Home Blog Page 2027

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বৰালআলগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷

ইতিমধ্যে গাড়াখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল বিঘাই বিঘাই কৃষি ভূমিৰ লগতে বাসগৃহ।

দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ নিলগৰ বৰালআলগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে গাড়াখহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল বিঘাই বিঘাই কৃষি ভূমিৰ লগতে বাসগৃহ। গড়াখহনীয়াৰ কৱলত পৰি ইতিমধ্যে বৰ্মন লোক সকল নিচ্ছিন্ন হৈ অঞ্চলটোৰ পৰা আন ঠাইলৈ আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে যদিও বৰ্তমান কেইটামান পৰিয়ালৰ আছে অঞ্চলটোত বসবাস কৰি আছে৷ পৰিয়াল কেইটাও বৰ্তমান গড়াখহনীয়াৰ কৱলত পৰি বিনিদ্ৰ ৰজনীৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৷ ক’ত যাব কি কৰিব ইয়াকলৈ চিন্তাত হৈ পৰিছে ৷ বিগত ২/৩ বছৰে ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই এনেদৰে অঞ্চলটোত তাণ্ডৱ চলাই অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি নেৱাজেচপুৰ বৰ্মনপাৰা গাৱঁৰ প্ৰতি চৰম ভাবুকি আহিছে বুলি অভিযোগ উত্থাপন কৰি স্থানীয় সাংসদ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈছে উক্ত অঞ্চলৰ ৰাইজ ৷ সাংবাদিকৰ কেমেৰ সন্মুখতে হুকহুকাই কান্দিলে এগৰাকী বৃদ্ধা মহিলাই ৷

কৰ্ণাটকৰ হাছান জিলাত মৰ্মান্তিক পথ দুৰ্ঘটনা, টেম্প’-টেংকাৰ-বাছৰ সংঘৰ্ষত ৯ জন নিহত

আৰক্ষীৰ মতে, শিৱমোগগা অভিমুখে গৈ থকা ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনে টেম্পোত খুন্দা মাৰে। টেম্পো চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা দুগ্ধ পৰিবাহী টেংকাৰখনত খুন্দা মাৰে।

কৰ্ণাটকৰ হাছান জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত ৯ জন লোক নিহত হয়। আৰক্ষীৰ মতে, আৰ্চিকেৰ তালুকৰ গান্ধীনগৰৰ সমীপত ধৰ্মস্থল, সুব্ৰমণ্য, হাছানম্বাৰ মন্দিৰ পৰিদৰ্শন কৰি ঘৰলৈ উভতি অহাৰ সময়ত এখন যাত্ৰীবাহী টেম্পো, কে এছ আৰ টি চি বাছ আৰু কে এম এফৰ দুগ্ধ পৰিবাহী বাহনত সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পেলোৱা ৯ জন লোকৰ ভিতৰত ৪ টা শিশুও আছে, আনহাতে ১০ জন লোক আহত হৈছে। শনিবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা।

নিহত আটাইকেইজন টেম্প’ত আছিল, যিখন বাছ আৰু দুগ্ধ পৰিবাহী টেংকাৰৰ মাজত সোমাই পৰিছিল। সূত্ৰই জনোৱা মতে, ইয়াৰে ৬ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ যোৱাৰ পথত ৩ জন আঘাতপ্ৰাপ্ত হয়। আহতসকল নিকটৱৰ্তী এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে হাছান আৰক্ষী অধীক্ষক হৰিৰাম শংকৰ আৰু উচ্চপদস্থ বিষয়াসকলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সকলো প্ৰয়োজনীয় পদ্ধতি মানি চলাটো নিশ্চিত কৰে।

