Home Blog Page 5

PM narendra modi: দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী

দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী
দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী

অসমৰ(PM narendra modi) এটা প্ৰজন্মই দীৰ্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ-দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্লীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চায়৷ ই কেৱল এক কাল্পনিক ক্ষোভ নাছিল; ইতিহাসেও ইয়াৰ ভিত্তি প্ৰস্তুত কৰিছিল আৰু চৰকাৰী নীতিসমূহেও প্ৰায়ে ইয়াকে প্ৰতিপন্ন কৰিছিল৷ দশকৰ পিছত দশক ধৰি অসমৰ বহু লোকে অনুভৱ কৰিছিল যে কেৱল সংকটৰ সময়তহে উত্তৰ-পূৰ্বাঞ্চলক মনত পেলোৱা হয় আৰু দেশৰ পৰিকল্পনাৰ সময়ত ৰাজ্যখন সদায় অৱহেলিত হৈ ৰয়৷

মই নিজেও সেই প্ৰজন্মৰে এজন৷ এই অনুভৱ অসমৰ জনমানসত কিমান গভীৰভাৱে শিপাই আছিল, সেই কথা ৰাজহুৱা জীৱনৰ আৰম্ভণিৰ পৰাই মই দেখি আহিছোঁ৷ এনে চিন্তা-ভাবনাই আমাৰ কথা-বতৰাক গঢ় দিছিল, আন্দোলনসমূহক তীব্ৰতৰ কৰিছিল আৰু আশা-আকাংক্ষাক প্ৰভাৱিত কৰিছিল৷ দিল্লীয়ে যে অসমক মাহীআইৰ চকুৰে চায়, এই বিশ্বাস আমাৰ ৰাজনৈতিক শব্দাৱলীৰ এক অংশ হৈ পৰিছিল৷ ই কেৱল ভাষাৰ অলংকাৰ নাছিল, ই আছিল ঐতিহাসিক অভিজ্ঞতাৰ আৱেগিক প্ৰকাশ৷ সেইবাবেই বিগত দশকটোত হোৱা পৰিৱৰ্তনক কেৱল উন্নয়নমূলক পৰিৱৰ্তন বুলি কৈয়েই সামৰিব নোৱাৰি, ই হৈছে এক ঐতিহাসিক ভুলৰ শুধৰণি৷


২০১৪ চনত শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সম্পৰ্কত এক মৌলিক পৰিৱৰ্তনৰ সূচনা হয়৷ তেখেতে এই অঞ্চলটোক দূৰৱৰ্তী সীমান্ত হিচাপে গণ্য নকৰি দেশৰ ৰাষ্ট্ৰীয় চিন্তা-চৰ্চাৰ কেন্দ্ৰলৈ লৈ আনিলে আৰু উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰিলে৷ তেখেতে অসমৰ কৌশলগত স্থিতি আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিলে৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেখেতে এই স্বীকৃতি কেৱল কথাতে আবদ্ধ নাৰাখি বাস্তৱ পদক্ষেপলৈ ৰূপান্তৰিত কৰিলে৷ ই কেৱল আন্তঃগাঁথনিৰ পৰিৱৰ্তনেই নহয়, মানুহৰ মানসিকতাৰো পৰিৱৰ্তন ঘটালে৷ এসময়ত নিজৰ মনত বিচ্ছিন্নতাবোধ পুহি ৰখা প্ৰজন্মটো এতিয়া মূলসূঁতিৰ সৈতে সংযুক্ত হৈ পৰিল৷
ইয়াৰ পিছৰ প্ৰজন্মটো এক নতুন আত্মবিশ্বাসেৰে ডাঙৰ-দীঘল হৈছে৷ আজি অসমৰ যুৱ সমাজে স্বাভাৱিকতে দিল্লী দূৰৈত আৰু আমাৰ প্ৰতি উদাসীন বুলি নাভাবে৷ তেওঁলোকে নিজৰ ৰাজ্যখনক দেশৰ বিকাশ যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ আৰু সুযোগৰ থলী ৰূপে গণ্য কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে, আমাৰ অঞ্চলটোৰ আশা-আকাংক্ষাই এতিয়া প্ৰয়োজনীয় গুৰুত্ব লাভ কৰিছে৷ মানুহৰ মানসিকতাৰ এই পৰিৱৰ্তনেই সম্ভৱতঃ প্ৰধানমন্ত্ৰীৰ অসমলৈ আটাইতকৈ ডাঙৰ অৱদান৷
এই পটভূমিতে আমাৰ উন্নয়নৰ যাত্ৰাৰ সূচনা হৈছে৷


এসময়ত অসমৰ খাৰুৱা তেল ৰাজ্যখনৰ ভিতৰতে শোধন কৰাৰ দৰে এটা সৰু দাবীৰ বাবেও অসমবাসীয়ে আন্দোলন কৰিবলগীয়া হৈছিল৷ তেল শোধনাগাৰ আন্দোলনৰ স্মৃতি আমাৰ ৰাজনৈতিক চেতনাৰ মাজত আজিও সজীৱ হৈ আছে৷ বহুদিনলৈকে অসমৰ সম্পদসমূহৰ বহিৰ্গমন হৈছিল আৰু স্থানীয় মূল্য-সংযোজন অত্যন্ত সীমিত হৈ ৰৈছিল৷ আজি সেই কাহিনী সলনি হৈছে৷ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে৷ এই কাম সম্পূৰ্ণ হ’লে ইয়াৰ বাৰ্ষিক পৰিশোধন ক্ষমতা ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা জ্ঝ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি পাব৷ পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ নতুন পাইপলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পথত আৰু শক্তিখণ্ডৰ নতুন আন্তঃগাঁথনিয়ে অসমৰ ঔদ্যোগিক সামৰ্থ্য বৃদ্ধি কৰিছে৷ যি এসময়ত বঞ্চনাৰ প্ৰতীক আছিল, সিয়েই এতিয়া ৰূপান্তৰৰ প্ৰতীক হৈ উঠিছে৷


