Home Blog Page 2028

মহিলা ক্ৰিকেটৰ মহেন্দ্ৰ সিং ধোনী হৈ পৰিছে স্মৃতি মনধানা(Smriti Mandhana)। ফিনিশ্বিং চিস্কাৰেৰে খেল শেষ কৰি দেখুৱালে চমক

ফিনিশ্বিং চিস্কাৰেৰে খেল শেষ কৰি দেখুৱালে চমক

বাংলাদেশত অনুস্থিত মহিলা এছিয়া কাপত(Women’s Asia Cup) জয়লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। এই বিজয়ত প্ৰভূত বৰঙনি আগবঢ়াইছে ভাৰতীয় দলৰ বিস্ফোৰক ওপেনাৰ (India’s explosive opener) স্মৃতি মনধানাই (Smriti Mandhana) । ৫১ ৰাণৰ এক দ্ৰুত ইনিংছেৰে দলক জয়লাভ কৰোৱাত সহায় কৰে স্মৃতিয়ে। এই বিজয়ৰ অন্তত স্মৃতিৰ নামটোৱে সংবাদ শিৰোনাম দখল কৰে। কাৰণ তেওঁ মহেন্দ্ৰ সিং ধোনীৰ দৰেই ৱিনিং চিস্ক (winning six)টো মাৰি খেল শেষ কৰে। ভিডিঅ ভাইৰেল হৈ পৰিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা খেলুৱৈগৰাকীয়ে জয়সূচক চিক্সাৰটো মৰাৰ সেই ভিডিঅটো ছোচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। অনুৰাগীসকলে সেই ভিডিঅ শ্বেয়াৰ কৰি স্মৃতিক মৰম আৰু প্ৰশংসৰে উপচাই পেলোৱা দেখা গৈছে। শ্ৰীলংকাৰ ৬৬ ৰাণৰ টাৰ্গেটত খেলি স্মৃতিয়ে অতি দ্ৰুত গতিত মাত্ৰ ২৫টা বলতেই ৫১ ৰাণ কৰি দলৰ বিজয় নিশ্চিত কৰে।

https://twitter.com/i/status/1581226398546812929

জোনাইৰ গালীঘাটত TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাও প্ৰতিযোগিতা (Boat Race)।

প্ৰতিযোগিতাখন উদ্ধোধন কৰে মিচিং বানে কেবাঙৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু মেদকে

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালীঘাটত TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বৃহৎ নাও প্ৰতিযোগিতা অনুষ্ঠিত কৰে।


অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইতো TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসক লৈ উখল মাখল পৰিবেশ। ইয়াৰ সমান্তৰালভাৱে TMPK গালী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উৎযাপন কৰিছে TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে যোৱা কালি শনিবাৰে দ্বিতীয়টো দিনত জোনাইৰ গালীঘাটতত ২০ টা নাও দলৰ অংশগ্রহণেৰে অনুষ্ঠিত কৰে এক নাও প্ৰতিযোগিতা।

মুকালমুৱাৰ বৰুৱাপুটাত নিশা চুৰিকাণ্ড(Theft)।

তিনিখন দোকানত প্ৰায় চাৰি লাখ টকাৰ সা-সামগ্ৰী লুট চোৰৰ।

মুকালমুৱাৰ বৰুৱাপুটাত নিশা চুৰিকাণ্ড সংঘটিত হয়। তিনিখনকৈ দোকানত চোৰে লুটি নিয়ে বহু টকাৰ সা সামগ্ৰী সহ নগধ ধন। গ্ৰীলৰ তলা ভাঙি দোকান কেইখনত সংঘটিত কৰে চুৰিকাণ্ড। কে.এম.এন্টাৰপ্ৰাইজ,চানবিয়াম অটোমোৱাইল আৰু ইণ্ডিয়ান কাৰ ফেচন নামৰ তিনিখন দোকানৰ পৰা চাৰি লাখ টকাৰ সামগ্ৰী লুটি লৈ যাই চোৰে।
চুৰিকাণ্ডৰ তদন্ত বিচাৰি মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী দোকানীয়ে।

কাউলীৰ এটি নলাৰ পৰা উদ্ধাৰ এখন চুৰি বাইক(Bike)

