Home Blog Page 9

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু ডেফদিল নাৰ্চাৰিৰ সহযোগত ডিমৰীয়াত গছপুলি ৰোপণ

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু ডেফদিল নাৰ্চাৰিৰ সহযোগত ডিমৰীয়াত গছপুলি ৰোপণ
সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু ডেফদিল নাৰ্চাৰিৰ সহযোগত ডিমৰীয়াত গছপুলি ৰোপণ

বিশ্ব পৰিবেশ দিৱসৰ দিনা সংগতি ৰাখি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু ডেফদিল নাৰ্চাৰিৰ সহযোগত ডিমৰীয়াৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় গছপুলি ৰোপণৰ কাৰ্য্যসূচী।

পুৱাৰে পৰা অনুষ্ঠিত হোৱা গছপুলি ৰোপন কাৰ্যসূচীত গৰিমা শইকিয়া গাৰ্গে উপস্থিত থাকি নিজে গছপুলি ৰোপন কৰাৰ লগতে গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

ডিমৰীয়া মহাবিদ্যালয়, ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, সোণাপুৰ মহাবিদ্যালয় আদি স্থানত গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত হয়।

জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day

জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day
জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day

World Environment Day । ৰাজ্যজুৰি পালন বিশ্ব পৰিৱেশ দিৱস।পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুক্ৰবাৰে এক বৃহৎ গছ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

‘জনকল্যাণ ছচাইটী, সাংস্কৃতিক বিদ্যালয়, অসম’ আৰু ‘আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটী’ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী ‘জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদ নাথ আৰু ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞিৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেউজ পৰিৱেশ গঢ়াৰ লক্ষ্যৰে ৰোপণ কৰা হয় গছপুলি।

কাৰ্বি আংলঙৰ উদীয়মান যুৱ সাংবাদিক, কবি তথা ৰাজনীতি বিজ্ঞান বিদ্যাঞ্জলিৰ স্বেচ্ছাসেৱক খগেশ্বৰ দাসৰ সক্ৰিয় সহযোগিতাত “গছ থাকিলেহে মানুহ থাকিব”—এই মূল মন্ত্ৰক সাৰোগত কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। এই অনুষ্ঠানত মুখ্য আমন্ত্ৰিত অতিথি তথা মূল বৃক্ষ ৰোপক হিচাপে অংশগ্ৰহণ কৰে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা, হাওৰাঘাট মণ্ডল সাংগঠনিক সভাপতি পিন্টু দত্ত আৰু কৃৰ্তী শিক্ষক বিক্ৰম কুমাৰ চন্দই অংশ গ্ৰহণ কৰে।

বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদিৰ উৎসাহজনক অংশগ্ৰহণেৰে প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত ভিন্ন প্ৰজাতিৰ মূল্যবান গছপুলি ৰোপণ কৰা হয়। এই সমগ্ৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ সংগী হিচাপে ‘দৈনন্দিন বাৰ্তা’, ‘আলোকপ্ৰভঞ্জন’, ‘জনকল্যাণ বাৰ্তা’ আৰু ‘The Assam Rising’ পত্ৰিকাই বিশেষ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান

জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান
জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান

মহানগৰীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান।

ৰাজ্যপালে পাঠ কৰোৱালে শপত বাক্য।

গুৱাহাটীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত দুপৰীয়া ১২.৪৫ বজাত ১২ জন বিধায়কে আজি মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিলে।

জাতীয় সংগীতেৰে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত মন্ত্ৰীসভাৰ শপতগ্ৰহণ।

