তসংখ্যক কামক আগতীয়া অনুমোদন দিবলৈ আহ৩ান জনায়, যাতে ৰ জুলাইৰ পৰাই আঁচনি কাৰ্যকৰীকৰণ দ্ৰুতগতিত আৰম্ভ কৰিব পৰা যায়৷ ডিজিটেল আৰু প্ৰশাসনিক প্ৰস্তুতিৰ বিষয়ত মন্তব্য কৰি চৌহানে কয় যে বহু ৰাজ্যই ডিবিটি, এছএমএছভিত্তিক তথ্য ব্যৱস্থা, ই-কেৱাইচি আৰু ফেচ অথেনটিকেচনৰ দৰে প্ৰক্ৰিয়াত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যিয়ে নতুন ব্যৱস্থাৰ সফল ৰূপায়ণৰ ইংগিত দিয়ে৷ তেওঁ উল্লেখ কৰে যে ইতিমধ্যে চ্ছখন ৰাজ্যই ‘বিকশিত ভাৰত– গ্ৰামীণ ভাৰত’ৰ উদ্দেশ্য মনত ৰাখি বাজেটৰ ব্যৱস্থা কৰিছে৷ আনহাতে, ঝাৰখণ্ড, কৰ্ণাটক, তেলেংগানা আৰু মিজোৰামক এই প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ৩ান জনোৱা হৈছে৷ এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ ব্যক্তিগতভাৱে চিঠি লিখিব বুলিও তেওঁ কয়৷ ৰাজ্যসমূহক নিৰ্দেশ দি তেওঁ অতি সোনকালে ৰাজ্য পৰ্যায়ৰ অধিসূচনা জাৰি কৰিবলৈ কয়৷ মিজোৰাম, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশক অধিসূচনা জাৰি কৰাৰ বাবে শলাগ লৈ তেওঁ আন ৰাজ্যসমূহক এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ আহ৩ান জনায়৷ তেওঁ ৰাজ্যসমূহক কৃষিৰ শীৰ্ষ ঋতুৰ বিষয়ে অৱগত কৰিবলৈ, ১০০ শতাংশ ই-কেৱাইচি নিশ্চিত কৰিবলৈ আৰু জিলা তথা ব্লক পৰ্যায়ত সামৰ্থ্য বিকাশ আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে৷

শিৱৰাজ সিং চৌহানে কয় যে এই প্ৰস্তাৱসমূহৰ ভিত্তিত গাঁও পঞ্চায়ত আৰু গাঁও সভাৰ জৰিয়তে কাম নিৰ্বাচন কৰি চূড়ান্ত কৰা হ’ব৷ লগতে ৰ জুলাইলৈকে এম জি এনৰেগাৰ অধীনত কৰ্মসংস্থাপন আৰু মজুৰি প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ নাটনি বা ব্যাঘাত জন্মিব নালাগিব বুলিও তেওঁ নিৰ্দেশ দিয়ে৷ বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিভিন্ন ৰাজ্যৰ বাবে অন্তৰ্ৱৰ্তীকালীন আবণ্টনৰ কথা ঘোষণা কৰে৷ আবণ্টনসমূহ হ’ল এনে ধৰণৰ- অন্ধ্ৰ প্ৰদেশ জ্জ,৭০৭.২১ কোটি টকা, অৰুণাচল প্ৰদেশ ৫৬০.৭০ কোটি টকা, অসম ৰ,৯২৯.জ্জ কোটি টকা, বিহাৰ ৬,৭১৫.৮৩ কোটি টকা, ছত্তীশগড় ৩,৩৫৪.৮৫ কোটি টকা, গোৱা ৩.৭০ কোটি টকা, গুজৰাট ৰ,৫৪০.৫৪ কোটি টকা, হাৰিয়ানা ২,৭০৫.৬৪ কোটি টকা, হিমাচল প্ৰদেশ ৰ,২০৩.২৮ কোটি টকা, ঝাৰখণ্ড ২,৭০৫.৬৪ কোটি টকা, কৰ্ণাটক প্ত,৭০৯.জ্ঝ কোটি টকা, কেৰালা ৩,১৩৬.৪৪ কোটি টকা, মধ্যপ্ৰদেশ ৬,২৫২.০৩ কোটি, মহাৰাষ্ট্ৰ চ্ছ্ৰ,৪২০.৩২ কোটি টকা, মণিপুৰ ৫৮ৰ.৯৯ কোটি টকা, মেঘালয় ৰ,১৫৫.০৯ কোটি টকা, মিজোৰাম ৬১ৰ.৬৫ কোটি টকা, নাগালেণ্ড ২৮৭.৮৫ কোটি টকা, ওড়িশা ৩,৭৬৩.৮০ কোটি টকা আৰু পঞ্জাবত ৰ,৩৩১.৬১ কোটি টকা৷ একেদৰে ৰাজস্থানৰ বাবে জ্জ,৫৮ৰ.৮৭ কোটি টকা, ছিকিমৰ বাবে ৯৭.৫৭ কোটি টকা, তামিলনাডুৰ বাবে জ্জ,৫৮প্ত.৪৯ কোটি টকা, তেলেংগানা ৩,৮২৫.৩১ কোটি টকা, ত্ৰিপুৰাৰ বাবে ৰ,০৪১.জ্জ কোটি টকা, উত্তৰ প্ৰদেশৰ বাবে জ্ঝ,৭২১.৪৮ কোটি টকা আবণ্টন দিয়া হৈছে৷ উত্তৰাখণ্ড ৬২৬.৪৩ কোটি টকা আৰু পশ্চিমবংগক জ্জ্ব,৫০৮.০০ কোটি টকা দিয়া হৈছে৷ যাৰ ফলত ৰাজ্যসমূহৰ বাবে মুঠ আবণ্টন ৯২,৫৫০.১৭ কোটিলৈ বৃদ্ধি পাইছে৷

কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত পুডুচেৰীক ৪০.৫৬ কোটি টকা, জম্মু আৰু কাশ্মীৰৰ বাবে ১,১৫১.২ কোটি টকা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক চ্ছ্ৰ.৪৪ কোটি টকা, লাডাখৰ বাবে ৮৫.৯৮ কোটি টকা, দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু দিউ জ্ঝ.০২ কোটি টকা আৰু লাক্ষা দ্বীপক আবণ্টন দিয়া হৈছে ঙ্ম.৩২ কোটি টকা, কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে মুঠ আবণ্টন ৰ,২৯১.৫২ কোটি টকালৈ বৃদ্ধি পাইছে৷ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে এই ব্যৱস্থাৰ উপৰি কেন্দ্ৰীয় প্ৰশাসন আৰু সামাজিক নিৰীক্ষণৰ বাবে ৰ,৮৫০.৬২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত মুঠ অন্তৰ্ৱৰ্তীকালীন আবণ্টন ৯৫,৬৯২.৩১ কোটি টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব৷

সন্তান জন্মৰ পিছত বলীউড এৰিলে কেটৰিনা কাইফেঃ অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তান জন্মৰ পিছত বলীউড এৰিলে কেটৰিনা কাইফেঃ অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা
সন্তান জন্মৰ পিছত বলীউড এৰিলে কেটৰিনা কাইফেঃ অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

কেটৰিনা কাইফ বৰ্তমান সম্পূৰ্ণৰূপে নিজৰ ব্যক্তিগত জীৱনক লৈ ব্যস্ত৷ সন্তানৰ জন্মৰ পাছত তেওঁ চিনেমা জগত স্থায়ীভাৱে এৰি দিলে নেকি, তাক লৈ দীৰ্ঘদিনৰে পৰা অনুৰাগীসকলৰ মনত প্ৰশ্ন উত্থাপন হৈ আহিছে৷ কাৰণ ২০২১ চনত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ সংসাৰ আৰম্ভ কৰাৰ পিছত তেওঁ মাত্ৰ এখন ছবিতহে অভিনয় কৰিছে, যিখন ২০২৪ চনত ইণ্টাৰনেট মাধ্যমযোগে মুক্তি পাইছিল৷ ইয়াৰ পিছৰে পৰা কেটৰিনাক কোনো নতুন চিনেমা বা ধাৰাবাহিকত দেখা পোৱা যোৱা নাই৷ আনকি তেওঁ বলীউডৰ কোনো ডাঙৰ হাইপ্ৰফাইল অনুষ্ঠানতো বৰ্তমান ভাগ লোৱা নাই৷ একালত শ্বাহৰুখ আৰু চলমানৰ দৰে ডাঙৰ তাৰকাৰ সৈতে ইখনৰ পিছত সিখন সফল চিনেমা উপহাৰ দিয়া অভিনেত্ৰীগৰাকীক পৰ্দাত চাবলৈ অনুৰাগীসকলে অপেক্ষা কৰি থকাৰ মাজতে এতিয়া চিনেমা জগতৰ পৰা এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে৷

কেটৰিনা কাইফ আৰু ভিকি কৌশলৰ পুত্ৰ বিহানৰ বয়স বৰ্তমান মাত্ৰ সাত মাহ৷ মাক হোৱাৰ পিছত কেটৰিনাৰ দায়িত্ব বহুত বাঢ়ি গৈছে আৰু তেওঁৰ জীৱনলৈও পৰিৱৰ্তন আহিছে৷ এই নতুন জীৱনটো তেওঁ বৰ্তমান নিজৰ পৰিয়ালৰ সৈতে মুম্বাইৰ জুহুৰ এটা সাগৰমুখী বিলাসী ঘৰত অতি সুখেৰে অতিবাহিত কৰিছে৷ ইয়াৰ মাজতে মায়ানগৰীৰ চেলিব্ৰিটী মহলত এটা গুণগুণনি আৰম্ভ হৈছে যে কেটৰিনা কাইফে খুব সোনকালেই বলীউডলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে৷ ঘনিষ্ঠ সূত্ৰৰ মতে, মাকৰ দায়িত্ব পালন কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে কিছুমান নতুন চিনেমাৰ কাহিনী পঢ়িবলৈ আৰম্ভ কৰিছে৷ সকলো ঠিকঠাক থাকিলে ২০২৭ চনৰ শেষৰ ফালে তেওঁ আকৌ চিনেমাৰ চিত্ৰগ্ৰহণৰ কামলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছে৷ কিন্তু এই প্ৰত্যাৱৰ্তনৰ বাবে তেওঁ কিছুমান কঠোৰ চৰ্তও ৰাখিছে৷ জানিব পৰা মতে, বৰ্তমান তেওঁৰ হাতলৈ অহা কাহিনীসমূহ কেটৰিনাই বৰ গভীৰভাৱে পৰীক্ষা কৰি চাইছে৷