তামুলপুৰৰ(Tamulpur) কাউলীৰ এটা নলাৰ পৰা আজি পুৱা উদ্বাৰ হয় চুৰি হোৱা(Theft) দুচকীয়া বাহন(Bike)। পানীত ডুবি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি কুমাৰীকাটা আৰক্ষীৰ সহযোগত পানীত ডুবি থকাৰ পৰা উদ্বাৰ কৰে AS-25-L-3225 নম্বৰৰ বাহন খন।এসপ্তাহ পূৰ্বে অঞ্চলটোৰ লক্ষ্মী মেলাৰ পৰা অতি কৌশলেৰে চুৰে লৈ গৈছিল শজল ধৰ নামৰ লোকজনৰ বাহন। এসপ্তাহ পিছত এনেদৰে চুৰি হোৱা স্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত্বত নলাৰ পৰা বাইকখন উদ্বাৰ হোৱা কাৰ্য্যই এতিয়া চিন্তিত কৰি তুলিছে সৰ্ব সাধাৰণ ৰাইজক।

টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি -বাৰ্ষিক অধিৱেশন সম্পন্ন

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দশম দ্বি- বাৰ্ষিক অধিৱেশন আজি টংলা সাহিত্য সভা ভৱনত সফলতাৰে সম্পন্ন হয় । টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ধৰণীধৰ মেধিয়ে পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অধিৱেশনৰ দ্বিতীয় কাৰ্যসূচী বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য আদিত চন্দ্ৰ কলিতাই । টংলা অঞ্চলিকৰ উপ- সভাপতি মনমোহন দাসে স্মৃতি তৰ্পণ কৰা অনুষ্ঠানত ভাৰপ্ৰাপ্ত সভাপতি ধৰণীধৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাতে পৰৱৰ্তী কাৰ্যকালৰ বাবে ২৭ জনীয়া নতুন সমিতি এখন গঠন কৰা হয়।

ৰবীন্দ্ৰ কুমাৰ শৰ্মাক সভাপতি ,আদিত চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি হিৰণময়ী দেৱীক উপসভাপতি ,বিনোদ মহন্তক সম্পাদক ,প্ৰভাত চন্দ্ৰ ডেকাক সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা আৰু আঁত ধৰে টংলা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক জ্ঞানেদ্ৰ কুমাৰ চলিহাই।কাৰ্যনিৰ্বাহক সভাখন সমাপন হোৱাৰ পিছতে জ্যেষ্ঠ নাগৰিক নবীন বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি সাহিত্যিক ,জ্যেষ্ঠ নাগৰিক ঘনকান্ত ডেকাই জ্যেষ্ঠ নাগৰিকৰ বাবে সময়োপযোগী ভাষণ ৰাখে।স্থানীয় শিল্পীৰ গীত -মাত পৰিৱেশনেৰে জীপাল কৰা সভাখন জাতীয় সংগীতেৰে সফল সামৰণি পৰে।

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ

আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্তী অজন্তা নেওগ এখন বৈঠকত মিলিত হৈ সৰ্বসাধাৰণ ৰাইজৰ মঙ্গলৰ অৰ্থে আমাৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।

উক্ত সভাত মন্ত্ৰী শ্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া, বিধায়ক শ্ৰী ৰামকৃষ্ণ ঘোষ, বিত্ত অৰ্থনীতি বিভাগৰ সঞ্চালক শ্ৰী হেমন্ত কুমাৰ দেউৰী, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক আৰু মেডিয়া পেনেলিষ্টৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

আজিৰ ‘পচলাই দাঁত ভাঙে’ শিতানত অংশগ্ৰহণ কৰক আৰু শুদ্ধ উত্তৰটো দিয়ক

181852 comments1 shareLikeCommentShare

ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যু

ধুবুৰী জিলা সাহিত্য সভাৰ উপ-সভাপতিৰ মৃত্যু। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল কালাম আৰু নাই। চাপৰৰ শালকোচা নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে কালামৰ।মৃত্যুৰ পূর্বে ১৪ খন গ্ৰন্থ ৰচনা কৰিছিল কালামে।তেখেতৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ বিভিন্ন দল সংগঠনৰ।

নিজৰ দেহত বিষাক্ত ইনজেক্টচ্যন লৈ আত্মহত্যা GMCHৰ কৰ্মচাৰীৰ; জ্যেষ্ঠ বিষয়াৰে হোৱা কাজিয়াৰ বাবে এই পথ বাচি লোৱাৰ অভিযোগ

জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়া কৰি এই চৰম পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে। আত্মহত্যা কৰা যুৱকজনৰ নাম পাপু দাস (GMCH Employee Papu Das Died)

