Home Blog Page 6

অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ! গুৱাহাটীত মোডী-টাকাইচি বৈঠকৰ সম্ভাৱনা

অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ! গুৱাহাটীত মোডী-টাকাইচি বৈঠকৰ সম্ভাৱনা
অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ! গুৱাহাটীত মোডী-টাকাইচি বৈঠকৰ সম্ভাৱনা

ভাৰত-জাপান সম্পৰ্কক নতুন উচ্চতালৈ নিয়াৰ সম্ভাৱনা সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অহা ১ জুলাইৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব পাৰে। এই ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। বিশেষ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল, এই বৈঠক গুৱাহাটীত অনুষ্ঠিত হ’ব পাৰে বুলি বিভিন্ন মহলত জল্পনা-কল্পনা চলিছে।

যদিও এতিয়ালৈকে ভাৰত বা জাপান চৰকাৰে এই ভ্ৰমণসূচী সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও সম্ভাৱ্য এই সফৰক লৈ কূটনৈতিক মহলত ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে। যদি এই ভ্ৰমণ নিশ্চিত হয়, তেন্তে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এয়াই হ’ব টাকাইচিৰ প্ৰথম ভাৰত ভ্ৰমণ।

উল্লেখযোগ্য যে, ২০১৯ চনত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আৰু নৰেন্দ্ৰ মোডীৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ বৈঠক নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ বাবে স্থগিত ৰখা হৈছিল। সেই দিশৰ পৰা চালে, এইবাৰ গুৱাহাটীত পুনৰ এনে এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’লে সেয়া ঐতিহাসিক তাৎপৰ্য বহন কৰিব।

বিশেষজ্ঞসকলৰ মতে, সম্ভাৱ্য এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি উন্নয়ন, অৰ্থনৈতিক সুৰক্ষা আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ভাৰত আৰু জাপান দুয়োখন দেশেই ইণ্ডো-পেচিফিক অঞ্চলত গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ৰ পৰিপ্ৰেক্ষিতত অসমক এই বৈঠকৰ সম্ভাৱ্য স্থান হিচাপে বাছনি কৰাৰ বিষয়টোকো তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ পথ মুকলি হ’ব পাৰে।

উল্লেখ্য যে, যোৱা এটা দশকত জাপান উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সহযোগী হিচাপে আত্মপ্ৰকাশ কৰিছে। অঞ্চলটোৰ পথ, সেতু, নগৰ উন্নয়ন, সংযোগ ব্যৱস্থা আৰু পানী যোগান প্ৰকল্পকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নমূলক কামত জাপানে উল্লেখযোগ্য সহায় আগবঢ়াই আহিছে। অসমতো জাপানৰ সহযোগিতাত কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

পৰ্যবেক্ষকসকলৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ বৈঠক অনুষ্ঠিত হ’লে সেয়া অঞ্চলটোৰ বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ এক শক্তিশালী বাৰ্তা হিচাপে পৰিগণিত হ’ব।

ইফালে, সম্ভাৱ্য এই বৈঠকৰ জৰিয়তে ভাৰত আৰু জাপানৰ উচ্চপদস্থ চৰকাৰী বিষয়া, উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ অসম আগমনৰ সম্ভাৱনাও বৃদ্ধি পাব। বিশেষকৈ উন্নত উৎপাদন ব্যৱস্থা, স্বচ্ছ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক প্ৰযুক্তি আৰু স্থিতিশীল যোগান শৃংখল গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়টো এই বৈঠকৰ অন্যতম আলোচ্য বিষয় হ’ব পাৰে।

এতিয়া ৰাজ্যবাসী আৰু দেশৰ সচেতন মহল দুয়োখন দেশৰ চৰকাৰৰ আনুষ্ঠানিক ঘোষণালৈ অপেক্ষাৰত হৈ আছে। যদি এই ভ্ৰমণসূচী নিশ্চিত হয়, তেন্তে অসমৰ বাবে সেয়া এক উল্লেখযোগ্য কূটনৈতিক আৰু অৰ্থনৈতিক সুযোগ হিচাপে বিবেচিত হ’ব।