সংস্কৃত ভাষাত শপত ল’লে মন্ত্ৰী বিমল বড়াই।

মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে নীলিমা দেৱীয়ে।

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কৌশিক ৰায়ে।

মন্ত্ৰী হিচাপে শপতগ্ৰহণ জয়ন্ত মল্লবৰুৱাৰ।

মন্ত্ৰী হিচাপে শপতগ্ৰহণ অশোক সিংহালৰ।

মন্ত্ৰী হিচাপে অশ্বিনী ৰায় সৰকাৰৰ শপতগ্ৰহণ।

মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে পীযূষ হাজৰিকাই।

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰণোজ পেগুৱে।

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুশান্ত বৰগোহাঁইয়ে।

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কৃষ্ণেন্দু পালে।

কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে কেশৱ মহন্তই।

মন্ত্ৰীৰূপে শপত ল’লে বিশ্বজিৎ দৈমাৰীয়ে।





ইণ্ডোনেছিয়াত অসমৰ গৌৰৱঃ জাকাৰ্তাৰ আন্তঃৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতাত সোণৰ পদক জয় অসম সন্তানৰ

ইণ্ডোনেছিয়াত অসমৰ গৌৰৱঃ জাকাৰ্তাৰ আন্তঃৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতাত সোণৰ পদক জয় অসম সন্তানৰ
ইণ্ডোনেছিয়াত অসমৰ গৌৰৱঃ জাকাৰ্তাৰ আন্তঃৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতাত সোণৰ পদক জয় অসম সন্তানৰ

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলি উঠিল অসমৰ নাম। ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰ’লাৰ স্কেটিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ উদীয়মান যুৱক ৰিয়ান পাত্ৰই। ২৯ মে’ৰ পৰা ৩১ মে’লৈকে ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল বহুকেইখন দেশৰ প্ৰতিযোগীয়ে।

ইয়াৰ মাজতে ‘অ’পেন ৰিলে ১২০০ মিটাৰ কোৱাডছ মেন জুনিয়ৰ’ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক আঁজুৰি আনে ৰিয়ানে। উল্লেখ্য যে, নৱজ্যোতি পাত্ৰ আৰু ৰঞ্জিতা চেতিয়া পাত্ৰৰ পুত্ৰ ৰিয়ানৰ এই সাফল্যত এতিয়া আনন্দিত সমগ্ৰ ৰাজ্যবাসী। তেওঁ ডিব্ৰুগড়ৰ বানিপুৰ ৰ’লাৰ স্প’ৰ্টছ একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে স্বপ্নাজ্যোতি গোহাঁইৰ তত্ত্বাৱধানত তথা পৰিচালনাত চলি অহা এই একাডেমীখনৰ প্ৰশিক্ষক বেদ প্ৰকাশ শৰ্মাই ৰিয়ানক প্ৰদান কৰিছিল বিশেষ প্ৰশিক্ষণ। আজি ড০ ভূপেন হাজৰিকা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰিয়ান পাত্ৰক উষ্ম আদৰণি জনায় শুভাকাংশীসকলে। ক্ৰীড়া জগতত ৰিয়ানৰ এই প্ৰাপ্তিয়ে অনাগত দিনত আন বহু প্ৰতিভাৱান খেলুৱৈক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

আজি ১২ গৰাকী বিধায়কে মন্ত্ৰীৰূপে ল’ব শপত

আজি ১২ গৰাকী বিধায়কে মন্ত্ৰীৰূপে ল’ব শপত
আজি ১২ গৰাকী বিধায়কে মন্ত্ৰীৰূপে ল’ব শপত

আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।

১২ গৰাকী বিধায়কে মন্ত্ৰীৰূপে ল’ব শপত।

গুৱাহাটীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত দুপৰীয়া ১২.৪৫ বজাত শপতগ্ৰহণ অনুষ্ঠান।

মন্ত্ৰীসভাত নতুনকৈ স্থান পালে নীলিমা দেৱী, সুশান্ত বৰগোহাঁয়ে।

আনহাতে বিতৰ্কৰ মাজতে অধ্যক্ষৰ পৰা মন্ত্ৰী হ’ল বিশ্বজিৎ দৈমাৰী।

কাইলৈ শপত ল’ব ১২ গৰাকী নতুন মন্ত্ৰীয়ে

কাইলৈ শপত ল’ব ১২ গৰাকী নতুন মন্ত্ৰীয়ে
কাইলৈ শপত ল’ব ১২ গৰাকী নতুন মন্ত্ৰীয়ে

প্ৰকাশ পালে মন্ত্ৰী তালিকা।

কাইলৈ শপত ল’ব এইসকল মন্ত্ৰীয়ে।

কাইলৈ শপত ল’ব ১২ গৰাকী নতুন মন্ত্ৰীয়ে।

গৰমত কেৱল পানী খোৱাটোৱেই যথেষ্ট নহয়ঃ আজিয়েই এই অভ্যাসবোৰ সলনি কৰি ছাল আৰু চকুক সুৰক্ষিত কৰক

