Home Blog Page 5

পাকিস্তানী মিডিয়াৰ কণ্টেণ্ট ‘গৌৰৱ গগৈ’!

পাকিস্তানী মিডিয়াৰ  কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷  সংসদৰ অধিৱেশনত অপাৰেশ্যন সিন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷  গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷

কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷  পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷

গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে।

পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ।

আকাশত উৰাৰ অভিজ্ঞতা ল’লে লাভলীনা বৰগোহাঁয়ে…

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে বৰ্তমান ৰিঙৰ বাহিৰেও অন্য এক সপোন পূৰণৰ আনন্দত আত্মহাৰা হৈ পৰিছে । দেওবাৰে নিচান টিলাত এক মনোমোহা পৰিৱেশত পেৰাগ্লাইডিং কৰি আকাশত উৰাৰ এক অনন্য অনুভৱ লাভ কৰে দেশৰ গৌৰৱ লাভলীনাই । ইয়াৰ পিছতে লাভলীনাই নিচান টিলাৰ মনোমোহা পৰিৱেশৰ ভূয়সী প্ৰশংসা কৰি নিজৰ অনুভৱ ব্যক্ত কৰে, “সৰুৰে পৰা এটা সপোন আছিল । আকাশত উৰি থকা টিভিত হে দেখিছিলোঁ । বহুত মন আছিল আকাশত উৰিবলৈ । সেয়ে ইয়ালৈ আহিলো আৰু উৰিলো । ই এক অন্যন্য অভিজ্ঞতা, আকাশত উৰা বুলি ক’লে কেনেকুৱা লাগে ! আজি বহুত বেছি ভাল লাগিছে ।”পেৰাগ্লাইডিং কৰি নিজৰ সপোন পূৰণৰ আনন্দই যেন অলিম্পিকৰ সফলতাৰ দৰেই তেওঁক পুলকিত কৰি তুলিছে । নিজৰ চখ আৰু আনন্দৰ মাজতো পেছাদাৰী দায়িত্বৰ প্ৰতি সম্পূৰ্ণ সজাগ লাভলীনা । তেওঁ স্পষ্ট কৈ কয় যে এই বছৰটো তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ।

Oplus_16908288

লাভলীনাই কয়, “এই বছৰটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ । আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপ আছে, কমনৱেলথ গেমছ আছে । তাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাই আছো, বক্সিং ৰিঙৰ প্ৰস্তুতিৰ সমান্তৰালকৈ একাডেমীখনো চলাই নিবলগীয়া হৈছে ।” নৱপ্ৰজন্মক সঠিক পথ দেখুওৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা সন্দৰ্ভত কয়, “ল’ৰা-ছোৱালীবোৰক যেন সঠিক পথ দেখুৱাই আগবঢ়াই নিব পাৰো, তাৰ বাবেও মই চেষ্টা অব্যাহত ৰাখিছো ।”

পোষ্ট মেলনক চাবলৈ নাযায় মুখ্যমন্ত্ৰী…

গুৱাহাটীৰ খানাপাৰাত আজি সংগীত পৰিৱেশন কৰিব পোষ্ট মেলনে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে আজি গুৱাহাটীত সংগীতানুষ্ঠানত কৰিব পোষ্ট মেলনে।

ইতিমধ্যে পোষ্ট মেলনৰ এই সংগীতানুষ্ঠানক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন পূৰ্বে আজিৰ দিনটোতে দাখিল কৰাৰ আছিল যদিও ১২ডিচেম্বৰলৈকে পিছুৱাই দিয়া হৈছিল এই দিন। বহুতে অভিযোগ উত্থাপন কৰিছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন গাপ দিবলৈকে চৰকাৰে এনে পন্থা হাতত লৈছে।

