ৰহাৰ আমচৈ চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ৷ দীৰ্ঘদিনে বঞ্চিত হৈ থকা নায্য প্ৰাপ্যৰ দাবীত উত্তাল প্ৰতিবাদ বাগিছাৰ শ্ৰমিকৰ। বাগিছাৰ শ্ৰমিকসকলে লাভ কৰিবলগীয়া সা সুবিধাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ৰখাৰ অভিযোগ বাগান কৰ্তৃপক্ষৰ বিৰদ্ধে৷ সময়মতে সাপ্তাহিক ৰেচন নোপোৱা, স্বাস্থ্য, খোৱাপানীৰ সমস্যা আদিয়ে জীয়াতু ভোগাই আহিছে শ্ৰমিকসকলক৷
তদুপৰি বছৰৰ পিছত বছৰ ধৰি শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন, গ্ৰেছুইটি আদি আদায় নিদিয়াত ক্ষুব্ধ হৈ উঠিছে শ্ৰমিকসকল৷ এনেবোৰ কাৰণতে বৃহস্পতিবাৰে বাগিচাৰ কাৰখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে। নায্য প্ৰাপ্য লাভ নকৰা পৰ্যন্ত কৰ্ম বিৰতি ঘোষণা শতাধিক পুৰুষ-মহিলা শ্ৰমিকৰ। “মেনেজমেণ্ট গ’ বেক্”, “বাগান থাকিলে আমি থাকিম” ধ্বনিৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে।

