Home Blog Page 2009

কহিনুৰ থিয়েটাৰৰ মঞ্চত নাটক আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত মহিৰূহ নিপন গোস্বামীলৈ শ্ৰদ্ধা জনাই আয়োজন কৰা হ’ল শোক সভা।

কহিনুৰ থিয়েটাৰৰ মঞ্চত নাটক আৰম্ভ হোৱাৰ প্ৰাক-মুহূৰ্তত মহিৰূহ নিপন গোস্বামীলৈ শ্ৰদ্ধা জনাই আয়োজন কৰা হ’ল শোক সভা। শোক প্ৰকাশক অনুষ্ঠানটোত অংশ গ্ৰহন কৰিলে প্ৰযোজক তপন লহকৰ, অভিনেতা কৃষ্ণমনি নাথ,সিদ্ধান্ত কলিতা,গিৰিজা গোস্বামী,অংকিতা শইকীয়াৰ লগতে অন্য কুশীলৱসকলে। এই অনুষ্ঠানটো আঁত ধৰে অভিনেতা জয়ন্ত জীৱন বৰুৱাই।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘ৰক অন ফায়াৰ চেফ’ ( ROCK ON FIRE CHEF) প্ৰতিযোগিতা

কোভিদৰ সময়ত সমগ্ৰ ভাৰতৰে অাতিথ্য সেৱা ব্যবসায়ে ভালেখিনি সংগ্ৰামৰ মাজেৰে পাৰ হোৱাৰ পাচত এতিয়া এই সেৱাই নতুন ৰূপ অাৰু অলংকাৰেৰে পুনৰ জীৱন লাভ কৰিছে ৷ এই পৰিপ্ৰেক্ষিতত অাতিথ্য সেৱা বিষয়ৰ অধ্যয়নৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ আতিথ্য আৰু পৰ্যটন ব্যৱস্থাপনা বিভাগতো ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহন বৃদ্ধি পাই অাহিছে ৷ শিক্ষাৰ্থীসকলৰ পাৰদর্শিতা বৃদ্ধিৰ বাবে বিভাগটোৱে লোৱা বিভিন্ন উদ্যোগৰ ২৭ অক্টোবৰ তাৰিখে ROCK ON FIRE Chef প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ছাত্ৰছাত্ৰীসকলেই এই প্ৰতিযোগিতাৰ অায়োজন অাৰু ব্যবস্থাপনা কৰিছিল ৷


প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা প্ৰতিটো দলকে নিৰ্দিষ্ট ৩ঘণ্টাৰ ভিতৰত পাঁচটা কোৰ্চৰ মেনু প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল ৷ প্ৰতিটো দলেই নিজৰ প্ৰস্তুতি সজাই পৰাই পেছাদাৰী দক্ষতাৰে উপস্থাপন কৰিছিল। ৰাজ্যৰ প্ৰিমিয়াম হোটেলত কৰ্মৰত তিনিজন প্ৰশিক্ষিত অাৰু অভিজ্ঞ চেফ ক্ৰমে কাৰ্যবাহী চেফ বিশন সিং নেগী (নভোটেল), চেফ কাঞ্চন আচাৰজী, (ৰেডিছন ব্লু ) আৰু চেফ চাম হুন চাখাপ, (কিৰণশ্ৰী গ্ৰেণ্ড) এই অনুষ্ঠানৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। বিচাৰকৰ ভাষণত চেফ কেইগৰাকীয়ে ছাত্ৰছাত্ৰীসকলক নিজৰ অভিজ্ঞতাৰ প্ৰসংগেৰে পেছাদাৰী মনোভাবেৰে কাম কৰিবলৈ উদগণি যোগায় ৷ অনুষ্ঠানৰ অাৰম্ভণিতে অতিথিকেইগৰাকীক বিশ্ববিদ্যলয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷


বিভাগৰ মুৰব্বী ডাঃ ভোলা চৌৰছিয়াইৰ অাদৰণি ভাষণেৰে সভা অাৰম্ভ হয় ৷ এই প্ৰখ্যাত চেফসকলক ওচৰৰ পৰা লগ পোৱাটো ছাত্ৰছাত্ৰীসকলৰ বাবে ভাবিব নোৱৰা অভিজ্ঞতা অাছিল অাৰু তেওঁলোকে সেই অভিজ্ঞতা উপভোগ কৰিছিল ৷ প্ৰতিযোগিতা অাৰু সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰিছিল অধ্যাপক সদস্য আৰু বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। সভাত বিজয়ী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷

অভিনেতা নিপন গোস্বামীৰ বিয়োগত মন্ত্ৰী অশোক সিংহলৰ গভীৰ শোক প্ৰকাশ…

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত আয়োজিত সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থাৰ বুজ ল’লে মন্ত্ৰী সিংহলে ।

অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল জ্যোতিষ্ক, চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে।

এক শোকবাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰবীণ অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ এক বিৰাট শূণ্যতা নামি আহিল। মন্ত্ৰী সিংহলে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

নিপন গোস্বামীৰ মৃত্যুত জাতীয় পৰিষদৰ শোক

যশস্যী অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ দুখ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অসমীয়া সমাজ আৰু সাংস্কৃতিক জগতলৈ অতুলনীয় বৰঙণি আগবঢ়াই যোৱা গোস্বামীৰ মৃত্যু অসমবাসীৰ বাবে এটা পূৰাব নোৱাৰা ক্ষতি৷ এগৰাকী চিৰসেউজ অভিনেতা হিচাপে সময়ৰ বালিত চিহ্ন এৰি যোৱা গোস্বামীৰ অৱদান অনন্ত কাললৈ স্মৰণীয় হৈ ৰব৷
গগৈ আৰু ভূঞাই লগতে গোস্বামীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে…

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে

প্ৰেমত হৃদয় চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত নতুনকৈ ভালপোৱাৰ সম্পৰ্ক কৰিবলৈ আগবাঢ়িছে উৰ্বশী ৰৌতেলা‌ই ।

সামাজিক মাধ্যমত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰাম পথিনেনীৰ লগত ফটো পোষ্ট কৰাৰ পিছতে অনুৰাগী সকলে ইতিবাচক আৰু নেতিবাচক কমেণ্ট কৰে ।

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি…

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি দিছে।

এতিয়াৰে পৰা দেশ খনত ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম (১ অ’জ) পৰ্যন্ত ভাং লগত ৰখাৰ অনুমতি দিয়া হ’ব। অনুজ্ঞাপ্ৰাপ্ত দোকান আৰু ফাৰ্মাচীবোৰে ভাং বিক্ৰী কৰিব পাৰিব।

অৱশ্যে এই সিদ্ধান্তটো এতিয়াও সংসদত গৃহীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ’ব পাৰে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

নেডাৰলেণ্ডত ডাচ্চ আইনৰ অধীনত, “কফি শ্বপ”ত কম পৰিমাণৰ গাঁজা বিক্ৰী কৰা হয়।

জাৰ্মানীয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককঘৰত গাঁজা গছৰ খেতিৰ অনুমতি দিব।

বগৰী খালে শৰীৰৰ কি কি লাভ হয় জানো আহক…

বগৰীত ভিটামিন চি.ডি, ই পটাছিয়াম, মেগনেছিয়াম, জিংক, ফলেট ফাইবাৰ, এন্টিঅক্সিডেন্ট আদি বিভিন্ন উপাদানসমূহ পােৱা যায়।

★বগৰী উচ্চ ৰক্তচাপৰ বাবে অতি উপকাৰী।

★বগৰী খালে তেজৰ চলাচল নিয়মীয়াকৈ ৰাখে।

★হাড় মজবুত কৰে, বগৰীৰ সাহটোৱে ডাইবেটিছ ৰােগৰ বাবে হােৱা নিৰ্ভৰ দুর্বলতা দূৰ কৰিব পাৰে।

