Home Blog Page 2001

এটা যুগৰ অৱসানঃ সাংস্কৃতিক জগতৰ নক্ষত্ৰ নিপন গোস্বামীৰ পৰলোক । ৰাজ্যিক মৰ্যদাৰে শ্ৰদ্ধা জনাব চৰকাৰেঃ ৰাজ্যজুৰি শোকৰ ছাঁ…

আধুনিক চিকিৎসা বিজ্ঞানৰ ওচৰত হাৰ মানি জীৱন নাটৰ সামৰণি মাৰিলে অসমীয়া ছবি জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামীয়ে। বিগত চাৰিটা দিন গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা শিল্পী গৰাকী আজি পুৱা এই সংসাৰৰ মায়া মোহৰ ত্যাগ কৰি অনন্তধামলৈ গতি কৰে।

তেজপুৰৰ সাংস্কৃতিকবান পৰিয়ালৰ বিখ্যাত অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু সুগায়িকা নিৰুপমা গোস্বামীৰ পুত্ৰ নিপন গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ৩ ছেপ্টেম্বৰত। তেজপুৰত শৈক্ষিক জীৱন আৰম্ভ কৰা শিল্পী গৰাকীয়ে ১৯৫৭ চনত পিয়লি ফুকন ছবিত শিশু চৰিত্ৰত অভিনয় কৰি প্ৰতিভাৰ স্বাক্ষৰ দিছিল। স্নাতক পাঠ্যক্ৰম শেষ কৰি তেও পুনে ফিল্ম ইনষ্টিটিউটত অভিনয়ত নামভৰ্তি কৰে। তেওৰ সহপাঠী আছিল নবীন নিশ্চল, শত্ৰুঘ্ন সিনহা, সুভাষ ঘাই আদি শিল্পী সকল।

সুখ্যাতিৰে শিক্ষা শেষ কৰি তেও উভতি আহে অসমলৈ। সংগ্ৰাম ছবিত মূল চৰিত্ৰ অভিনয়ৰে অসমীয়া ছবি জগতত খোজ দিয়া গোস্বামীয়ে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ” ডঃ বেজবৰুৱা” ছবিত কৰা বলিষ্ঠ অভিনয় আজিও দৰ্শকৰ মনত চিৰসেউজ হৈ আছে। এখনৰ পিছত এখন বলিষ্ঠ ছবি উপহাৰ দি অসম আৰু অসমীয়াৰ নয়নমনি হৈ পৰা গোস্বামীৰ মৃত্যুৱে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “ককাদেউতা নাতি আৰু হাতী” ছবি সোৱৰণ কৰি তেওৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আনহাতে অসম চৰকাৰে গোস্বামীক ৰাজ্যিক মৰ্যদাৰে বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰাৰ লগতে চিকিৎসালয়ৰ ব্যয় বহন কৰাৰ বিষয়ে ঘোষনা কৰিছে। শিল্পীৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ চিৰ শান্তি কামনা কৰিছে “দৈনন্দিন বাৰ্তা” গোষ্ঠীয়ে।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা বইল মগু সেৱন কৰক!স্বাস্থ্যই লাভ কৰিব অধিক উপকাৰ

স্বাস্থ্যৰ ক্ষেত্ৰত মগুমাহ ছুপাৰ ফুড, ওজন কমোৱাতো ই সহায়ক। কিন্তু যদি আপুনি অংকুৰবোৰ লঘুকৈ উতলাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ বহুতো উপকাৰ হয়।মাহজাতীয় শস্য আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।বেছিভাগ মানুহে খাদ্যত মচুৰ দাইল, ৰোটি আৰু ভাত খাই ভাল পায়। মাহজাতীয় শস্যও বিভিন্ন ধৰণে ৰন্ধা হয়। কিন্তু যেতিয়া সুস্থ হৈ থাকিবলৈ যিটো নাড়ি আটাইতকৈ বেছি খোৱা হয় সেয়া হ’ল মগু দালি। স্বাস্থ্যৰ ক্ষেত্ৰত মগুমাহ ছুপাৰ ফুড। ওজন কমোৱাতো ই সহায়ক। একে সময়তে বহুতে ৰাতিপুৱা অংকুৰিত মগুমাহ সেৱন কৰে। কাৰণ ই অতি স্বাস্থ্যকৰ, কিন্তু যদি আপুনি অংকুৰবোৰ লঘুকৈ উতলাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে, তেতিয়া আপোনাৰ স্বাস্থ্যই বহুতো উপকাৰ পায়, আহকচোন উতলা মগুমাহ খোৱাৰ উপকাৰিতা।