এনে বিৰ্তকক লৈ দেওবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, জুবিন জীৱিত কালতেই পোষ্ট মেলনক অসমলৈ আমন্ত্ৰণ কৰা হৈছিল। তেতিয়া জুবিন বা আন কোনেও ইয়াক লৈ আপত্তি কৰা নাছিল। এতিয়া হঠাতে ইমান আপত্তিৰ কাৰন কি, মই বুজি পোৱা নাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ চুবুৰীয়া ৰাজ্যকেইখনত এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান হৈয়ে থাকে। এনে হ’লে পৰ্যটনৰ দিশটো উন্নত হয়। এই ক্ষেত্ৰত অসম কিয় পিছ পৰি থাকিব বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটোত অসম চৰকাৰে কোনো ধন খৰছ কৰা নাই বুলি উল্লেখ কৰি অন্য ক্ষেত্ৰত কিছু সহায়হে কৰিছে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে, মই নিজে এই অনুষ্ঠানলৈ নাযাও আৰু আমাৰ এগৰাকী মন্ত্ৰীও পোষ্ট মেলনক চাবলৈ নাযায়। 

জানুৱাৰীত ‘ৰৈ ৰৈ বিনালে’ চাব মুখ্যমন্ত্ৰীয়ে…

জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ চালে নে নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, “ৰৈ ৰৈ বিনালে চাম মই সময়ত । জুবিনক সাগৰত যাব বাধা দিছিল ডাক্টৰে । মই শুনিছোঁ সেই চিনেমাখন সাগৰক লৈ সেই কাৰণে মই যোৱা নাই । মই যাম জানুৱাৰীত । জীৱিতকালত জুবিন গাৰ্গক ডাক্টৰে বাধা দিছিল সাগৰত নাযাব । সেইখন চিনেমা চালেই মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব সাগৰত কেনেকৈ জুবিন গ’ল । সেইকাৰণে মই শেষত এদিন ভালকৈ চাম । আগতে মই কোৱা নাছিলোঁ চিনেমাখন ভালকৈ চলক বুলি কিন্তু চিনেমাখনৰ দৃশ্যপট দেখিলে সাগৰত শ্বুটিং হৈছিলে ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “নেমকেয়াৰ হাস্পতালত জুবিনক কোৱা হৈছিল সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰিব । কেনেকৈ জুবিন সাগৰত গ’ল ? সেইদিনা ছবিখনৰ প্ৰযোজক মোৰ তাত আহোঁতে সুধিছিলো শ্ৰীলংকাত আপোনালোকে কেনেকৈ সাগৰত জুবিনক লৈ গ’ল । জুবিনৰ চিনেমা চোৱা নাই বাবে প’ষ্ট মেলন চাব নাই যোৱা । কিন্তু এই কথাখিনি মোৰ মনত কুটকুটাই থাকে । মই নকওঁ বুলি ভাবো কিন্তু মনত কুটকুটাই আছিল বাবে ওলাই গ’ল । জুবিনৰ মৃত্যুৰ তদন্ত পিছত আৰু এটা তদন্ত হ’ব অৱহেলাৰ ওপৰত । ডাক্টৰে লিখিতভাৱে বাধা দিয়াৰ পিছত কেনেকৈ চিনেমাখনৰ শ্বুটিং পানীত হৈছিল । জুবিনৰ জীৱনক লৈ বহু দিন আগৰ পৰা বহুতে হেতালি খেলি আছিল । সেইকাৰণে ক’ৰবাত ক’ৰবাত মই নাযাওঁ তেতিয়া বুজি পাব তাত কিবা কাৰণ আছে । সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো । মই চিনেমাখন চোৱা নোচোৱাক লৈ ছবিখনৰ জনপ্ৰিয়তা কম বেছি নহয় । প্ৰথম দিনা গ’লে এই কথাটো মই প্ৰথম দিনাই সুধিলোহেঁতেন । তেতিয়া চিনেমাখনক লৈ বিতৰ্ক হ’লেহেঁতেন । এতিয়া ক’লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈ গ’ল ।”

আজি সংসদত ‘বন্দে মাতৰম’ সন্দৰ্ভত ১০ ঘণ্টাৰ বিশেষ আলোচনা…

‘বন্দে মাতৰম’ৰ ডেৰশ বছৰ সম্পূৰ্ণ হৈছে আৰু সেইবাবেই কেন্দ্ৰীয় চৰকাৰে এই বিশেষ অনুষ্ঠানটো উদযাপনৰ পৰিকল্পনা কৰিছে। লোকসভাত ১০ ঘণ্টীয়া বিশেষ আলোচনাৰ তালিকা প্ৰস্তুত কৰা হৈছে। ‘বন্দে মাতৰম’ৰ ডেৰশ বছৰ উপলক্ষে সোমবাৰে (৮ ডিচেম্বৰ) লোকসভাত এক বিশেষ আলোচনা অনুষ্ঠিত হ’ব, য’ত বংকিম চন্দ্ৰ চেটাৰ্জীৰ ঐতিহাসিক লেখাৰ গুৰুত্বপূৰ্ণ কিন্তু কম পৰিচিত তথ্যসমূহ চৰ্চালৈ অনা হ’ব।

বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ১৮৭০ চনত সংস্কৃত ভাষাত এই গীতটো ৰচনা কৰিছিল। এই গীতটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত লাখ লাখ লোকক অনুপ্ৰাণিত কৰি সমগ্ৰ দেশতে সাহস আৰু ঐক্যৰ চিৰন্তন প্ৰতীক হিচাপে পৰিগণিত হৈছে। যোৱা ১ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে ঘোষণা কৰিছিল যে সমগ্ৰ দেশতে এই গীতটিৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হ’ব।

কালি ৭ ডিচেম্বৰত এই গীতটোৱে ১৫০ বছৰ সম্পূৰ্ণ কৰিলে, এই উপলক্ষে লোকসভাত ১০ ঘণ্টীয়া বিশেষ আলোচনাৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই বিষয়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দিয়াৰ সম্ভাৱনা আছে।

Surnandan Bharati: কলকাতাত সুৰৰ মহামঞ্চত অসমৰ জয়যাত্ৰাঃ সুৰনন্দন ভাৰতীত ৪১ গৰাকী শিল্পীক সন্মান

সুৰনন্দন ভাৰতীত ৪১ গৰাকী শিল্পীক সন্মান
সুৰনন্দন ভাৰতীত ৪১ গৰাকী শিল্পীক সন্মান

এই বছৰ নগাঁৱৰ(Surnandan Bharati) প্ৰসিদ্ধ শিল্পী ৰূপালী গুহক জীৱনকৃতি সন্মানে ভূষিত কৰা হৈছে। সুৰনন্দন ভাৰতীৰ দুদিনীয়া ৩২তম অখিল ভাৰতীয় সম্মেলন আৰু সমাৱর্তন ৪ আৰু ৫ ডিচেম্বৰ তাৰিখে কলকাতাৰ ইন্দুমতী সভাগৃহ আৰু জ্ঞান মঞ্চত অনুষ্ঠিত হয়। অনুষ্ঠান আৰম্ভ হয় অসমীয় সংগীতশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এজন এক মিনিট নীৰৱতা পালনৰে। সুৰনন্দন ভাৰতীৰ অখিল ভাৰতীয় পৰীক্ষাত আটাইতকৈ বেছি নম্বৰ লাভ কৰি সৰ্বশ্ৰেষ্ঠ ছাত্রীৰ বঁটা পায় অসমৰ বীণাপাণি কলাক্ষেত্ৰৰ ছাত্রী মেঘা দাস। সম্মেলনত সাংস্কৃতিক ক্ষেত্ৰত অৱদানের বাবে ধ্রুৱজ্যোতি শৰ্মা বৰা (বেবেজিয়া), চানক্য শৰ্মা, চন্দন নাৰায়ণ দেৱ (গুৱাহাটী), ৰুবুল শৰ্মা (ডিফু), পাৰ্থ প্রতিম দাস, ৰাজেশ বস (লামডিং), তাৰিণী মোহন শৰ্মা, প্রদীপ বৰা, প্রদীপ মজুমদাৰ, বাসুদেব ব্রহ্মচাৰী (নগাঁও), শিল্পী দেৱ (শিলচৰ) আদি অসমৰ মোট ৪১ গৰাকীলৈ সন্মান জনোৱা হয়।