গৰমত কেৱল পানী খোৱাটোৱেই যথেষ্ট নহয়ঃ আজিয়েই এই অভ্যাসবোৰ সলনি কৰি ছাল আৰু চকুক সুৰক্ষিত কৰক
গৰমত কেৱল পানী খোৱাটোৱেই যথেষ্ট নহয়ঃ আজিয়েই এই অভ্যাসবোৰ সলনি কৰি ছাল আৰু চকুক সুৰক্ষিত কৰক

তীব্ৰ গৰম আৰু ৰ’দে আপোনাৰ টোপনিত প্ৰভাৱ পেলোৱাই নহয়, ছালৰ সংক্ৰমণৰ আশংকাও সৃষ্টি কৰে। কঠোৰ ৰ’দ আৰু আৰ্দ্ৰতাই ছালৰ সংক্ৰমণ, এলাৰ্জী, দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। কোনো সমস্যাৰ সৃষ্টি হোৱাৰ আগতে সজাগ হোৱাটো ভাল।

গৰমৰ দিনত নিজকে হাইড্ৰেটেড কৰি ৰখাটোৱেই যথেষ্ট নহয়। দৈনন্দিন জীৱনত সৰু সৰু কথাবোৰলৈও মনোযোগ দিয়াটো জৰুৰী। এইবোৰ চিনাকি বা পুৰণি যেন লাগিলেও ই আপোনাক সুৰক্ষিত হৈ থকাত সহায় কৰিব পাৰে।

বিশেষকৈ শিশু, বৃদ্ধ, আৰু ঘৰত বেমাৰত ভুগি থকা লোকৰ প্ৰতি অসাৱধান নহ’ব। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেওঁলোকৰ চকু বা ছালৰ সমস্যা হোৱাৰ আশংকা বেছি।

ৰ’দৰ পৰা সুৰক্ষাৰ বাবে ছানস্ক্ৰীণ লগোৱাটো অতি প্ৰয়োজনীয়, কিন্তু আপুনি জানেনে বতৰৰ ফলবোৰেও ছানস্ক্ৰীন হিচাপে কাম কৰি আভ্যন্তৰীণ অংগসমূহক গৰমৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰে? ইয়াৰ ফলত আমাৰ ছাল আৰু চকুকে ধৰি আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। এই ঋতুত মানুহে আমলখি কম খাই যদিও গ্ৰীষ্মকালত ইয়াৰ ব্যৱহাৰ সমানেই উপকাৰী।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।ইয়াই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি তৰমুজ, আম, জামু আদি বতৰৰ ফলবোৰো ৰ’দৰ পৰা সুৰক্ষাৰ বাবে ফলপ্ৰসূ ছানস্ক্ৰীণ, যিবোৰক আভ্যন্তৰীণ ছানস্ক্ৰীণ বুলি ধৰিব পাৰি।

পানী খোৱাৰ উপৰিও তিয়হ, তৰমুজ, কমলা, ষ্ট্ৰবেৰী আদি পানী সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো মনত ৰাখিব। এই খাদ্যসমূহে আপোনাৰ শৰীৰক হাইড্ৰেট কৰাই নহয়, আপোনাৰ ছালত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহো যোগান ধৰে। ইয়াৰ উপৰিও আপোনাৰ চকুৰ উপকাৰিতাৰ লগতে শুকানতা দূৰ কৰে।

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ সময়ত কাণ, ডিঙি, হাত প্ৰায়ে উপেক্ষা কৰা হয়। মুখৰ দৰেই ৰ’দৰ হাত, ভৰিটো লগাব লাগে।