উতলা মগুমাহ খোৱাৰ উপকাৰীতা-
সহজে হজম-
যদি আপুনি উতলাৰ পিছত অংকুৰিত মগুমাহ খায়, তেন্তে ই কেৱল খাবলৈ সহজ হোৱাই নহয়, ইয়াক হজম কৰাত কোনো সমস্যা নিদিয়ে। একে সময়তে ইয়াক গ্ৰহণ কৰিলে আপুনি সৰ্বাধিক পুষ্টিকৰ উপাদান আৰু উপকাৰীতা লাভ কৰে। দৈনিক সেৱন কৰিলে আপুনি কোষ্ঠকাঠিন্যৰ অভিযোগো নকৰে।
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক
অংকুৰিত মগুমাহ ৰাতিপুৱা উতলাই খালে বেয়া কলেষ্টেৰল কমোৱাত সহায়ক হয়। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত ই সহায়ক। দৈনিক সেৱন কৰিলে হাৰ্ট এটেক, ষ্ট্ৰোকৰ দৰে সমস্যাৰ সৃষ্টি নহয়।
শক্তি শৰীৰত থাকে
ৰাতিপুৱা সিজোৱা অংকুৰিত মগুমাহ খালে গোটেই দিনটো ভাল লাগে আৰু শৰীৰত শক্তি থাকে। ৰাতিপুৱা ৱৰ্কআউট কৰা মানুহৰ বাবে ই অতি উপকাৰী।আনহাতে যদি আপুনি প্ৰি-ৱৰ্কআউট মগুমাহ দালি গ্ৰহণ কৰে তেন্তে ৱৰ্কআউটৰ সময়ত ই আপোনাক দুৰ্বল অনুভৱ নকৰে।

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য…

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য ।

অভিনেতা গৰাকীৰ মৃত্যুত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰত্যেক গৰাকী অভিনেতা অভিনেত্ৰীয়ে দুখ প্ৰকাশ কৰিছে ।

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ডিব্ৰুগড় সমষ্টিৰ খামটিঘাট কাছমাৰী দেউৰী গাঁৱত উপস্থিত মন্ত্ৰী বিমল বড়া

আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ৪ নং ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত খামটিঘাট কাছমাৰী দেউৰী গাঁৱত উপস্থিত হৈ স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি সকল,আই মাতৃ সকল তথা যুৱক-যুৱতী সকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী বিমল বড়াই৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি ৰাইজৰ অকুণ্ঠ উৎসাহ আৰু উদ্দীপনা দেখি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকি৷ এই উৎসাহে দেউৰী লোক সকলৰ ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ লগতে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ৷

উক্ত স্থানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ,ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড জিলাৰ উপ-সভাপতি অসীম হাজৰিকা লগতে বিভিন্ন কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

জীৱন নাটৰ অৱসান ! অচিনা-অজানা দেশলৈ গুচি গ’ল যশস্বী অভিনেতা নিপন গোস্বামী । অভিনেতা গৰাকীৰ চলচ্চিত্ৰ সমূহৰ কেইখনমান আলোকচিত্ৰ চাওঁ আহক…

চলচ্চিত্ৰ সমূহৰ কেইখনমান আলোকচিত্ৰ

অচিনা-অজানা দেশলৈ গুচি গ’ল যশস্বী অভিনেতা নিপন গোস্বামী

অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসান

আজি পুৱা ৯-১৫ বজাত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসান ঘটে।

অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অতুচ্ছ অৱদান আগবঢ়োৱা মহান অভিনেতাজনৰ মৃত্যুত হেলথ্চিটী হাস্পতাল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

