ডিজিটেল ডেস্ক, গুৱাহাটী: Himanta Biswa Sarma গুৱাহাটীবাসীৰ বাবে সুখবৰ! অহা নৱেম্বৰ মাহত মহানগৰীত মুকলি হ’ব নতুন বিমান বন্দৰ। এই বিমান বন্দৰটো বিশেষভাৱে অসমৰ সাংস্কৃতিক পৰিচয় প্ৰতিনিধিত্ব কৰা “কপৌ ফুলৰ আকৃতি” অনুসৰি নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰখনৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এই বিমান বন্দৰখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এটা এলিভেটেড কৰিড’ৰ (Elevated Corridor) এই বছৰে আৰম্ভ হ’ব। এই কৰিড’ৰটো গুৱাহাটীৰ যানবাহন সমস্যাৰ এক উল্লেখযোগ্য সমাধান হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ভাষণত উল্লেখ কৰা হয় যে মুখাৰ্জীৰ পিতৃ চাৰ আশুতোষ মুখাৰ্জীৰ প্ৰচেষ্টাতেই অসমীয়া ভাষা কলকাতা বিশ্ববিদ্যালয়ত স্বীকৃতি লাভ কৰিছিল, যাৰ বাবে সমগ্ৰ অসমে তেওঁলোকৰ প্ৰতি চিৰদিন কৃতজ্ঞ হৈ থাকিব।
অনুষ্ঠানত ৰাজ্যপালৰ উপদেষ্টা হৰবংশ দিক্ষিত, বিশেষ কৰ্তব্য বিষয়া বৈসন্ত লাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব পল্লবী ফুকন, সঞ্চালক ৰাহুল চন্দ্ৰ দাসসহ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি থাকে।
উল্লেখযোগ্য যে, ২০১৯ চনৰ ৫ আগষ্টত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সংবিধানৰ ধাৰা ৩৭০ বাতিল কৰি মুখাৰ্জীৰ আদৰ্শৰ প্ৰতি সন্মান জ্ঞাপন কৰে।
ডিজিটেল ডেস্কঃ Elon Musk আমেৰিকাৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিছে প্ৰযুক্তি জগতৰ দিগন্তপ্ৰসাৰী উদ্যোগপতি ইলন মাস্কে। শনিবাৰে তেওঁ ঘোষণা কৰে যে, আমেৰিকাত নতুন এক ৰাজনৈতিক দল গঠন কৰা হৈছে, যাৰ নাম ‘আমেৰিকান পাৰ্টি’। এই ঘোষণা তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে কৰিছে।
ইলন মাস্কে নিজৰ ঘোষণা পোষ্টত স্পষ্টকৈ কয়, “আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ ‘আমেৰিকান পাৰ্টি’ গঠন কৰা হৈছে।” লগতে তেওঁ আমেৰিকাৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাৰ তীব্ৰ সমালোচনা কৰি কয়, “দেশ ধ্বংস আৰু দুৰ্নীতিৰ ক্ষেত্ৰত ডেম’ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁলোক আচলতে একেটা দল। আমি গণতন্ত্ৰত নহয়, আমি একদলীয় ব্যৱস্থাত বাস কৰিছো।”
মাস্কে উল্লেখ কৰে যে, শেহতীয়াকৈ কৰা অনলাইন এখন সমীক্ষাত দুগুণে অধিক লোকে নতুন ৰাজনৈতিক বিকল্প বিচাৰিছে। সেই অভিপ্ৰায়ই তেওঁৰ এই নতুন দল গঠনৰ মূল উৎসাহ হৈ পৰে।
ইলন মাস্কৰ এই পদক্ষেপে আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশত এটা নতুন আলোড়ন সৃষ্টি কৰাৰ আশা কৰা হৈছে। ‘আমেৰিকান পাৰ্টি’য়ে কিদৰে আগবাঢ়ে আৰু জনসাধাৰণে কেনেকৈ গ্ৰহণ কৰে, সেয়া সময়হে দেখুৱাব।