প্ৰায়ে প্ৰতিদিনে স্বাস্থ্য বিভাগৰ গাফিলতিৰ খবৰ পোহৰলৈ আহিয়েই আছে। এইবাৰ GMCHত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ শৰীৰত বিষাক্ত ইনজেক্টচ্যন লৈ আত্মহত্যা এজন যুৱকৰ (GMCH Employee Commited Suicide)। জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়া কৰি এই চৰম পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে। আত্মহত্যা কৰা যুৱকজনৰ নাম পাপু দাস (GMCH Employee Papu Das Died)

ICU Technician, Cn Centreত মাত্ৰ তিনি সপ্তাহ পূৰ্বে যোগদান কৰিছিল। জ্যেষ্ঠ বিষয়াৰ সৈতে হোৱা কাজিয়াৰ পিছতে মানসিক চাপত ভুগি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে এই ঘটনাৰ পিছতে মুখ খুলিলে CN Centerৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্যই। তেওঁ আত্মহত্যা কৰা ঘটনা (Suicide Case) সন্দৰ্ভত কয় যে- ‘আত্মহত্যা কৰা যুৱকজনৰ সৈতে জ্যেষ্ঠ বিষয়াৰ কোনোধৰণৰ বাক-বিতণ্ডা হোৱা নাই। পৰিয়ালৰ লোকেও কোনো অভিযোগ কৰা নাই।

লগতে CN Centerৰ তৰফৰ পৰা কোনো এজাহাৰ দাখিল নকৰে বুলিও স্পষ্টীকৰণ দিয়ে। Cn centerৰA বিভাগীয় তদন্তৰ আশ্বাস প্ৰদান কৰে।

উৰ্ফি জাভেদৰ গোটেই শৰীৰত আঁচোৰ আৰু ফোঁহা , ফেশ্বনৰ নামত পিন্ধা পোছাক সমূহে বিপদ মাতি আনিলে নেকি উৰ্ফি জাভেদৰ জীৱনলৈ?

আজি (১৫ অক্টোবৰ) উৰ্ফি জাভেদৰ জন্মদিন। এই উপলক্ষে, উৰ্ফিয়ে পুনৰ তাইৰ ষ্টাইলিছ অৱতাৰ দেখুৱাইছিল। অৱশ্যে, উৰ্ফিৰ এই ফেশ্বনে তেওঁক আচ্ছন্ন কৰি ৰাখিছিল আৰু পোছাকৰ বাবে, তেওঁ বহু ঠাইত আঘাত প্ৰাপ্ত হৈছিল। উৰ্ফি জাভেদ আঘাতপ্ৰাপ্ত: উৰ্ফি জাভেদ, যি নিজৰ ফেশ্বনৰ সৈতে বাতৰিলৈ আহিছে, আজি (১৫ অক্টোবৰ) তেওঁৰ জন্মদিন উদযাপন কৰিছে। শুক্ৰবাৰে সন্ধিয়া, তেওঁ তেওঁৰ জন্মদিনৰ কেক কাটিলে। এই উপলক্ষে, উৰ্ফিয়ে পুনৰ তাইৰ ষ্টাইলিছ অৱতাৰ দেখুৱাইছিল। তাই সোণালী ৰঙৰ শ্ৰদ্ধাৰ পোছাক পিন্ধিছিল আৰু হাতত মিলা হাতমোজাও পিন্ধিছিল। অৱশ্যে, উৰ্ফিৰ এই ফেশ্বনে তেওঁক আচ্ছন্ন কৰি ৰাখিছিল। ইনষ্টা ষ্টৰীত ভিডিঅ’টো শ্বেয়াৰ কৰি উৰ্ফিয়ে কয় যে পোছাকৰ বাবে তেওঁৰ হাত আৰু ভৰিত আঘাত পাইছে।

উৰ্ফিয়ে এটা চিকুইন পোছাক আৰু চিকুইন হাতমোজা পিন্ধিছিল। পোছাকৰ কামৰ বাবে, তেওঁৰ হাত আৰু ভৰিত আঘাত আছিল। ভিডিঅ’টোত, উৰ্ফিয়ে কৈছিল যে ‘চিকুইন পোছাক আৰু হাতমোজাৰ বাবে, গোটেই শৰীৰত আঁচোৰ আৰু ফোঁহা হৈছে। প্ৰকৃত খতৰো কে খিলাড়ী ইয়াত চলি আছে। ভিডিঅ’টোত, তাই ভৰিবোৰ দেখুৱাই কয়, ‘এয়া কেৱল হাতত েই নহয়, ভৰিতো ঘটিছে। ভাই, মোৰ পোছাকে কি কৰিলে, মানুহ? গতিকে যদি আপুনি চিকুইন পিন্ধিব বিচাৰে, তেন্তে ইয়াক আপোনাৰ নিজৰ বিপদাশংকাত পিন্ধিব। ‘