আৰক্ষীৰ মতে, শিৱমোগগা অভিমুখে গৈ থকা ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনে টেম্পোত খুন্দা মাৰে। টেম্পো চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা দুগ্ধ পৰিবাহী টেংকাৰখনত খুন্দা মাৰে। ফলত বাছ আৰু টেংকাৰৰ মাজত টেম্পোখনক থেতেলিয়াই পেলালে। ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা, য’ত চাৰিলেনযুক্ত পথ বহল কৰাৰ কাম চলি আছে। পথত ডাইভাৰচন সন্দৰ্ভত বিভ্ৰান্তি দুৰ্ঘটনাৰ অন্যতম কাৰণ বুলি অনুমান কৰা হৈছে। বাছখনত বহি থকা একাংশ যাত্ৰীও আঘাতপ্ৰাপ্ত হয়। আহতসকলৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইয়ে টুইট কৰি কয় যে, “কালি হাছান জিলাৰ আৰ্ছিকেৰেত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰটোৱে মৰ্মাহত কৰিছে। বিদেহ আত্মাই চিৰশান্তি লাভ কৰক। মৃতকৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ উচিত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।”

সংযুক্তা দত্তৰ “পলাশ”ৰ ৰেচমী মেখেলা চাদৰ পিন্ধি ৰেম্পত বলিউডৰ অভিনেত্ৰী ভাগ্যশ্ৰী

নব্বৈৰ দশকত “মেইনে প্যাৰ কিয়া” ছবিখনত নায়িকাৰ অভিনয়ৰে দেশে-বিদেশে আলোড়নৰ সৃষ্টি কৰা তথা বলিউডৰ সৌন্দৰ্যৰ ৰাণী হিচাপে জনপ্ৰিয় হৈ পৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰীয়ে আজি বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তৰ মেখেলা চাদৰ পিন্ধি খোজ দিলে ৰেম্পত ।

মুম্বাইত অনুষ্ঠিত লেকমে ফেশ্বন শ্ব’ত অসমৰ চহকী ৰেচমী সূতাৰে পৰম্পৰাগত আৰু আধুনিকতাৰ আকৰ্ষণীয় সংমিশ্ৰণেৰে থলুৱা তাঁতশালত প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ডিজাইন ” পলাশ” শীৰ্ষক চাদৰ মেখেলা পিন্ধি ভাগ্যশ্ৰীয়ে ৰেম্পত দিয়া কেট ৱাক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে । “পলাশ” ৰ কলাৰঙী মেখেলা চাদৰ যোৰে ৰেম্পত ভাগ্যশ্ৰীক পুনৰবাৰ সৌন্দৰ্যৰ ৰাণী হিচাপে উজলাই তোলে । ” অসমৰ থলুৱা বস্ত্ৰসম্ভাৰক দুহাতৰ পৰশৰে প্ৰাণ দি অতি নিটোল ৰূপত তৈয়াৰ কৰা ৰেচমী মেখেলা চাদৰৰ স্ৰষ্টা ডিজাইনাৰ সংযুক্তা দত্তৰ সৈতে সংযুক্ত হৈ পাই নিজকে ধন্য মানিছো । অসমৰ বহু থলুৱা শিপিনীক এখন নিৰাপদ কৰ্মক্ষেত্ৰৰ বাট মুকলি কৰি দিয়া সংযুক্ত দত্তৰ এই প্ৰয়াস নিঃসন্দেহে শলাগ লবলগীয়া । ডিজাইনাৰ সংযুক্তা দত্তলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত যেন এই যাত্ৰা অধিক ফলপ্ৰসু হয় ।”—ৰেম্পত কেট ৱাক কৰাৰ পাছতে অসম কন্যা সংযুক্তাৰ ডিজাইন সন্দৰ্ভত এনদৰে প্ৰশংসাত গদ গদ হৈ পৰে একালৰ বলিউদৰ সৌন্দৰ্য ৰাণী ৰূপে খ্যাত অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ।

ইপিনে, ভাগ্যশ্ৰীয়ে তেওঁৰ ডিজাইনৰ মেখেলা চাদৰ পিন্ধি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দিয়াটো জীৱনৰ এক চিৰস্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰি সাম্প্ৰতিক বিশ্বৰ ফেশ্বন ডিজাইন জগতখনৰ অন্যতম ব্যস্ত ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই কয় : এয়াতো মোৰ বাবে অন্যতম সফল প্ৰাপ্তি । মোৰ ডিজাইনৰ অভিনৱ সম্ভাৰ “পলাশ”ৰ মেখেলা চাদৰ পিন্ধি লেকমী ফেশ্বন উইকৰ ৰেম্পত খোজ দিছে বলিউডৰ সৌন্দৰ্য ৰাণী ভাগ্যশ্ৰী—ইয়াতকৈ আৰু সুখৰ উৎস আন কি হ’ব পাৰে ! এনে এখন বিশ্বৰ আগশাৰীৰ মঞ্চত অসমৰ চিৰযুগমীয়া বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰিব পোৱাটো অসমবাসীৰ বাবেই এক বৰ্ণিল সুযোগ বুলি লগতে মন্তব্য কৰে ডিজাইনাৰ দত্তই ।


