Home Blog Page 9

Himanta Biswa Sarma: সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই

সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই
সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।(Himanta Biswa Sarma)

ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ।

সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই।

ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য।

২০লাখ পৰিয়ালে লাভ কৰিব ৰন্ধন গেছ।

মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত লাভ কৰিব ৰন্ধন গেছ।

মঙলবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে- সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পাছত এইবাৰ আমি প্রতিগৰাকী যোগ্যবিবেচিতলৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্যৰে অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ।

‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি’য়ে ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ স্বস্তি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আমি আশাবাদী।

Asom Sahitya Sabha: অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

যোৰহাট জিলা(Asom Sahitya Sabha)পুথিভঁৰাল প্রাংগণত মঙলবাৰে প্ৰথম দিনা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত অসমৰ বিভিন্ন স্থানৰ পৰা আহি অংশগ্রহণ কৰে কেন্দ্রীয় কার্যনির্বাহকসকলকে ধৰি অন্যান্য অতিথিসকলৰ অংশগ্ৰহণত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদ। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ামতে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কার্যসূচীত যোৰহাট, চৰাইদেউ, শিৱসাগৰ, মাজুলী আৰু গোলাঘাটৰ প্রায় ১০০ গৰাকী বয়োজ্যেষ্ঠ নির্বাচিত ব্যক্তিয়ে পতাকা উত্তোলন কৰে। মূল সভাৰ পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। পতাকা উত্তোলন কৰি তেওঁ কয় যে অতীতৰ ঐতিহ্যক ৰোমন্থন কৰিলে হনুমন্তিয় শক্তি লাভ কৰিব পাৰি।

চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ চৌহদত উত্তোলিত হোৱা এই পতাকা উত্তোলন কার্যসূচীত স্থানীয় স্বেচ্ছাসেৱী সংগঠন হেঁপাহৰ ১০০ গৰাকী সদস্যাৰ দ্বাৰা পৰিৱেশিত হয় অসম সংগীত। সাহিত্যাচার্য মিত্ৰদেৱ মহন্ত ৰচিত সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী…’ যোৰহাট জিলা সাহিত্য সভাৰ ১০০ গৰাকী সদস্য-সদস্যা শিল্পীৰ দ্বাৰা পৰিৱেশন কৰাৰ লগতে বিশ্বনাথ জিলাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱাই ৰচনা কৰা ‘চন্দ্ৰকান্ত’ নামৰ শীৰ্ষক গীতটোও ১০০ গৰাকী মহিলাই পৰিবেশন কৰে। ঐতিহাসিক চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত পতাকা উত্তোলন কৰে ক্রমে- মণিৰাম লাহন, পূৰ্ণীমা শৰ্মা, অবনীকুমাৰ চেতিয়া, জয়শ্রী শইকীয়া, কবিতা তাছা, গোপাল মহন্ত, মানিক মহন্ত, দীপ্তি বুঢ়াগোহাঞি, লক্ষিমী দলৈ, নীৰদা গগৈ বৰা, ভানু বৰা হাজৰিকা, কৃষ্ণ বাহাদুৰ ছেত্ৰী, নৱমল্লিকা বৰা, ৰমানন্দন বৰা, ড° কুলেন দাস, ড° অঞ্জনকৃষ্ণ শৰ্মা, ৰূপা নেওগ হাজৰিকা, নৰেন চন্দ্ৰ বৰা, ড° দিপালী খাৰঘৰীয়া, বিদ্যুৎ ভূষণ বৰা, যুগল কিশোৰ আগৰৱালা, পূণ্য দেৱী, ডাঃ ৰূপাঞ্জলি ফুকন, অষ্টমী দত্ত, বৰ্ণালী শইকীয়া বৰা, লখিমী খাৰঘৰীয়া, বাবুলাল গগৰ, পাৰভিজ হুছেইন, বন্তি মহন্ত, মনোৰঞ্জন ভঁড়ালী, মৃণালিনী গোস্বামী, ৰঞ্জিৎ ভূঞা, জোনা দত্ত, জিনামণি গগৈ নেওগ, ড° অঞ্জন শইকীয়া, গোপাল গোস্বামী, ড° বিপিন খঙীয়া, নিহাৰিকা শইকীয়া, ড° লক্ষীকান্ত হাজৰিকা, হেমচন্দ্ৰ শইকীয়া, প্রতাপচন্দ্ৰ বৰুৱা, ডাঃ চন্দ্ৰ বৰা, ডাঃ বলীন খাৰঘৰীয়া, ডাঃ ভক্তিময় ভট্টাচার্য, মীৰা বৰুৱা, ডাঃ কৃপাল কুমাৰ শৰ্মা, নিপুল চন্দ্ৰ বৰা, ভৱেন পূজাৰী, মহেন্দ্র বৰঠাকুৰ, ডাঃ গোলাপ ডেকা, বিজয় বৰঠাকুৰ, সৰ্বেশ্বৰ বৰা, পবিত্ৰপ্ৰাণ ভট্টাচার্য, মাণিক গগৈ, অমিতাভ বৰুৱা, অৰুণা খাটনিয়াৰ, ইলা মহন বুঢ়াগোহাঁই, ব্রজেন দাস, বিজয়কৃষ্ণ দত্ত, জীৱন কলিতা, মৃণাংক শইকীয়া, দেবযানী মহন্ত, বন্তি বৰা, তফজ্জুল হক বৰবৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, পবিত্ৰ বৰবৰা, মুহিৰাম লইং, পুৰঞ্জয় গোস্বামী, গুণেন বৰা, দন্দি বৰা, ড০ যতীন নাথ, নৰেন শইকীয়া, মুকুট বৰগোহাঁই, বীৰেণ চেতিয়া, সুনন্দ বৰগোহাঁই, ভাস্কৰ ভাজনী, বলোৰাম খনিকৰ, পাপৰি গগৈ বুঢ়াগোঁহাই, বীণা চেতিয়া, হেমন্ত গগৈ, প্রফুল্ল কুমাৰ বৰুৱা, খগেন হাজৰিকা, প্ৰণৱজিৎ মিশ্র, সঞ্জীৱ বৰা, ৰামসাগৰ নাথ, প্রভাত বৰা বুঢ়াভকত, অনুপ্ৰভা দেৱী, সুভদ্রা বৰা শইকীয়া, ক্ষীৰোদ দাস, মুকুল হাজৰিকা, শ্যামলিমা বৰা, মাধৱ মহন্ত, নৱকুমাৰ বৰা, ড° সীমান্ত বৰুৱা, জেউতি বৰা ভূঞা, নীলিমা শৰ্মা,পৰাণ বৰুৱা, ৰমেন শইকীয়া, হেমেন শইকীয়া, আৰু মানিকচন্দ্ৰ বৰাই ।ইফালে পুৱা স্মৃতি তর্পণ কাৰ্যসূচীত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা আৰু প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকাই মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে।

উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকলৰ লগতে বিভিন্ন আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকসকল, সাংগঠনিক সম্পাদকসকল, জিলা প্রতিনিধিসকল, বিভিন্ন উপসমিতিৰ কাৰ্যকৰী সভাপতি আৰু আহ্বায়কসকলে অংশগ্রহণ কৰে। পুৱা ১০ বজাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ লগত বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণৰ লগতে কেইবাহাজাৰোধিক সাহিত্যপ্ৰেমীৰ অংশগ্ৰহণত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই সকলোকে মোহিত কৰে। ইয়াৰ পিছতে দুপৰীয়া ১২-৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ আজীৱন, হিতৈষী আৰু পৰম হিতৈষী সভ্যৰ সম্মিলন সভাপতি বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়।সভাৰ স্থায়ী সভ্যসকলে অংশগ্ৰহণ কৰা সভাখনৰ আঁত ধৰে ক্ৰমে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম হাজৰিকা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- অসম সাহিত্য সভা এক বৃহৎ জাতীয় বৃহৎ শক্তি, আজি এয়াই প্ৰতিফলিত হৈছে। বহুসংখ্যক আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্যই বক্তব্য প্ৰদান কৰা সভাখনত ক্ৰমে বড়ো সাহিত্য সভা সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী সাহিত্য সভাৰ সভাপতি ড° ষড়ানন দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শর্মা, তিৱা সাহিত্য সভাৰ সভাপতি হৰসিং খলাৰ, তিৱা সাহিত্য সভাৰ সভাপতি মাথানলাই তথ্রা, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিল্স লক্ষীন্দ্র সিং, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ, মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণ প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বক্তব্য প্ৰদান কৰি তেওঁলোকে একেমুখে কয় যে অসম সাহিত্য সভাই বৰ ককাইদেউৰ ভূমিকাৰে আমাৰ সকলো সৰুভাইক লগত লৈ বৰ অসম গঢ়াৰ উদ্যোগ লৈছে; এয়া অতি প্ৰয়োজনীয় আৰু প্ৰাসংগিক। ভাষণ প্ৰসংগত তেওঁলোকে লগতে কয় যে অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যসূচীয়ে অসমীয়া জাতিক উৎসাহিত কৰিছে। ইয়াৰ পিছতে সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক সমাৰোহত গীত-নৃত্যৰ মধুৰ মূৰ্চনাই অনন্য মাত্ৰা প্ৰদান কৰে।।