৬১বছৰীয়া আমিৰৰ জুলাইত আকৌ বিয়া জনপ্ৰিয় অভিনেতা আমিৰ খানৰ ।Aamir Khan

৬১বছৰীয়া আমিৰৰ জুলাইত আকৌ বিয়া জনপ্ৰিয় অভিনেতা আমিৰ খানৰ ।Aamir Khan
৬১বছৰীয়া আমিৰৰ জুলাইত আকৌ বিয়া জনপ্ৰিয় অভিনেতা আমিৰ খানৰ ।Aamir Khan

বলীউডৰ জনপ্ৰিয় অভিনেতা Aamir Khan পুনৰ এবাৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, চলিত বৰ্ষৰ ৫ জুলাইত দীৰ্ঘদিনীয়া সংগিনী Gauri Sprattৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে অভিনেতাগৰাকী।

খবৰ অনুসৰি, দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু আত্মীয়-স্বজনৰ উপস্থিতিত এক ব্যক্তিগত অনুষ্ঠানৰ জৰিয়তে এই বিবাহ সম্পন্ন হ’ব। লগতে ঘৰতেই পঞ্জীয়নভিত্তিক বিবাহৰ জৰিয়তে সম্পৰ্কটোক আনুষ্ঠানিক ৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলিও জানিব পৰা গৈছে।

সূত্ৰসমূহে প্ৰকাশ কৰা মতে, আমিৰ আৰু গৌৰীয়ে দীৰ্ঘ সময় ধৰি একেলগে সময় অতিবাহিত কৰাৰ পিছত নিজৰ সম্পৰ্কক নতুন পৰ্যায়লৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত সময়ত এক সাক্ষাৎকাৰত আমিৰে গৌৰীক জীৱনত লাভ কৰাটো নিজৰ বাবে সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ সৈতে থাকি মানসিক শান্তি লাভ কৰে আৰু দুয়ো একেলগে সুখী বুলি মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে, ৬১ বছৰীয়া আমিৰ খানে ইয়াৰ পূৰ্বে দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল। এই সম্ভাৱ্য তৃতীয় বিবাহক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক আলোচনা আৰম্ভ হৈছে। অনুৰাগীসকলৰ মাজতো বিষয়টোৱে যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছে।

যদিও বিবাহ অনুষ্ঠান সম্পৰ্কে আনুষ্ঠানিকভাৱে অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ৫ জুলাইৰ অনুষ্ঠানটোক লৈ বলীউড মহল আৰু অনুৰাগীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে।

বৃটীছ সংসদত ইতিহাস ৰচিব ড০ পীতাম্বৰ দেৱগোস্বামী, প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ । Pitambar Deva Goswami

বৃটীছ সংসদত ইতিহাস ৰচিব ড০ পীতাম্বৰ দেৱগোস্বামী, প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ । Pitambar Deva Goswami
বৃটীছ সংসদত ইতিহাস ৰচিব ড০ পীতাম্বৰ দেৱগোস্বামী, প্ৰথমবাৰৰ বাবে সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ । Pitambar Deva Goswami

Pitambar Deva Goswami । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বাবে এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে মাজুলীৰ ৰাজসত্ৰ আউনীআটী সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে। লণ্ডনত অৱস্থিত বৃটীছ সংসদত প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰাৰ সুযোগ লাভ কৰিছে তেওঁ।

এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে মঙলবাৰে ড০ দেৱগোস্বামী গুৱাহাটীৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিব। জানিব পৰা মতে, মঙলবাৰে বিয়লি ৫ বজাত গুৱাহাটীৰ পৰা মুম্বাইলৈ ৰাওনা হৈ তাত নিশাটো কটোৱাৰ পিছত বুধবাৰে তেওঁ বিমানেৰে লণ্ডনলৈ যাত্ৰা কৰিব।

১৭ জুন, ২০২৬ তাৰিখে বৃটীছ সংসদ ভৱনৰ ১৫ নম্বৰ গৃহত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত ড০ দেৱগোস্বামীয়ে বৈষ্ণৱ সংস্কৃতি আৰু জনজীৱনত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ সম্পৰ্কে প্ৰায় আধা ঘণ্টাৰ এক ভাষণ প্ৰদান কৰিব। লগতে অনুষ্ঠানটোত অসমৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে বৃটীছ সংসদ ভৱনত অসমৰ সত্ৰীয়া সংস্কৃতি সম্পৰ্কীয় বক্তব্য উপস্থাপন কৰা হ’ব। অনুষ্ঠানটোত প্ৰায় ৬২ গৰাকী বৃটীছ সাংসদ উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিছে। লণ্ডনৰ স্থানীয় সময় অনুসৰি বিয়লি ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ অনুষ্ঠানটো অনুষ্ঠিত হ’ব।

লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে, এই স্বীকৃতি কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়; ই সমগ্ৰ অসমবাসী আৰু সত্ৰীয়া সংস্কৃতি সাধনাত নিয়োজিত সকলো লোকৰ বাবে এক বিৰল গৌৰৱৰ বিষয়। তেওঁ আশা প্ৰকাশ কৰে যে, এই মঞ্চৰ জৰিয়তে বিশ্বদৰবাৰত অসমৰ বৈষ্ণৱ ঐতিহ্য আৰু সত্ৰীয়া সংস্কৃতি অধিক পৰিচিতি লাভ কৰিব।

এই ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য বিশ্বমঞ্চত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰাৰ পথ সুগম হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

মুক্তিৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত টীম ‘Oiii Police!!!’ৰ, ৩ জুলাইত মুক্তি নাপাব ছবিখন

Oiii Police । অসমীয়া চলচ্চিত্ৰ উদ্যোগত বৰ্তমান সময়ত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিছে। ইখনৰ পিছত সিখন অসমীয়া ছবিয়ে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ মাজতে আগন্তুক কেইবামাহৰ বাবে একাধিক ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত মুক্তিৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘Oiii Police!!!’ ছবিৰ টীমে।
Oiii Police । অসমীয়া চলচ্চিত্ৰ উদ্যোগত বৰ্তমান সময়ত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিছে। ইখনৰ পিছত সিখন অসমীয়া ছবিয়ে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ মাজতে আগন্তুক কেইবামাহৰ বাবে একাধিক ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত মুক্তিৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘Oiii Police!!!’ ছবিৰ টীমে।

Oiii Police । অসমীয়া চলচ্চিত্ৰ উদ্যোগত বৰ্তমান সময়ত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিছে। ইখনৰ পিছত সিখন অসমীয়া ছবিয়ে দৰ্শকৰ সঁহাৰি লাভ কৰাৰ মাজতে আগন্তুক কেইবামাহৰ বাবে একাধিক ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত মুক্তিৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘Oiii Police!!!’ ছবিৰ টীমে।

জনপ্ৰিয় পৰিচালক সুব্ৰত কাকতিৰ পৰিচালনা আৰু ছুপাৰষ্টাৰ ৰবি শর্মাৰ অভিনয়েৰে সজোৱা ‘Oiii Police!!!’ ছবিখন ৩ জুলাইত ৰাজ্যজুৰি মুক্তি লাভ কৰাৰ কথা আছিল। কিন্তু ৮ জুনৰ সন্ধিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ছবিখনৰ নিৰ্মাতা-কুশলীয়ে।

জানিব পৰা মতে, একেই দিনা ‘ককা দেউতা নাতি আৰু হাতী-২’ ছবিখন মুক্তি লাভ কৰিবলৈ সাজু হোৱাত দুয়োখন ছবিৰ মাজত সংঘাত এৰাই চলাৰ লক্ষ্যৰে ‘Oiii Police!!!’ৰ মুক্তিৰ দিন সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত পৰিচালক সুব্ৰত কাকতি, অভিনেতা ৰবি শর্মা আৰু অভিনেত্ৰী অমৃতা গগৈয়ে এই সিদ্ধান্তৰ কথা জনায়। লগতে অতি সোনকালে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰা হ’ব বুলিও তেওঁলোকে উল্লেখ কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৩ এপ্ৰিলত ছবিখনৰ টিজাৰ মুকলি কৰি ৩ জুলাইৰ মুক্তিৰ দিন ঘোষণা কৰা হৈছিল। ইতিমধ্যে ছবিখনক লৈ দৰ্শকৰ মাজত যথেষ্ট আগ্ৰহৰ সৃষ্টি হৈছে।

আনহাতে, পৰিচালক সুব্ৰত কাকতিৰ পূৰ্বৰ ছবি ‘শ্ৰী ৰঘূপতি’ আৰু ‘বিদূৰভাই’ বক্স অফিচত সফলতা লাভ কৰিছিল। বিশেষকৈ ‘শ্ৰী ৰঘূপতি’ ছবিখনৰ জৰিয়তে এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি সুব্ৰত কাকতিয়ে অসমীয়া ছবিজগতত নিজৰ এক বিশেষ স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই

বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই
বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই

দেশত পুনৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে চৰকাৰ৷ শেহতীয়াকৈ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য আৰু ২৯ টকা বৃদ্ধি পোৱাৰ পিছত দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰামৰ এটা চিলিণ্ডাৰৰ মূল্য ৯১৩ টকাৰ পৰা পোনে পোনে ৯৪২ টকা হৈছে৷ এনে প্ৰতিবাদ তথা সমালোচনাৰ মাজতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে দাবী কৰিছে যে বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই৷ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী বিবৃতিত দাবী কৰা হৈছে যে ভাৰতত ৰন্ধন গেছ চুবুৰীয়া দেশসমূহৰ তুলনাত আজিও বহুত সস্তা৷

আনকি আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰ তুলনাতো ভাৰতীয় গ্ৰাহকে কম মূল্য ভৰিবলগীয়া হৈছে বুলি মন্ত্ৰণালয়ে জনাইছে৷ পাকিস্তানত ৰন্ধন গেছৰ দাম ভাৰতীয় টকাৰ মূল্যত ৰ,০৪৬ টকা, নেপালত ৰ,২০৭ টকা, বাংলাদেশত প্ৰায় ৰ,২২৫ টকা, শ্ৰীলংকাত ৰ,২৪১, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰ,৭৫৫ টকা, অষ্ট্ৰেলিয়া ৰ,৭৬৫ টকা, কানাডা প্ৰায় ২,৪১১ টকা৷

মন্ত্ৰণালয়ৰ মতে বজাৰত যোগানৰ খৰচ ১৬০০ টকাতকৈ অধিক হৈছে যদিও দিল্লীৰ সাধাৰণ গ্ৰাহকে ইয়াক লাভ কৰিছে ৯৪২ টকাত৷ আনহাতে, প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনাৰ হিতাধিকাৰীসকলে ৰাজসাহায্যৰ পিছত এই চিলিণ্ডাৰ কাৰ্যক্ষেত্ৰত মাত্ৰ ৬৪২ টকাত লাভ কৰিছে৷ ইফালে দিল্লীৰ একাংশ সাধাৰণ গ্ৰাহকে এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ বিৰোধীয়ে দাবী কৰিছে যে মূল্যবৃদ্ধিৰ বাবে দৰিদ্ৰ লোকৰ ওপৰত বহুত অত্যাচাৰ হৈছে আৰু শ্ৰমিক শ্ৰেণীৰ জীৱন দুৰ্বিষহ হৈ পৰিছে৷ দিল্লীৰ ওখলাৰ আকিল আহমেদে কয় যে চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰখা নাই আৰু পূৰ্বতে পোৱা ৰাজসাহায্যও এতিয়া শেষ হৈ গৈছে, যাৰ বাবে কম দৰমহা পোৱা লোকসকলৰ গেছ ক্ৰয় কৰাৰ ক্ষমতা নাইকিয়া হৈ পৰিছে৷

ৰাজ্যৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোন মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে ?

কোন মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে ?
কোন মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে ?

ৰাজ্যৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ।

সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোন মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে-

ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত থাকিব গৃহ, ৰাজনৈতিক দপ্তৰ লোকনির্মাণ, শক্তি। জনসংযোগ দপ্তৰৰো দায়িত্ব ড০ শৰ্মাৰ হাতত। আন মন্ত্ৰীক নিদিয়া দপ্তৰো থাকিব মুখ্যমন্ত্ৰীৰ হাতত।

অশোক সিংহলৰ হাতত থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰৰ দায়িত্ব।

অশ্বিনী ৰায় সৰকাৰৰ হাতত থাকিব সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন দপ্তৰৰ দায়িত্ব।

বিমল বৰা হাতত থকিব সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা দপ্তৰ।

বিশ্বজিৎ দৈমাৰীৰ হাতত থাকিব হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতি।