ঔদ্যোগিক পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য৷ জাগীৰোডে এসময়ত কেৱল উদ্যোগ খণ্ডৰ অৱনতিৰ কথাহে মনত পেলাইছিল৷ স্তব্ধ হৈ পৰা নগাঁও কাগজ কল, পৰিত্যক্ত আৱাসিক এলেকা আৰু ঔদ্যোগিক সংস্থাপনৰ ম্লান হৈ পৰা স্মৃতি– এই আটাইবোৰ অসমৰ হতাশাজনক পৰিৱেশৰ অংশ হৈ পৰিছিল৷ কিন্তু ইতিহাসৰ গতি সলনি হ’ব পাৰে৷ বৰ্তমান সেই একে স্থানতে টাটা ইলেকট্ৰনিক্সে ২৭,০০০ কোটি টকা বিনিয়োগেৰে এটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ কৰি আছে৷ এসময়ত উদ্যোগ গঢ়াৰ সপোন মৰহি যোৱা অসমে আজি ছেমিকণ্ডাক্টৰৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত স্থান লাভ কৰিছে৷ এনে কিছুমান কাহিনীয়ে উপেক্ষাৰ পৰা আকাংক্ষালৈ আমাৰ যাত্ৰাক সুস্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে৷
ৰাজ্যখনলৈ ঘূৰি অহা শান্তিও এই নতুন অধ্যায়ৰ অন্যতম কেন্দ্ৰবিন্দু৷


এসময়ত সমগ্ৰ অসমত হিংসা আৰু আতংকই বিৰাজ কৰিছিল৷ উগ্ৰপন্থা, বোমা বিস্ফোৰণ, অপহৰণ আৰু গুলীচালনা আদিয়ে আমাৰ দৈনন্দিন জীৱনক অনিশ্চিত কৰি তুলিছিল৷ তেনে এক পৰিৱেশত পৰ্যটন আৰু বিনিয়োগৰ কথা কল্পনা কৰাটো অসম্ভৱ আছিল৷ কিন্তু শেহতীয়াকৈ বড়ো গোটসমূহৰ সৈতে হোৱা চুক্তি, ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি আৰু কাৰ্বি, আদিবাসী, ডিমাচা তথা অন্যান্য সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিসমূহে বাস্তৱৰ সেই ছবিখন সম্পূৰ্ণ সলাই পেলালে৷ এই চুক্তিসমূহে পুৰণি সংঘাতৰ অন্ত পেলোৱাৰ লগতে নতুন বিশ্বাস গঢ়াৰ পথ মুকলি কৰিছে৷ শান্তিয়ে সম্ভাৱনাক পুনৰুজ্জীৱিত কৰিছে আৰু সম্ভাৱনাই কঢ়িয়াই আনিছে বিনিয়োগ৷


৭৫ খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.ঙ্ম’- য়ে প্ত.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে৷ ৰিলায়েন্স, আদানী, টাটা, বেদান্ত আৰু জিন্দালৰ দৰে আগশাৰীৰ উদ্যোগ গোষ্ঠীসমূহে এতিয়া গুৰুত্বসহকাৰে আৰু নতুন আশা লৈ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন আগলৈকে যিটো কথা অসম্ভৱ যেন লাগিছিল, আজি সেয়া একেবাৰে স্বাভাৱিক হৈ পৰিছে৷ অসমে এতিয়া আৰু কাৰোবাৰ চকুত পৰিবলৈ অপেক্ষা কৰি থকা নাই; বৰঞ্চ ই নিজকে এক অন্যতম প্ৰধান বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে৷ আন্তঃগাঁথনিৰ উন্নয়নেও সেই একেই সত্যকে দোহাৰিছে৷ স্বাধীনতাৰ পিছৰ প্ৰায় সাতটা দশক ধৰি অসমৰ জীৱনৰেখা আৰু ভৌগোলিক গাঁথনিৰ আধাৰস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখনহে দলং আছিল৷ শেহতীয়া বছৰবোৰত সেই ছবিখন দ্ৰুতগতিত সলনি হৈছে৷ কেইবাখনো নতুন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে, বহুকেইখন নিৰ্মীয়মাণ অৱস্থাত আছে– যাৰ ফলত যোগাযোগৰ মানচিত্ৰই নতুন ৰূপ পাইছে৷ অলপতে উদ্বোধন কৰা ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ এনে এক অন্যতম মাইলৰ খুঁটি৷ ধুবুৰী-ফুলবাৰী দলং, যোৰহাট-মাজুলী দলং আৰু শৰাইঘাটৰ তৃতীয়খন দলঙৰ দৰে প্ৰকল্পসমূহে অভূতপূৰ্ব দ্ৰুততাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলক পৰস্পৰৰ সৈতে সংযুক্ত কৰিছে৷


