স্বামী-স্ত্ৰীৰ মাজত কেতিয়াবা কাজিয়া লগাটো একো নতুন কথা নহয়৷ বহু সময়ত কাজিয়াৰ পৰিণতিত স্বামী-স্ত্ৰীৰ মাজত কেইবাদিনো ধৰি মাতবোল বন্ধও হৈ থাকে৷ এই সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান দি কয় যে কেৱল কেইবাদিনো ধৰি পত্নীৰ সৈতে কথা নপতাটো ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এ ধাৰাৰ অধীনত নিষ্ঠুৰতা বুলিগণ্য কৰিব নোৱাৰি৷ আদালতে এই মন্তব্য এনে এটা গোচৰত কৰিছে য’ত এগৰাকী মহিলাই আত্মহত্যা কৰিছিল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল৷
আদালতে প্ৰমাণৰ অভাৱত স্বামীক দোষমুক্ত কৰে৷ উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুৰকাৰক লৈ গঠিত বিচাৰপীঠে কয় যে এগৰাকী মহিলাক আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰা পৰিস্থিতিসমূহ অতি গুৰুতৰ আৰু স্পষ্ট হ’ব লাগিব৷ আদালতে স্পষ্ট কৰি দিয়ে যে কেৱল ১৩ দিন ধৰি স্বামীয়ে পত্নীৰ সৈতে কথা নপতাটোৱে নিজে মানসিক নিষ্ঠুৰতা প্ৰমাণ নকৰে৷ আদালতৰ মতে, অভিযোগকাৰী পক্ষই অভিযোগসমূহ সন্দেহৰ অতীত বুলি প্ৰমাণ কৰাটো অতি প্ৰয়োজনীয়৷ এই গোচৰটোত স্বামীৰ ব্যৱহাৰে মহিলাগৰাকীক আত্মহত্যাৰ বাবে উচটনি দিছিল বুলি প্ৰমাণ কৰিবলৈ কোনো সঠিক প্ৰমাণ দাখিল কৰা হোৱা নাছিল৷
মৃত মহিলাগৰাকীৰ পৰিয়ালে যৌতুক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ বিয়াৰ সময়ত মহিলাগৰাকীৰ পৰিয়ালে ৩ লাখ টকা, ২০টা সোণৰ আ-অলংকাৰ আৰু অন্যান্য সামগ্ৰী দিছিল বুলি অভিযোগত উল্লেখ আছিল৷ ইয়াৰ পিছতো স্বামী আৰু শহুৰেকৰ ঘৰৰ মানুহে অতিৰিক্ত যৌতুক দাবী কৰিছিল আৰু টকা আনিবলৈ হেঁচা দিছিল বুলি পৰিয়ালটোৱে দাবী কৰিছিল৷ মহিলাগৰাকী নিজৰ মাকৰ ঘৰলৈ যোৱাৰ বাবে স্বামীৰ খং উঠিছিল আৰু ফোনত কথা পতা বন্ধ কৰি দিছিল৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে মাকৰ ঘৰত চিপ লৈ আত্মহত্যা কৰিছিল৷ এই গোচৰত স্বামীসহ চাৰিজন লোকৰ বিৰুদ্ধে ৪৯৮এ আৰু ৩০৪বি ধাৰাত গোচৰ ৰুজু কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ট্ৰায়েল আদালত আৰু মাদ্ৰাজ উচ্ছ ন্যায়ালয়ে স্বামীক দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ে লক্ষ্য কৰে যে দুয়োখন আদালতে পৰ্যাপ্ত প্ৰমাণৰ অভাৱৰ কথাটো বিবেচনা কৰা নাছিল৷