জয়ন্ত মল্লবৰুৱা হাতত থাকিব বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ দপ্তৰৰ দায়িত্ব।

কৌশিক ৰায়ৰ হাতত থাকিব খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, সমবায় দপ্তৰৰ দায়িত্ব।

কেশৱ মহন্তৰ হাতত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন দপ্তৰৰ দায়িত্ব।

কৃষ্ণেন্দু পালৰ হাতত থাকিব জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়ন বিভাগ।

নীলিমা দেৱীৰ হাতত থাকিব পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগৰ দায়িত্ব।

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ হাতত থাকিব কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব।

ডাঃ ৰণোজ পেগুৰ হাতত থাকিব বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা, তথ্য প্ৰযুক্তি বিভাগ।

সুশান্ত বৰগোহাঁইৰ হাতত থাকিব জল সম্পদ, ন্যায় বিভাগৰ দায়িত্ব।

বিপদত মৰিগাঁৱৰ বিধায়কঃ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CIDৰ অভিযান

বিপদত মৰিগাঁৱৰ বিধায়কঃ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CIDৰ অভিযান
বিপদত মৰিগাঁৱৰ বিধায়কঃ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CIDৰ অভিযান

বিপদত মৰিগাঁৱৰ বিধায়ক।

বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CIDৰ অভিযান।

নিশা মৰিগাঁৱৰ ঘৰত অভিযান চলালে CID-এ। 

মীন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত CIDৰ অভিযান।

CIDৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি বিধায়ক ৰমাকান্ত দেউৰীলৈ।

নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰমাকান্ত দেউৰী।

ৰাজ্যৰ ৰাজধানীতেই অসমীয়াক অপমানঃ অসমীয়া গ’ বেক ধ্বনি…

ৰাজ্যৰ ৰাজধানীতেই অসমীয়াক অপমানঃ অসমীয়া গ' বেক ধ্বনি...
ৰাজ্যৰ ৰাজধানীতেই অসমীয়াক অপমানঃ অসমীয়া গ' বেক ধ্বনি...

শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ ছেৰাপভাটীত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ বাতৰি অনুসৰি অবৈধ ভাঙক কেন্দ্ৰ কৰি মহানগৰীত একাংশ বহিঃৰাজ্যৰ লোক আৰু স্থানীয় লোকৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু ‘‘অসমীয়া গ’ বেক’’ ধবনি দিয়ে৷ এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষী আৰু বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখযোগ্য যে আজি উক্ত অনাকাংক্ষিত ঘটনাৰ পৰিপ্ৰেক্ষিতত পিপল্‌ছ নৰ্থ ইষ্ট নামৰ এটা বাতৰি প’ৰ্টেলৰ তৰফৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদকলৈ এখন আবেদন প্ৰেৰণ কৰা হয়, য’ত বাতৰি প্ৰতিষ্ঠানটোৰ হৈ সাংবাদিক ম?ুল ডেকাই অভিযোগ কৰে– ‘আজি দুপৰীয়া এক বজাত মহানগৰীৰ আৰ্য নগৰৰ ছেৰাপভাটীত অবৈধ গা?াৰ বিৰুদ্ধে জিতেন্দ্ৰ শালৈ নামৰ এগৰাকী সমাজকৰ্মীৰ এক অভিযান চলিব বুলি খবৰ লাভ কৰি বাতৰি সংগ্ৰহৰ বাবে গৈছিল পিপলছ নৰ্থ ইষ্টৰ দুগৰাকীকৈ সাংবাদিক৷ কিন্তু দুৰ্ভাগ্যবশত বাতৰি সংগ্ৰহৰ সময়তেই একাংশ উদণ্ড বহিৰাগত লোকৰ আক্ৰমণৰ বলি হয় আমাৰ দুগৰাকীকৈ সাংবাদিক হৃদয় আহমেদ আৰু অ?ন বৰদলৈ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় সাংবাদিক হৃদয় আহমেদ৷ গতিকে উক্ত ঘটনাৰ ওপৰত প্ৰেছ ক্লাবৰ প্ৰয়োজনীয় পদক্ষেপ আৰু সাংবাদিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰি আজিৰ এই ঘটনাৰ ওপৰত বিহিত ব্যৱস্থা ল’ব বুলি আশা কৰিলোঁ৷’

সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে সামাজিক মাধ্যমৰ যোগে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উদ্দেশ্য কৰি দাবী কৰে– ‘অসমৰ ৰাজধানী চহৰৰ বুকুত অসমীয়া গ’ বেক ধবনি দিবলৈ দুঃসাহস কৰা, অসমীয়া লোকক মাৰ-পিট কৰিবলৈ কুণ্ঠাবোধ নকৰা কোনো লোকৰ অতপালি সহ্য কৰা নহ’ব৷ কোনো স্থানত কাৰোবাৰ জনবসতি বেছি হ’ল বুলিয়েই খিল?ীয়া ভূমিপুত্ৰৰ ওপৰত তাণ্ডৱযআক্ৰমণ চলোৱাৰ অধিকাৰ কাকো দিয়া নহ’ব৷ কি পৰিস্থিতিত আজিৰ ঘটনা উদ্ভৱ হ’ল, কোন মানুহে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ উপৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি ল’লে এই সকলো কথাৰ উত্তৰ লাগিব৷ সাংবাদিকগৰাকীৰ লগতে আৰক্ষীৰ লোকসকলৰ আশু আৰোগ্য কামনা কৰি এটা কথা স্পষ্ট কৰি দিও- অসমৰ মাটিত কোনো বহিৰাগতৰ উদ্ভণ্ডালি সহ্য নকৰো৷ চৰকাৰে তাৎক্ষণিকভাৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰক৷ ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ কৰাসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হওক৷ অন্যথা খিল?ীয়া অসমীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে আৰম্ভ হ’ব লগা প্ৰতিৰোধমূলক সংগ্ৰামৰ সন্মুখীন হ’বলৈ সাজু থাকক৷ তাৎক্ষণিকভাৱে আজিৰ ঘটনাৰে জড়িত প্ৰতিটো দুৰ্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক৷’ মন কৰিবলগীয়া যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দুজনকৈ কৰ্তব্যৰত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ আৰু দুটা পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত ‘‘অসমীয়া গ’ বেক’’ ধ্বনি উচ্ছাৰিত হোৱাৰ অত্যন্ত উদ্বেগজনক, প্ৰৰোচনামূলক ঘটনাটোৰ পিছতো বৰ্তমানলৈকে প্ৰশাসন বা আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই৷

আছুৰ সভাপতি উৎপল শৰ্মাই এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে৷ সামাজিক মাধ্যত দিয়া এটা পোষ্টত আছুৰ নেতাগৰাকীয়ে কয়– ‘অসমৰ ৰাজধানী চহৰখনৰ মাজমজিয়াতে অসমীয়া বিৰোধী কথা কোৱা, অসমীয়া লোকক মাৰিবলৈ উদ্যত হোৱা প্ৰতিটো দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনাইছোঁ৷ এই ঘটনাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক, ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীও আক্ৰমণৰ বলি হৈছে৷ তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁ৷ কৰ্তব্যৰত সাংবাদিক, আৰক্ষীক আক্ৰমণ কৰা দুৰ্বৃত্ত কেইটাক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ৷’ উল্লেখ্য, সাংবাদিক হৃদয় আহমেদ আৰু ভিডিঅ’ জাৰ্নেলিষ্ট অ?ন বৰদলৈক একাংশ উন্মত্ত লোকে দিন-দুপৰতে আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ নিন্দা কৰিছে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই এটা বিবৃতিত এই কথা প্ৰকাশ কৰাৰ লগতে জনায় যে গুৱাহাটী প্ৰেছ ক্লাবে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক আইনগত ব্যৱস্থাৰ মাধ্যমেৰে কঠোৰ শাস্তি প্ৰদানৰ বাবে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷

বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পিছত পুনৰ কইনা হ’ব ৪১ বছৰীয়া সুন্দৰী অভিনেত্ৰী

বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পিছত পুনৰ কইনা হ'ব ৪১ বছৰীয়া সুন্দৰী অভিনেত্ৰী
বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পিছত পুনৰ কইনা হ'ব ৪১ বছৰীয়া সুন্দৰী অভিনেত্ৰী