স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো সমানেই গুৰুত্বপূৰ্ণ ৰূপান্তৰ ঘটিছে৷ এসময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ বাবে সংগ্ৰাম কৰিবলগীয়া হোৱা অসমত এতিয়া ‘এইমছ গুৱাহাটী’ৰ দৰে আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান আছে৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ২০২১ চনৰ সাতখনৰ পৰা এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চৈধ্যখন হৈছে আৰু কেইবাখনো নিৰ্মীয়মাণ অৱস্থাত আছে৷ ৰাজ্যখনে অভাৱৰ পৰা সম্প্ৰসাৰণৰ দিশলৈ, পৰনিৰ্ভৰশীলতাৰ পৰা সামৰ্থ্য বিকাশৰ দিশলৈ গতি কৰিছে৷ পৰিবহণৰ ক্ষেত্ৰতো ৰে’ললাইনৰ দ্বৈতকৰণ, বৈদ্যুতিকীকৰণ, গুৱাহাটী বিমানকোঠৰ নতুন টাৰ্মিনেল, ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ আৰু গুৱাহাটী ৰিং ৰোড– এই সকলোবোৰে উন্নয়নৰ ন-প্ৰত্যাশাক প্ৰতিফলিত কৰিছে৷ কিন্তু এই দলং, বিমানবন্দৰ, কাৰখানা আৰু শোধনাগাৰসমূহৰ উপৰি আন এক পৰিৱৰ্তন ঘটিছে– সেয়া হৈছে আৱেগিক দূৰত্বৰ পৰিৱৰ্তন৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ স্থায়ী অৱদান সম্ভৱতঃ এইয়ে যে তেওঁ এই অঞ্চল আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজৰ মানসিক ব্যৱধান হ্ৰাস কৰিলে৷ তেওঁ কেৱল নীতি নিৰ্ধাৰণ কৰি নহয়, সঠিক দৃষ্টিভংগী আৰু উপস্থাপনাৰে সেয়া সম্ভৱ কৰি তুলিলে৷ যেতিয়া তেওঁ অসমৰ গামোচাখন ডিঙিত লয়, সেয়া কেৱল এক আনুষ্ঠানিক সৌজন্যতা নহয়৷ যেতিয়া তেওঁ কাজিৰঙাত নৈশযাপন কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস গঢ়ে, তেতিয়া ই এক গভীৰ তাৎপৰ্য বহন কৰে৷ তেওঁ বাৰে বাৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে৷ তেওঁৰ ৭৫তকৈও অধিকবাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণে এই অঞ্চল যে ভাৰতৰ ভাগ্যৰ সৈতে সংযুক্ত হৈ আছে, তাৰেই বাৰ্তা বহন কৰিছে৷ আৰু সেই বাৰ্তা আজি সঠিকভাৱে হৃদয়ংগম কৰা হৈছে৷


আজি অসম অধিক আত্মবিশ্বাসী, অধিক সংযুক্ত আৰু অধিক আশাবাদী৷ অৱহেলাৰ পুৰণি ভাষা এতিয়া ক্ৰমান্বয়ে আশাৰ ভাষালৈ ৰূপান্তৰিত হৈছে৷ আৱেগিক গতিপথ সলনি হৈছে– ক্ষোভৰ পৰা অংশগ্ৰহণলৈ, দূৰত্বৰ পৰা আত্মীয়তালৈ৷
১০ জুনত শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি ভাৰতৰ আটাইতকৈ দীৰ্ঘদিন ধৰি নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস গঢ়িব৷ ই ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষণ৷ অসমেও নিজাকৈ গভীৰভাৱে ইয়াৰ গুৰুত্ব অনুভৱ কৰিছে৷ এয়া এজন নেতাৰ ঐতিহাসিক অৱদানক স্বীকাৰ কৰাৰ এক উপযুক্ত ক্ষণ, যিগৰাকীৰ কাৰ্যকালত অসমে কেৱল আন্তঃগাঁথনিৰ উন্নয়নকে প্ৰত্যক্ষ কৰা নাই; ভাৰতৰ ভিতৰত নিজৰ স্থান আৰু মৰ্যাদাৰে এক নতুন আত্মবিশ্বাসো লাভ কৰিছে৷


এই ঐতিহাসিক সফলতাৰ ক্ষণত তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মই সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু নিৰন্তৰ শক্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, যাতে একেই দূৰদৰ্শিতা, দৃঢ়তা আৰু উৎসৰ্গিত মনোভাৱেৰে তেখেতে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰি যাব পাৰে৷

– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী নিজেই উৎপাদনৰ লক্ষ্যৰে কাম কৰিব লাগিব

ৰাজ্যত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী নিজেই উৎপাদনৰ লক্ষ্যৰে কাম কৰিব লাগিব
ৰাজ্যত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী নিজেই উৎপাদনৰ লক্ষ্যৰে কাম কৰিব লাগিব

অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰথমে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ ইয়াৰ পিছত তেওঁ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপেও আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰি এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ দুয়োখন জিলাতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানকে ধৰি কৃষি, স্বাস্থ্য, লোক নিৰ্মাণ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰী হাজৰিকাই জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ৩ান জনায়৷ তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্ছ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে৷ লগতে উন্নয়নমূলক কাম-কাজ অধিক ফলপ্ৰসুভাৱে আগবঢ়াই নিয়াৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷

মন্ত্ৰী হাজিৰকাই কয় যে হোজাই আৰু নগাঁও জিলাৰ সামগ্ৰিক বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সকলো পক্ষই একেলগে কাম কৰিব লাগিব৷ প্ৰতিখন জিলাকে শক্তিশালী, উন্নত আৰু সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, এইবাৰ কৃষি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰীসমূহ অসমতেই উৎপাদন কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগে সমন্বিতভাৱে কাম কৰিব লাগিব৷ এইক্ষেত্ৰত প্ৰতিটো বিভাগক নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ তেওঁ আহ৩ান জনায়৷ ইফালে, পুৱাৰ ভাগত মন্ত্ৰী হাজৰিকাই নগাঁও জিলাৰ কঠীয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে৷ অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ আজি মন্ত্ৰীগৰাকীৰ জিলা দুখন ভ্ৰমণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে দুয়োখন জিলাৰ অন্তৰ্গত বিধায়কসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁও আৰু হোজাই জিলাৰ উপৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰো অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে৷


নগাঁৱত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিভাগীয় পৰ্যালোচনা– আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দি কৰ্মত ব্ৰতী হ’বলৈ আহ৩ান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ঃ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু তিনিগৰাকী বিধায়কক সম্বৰ্ধনা জিলা বিজেপিৰ
দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, জ্ঝ জুন ঃ নগাঁও জিলাৰ নৱ-নিযুক্ত অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি নগাঁৱত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ কৃষি, জলসিঞ্চন আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বুজ লৈ কয় যে চৰকাৰে নতুনকৈ দুই লাখ লোকক চাকৰি দিবলৈ সিদ্ধান্ত লৈছে যদিও সেয়া নিবনুৱা সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত নহয়৷ তাৰ বাবে গ্ৰহণ কৰা এই স্ব-নিয়োজনৰ আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ ব্যৱস্থা হ’ব লাগিব৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত ১০ লাখ যুৱক-যুৱতীক স্ব-নিয়োজনৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ঋণ লাভ কৰাসকলে যাতে সঠিকভাৱে কাম কৰে সেইটো নিশ্চিত কৰিব লাগিব৷ জিলাখনৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷ জিলাখনৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে অতি সামান্য মাত্ৰাৰ কৃষি ক্ষেত্ৰ সামৰি লোৱা বিষয়টোত তেওঁ গভীৰ উদ্বেগ আৰু অসন্তুষ্টি প্ৰকাশ কৰি বিকল বা অকাৰ্যক্ষম আঁচনিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে শীঘ্ৰে এখন কৰ্মআঁচনি প্ৰস্তুত কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে৷