শাৰদীয় দুৰ্গাপূজা, দিপাৱলী আদি উৎসৱকালীন ঋতুৰ সৈতে সম্পৰ্ক ৰাখি প্ৰস্তুত কৰা সংযুক্তা দত্তৰ শেহতীয়া ফেশ্বন ব্ৰেণ্ড হৈছে পলাশ । পৰম্পৰাগত ভাৰতীয় সাজ সজ্জাক আধুনিকতাৰ পৰশেৰে নানা ৰঙী ৰূপত প্ৰস্তুত কৰা হৈছে পলাশৰ অগতানুগতিক ৰেচমী বস্ত্ৰ সম্ভাৰ । ভাৰতীয় কৃষ্টি সংস্কৃতিৰ সৈতে নিভাঁজ সম্পৰ্ক ৰাখি ঘাইকৈ কমলা, ৰঙা, বেঙুণীয়া আৰু ক’লা ৰঙত সকলো ভাৰতীয়ৰে মন মুহিব পৰাটো সংযুক্তাৰ শেহতীয়া ব্ৰেণ্ড পলাশৰ মূল বৈশিষ্ট্য । প্ৰসংগক্ৰমৰ উল্লেখ কৰিব পাৰি যে
অভিযন্তাৰ স্নাতক ডিগ্ৰীধাৰী তথা ৰাজ্য চৰকাৰৰ লোভনীয় চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ দৰে অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে । সমান্তৰালভাৱে ডিজাইনাৰ সংযুক্তা দত্তই অসমৰ থলুৱা শিপিনীক দিছে আত্মনিৰ্ভৰশীলতাৰ এখন নিৰাপদ কৰ্মক্ষেত্ৰ । বলিউডৰ প্ৰখ্যাত-জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্ত্তত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই । একক- অনন্য- অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ অন্যতম প্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকতো ইতিমধ্যে অসম কন্যা সংযুক্তা দত্তই নিজৰ খ্যাতি সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।

পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী সুন্দৰ শ্যাম অৰোৰাক গ্ৰেপ্তাৰ, ভিজিলেন্স বিষয়াক এক কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগ

পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী সুন্দৰ শ্যাম অৰোৰাই এ আই জি মনমোহন কুমাৰক ৫০ লাখ টকা উৎকোচ দিয়াৰ অভিযোগত ভিজিলেন্স ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছে।

ভিজিলেন্সৰ তদন্ত সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পঞ্জাৱৰ ভিজিলেন্স ব্যুৰোৱে জনোৱা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত এফ আই আৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তৰ পৰা ৫০ লাখ টকা উৎকোচ ধন উদ্ধাৰ কৰা হৈছে। ভিজিলেন্স ব্যুৰো পঞ্জাৱৰ মুখ্য সঞ্চালক ভি কুমাৰে এক মিডিয়া ব্রিফিঙত কয় যে, “আমাৰ দলটোৱে সুন্দৰ শ্যাম অৰোৰাক উৎকোচ দি থকাৰ সময়ত হাতে-লোটে ধৰি ৮ নং ধাৰা (দুর্নীতি প্ৰতিৰোধ আইন)ৰ অধীনত গ্ৰেপ্তাৰ কৰে; লগতে উদ্ধাৰ কৰা হৈছে ৫০ লাখ টকাৰ উৎকোচৰ ধনৰাশি। আমি আজি অভিযুক্ত প্ৰাক্তন মন্ত্ৰীজনক আদালতত হাজিৰ কৰিম আৰু জেৰাৰ বাবে ৰিমাণ্ড বিচাৰিম।”