Tarun Bora: অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তৰুণ বৰা বৰবায়নৰ দেহাৱসান

অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তৰুণ বৰা বৰবায়নৰ দেহাৱসান
অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তৰুণ বৰা বৰবায়নৰ দেহাৱসান

অসমৰ(Tarun Bora) সত্ৰীয়া সংস্কৃতিৰ সাধক তৰুণ বৰা বৰবায়নৰ দেহাৱসান। তিতাবৰৰ শশীকুল সংগীত বিদ্যালয় আৰু শ্ৰীগুৰু সংগীত বিদ্যালয়ৰ অধ্যক্ষ আছিল তৰুণ বৰা বৰবায়ন। তিতাবৰ মিলন নগৰ নিবাসী তৰুণ বৰা বৰবায়নৰ মঙ্গলবাৰে সন্ধ্যা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত হঠাৎ শেষ নিশ্বাস ত্যাগ কৰে। সুদীৰ্ঘ দিন সত্ৰীয়া সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰা বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত তিতাবৰত শোকৰ ছাঁ পৰে।

আজি পুৱা তিতাবৰৰ মিলন নগৰত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ নশ্বৰ দেহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰলৈ নিয়াৰ পিছত সত্ৰখনতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ বিয়োগত ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, অসম’ৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ উপৰিও বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা শুভাকাঙ্খীসকলে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনি! এতিয়াৰ পৰা “সেৱা তীৰ্থ” নামেৰে জনাজাত হ’ব পিএম’অ’ । MODI

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনি! এতিয়াৰ পৰা “সেৱা তীৰ্থ” নামেৰে জনাজাত হ'ব পিএম’অ’ । MODI
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম সলনি! এতিয়াৰ পৰা “সেৱা তীৰ্থ” নামেৰে জনাজাত হ'ব পিএম’অ’ । MODI


MODI । দেশৰ শাসন-ব্যৱস্থাত “সেৱাই মূল, ক্ষমতা নহয়”—এই মনোভাৱ প্ৰসাৰিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ অন্তৰ্গত নিৰ্মিত প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয়ৰ নাম সলনি কৰি এতিয়াৰে পৰা ই “সেৱা তীৰ্থ (Seva Tirtha)” নামেৰে পৰিচিত হ’ব।

এই কাৰ্যালয়ত দেশৰ অৰ্থনীতি, উন্নয়ন, ভাৰতৰ বিদেশ নীতি, ৰাষ্ট্ৰীয় সুৰক্ষা আদি সকলো গুৰুত্বপূর্ণ বিষয়ে সিদ্ধান্ত লোৱা হয়। সেইবাবে নাম সলনি সিদ্ধান্ত শাসন-ব্যৱস্থাৰ নতুন দৃষ্টিভংগীৰ প্ৰতিচ্ছবি বুলি চৰকাৰী সূত্ৰই কয়।