তেওঁ অচিৰেই পুনৰ নগাঁৱলৈ আহি প্ৰতিটো বিভাগৰ কাম-কাজৰ বিস্তৃতভাৱে পৰ্যালোচনা চলাব বুলি ঘোষণা কৰে৷ মন্ত্ৰী হাজৰিকাই কয় যে, আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায়ভাগ সামগ্ৰীয়েই বাহিৰৰ পৰা আহে৷ এই পৰ-নিৰ্ভৰশীলতা হ্ৰাস কৰি উৎপাদনমুখী কামত আমাৰ যুৱক-যুৱতীসকল জড়িত হ’লেহে ৰাজ্যখন আগবাঢ়িব পাৰিব৷ তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্ছ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে৷ উল্লেখ্য যে নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিছত আজি প্ৰথমবাৰলৈ মন্ত্ৰী পীয়ূষ হাজৰিকা নগাঁও জিলাত উপস্থিত হৈ বিভাগীয় কাম-কাজৰ বুজ লয়৷ সভাত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ধিঙৰ বিধায়ক মেহবুব মুক্তাৰ, চামগুৰিৰ বিধায়ক তাঞ্জিল হুছেইন, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা প্ৰমুখ্যে জিলাখনৰ বিধায়কসকল উপস্থিত থাকে৷ সভাৰ আঁত ধৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই নৱ-নিৰ্বাচিত মন্ত্ৰীগৰাকীক জিলাখনলৈ আদৰণি জনায় আৰু তেওঁৰ দিহা-পৰামৰ্শৰ ভিত্তিত জিলাখনক আগবঢ়াই নিয়াৰ সকলো বিষয়া সষ্টম হৈ আছে বুলি উল্লেখ কৰে৷

সভাৰ আৰম্ভণিতে জিলা আয়ুক্তগৰাকীয়ে ফুলাম গামোচা আৰু শৰাইৰে মন্ত্ৰীগৰাকীক উষ্ম সম্ভাষণ জনায়৷ সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল প্ৰমুখ্যে সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷ মন্ত্ৰী হাজৰিকাই সকলোৰে সৈতে চা-চিনাকি হয়৷ ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত মন্ত্ৰী হাজৰিকাই নগাঁও জিলাৰ কঠীয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে৷ অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই হোজাই জিলাতো অনুৰূপ পৰ্যালোচনা সভা এখনত অংশগ্ৰহণ কৰে৷ ইপিনে আজি বিয়লি নগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসক জিলা বিজেপি আৰু যুৱ মৰ্চাই সম্বৰ্ধনা জ্ঞাপন কৰে৷

জাপানৰ পিছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম…

জাপানৰ পিছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম
জাপানৰ পিছত এইবাৰ নেপালতো নিষিদ্ধ ভাৰতীয় আম

ভাৰতীয় আম কৃষকৰ বাবে বেয়া খবৰ৷ জাপানৰ পিছত এইবাৰ নেপালতো নিষিদ্ধ কৰা হৈছে ভাৰতীয় আম৷ আম উৎপাদনৰ সময়ত অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশকব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগত নেপাল চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ নেপালৰ কৃষি আৰু পশুপালন মন্ত্ৰণালয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা আমদানি কৰা আমৰ কিছুমান চালানত নিৰ্ধাৰিত সীমাতকৈ বহু বেছি পৰিমাণে ক্ষতিকাৰক কীটনাশকৰ অৱশিষ্ট পোৱা গৈছে৷

যাৰ বাবে খাদ্য সুৰক্ষা তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আম দেশখনত সোমোৱাটো বন্ধ কৰা হৈছে৷ উল্লেখ্য যে কিছু দিন পূৰ্বে জাপানেও একেটা কাৰণতে আলফনচো, কেচৰ, লেংৰা আৰু বংগনপল্লীৰ দৰে বিখ্যাত ভাৰতীয় আমৰ আমদানিত বাধা দিছিল৷ এতিয়া ইখনৰ পিছত সিখন দেশে ভাৰতীয় আম লোৱাটো বন্ধ কৰি দিয়াত মালদহ, মুৰ্ছিদাবাদ, কৃষ্ণনগৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ আমৰ খেতিয়কসকল তীব্ৰ চিন্তাৰ মুখত পৰিছে৷ নেপাল চৰকাৰৰ সূত্ৰই জনোৱা মতে, এপ্ৰিল আৰু মে’ মাহত সীমান্তৰ পৰীক্ষণ চকীত ভাৰতীয় আমৰ নমুনা পৰীক্ষা কৰোঁতে এই ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যসমূহ ধৰা পৰে৷ ইয়াৰ পিছতে নেপালে জাপানৰ দৰেই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় আৰু সীমান্তত তীব্ৰ নজৰদাৰীৰ নিৰ্দেশ দিয়ে৷

