অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰথমে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলাখনত ৰূপায়িত হৈ থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ ইয়াৰ পিছত তেওঁ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপেও আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰি এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ দুয়োখন জিলাতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানকে ধৰি কৃষি, স্বাস্থ্য, লোক নিৰ্মাণ, জলসিঞ্চন আদি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰী হাজৰিকাই জনসাধাৰণৰ কল্যাণৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ৩ান জনায়৷ তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্ছ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে৷ লগতে উন্নয়নমূলক কাম-কাজ অধিক ফলপ্ৰসুভাৱে আগবঢ়াই নিয়াৰ বাবে বিভাগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷
মন্ত্ৰী হাজিৰকাই কয় যে হোজাই আৰু নগাঁও জিলাৰ সামগ্ৰিক বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিবলৈ সকলো পক্ষই একেলগে কাম কৰিব লাগিব৷ প্ৰতিখন জিলাকে শক্তিশালী, উন্নত আৰু সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, এইবাৰ কৃষি বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰীসমূহ অসমতেই উৎপাদন কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগে সমন্বিতভাৱে কাম কৰিব লাগিব৷ এইক্ষেত্ৰত প্ৰতিটো বিভাগক নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰিবলৈ তেওঁ আহ৩ান জনায়৷ ইফালে, পুৱাৰ ভাগত মন্ত্ৰী হাজৰিকাই নগাঁও জিলাৰ কঠীয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে৷ অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ আজি মন্ত্ৰীগৰাকীৰ জিলা দুখন ভ্ৰমণৰ সময়ত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে দুয়োখন জিলাৰ অন্তৰ্গত বিধায়কসকল আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, মন্ত্ৰী পীয়ূষ হাজৰিকাই নগাঁও আৰু হোজাই জিলাৰ উপৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰো অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে৷
নগাঁৱত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিভাগীয় পৰ্যালোচনা– আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দি কৰ্মত ব্ৰতী হ’বলৈ আহ৩ান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ঃ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু তিনিগৰাকী বিধায়কক সম্বৰ্ধনা জিলা বিজেপিৰ
দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, জ্ঝ জুন ঃ নগাঁও জিলাৰ নৱ-নিযুক্ত অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি নগাঁৱত উপস্থিত হৈ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ কৃষি, জলসিঞ্চন আদি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বুজ লৈ কয় যে চৰকাৰে নতুনকৈ দুই লাখ লোকক চাকৰি দিবলৈ সিদ্ধান্ত লৈছে যদিও সেয়া নিবনুৱা সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত নহয়৷ তাৰ বাবে গ্ৰহণ কৰা এই স্ব-নিয়োজনৰ আঁচনিৰ জৰিয়তে আত্মসংস্থাপনৰ ব্যৱস্থা হ’ব লাগিব৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত ১০ লাখ যুৱক-যুৱতীক স্ব-নিয়োজনৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ঋণ লাভ কৰাসকলে যাতে সঠিকভাৱে কাম কৰে সেইটো নিশ্চিত কৰিব লাগিব৷ জিলাখনৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে৷ জিলাখনৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে অতি সামান্য মাত্ৰাৰ কৃষি ক্ষেত্ৰ সামৰি লোৱা বিষয়টোত তেওঁ গভীৰ উদ্বেগ আৰু অসন্তুষ্টি প্ৰকাশ কৰি বিকল বা অকাৰ্যক্ষম আঁচনিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে শীঘ্ৰে এখন কৰ্মআঁচনি প্ৰস্তুত কৰাৰ বাবে তেওঁ বিভাগীয় বিষয়াসকলক কঠোৰ নিৰ্দেশ দিয়ে৷
তেওঁ অচিৰেই পুনৰ নগাঁৱলৈ আহি প্ৰতিটো বিভাগৰ কাম-কাজৰ বিস্তৃতভাৱে পৰ্যালোচনা চলাব বুলি ঘোষণা কৰে৷ মন্ত্ৰী হাজৰিকাই কয় যে, আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায়ভাগ সামগ্ৰীয়েই বাহিৰৰ পৰা আহে৷ এই পৰ-নিৰ্ভৰশীলতা হ্ৰাস কৰি উৎপাদনমুখী কামত আমাৰ যুৱক-যুৱতীসকল জড়িত হ’লেহে ৰাজ্যখন আগবাঢ়িব পাৰিব৷ তেওঁ জিলাখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্বোচ্ছ পৰ্যায়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশনা প্ৰদান কৰে৷ উল্লেখ্য যে নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ পিছত আজি প্ৰথমবাৰলৈ মন্ত্ৰী পীয়ূষ হাজৰিকা নগাঁও জিলাত উপস্থিত হৈ বিভাগীয় কাম-কাজৰ বুজ লয়৷ সভাত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, ধিঙৰ বিধায়ক মেহবুব মুক্তাৰ, চামগুৰিৰ বিধায়ক তাঞ্জিল হুছেইন, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা প্ৰমুখ্যে জিলাখনৰ বিধায়কসকল উপস্থিত থাকে৷ সভাৰ আঁত ধৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই নৱ-নিৰ্বাচিত মন্ত্ৰীগৰাকীক জিলাখনলৈ আদৰণি জনায় আৰু তেওঁৰ দিহা-পৰামৰ্শৰ ভিত্তিত জিলাখনক আগবঢ়াই নিয়াৰ সকলো বিষয়া সষ্টম হৈ আছে বুলি উল্লেখ কৰে৷
সভাৰ আৰম্ভণিতে জিলা আয়ুক্তগৰাকীয়ে ফুলাম গামোচা আৰু শৰাইৰে মন্ত্ৰীগৰাকীক উষ্ম সম্ভাষণ জনায়৷ সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল প্ৰমুখ্যে সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে৷ মন্ত্ৰী হাজৰিকাই সকলোৰে সৈতে চা-চিনাকি হয়৷ ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত মন্ত্ৰী হাজৰিকাই নগাঁও জিলাৰ কঠীয়াতলীস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে৷ অসম সৰ্বশিক্ষা অভিযানৰ অধীনত নিৰ্মিত এই নতুন ভৱনটোৱে শিক্ষাৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শিক্ষণ-অনুকূল পৰিৱেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই হোজাই জিলাতো অনুৰূপ পৰ্যালোচনা সভা এখনত অংশগ্ৰহণ কৰে৷ ইপিনে আজি বিয়লি নগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসক জিলা বিজেপি আৰু যুৱ মৰ্চাই সম্বৰ্ধনা জ্ঞাপন কৰে৷