সেৱাৰ মনোভাৱক কেন্দ্ৰস্থলত ৰাখি নাম সলনি

চৰকাৰৰ মতে—

  • পুৰণি ধাৰণাৰ ক্ষমতা-কেন্দ্ৰিকতা আঁতৰাই,
  • শাসন-ব্যৱস্থাত সেৱা, কৰ্তব্য, দায়িত্ব আৰু স্বচ্ছতাক মুখ্য মানিবলৈ,

এই নাম পৰিৱৰ্তন এক ধাৰাবাহিক চিন্তাধাৰাৰ অংশ

শেহতীয়াকৈ দেশজুৰি বিভিন্ন পথ, চৰকাৰী অট্টালিকা আৰু চৰকাৰী বাসগৃহৰ নাম পুনৰ নিৰ্ধাৰণ কৰা হৈছে, যিয়ে নতুন ভাৰতৰ শাসন-দৰ্শনক প্ৰতিফলিত কৰে।


দেশজুৰি ৰাজভৱনৰো নাম সলনি — এতিয়া “লোক ভৱন”

সূত্ৰসমূহৰ মতে, কেন্দ্ৰই শেহতীয়াকৈ সকলো ৰাজভৱনৰ নাম “লোক ভৱন” হিচাপে সলনি কৰিছে।
ইয়াৰ পূৰ্বে—

  • প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ঠিকনাক “লোক কল্যাণ মাৰ্গ”,
  • দিল্লীৰ ঐতিহাসিক **“ৰাজপথ”**ক “কৰ্তব্য পথ”,

হিচাপে নামকৰণ কৰা হৈছিল।

চৰকাৰৰ মত—এই নামবোৰ প্ৰত্যক্ষভাৱে জনসাধাৰণ-কেন্দ্ৰিক শাসনৰ প্ৰতীক।


কেন্দ্ৰীয় সচিবালয়েও নতুন নাম—“কৰ্তব্য ভৱন”

চৰকাৰী সূত্ৰৰ অনুসৰি, কেন্দ্ৰীয় সচিবালয়ৰ নাম পুনৰ নিৰ্ধাৰণ কৰা হৈছে “কৰ্তব্য ভৱন”
ইয়াৰ উদ্দেশ্য—চৰকাৰী কৰ্মচাৰীসকলক স্মৰণ কৰোৱা যে তেওঁলোকৰ মূল কৰ্তব্য হৈছে দেশ আৰু জনতাৰ সেৱা, ক্ষমতা প্ৰদৰ্শন নহয়।


পরিবর্তনৰ মূল লক্ষ্য: শাসনত নতুন দৃষ্টিভংগী

চৰকাৰৰ বক্তব্য—

  • নাম সলনি মাত্ৰ আনুষ্ঠানিকতা নহয়
  • ই নতুন ভাৰতৰ শাসন-দৰ্শনক প্ৰতিফলিত কৰে
  • শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈছে—সেৱা, কৰ্তব্য, দায়িত্ব আৰু স্বচ্ছতা

দেশজুৰি চলি থকা এই নাম সলনি প্ৰক্ৰিয়াই আধুনিক শাসন ব্যৱস্থাৰ নতুন অধ্যায়ৰ দিশ সূচাইছে।

টাইপাৰ উদ্যোগত ঢকুৱাখনাত চ্যুকাফা দিৱস পালন , বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি-মুদুলি পৰিৱেশ

টাইপাৰ উদ্যোগত ঢকুৱাখনাত চ্যুকাফা দিৱস পালন , বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি-মুদুলি পৰিৱেশ
টাইপাৰ উদ্যোগত ঢকুৱাখনাত চ্যুকাফা দিৱস পালন , বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদুলি-মুদুলি পৰিৱেশ

টাই আহোম যুৱ পৰিষদ,অসম(টাইপা)ৰ লখিমপুৰ জিলা সমিতি আৰু ঢকুৱাখনা সমজিলা সমিতিৰ উদ্যোগত কালিৰে পৰা ঢকুৱাখনা মিনি ষ্টেডিয়ামত আয়োজিত হৈ থকা চ্যুকাফা দিৱসৰ মুকলি সভাৰে সামৰণি পৰে।