নেপাল চৰকাৰে স্পষ্ট কৰি দিছে যে দেশবাসীৰ স্বাস্থ্য সুৰক্ষাই তেওঁলোকৰ বাবে আটাইতকৈ প্ৰথম অগ্ৰাধিকাৰ আৰু খাদ্যৰ গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব৷ সাধাৰণতে গৰমৰ দিনত নেপালত ভাৰতীয় আমৰ চাহিদা বহুত বেছি থাকে, কাৰণ নেপালত অতি কম পৰিমাণেহে আমৰ খেতি হয়৷ দেশৰ চাহিদা পূৰণ কৰিবলৈ নেপালৰ ব্যৱসায়ীসকলে ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে আম আমদানি কৰে৷ কিন্তু এই নিষেধাজ্ঞাৰ ফলত ভাৰতৰ খেতিয়কসকলৰ লগতে নেপালৰ ফল ব্যৱসায়ীসকলৰ মাজতো এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, প্ৰতি বছৰে গড়ে তিনি হাজাৰ তিনিশ মেট্ৰিক টন ভাৰতীয় আম নেপাললৈ পঠোৱা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা৷ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগত নেপাল চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ নেপালৰ কৃষি আৰু পশুপালন মন্ত্ৰণালয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা আমদানি কৰা আমৰ কিছুমান চালানত নিৰ্ধাৰিত সীমাতকৈ বহু বেছি পৰিমাণে ক্ষতিকাৰক কীটনাশকৰ অৱশিষ্ট পোৱা গৈছে৷ যাৰ বাবে খাদ্য সুৰক্ষা তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আম দেশখনত সোমোৱাটো বন্ধ কৰা হৈছে৷

উল্লেখ্য যে কিছু দিন পূৰ্বে জাপানেও একেটা কাৰণতে আলফনচো, কেচৰ, লেংৰা আৰু বংগনপল্লীৰ দৰে বিখ্যাত ভাৰতীয় আমৰ আমদানিত বাধা দিছিল৷ এতিয়া ইখনৰ পিছত সিখন দেশে ভাৰতীয় আম লোৱাটো বন্ধ কৰি দিয়াত মালদহ, মুৰ্ছিদাবাদ, কৃষ্ণনগৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ আমৰ খেতিয়কসকল তীব্ৰ চিন্তাৰ মুখত পৰিছে৷ নেপাল চৰকাৰৰ সূত্ৰই জনোৱা মতে, এপ্ৰিল আৰু মে’ মাহত সীমান্তৰ পৰীক্ষণ চকীত ভাৰতীয় আমৰ নমুনা পৰীক্ষা কৰোঁতে এই ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যসমূহ ধৰা পৰে৷ ইয়াৰ পিছতে নেপালে জাপানৰ দৰেই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় আৰু সীমান্তত তীব্ৰ নজৰদাৰীৰ নিৰ্দেশ দিয়ে৷ নেপাল চৰকাৰে স্পষ্ট কৰি দিছে যে দেশবাসীৰ স্বাস্থ্য সুৰক্ষাই তেওঁলোকৰ বাবে আটাইতকৈ প্ৰথম অগ্ৰাধিকাৰ আৰু খাদ্যৰ গুণগত মানৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব৷ সাধাৰণতে গৰমৰ দিনত নেপালত ভাৰতীয় আমৰ চাহিদা বহুত বেছি থাকে, কাৰণ নেপালত অতি কম পৰিমাণেহে আমৰ খেতি হয়৷ দেশৰ চাহিদা পূৰণ কৰিবলৈ নেপালৰ ব্যৱসায়ীসকলে ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে আম আমদানি কৰে৷

কিন্তু এই নিষেধাজ্ঞাৰ ফলত ভাৰতৰ খেতিয়কসকলৰ লগতে নেপালৰ ফল ব্যৱসায়ীসকলৰ মাজতো এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, প্ৰতি বছৰে গড়ে তিনি হাজাৰ তিনিশ মেট্ৰিক টন ভাৰতীয় আম নেপাললৈ পঠোৱা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্পূৰ্ণ বিশ্বাস, বিকাশ, জনকল্যাণৰ ১২ বছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্পূৰ্ণ বিশ্বাস, বিকাশ, জনকল্যাণৰ ১২ বছৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্পূৰ্ণ বিশ্বাস, বিকাশ, জনকল্যাণৰ ১২ বছৰ

৪,৩৯৯ দিনৰ ঐতিহাসিক যাত্ৰা৷ স্বাধীন ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল দেশবাসী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে চ্ছ্ৰ,৩৯৯ দিন সম্পূৰ্ণ কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ চ্ছ্ৰ,৩৯৮ দিনৰ অভিলেখ অতিক্ৰম কৰিলে৷ ইয়াৰ জৰিয়তে তেওঁ স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বাধিক সময় ধৰি কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ স্থাপন কৰিলে৷ দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে একেৰাহে ১২ বছৰ সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিজেপি অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা সভাপতি দিলীপ শইকীয়াই হৃদয়পূৰ্বক অভিনন্দন জ্ঞাপন কৰিছে৷ আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত মুখপাত্ৰ মিতা নাথ বৰাই কয় যে, এই অভূতপূৰ্ব সফলতা কেৱল ব্যক্তিগত সফলতা নহয়, ই হৈছে ১৪০ কোটি ভাৰতীয়ৰ আস্থা, বিশ্বাস আৰু উন্নয়নমুখী ৰাজনীতিক সমৰ্থনৰ প্ৰতিফলন৷

