Breaking

মহিলা ক্ৰিকেটৰ মহেন্দ্ৰ সিং ধোনী হৈ পৰিছে স্মৃতি মনধানা(Smriti Mandhana)। ফিনিশ্বিং চিস্কাৰেৰে খেল শেষ কৰি দেখুৱালে চমক

0 2,084

ফিনিশ্বিং চিস্কাৰেৰে খেল শেষ কৰি দেখুৱালে চমক

বাংলাদেশত অনুস্থিত মহিলা এছিয়া কাপত(Women’s Asia Cup) জয়লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। এই বিজয়ত প্ৰভূত বৰঙনি আগবঢ়াইছে ভাৰতীয় দলৰ বিস্ফোৰক ওপেনাৰ (India’s explosive opener) স্মৃতি মনধানাই (Smriti Mandhana) । ৫১ ৰাণৰ এক দ্ৰুত ইনিংছেৰে দলক জয়লাভ কৰোৱাত সহায় কৰে স্মৃতিয়ে। এই বিজয়ৰ অন্তত স্মৃতিৰ নামটোৱে সংবাদ শিৰোনাম দখল কৰে। কাৰণ তেওঁ মহেন্দ্ৰ সিং ধোনীৰ দৰেই ৱিনিং চিস্ক (winning six)টো মাৰি খেল শেষ কৰে। ভিডিঅ ভাইৰেল হৈ পৰিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা খেলুৱৈগৰাকীয়ে জয়সূচক চিক্সাৰটো মৰাৰ সেই ভিডিঅটো ছোচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। অনুৰাগীসকলে সেই ভিডিঅ শ্বেয়াৰ কৰি স্মৃতিক মৰম আৰু প্ৰশংসৰে উপচাই পেলোৱা দেখা গৈছে। শ্ৰীলংকাৰ ৬৬ ৰাণৰ টাৰ্গেটত খেলি স্মৃতিয়ে অতি দ্ৰুত গতিত মাত্ৰ ২৫টা বলতেই ৫১ ৰাণ কৰি দলৰ বিজয় নিশ্চিত কৰে।

Leave A Reply