মইশ্ব’ৰাইজাৰ আৰু ছিৰাম বাছি লওক য’ত হাইয়ালুৰনিক এচিড, গ্লিচাৰিন আৰু এলোভেৰাৰ দৰে মইশ্ব’ৰাইজিং উপাদান থাকে। এই উপাদানসমূহে ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে, ছালখন কোমল আৰু কোমল কৰি ৰাখে।

ঘৰত বা অফিচত হিউমিডিফায়াৰ ব্যৱহাৰ কৰিলে বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি কৰাত সহায়ক হয় আৰু ছালৰ অত্যধিক শুকান হোৱা ৰোধ কৰিব পাৰি।

যদি আপোনাৰ ছালখন তেলীয়া বা ব্ৰণত ভুগিছে ​​তেন্তে ছিদ্ৰ বন্ধ হোৱাৰ পৰা ৰক্ষা পাবলৈ জেল ভিত্তিক ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো উত্তম বিকল্প।

দৈনিক ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ। কেৱল ৰ’দৰ সুৰক্ষাৰ বাবেই নহয়; আপুনি ইয়াক ঘৰৰ ভিতৰতো প্ৰয়োগ কৰিব পাৰে।

ৰহাৰ আমচৈ চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ

ৰহাৰ আমচৈ চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ
ৰহাৰ আমচৈ চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ

ৰহাৰ আমচৈ চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ৷ দীৰ্ঘদিনে বঞ্চিত হৈ থকা নায্য প্ৰাপ্যৰ দাবীত উত্তাল প্ৰতিবাদ বাগিছাৰ শ্ৰমিকৰ। বাগিছাৰ শ্ৰমিকসকলে লাভ কৰিবলগীয়া সা সুবিধাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ৰখাৰ অভিযোগ বাগান কৰ্তৃপক্ষৰ বিৰদ্ধে৷ সময়মতে সাপ্তাহিক ৰেচন নোপোৱা, স্বাস্থ্য, খোৱাপানীৰ সমস্যা আদিয়ে জীয়াতু ভোগাই আহিছে শ্ৰমিকসকলক৷

তদুপৰি বছৰৰ পিছত বছৰ ধৰি শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন, গ্ৰেছুইটি আদি আদায় নিদিয়াত ক্ষুব্ধ হৈ উঠিছে শ্ৰমিকসকল৷ এনেবোৰ কাৰণতে বৃহস্পতিবাৰে বাগিচাৰ কাৰখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে। নায্য প্ৰাপ্য লাভ নকৰা পৰ্যন্ত কৰ্ম বিৰতি ঘোষণা শতাধিক পুৰুষ-মহিলা শ্ৰমিকৰ। “মেনেজমেণ্ট গ’‌ বেক্”, “বাগান থাকিলে আমি থাকিম” ধ্বনিৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে।

পেট্ৰল-ডিজেলৰ পাছত বৃদ্ধি পাব বিদ্যুতৰ মাচুল

পেট্ৰল-ডিজেলৰ পাছত বৃদ্ধি পাব বিদ্যুতৰ মাচুল
পেট্ৰল-ডিজেলৰ পাছত বৃদ্ধি পাব বিদ্যুতৰ মাচুল

পেট্ৰল-ডিজেলৰ পাছত বৃদ্ধি পাব বিদ্যুৎ মাচুল।

প্ৰতি ইউনিটত ১৫ৰ পৰা ২৮ পইচা বৃদ্ধিৰ সম্ভাৱনা।

মাচুল বৃদ্ধিৰ সিদ্ধান্ত বিদ্যুৎ নিয়ামক আয়োগৰ।

চলিত মাহৰ পৰাই বৃদ্ধি পাব বিদ্যুৎ মাচুল।

জুন মাহৰ বাবে প্ৰতি ইউনিটত বৃদ্ধি ২১ পইচা।

মাচুল বৃদ্ধিৰ কথা জাননীযোগে নজনালে APDCLয়ে।

Aamir Khan Gauri Spratt: আকৌ এবাৰ বিয়া পাতিবলৈ সাজু আমিৰ খানঃ প্ৰেমিকা গৌৰীৰে বিয়া অভিনেতা আমিৰ খানৰ

