Home Blog Page 2030

দিন উকলিল INSAS ৰাইফলৰ , AK 203 লাভ কৰিব সেনাই;AK 47 ৰ তুলনাত কিমান উন্নত এই ৰাইফল?

AK ছিৰিজৰ সফলতাৰ বিচাৰ কৰি ক’ব পাৰি যে AK ছিৰিজৰ ৰাইফল এতিয়াও প্ৰায় ১০০ টা বিদেশী সেনাবাহিনীৰ হাতত আছে, যাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

ভাৰতে ৰাছিয়াৰ পৰা ৭০ হাজাৰ অত্যাধুনিক AK 203 ৰাইফল ক্ৰয় কৰাৰ বাবে চুক্তি কৰিছিল। এতিয়া দুয়োখন দেশে যৌথভাৱে ভাৰতত ইয়াক প্ৰস্তুত কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চলিত বৰ্ষৰ শেষৰ ফালে উত্তৰ প্ৰদেশত ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ স্থাপন কৰা হ’ব য’ত AK 203 এছাল্ট ৰাইফল নিৰ্মাণ কৰা হ’ব। আমেথিৰ ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কোৰৱা অৰ্ডনেন্স ফেক্টৰীত নিৰ্মাণ কৰা হ’ব এই এছাল্ট ৰাইফলসমূহ।

AK 203 এছাল্ট ৰাইফলক AK 47 তকৈ অধিক অত্যাধুনিক, শক্তিশালী আৰু মাৰাত্মক বুলি গণ্য কৰা হয়। হেড টু হেড কলিচনত AK 203 য়ে যিকোনো সংকটৰ সময়ত সেনাক বিজয় দিব পাৰিব। এনে অৱস্থাত ৰাছিয়াৰ সেনাই ব্যৱহাৰ কৰা AK 203 ৰাইফলো ভাৰতীয় সেনাৰ বিশেষ বাহিনীৰ প্ৰথম পছন্দ হিচাপে পৰিগণিত গৈছে। গতিকে জানো আহকচোন AK 47 ৰ তুলনাত AK 203 কিয় আধুনিক সেনাৰ প্ৰথম পছন্দ।

AK-103M নামকৰণ কৰা হয়
AK 47 ৰ দৰেই AK 203 ও গেছৰ দ্বাৰা পৰিচালিত, মেগজিন যোগান ধৰা, নিৰ্বাচিত গুলীৰ এছাল্ট ৰাইফল যাৰ ৭.৬২ মিলিমিটাৰ কাৰ্টিজ চেম্বাৰ আছে। ‘মিখাইল কালাছনিক’ভ’ অৰ্থাৎ AK পৰিয়ালৰ এছাল্ট ৰাইফলৰ ছিৰিজৰ শেহতীয়া মডেলসমূহৰ ভিতৰত ই অন্যতম। ইয়াক প্ৰথমে ৰাছিয়াত কালাছনিকভ কনচাৰ্ণ নামৰ এটা অস্ত্ৰ-শস্ত্ৰ কোম্পানীয়ে প্ৰস্তুত কৰিছিল। ২০১৯ চনত AK-203 ৰ নাম সলনি কৰাৰ পূৰ্বে এই অতি মাৰাত্মক ৰাইফলটো AK-103M নামেৰে জনা গৈছিল।

AK ছিৰিজৰ আটাইতকৈ উন্নত ৰাইফল
AK-203 ৰ শেহতীয়া আৰু উন্নত সংস্কৰণ AK-47 ৰাইফল বুলি গণ্য কৰা হয়। বিশেষজ্ঞসকলৰ মতে, ৰাছিয়ান ৰাইফলটো নিৰ্ভৰযোগ্য, বহনক্ষম আৰু চলাবলৈ সহজ। ইয়াত উন্নত এৰগ’নমিক্স, সঠিকতা আৰু অগ্নিশক্তি আছে। ২০০৭ চনত এই শৃংখলাৰ প্ৰট’টাইপ বিকাশ আৰম্ভ কৰা হৈছিল। ২০১০ চনত AK-200 ৰ প্ৰথম প্ৰট’টাইপ নিৰ্মাণ কৰি পৰীক্ষা কৰা হয়। ২০১৩ চনত ‘ৰতনিক প্ৰগ্ৰেম’ৰ বাবে AK-200 আপডেট কৰি AK-103-3 নাম সলনি কৰা হৈছিল। আমোদজনক কথাটো হ’ল, ২০১৯ চনত এই এছাল্ট ৰাইফলৰ প্ৰ’ট’টাইপৰ নাম AK-300 আৰু পিছলৈ AK-100M নামকৰণ কৰা হৈছিল আৰু তাৰ পিছত ২০১৯ চনত AK 203 নামকৰণ কৰা হৈছিল।

১৯৪৫ চনত নিৰ্মাণ কৰা হৈছিল AK 47
AK 47 হৈছে বিশ্বৰ অন্যতম জনপ্ৰিয় এছাল্ট ৰাইফল। চেম্বাৰযুক্ত ৭.৬২×৩৯ মি:মি: কাৰ্টিজ থকা AK 47 বিশেষজ্ঞৰ ভাষাত Avtomat Kalashnikova নামেৰে জনাজাত। এই দুটা শব্দৰ প্ৰাৰম্ভিক আখৰৰ পৰা ইয়াৰ নাম AK। ১৯৪৭ চনত নিৰ্মিত AK 47 প্ৰথমটো ৰাইফল। ক’ব পাৰি যে AK-47 মডেল আৰু ইয়াৰ ভেৰিয়েন্টসমূহ বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় আৰু বহুলভাৱে ব্যৱহৃত ৰাইফল। এই ৰাইফলৰ পিছফালে মাউণ্ট কৰা ৪৭ য়ে ইয়াৰ উৎপাদনৰ বছৰটো দেখুৱাইছে।

কোম্পানীটোৰ মতে, ১৯৪৫ চনত প্ৰথমবাৰৰ বাবে AK 47 ৰ ডিজাইন কৰা হৈছিল। ১৯৪৭ চনত আনুষ্ঠানিক সামৰিক বিচাৰৰ বাবে উপস্থাপন কৰাৰ পিছত ১৯৪৮ চনত ছোভিয়েট সেনাৰ নিৰ্বাচিত ইউনিটসমূহৰ বাবে ফিক্সড-ষ্টক সংস্কৰণটো সক্ৰিয় সেৱাত ৰখা হয়। ছোভিয়েট সেনাই আনুষ্ঠানিকভাৱে AK গ্ৰহণ কৰিছিল। ১৯৪৯ চনৰ আৰম্ভণিতে ইয়াক সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰিছিল, আৰু ৱাৰ্শ্ব চুক্তিৰ বেছিভাগ সদস্য ৰাষ্ট্ৰই ব্যৱহাৰ কৰিছিল। পেছাদাৰী সৈনিক আৰু সন্ত্ৰাসবাদীৰ মাজত জনপ্ৰিয় অস্ত্ৰ AK ছিৰিজৰ অস্ত্ৰ আমেৰিকাত ‘Bad Guy’ হিচাপে স্বীকৃতি লাভ কৰিছে যিয়ে যিকোনো ভাল দিনক বিশ্বৰ আটাইতকৈ বেয়া দিনলৈ ৰূপান্তৰিত কৰিব পাৰে।

AK 47 অন্যতম সফল ৰাইফল
AK 47 ৰাইফল ইমানেই সফল হৈছিল যে এতিয়ালৈকে বিশ্বজুৰি ব্যৱহৃত ৫০ কোটি ৰাইফলৰ ভিতৰত প্ৰায় ১০ কোটি ৰাইফল কেৱল AK পৰিয়ালৰ। একে সময়তে AK পৰিয়ালৰ এই ৰাইফলৰ তিনি চতুৰ্থাংশই হৈছে AK 47।

AK 47 তকৈ AK 203 কিয় বেছি উন্নত?
সামগ্ৰিকভাৱে যদি আমি দুয়োটাৰে বৈশিষ্ট্য চাওঁ তেন্তে AK 47 ৰ তুলনাত AK 203 ক অত্যাধুনিক বুলি ধৰা হৈছে। তদুপৰি বিশ্বজুৰি প্ৰচলিত ১০ কোটিতকৈ অধিক AK ছিৰিজৰ ভিতৰত প্ৰতি পঞ্চমটো অস্ত্ৰ হৈছে AK 203। AK ছিৰিজৰ সফলতাৰ বিচাৰ কৰি ক’ব পাৰি যে AK ছিৰিজৰ ৰাইফল এতিয়াও প্ৰায় ১০০ টা বিদেশী সেনাবাহিনীৰ হাতত আছে, যাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

এই পাঁচটা কাৰণত সেনাৰ প্ৰথম পছন্দ
যুদ্ধৰ ভিত্তিত সেনাবাহিনীৰ বাবে অস্ত্ৰ বোজা সদায় সমস্যা হিচাপে উত্থাপন কৰি আহিছে। এই সমস্যাটো স্বীকাৰ কৰি ৰাছিয়াই AK 203 ক AK 47তকৈ লঘু কৰি তুলিছে। AK 203 ৰ ওজন AK 47 ৰ ৪.৩ কিলোগ্ৰামতকৈ আধা কিলোগ্ৰাম কম বুলি ধৰা হৈছে।

ৰেঞ্জ দুগুণ কৰে: ৰেঞ্জৰ ক্ষেত্ৰত AK 203 এ AK 47 তকৈ বহু আগবাঢ়ি আছে। AK 47 ৰ ৩০০-৪০০ মিটাৰৰ প্ৰভাৱ সীমাৰ তুলনাত ইয়াৰ দৃষ্টি সীমা ৮০০ মিটাৰ, যি অস্ত্ৰক যুদ্ধক্ষেত্ৰত শক্তিশালী কৰে।

মেগাজিন ৰাউণ্ডৰ ক্ষেত্ৰতো এ কে ২০৩ এ কে ৪৭ তকৈ গধুৰ বুলি প্ৰমাণিত হয়। AK 203 ৰ ওজন কম হোৱাৰ পিছতো AK 47 তকৈ দহ ৰাউণ্ড বেছি লোড কৰিব পাৰে।

এক মিনিটত ৭০০ গুলী নিক্ষেপ কৰি AK 203 য়ে দৃষ্টিগোচৰ হোৱা যিকোনো লক্ষ্যভেদ কৰিব পাৰে। ইমান উচ্চ চক্ৰীয় জুইৰ হাৰৰ সৈতে AK 203 এ প্ৰকৃত স্কেলত নিৰ্বিচাৰ গুলীচালনা শব্দটোক ন্যায্যতা প্ৰদান কৰে। আনহাতে AK 47 এ মিনিটত ৬০০ গুলী নিক্ষেপ কৰিব পাৰে।

AK-203 ত এটা ইন্টিগ্ৰেটেড কম্পেন্সেটৰ আৰু ফ্লেচ চাপ্ৰেছৰও আছে যিটো পুৰণি AK 47 ভেৰিয়েন্টত নাই। কম্পেন্সেটৰে যিকোনো ৰাইফলক অটোমেটিক কৰি তোলে যিয়ে গুলীচালনাৰ সময়ত ৰিফিলটো জাম হোৱাত বাধা দিয়ে।

৪ বছৰতে গাঁৱৰ দুখীয়া যুৱতী চহৰলৈ আহি হ’ল ৩০ কোটি টকাৰ গৰাকী: ছেক্স ৰেকেট আৰু ব্লেকমেইলিং

ওড়িশাৰ কালাহাণ্ডীত বাস কৰা এগৰাকী ব্লেকমেইলাৰ যুৱতীৰ কাণ্ডই ৰাজ্যখনৰ সমাজ–ৰাজনীতিত একপ্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা চহৰলৈ অহা এই যুৱতীয়ে ৪ বছৰৰ ভিতৰত অৰ্জন কৰিছিল ৩০ কোটি টকা।