তেওঁ এনেকুৱা এটা কাহিনী বিচাৰিছে যিয়ে তেওঁৰ প্ৰত্যাৱৰ্তনক অতি চমকৃত কৰি তুলিব পাৰে৷ সূত্ৰৰ খবৰ অনুসৰি, ডাঙৰ পৰ্দাতকৈ তেওঁ ইণ্টাৰনেট বা ৱেব মাধ্যমৰ চিনেমা আৰু ধাৰাবাহিকসমূহকহে বেছি প্ৰাধান্য দিছে৷ কাৰণ বৰ্তমান সময়ত বহুতো অভিনেতা-অভিনেত্ৰীয়ে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ এই ৱেব প্লেটফৰ্মসমূহক বাচি লৈছে৷ অৱশ্যে নিজৰ এই প্ৰত্যাৱৰ্তনক লৈ অভিনেত্ৰীগৰাকীয়ে কোনো খৰখেদা কৰিব বিচৰা নাই৷ বৰঞ্চ তেওঁ বৰ্তমান নিজৰ মাতৃত্বৰ ৰূপটোৰ সৈতে খাপ খাব পৰা কোনো শক্তিশালী আৰু গভীৰ চৰিত্ৰৰ সন্ধানত আছে৷ গতিকে দীৰ্ঘদিনীয়া বিৰতিৰ পিছত কেটৰিনাক যে পুনৰ পৰ্দাত দেখিবলৈ পোৱা যাব, সেই কথা এতিয়া প্ৰায় নিশ্চিত৷

বলীউডৰ আন তাৰকাসকলৰ তুলনাত ভিকি কৌশল আৰু কেটৰিনা কাইফৰ সংসাৰখন অলপ ব্যতিক্ৰমী৷ তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনটোক সদায় প্ৰচাৰ মাধ্যমৰ চকুৰ পৰা আঁতৰাই ৰাখিবলৈ ভালপায়৷ যোৱা নৱেম্বৰ মাহত তেওঁলোকে পিতৃ-মাতৃ হিচাপে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল৷ এই সন্তান সুখৰ পিছত তেওঁলোকৰ জীৱন সম্পূৰ্ণ সলনি হৈ গৈছে, যাক তেওঁলোকে অতি সুন্দৰভাৱে উপভোগ কৰিছে৷ দিনচেৰেক আগতে মুম্বাই বিমান বন্দৰত এই তাৰকা দম্পতীয়ে সাংবাদিকসকলৰ সন্মুখত নিজৰ পুত্ৰ বিহানক চিনাকি কৰাই দিছিল আৰু লগতে কেঁচুৱাটোৰ ছবি নোতোলাৰ বাবে অনুৰোধ জনাইছিল৷ ইয়াৰ পিছতে তেওঁলোকে বিদেশ ভ্ৰমণলৈ গৈছিল আৰু তাৰ পৰাও কিছুমান সুন্দৰ মুহূৰ্তৰ ছবি অনুৰাগীসকলৰ বাবে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল৷

পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ

পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ
পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ

এটা সময় আছিল যেতিয়া ছোনিয়া গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ ওলোৱাৰ বিৰোধিতা কৰি মমতা বেনাৰ্জী আৰু আন কেইগৰাকীমান তেতিয়াৰ কংগ্ৰেছী নেতা-নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ জন্ম দিছিল৷ খবৰ অনুসৰি এতিয়া পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ৷ ইপিনে নতুন দিল্লীত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি চলি থকা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে তৃণমূল কংগ্ৰেছে৷

বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ পিছত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ মাজত হোৱা বাৰ্তালাপক লৈ এই জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল৷ কিন্তু তৃণমূল কংগ্ৰেছৰ উচ্ছস্তৰীয় সূত্ৰই স্পষ্ট কৰি দিছে যে দুই দলৰ মাজত একত্ৰীকৰণক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই৷ দলটোৱে এই সমগ্ৰ বিষয়টোক কেৱল এক উৰা বাতৰি বুলি অভিহিত কৰিছে৷ তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা ৰাজনৈতিক সংকট আৰু নেতাৰ পদত্যাগৰ মাজতে দলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে নতুন দিল্লীত কংগ্ৰেছৰ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰিছিল৷

এই বৈঠকত দুই নেত্ৰীয়ে অতি আন্তৰিকতাৰে বাৰ্তালাপ কৰে৷ বৈঠকত মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আটাইকেইটা দলে একেলগে কাম কৰা উচিত বুলি মত প্ৰকাশ কৰে৷ নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জী আৰু ছোনিয়া গান্ধীৰ মাজত এইখন আছিল প্ৰথমখন বন্ধ দুৱাৰ বৈঠক৷ শেহতীয়া নিৰ্বাচনত হোৱা ফলাফল আৰু দলীয় কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ পিছত এই বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত এই কথাৰ ওপৰতো আলোচনা হয় যে মিত্ৰজোঁটৰ নেতাসকলে ইজনে সিজনক সমালোচনা কৰাৰ পৰা বিৰত থকাটো এতিয়া সময়ৰ আহ্বান৷

অসমৰ লগতে উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা ‘অগ্নি অভিযন্তা’ হিচাপে ইতিহাস ৰচিলে শিৱাংগী সোণোৱালে

অসমৰ লগতে উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা 'অগ্নি অভিযন্তা' হিচাপে ইতিহাস ৰচিলে শিৱাংগী সোনোৱালে
অসমৰ লগতে উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা 'অগ্নি অভিযন্তা' হিচাপে ইতিহাস ৰচিলে শিৱাংগী সোনোৱালে