টিভিৰ অন্যতম শীৰ্ষ অভিনেত্ৰী জেনিফাৰ উইংগেটে প্ৰায়ে শিৰোনাম দখল কৰে, সেয়া তেওঁৰ পেছাদাৰী জীৱনেই হওক বা ব্যক্তিগত জীৱনেই হওক। জেনিফাৰে শিশু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এতিয়াও এই অভিনেত্ৰীগৰাকী টিভি উদ্যোগত সক্ৰিয় হৈ আছে। “কসৌতি জিন্দগী কি”ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত শ্বেতা তিৱাৰীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে “দিল মিল গেই”, “বেহাদ”, “বেপানাহ” আদি কেইবাটাও হিট শ্ব’ত কাম কৰিছিল।

ইফালে কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীৰ বিয়াৰ খবৰ ওলাইছে, কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ ১২ বছৰৰ পাছত জেনিফাৰ উইংগেটে দ্বিতীয় বিবাহৰ পৰিকল্পনা কৰা বুলি খবৰ ওলাইছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে জেনিফাৰ উইংগেট ছিংগাপুৰৰ এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্কত আছে আৰু তেওঁ অতি সোনকালে তেওঁৰ সৈতে বিয়া হ’ব।

শেহতীয়াকৈ হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি জেনিফাৰ উইংগেটে বৰ্তমান উইলিয়াম ইছমাইলৰ সৈতে ডেটিং কৰি আছে আৰু দুয়োৰে বিবাহ হ’ব। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি একেটা প্ৰতিবেদনতে দাবী কৰা হৈছে যে ছিংগাপুৰৰ ব্যৱসায়ী উইলিয়াম ইছমাইলৰ সৈতে জেনিফাৰ উইংগেটৰ সম্পৰ্ক আছে।

জেনিফাৰ আৰু উইলিয়াম একেলগে বহুত সুখী। প্ৰতিবেদন অনুসৰি উইলিয়ামে তেওঁলোকৰ ছুটীৰ সময়ত জেনিফাৰক প্ৰস্তাৱ দিছিল আৰু তাই মানি লৈছিল। এতিয়া দুয়োৰে বিয়াৰ পৰিকল্পনা।

এক সূত্ৰৰ মতে, জেনিফাৰ হিন্দু বিয়া নহয়, খ্ৰীষ্টান বিয়া হ’ব। অৱশ্যে এই সন্দৰ্ভত অভিনেত্ৰী আৰু ব্যৱসায়ীগৰাকীয়ে কোনো আনুষ্ঠানিক তথ্য শ্বেয়াৰ কৰা নাই। জানিব পৰা মতে, ছেপ্টেম্বৰ বা অক্টোবৰৰ আশে-পাশে দম্পতীহালে বিয়াৰ পৰিকল্পনা কৰিছে।

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল এছিয়া মহাদেশৰ কেইবাখনো দেশ

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল এছিয়া মহাদেশৰ কেইবাখনো দেশ
ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল এছিয়া মহাদেশৰ কেইবাখনো দেশ

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল এছিয়া মহাদেশৰ কেইবাখনো দেশ।

ভাৰত,বাংলাদেশ, ভূটান,নেপাল,চীনক জোকাৰি গ’ল বৰভূঁইকঁপে।

দক্ষিণ ফিলিপাইনছত এই বৰভূঁইকঁপ।

৭.৮ ৰিখটাৰ স্কেলত ভয়ংকৰ ভূমিকম্প ফিলিপাইনছত।

তাচপাতৰ দৰে খহি পৰিল ইটোৰ পিছত সিটো অট্টালিকা।

ভূমিকম্পত ক্ষতিসাধন যথেষ্ট সম্পত্তিৰ।

ভূমিকম্পত ক্ষতিসাধন যথেষ্ট সম্পত্তিৰ।

আনহাতে অসমতো এই ভূঁইকঁপৰ জোকাৰণি।

উৎপত্তি স্থল ভূটানৰ পুনাখাৰ পৰা ৫ কিলোমিটাৰ নিলগত।

৫.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল এছিয়া মহাদেশৰ কেইবাখনো দেশ।

উচ্চ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ভূটানৰ পুনাখা।

১১.০৬ মিনিটত এই ভয়ংকৰ ভূমিকম্পৰ সৃষ্টি হয়।