বৰ অসমৰ ভেটি গঢ়োতা,অসমত সমন্বয়ৰ বীজ সিচোঁতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক স্মৰণৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই দিৱসৰ আজি পুৱা আহোম সকলৰ সাংস্কৃতিক বৈচিত্ৰক দাঙি ধৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে ঢকুৱাখনা নগৰৰ মাজেৰে।টাই আহোম মহিলা পৰিষদৰ সহযোগত আয়োজিত চ্যুকাফা দিৱসৰ আজি দ্বিতীয় দিনা পুৱা মৈদাম তৰ্পনৰ পিছতে শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰা উদ্ধোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ গিৰীণ গগৈয়ে,ইয়াৰ পিছতেই মুকলি সভা অনুষ্ঠিত হয় উদযাপন সমিতিৰ সভাপতি ৰমেন গগৈৰ সঞ্চালনাত।লাই-লুং-খাম নৃত্যৰে উদ্ধোধন কৰা এই মুকলি নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ND24 চেনেলৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই বৰ অসমৰ খনিকৰ চ্যুকাফাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়াই।মুকলি সভাতেই অপৰাজিতা বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ-“মুঙ্-দুন্-ছুন-খাম্”ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে বিশিষ্ট লেখিকা,কবি মৌচুমী গগৈ হাতীবৰুৱাই।


ইফালে এই সভাত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰিবলৈ দিল্লীলৈ উৰা মাৰিছে গৌৰৱ–ৰকি–ভূপেন…

সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰিবলৈ দিল্লীলৈ উৰা মাৰিছে গৌৰৱ–ৰকি–ভূপেন...
সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰিবলৈ দিল্লীলৈ উৰা মাৰিছে গৌৰৱ–ৰকি–ভূপেন...



অসম বিধানসভাৰ শীতকালীন অধিৱেশন সম্পন্ন হোৱাৰ পিছতেই আগন্তুক ২০২৬ৰ নিৰ্বাচনক লৈ বিৰোধী শিবিৰত দেখা দিছে গভীৰ শংকা। শাসক দল বিজেপিৰ বাঢ়ি অহা প্ৰভাব, শঙ্কাদায়ক ভোট সমীকৰণ আৰু সদ্য ঘোষণা কৰা বিভিন্ন হিতাধিকাৰী-বান্ধৱী সিদ্ধান্তৰ প্ৰেক্ষাপটত কংগ্ৰেছ এতিয়া নতুন ৰণকৌশল খুজিবলৈ তৎপর।

এই পৰিপ্ৰেক্ষিততেই আজি দিল্লীত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আৰু অসমৰ কংগ্ৰেছ নেতাসকলৰ সৈতে বিশেষ বৈঠক। আবেলি ৪ বজাৰ পৰা কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হ’ব এই গুৰুত্বপূর্ণ বৈঠক।

দিল্লীত আজিৰ উচ্চস্তৰীয় বৈঠকত উপস্থিত থাকিব কাকাক?

জানিব পৰা মতে, বৈঠকত উপস্থিত থাকিবঃ

  • সাংসদ গৌৰৱ গগৈ
  • ৩ কার্যকৰী সভাপতি জাকিৰ হুচেইন ছিকদাৰ, ৰজলীনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰ
  • সাংসদ ৰকিবুল হুচেইন
  • প্ৰদ্যুত বৰদলৈ
  • ৰিপুন বৰা
  • ভূপেন বৰা
  • লগতে অংশ ল’ব ৰাহুল গান্ধী, সাংগঠনিক সম্পাদক কেচি বেনুগোপাল, তত্বাৱধায়ক জীতেন্দ্ৰ সিং আদিসহ উচ্চপদস্থ নেতৃত্ব।

বৈঠকৰ মূল বিষয়বস্তু—নির্বাচন কৌশলেই কেন্দ্ৰবিন্দু?

যদিও কংগ্ৰেছে এতিয়ালৈকে বৈঠকৰ বিষয়ে মন্তব্য প্ৰকাশ কৰা নাই, তথাপিও দলীয় সূত্ৰৰ মতে, মূল আলোচনাৰ বিষয় হ’ব—

  • ২০২৬ ৰ নিৰ্বাচনী কৌশল
  • বিৰোধী ঐক্য গঠন
  • আসন ভাগ-বতৰা
  • অসমৰ অঞ্চলভিত্তিক ভোট সমীকৰণ
  • বিজেপিৰ হিতাধিকাৰী পৰিকল্পনাৰ প্ৰতি কংগ্ৰেছৰ প্ৰত্যুত্তৰ

বিৰোধীৰ শংকা কেনেকে বৃদ্ধি পাইছে?