★বগৰীত থকা উপকাৰী উপাদানে শৰীৰত ৰােগ প্ৰতিৰােধ কৰিব পাৰে।

★ বগৰীয়ে বল, বীর্য বৃদ্ধি কৰে, দূষিত তেজ পৰিষ্কাৰ কৰে।

★শৰীৰ গৰম হলে বগৰী খালে শীতল হয়।

★বগৰীৰ কুমলীয়া পাত সৈন্ধৱ লােণৰ লগত ভাজি খালে স্বৰভঙ্গ ৰােগ নিৰাময় হয়।

★ শুকান বগৰীয়ে পিত্তৰ বাবে হােৱা প্রদাহ, ক্ষয় ৰােগ নিৰাময় কৰিব পাৰে।

★ বগৰী খালে কোষ্ঠকাঠিন্য দূৰ কৰে, বগৰীৰ চৰৱতে শৰীৰ সতেজ কৰে।

★ বগৰীৰ কুমলীয়া পাত পিহি চুলিত লগালে চুলি সুন্দৰ আৰু উজ্জ্বল মিহি হৈ পৰে।

★বগৰীৰ কুমলীয়া পাত, মধুৰী আমৰ কুমলীয়া পাত আৰু কাচকলৰ আঞ্জা কৰি খালেও ডায়েৰীয়া নিৰাময় হয়।

অহা ২ নৱেম্বৰত প্ৰদান কৰা হ’ব “মিতালি ভূঞা সোঁৱৰণী বঁটা ২০২২”। গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেলযোগে প্ৰকাশ ৰাইজে নিৰ্বাচিত কৰা বঁটাপ্ৰাপকৰ নাম।

মিতালি ভূঞা ফাউণ্ডেছনৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি প্ৰকাশনৰ সহযোগত অসমৰ প্ৰথমগৰাকী নটাৰী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, জীৱপ্ৰেমী মিতালি ভূঞাৰ সোঁৱৰণত দিব বিচৰা ”মিতালি ভূঞা সোঁৱৰণী বঁটা ২০২২”ৰ বিজয়ীসকলৰ নাম ফাউণ্ডেছনে ঘোষণা কৰিছে।

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি ফাউণ্ডেছনৰ তৰফৰ পৰা মেনেজিং ট্ৰাষ্টী দেৱজিত ভূঞা আৰু কমল কটকীয়ে প্ৰকাশ কৰে বিজয়ীসকলৰ নাম।

উল্লেখ্য যে ফেচবুক, টুইটাৰ,ইনষ্টাগ্ৰাম আদি ছোচিয়েল মিডিয়াৰ জৰিয়তে মনোনয়ন বিচাৰি ৰাইজৰ মতামত লোৱা হৈছিল। তাৰ ভিত্তিত এইসকল বিজয়ী নিৰ্বাচিত কৰা হৈছে।

১. জীৱনজোৰা সাধনা বঁটাঃ ডাঃ অমল চন্দ্ৰ কটকী

২. মানৱদৰাদী চিকিত্সক বঁটাঃ ডাঃ নৰেন্দ্ৰ নাথ দত্ত

৩. লৌহ মানৱী বঁটাঃ শ্ৰীমতি ভায়লেট বৰুৱা

৪. মানৱদৰদী অভিযন্তা বঁটাঃ চফিউৰ ৰহমান শইকীয়া

৫. দুখীয়াৰ বন্ধু অধিবক্তা বঁটাঃ শান্তনু বৰঠাকুৰ

৬. জীৱবন্ধু বঁটাঃ ডাঃ স্মৃতিৰেখা দত্ত

৭. কুকুৰৰ বন্ধু বঁটাঃ সহায় (এনজিও)

৮. মহিলা উদ্যোগী বঁটাঃ ৰূপজ্যোতি শইকীয়া গগৈ

অহা ২ নৱেম্বৰ ২০২২ত গুৱাহাটীৰ জিলা পুথিভৰালতস্থিত জয়ন্তবৰুৱা-লখিমী বৰুৱা ভৱনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটাসমুহ প্ৰদান কৰা হ’ব। একেটা অনুস্থানতে কেইবাগৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হব। তেওঁলোক হৈছে ক্ৰমে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয় অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, জাংগল ট্ৰেভলছৰ স্বত্বাধিকাৰী জাহ্নৱী ফুকন, নেডফিৰ জেনেৰেল মেনেজাৰ অলি বৰা, ডাউনটাউন বিশ্ববিদ্যালয় আৰু ডাউনটাউন গ্ৰুপৰ সঞ্চালিকা ময়ুৰাক্ষী দত্ত, জনপ্ৰিয় আৰ.জে. সুজিতা দাস, বৰঠাকুৰ আইএএছ একাডেমীৰ সঞ্চালিকা বন্দনা বৰঠাকুৰ, বিশিষ্ট উদ্যোগী মহিলা তথা প্ৰতিশ্ৰুতি মাহেকীয়া আলোচনীৰ স্বত্বাধিকাৰী দৰ্শনা বৰুৱা থমাছ।

‘আ’কাৰ ‘ই’কাৰহীন কবিতাপুথি ‘কৰতল কমল’ৰ দ্বিতীয় সংস্কৰণ উন্মোচন

অভিযন্তা ,কবি , সাহিত্যিক দেৱজিৎ ভূঞাৰ ‘আ’কাৰ , ‘ই’কাৰ , ‘উ’কাৰ বিহীন কবিতাপুথি ‘কৰতল কমল’ৰ দ্বিতীয় সংস্কৰণ আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । পুথিখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বিশিষ্ট সাহিত্যিক ডঃ জগদীশ পাটগিৰিয়ে । গ্রন্থখন উন্মোচন কৰি ডঃ পাটগিৰিয়ে কয়-‘ দেৱজিৎ ভূঞাই অভিনৱ শৈলীৰে কবিতা পুথিখন লিখিছে । কবিতা কেইটাত ধ্বনি ,মাত্ৰা, লয় বিদ্যমান । পুথিখন অন্য কবিতা পুথিত কৈ কিছু পৃথক । পাঠক ৰাইজে পুথিখনত অন্য সোৱাদ বিচাৰি পাব ।’ প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিল্পী কমল কটকী । অনুষ্ঠানটোৰ আঁত ধৰে অবিনাশ শৰ্মাই ।

আজি প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ইৰফান পাঠানৰ জন্মদিন…

প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ ইৰফান পাঠানক অলপতে লেজেণ্ডছ লীগ আৰু ৱৰ্ল্ড ৰোড চেফটি চিৰিজত খেলি থকা দেখা গৈছিল। গুজৰাটৰ বৰোদাত জন্মগ্ৰহণ কৰা ইৰফান পাঠানে আজি তেওঁৰ ৩৭ তম জন্মদিন উদযাপন কৰিছে। ইৰফানে তেওঁৰ বলৰ লগতে বেটৰ সৈতে সুন্দৰখেলিছিল।

ইৰফানৰ সুন্দৰভাৱে চুইং কৰাৰ ক্ষমতা আছিল। এই বাওঁহাতৰ অলৰাউণ্ডাৰে বেটছমেনসকলক তেওঁৰ বলৰে লৰচৰ কৰিছিল। সেইবোৰৰ সৈতে সম্পৰ্কিত কিছুমান বিশেষ ৰেকৰ্ড আহক।

টেষ্ট ক্ৰিকেটৰ বিশেষ অভিলেখ

টেষ্ট মেচৰ প্ৰথম অভাৰত ইৰফান পাঠানে হেট্ৰিক লয়। ইৰফান এনে কৰা প্ৰথম বলাৰ। তেওঁ ২০০৬ চনত পাকিস্তানৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত এই কৃতিত্ব কৰিছিল।

ইৰফান হৈছে টেষ্ট মেচত ১০ টা উইকেট লোৱা ৯ম কনিষ্ঠতম খেলুৱৈ। তেওঁ 20 বছৰ, 44 দিন বয়সত এই কৃতিত্ব কৰিছিল।

এদিনীয়া ক্ৰিকেটত দ্ৰুততম ১০০ টা উইকেট লোৱাৰ ক্ষেত্ৰত ইৰফান ১৩ নম্বৰত আহিছে। একে সময়তে, তেওঁ ভাৰতীয় খেলুৱৈসকলৰ মাজত চতুৰ্থ নম্বৰ লাভ কৰিছে।