Home Blog Page 7

আজিৰে পৰা ফাষ্টট্রেক আদালতত চলিব জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

আজিৰে পৰা ফাষ্টট্রেক আদালতত চলিব জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া
আজিৰে পৰা ফাষ্টট্রেক আদালতত চলিব জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত।

আজিৰে পৰা বিশেষ ফাষ্টট্রেক আদালতত চলিব জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া।

প্রথম দিনাই ৪ সাক্ষীৰ সাক্ষ্য গ্রহণ কৰিব আদালতে।

মৰিগাঁৱৰ তদানীন্তন SP হেমন্ত দাসক তলব।

আদালতত হাজিৰ হ’ব এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰা।

মৰিগাঁও সদৰ থানাৰ OC প্ৰণৱ শইকীয়াকো তলব।

আদালতত হাজিৰ হ’ব লাগিব SI ভাস্কৰ বৰ্মন।

আজিৰে পৰা ২০ জুনলৈ প্রতিদিনে সাক্ষ্য গ্রহণ হ’ব আদালতত।

আজি ৪ অভিযুক্তৰ জামিনৰ ৰায়ো দিব আদালতে।

সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিনৰ ৰায় দিব আদালতে।

ইতিপূর্বে সম্পন্ন হৈছে জামিন আবেদনৰ শুনানি, আদালতে সংৰক্ষিত ৰাখিছিল ৰায়দান।

কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ দাসলৈ একাঁজলি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। আমিনগাঁও কালিবাৰী দূৰ্গাপূজা মণ্ডপ প্ৰাঙ্গনত আয়োজিত অনুস্থানত পৰিয়াল বৰ্গৰ লগতে সাপ্তাহিক জনকল্যাণ বাৰ্তাৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদ নাথ সহ আমিনগাঁৱ স্বৰ্ণ শাখা, শৰাইঘাট নাট্য গোষ্ঠীৰ বহু সংখ্যক সদস্য তথা বহু গুণমুগ্ধই জ্ঞাপন কৰে একাঁজলি শ্ৰদ্ধাঞ্জলি।

অনুস্থানত প্ৰয়াত দিলিপ দাসৰ জীৱন কালত সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান সুঁৱৰি আৱেগিক হৈ পৰে গুণমুগ্ধ সকল। আগন্তুক দিনত প্ৰতিবছৰে প্ৰয়াত সাংবাদিক গৰাকীৰ পূন্য তিথিত ৰাজহুৱাকৈ সোঁৱৰণী অনুস্থান আয়োজন কৰিব আমিনগাঁৱ স্বৰ্ণ শাখা সাহিত্য সভাই।

অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰৰ মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে অভিভাৱক মন্ত্ৰীৰ নাম

বিভিন্ন জিলাৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকল হৈছে-

১) ৰামেশ্বৰ তেলী — তিনিচুকীয়া, যোৰহাট

২) অতুল বৰা — কামৰূপ (ম), ধেমাজি

৩)চৰণ বড়ো — কোকৰাঝাৰ, বাক্সা, চিৰাং

৪)মতী অজন্তা নেওগ — মৰিগাঁও, কামৰূপ

৫)অশ্বিনী ৰায় সৰকাৰ — বঙাইগাঁও, বৰপেটা

৬)অশোক সিংহল — দৰং, ধুবুৰী

৭)বিমল বড়া — শিৱসাগৰ, চৰাইদেউ

৮)বিশ্বজিৎ দৈমাৰী — নলবাৰী, শোণিতপুৰ

৯)জয়ন্ত মল্লবৰুৱা — তামুলপুৰ, গোৱালপাৰা

১০)কৌশিক ৰায় — শ্রীভূমি, হাইলাকান্দি

১১)কেশৱ মহন্ত — দক্ষিণ শালমাৰা-মানকাচৰ, উত্তৰ লখিমপুৰ

১২)কৃষ্ণেন্দু পল — ডিমা হাছাও, কাছাৰ

১৩)মতী নীলিমা দেৱী — বজালী, ওদালগুৰি

১৪) পীযুষ হাজৰীকা — নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং

১৫) ডা: ৰণোজ পেগু — বিশ্বনাথ, গোলাঘাট

১৬)সুশান্ত বৰগোহাঁই — মাজুলী, ডিব্ৰুগড়

১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে

১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে
১০ জুনত পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে

বৈদেশিক সম্পৰ্কই হওক বা আন বিষয়েই হওক, সকলোতে কিবা নহয় কিবা নতুনত্বৰ চমক দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ আন এক অভিলেখ গঢ়িবলৈ ওলাইছে৷ ১০ জুনত প্ৰধানমন্ত্ৰী মোদী পৰিগণিত হ’ব দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে৷ ছটা দশকৰ মূৰত ভংগ হ’ব পূৰ্বৰ অভিলেখ আৰু মোদীয়ে সৃষ্টি কৰিব নতুন অভিলেখ৷ হয়, ভাৰতৰ শাসনত একেৰাহে আটাইতকৈ বেছি দিন থকাৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুকো পিছ পেলাব নৰেন্দ্ৰ মোদীয়ে৷ অহা সপ্তাহত অৰ্থাৎ ১০ জুন তাৰিখে তেওঁ ভাৰতৰ ইতিহাসত একেৰাহে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব৷

দেশৰ ১৪০ কোটি জনসাধাৰণক উন্নয়নৰ অংশীদাৰ বনাই মোদীয়ে কেনেকৈ এই সফলতা অৰ্জন কৰিলে, তাক লৈ এতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলি আছে৷ যোৱা ৬২ বছৰ ধৰি দেশৰ ইতিহাসত একেৰাহে আটাইতকৈ বেছি দিন নিৰ্বাচিত প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত আছিল৷ ১৯৫২ চনৰ ১৩ মে’ত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ ১৯৬৪ চনৰ ২৭ মে’ত তেওঁৰ মৃত্যুৰ দিনলৈকে একেৰাহে ৪৩৯৮ দিন তেওঁ এই পদত আছিল৷

আনহাতে, ২০১৪ চনৰ চ্ছ মে’ত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল৷ ইয়াৰ পিছত তেওঁ একেৰাহে তিনিখন লোকসভা নিৰ্বাচনত জয়লাভ কৰি নিজৰ শাসন কাল অব্যাহত ৰাখিছে৷ যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ জুলাই মাহত তেওঁ ইন্দিৰা গান্ধীৰ একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ ভংগ কৰিছিল৷ অহা ১০ জুনত মোদীৰ কাৰ্যকালৰ ৪৩৯৯ দিন সম্পূৰ্ণ হ’ব৷ ইয়াৰ লগে লগে তেওঁ নেহৰুৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ’ব৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সাধাৰণ জনতাক লগত লৈ কাম কৰাৰ মন্ত্ৰ বাৰে বাৰে সন্মুখলৈ আহিছে৷ এই কাৰণেই তেওঁৰ দিনত স্বচ্ছ ভাৰত অভিযান, ডিজিটেল পেমেণ্ট, জল সংৰক্ষণ আৰু সমগ্ৰ দেশজুৰি টিকাকৰণ কাৰ্যসূচীৰ দৰে ডাঙৰ প্ৰকল্পসমূহ কেৱল চৰকাৰী সীমাৰ মাজতে আবদ্ধ হৈ থকা নাই৷

প্ৰকৃত পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ অপচেষ্টা…

পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ অপচেষ্টা
পৰিচয় লুকুৱাই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ অপচেষ্টা

নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই যুৱতীক প্ৰেমৰ ফান্দত পেলোৱাৰ অপচেষ্টা কৰা এক যুৱকক স্থানীয় লোকে কৰায়ত্ব কৰি গটাই দিয়ে তেজপুৰ আৰক্ষীক৷ উল্লেখযোগ্য যে, বিশ্বনাথৰ যুৱক জয়নাল আলীয়ে নিজকে জয় নামেৰে পৰিচয় দি তেজপুৰৰ এটা পৰিয়ালৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী হিন্দু যুৱতীৰে বলপূৰ্বক প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অপচেষ্টা চলোৱা বুলি অভিযোগ উঠিছে৷

এখন মহাবিদ্যালয়ৰ ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ মানি নল’লে প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷ এনে অৱস্থাত যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় একাংশ লোকে যুৱকজনক কৰায়ত্ব কৰি সোধপোছ কৰাত যুৱকজনে নিজৰ প্ৰকৃত নাম জয়নাল আলী বুলি প্ৰকাশ কৰে৷

আনহাতে, দুয়োকে ৰাইজে তেজপুৰ আৰক্ষীক গটাই দিয়ে৷ আৰক্ষীয়ে যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে৷ ইপিনে যুৱতী গৰাকীয়ে ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এই ঘটনাটো সংঘটিত হৈছে তেজপুৰৰ ৰবৰবাগানৰ অঞ্চলত ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ীৰ জেড প্লাছ সুৰক্ষা বাতিল

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ীৰ জেড প্লাছ সুৰক্ষা বাতিল
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ীৰ জেড প্লাছ সুৰক্ষা বাতিল

