ডিব্ৰুগড়ত (Dibrugarh) ৰাজ্যৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ হ’ব। দ্বিতীয় ৰাজধানীৰ বাবে এখন উন্নয়ন সমিতি গঠন কৰা হ’ব। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন হ’ব ইয়াৰ অধ্যক্ষ। ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানী নিৰ্মাণৰ বাবে ৫০০ কোটি টকা ব্যয় কৰা হ’ব। অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ সুসংগঠিত আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেবিনেটে ৰাজ্য ৰাজধানী অঞ্চল – ডিব্ৰুগড় (State Capital Region Area – Dibrugarh) গঠন আৰু ৰাজ্য ৰাজধানী অঞ্চল উন্নয়ন কর্তৃপক্ষ – ডিব্ৰুগড় (State Capital Region Development Authority Dibrugarh) স্থাপনত অনুমোদন জনাই। ডিব্ৰুগড়ৰ বিধায়কগৰাকী কৰ্তৃপক্ষৰ পদাধিকাৰ সূত্রে অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব আৰু কেবিনেট মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব। এই পৰিসৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিব্ৰুগড় ৰাজধানী পৰিসৰক কেন্দ্ৰ কৰি ২০ কিল’মিটাৰ ব্যাসার্ধৰ এলেকা সামৰি ল’ব। বিদ্যমান উন্নয়নমূলক প্রকল্পসমূহৰ উপৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫ বছৰত মুঠ ৫০০ কোটি টকাৰ বিশেষ পুঁজি আবণ্টন কৰা হ’ব।
বৰক্ষেত্ৰী কবি সন্মিলনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন
নলবাৰী জিলাৰ বৰক্ষেত্ৰীত “বৰক্ষেত্ৰী কবি সন্মিলন” ৰ উদ্যোগত আজি ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।
উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক তথা নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত,বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা শংকৰ মাধৱ হাইস্কুলৰ সহকাৰী শিক্ষক পিংকু মণি ৰায় চৌধুৰী, ধনজিৎ তালুকদাৰ, বুবুল পাটোৱাৰী প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে কাৰ্যালয় সহায়ক তথা কৰ্মচাৰীসকল উপস্থিত থাকে।