সম্মেলনত বক্তৃতা দিয়া অতিথি সকলত আছিল ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য পবিত্ৰ সরকার, প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডঃ সুকোমল দাস আৰু সুৰনন্দন ভাৰতীৰ অখিল ভারতীয় সভাপতি ঋতীশ ৰঞ্জন চক্ৰবর্তী। ফুটবল খেলুৱৈ সুকুমাৰ সমাজপতি আৰু ত্ৰিপুৰাৰ ইন্দ্ৰাণী চক্ৰকর্তীকো জীৱনকৃতি সন্মান প্ৰদান কৰা হয়। সন্মানিত কৰে অধ্যাপক পবিত্ৰ সরকার, পণ্ডিত মল্লাৰ ঘোষ, শান্তি বিনোদ দাস, আগরতলা প্ৰেছ ক্লাবৰ সহ-সভাপতি চিত্রা ৰায়, লণ্ডনৰ কবি পাপীয়া ঘোষাল, সুৰনন্দন ভাৰতী অসমৰ সভাপতি অমিত দত্ত, গোৱাৰ নৃত্যশিল্পী সুপ্রিয়া সাবন্ত আৰু গুজৰাটৰ নৃত্যশিল্পী স্বপ্না আনন্দ সনি। কল্যাণ সেন বৰাটক ‘সংগীতনন্দন বঁটা’ আগবাৰিষে দিয়ে অধ্যাপক পবিত্ৰ সরকার। এই বছৰৰ সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰাধ্যক্ষ বঁটা লাভ কৰে কলকাতাৰ আৰ্ট এণ্ড মিউজিকৰ অধ্যক্ষ শান্তি বিনোদ দাস। উদ্বোধনী সংগীত পৰিবেশন কৰে শিল্পী জবা মুখোপাধ্যায়।

লামডিংৰ নৃত্যগুৰু সমীৰ গুপ্ত, পাৰ্থ প্রতিম দাস, কল্পনা বসু, নগাঁৱৰ দীনেশ চন্দ্ৰ শৰ্মা, তপন কুমাৰ দাস, বাসুদেব ব্রহ্মচাৰী, গুৱাহাটীৰ চন্দন নাৰায়ণ দেৱ, মনোজ ডেকা, পণ্ডিত কল্যাণ ডেকা, চানক্য শৰ্মা, লালাৰ ৰাজশি নাথ, নলবাৰীৰ নগেন চন্দ্ৰ কাকতি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত প্রদ্যুৎ ভৌমিকৰ লিখা ‘দ্য ত্ৰিপুৰা পুলিশ’, ঋতীশ ৰঞ্জন চক্ৰবর্তীৰ লিখা ‘ৰবিসুৰনন্দন’, অসমৰ তবলাৰ গুৰু পণ্ডিত কল্যাণ ডেকাৰ লিখা ‘তবলা শিক্ষাৰ হাত-পুঁথি’, লণ্ডনৰ কবি-সংগীত-চিত্রশিল্পী পাপীয়া ঘোষালৰ লিখা ‘জন্ম উলংগ’ আৰু ‘বাউল তান্ত্ৰিক’, ‘ৰা পত্রিকা’-ৰ স্বাগতালক্ষ্মী বিশেষ সংখ্যা আৰু ভাৰত চৰকাৰৰ সংযোগ বিভাগে প্ৰকাশ কৰা সুৰনন্দন ভাৰতীৰ নামেৰ ‘মাই স্ট্যাম্প’-ৰ আনুষ্ঠানিক উদ্বোধন হয়।

অনুষ্ঠানত সংগীত, নৃত্য, আবৃত্তি আৰু চিত্ৰশিল্প উপস্থাপন কৰে ত্ৰিপুৰা, অসম, দিল্লী, গোৱা, গুজৰাট, ৰাজস্থান আৰু পশ্চিমবঙ্গৰ বিভিন্ন জিলাৰ শিল্পীসকলে। ৪ তাৰিখৰ অনুষ্ঠানৰ অন্তত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অহা প্ৰায় ১০০ গৰাকীলৈ স্মারক আৰু উত্তৰীয়ৰে সন্মানিত কৰা হয়।

৫ ডিচেম্বৰৰ উদ্বোধনী সংগীতৰ পাছত প্ৰখ্যাত ৰবীন্দ্ৰসংগীত শিল্পী স্বাগতালক্ষ্মী দাশগুপ্তক জীৱনকৃতি সন্মান প্ৰদান কৰা হয়। শিল্পীৰ জীৱন আৰু সাধনা কেন্দ্রিক লিখা কিতাপ “নন্দনেআ মুনমুন”ৰো আনুষ্ঠানিক উদ্বোধন কৰে শিল্পীজনে নিজেই। সুৰনন্দন ভাৰতীৰ আবেদনত শিল্পীয়ে সংগীতও উপস্থাপন কৰে। অনুষ্ঠানৰ অন্তত অখিল ভাৰতীয় সাংস্কৃতিক প্ৰতিযোগিতা ২০২৫-ৰ সফল ছাত্ৰ-ছাত্ৰীৰ হাতত বঁটা আৰ্পণ কৰা হয়।

Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল

স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল
স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল

বিবাহ বাতিল(Smriti-Palash) স্মৃতি মান্ধনাৰ। মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল। এই কথা জনালে সামাজিক মাধ্যমত।

ভাৰতৰ কিংবদন্তি মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাই সংগীত শিল্পী পলাশ মুচলৰ সৈতে বিবাহ স্থগিত ৰখাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে। মান্ধনাই ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি বিবাহ বাতিলৰ কথা স্বীকাৰ কৰিছে। মান্ধনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে “বিবাহ বাতিল কৰা হৈছে”। আপোনালোকক জনাওঁ যে মান্ধনা আৰু পলাশৰ বিবাহ ২৩ নৱেম্বৰত হ’ব লাগিছিল কিন্তু বিয়াৰ সময়ত মান্ধনাৰ পিতৃ অসুস্থ বুলি প্ৰকাশ পাইছিল, যাৰ বাবে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু এতিয়া ১৫ দিনৰ পিছত অৰ্থাৎ ৭ ডিচেম্বৰত মান্ধনাই ছ’চিয়েল মিডিয়া এটা পোষ্ট শ্বেয়াৰ কৰি বিবাহ বাতিল কৰাৰ কথা জনায়।

মান্ধনাই পোষ্টটোত লিখিছে, “যোৱা কেইসপ্তাহমানৰ পৰা মোৰ জীৱনক লৈ বহু জল্পনা-কল্পনা চলিছে আৰু এই সময়ত মই সকলোকে জনোৱাটৈ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছো। মই স্পষ্টকৈ ক’ব বিচাৰো যে বিয়াখন বাতিল কৰা হৈছে।”

মান্ধনাই নিজৰ বিবাহৰ কাৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা নাই। যদিও বিয়া বাতিলৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, তথাপিও স্মৃতি আৰু পলাশ এতিয়া পৃথক হোৱা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মান্ধানাই উল্লেখ কৰে যে এতিয়া তেওঁৰ একমাত্ৰ মনোযোগ নিজৰ দেশক প্ৰতিনিধিত্ব কৰা আৰু ক্ৰিকেটত অংশগ্ৰহণ কৰা। বিয়া বাতিল সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কেইবাটাও উৰাবাতৰি প্ৰচাৰ হৈছিল যদিও সত্য ৰহস্যৰ মাজত আৱৰি আছে।

BJP-AGP: ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি–অগপত নতুন সমীকৰণ

২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি–অগপত নতুন সমীকৰণ
২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপি–অগপত নতুন সমীকৰণ