চৰকাৰী নিৰাপত্তা নালাগে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ী দেৱীক৷ এনে সিদ্ধান্তৰ পিছতে চৰকাৰে প্ৰদান কৰা নিৰাপত্তাৰক্ষীক ত্যাগ কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু পত্নী ৰাবড়ী দেৱীয়ে৷ দুয়োগৰাকীৰে জেড প্লাছ’ পৰ্যায়ৰ নিৰাপত্তা চৰকাৰে বাতিল কৰাৰ পিছতে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বাতিল কৰাৰ লগে লগে বিহাৰৰ ৰাজনীতিতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্য চৰকাৰে তেওঁলোকক প্ৰদান কৰা ‘জেড প্লাছ’ পৰ্যায়ৰ নিৰাপত্তা বাতিল কৰি সেই স্থানত সাধাৰণ নিৰাপত্তা প্ৰদান কৰিছিল৷ কিন্তু শনিবাৰে লালুপ্ৰসাদ আৰু ৰাবড়ী দেৱীয়ে নিয়োজিত নিৰাপত্তাৰক্ষীসকলক ঘূৰাই পঠিয়ায়৷ ইয়াৰ পিছতে চৰকাৰৰ পদক্ষেপত অসন্তুষ্ট হৈ পৰিছে আৰজেডি৷ দুয়োগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত সন্দৰ্ভত আৰজেডিৰ মুখপাত্ৰ শক্তি সিং যাদৱে ই-টি ভি ভাৰতক কয়, ‘ৰাবড়ী দেৱী আৰু লালুপ্ৰসাদে লোৱা সিদ্ধান্তটো সাহসী সিদ্ধান্ত৷ তেওঁ আৰু লালুপ্ৰসাদে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ বাবে নিয়োজিত কৰা সকলো আৰক্ষী জোৱানক ঘূৰাই পঠিয়াইছে ৷

বৃহস্পতিবাৰে এনডিএ চৰকাৰে তেওঁলোকৰ লগতে পৰিয়ালৰ সদস্যসকলক অপমানৰ প্ৰচেষ্টা হিচাপে তেওঁলোকৰ নিৰাপত্তা হ্ৰাস কৰিছিল৷’ ২০২৫ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ৰ.৯০ কোটি ভোটাৰে লালু, ৰাবড়ী আৰু আৰজেডিৰ ওপৰত বিশ্বাস ৰখাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘তাৰ পিছতো চৰকাৰে নিৰাপত্তাৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত তেওঁলোকৰ ওপৰত বুলড’জাৰ চলাবলৈ চেষ্টা চলাইছে৷’

জম্মু-কাশ্মীৰত শ্বহীদ অসমৰ সেনা জোৱান

জম্মু-কাশ্মীৰত শ্বহীদ অসমৰ সেনা জোৱান
জম্মু-কাশ্মীৰত শ্বহীদ অসমৰ সেনা জোৱান

জম্মু-কাশ্মীৰত শ্বহীদ অসমৰ সেনা জোৱান।

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত শ্বহীদ অসমৰ সেনা জোৱান।

সন্ত্রাসবাদবিৰোধী অভিযানৰ সময়তে লেফটেনেণ্টৰ মৃত্যু।

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ খাৱৈত পৰি মৃত্যু লেফটেনেণ্ট বিৰেশ্বৰ গোস্বামীৰ।

শ্বহীদ লেফটেনেন্ট বীৰেশ্বৰ গোস্বামীলৈ শেষ শ্রদ্ধাঞ্জলি।

‘অপাৰেশ্যন শ্বেৰাৱলী’ত নিয়োজিত আছিল সেনা জোৱানজন।

ৰাজৌৰীত ১৬ দিন ধৰি চলি আছে সন্ত্রাসবাদবিৰোধী অভিযান।

১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।
১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।

১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।

জাপানক পৰাস্ত কৰি খিতাপ দখল ভাৰতৰ।

ফাইনেল খেলখনত জাপানক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।

তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে ভাৰতে।

মানসিক শান্তি আৰু সমৃদ্ধিৰ বাবে শোৱাৰ সময়ত ৰাখিব এই ৬টা বস্তু…

মানসিক শান্তি আৰু সমৃদ্ধিৰ বাবে শোৱাৰ সময়ত ৰাখিব এই ৬টা বস্তু...
মানসিক শান্তি আৰু সমৃদ্ধিৰ বাবে শোৱাৰ সময়ত ৰাখিব এই ৬টা বস্তু...