চেম্পুৰ ফলত কেন্সাৰ! কি কি ব্ৰেণ্ডৰ চেম্পু আপুনি ব্যৱহাৰ কৰে…

ড্ৰাই চেম্পু কেন্সাৰ সতৰ্কবাণী: ইউনিলিভাৰে ড’ভ আৰু ট্ৰেচেম ব্ৰেণ্ডৰ অধীনত ড্ৰাই চেম্পু পুনৰ আহ্বান কৰিছে। ড্ৰাই চেম্পু ব্ৰেণ্ডসমূহ স্মৰণ কৰা হৈছে: আপুনি শ্বেম্পুও ব্যৱহাৰ কৰেনে? ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ড্ৰাই শ্বেম্পু এটা নতুন ধাৰণা। কম সময়ত চুলি পৰিষ্কাৰ কৰাত ড্ৰাই চেম্পু ফলপ্ৰসূ। ইয়াৰ বাবেই বৃহৎ সংখ্যক লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কিন্তু যদি আপুনিও শুকান চেম্পুৰ প্ৰতি আকৰ্ষিত, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আছে। শেহতীয়াকৈ বিশ্বব্যাপী এফএমচিজিৰ দৈত্য ইউনিলিভাৰ পিএলচিয়ে কিছুমান জনপ্ৰিয় ব্ৰেণ্ডৰ ডাই চেম্পু পুনৰ আহ্বান কৰিছে। ইয়াৰ কাৰণ হ’ল তেওঁলোকৰ বেনজিন সম্পৰ্কীয় দূষক পদাৰ্থ আছিল। জানি থওক যে বেনজিনে কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

ড’ভ-ট্ৰেছিমকে ধৰি এই ব্ৰেণ্ডসমূহক পুনৰ আহ্বান কৰা হৈছিল

আমি জনাওঁ যে যিবোৰ ব্ৰেণ্ডৰ ড্ৰাই চেম্পু ইউনিলিভাৰে পুনৰ আহ্বান কৰিছে, সেইবোৰৰ ভিতৰত আছে ড’ভ আৰু ট্ৰেচেমৰ ড্ৰাই চেম্পু। ইয়াৰ বাহিৰেও যিবোৰ ব্ৰেণ্ডৰ ডাই শ্বেম্পু পুনৰ আহ্বান কৰা হৈছে, সেইবোৰ হ’ল নেক্সাছ, ছুৱেভ আৰু টিগি। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ ৱেবছাইটত প্ৰকাশ কৰা এক জাননী অনুসৰি সেইবোৰ হৈছে ৰকহলিক আৰু বেড হেড ড্ৰাই শ্বেম্পু।

1 বছৰ আগতে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে

প্ৰতিবেদন অনুসৰি, মূলতঃ ২০২১ চনৰ অক্টোবৰৰ পূৰ্বে নিৰ্মিত সামগ্ৰীসমূহ পুনৰ আহ্বান কৰা হৈছে। কিন্তু এই পদক্ষেপে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীত থকা এৰ’ছলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।এই সামগ্ৰীসমূহো প্ৰত্যাহাৰ কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৮ মাহত আন কেইবাটাও সামগ্ৰী যেনে জনছন এণ্ড জনছনৰ নিউট্ৰ’জেনা, এজৱেল পাৰ্চনেল কেয়াৰ কোম্পানীৰ বেনানা ব’ট আৰু বিয়েৰছডৰ্ফ এজিৰ কপাৰটনক পুনৰ আহ্বান কৰা হৈছে।

ৰাস্তাত পৰি থকা এই বস্তুবোৰত ভুলতেও ভৰি নিদিব, দুৰ্ভাগ্যই আৱৰি ধৰিব! জানি থওক কি কি?

যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ থাকে তেতিয়া ৰাস্তাত পৰি থকা বস্তুবোৰৰ প্ৰতি অলপ গুৰুত্ব দিব। নহ’লে আপোনাৰ অজানিতে হোৱা এই ভুলৰ পৰিনাম আপুনি ভুগিব । নিজেই মাতি আনিব নিজৰ দুৰ্ভাগ্য। লোকবিশ্বাস অনুসৰি ৰাস্তাত পৰি থকা কিছুমান বস্তুৱে আপোনাৰ বিপদ মাতি আনিব পাৰে। জানি লওক কি কি বস্তু ৰাস্তাত পৰি থাকিলে ভৰি নিদিব বা ওপৰেৰে পাৰ হৈ নাযাব।