২০১৪ চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ভাৰতক বিশ্ব মঞ্চত এক আত্মবিশ্বাসী, শক্তিশালী আৰু উদীয়মান শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দৰিদ্ৰ কল্যাণক শাসনৰ কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতি মাহে ৮১ কোটিতকৈ অধিক লোকক বিনামূলীয়া খাদ্য শস্য যোগান ধৰা হৈছে৷ চ্ছ্ৰ কোটিতকৈ অধিক পকী গৃহ নিৰ্মাণৰ জৰিয়তে পিএম আৱাস যোজনাই লাখ লাখ পৰিয়ালৰ সপোন পূৰণ কৰিছে৷ ১০.প্ত কোটিতকৈ অধিক উজ্জ্বলা গেছসংযোগে মহিলা আৰু পৰিয়ালসমূহক ধোঁৱামুক্ত জীৱন দিছে৷ ১২ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণৰ জৰিয়তে ভাৰতক মুক্ত শৌচ ব্যৱস্থাৰ পৰা মুক্ত কৰা হৈছে৷ মোদী চৰকাৰৰ বিগত ১২ বছৰত মহিলাসকলৰ সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক ক্ষমতায়নৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচিত হৈছে৷ ৩২ কোটিতকৈ অধিক জন ধন বেংক একাউণ্ট মহিলাৰ নামত মুকলি কৰা হৈছে৷ সশস্ত্ৰ বাহিনীত মহিলাৰ স্থায়ী নিয়োগ আৰু নেতৃত্বৰ সুযোগ নিশ্চিত কৰা হৈছে৷ ৩ কোটিতকৈ অধিক ‘লাখপতি বাইদেউ’ গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা হৈছে৷ ৯১ লাখতকৈ অধিক আত্মসহায়ক গোটৰ জৰিয়তে ১০ কোটিতকৈ অধিক গ্ৰাম্য মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হৈছে৷ উন্নত আন্তঃগাঁথনিৰে গঢ়ি উঠিছে নতুন ভাৰত৷ মোদীৰ শাসনত আন্তঃগাঁথনি উন্নয়নক ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভিত্তি হিচাপে ধৰা হৈছে৷ দেশৰ জ্জ্বখন চহৰত ৰ,১০০ কিলোমিটাৰতকৈ অধিক মেট্ৰ’ নেটৱৰ্ক গঢ়ি উঠিছে৷ অটল সেতু, সুদৰ্শন সেতু, চেনাব ৰে’ল সেতু, বগীবিল সেতু আৰু পাম্বান সাগৰীয় সেতুৰ দৰে বৃহৎ প্ৰকল্পসমূহে আধুনিক ভাৰতৰ সক্ষমতাৰ প্ৰতীক হৈ উঠিছে৷ ২০১৪ চনত ৭৪টা বিমানবন্দৰ থকা দেশত আজি বিমানবন্দৰৰ সংখ্যা ১৬৪ লৈ বৃদ্ধি পাইছে, যাৰ ফলত আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশে নতুন গতি লাভ কৰিছে৷ যুৱ শক্তিক নতুন ডেউকা প্ৰদান কৰা হৈছে৷ যুৱ সমাজক আত্মনিৰ্ভৰ আৰু দক্ষ কৰি তুলিবলৈ প্ৰায় ২ কোটি যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ মুদ্ৰা যোজনাৰ অধীনত ৪০ লাখ কোটিতকৈ অধিক টকাৰ ঋণ বিতৰণ কৰা হৈছে৷

দেশত ২.২ লাখতকৈ অধিক ষ্টাৰ্টআপ গঢ়ি উঠিছে৷ ১০,০০০তকৈ অধিক অটল টিংকাৰিং লেবৰ জৰিয়তে উদ্ভাৱন আৰু বৈজ্ঞানিক চিন্তাধাৰাক উৎসাহিত কৰা হৈছে৷ স্বাস্থ্য সেৱাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰা হৈছে৷ আয়ুষ্মান ভাৰতৰ জৰিয়তে ৬০ কোটিতকৈ অধিক লোকক স্বাস্থ্য সুৰক্ষাৰ আউটিলৈ অনা হৈছে৷ ৭০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ত লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা নিশ্চিত কৰা হৈছে৷ তদুপৰি দেশজুৰি ১৯,০০০তকৈ অধিক জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ মানুহে ৯০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ লাভ কৰিছে৷ শক্তিশালী ভাৰত, সুৰক্ষিত ভাৰতৰ মন্ত্ৰৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নতুন শিখৰ স্পৰ্শ কৰিছে৷ কংগ্ৰেছৰ শাসনত আমদানি নিৰ্ভৰ দেশে প্ৰায় ৩৮,৪০০ কোটি টকাৰ অভিলেখসংখ্যক প্ৰতিৰক্ষা সামগ্ৰী ১৫ানি কৰিছে৷ সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে কঠোৰ অভিযানৰ ফলত দেশ এক নক্সালমুক্ত ভাৰতৰ দিশে আগবাঢ়িছে৷ ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্তি দি ৰাজপথক ‘কৰ্তব্য পথ’লৈ ৰূপান্তৰ, নতুন সংসদ ভৱন আৰু ছত্ৰপতি শিৱাজীৰ মহান আদৰ্শৰে অনুপ্ৰাণিত ভাৰতীয় নৌসেনাৰ নতুন ধবজে আত্মগৌৰৱ আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে৷

কৃষকৰ কল্যাণৰ নতুন মন্ত্ৰৰে ‘পিএম-কিষাণ’ যোজনাৰ অধীনত কৃষকসকলৰ একাউণ্টত চ্ছ্ৰ.৩ লাখ কোটিতকৈ অধিক টকা প্ৰত্যক্ষভাৱে জমা কৰা হৈছে৷ চ্ছ্ৰ কোটিতকৈ অধিক কৃষকে ২ লাখ কোটিতকৈ অধিক টকাৰ শস্য বীমা সুৰক্ষা লাভ কৰিছে৷ নূ্যনতম সমৰ্থন মূল্যৰ অধীনত চ্ছ লাখ কোটিতকৈ অধিক টকাৰ শস্য ক্ৰয় কৰা হৈছে৷ জ্জ্ব কোটিতকৈ অধিক কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে৷ মধ্যবিত্তৰ আশা-আকাংক্ষাক ডেউকা প্ৰদান কৰি মোদী চৰকাৰে মধ্যবিত্ত পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ বাবে কৰ ব্যৱস্থাত একাধিক সংস্কাৰ কৰিছে৷ ১২.৭৫ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত কৰাৰ ব্যৱস্থাই কোটি কোটি পৰিয়ালক উপকৃত কৰিছে৷ উড়ান আঁচনিৰ অধীনত ৰ.৬ কোটিতকৈ অধিক যাত্ৰীয়ে সুলভ বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে৷ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এমবিবিএছ আসনৰ সংখ্যা ১৫১ শতাংশ বৃদ্ধি পাই প্ৰায় ৰ.৩ লাখত উপনীত হৈছে৷ ঐতিহ্য আৰু বিকাশৰ সমন্বয়ৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ এক নতুন অধ্যায় সূচিত হৈছে৷