ভিজিলেন্স ব্যুৰোৰ মুখ্য সঞ্চালক বৰিন্দৰ কুমাৰে জনোৱা মতে, অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত তদন্তৰ সন্মুখীন হৈ থকা প্ৰাক্তন মন্ত্ৰী এছ এছ অৰোৰাই যোৱা ১৪ অক্টোবৰত তেওঁক সাক্ষাৎ কৰি তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ভিজিলেন্স তদন্তত অনুকূলতা বিচাৰি এ আই জি মনমোহন কুমাৰক উৎকোচ দিয়া বুলি অভিযোগ কৰে। পিছদিনা অৰ্থাৎ ১৫ অক্টোবৰত ৫০ লাখ টকা দিয়াৰ লগতে বাকী থকা ধনৰাশি পৰৱৰ্তী সময়ত দিয়াৰ প্ৰস্তাৱ দিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। ৫০ লাখ টকাৰ অগ্ৰিম ধন লৈ তেওঁ আহি মোহালীত উপস্থিত হয়।

অৰোৰাক জিৰাকপুৰৰ কাছমো মলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছতে শনিবাৰে নিশা প্ৰায় ১১ বজাত ভিজিলেন্সৰ এটা দলে তেওঁৰ হোছিয়াৰপুৰৰ ঘৰত উপস্থিত হৈ ২:৩০ ঘণ্টা তালাচী অভিযান চলায়। পঞ্জাৱৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী সাধু সিং ধৰ্মসত, ভাৰত ভূষণ আশ্বুকে ধৰি কেইবাজনো নেতাক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। বহু প্ৰাক্তন মন্ত্ৰী ভিজিলেন্সৰ ৰাডাৰত আছে বুলি প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে সুন্দৰ শ্যাম অৰোৰাই বিজেপিত যোগদান কৰিছিল। কেপ্তেইনে নিজৰ দল পঞ্জাৱ লোক কংগ্ৰেছক বিজেপিৰ সৈতে একত্ৰিত কৰে।

প্ৰাক্তন মন্ত্ৰী এছ এছ অৰোৰাই উৎকোচ দি থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই ভিজিলেন্সৰ দলে

আচলতে, মনমোহন কুমাৰ হাৰিয়ানাৰ হোছিয়াৰপুৰ চহৰৰ বাসিন্দা। তেওঁৰ সৰু ভাতৃও পঞ্জাৱ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক। যিহেতু মনমোহন কুমাৰ এজন স্থানীয় লোক, সেয়েহে এছ এছ অৰোৰা তেওঁৰ লগত সুপৰিচিত। এই কাৰণতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে মনমোহনৰ সৈতে যোগাযোগ কৰে। অৰোৰাই ১৪ অক্টোবৰত চণ্ডীগড়ত মনমোহন কুমাৰক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। সেই সময়তে তেওঁ এটা অসমতাপূৰ্ণ গোচৰত, উক্ত গোচৰটো বন্ধ কৰিবলৈ ১ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱ আগবঢ়ায়। কাম শেষ হোৱাৰ পিছত পঞ্চাশ লাখ টকা আৰু আগতীয়াকৈ পঞ্চাশ লাখ টকা দিয়াৰ কথা চৰ্চা হৈছিল।

এছ এছ অৰোৰা যোৱাৰ পিছত মনমোহন কুমাৰে সকলো তথ্য মুখ্য ভিজিলেন্স বিষয়াক প্ৰদান কৰে। ইয়াৰ পিছত লিখিত অভিযোগ দাখিল কৰে। তাৰ পিছত পৰিকল্পনা অনুসৰি শনিবাৰে সুন্দৰ শ্যাম অৰোৰাক জিৰকপুৰলৈ মাতি অনা হয়। শনিবাৰে সন্ধিয়া এ আই জি মনমোহন কুমাৰক ফোন কৰি এছ এছ আৰোৰাই কয় যে মই উৎকোচৰ টকা লৈ আহিছো। ডিজিপি অজয় কপিলাই এটা দল গঠন কৰি ব্যৱস্থা গ্ৰহণ কৰে। সমগ্ৰ কমাণ্ডটো স্বয়ং মনমোহন কুমাৰে নিজৰ হাতত লৈছিল আৰু অৰোৰাই ৫০ লাখ উৎকোচ দিয়াৰ লগে লগে ভিজিলেন্সৰ দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰে।

দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত MBBS পাঠ্যক্ৰমৰ শুভাৰম্ভ মধ্যপ্ৰদেশত

”মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে দেশত প্ৰথমে হিন্দী ভাষাত চিকিৎসা শিক্ষা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সপোন পূৰণৰ কৰিলে।”

আজি দেশত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত হিন্দী ভাষাত MBBS পাঠ্যক্ৰম আৰম্ভ কৰা হয়। দেওবাৰে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে এই পাঠ্যক্ৰম উন্মোচন কৰে। ভূপালৰ লাল পেৰেড খেলপথাৰত আয়োজিত অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰ তথা আন নেতাসকলৰ উপস্থিতি পাঠ্যক্ৰম মুকলি কৰা হয়।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, ”ভাৰতৰ শিক্ষা খণ্ডৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। ইতিহাসৰ পাতত সোণালী আখৰেৰে খোদিত কৰা হ’ব এই দিনটো। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। এয়া এক ঐতিহাসিক সিদ্ধান্ত। মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে দেশত প্ৰথমে হিন্দী ভাষাত চিকিৎসা শিক্ষা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সপোন পূৰণৰ কাম কৰা বুলি গৌৰৱ অনুভৱ কৰিছোঁ।”

শ্বাহে বিশ্বৰ শিক্ষাবিদসকলে মাতৃভাষাৰ শিক্ষাক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি ভাৰততো মেডিকেল, ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট আৰু আইন অধ্যয়ন হিন্দীৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মাতৃভাষাত হ’ব বুলি প্ৰকাশ কৰে।

মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে হিন্দী মাধ্যমত পঢ়া আমাৰ গ্রাম্য অঞ্চলৰ ল’ৰা-ছোৱালীয়ে ইচ্ছা কৰিলেও ডাক্তৰ হ’ব পৰা নাই, কাৰণ ইংৰাজী ভাষা তেওঁলোকৰ সপোন পূৰণৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে৷ এতিয়া হিন্দী মাধ্যমৰ শিশুৱেও মধ্যপ্ৰদেশত চিকিৎসক হ’ব পাৰিব।

উল্লেখ্য, মধ্যপ্ৰদেশ চিকিৎসা শিক্ষা বিভাগৰ জৰিয়তে এমবিবিএছ প্ৰথম বৰ্ষৰ তিনিটা বিষয় এনাটমী, ফিজিঅ’লজি আৰু বায়’-কেমিষ্ট্ৰীৰ হিন্দী অনুবাদ কৰা হৈছে।

অভিনেত্ৰী বৈশালী তক্কাৰৰ মৃত্যুৰ পাছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ টেলিভিচন জগতত,
প্ৰেমৰ সম্পৰ্কৰ বাবে আত্মহত্যা কৰিছিল নেকি বৈশালীয়ে?

বৈশালী তক্কৰ আত্মহত্যাঃ টিভি জগতত নাম অৰ্জন কৰাৰ উপৰিও বৈশালী ছ’চিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয় আছিল। বৈশালীৰ বহুতো ধেমেলীয়া ভিডিঅ’ তাইৰ সামাজিক মাধ্যমৰ প্ৰফাইলত দেখা যায়। তেওঁৰ অন্তিম ভিডিঅ’টো চাওক। বৈশালী তক্কৰ আত্মহত্যাৰ বাতৰিঃ বিখ্যাত টিভি অনুষ্ঠান ইয়ে ৰিস্তা ক্যা কেহলাতা আৰু সসুৰাল চিমাৰ কাত কাম কৰা অভিনেত্ৰী বৈশালী ঠাক্কৰ (বৈশালী তক্কাৰ)ৰ মৃত্যুৰ বাতৰিৰ বাবে সমগ্ৰ উদ্যোগটোত শোকৰ পৰিৱেশ দেখা গৈছে। কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে আৰক্ষীয়ে এটা চুইচাইড নোট বিচাৰি পাইছে। আৰু বাতৰিটোত এইটোও কোৱা হৈছে যে তেওঁ প্ৰেমৰ সম্পৰ্কৰ বাবে এই পদক্ষেপ লৈছে। বৈশালীয়ে ২০১৫ চনত ষ্টাৰ প্লাছৰ ধাৰাবাহিক ‘ইয়ে ৰিস্তা ক্যা কেহলাতাৰ’ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল।

বৈশালী বহুতো টিভি অনুষ্ঠানত দেখা গৈছিল। তাইক সসুৰাল চিমাৰত তাইৰ চৰিত্ৰৰ বাবে এটা বঁটাও প্ৰদান কৰা হৈছিল। তেওঁ এই ধাৰাবাহিকখনৰ বাবে নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সোণালী পাহিবঁটা লাভ কৰিছিল। টিভি জগতত সুনাম অৰ্জন কৰাৰ উপৰিও, বৈশালী ছ’চিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয় আছিল। বৈশালীৰ বহুতো ধেমেলীয়া ভিডিঅ’ তাইৰ সামাজিক মাধ্যমৰ প্ৰফাইলত দেখা যায়। বৈশালীৰ শেষ ভিডিঅ’টো লৈ চাওঁতে, যিটো বুদবুদীয়া আৰু প্ৰফুল্ল দেখায়, তাইৰ জীৱনত কিছু সমস্যা চলি আছে বুলি অনুমান কৰিব নোৱাৰি। তেওঁৰ অন্তিম ভিডিঅ’টো পাঁচ দিন আগৰ। যিটো দেখি বলৈ পোৱাটো সঁচাকৈয়ে দুখজনক, এই ভিডিঅ’টোত, তাই ধেমেলীয়াধৰণে মৃত্যুৰ কথা কৈআছে। কিন্তু কোনে জানিছিল যে তাই সঁচাকৈয়ে তাইৰ জীৱন এনেদৰে শেষ কৰিব?

দুখৰ ওপৰত দুখ উৰ্বশী ৰৌতেলাৰ: ভাষণ চুৰি কৰাৰ অভিযোগত পুনৰ ভয়ানক ট্ৰ’ল,সমালোচনাৰ সন্মুখীন হ’ল উৰ্বশী ৰৌতেলা

উৰ্বশী ৰৌতেলা ট্ৰল: উৰ্বশী ৰৌতেলা পুনৰ ট্ৰ’লৰ সমালোচনাৰ সন্মুখীন হৈছে, এতিয়া টিইডিএক্স ৰ ভাষণ চুৰি কৰাৰ অভিযোগ
উৰ্বশীৰ ‘হৃদয় ভঙা পোষ্ট’ ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে সংযুক্ত কৰা হৈছিল, সেয়েহে এইবাৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ টিইডিএক্স ভাষণৰ বাবে আলোচনাত আছে। উৰ্বশীৰ বিৰুদ্ধে টেডএক্স ভাষণ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলা কিছু সময়ৰ পৰা নিৰন্তৰ ট্ৰ’লৰ লক্ষ্যত আছিল। উৰ্বশীৰ সামাজিক মাধ্যমৰ পোষ্টবোৰ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু তাইক কোনো না কোনো কাৰণত বহুত ট্ৰ’ল কৰা হৈছে। শেহতীয়াকৈ, য’ত উৰ্বশীৰ ‘হৃদয় ভঙা পোষ্ট’ ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে সংযুক্ত কৰা হৈছিল, এইবাৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ টেডেক্স ভাষণৰ বাবে আলোচনাত আছে। উৰ্বশীৰ বিৰুদ্ধে টেডএক্স ভাষণ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ পিছত তেওঁক ট্ৰ’ল কৰা হৈছে।

গোটেই বিষয়টো কি
মনত পেলাবলৈ, উৰ্বশী ৰৌতেলাৰ টিইডিএক্স ভিডিঅ’ এই মাহৰ আৰম্ভণিতে পোহৰলৈ আহিছিল, যদিও সেই সময়ত ইয়াক বেছি আলোচনা কৰা হোৱা নাছিল, কিন্তু এতিয়া উৰ্বশীৰ বিৰুদ্ধে ভাষণ চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল আচৰিত হৈছে যে তেওঁলোকে টিইডিএক্স টকত তেওঁলোকৰ ভাষণ প্ৰতিলিপি কৰিছে। কোৱা হৈছে যে উৰ্বশীৰ ভাষণ টো ইছাবেল আলেন্দে, চিমাণ্ডা নগজি আদিচি, ডেনিয়েল এইচ পিংক, ব্ৰেইন ব্ৰাউনৰ দৰে বহুতো ডাঙৰ বক্তাৰ প্ৰতিলিপি।

তেওঁৰ ওপৰত পোষ্টটো নকল কৰাৰ অভিযোগ আছিল।
এনে অভিযোগৰ বাবে উৰ্বশী প্ৰথমবাৰৰ বাবে বাতৰিলৈ অহা নাই। ইয়াৰ আগতে ছেপ্টেম্বৰ 2018-ত, উৰ্বশী ৰৌতেলা এটা পোষ্ট নকল কৰাৰ বাবে বাতৰিলৈ আছিল। উৰ্বশীয়ে তাইৰ এটা ইনষ্টা পোষ্ট নকল কৰিছিল, চুপাৰমডেল গিগি হাদিদৰ পোষ্টটো ঠিক। অৱশ্যে, ট্ৰ’ল হোৱাৰ পিছত, উৰ্বশীয়ে ইয়াক তেওঁৰ দলৰ দোষ বুলি অভিহিত কৰিছিল।

বলীউডত নহয় এইবাৰ দক্ষিণভাৰতৰ তাৰকাৰ সৈতে চলচ্চিত্ৰ নিৰ্মাণ কৰিব এম.এছ. ধোনীয়ে, আপুনি চলচ্চিত্ৰ খন চাবলৈ সাজুনে?

মহেন্দ্ৰ সিং ধোনীৰ সৈতে সম্পৰ্কিত এটা বাতৰি ওলাইছে, যিয়ে চিনেমা প্ৰেমীসকলকো সুখী কৰিব। এম এছ ধোনীয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ দুজন ডাঙৰ তাৰকাৰ সৈতে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু কেপ্টেইন কুল বুলি কোৱা মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীসকল তেওঁৰ সৈতে সম্পৰ্কিত বিষয়বোৰক লৈ সদায় উৎসাহিত হৈ থাকে। ধোনীৰ ফটো আৰু ভিডিঅ’ প্ৰায়ে সামাজিক মাধ্যমত ভাইৰেল হয়। ধোনীৰ লগতে অনুৰাগীসকলে তেওঁৰ জীয়েক জিভা আৰু পত্নী সাক্ষীকো যথেষ্ট মৰম দিয়ে। ইফালে, ধোনীৰ সৈতে সম্পৰ্কিত এটা বাতৰি ওলাইছে, যিয়ে চিনেমা প্ৰেমীসকলকো শুনি সুখী কৰিব। এম এছ ধোনীয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ দুজন ডাঙৰ তাৰকাৰ সৈতে এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে।

দক্ষিণ তাৰকাৰ সৈতে ধোনী
দৰাচলতে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মাহীয়ে শীঘ্ৰেই চিনেমাৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাইছে। কোৱা হৈছে যে ধোনীয়ে দক্ষিণ উদ্যোগৰ পৰা তেওঁৰ চলচ্চিত্ৰ আৰম্ভ কৰিব আৰু তেওঁৰ প্ৰথম প্ৰকল্পত, ধোনীয়ে দক্ষিণৰ চুপাৰষ্টাৰ অভিনেতা থালাপতি বিজয় আৰু মহেশ বাবুক কাষ্ট কৰাৰ পৰিকল্পনা কৰিছে। এজন প্ৰযোজক হিচাপে, ধোনীয়ে তেওঁৰ চলচ্চিত্ৰখনত মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা পৃথ্বীৰাজ সুকুমাৰন আৰু কানাড়া উদ্যোগৰ পৰা কিচ্চা সুদীপক কাষ্ট কৰাৰ প্ৰস্তুতি চলাইআছে।

ধোনীয়েও নিজেও অভিনয় কৰিব!
মনত পেলাবলৈ, কিছু সময় আগতে, বাতৰি আহিছিল যে ধোনীয়ে তেওঁৰ প্ৰথম খন ছবিত অভিনেত্ৰী নয়নথাৰাকো কাষ্ট কৰিব, কিন্তু এনে হোৱা দেখা নাযায়। চিএনবিচি নিউজ১৮ৰ এক প্ৰতিবেদন অনুসৰি, ধোনীৰ আই পি এল দল চেন্নাই চুপাৰ কিংছৰ সৈতে সম্পৰ্কিত এক সূত্ৰই কৈছিল যে মাহীক নিজেও থালাপতি বিজয়ৰ ছবিখনত কেমিঅ’ কৰা দেখা যাব পাৰে। ধোনীক চলচ্চিত্ৰত এজন অভিনেতা হিচাপে দেখাটো প্ৰতিজন অনুৰাগীৰ সপোন হ’ব – সঁচা পৰিস্থিতি।

কৰণ জোহৰৰ গান শুনি যশ আৰু ৰুহীয়ে হাতেৰে কান বন্ধ কৰি ৰাখি ক’লে ‘দেউতাই ইমান বেসুৰা গান গায়’

কৰণ জোহৰ ইনষ্টাত সক্ৰিয় আৰু প্ৰায়ে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। ইফালে, কৰণ জোহৰে ইনষ্টাত তেওঁৰ সন্তানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত, যশ-ৰুহীয়ে কৰণৰ গানৰ বেচুৰা বুলি কৈছে।চলচ্চিত্ৰ নিৰ্মাতা, সঞ্চালক আৰু অভিনেতা কৰণ জোহৰে হয়তো টুইটাৰ এৰিছে, কিন্তু তেওঁ ইনষ্টাগ্ৰামত অতি সক্ৰিয়। কৰণ জোহৰ ইনষ্টাত সক্ৰিয় আৰু প্ৰায়ে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। ইফালে, কৰণ জোহৰে ইনষ্টাত তেওঁৰ সন্তানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

এই ভিডিঅ’টোত, যশ আৰু ৰুহীয়ে কৰণৰ গানৰ বেসুৰা বুলি কৈছে। এই ভিডিঅ’টোৰ কাৰণে কৰণ ট্ৰ’ল হৈ আছে। কৰণ জোহৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত কৰণ জোহৰৰ দুই সন্তান যশ আৰু ৰুহীক দেখা গৈছে, আনহাতে ভিডিঅ’টো ৰেকৰ্ডিং কৰোঁতে কৰণ জোহৰৰ কণ্ঠস্বৰ কেৱল শুনা যায়। ভিডিঅ’টোত, যশ, পাপাই কৰণক কয় আপুনি ইমান বেয়া কিয় গায়? এই বিষয়ে, কৰণে কয় যে মই খুব ভাল গান গাওঁ, অন্ততঃ মই এনেকুৱাঅনুভৱ কৰোঁ। ইয়াৰ পিছত, কৰণে শিশুসকলক ‘অভি না যাও ছোদ…’ গাবলৈ কৈছিল। আৰম্ভ কৰোঁ আহক। কৰণৰ গান শুনি যশ আৰু ৰুহীয়ে কাণত হাত ৰাখিলে। কৰণে কৈছিল অন্ততঃ গানটো শুনিব কিন্তু দুয়োটা ল’ৰা ছোৱালীয়ে অস্বীকাৰ কৰিছিল।

১৩২খন ITIক অত্যাধুনিক দক্ষতা সম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ টাৰ্গেট মুখ্যমন্ত্ৰীৰ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে ।

জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অগ্ৰগতিৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দক্ষতাক অগ্ৰাধিকাৰ প্ৰদানেৰে বিশ্ববিদ্যালয়খনক এক অত্যাধুনিক ৰূপ দিবলৈ ইয়াৰ পাঠ্যক্ৰম, অধ্যাপকৰ পদ আৰু পৰিচালনাৰ বিষয়েও বুজ লয় ।

ৰাজ্যৰ ১৩২খন আই টি আইক অত্যাধুনিক দক্ষতা সম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । উচ্চমানৰ প্ৰশিক্ষণ, আত্মসংস্থাপনৰ কাৰ্যসূচী, দক্ষতাৰ বিষয়ত সজাগতা সৃষ্টি আদিৰ বিষয়ত গুৰুত্ব প্ৰদানেৰে আই টি আইসমূহৰ সহযোগত মানৱ সম্পদসমূহক দক্ষতাসম্পন্ন কৰি তোলাৰ সন্দৰ্ভতো এই বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য সুভাষ চন্দ্ৰ দাস আৰু চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।