২০২৬ চনৰ(BJP-AGP) বিধানসভা নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক গতি-প্ৰকৃতি দিনকদিনে সলনি হৈ আছে। হাতত মাত্ৰ কেইটামান মাহ থাকিলেও বিভিন্ন দল সংগঠন শক্তিশালী কৰা আৰু প্ৰাৰ্থী বাছনিৰ কাম-কাজত তৎপর হৈ পৰিছে। বিশেষকৈ শাসকীয় বিজেপি-মিত্ৰজোটো আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি সুসংগঠিতভাৱে পৰিকল্পনাত আগবঢ়াইছে। তৃতীয়বাৰৰ বাবে ক্ষমতা সুনিশ্চিত কৰিবলৈ বিজেপি বিগত দিনত কৰা সকলো ভুল এৰাই চলিব খোজে। লগতে জয়ৰ সম্ভাৱনা অধিক থকা নতুন মুখ বিচাৰি দলটোৱে বিশেষ মনোযোগ দিছে। মাত্ৰ বিজেপি নহয়, মিত্ৰদল অগপকো একেটেই নীতি অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বাজপেয়ী ভবনৰ পৰা পোৱা সূত্ৰ মতে , বিজেপিয়ে অগপক আগৰ তুলনাত অধিক আসন এৰি দিয়াৰ কথাও বিবেচনা কৰিছে। অন্যদিশে অগপ বিজেপিৰ পৰামৰ্শ গ্ৰহণ কৰি নিজৰ ভিতৰত যোগ্য, গ্রহণযোগ্য আৰু অঞ্চলভেদে প্ৰভাৱশালী নতুন মুখ বিচাৰাৰ কামত নামিছে। দলীয় স্তৰত বিভিন্ন সমষ্টিৰ অৱস্থা, সংগঠনৰ শক্তি, আৰু সম্ভাৱ্য প্ৰাৰ্থীৰ বিষয়ে বিস্তাৰিত আলোচনা হৈছে। লগতে আন দলৰ একাংশ সক্ৰিয় নেতাক অগপলৈ আনি দলীয় শক্তি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে বিৰোধী শিবিৰৰ কেইবাজনো বিধায়ক অগপৰ সৈতে যোগাযোগত আছে বুলি নিশ্চিত কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ কয়, বহুজনে দলীয় নেতৃত্বৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু কেইবাজনো খুব শীঘ্ৰেই দলত যোগদান কৰিব। যদিও বৰ্তমান নাম প্ৰকাশ কৰাটো উপযুক্ত সময় নহয় বুলি তেওঁ মন্তব্য কৰে। শীতকালীন অধিৱেশন চলাকালীন কেইবাজনো বিধায়কৰ সৈতে কথা-বতৰা হোৱাৰ কথাও জ্ঞাত হয়।
দলীয় সূত্ৰ অনুসৰি এ আই ইউ ডি এফৰ কেইবাজনো বিধায়ক অগপত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, যাৰ ভিতৰত সোণাই সমষ্টিৰ কৰিমউদ্দিন বৰভূঞাৰ নাম বিশেষভাবে আলোচিত। লগতে কাটলিচেৰা, আলগাপুৰ, হাইলাকান্দি আৰু গোৱালপাৰা পশ্চিমৰ কেইবাজনো বিধায়কৰ নামো আলোচনাত আছে। সেইদৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদেও অগপৰ পতাকাত আগন্তুক নিৰ্বাচনত অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰাক উপত্যকাৰ কেইটামান আসন বিজেপিৰ বাবে চ্যালেঞ্জিং হৈ পৰিছে। এই সময়ত অগপ উপত্যকাখনত নিজৰ আগৰ সংগঠনিক ভিত্তি পুনৰুদ্ধাৰ কৰিবলৈ বিশেষ মনোযোগ দিছে।

আগন্তুক নিৰ্বাচনত বৰাকৰ কেইবাটাও সমষ্টিত অগপ নিজে প্ৰাৰ্থী দিব পাৰে । বিজেপিৰ পক্ষে সকলো আসনত সহজ জয় নিশ্চিত নহয়, সেইদৰে মিত্ৰজোটৰ সামগ্রিক শক্তি বৃদ্ধি কৰিবলৈ অগপক গুৰুত্বপূর্ণ ভূমিকা প্ৰদান কৰা সম্ভাবনাৰ কথাও ৰাজনৈতিক মহলৰ আলোচনা হৈছে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমাধ্যমৰ আগত কৈছে যে বিহুৰ আগতেই বিজেপি–অগপৰ মিত্ৰতা আৰু আসন বুজাবুজিৰ সকলো দিশ চূড়ান্ত হ’ব। তেওঁৰ মন্তব্য অনুসৰি কিছুমান সমষ্টিত বন্ধুসুলভ প্ৰতিদ্বন্দ্বিতা এবাৰো থাকিব পাৰে। বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্রী ঘোষণা কৰিছিল যে বিজেপি ১০৩টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মিত্ৰদলসহ প্ৰায় সকলো সমষ্টিত জোটগত অংশগ্ৰহণ হ’ব।


অগপ এইবাৰ বিজেপিৰ পৰা আগৰ দুবাৰতকৈ বেছি আসন লাভৰ আশা কৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনায় যে দলটোৱে সমগ্ৰ ৰাজ্যত সংগঠন শক্তিশালী কৰাৰ কামত আগবঢ়াৰ লগতে প্ৰতিটো সমষ্টিত কৰ্মীসকল ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতি লৈ সক্ৰিয়।