১. ৰাস্তাত নেমু-জলকীয়া পৰি থকা আপুনি হয়তো প্ৰায়ে দেখা পায়। আধুনিক সময়ত মানুহে এইবোৰ কথা বিশ্বাস নকৰে যদিও বহুতৰে মনত অনেক ধাৰণা আছে যি সৌভাগ্যৰ বাবে মানুহে মানি চলে। এনে অৱস্থাত পথত কোনো বস্তু পৰি থাকিলে সেয়া স্পৰ্শ কৰা বা পাৰ হৈ যোৱাটো উচিত নহয়। ই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২. ৰাস্তাত পূজাৰ সামগ্ৰী বা খাদ্য ৰাখি থোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, পূৰ্ব পুৰুষৰ বাবে সেই খাদ্য ৰখা হয়। এই ধৰণৰ সামগ্ৰী বা বস্তুৰ পৰা দূৰত থকা ভাল।

৩. ইয়াৰ লগতে ক’ৰবাত পোৰা কাঠ বা ছাই থাকিলে সেয়া পাৰ কৰি যোৱাটো উচিত নহয়।

৪. যেতিয়া আপুনি ক’ৰবাত কোনো মৰা জন্তু পৰি থকা দেখা পাই সেয়া দেখাৰ লগে লগে দিশ পৰিৱৰ্তন কৰিব লাগে। আপুনি তাৰ পৰা বাওঁ বা সো দিশে যাব পাৰে, কিন্তু কোনো অৱস্থাতে সেই জন্তুটোক পাৰ কৰি যোৱাৰ চেষ্টা নকৰিব।

৫. জ্যোতিষ শাস্ত্ৰ অনুসৰি, মৃত জন্তুৰ শৰীৰত যথেষ্ট নেতিবাচক শক্তি থাকে। সেয়ে যদি কোনো লোকে মৃত জন্তুৰ ওপৰেৰে পাৰ হয় যায়, সেই নেতিবাচক শক্তিয়ে সেই লোকজনৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু বেয়া প্ৰভাৱ পেলাব পাৰে।

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত।) DB NEWSয়ে এইটো নিশ্চিত নকৰে।)

শুৱালকুছিত হেঙুল থিয়েটাৰৰ কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যু

শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ।

হেঙুল থিয়েটাৰত মৰ্মান্তিক ঘটনা। শুৱালকুছিত হেঙুল থিয়েটাৰৰ এগৰাকী কৰ্মচাৰীয়ে কৰুণভাৱে মৃত্যুমুখত পৰে।

কালি অন্তিম নিশা পেণ্ডেল সামৰি থকা অৱস্থাতে দেহৰ পিছফালেৰে চিপৰাং সোমাই গৈ মৃত্যুমুখত পৰে কৰ্মচাৰীজন। মৃত কৰ্মচাৰীজন হৈছে মৰিগাঁওৰ কাণফলাৰ ৰিণ্টু পাটৰ।

উল্লেখ্য, শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ। শুৱালকুছিৰ শংকৰ মন্দিৰৰ আমন্ত্ৰণত প্ৰদৰ্শন কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অন্তিম নিশা নাট প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়ে নিশাই পেণ্ডেল সামৰি থকা অৱস্থাত কৰ্মচাৰীগৰাকী মৃত্যুমুখত পৰে। পাটৰৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে থিয়েটাৰ কৰ্মীসকলৰ মাজত।

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। 

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান নামৰ এজন প্ৰাৰ্থীয়ে।

উল্লেখ্য, ২৩ ছেপ্টেম্বৰত নিযুক্তি লাভ কৰিছিল আজিজুৰ ৰহমানে। নিযুক্তিৰ নথি কেলেংকাৰিত এই পৰ্যন্ত গ্ৰেপ্তাৰৰ সংখ্যা হ’ল ২২জন।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল। আজি বুধবাৰে জিম্মাৰ ম্যাদ ওকলাত আটাইকেইজন অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়। এই গোচৰত অভিযুক্ত বহু প্ৰাৰ্থী এতিয়াও পলাতক যদিও শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকাশ কৰে চি আই ডিয়ে।