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিজেপি-নেতৃত্বাধীন চৰকাৰে—

  • চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান
  • জনজাতিকৰণ সম্পৰ্কীয় বিশেষ পদক্ষেপ
  • উন্নয়নমূলক বিভিন্ন ঘোষণা
    ইত্যাদি সিদ্ধান্ত গ্ৰহণ কৰাত বিৰোধীয়ে জনমত বিজেপিৰ ফালে ঢলি পৰাৰ আশঙ্কা প্ৰকাশ কৰিছে।

বিহাৰত হিতাধিকাৰী-মুখী নীতিৰ মাধ্যমে বিজেপিয়ে বৃহৎ জয়লাভ কৰাৰ উদাহৰণই কংগ্ৰেছক অধিক চিন্তিত কৰিছে।

বিৰোধী ঐক্য কি স্থায়ী হ’ব?

অসমত কংগ্ৰেছেএখন বৃহত্তর বিৰোধী মঞ্চ গঠনৰ চেষ্টা কৰিছে। যদিও—

  • লুৰিণজ্যোতি গগৈ
  • অখিল গগৈ

এতিয়ালৈকে স্পষ্ট আপত্তি দৰ্শোৱা নাই, তথাপিও অখিল গগৈ Seat Sharing বিষয়ত ইতিমধ্যে সম্পূৰ্ণ স্পষ্টতা দাবী কৰিছে। বিৰোধী শিবিৰত বহু সময়তেই অখিল গগৈৰ বক্তব্য লৈ মতানৈক্য দেখা যায়, সেয়ে বৈঠকৰ পৰা কি সিদ্ধান্ত ওলাব সেইয়া মনোযোগৰ কেন্দ্ৰ।

দিল্লীৰ বৈঠক কংগ্ৰেছৰ ২০২৬ৰ যুদ্ধনীতিৰ দিশ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা লব বোলেই ধাৰণা কৰা হৈছে। কিন্তু বৈঠকৰ অন্তৰ্ভুক্ত আলোচনা আৰু সম্ভাৱ্য সিদ্ধান্তসমূহ পৰৱৰ্তী সময়তেই স্পষ্ট হ’ব।

অসমীয়াৰ ৰাজনৈতিক পৰিৱেশত আগন্তুক দিনবোৰ এতিয়া অধিক চঞ্চল আৰু উত্তপ্ত হোৱাৰ সম্ভাৱনাই প্ৰবল।

সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ । CM

সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ । CM
সকলো জনগোষ্ঠী এক হৈ থাকিব ! অসম দিৱসৰ দিনটোত বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ । CM

CM । অসমবাসীয়ে যথাযোগ্য মর্যাদাৰে উদযাপন কৰিছে অসম দিৱস। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আগমন কৰা ঐতিহাসিক দিনটোৰ সন্মানত প্ৰতিবছৰে পৰ্যায়ক্রমে উদযাপিত হয় এই বিশেষ দিন।

এই শুভক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত দিয়া এটি পোষ্টত অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ অসম গঠনৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ ভাষ্য—
“চাওলুং চুকাফাই আজিৰ দিনটোতে অসমৰ ভেঁটি স্থাপন কৰিছিল। অসম দিৱসৰ সময়তে আমি প্ৰতিশ্ৰুতি দিছো যে তেওঁৰ কল্পনাৰ ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নির্মাণ কৰিম।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসম দিৱস উপলক্ষে শুভেচ্ছা জনোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে—
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে আহোম আৰু অসমৰ গৌৰৱময় ঐতিহ্য বিশ্ব মঞ্চত সমুন্নত ৰাখিবলৈ সদা প্ৰচেষ্টা কৰিছে।”