Workshops: কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা

কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত কৰ্মশালা

কলিয়াবৰ(Workshops) মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত আৰু শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ব্যৱস্থাপনাত ৬ ডিচেম্বৰ, শনিবাৰে ‘কৃত্ৰিম বুদ্ধিমত্তা আৰু ২১ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। শিশু বিদ্যাপীঠৰ লগতে কলিয়াবৰৰ আন বাৰখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বৰ্তমান সময়ৰ বহুলভাৱে প্ৰয়োগ হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিভিন্ন দিশৰ বিষয়সমূহে স্থান লাভ কৰে।

কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভাৱনীমূলক গোট ইনষ্টিটিউটচ ইন’ভেচন কাউন্সিলৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কম্পিউটাৰ প্ৰযুক্তি বিশেষজ্ঞ মিনহাজউদ্দিন আনচাৰী আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰক্তিম বৰা। কৰ্মশালাটিৰ আৰম্ভণীতে শিক্ষাৰ্থীসহ সমল ব্যক্তিসকলক আদৰণী জনায় শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই।

ইনষ্টিটিউটচ ইন’ভেচন কাউন্সিলৰ তত্বাৱধায়ক প্ৰত্যুষ গগৈয়ে কৰ্মশালাটোৰ বিষয়ে ব্যাখ্যা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগ বঢ়ায়। অনুষ্ঠানত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাই শেহতীয়াকৈ দুয়োটা শিক্ষানুষ্ঠানৰ মাজত হোৱা শৈক্ষিক চুক্তিৰ জৰিয়তে সামগ্ৰীকভাৱে কলিয়াবৰৰ শৈক্ষিক উত্তৰণত সহায় কৰিব বুলি মতপোষণ কৰে। অনুষ্ঠানটোত ড০ বশিষ্ঠ কলিতা, চিৰঞ্জীৱ বেজবৰুৱা, অংশগ্ৰহণকাৰী বিদ্যালয়ৰ শিক্ষকৰ লগতে শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা শিক্ষকসকল উপস্থিত থাকে।

Sivasagar News: শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল

শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল
শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱক পৌৰসভাই উচ্ছেদ কৰা আশী উৰ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়িল

এটা ভাল খবৰ ৷(Sivasagar News) “মানৱতা এক জটিল নিদৰ্শন” । অৱশেষত কাঞ্চাৰ দোকানখন পুনৰ আৰম্ভ হ’ব ৷ পৌৰসভাই উচ্ছেদ কৰা পাছতে আঁশী উদ্ধৰ বৰ্ষীয়ান বৃদ্ধাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱকে । শিৱসাগৰ পৌৰসভাৰ স্মাৰ্ট নগৰ, স্মাৰ্ট চিটিৰ সপোনে পদপথৰ ক্ষুদ্ৰ ব্যৱসায়িক আনিছিল ৰাজপথলৈ । শিৱসাগৰ নগৰৰ মাজমজিয়াৰ নাট্য মন্দিৰৰ সন্মুখত থকা আশী উৰ্ধৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী আছিল কাঞ্চা ৷ যি গৰাকী ব্যক্তিয়ে এখন ঠেলাত কেইটামান মৰ্টন, চানা, আমলা আদি লৈ বিক্ৰী কৰিছিল পদপথত ৷

কিন্তু শেহতীয়াকৈ পৌৰসভাৰ নলা নৰ্দমা নতুন নিৰ্মাণ আৰু নগৰৰ পথ বহল কৰিবলৈ গৈ উচ্ছেদ কৰিব লগা হ’ল এই গৰাকী ব্যক্তিক। প্ৰায় আশী উৰ্ধৰ এইগৰাকী ব্যক্তিয়ে জীৱন সংগ্ৰাম চলাই যাব লগা হৈছে পদ পথতেই বহি । উন্নয়ন আমাক লাগে, এইটো ঠিক কিন্তু সমান্তৰাল ভাৱে এই সকল খাটি খোৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ কথাও আমি ভবাৰ প্ৰয়োজন আছে ৷ অৱশেষত এই গৰাকী ব্যক্তিক সহায়ৰ বাবে আগবাঢ়ি আহিল আয়ুস গগৈকে আদি কৰি বহু কেইজন স্থানীয় উদীয়মান যুৱক ৷