বৰ্তমান ব্যস্ত জীৱনত মানসিক শান্তি আৰু আৰ্থিক ভাৰসাম্য বজাই ৰখাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ পৰিছে। কৰ্মক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্মবোজাৰ বাবে বৰ্তমান যুৱক-যুৱতীসকলো হতাশাত ভুগিছে। মানুহে সাধাৰণতে ধনেই সকলো বুলি বিশ্বাস কৰে আৰু সমৃদ্ধি লাভৰ বাবে দিনে-নিশাই কাম কৰে। কিন্তু জীৱনত দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগে বুলি দৰ্শনে মত প্ৰকাশ কৰিছে। ঘৰতে সমৃদ্ধি আৰু ভাল মানসিক অৱস্থা বজাই ৰাখিবলৈ মানুহে বহু চেষ্টা কৰে, কিন্তু কেতিয়াবা এইবোৰে কাম নকৰে। এনে পৰিস্থিতিত কিছুমান বাস্তু শাস্ত্ৰ টিপছে আপোনাক সহায় কৰিব পাৰে।

লং, লঙক মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও জ্যোতিষ আৰু বাস্তু শাস্ত্ৰই আন আন উপকাৰো লাভ কৰে। বাস্তু শাস্ত্ৰৰ মতে টোপনিৰ লগত জড়িত সমস্যা দূৰ কৰাত লং অতি ফলপ্ৰসূ। ৰাতি আঠুৱাৰ তলত ৫, ৯, ১১টা লং ৰাখিলে টোপনি ভাল হয়। এই প্ৰতিকাৰৰ অভ্যাস কৰাৰ সময়ত এটা সাৱধানতা অৱলম্বন কৰিব লাগিব: আপোনাৰ আঁঠুৱাৰ তলত ৰখা লং বোৰ পিছদিনা ৰাতিপুৱা পুখুৰী বা নদীত পেলাই দিব লাগে। ওচৰত নদী বা পুখুৰী নাথাকিলে গছৰ তলত মাটিত পুতি থওক। এই লঙৰ প্ৰতিকাৰে ঋণাত্মক শক্তি ধ্বংস কৰি ধনাত্মকতা আনে।

সনাতন ধৰ্মত ময়ুৰৰ পাখি শুভ বুলি গণ্য কৰা হয় আৰু ইতিবাচক শক্তি আনে। তদুপৰি তেওঁলোকক সুখ আৰু সমৃদ্ধিৰ বাবে শুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে আঁঠুৱাৰ তলত ময়ুৰৰ পাখি ৰাখিলে অশুভ শক্তিক দূৰ হয় আৰু ঘৰলৈ সমৃদ্ধি আহে।

বাস্তু শাস্ত্ৰৰ মতে ৰাতি আঠুৱাৰ তলত দালচেনি ৰাখিলে ঘৰলৈ শুভকামনা আহে। জ্যোতিষীসকলে বিশ্বাস কৰে যে আঠুৱাৰ তলত দালচেনি ৰাখিলে আৰ্থিক সমস্যা দূৰ কৰাত সহায় কৰে।

আঠুৱাৰ তলত তেজ পাত লৈ শুই থাকিলে সকলো ধৰণৰ নেতিবাচক শক্তি দূৰ হয় আৰু ঘৰত এক সুখদায়ক পৰিৱেশ বজাই ৰাখে। ইয়াৰ উপৰিও বাসিন্দাসকলৰ আয় বৃদ্ধি কৰাৰ লগতে ঋণৰ পৰা মুক্তি পোৱাত সহায় কৰে।

বিশ্বাস অনুসৰি শুই থকাৰ সময়ত আঠুৱাৰ তলত ৰুদ্ৰাক্ষৰ গুটি এটা ৰাখিলে মানসিক শান্তি বৃদ্ধি পায়। পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটি এই কামৰ বাবে আটাইতকৈ উপযোগী বুলি বিবেচিত হয়। নিয়মিতভাৱে এই প্ৰথাৰ অভ্যাস কৰাটো লাভজনক।

কোন জিলাত কিমান দাম ঘৰুৱা চিলিণ্ডাৰৰ?

কোন জিলাত কিমান দাম ঘৰুৱা চিলিণ্ডাৰৰ?
কোন জিলাত কিমান দাম ঘৰুৱা চিলিণ্ডাৰৰ?

আজিৰে পৰা অধিক দামত কিনিব লাগিব ঘৰুৱা চিলিণ্ডাৰ।

LPG ঘৰুৱা চিলিণ্ডাৰৰ দাম ২৯টকাকৈ বৃদ্ধি।

চাওক কোন জিলাত কিমান দাম ঘৰুৱা চিলিণ্ডাৰৰ-

পূৰ্বে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৯১৩ টকা।

আজিৰ পৰা এই দাম হ’লগৈ ৯৪২ টকা।

গুৱাহাটীত পূৰ্বৰ ৯৬২টকাৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৯৯১টকা।

আনহাতে ডিব্ৰুগড়ত ৯৪১ টকা, যোৰহাটত ৯৫৭.৫০ টকা, শিৱসাগৰত ৯৪৯.৫০ টকা, লখিমপুৰত ১০০৭.৫০ টকা, বৰপেটাত ৯৮৪ টকা, মৰিগাঁৱত ১০০১.৫০ টকা, নলবাৰীত ৯৯০.৫০ টকা।