অমিত শ্বাহৰ শুভেচ্ছা, ঐতিহ্য সংৰক্ষণৰ সংকল্প

অসম দিৱসৰ দিনা এক্সত শুভেচ্ছা জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহই আহোম যুগৰ গৌৰৱৰ উল্লেখ কৰে। শ্বাহৰ মতে, এনডিএ চৰকাৰে অসমক উন্নয়ন আৰু শিক্ষাৰ কেন্দ্ৰবিন্দুলৈ পৰিণত কৰিছে, আৰু এই সমৃদ্ধিৰ যাত্ৰা আগলৈও অব্যাহত থকাৰ কথা নিশ্চিত কৰে।

অমিত শ্বাহৰ মন্তব্য—
“অসম দিৱস আমাক ঐক্যৰ বান্ধোন দৃঢ় কৰাৰ লগতে আমাৰ সংস্কৃতিৰ সৈতে সংযোগ গভীৰ কৰিব। অতীতক সন্মান জনাই ভবিষ্যৎক অধিক শক্তিশালী কৰাটো আমাৰ লক্ষ্য।”

চৰাইদেউত ‘ছ্যু-কা-ফা বিশ্ববিদ্যালয়’ স্থাপন

ইয়াৰ আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে আহোম ইতিহাস আৰু সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণৰ লক্ষ্যৰে চৰাইদেউত ‘ছ্যু-কা-ফা বিশ্ববিদ্যালয়’ স্থাপন কৰা হ’ব।

অসম দিৱসৰ এই বিশেষ দিনটোৱে বিশ্বজুৰি ছড়িয়ে-পথাৰে থকা সকলো অসমীয়াৰ মাজত ঐক্য, সৌভ্ৰাতৃত্ব আৰু গৌৰৱৰ অনুভৱ নতুনকৈ জাগ্ৰত কৰিছে।

খাৰুপেটীয়াত গুলীচালনা! আহত এজন যুৱক

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্য। গুলীচালনাত গুৰুতৰভাৱে আহত এজন লোক। গুলীচালনাত গুলীবিদ্ধ হয় মুন্না সাহা নামৰ লোকজন।

 উল্লেখ্য যে, নিশা দুজন লোকৰ মাজত ধনকলৈ হৈছিল কাজিয়া। কাজিয়াৰ সূত্ৰপাত হৈছিল মুন্না সাহা আৰু অনন্ত বিশ্বাসৰ মাজত। ইপিনে মুন্না সাহা নামৰ লোকজনে সুদৰ ধন দিছিল অনন্ত বিশ্বাসক। অনন্ত বিশ্বাসৰ জুৱেলাৰী দোকানত সংঘটিত হয় এই গুলীচালনা। 

ইপিনে গুলীচালনাৰ পিছতেই উপস্থিত হয় আৰক্ষীৰ দল। গুৰুতৰভাৱে আহত মুন্না সাহাক প্ৰেৰণ কৰে GMCHলৈ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টলসহ গুলী। আৰক্ষীয়ে জব্দ কৰে 9mm পিষ্টল, দুই জাঁই সজিব গুলী। ইপিনে আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ী অনন্ত বিশ্বাসক। 

চৰাইদেউত চাওলুং চুকাফাক স্মৰণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অসম দিৱস উদযাপন কৰে ৷ আহোমৰ ৬০০ শ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক উজ্বলাই তোলা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু চুকাফা আঞ্চলিক সমিতিয়ে  বৰ অসম গঢ়োতা স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি  অসম দিৱস উদযাপন কৰে ৷

পুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে  অসম দিৱসৰ শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ পতাকা উত্তোলন কৰে পৱিত্ৰ গগৈয়ে, মৈদাম তৰ্পণ, টাই পৰম্পৰা ৰীতিনীতিয়ে বান-ফি  আৰু চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণ কৰে ৷

ইফালে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি তেখেতৰ সমাধিক্ষেত্ৰত জনগোষ্ঠীটোৰ বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে ৷

আজি অসম দিৱস

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰত আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ পালন কৰা হয়।

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছৰ পৰাই সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি চ্যু-কা-ফা দিৱস তথা অসম দিৱস উদযাপন কৰি অহা হৈছে।