প্ৰেমিকা গৌৰীৰে বিয়া অভিনেতা আমিৰ খানৰ
প্ৰেমিকা গৌৰীৰে বিয়া অভিনেতা আমিৰ খানৰ

বয়স ৬১ বছৰ।(Aamir Khan Gauri Spratt) বয়স বাঢ়িলে কিন্তু বিয়াৰ তাড়নাৰ পৰা মুক্ত হ’ব পৰা নাই বলিউডৰ অভিনেতা আমিৰ খান। আকৌ এবাৰ বিয়া পাতিবলৈ সাজু হৈছে অভিনেতা আমিৰ খান।

আমিৰ খান আৰু গৌৰী স্প্ৰাটৰ প্ৰেমৰ সম্পৰ্ক তিনি বছৰ ধৰি চলি আছে। শেহতীয়াকৈ তেওঁলোকৰ বিয়াৰ খবৰ প্ৰচাৰিত হৈছে, অনুমান কৰা হৈছে যে তেওঁলোকে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। চৰ্চা অনুসৰি অহা ৫ জুলাইত তৃতীয়বাৰৰ বাবে গৌৰীৰ সৈতে বিয়াত বহিবলৈ ওলাইছে আমিৰ খান। ইফালে তেওঁৰ এটা পুৰণি বক্তব্য, য’ত তেওঁ পূৰ্বে উল্লেখ কৰিছিল যে তেওঁ ইতিমধ্যে বিয়া হৈ গৈছে, দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই ক্লিপটো।

ব্যক্তিগত জীৱনৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খান। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা মাহত আমিৰে প্ৰেমিকা গৌৰী স্প্ৰাটক বিয়া কৰাব পাৰে। ৫ জুলাইত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব বুলিও চৰ্চা চলিছে। অৱশ্যে এই উৰাবাতৰি সন্দৰ্ভত আমিৰে কোনো নিশ্চিত বক্তব্য এতিয়াও দিয়া নাই। তথাপিও আমিৰ খানে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে নেকি সেই কথা জানিবলৈ অনুৰাগীসকল অত্যন্ত উৎসাহিত হৈ পৰিছে।


যদি এই বিবাহ হয় গৌৰী স্প্ৰাট অভিনেতা আমিৰ খানৰ তৃতীয় পত্নী হ’ব। ইয়াৰ পূৰ্বে আমিৰে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে ৰীনা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।সেই সময়ত আমিৰ আৰু ৰীনাৰ প্ৰেম কাহিনীয়ে চলচ্চিত্ৰ জগতত শিৰোনাম দখল কৰিছিল। তেওঁলোকৰ সম্পৰ্ক প্ৰায় এবছৰ ধৰি চলিছিল যদিও ২০০২ চনত তেওঁলোকৰ মাজত সৌহাৰ্দ্যপূৰ্ণভাৱে বিবাহ বিচ্ছেদ হয়।ৰীনা দত্ত আৰু আমিৰ খানৰ দুটা সন্তান আছে জুনেইদ খান আৰু ইৰা খান। তেওঁ এতিয়া গৌৰী স্প্ৰাটৰ লগত ডেটিং কৰি আছে।

ৰীনাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত কিৰণ ৰাও আমিৰৰ জীৱনত প্ৰৱেশ কৰে। প্ৰথম লগ পাইছিল ছুপাৰহিট ছবি “লগান”ৰ চেটত। শ্বুটিঙৰ সময়ত তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল যি ক্ৰমান্বয়ে প্ৰেমৰ ৰূপত ফুলি উঠিছিল। ইয়াৰ পিছত ২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ হয়।কিছু বছৰৰ পিছত ২০১১ চনত চেৰ’গেচিৰ জৰিয়তে তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ জন্ম হয়। আমিৰ আৰু কিৰণৰ মাজৰ এই সুন্দৰ যাত্ৰা প্ৰায় ১৬ বছৰ ধৰি চলিছিল। কিন্তু পাৰস্পৰিক মতানৈক্যৰ বাবে দুয়োজনে ২০২১ চনত ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লয়।