কোনো লটাৰী খেলি নহয়, তেওঁ এই ধনৰ গৰাকী হৈছিল অসামাজিক কৰ্মৰ জৰিয়তে। যুৱতীগৰাকী অৰ্চনা নাগ। নাগৰ আজিৰ দিনত আছে বিলাসী গাড়ী, কেইবাটাও উচ্চ জাতৰ কুকুৰ, বগা ঘোঁৰা আৰু এটা প্ৰাসাদোপম ঘৰৰ লগতে কেইবাঠাইতো মাটি–বাৰী।

ধন দাবীৰ অভিযোগত যোৱা সপ্তাহত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ওলাই পৰিছিল অৰ্চনাৰ কুখ্যাতি, এই কাহিনী ইমানেই চাঞ্চল্যকৰ যে এতিয়া এগৰাকী ওড়িয়া চলচ্চিত্ৰ নিৰ্মাতাই তেওঁৰ জীৱনক লৈ এখন থ্ৰিলাৰ ছবিও নিৰ্মাণ কৰিবলৈ চিন্তা কৰিছে।

কি কৰিছিল অৰ্চনাই?

আৰক্ষীৰ ৰেকৰ্ডত ২৬ বছৰীয়া যুৱতীগৰাকীক ব্লেকমেইলাৰ হিচাপে অভিহিত কৰা হৈছে। দেহ ব্যৱসায়ৰ জৰিয়তে বহু ৰাজনীতিবিদ, ব্যৱসায়ী, চলচ্চিত্ৰ নিৰ্মাতাৰ দৰে ধনী আৰু প্ৰভাৱশালী লোকৰ প্ৰলোভিত কৰি অৰ্চনাই গোপনে বনাইছিল ভিডিঅ’ আৰু তাক ৰাজহুৱা কৰাৰ ভাবুকি দি তেওঁলোকৰ পৰা আত্মসাৎ কৰিছিল বুজন পৰিমাণৰ ধন। অৰ্চনাৰ হানীট্ৰেপ আৰু দেহ ব্যৱসায়ৰ ক’লা সাম্ৰাজ্যখন সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে।

আৰক্ষীয়ে জনোৱা মতে অৰ্চনাই প্ৰথমে এটা ব্যক্তিগত নিৰাপত্তা সংস্থাত কাম কৰিছিল আৰু পিছত বিউটী পাৰ্লাৰত কাম কৰিছিল। ইয়াৰ পিছতেই তেওঁ বালাশূৰ জিলাৰ জগবন্ধু চান্দক লগ পাইছিল। ২০১৮ চনত জগবন্ধু আৰু অৰ্চনাৰ বিবাহ হয়। বিউটী পাৰ্লাৰত কাম কৰি থাকোঁতে তেওঁ ছেক্স ৰেকেট চলাইছিল বুলি অভিযোগ উঠিছে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত দম্পতীয়ে ২০১৮ৰ পৰা ২০২২ চনলৈ মাত্ৰ চাৰি বছৰত ৩০ কোটি টকাৰ সম্পত্তি লাভ কৰিছে। বহু ৰাজনীতিবিদ, বিধায়ক, বিল্ডাৰ, ব্যৱসায়ী আদি প্ৰভাৱশালী ব্যক্তিৰ সৈতে অৰ্চনাৰ আছিল সম্পৰ্ক।

কেনেদৰে পৰিল জালত?

এগৰাকী ব্যক্তিক ব্লেকমেইলিঙৰে ৩ কোটি টকা ধন দাবী কৰা আৰু ছেক্স ৰেকেটত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা এগৰাকী ছোৱালীৰ এজাহাৰৰ ভিত্তিত ৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে তেওঁৰ কুখ্যাতি এটাৰ পিছত এটাকৈ ওলাবলৈ ধৰে। লক্ষণীয় বিষয় যে সম্প্ৰতি জে’লত থকা অৰ্চনাৰ জামিনৰ বাবে এতিয়া বহু প্ৰভাৱশালী শক্তিয়ে ন্যায়ালয়ত হেঁচা দিয়া বুলি জানিব পৰা গৈছে।

কমতাপুৰৰ স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল কমতাপুৰৰ ফুটবল টুৰ্নামেন্ট ২০২২

কমতাপুৰৰ স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল কমতাপুৰৰ ফুটবল টুৰ্নামেন্ট ২০২২

KAC ৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনে শুভ উদ্বোধন কৰে ফুটবল টুৰ্নামেন্টখনী

উদ্বোধনী খেলখন বঙাইগাঁও জিলাৰ মাছগাঁও FC বনাম বিলাসীপাৰাৰ ফুটকীবাৰী FC দলৰ মাজত অনুষ্ঠিত হয়

তীব্ৰ উত্তেজনা মূলক খেলখনত বঙাইগাঁও জিলাৰ মাছগাঁও FC দলে বিলাসীপাৰাৰ ফুটকীবাৰী FC দলক ২-১ গ’লত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে

নামনি অসমৰ বিভিন্ন জিলাৰ ১৬ টা ফুটবল দল অংশগ্ৰহণ কৰে এই ফুটবল টুৰ্নামেন্টখনীত

ফুটবল টুৰ্নামেন্টখনীৰ বিজয়ী দলে লাভ কৰিব নগদ ৫১ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু বিজিত দলে লাভ কৰিব নগদ ৩১ হাজাৰ টকা সহ ট্ৰফী

উদ্বোধনী খেলখনত উপস্থিত থাকে KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মণ,EM জীৱেশ ৰায়,EM কৰ্মেশ্বৰ ৰায়,EM সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে বহু গণ্য মান্য ব্যক্তি

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত আপুনি জানেনে…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত। এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই।

প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি। এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

এদিন আছিল মাত্ৰ এখন ট্ৰাক, আজি তেওঁ ১৮০০ কোটিৰ মালিক আৰু ৪৩০০খন গাড়ী আছে তেওঁৰ

পিতৃৰ শংকা আৰু সন্দেহক ভুল বুলি প্ৰমান কৰি দিলে যুৱাৱস্থাতে এক অচিনাকি ব্যৱসায় আৰম্ভ কৰা বিজয় শংকেশ্বৰে। ১৯ বছৰ বয়সতে গাড়ীৰ ব্যৱসায় আৰম্ভ কৰা শংকেশ্বৰৰ পিতৃয়ে অৱশেষত অনুভৱ কৰিলে তেওঁৰ পুত্ৰই এদিন লজিষ্টিক ব্যৱসায়ৰ এজন ডাঙৰ ব্যৱসায়ী হৈ পৰিব।

১৯৭৬চনত এখন ট্ৰাকেৰে বিজয় ট্ৰান্সপোৰ্ট আৰম্ভ কৰা শংকেশ্বৰ আজি ১৮০০ কোটিৰ ব্যৱসায়ৰ VRL Logistics Limitedৰ CMD। ৬৫ বছৰ বয়সীয়া শংকেশ্বৰৰ বৰ্তমান আছে ৩,৯০০ ট্ৰাক আৰু ৪০০ খন বাছ। ১৯৭৫ চনত ২ লাখ টকা ব্যৱসায় কৰা বিজয় শংকেশ্বৰৰ আজি আছে ১৫,০০০০ কৰ্মচাৰী।

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড…

 দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে ডি ৱাই চন্দ্ৰচূডনিযুক্ত হোৱাটো নিশ্চিত হৈ পৰিল। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব।

ন্যায়াধীশগৰাকীয়ে ১১ নৱেম্বৰ, ২০২৪ লৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ পদত বাহাল থাকিব।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ ইটত কয়, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ ভিত্তিত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে।

” ‘অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ’ব। তেওঁ ১১ নৱেম্বৰ,২০২৪ তাৰিখে অৱসৰ ল’ব।

২০১৬ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূডো দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ তেওঁ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ তথা যুৱ বিজ্ঞানী ডঃ পূৰ্ণকান্ত বৰুৱা…

অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা যুৱ বিজ্ঞানী ডঃ পূৰ্ণকান্ত বৰুৱা এতিয়া বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত। ডঃ পূৰ্ণকান্ত বৰুৱাৰ ঘৰ মাজুলীৰ দক্ষিণ পাৰে ধোদাং চাপৰিত অৰ্থাৎ দেৰগাঁওৰ প্ৰায় সমীপত ।এটি অতি সাধাৰণ পৰিয়ালৰ মেধাৱী ল’ৰা আছিল।দেউতাকে যোৰহাটলৈ শাক -পাচলী বেপাৰ কৰি পঢ়া শুনাৰ খৰচ উলিয়াই দিছিল ।

ধোদাং চাপৰিৰ অতিকৈ ভিতৰুৱা গাঁওৰ অসমীয়া মাধ্যমৰ বিদ্যালয় নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।দেৰগাওঁ DKD কলেজীয়া শিক্ষা লৈছিল।ডঃ পূৰ্ণকান্ত বৰুৱাই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাটত অধ্যয়ন কৰি এনেদৰেই আগবাঢ়ি গৈছে ।বৰ্তমান তেওঁ জাপানত কৰ্মৰত ।তেখেতৰ সাফল্যত অসমীয়া গৌৰৱান্বিত যে এটা চাপৰি অঞ্চলৰ পৰা গৈ মাক দেউতাকৰ লগতে দেশৰ নাম উজ্জল কৰিব পাৰিছে ।তেওঁক লৈ আজি মাজুলী বাসী গৌৰাম্বিত যে বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত ডঃ পূৰ্ণকান্ত বৰুৱাৰ নাম আহিছে ।

নাজিৰাৰ ঐতিহ্যমণ্ডিত অসম কোম্পানী নাজিৰাল’ৰা প্রাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপনৰ প্রস্তুতি

নাজিৰাৰ ঐতিহ্যমণ্ডিত প্রাথমিক শিক্ষানুষ্ঠান অসম কোম্পানী নাজিৰা ল’ৰা প্রাথমিক বিদ্যালয়ে ২০১৪ চনতে শত বর্ষ অতিক্রম কৰিছে। সেয়েহে বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ উদ্যোগত তথা প্রাক্তন ছাত্র আৰু ৰাইজৰ সহযোগত অহা ৯ আৰু ১০ ডিচেম্বৰত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বর্ষযোৰা শত বার্ষিকীৰ আৰম্ভনি অনুষ্ঠান উদযাপন কৰাৰ উদ্দেশ্যেৰে আজি বিদ্যালয় কক্ষত এখনি সাধাৰণ সভা অনস্থিত কৰে। উদযাপন কমিটিৰ সভাপতি দীপংকৰ চক্রবর্তীৰ সভাপতিত্বত অনুষ্ঠিত কৰা উক্ত সভাখনত বিভিন্ন উপসমিতি সমূহ গৃহীত কৰা হয়। লগতে বিদ্যালয়ৰ আন্তঃগাথনি উন্নয়ন শৈক্ষিক দিশৰ উন্নয়ন আদি বিষয়ত আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত সকলো প্রাক্তন ছাত্র তথা ৰাইজৰ সহায় সহযোগিতা , দিহা পৰামৰ্শৰ বাবে আহবান জনায় উদ্যোক্তা কমিটিয়ে ৷

নাৰিকল তেলৰ বিভিন্ন ঔষধি গুণ জানো আহক…

  • নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
  • নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ হয়।

  • আৰ্থ্ৰাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম।
  • কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে।
  • নাৰিকল তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • নাৰিকল তেলে নামৱ দেহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্ৰভাৱ পেলায়।

  • নিয়মীয়াকৈ নাৰিকল তেল গ্ৰহণ কৰাসকলৰ শাৰীৰিক ক্ষমতা অন্য লোকৰ তুলনাত বেছি।
  • নাৰিকল তেলে গলব্লাডাৰ আৰু পেংক্ৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • নিয়মীয়াকৈ নাৰিকল তেল শৰীৰত লগালে ছাল মসৃণ হয়।
  • নাৰিকল তেল খোৱাসকলৰ দাঁতৰ ৰোগ কম হোৱাৰ লগতে দাঁতৰ আলুও সুস্থ হয়।

  • চুলিৰ বাবেও নাৰিকল তেল উত্তম।
  • নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চৰ্বি হ্ৰাস হয়।
  • নাৰিকল তেলে হৰম’নৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্ৰতিৰোধত সহায়ক হয়।

ছলমান খানৰ ছবি ‘নো এণ্ট্ৰি’ৰ বিষয়ে ডাঙৰ খবৰ ! ছলমান খানে কিয় ল’লে এই সিদ্ধান্ত…

খবৰ অনুসৰি চলমান খানে ছবিখন বন্ধ কৰিবলৈ প্ৰস্তুতি চলাই আছে। ছলমান খান বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘কভি ঈদ কভি দেৱালী’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছলমান খানৰ বাস্কেট মে’ত এটাৰ পিছত এটাকৈ পাইপলাইনত বহুতো চলচ্চিত্ৰ ৰখা হৈছে। তাৰে এটা হৈছে ছলমানৰ কমেডি চিকুৱেল চিনেমা ‘নো এণ্ট্ৰি’। অনুৰাগীসকলে ‘নো এণ্ট্ৰি’ৰ চিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু এতিয়া তেওঁৰ প্ৰিয়জনৰ বাবে বেয়া খবৰ আছে। বাতৰি ওলাইছে যে ছলমানে ‘নো এণ্ট্ৰি ২’ বোলছবিখনৰ প্ৰকল্পটো বন্ধ কৰাৰ কথা ভাবি আছে।

প্ৰকৃততে, ছলমান খানে বহুতো ছবি ৰ পৰা পিছলৈ লৈ আহিছে। তেওঁৰ অনুৰাগীসকলেও এই বাতৰিটোক লৈ অতি উৎসাহিত। কিন্তু এতিয়া খবৰ আহি আছে যে ছলমান খানে তেওঁৰ ডাঙৰ চলচ্চিত্ৰৰ তালিকাৰ পৰা ‘নো এণ্ট্ৰি চিকুৱেল’ৰ নাম আঁতৰাবলৈ গৈ আছে। এটা বাতৰি পৰ্টেলৰ প্ৰতিবেদন অনুসৰি, ছলমান খানৰ হৃদয় এই ছবিখনত আছিল আৰু তেওঁ ইয়াক নিৰ্মাণ কৰিব বিচাৰিছিল। প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে ছলমানে নিজেই নো এণ্ট্ৰিৰ বিষয়ে আনিস বাজমীৰ সৈতে কাহিনীটোত জড়িত আছিল।

ছলমানৰ মতে, নো এণ্ট্ৰি সেই সময়ৰ আটাইতকৈ আমোদজনক চলচ্চিত্ৰবোৰৰ ভিতৰত এটা। কিন্তু এখন চলচ্চিত্ৰ ষ্টুডিঅ’ বন্ধ হোৱাৰ বাবে, প্ৰথম অংশটো বহুতো আইনী জটত আৱদ্ধ হৈছিল। ইয়াৰ স্বত্ত্বেও, চলমানে ইয়াৰ বাবে যুঁজ দিবলৈ সাজু আছিল। অৱশ্যে, বিষয়টো বাঢ়ি অহা দেখি, চলমানে পিছফালে অহাৰ কথা ভাবিআছে। প্ৰতিবেদনঅনুসৰি, নো এণ্ট্ৰো চলচ্চিত্ৰখনে আইনী আৰু বিত্তীয় সমস্যাৰ বাবে চিকুৱেলটো বন্ধ কৰাৰ কথা বিবেচনা কৰি আছে।