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী ছাত্ৰী হিচাপে “বি টেক ইন ফায়াৰ ইঞ্জিনীয়াৰিং” (B.Tech in Fire Engineering) পাঠ্যক্ৰমত সফলতাৰে উৰ্ত্তীণ হবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ শিৱাংগী সোণোৱালৰ সাফল্যই উৎফুল্লিত কৰি তুলিছে শদিয়া সমষ্টিৰ ডাঙৰীৰ লগতে তিনিচুকীয়া জিলা তথা ৰাজ্যবাসীক। লক্ষ্য স্থিৰ হ’লে যে সেই লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ নহয়, ইয়াকে যেন প্ৰমাণ কৰি দেখুৱালে তিনিচুকীয়া জিলাৰ ডাঙৰী গাঁৱৰ নিবাসী জিতুল সোনোৱাল আৰু বন্তি সন্দিকৈ সোনোৱালৰ জিয়াৰী শিৱাংগী সোনোৱালে ৷ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত “ নেশ্যনেল ফায়াৰ ছাৰ্ভিচ কলেজ , নাগপুৰ ,” হৈছে দেশৰ এক উচ্চ পৰ্যায়ৰ একক আৰু অনন্য একমাত্ৰ ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান যিয়ে অগ্নি নিৰ্বাপন সম্পৰ্কীয় সকলো কাৰিকৰীগত শিক্ষা প্ৰদান কৰি আহিছে ৷ দেশৰ সকলো চৰকাৰী বা বেচৰকাৰী অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া পৰ্যায়ৰ সেৱাত মকৰল হ’বলৈ এই শিক্ষানুষ্ঠানৰ পৰা স্নাতক অভিযন্তা হ’ব লাগিব নাইবা কৰ্মৰত লোকসকল ডেপ্যুটেচনত ভিন্ন – কালভিত্তিক পাঠ্যক্ৰমৰ প্ৰশিক্ষণ লব লগা হয় ৷ পোনপটীয়াকৈ এই শিক্ষানুষ্ঠানৰ ফায়াৰ ইঞ্জিনিয়াৰিং অভিযন্তাৰ পাঠ্যক্ৰম গ্ৰহন কৰিবলৈ জে ই ই মেইন ( jee main ) সৰ্বভাৰতীয় পৰ্যায়ত ৮০ / ৯০ শতাংশ লাভ কৰিও আসন লাভ কৰাৰ সুবিধা আছে ৷

যিহেতু ই এক সেৱা বাহিনীৰ (fire and safety) সৈতে ওতপোতঃ ভাৱে জড়িত এক পাঠ্যক্ৰম, সেইবাবে শাৰীৰিক সক্ষমতা তথা সুস্বাস্থ্যৰ অধিকাৰী হোৱাতো অতি প্ৰয়োজনীয় ৷ শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ হলেহে এই পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰে ৷ সমগ্ৰ ভাৰতবৰ্ষৰ পৰা প্ৰতি বছৰে ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক হে নিৰ্বাচিত কৰে ৷ তাৰ ভিতৰত মাত্ৰ ৩/৪ গৰাকীমান হে ছাত্ৰী থাকে ৷ এই কঠিন আৰু অগতানুগতিক পাঠ্যক্ৰমতেই ২০২২ চনত জে ই ই মেইন পৰীক্ষাত উৰ্ত্তীণ হৈ ডাঙৰীৰ শিৱাংগী সোনোৱালে নামভৰ্তি কৰে ৷ জানিব পৰা মতে প্ৰায় ৮০০ ছাত্ৰছাত্ৰীৰ মাজৰ পৰা শিৱাংগীয়ে উক্ত পাঠ্যক্ৰম গ্ৰহন কৰিবলৈ সুযোগ লাভ কৰে ৷ চাৰি বছৰীয়া কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত যোৱা ২৯ মেত ঘোষিত দীক্ষান্ত সমাৰোহত শিৱাংগী সোনোৱালে ফায়াৰ ইঞ্জিনীয়াৰ হিচাপে স্বীকৃতি লাভ কৰে ৷ নাগপুৰৰ ফায়াৰ ইঞ্জিনিয়াৰিং কলেজৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ফায়াৰ ইঞ্জিনীয়াৰ হিচাপে স্বীকৃতি পোৱা শিৱাংগী সোনোৱালেই হৈছে প্ৰথম অসমীয়া ছাত্ৰী ৷

শিৱাংগী সোনোৱালৰ এনে বিৰল কৃতীত্বই বৃহত্তৰ ডাঙৰী অঞ্চলৰ লগতে তিনিচুকীয়া জিলা তথা ৰাজ্যক উজ্জ্বলাই তুলিছে৷ অতি মেধা সম্পন্ন শিৱাংগীৰ আছে অন্য এক প্ৰতিভা ৷ সংগীতৰ ক্ষেত্ৰ খনতো তাই বিশাৰদৰ সন্মান লাভ কৰি থৈছে ৷ ধুনীয়া শিৱাংগীৰ কন্ঠও অতি মোহনীয় ৷ শিৱাংগীৰ এই বিৰল কৃৰ্তীত্বৰ কথা সামাজিক মাধ্যমটো ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে ৷

আজিৰে পৰা আৰম্ভ FIFA ফুটবল বিশ্বকাপ

আজিৰে পৰা আৰম্ভ FIFA ফুটবল বিশ্বকাপ
আজিৰে পৰা আৰম্ভ FIFA ফুটবল বিশ্বকাপ

আজিৰে পৰা আৰম্ভ FIFA ফুটবল বিশ্বকাপ।

খেলত অংশগ্ৰহণ কৰিব ৪৮টা দলে।

মেক্সিকোৰ এষ্টাডিঅ’ এজটেকাত আৰম্ভ হ’ব উদ্বোধনী মেচ।

উদ্বোধনী অনুষ্ঠানত পপ সম্ৰাজ্ঞী ছাকিৰাই পৰিৱেশন কৰিব শীৰ্ষ গীত ‘দাই দাই’।

ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অনুষ্ঠিত হ’ব প্ৰথমখন খেল।

আয়োজক দেশ মেক্সিকো বনাম দক্ষিণ আফ্ৰিকাৰ হ’ব প্ৰথমখন খেল।

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ সংহতি দিৱস । Cotton University

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ সংহতি দিৱস । Cotton University
কটন বিশ্ববিদ্যালয়ত ছাত্ৰ সংহতি দিৱস । Cotton University


কটন বিশ্ববিদ‍্যালয় আছু গোটৰ উদ‍্যোগত খাদ‍্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া আৰু শ্বহীদ গজেন ইংতিক সুঁৱৰি ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। বিশ্ববিদ‍্যালয় চৌহদৰ শ্বহীদ বেদীত আয়োজিত শ্ৰদ্ধাঞ্জলি আৰু শ্বহীদ সোঁৱৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলক আৰু অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা আৰু পঞ্জীয়ক ড০ হীৰেন ডেকা।

কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ‌্যাপক ৰমেশ চন্দ্ৰ ডেকাই অৰ্থনৈতিক জাতীয়তাবাদৰ অংশ হিচাপে কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ উপৰি আধুনিক প্ৰক্ৰিয়াৰে কৃষিকৰ্মত নিয়োজিত হ’বলৈ আহ্বান জনায়। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হীৰেণ ডেকাই ছাত্ৰ সংহতি দিৱস স্মৰণৰ দিন হোৱাৰ উপৰি অৰ্থনৈতিকভাৱে অগ্ৰসৰ হোৱাৰ বাবে পণ লোৱাৰ দিন বুলিও উল্লেখ কৰে। কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই বৰ্তমান সময়ৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, শিক্ষাখণ্ডৰ বিভিন্ন সংকট আৰু জাতীয় জীৱনৰ বহু প্ৰত্যাহ্বানে ১৯৭৪ চনৰ আন্দোলনৰ পৰিবেশক সোঁৱৰাই দিয়ে বুলি উল্লেখ কৰি পুনৰ শ্বহীদদ্বয়ক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাইছে‌ বুলি কয় লগতে ছাত্ৰ সমাজে জাতিৰ বিবেক হিচাপে নিজৰ দায়িত্ব পালন কৰি সমাজৰ ইতিবাচক পৰিবৰ্তনৰ বাবে আগবাঢ়ি আহিব লাগিব।

চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িবলৈ খিলঞ্জীয়া লোকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰিবলৈ আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই আহ্বান জনায়।শ্বহীদদ্বয়ক সুঁৱৰি কৰা মৌন প্ৰাৰ্থনাৰে অনুষ্ঠানটোৰ সামৰণি পৰে।অনুষ্ঠানটোত কটন বিশ্ববিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক কুলেন দাস,কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হৃষীকেশ দত্ত, হিমাংশু কুমাৰ দাস, আছু গোটৰ সদস্য উজ্জ্বল ডেকা, ৰক্তিম বৰকাকতি, ঋতুস্মান ভূঞা, নিশান্ত ঘোষ, নীলোৎপল দত্ত, শ্যামলজিত দাস, হিমাংগ কলিতা আদিকে ধৰি বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান

ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান
ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান

গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক কনচাৰ্টৰ জৰিয়তে পৰ্যটন, আতিথ্য আৰু পৰিবহণসহ একাধিক ক্ষেত্ৰত আনুমানিক ৪৩ কোটিতকৈও অধিক টকাৰ অৰ্থনৈতিক প্ৰভাৱ

ভাৰতৰ ২০০ তকৈও অধিক চহৰ তথা জনপদৰ পৰা অহা দৰ্শকেৰে ২০ হাজাৰোধিক সমাগম ঘটা এই অনুষ্ঠানত ৫৩ শতাংশই গুৱাহাটীৰ বাহিৰৰ লোকৰ উপস্থিতি

লাইভ মনোৰঞ্জন আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম শীৰ্ষ প্লেটফৰ্ম বুকমাইশ্ব’ই অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি) আৰু ইৱাই-পাৰ্থেননৰ সহযোগত প্ৰকাশ কৰিছে ‘দ্য আছাম ব্লুপ্ৰিণ্টঃ টাৰ্ণিং লাইভ মিউজিক ইক’নমি ইনটু এ ট্যুৰিজিম মাল্টিপ্লায়াৰ’ শীৰ্ষক এক প্ৰতিবেদন। গুৱাহাটীত প’ষ্ট মেলনৰ প্ৰথম একক ভাৰত ভ্ৰমণৰ কনচাৰ্টৰ প্ৰেক্ষাপটত প্ৰস্তুত কৰা এই প্ৰতিবেদনত অসমৰ লাইভ মনোৰঞ্জন খণ্ডৰ অৰ্থনৈতিক, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক প্ৰভাৱ সৱিশেষ পৰ্যালোচনা কৰা হৈছে।

বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ এই প্ৰতিবেদনত অসমক এক গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে দাঙি ধৰা হৈছে, য’ত সুপৰিকল্পিত পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা, পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে লাইভ মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ শক্তিশালী চালিকাশক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক অনুষ্ঠানৰ এটা ধাৰাবাহিক আয়োজন গঢ়ি তুলিব পৰা গ’লে অহা পাঁচ বছৰত অসমত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ’ব পাৰে বুলি প্ৰতিবেদনত অনুমান কৰা হৈছে।

২০২৫ চনৰ ডিচেম্বৰত অনুষ্ঠিত প’ষ্ট মেলনৰ কনচাৰ্টক এটা ক্ষেত্ৰ অধ্যয়ন হিচাপে দাঙি ধৰি বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে এই অনুষ্ঠানে সৰ্বমুঠ ৪৩ কোটি টকাৰ অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত দৰ্শকৰ ব্যয়ৰ জৰিয়তে পোনপটীয়াকৈ ৩২ কোটি টকা অসমৰ অৰ্থনীতিত যুক্ত হৈছে, লগতে জিএছটি বাবদ আন প্ৰায় ৫ কোটি টকাৰ ৰাজহ আদায় হৈছে। সেই সময়ছোৱাত বিমান সেৱাত গুৰুতৰ পৰিচালনাগত ব্যাঘাত থকাৰ পাছতো কনচাৰ্টত প্ৰায় ২০ হাজাৰ দৰ্শক উপস্থিত থাকে। লক্ষ্যণীয়ভাৱে, এই কনচাৰ্টত উপস্থিত থকা ৫৩ শতাংশ দৰ্শকৰেই আছিল গুৱাহাটীৰ বাহিৰৰ পৰা অহা। ভাৰতৰ ২০০ তকৈও অধিক চহৰ তথা জনপদৰ দৰ্শকে গুৱাহাটীত উপভোগ কৰিছিল প’ষ্ট মেলনৰ কনচাৰ্ট।

বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, প’ষ্ট মেলনৰ কনচাৰ্টক কেন্দ্ৰ কৰি পৰ্যটন, আতিথ্য, পৰিবহণ, খুচুৰা বাণিজ্য আৰু স্থানীয় ব্যৱসায়ত উল্লেখনীয় অৰ্থনৈতিক প্ৰভাৱ পৰে। প্ৰতিবেদন অনুযায়ী, কনচাৰ্টৰ টিকটত প্ৰতি ১০০ টকা ব্যয়ৰ বিপৰীতে দৰ্শকে বাসস্থান, যাতায়াত, খাদ্য, বজাৰ কৰা আৰু স্থানীয় বিভিন্ন সেৱাত অতিৰিক্ত ৮৯৯ টকা ব্যয় কৰে। কনচাৰ্ট অনুষ্ঠিত হোৱা সপ্তাহান্তত গুৱাহাটীৰ হোটেলসমূহত কোঠা দখলৰ হাৰ প্ৰায় ৩০ শতাংশ বৃদ্ধি পায়। একে সময়তে স্থানীয় পৰিবহণ সেৱাৰ চাহিদা ৫০ শতাংশতকৈও অধিক বাঢ়ি যায়। ৰেষ্টুৰেণ্ট আৰু কেফেসমূহত অহা গ্ৰাহকৰ সংখ্যা ৩৩ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ বিপৰীতে খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ক্ৰেতাৰ উপস্থিতি ৩০ শতাংশতকৈও অধিক হয়। কনচাৰ্টকে কেন্দ্ৰ কৰি আঞ্চলিক পৰ্যটনতো ইতিবাচক প্ৰভাৱ পৰে। অনুষ্ঠানত অংশ ল’বলৈ অহা দৰ্শকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী দ্বীপ, কামাখ্যা মন্দিৰ আৰু শিৱসাগৰৰ দৰে পৰ্যটনস্থলীসমূহো ভ্ৰমণ কৰে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব আৰু অধিক শক্তিশালীভাৱে প্ৰতিফলিত হৈছে।

বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনে ভাৰতৰ লাইভ মনোৰঞ্জন উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰমবৰ্ধমান গুৰুত্বকো সমুখলৈ আনিছে। ২০২৫ চনত গুৱাহাটীত লাইভ অনুষ্ঠানত দৰ্শকৰ উপস্থিতি ১৮৮ শতাংশ বৃদ্ধি পায় আৰু সেই বৰ্ষত চহৰখনত ৫৫ টা টিকটভিত্তিক লাইভ অনুষ্ঠানৰ আয়োজন হয়। পাৰ্শ্বৱৰ্তী শ্বিলঙৰ সৈতে মিলি গুৱাহাটী লাহে লাহে বৃহৎ পৰিসৰৰ লাইভ মনোৰঞ্জনমূলক আয়োজনৰ এটা গুৰুত্বপূৰ্ণ গন্তব্যস্থল হিচাপে প্ৰতিষ্ঠিত হৈছে। প্ৰতিবেদনৰ মতে, এই পৰিৱৰ্তন কেৱল উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ নহয়; ই সমগ্ৰ দেশতে গঢ়ি উঠা এটা বৃহৎ ধাৰাৰো প্ৰতিফলন। দেশৰ বিভিন্ন চহৰ ক্ৰমান্বয়ে বিশ্বমানৰ লাইভ অভিজ্ঞতাৰ কেন্দ্ৰ হিচাপে উত্থাপিত হৈছে, যাৰ ইতিবাচক প্ৰভাৱ পৰ্যটন, আতিথ্য, পৰিবহণ আৰু স্থানীয় ব্যৱসায়ৰ দৰে বিভিন্ন খণ্ডত স্পষ্টভাৱে দৃশ্যমান হৈ পৰিছে।

দৰ্শকৰ ব্যয়ৰ সমান্তৰালভাৱে কৰ্মসংস্থাপন আৰু স্থানীয় ব্যৱসায়ৰ অংশগ্ৰহণৰ ক্ষেত্ৰতো এক উল্লেখনীয় ভূমিকা পালন কৰে প’ষ্ট মেলনৰ এই কনচাৰ্টে। নিৰাপত্তা, আতিথ্য, প্ৰডাকচন, লজিষ্টিকচ আৰু ভেন্যু ব্যৱস্থাপনাসহ বিভিন্ন খণ্ডত প্ৰায় ২,৫০০ গৰাকী কৰ্মীক নিয়োজিত কৰা হয়। একে সময়তে মঞ্চ নিৰ্মাণ, ব্ৰেণ্ডিং, আন্তঃগাঁথনি, খাদ্য তথা পানীয় সেৱা, সংযোগ ব্যৱস্থা, ডিজিটেল পৰিশোধ আৰু বহনক্ষম পৰিচালনা সংক্ৰান্তীয় কাৰ্যসূচীত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠান তথা বিক্ৰেতাসকলেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

অসমক এটা গুৰুত্বপূৰ্ণ লাইভ মনোৰঞ্জনৰ গন্তব্যস্থল হিচাপে গঢ়ি তোলাত সহায়ক হোৱা কেইবাটাও বিশেষ দিশ প্ৰতিবেদনখনত দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ৰাজ্য চৰকাৰৰ কনচাৰ্ট পৰ্যটন নীতি, এটিডিচিৰ জৰিয়তে উপলব্ধ একক উইণ্ড’ সেৱা, আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ, আতিথ্য খণ্ডৰ সম্প্ৰসাৰণ আৰু স্থানীয় প্ৰতিভা তথা বিক্ৰেতা পৰিৱেশ তন্ত্ৰৰ ধাৰাবাহিক বিকাশ।

এনে পৰিপ্ৰেক্ষিততে অহা পাঁচ বছৰত গুৱাহাটী এখন শক্তিশালী আঞ্চলিক লাইভ মনোৰঞ্জন কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পাইছে বুকমাইশ্ব’ই। তেওঁলোকৰ মতে, সম্প্ৰসাৰিত আন্তঃগাঁথনি, ক্ৰমবৰ্ধমান প্ৰডাকচন সক্ষমতা আৰু এটা বহনক্ষম পৰিৱেশ তন্ত্ৰৰ সহায়ত এই খণ্ডই ৰাজ্যখনত ৭০০ কোটিতকৈও অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

এই সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (এটিডিচি)-ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, আইআৰএছ-এ কয়, “অসমৰ বাবে কনচাৰ্ট অৰ্থনীতি কেৱল মনোৰঞ্জনৰ বিষয় নহয়; ই পৰ্যটন, সংস্কৃতি, যুৱসমাজৰ অংশগ্ৰহণ আৰু অৰ্থনৈতিক প্ৰগতিক একেলগে আগুৱাই নিয়াৰ এক অন্যতম মাধ্যম। আমাৰ লক্ষ্য হৈছে এনে এটা সহায়ক পৰিৱেশ গঢ়ি তোলা, য’ত বৃহৎ পৰিসৰৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ আয়োজনৰ সুযোগলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ৰাজ্যখনলৈ পৰ্যটক আকৰ্ষিত হ’ব, স্থানীয় কৰ্মসংস্থাপন সৃষ্টি হ’ব আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম আৰু অধিক উজ্বলি উঠিব।”

বুকমাইশ্ব’ৰ লাইভ ইভেণ্টচ বিভাগৰ চীফ বিজনেচ অফিচাৰ নমন পুগালিয়াই কয়, “ভাৰতৰ লাইভ মনোৰঞ্জন উদ্যোগৰ পৰৱৰ্তী প্ৰগতি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব একো একোটা নতুন সাংস্কৃতিক তথা মনোৰঞ্জন কেন্দ্ৰ গঢ়ি উঠাৰ ওপৰত। সেই যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল হৈছে আটাইতকৈ সম্ভাৱনাময় অঞ্চলসমূহৰ অন্যতম, য’ত সমৃদ্ধ সংগীত ঐতিহ্য, উৎসাহী দৰ্শক আৰু দ্ৰুতগতিত বিকশিত হোৱা এটা পৰিৱেশ তন্ত্ৰৰ অপূৰ্ব মিলন ঘটিছে। প’ষ্ট মেলনৰ কনচাৰ্টে দেখুৱাই দিলে যে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে আয়োজিত লাইভ অনুষ্ঠানে কেৱল অনুষ্ঠানস্থলীৰ মাজতে সীমাবদ্ধ নাথাকি পৰ্যটন, আতিথ্য, স্থানীয় ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ দৰে বিভিন্ন ক্ষেত্ৰত কেনেকৈ উল্লেখনীয় প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল চৰকাৰ, উদ্যোগ খণ্ড আৰু স্থানীয় অংশীদাৰসকলে যেতিয়া এটা উমৈহতীয়া লক্ষ্য আগত ৰাখি একেলগে কাম কৰে, তেতিয়া কিধৰণৰ সম্ভাৱনাৰ দ্বাৰ মুকলি হ’ব পাৰে, তাকো এই কনচাৰ্টে স্পষ্টভাৱে প্ৰমাণ কৰিলে। অৰ্থনৈতিক প্ৰগতি, পৰ্যটন থলী হিচাপে বিকাশ আৰু সাংস্কৃতিক গুৰুত্ব বৃদ্ধিত লাইভ মনোৰঞ্জনে কেনেকৈ কাৰ্যকৰী ভূমিকা ল’ব পাৰে, তাৰ এক শক্তিশালী উদাহৰণ হৈ পৰিছে অসম। ইয়াৰ সমান্তৰালভাৱে, ই ভাৰতৰ কনচাৰ্ট অৰ্থনীতিৰ ভৱিষ্যত যাত্ৰাৰ বাবেও এক সুন্দৰ আৰ্হি প্ৰতিষ্ঠা কৰিছে।”

এই সন্দৰ্ভত ইৱাই-পাৰ্থেননৰ সহযোগী তথা মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট বিভাগৰ মুৰব্বী ৰাঘৱ আনন্দে কয়, “লাইভ অনুষ্ঠানসমূহে শক্তিশালী অৰ্থনৈতিক বহুমুখী প্ৰভাৱ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু আতিথ্য, পৰিবহণ, খুচুৰা বাণিজ্য তথা স্থানীয় সেৱাৰ দৰে বিভিন্ন খণ্ডত এক উল্লেখনীয় ব্যৱসায়িক প্ৰৱাহৰ সূচনা কৰিছে। অৱশ্যে অসমক বিশেষভাৱে পৃথক কৰি তুলিছে কেৱল ইয়াৰ অৰ্থনৈতিক প্ৰভাৱেই নহয়, বৰঞ্চ ইয়াৰ আঁৰত গঢ়ি উঠা এক সমন্বিত পৰিৱেশ তন্ত্ৰইহে। স্পষ্ট নীতিগত দিশনিৰ্দেশনা, প্ৰতিষ্ঠানিক সমন্বয়, আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ আৰু ফলাফল মূল্যায়নৰ প্ৰতি থকা দায়বদ্ধতা- এই সকলোবোৰেই ইয়াৰ অংশ। লাইভ মনোৰঞ্জনক যদি কেৱল এটা সাময়িক প্ৰদৰ্শনী হিচাপে নাচাই অৰ্থনৈতিক আন্তঃগাঁথনিৰ এটা অংশ হিচাপে বিবেচনা কৰা হয়, তেন্তে ই পৰ্যটন, কৰ্মসংস্থাপন আৰু আঞ্চলিক প্ৰগতিৰ বাবে বাৰে বাৰে কাৰ্যকৰী হোৱা এক শক্তিশালী চালিকাশক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে।”

বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ হ’ল, সফল কনচাৰ্ট অৰ্থনীতি কোনো বিচ্ছিন্ন বা সাময়িক অনুষ্ঠানৰ জৰিয়তে গঢ়ি নুঠে; বিপৰীতে ইয়াৰ প্ৰকৃত ভেটি নিৰ্মাণ হয় দীৰ্ঘম্যাদী বিনিয়োগ আৰু এটা দক্ষ তথা সক্ষম পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ মাধ্যমেৰে। প্ৰগতিশীল নীতিগত পদক্ষেপ, আন্তঃগাঁথনিৰ উন্নয়ন, আতিথ্য খণ্ডৰ সম্প্ৰসাৰণ, এটিডিচিৰ জৰিয়তে উপলব্ধ একক উইণ্ড’ সেৱা আৰু স্থানীয় প্ৰতিভা তথা বিক্ৰেতা পৰিৱেশ তন্ত্ৰত ধাৰাবাহিক বিনিয়োগৰ ফলত অসমে লাহে লাহে এটা গুৰুত্বপূৰ্ণ লাইভ মনোৰঞ্জনৰ গন্তব্যস্থল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সকলো পদক্ষেপে ভাৰতৰ লাইভ অভিজ্ঞতাভিত্তিক অৰ্থনীতিৰ প্ৰেক্ষাপটত ৰাজ্যখনক দ্ৰুতগতিত বিকশিত হোৱা এটা মনোৰঞ্জন কৰিড’ৰলৈ ৰূপান্তৰিত কৰাত বিশেষভাৱে সহায় কৰিছে।

এই প্ৰগতিৰ প্ৰভাৱ ইতিমধ্যে স্পষ্ট হৈ পৰিছে। গুৱাহাটীত প’ষ্ট মেলনৰ ঐতিহাসিক প্ৰদৰ্শনীৰ পাছত এইবাৰ অহা ১৭ নৱেম্বৰ, ২০২৬-ত অসমলৈ আগমন ঘটিব কিংবদন্তি ৰক বেণ্ড ‘গানচ এন ৰ’জেচ’ৰ, যিয়ে আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজনৰ মানচিত্ৰত ৰাজ্যখনৰ ক্ৰমবৰ্ধমান গুৰুত্বক আৰু অধিক শক্তিশালী কৰিব। ভাৰতৰ অভিজ্ঞতাভিত্তিক অৰ্থনীতি যেতিয়া পৰম্পৰাগত মহানগৰসমূহৰ পৰিসৰ অতিক্ৰমি অধিক বিস্তৃত হৈ পৰিছে, তেতিয়া অসমৰ এই যাত্ৰাই দেখুৱাই দিছে যে লাইভ মনোৰঞ্জনে পৰ্যটন, কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক প্ৰগতিক কেনেকৈ ক্ষিপ্ৰতৰ কৰিব পাৰে। ইয়াৰ সমান্তৰালভাৱে, ই দেশৰ অন্যান্য উদীয়মান গন্তব্যস্থানসমূহৰ বাবেও এক কাৰ্যকৰী আৰ্হি হৈ পৰিছে।

বুকমাইশ্ব’, এটিডিচি আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত উল্লেখ থকা মন্তব্যসমূহঃ

বুকমাইশ্ব’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আশীষ হেমৰাজানীয়ে কয়, “অসম পৰ্যটনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত আমি কেৱল অনুষ্ঠান আয়োজনৰে পৰিকল্পনা কৰা নাছিলোঁ; আমি এটা পূৰ্ণাংগ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰহে লক্ষ্য লৈছিলোঁ। বৃহৎ পৰিসৰত আয়োজিত লাইভ মনোৰঞ্জন এখন ৰাজ্যৰ বাবে আটাইতকৈ শক্তিশালী অৰ্থনৈতিক বহুমুখী প্ৰভাৱী উপাদানসমূহৰ অন্যতম। ই হোটেলসমূহৰ কোঠা পূৰ্ণ কৰে, স্থানীয় ব্যৱসায়সমূহক সজীৱ কৰি তোলে আৰু অতি কম সময়ৰ ভিতৰতে দক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। অসমৰ সৈতে আমাৰ পাঁচ বছৰীয়া ৰোডমেপ এই ধাৰণাৰে ভিত্তিতেই প্ৰস্তুত কৰা হৈছে- ৰাজ্যখনক বিশ্বমানৰ লাইভ অভিজ্ঞতাৰ এক ধাৰাবাহিক গন্তব্যস্থলৈ ৰূপান্তৰ কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰৱৰ্তী বৃহৎ মনোৰঞ্জন কৰিড’ৰ হিচাপে প্ৰতিষ্ঠা কৰা।”