অযোধ্যাত ভগৱান শ্ৰীৰামৰ জন্মভূমিত বিশাল ৰাম মন্দিৰ নিৰ্মাণ, কাশী বিশ্বনাথ ধামৰ পুনৰ্নিৰ্মাণ, মহাকাল মহালোক আৰু কেদাৰনাথ ধামৰ উন্নয়নে ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনঃপ্ৰতিষ্ঠা কৰিছে৷ বিকশিত ভাৰত ২০৪৭ ৰ দিশে ধাৱমান ভাৰতবৰ্ষৰ বাবে চ্ছ্ৰ,৩৯৯ দিনৰ এই যাত্ৰা কেৱল সময়ৰ পৰিমাপ নহয়, ই হৈছে সুশাসন, উন্নয়ন, আত্মবিশ্বাস আৰু ৰাষ্ট্ৰীয় পুনৰুত্থানৰ এক গৌৰৱময় কাহিনী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্ৰুত বিকাশশীল অৰ্থনীতি, এক উদীয়মান কূটনৈতিক শক্তি আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰচেষ্টা’ৰ মূলমন্ত্ৰৰে অনুপ্ৰাণিত এই যাত্ৰাই দেশক ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবঢ়াই লৈ গৈছে৷ চ্ছ্ৰ,৩৯৯ দিনৰ এই ঐতিহাসিক সফলতা ভাৰতৰ গণতান্ত্ৰিক শক্তি, জনআস্থা আৰু উন্নয়নমুখী নেতৃত্বৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ইতিহাসত স্বৰ্ণাক্ষৰে লিপিবদ্ধ হৈ থাকিব৷ বিগত ১২ বছৰত অসমৰ শান্তি আৰু উন্নয়ন অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে৷ উগ্ৰপন্থী ঘটনা ৭৬ শতাংশ হ্ৰাস পাইছে, মৃত্যুৰ সংখ্যা ৯০ শতাংশ আৰু নাগৰিক মৃত্যুৰ সংখ্যা ৯৭ শতাংশ হ্ৰাস পাইছে৷ বড়ো চুক্তি, কাৰ্বি চুক্তি আৰু আদিবাসী তথা অন্যান্য গোটসমূহৰ সৈতে শান্তি চুক্তিৰ জৰিয়তে, বহুকেইটা উগ্ৰপন্থী সংগঠনৰ প্ৰায় ১০,০০০ যুৱক-যুৱতীয়ে অস্ত্ৰ সম্বৰণ কৰিছে৷ অসম এতিয়া দ্ৰুতগতিত উন্নয়নশীল ৰাজ্যসমূহৰ ভিতৰত অন্যতম৷

জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প, নামৰূপ ইউৰিয়া প্ৰকল্প, ২০,০০০ কিলোমিটাৰ পথ উন্নয়ন, কুৰুৱা-নাৰেংগী, কাজিৰঙা এলিভেটেড ক’ৰিডৰ, গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথে উন্নয়নৰ দিশত আৰু এখোজ আগবাঢ়িব৷ ২০১৬ চনৰ পৰা ২০২৬ চনলৈকে অসমত মেডিকেল কলেজৰ সংখ্যা ৬খনৰ পৰা ২৪খনলৈ বৃদ্ধি পাইছে৷ সাংস্কৃতিক ক্ষেত্ৰতো অসমে নতুন গতি লাভ কৰিছে৷ অসমীয়া ভাষাক ধ্ৰnপদী ভাষাৰ স্বীকৃতি দিয়াৰ লগতে চৰাইদেউ মৈদাম ইউনেক্সো বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি পাইছে৷ বিহু, ঝুমুৰ আৰু বাগৰুম্বা নৃত্যই বিশ্বত উজলি উঠিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ এই গৌৰৱোজ্জ্বল ১২ বছৰৰ উপলক্ষে বিজেপি অসম প্ৰদেশে সমগ্ৰ ৰাজ্যজুৰি গছপুলি ৰোপণ, স্বচ্ছতা অভিযান, প্ৰগতি পথ যাত্ৰা, যোগ শিবিৰ, জনকল্যাণ শিবিৰ আদি কাৰ্যসূচী গ্ৰহণ কৰিব৷ প্ৰায় ৩২,০০০ বুথ সমিতিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ গুৱাহাটীস্থিত কামাখ্যা মন্দিৰসহ ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ এই সেৱাৰ অভিলেখ, আৰু আগন্তুক দিনৰ বাবে আৰু অধিক কাৰ্য কৰিব পাৰে তাৰ বাবে আশিস বিচাৰি ৰাজ্যৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানী নতুন দিল্লীত পূজা-অৰ্চনাত ভাগ ল’ব৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্পণ কৰি তেওঁৰ সু-স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰাৰ লগতে মা কামাখ্যাই অধিক শক্তি প্ৰদান কৰি তেওঁক কৰ্মময় জীৱন সুদীৰ্ঘ হোৱাৰ কামনা কৰি মা কামাখ্যাৰ পৱিত্ৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হ’ব লগা মহা আৰতি অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

তৃণমূল কংগ্ৰেছত মোক্ষম আঘাতঃ TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ

তৃণমূল কংগ্ৰেছত মোক্ষম আঘাতঃ TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ
তৃণমূল কংগ্ৰেছত মোক্ষম আঘাতঃ TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ

TMCত এটাৰ পাছত আন এটা আঘাত।

পুনৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত মোক্ষম আঘাত।

TMCৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ দলত্যাগ।

সাংসদ পদো ত্যাগ কৰিলে নেতৃগৰাকীয়ে।

এসপ্তাহৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ দুগৰাকীয়ে ত্যাগ কৰিলে ৰাজ্যসভাৰ সাংসদ।

দলত্যাগৰ পিছতে দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ।

আজি নতুন দিল্লীত NDA শিবিৰৰ বৈঠকঃ উপস্থিত থাকিব NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল

আজি নতুন দিল্লীত NDA শিবিৰৰ বৈঠক
আজি নতুন দিল্লীত NDA শিবিৰৰ বৈঠক

আজি নতুন দিল্লীত NDA শিবিৰৰ বৈঠক।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে অভিলেখ গঢ়াক লৈ বিশেষ কাৰ্যসূচী।

প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে অভিলেখ গঢ়াক লৈ বিশেষ কার্যসূচী।

NDAৰ প্ৰতিগৰাকী নেতাই প্ৰধানমন্ত্ৰীক জনাব অভিনন্দন।

বিয়লি ৩ বজাত ভাৰত মণ্ডপামত অনুষ্ঠিত হ’ব এই বৈঠক।

বৈঠকত উপস্থিত থাকিব NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলসহ জ্যেষ্ঠ নেতাসকল।

উপস্থিত থাকিব উপ-মুখ্যমন্ত্রীসকলো।

জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰক্ৰিয়াঃ আজি আদালতত সাক্ষী দিব ৫জন লোকে

আজি আদালতত সাক্ষী দিব ৫জন লোকে
আজি আদালতত সাক্ষী দিব ৫জন লোকে

জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰক্ৰিয়া অব্যাহত।

জুবিন হত্যা গোচৰৰ সাক্ষ্য গ্ৰহণ আদালতৰ আজি তৃতীয়টো দিন।

আজি বিশেষ ফাষ্টট্ৰেক আদালতত সাক্ষী দিব ৫গৰাকীয়ে।

বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য, ৰাজা অসমৰ মঙলবাৰে সম্পূৰ্ণ নোহোৱা এজনৰো হ’ব সাক্ষ্য গ্রহণ।

প্রধানমন্ত্রী মোদীৰ নতুন অভিলেখঃ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্রী মোদীৰ নতুন অভিলেখ
প্রধানমন্ত্রী মোদীৰ নতুন অভিলেখ

প্রধানমন্ত্রী মোদীৰ নতুন অভিলেখ।

স্বাধীনোত্তৰ ভাৰতৰ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ নৰেন্দ্ৰ মোদীৰ।

জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীক অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আজি নৰেন্দ্ৰ মোদীৰ ৪,৩৯৯ দিন।

সেই উপলক্ষে দিল্লীৰ ভাৰত মণ্ডপমত বিশেষ কার্যসূচী।

উপস্থিত থাকিব NDA শাসিত ৰাজ্যৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী।

অসমতো ঠায়ে ঠায়ে পূজা-পার্বন আৰু বিভিন্ন কার্যসূচী।

ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । Amit Shah

ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । Amit Shah
ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । Amit Shah

Amit Shah । ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shahয়ে শুকুৰবাৰে ত্ৰিপুৰাত সীমান্ত সুৰক্ষাৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰিব। এই উপলক্ষে তেওঁ সীমান্ত সুৰক্ষা বাহিনী তথা Border Security Force (বিএছএফ) আৰু আন নিৰাপত্তা সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, বৈঠকত ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশ, চোৰাং বেহা, সীমান্ত অপৰাধ আৰু সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ ওপৰত বিস্তৃত আলোচনা হ’ব। লগতে সীমান্তত নজৰদাৰী ব্যৱস্থা অধিক কাৰ্যকৰী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা কৰা হ’ব।

ইতিমধ্যে বৃহস্পতিবাৰে আগৰতলাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ এই ভ্ৰমণক ত্ৰিপুৰাৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী Manik Sahaয়ে। তেওঁ কয় যে ৰাজ্য চৰকাৰে পূৰ্বেও সীমান্ত অঞ্চলৰ সুৰক্ষা আৰু সংশ্লিষ্ট সমস্যাসমূহৰ সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল।

উল্লেখ্য যে Tripuraৰ সৈতে Bangladeshৰ প্ৰায় ৮৫৬ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন। ৰাজ্যখন তিনিও দিশৰ পৰা বাংলাদেশে আৱৰি থকাৰ ফলত এই অঞ্চল অবৈধ অনুপ্ৰৱেশ, চোৰাং বেহা আৰু অন্যান্য সীমান্ত-সম্পৰ্কীয় অপৰাধৰ বাবে অতিশয় স্পৰ্শকাতৰ হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই সীমান্ত পৰিদৰ্শন আৰু পৰ্যালোচনা বৈঠকক ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা হৈছে।

হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika
হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

Pijush Hazarika । ৰাজ্যখনত প্ৰয়োজনীয় খাদ্যসামগ্ৰী নিজেই উৎপাদন কৰাৰ লক্ষ্যৰে সকলোৱে কাম কৰিব লাগিব : মন্ত্ৰী হাজৰীকা

নগাঁৱৰ কঠিয়াতলীত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন মন্ত্ৰী হাজৰীকাৰ

অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰথমে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পাছত তেওঁ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপেও আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰি এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

দুয়োখন জিলাতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA), মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানকে ধৰি কৃষি, স্বাস্থ্য, লোকনিৰ্মাণ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰী হাজৰীকাই জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।

তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্চ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে। লগতে উন্নয়নমূলক কাম-কাজ অধিক ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত তেঁও গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰী হাজৰীকাই কয় যে হোজাই আৰু নগাঁও জিলাৰ সামগ্ৰিক বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সকলো পক্ষই একেলগে কাম কৰিব লাগিব। প্ৰতিখন জিলাকে শক্তিশালী, উন্নত আৰু সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, এইবাৰ কৃষি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় খাদ্যসামগ্ৰীসমূহ অসমতেই উৎপাদন কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগে সমন্বিতভাৱে কাম কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰতিটো বিভাগক নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়।

ইফালে, পুৱাৰ ভাগত মন্ত্ৰী হাজৰীকাই নগাঁও জিলাৰ কঠিয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে। অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

আজি মন্ত্ৰীগৰাকীৰ জিলা দুখন ভ্ৰমণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে দুয়োখন জিলাৰ অন্তৰ্গত বিধায়কসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁও আৰু হোজাই জিলাৰ উপৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰো অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে।