Home Blog Page 2149

১০০ বছৰতকৈ (100 Years) অধিক কাল জীয়াই থাকিব মানুহঃ পোহৰলৈ আহিছে বাবা ভাঙ্গাৰ(Baba Vanga) নতুন  ভৱিষ্যতবাণী :

এগৰাকী অন্ধ মহিলা। অন্ধ মহিলাগৰাকীয়ে কৰা ভৱিষ্যতবাণী সমূহে এতিয়া বিশ্বত খলকনি তুলিছে। কাৰণ মহিলাগৰাকীয়ে কৰা প্ৰায় প্ৰতিটো ভৱিষ্যতবাণীয়েই মিলিছে। তেওঁ কৰা আন এটা ভৱিষ্যতবাণী  পোহৰলৈ আহিছে। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ২০৪৬ চনৰ ভিতৰত মানুহে ১০০ বছৰৰো অধিক আয়ুস লাভ কৰিব।

১১১ বছৰ আগতে বুলগেৰিয়াত জন্ম গ্ৰহণ কৰা বাবা ভাঙ্গা নামৰ এগৰাকী মহিলাৰ বহুতো ভৱিষ্যতবাণী সঁচা হৈছে। বাবা ভাঙ্গাই ১২ বছৰ বয়সত ধুমুহাৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল, কিন্তু আজিও, বাবা ভাঙ্গা তেওঁৰ ভৱিষ্যতবাণীৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত।  তেওঁৰ মৃত্যুৰ আগতে, বাবা ভাঙ্গাই ২০২২ আৰু তাৰ পিছৰ বছৰটোৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি,২০২২ চনত ভাৰতত ফৰিঙৰ  আক্ৰমণ হ’ব পাৰে। ইয়াৰ উপৰিও, দুৰ্ভিক্ষৰ দৰে সমস্যাও আহিব পাৰে। বাবা ভাঙ্গাই ভৱিষ্যতবাণী কৰিছিল যে পৃথিৱীয়ে ২০২৩ চনত ইয়াৰ কক্ষপথ সলনি কৰিব। ইয়াৰ উপৰিও, মহাকাশচাৰীসকলে ২০২৮ চনত শুক্ৰ গ্ৰহ ভ্ৰমণ কৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২০৪৬ চনত, মানুহে অংগ সংৰোপণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু মানুহে ইয়াৰ সহায়ত ১০০ বছৰতকৈ অধিক কাল জীয়াই থাকিব পাৰিব। বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী অনুসৰি, ২১০০ চনত পৃথিৱীত কোনো নিশা নাথাকিব। পৃথিৱীখন কৃত্ৰিম সূৰ্যৰ পোহৰৰ দ্বাৰা আলোকিত হ’ব। বাবা ভাঙ্গাই পৃথিৱী ধ্বংসৰো  ভৱিষ্যতবাণী কৰিছিল। বাবা ভাঙ্গাৰ মতে, পৃথিৱীখন ৫০৭৯  চনত ধ্বংস হ’ব। বাবাৰ দুটা ভৱিষ্যতবাণী ২০২২ বৰ্ষত সঁচা হৈছে। বাবা ভাঙ্গাই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশত বানপানীৰ ভৱিষ্যতবাণী কৰিছিল, যিবোৰ সঁচা হৈছে। অষ্ট্ৰেলিয়া, উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু থাইলেণ্ডত বানপানীৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ইয়াৰ উপৰিও, পাকিস্তানত বানপানীৰ প্ৰলয় অব্যাহত আছে। বাবা ভাঙ্গাই ইউৰোপত খৰাং সমস্যাৰ ভৱিষ্যতবাণী কৰিছিল। এই বছৰ ইউৰোপৰ পৰ্তুগালত চৰকাৰে ইয়াৰ নাগৰিকসকলক পানীৰ ব্যৱহাৰ সীমিত কৰিবলৈ কৈছে। ইয়াৰ উপৰিও, ইটালীতো পানীৰ অভাৱ দেখা গৈছিল। ইটালীয়ে বৰ্তমান ১৯৫০ ৰ দশকৰ পিছত এইবাৰেই আটাইতকৈ গুৰুতৰ খৰাং সমস্যাৰ সন্মুখীন হৈছে।

বিচিচিআই(BCCI)-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে নীৰজ চোপ্ৰাৰ(Neeraj Chopra) জেভলিন, ৯১ লাখ টকাত নিলাম হ’ল লাভলীনাৰ গ্ল’ভছ।

নিৰোজ চোপ্ৰাৰ জেভলিন বিচিচিআই-এ অভিলেখ পৰিমাণৰ মূল্যত ক্ৰয় কৰিলে। চোপ্ৰাৰ  উপৰি বিচিচিআইয়ে ভাৰতীয় পেৰালিম্পিক দলৰ  অটোগ্ৰাফ দিয়া এখন  অংগৱস্ত্ৰও ১ কোটি টকাত ক্ৰয় কৰিছে। অৱশ্যে  বিচিচিআইয়ে ক্ৰয় কৰা চোপ্ৰাৰ জেভলিনেই সৰ্বাধিক নিবিদা মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ফেঞ্চাৰ ভৱানী দেৱীৰ তৰোৱাল ১.২৫ কোটি টকাত ক্ৰয় কৰে বিচিচিআই-এ। বিগত বৰ্ষত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগসাক্ষাতৰ সময়ত  অলিম্পিক পদক বিজয়ীসকলে  তেওঁলোকৰ খেলৰ সঁজুলিবোৰ স্মাৰক হিচাপে উপহাৰ দিছিল।

সেই সঁজুলিবোৰ পিছত নিলাম কৰা হৈছিল আৰু ইয়াৰ পৰা লাভ কৰা ধন  ‘নমামি গঙ্গা কাৰ্যসূচী’লৈ প্ৰেৰণ কৰা হৈছিল। মোদীক অৰ্পন কৰা স্মাৰকসমূহত নীৰজ চোপ্ৰাৰ জেভলিনো অন্তৰ্ভুক্ত আছিল। সেই জেভলিনেৰে তেওঁ  টকিঅ’ত অলিম্পিকৰ সোণৰ পদক জিকিছিল।  বিচিচিআইয়ে শেহতীয়াকৈ ১.৫ কোটি টকাত চোপ্ৰাৰ জেভলিন ক্ৰয় কৰে।  অসমৰ লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ  গ্ল’ভছ ৯১ লাখ টকাত ক্ৰয় কৰা হয়। উল্লেখ্য ই-নিলামৰ বাবে ক্ৰীড়া সংগ্ৰহযোগ্য ১৩৪৮ পদ সামগ্ৰী ৰখা হৈছিল। এনে সামগ্ৰীৰ বিপৰীতে মুঠ ৮৬০০ নিবিদা লাভ কৰা হৈছিল। শেহতীয়াকৈ, চোপ্ৰাই টকিঅ’ত অলিম্পিক স্বৰ্ণ জয় কৰিবলৈ ব্যৱহাৰ কৰা জেভলিনটো লাউচেন স্থিত অলিম্পিক সংগ্ৰহালয়লৈ দান কৰিছে।

আন্তৰ্জাতিক আৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতৰ ৪ টা সোণ, ৪ টা ৰূপ৬ টা ব্ৰঞ্জৰ পদক লাভ ।

ইটালীৰ আওষ্টা ভেলীত অনুষ্ঠিত আন্তৰ্জাতিক পৃআৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এটা দলে চাৰিটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। উক্ত অলিম্পিয়াডত ৩৮ খন দেশৰ দুশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।পদক বিজয়ী ভাৰতীয় শিক্ষাৰ্থীসকল হ’লকিশ্বং ভৰালী দাস (তামিলনাডু), ভনৱ নামবুদ্ৰী (কেৰালা), শোণিত চিচোলেকাৰ (মহাৰাষ্ট্ৰ), অভিজয় সিং খেহৰা (পঞ্জাৱ), আভিশী আগৰৱাল (ৰাজস্থান), জাগৃত গৌৰ (চণ্ডীগড়), সিদ্ধঙ্গানা চাহু (উৰিষ্যা), আৰু আৰুষ চৌধুৰী (ৰাজস্থান)। অলিম্পিয়াডত পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে যাৱতীয় পুঁজিৰ যোগান ধৰিছিল ।

দুটা পৰ্যায়ৰ কঠোৰ স্ক্ৰীণিংৰ পিছত আঠজনীয়া ভাৰতীয় দলটো বাছনি কৰা হৈছিল। এই বাচনি প্ৰক্ৰিয়াৰ প্ৰথমস্তৰত প্ৰায় ৩,০০০ শিক্ষাৰ্থীৰ এক সৰ্বভাৰতীয় লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। দ্বিতীয় বাছনি পৰীক্ষা জিএছআই বাংগালুৰুয়ে আয়োজন কৰিছিল আৰু নিৰ্বাচিত প্ৰতিযোগীসকলক দেশৰ প্ৰখ্যাত বিজ্ঞানীসকলৰ দ্বাৰা দুসপ্তাহৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছিল।

অলিম্পিয়াডৰ অমশগ্ৰহণতাৰীসকলৰ পৰামৰ্শদাতা আছিল ক্ৰমে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ হেমা অচ্যুথান আৰু বাংগালোৰৰ জিএছআইৰ কে এছ গোদাৱৰী। পৰ্যবেক্ষকসকল আছিল নতুন দিল্লীৰ ইগনুৰ আৰ ভাস্কৰ আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মিথিলা বাৰ্মা।

শোণিতপুৰ জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷শিঙৰীৰ ৩নম্বৰ চিতলমাৰীত শনিবাৰে চলিল এই অভিযান।

শোণিতপুৰ জিলাৰ ৭২ নং বিধানসভা সমষ্টিৰ শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান৷উল্লেখ্য যে শিঙৰী আৰক্ষী চকী এলেকাৰ ৩ নং চিতলমাৰীত প্ৰায় ৩০০ ভূমিহীন পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰি বহুবছৰ পূৰ্বৰে পৰাই গাওঁ পাতি বসবাস কৰি আহিছিল৷কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তত আজি শোণিতপুৰ জিলা প্ৰশাসনে উক্ত অঞ্চলত চলালে বৃহৎ উচ্ছেদ অভিযান৷

JCB ৰ সহায়ত আৰক্ষী প্ৰশাসনে আজি পুৱা ছয়বজাৰ পৰাই আৰাম্ভ কৰিলে উচ্ছেদ৷কোনো ধৰণৰ বাধাবিঘিণি নোহোৱাকৈ অতি শান্তিপূৰ্ণ ভাৱেই চলিল আজিৰ উচ্ছেদ৷৩ নং চিতলমাৰীত উচ্ছেদৰ পিচতে আজি অঘৰী হৈ পৰিছে প্ৰায় ৩০০ পৰিয়াল৷

আপোন গৃহটো হেৰুৱাই এতিয়া লোকসকৰ চকুত মাত্ৰ চকুলো৷উচ্ছেদিত লোক সকলে সংস্থাপনৰ বাবে চৰকাৰক জনাইছে কাতৰ অনুৰোধ৷ এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা কৰে সেয়া সময়ত লক্ষণীয় হব৷

সংবাদদাতাঃ শ্ৰী প্ৰশান্ত বৈশ্য

মৃত্যু কিদৰে শিল্প? অংশ ল’বলৈ গৈছিল মাতৃৰ শেষকৃত্যত। কিন্তু প্ৰান হেৰুৱালে দুৰ্ভগীয়া জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) পতিত হৈ প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে।

এক শোকাৱহ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হৈছে মধ্যপ্ৰদেশৰ (Madhyapradesh) বেতুলত। মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত (Massive Road Accident) প্ৰাণ হেৰুৱালে জীয়ৰী আৰু সম্পৰ্কীয় ভাতৃয়ে। মৃত কন্যাৰ নাম ছায়া কাৰাডে।

জানিব পৰা অনুসৰি ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰাডেৰ (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটিছিল। মাতৃৰ মৃত্যুৰ পিছত শেষকৃত্যত অংশ ল’বলৈ শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে বুলি ভূপালৰ পৰা ছিণ্ডৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল।

কিন্তু আদবাটতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়। নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত তেওঁলোকৰ বাহন সম্পূৰ্ণৰূপে চূৰমাৰ হৈ যায়। এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত ছায়া কাৰাডেৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে। আনহাতে তেওঁ সম্পৰ্কীয় ভাতৃয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে।

Health Tips:  কোষ্ঠকাঠিন্যই (Constipation) সমস্যাৰ সৃষ্টি কৰিছে নেকি? তেনেহ’লে এইখিনি উপায়েৰে পাব সকাহ আপুনি, জানি লওঁক কি উপায়সমুহ?

কোষ্ঠকাঠিন্যৰ (Constipation) Treatment:  তেলেতীয়া আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰৱণতা আমাৰ ভাৰতত অতিকৈ বেছি, এইধৰণৰ খাদ্য খাবলৈ সুস্বাদু যদিও ,ই কিন্তু স্বাস্থ্যৰ যথেষ্ট ক্ষতি কাৰে। সাধাৰণতে আমি যি ফাষ্ট আৰু জাং ফুড খাও তাৰ হজম হোৱাটো অতি কঠিন, যাৰ ফলত পেটত সমস্যাৰ সৃষ্টি হয়। প্ৰায়ে আপুনি দেখিছে যে যিসকল লোকে কিবা-কিবি বস্তু খাই থাকে সেইসকল লোকৰ কোষ্ঠকাঠিন্যৰ অভিযোগ থাকেই। অৱশ্যে, এই সমস্যাটো কেনেকৈ দূৰ কৰিব পাৰি। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে (Nikhil Vats) ইয়াৰ সঠিক উপায় কয়।

ঘিঁউ আৰু গাখীৰৰ সহায়ে লৈ কোষ্ঠকাঠিন্য (Constipation) দূৰ কৰিব পাৰে

যিজন লোকৰ কোষ্ঠকাঠিন্য হৈ যায় সেইজন লোকৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপো কঠিন হৈ পৰে। এনে পৰিস্থিতিত যদি আপুনি নিশা এগিলাচ গাখীৰত এচামুচ ঘিঁউ মিহলি কৰি খাই তেন্তে হজম সম্পূৰ্ণৰূপে আৰোগ্য হ’ব পাৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰিব পাৰে। গাখীৰক এক সম্পূৰ্ণ খাদ্য বুলি গণ্য কৰা হয় য’ত সকলো ধৰণৰ পুষ্টি পোৱা যায়। একে সময়তে ঘিঁউত প্ৰাকৃতিক চৰ্বি থাকে। গাখীৰ আৰু ঘিঁৰ সংমিশ্ৰণ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

ঘিঁউ আৰু গাখীৰ খোৱাৰ (Milk And Ghee)আন কিছুমান লাভা জানো আহক-

১. হাড় শক্তিশালী কৰে
আপুনি প্ৰায়ে দেখিছে যে কিছুমান লোকৰ হাড়ৰ বিষৰ সমস্যা থাকে এনে পৰিস্থিতিত তেওঁলোকে নিশা গাখীৰ আৰু ঘিঁ মিহলাই খাব পাৰে, ই গাঁঠিত লুব্ৰিকেচন হিচাপে কাম কৰে, যি প্ৰদাহ আঁতৰ কৰিব পাৰে।

২. আৰামদায়ক টোপনি
গাখীৰ আৰু ঘিঁ মিহলি কৰি ৰাতি খোৱাৰ পৰামৰ্শ এইকাৰণে দিয়া হয় কাৰণ ইয়াৰ দ্বাৰা সেইসকল লোক যথেষ্ট উপকৃত হ’ব যিসকল লোকৰ টোপনিৰ অভাৱ থাকে। এইবিধ পানীয় খালে আপোনাৰ ৭ৰ পৰা ৮ ঘণ্টা আৰামদায়ক টোপনি আহিব।

৩. ষ্টেমিনা বৃদ্ধি কৰে
যদি আপোনাৰ শাৰীৰিক কাৰ্যকলাপ অধিক আছে তেনেহ’লে আপোনাক অধিক শক্তি আৰু মনোবলৰ প্ৰয়োজন হ’ব, সেয়েহে যদি আপুনি নিয়মীয়াকৈ গাখীৰ আৰু ঘিঁ মিহলি কৰি খাই, তেন্তে কেইসপ্তাহমানৰ ভিতৰত আপুনি লাভালাভবোৰ দেখা পাব।

হৃদয়বিদাৰক ! ওপজা দিনটোতেই মৃত্যুক সাৱটিলে এজন CRPFৰ জোৱানে; জন্মদিনৰ আনন্দত মোবাইল কিনিবলৈ গৈ পতিত হ’ল দুৰ্ঘটনাত। পৰিয়ালটোত কান্দোনৰ ৰোল

শুকুৰবাৰে সন্ধিয়া যোগীঘোপাৰ (Jogighupa) চিনাবাৰীত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident)। নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী CRPF জোৱানে (CRPF Jawan Died On Birthday)। নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী চিআৰপিএফ জোৱান। নিহত চিআৰপিএফ জোৱানজন কিশোৰ কলিতা (Kishore Kalita) বুলি জানিব পৰা গৈছে।

বঙাইগাঁৱৰ (Bongaigaon) যোগীঘোপাৰ চলন্তপাৰাত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। চিআৰপিএফত কৰ্মৰত যুৱকজনে ছুটী লৈ নিজ ঘৰলৈ আহিছিল।

জানিব পৰা মতে, যুৱকজনৰ জন্মদিন উপলক্ষে মোবাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল ৷ কিন্তু মোবাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে ৷

বজাৰৰ পৰা AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনেৰে আহি থকা সময়তে অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে। পথ দুৰ্ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাবে আহত হয়। আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ (Bongaigaon Civil Hospital) লৈ প্ৰেৰণ কৰা হয় যদিও বঙাইগাঁও অসামৰিক চিকিৎসালয় মৃত্যু বুলি ঘোষণা কৰে ।

ওপজা দিনটোতে সকলোকে কন্দুৱাই চিৰবিদায় লোৱা ঘটনাই পৰিয়ালৰ লগতে অঞ্চলজুৰিতো শোকৰ ছাঁ পেলাইছে।

স্বামীয়ে এচিডেৰে আক্ৰমণ (Acid Attack) কৰিলে পত্নীক,পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। ৯০ শতাংশ মুখ জ্বলি জীৱন-মৃত্যুৰে যুঁজ দিছে পত্নীয়ে

দৰঙৰ (Darrang) খাৰুপেটীয়াত (Kharupetia) সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা (Acid Attack) ৷ পাৰিবাৰিক কন্দলৰ বাবে খাৰুপেটীয়াৰ ৰামনগৰৰ অমৰ ধৰ নামৰ লোক এজনে পত্নীৰ মুখত ঢালিলে এচিড ৷

এচিডৰ আক্ৰমণত গুৰুতৰভাবে আহত পত্নী উৰ্মিলা ধৰ। বৰ্তমান জীৱন-মৃত্যুৰে যুঁজ দি আছে মহিলাগৰাকীয়ে। সংকটজনক অৱস্থাত জিএমচিত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী ৷

দুদিন পূৰ্বে ঘটনাটো সংঘটিত হৈছিল ৷ আজি মহিলাগৰাকীৰ মাতৃয়ে থানাত এজাহাৰ দিয়াৰ পিছত খাৰুপেটীয়া আৰক্ষীয়ে (Kharupetia Police) অমৰ ধৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা…

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩ ছেপ্তেম্বৰ তাৰিখে দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা ।

ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) যিকোনো শাখাতে শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় ।

কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলক প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। আনজন সমল ব্যক্তি প্ৰাঞ্জল শৰ্মাই ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰে জীৱন-জীৱিকাত কেনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে তাৰ বিষয়ে আলোচনা কৰে

মাৰ্ঘেৰিটা নামডাং চাহ বাগিছাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী…

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নামডাং চাহ বাগিছাত আজি পুৱা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়।

নাহৰফুটুকীটোয়ে চাহ বাগিচাখনত বিগত কেইবাদিনো ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বন বিভাগে বাঘটো ধৰিবলৈ পিঞ্জৰা পাতি ৰাখিছিল ।আজি বন বিভাগে পাতি ৰখা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চোৱাৰ বাবে পুৱাৰে পৰা শ শ উৎসুক লোকৰ সমাগম হয়।পিছত অৱশ্যে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বন বিভাগে উক্ত ঠাইৰ পৰা অন্য স্থানলৈ লৈ যায়।

বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বনাঞ্চলত এৰি দিয়া হব। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস কাঢ়িছে।

মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা