Home Blog Page 2166

বঙাইগাঁৱত তালগুৰী-বাসুগাঁও সংযোগী জৰাজীৰ্ণ পথৰ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ…

তালগুৰী-বাসুগাঁও সংযোগী জৰাজীৰ্ণ পথৰ নিৰ্মানৰ দাবীত এই প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ । তালগুৰী-বাসুগাঁও সংযোগী পথৰ ধনতোলাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধনতোলা-বইটামাৰী আৰু বামুণীটিলা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

জৰাজীৰ্ণ পথৰ নিৰ্মাণ আৰু গধুৰ যান বাহন চলাচল বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই তালগুৰী-বাসুগাঁও সংযোগী পথৰ শোচনীয় অৱস্থাৰ বাবে জীয়াতু ভুগিব লগা হৈছে স্থানীয় ৰাইজ তথা পথাচাৰী । আনহাতেদি গধুৰ যান বাহনৰ দৌৰাত্মত জহি খহি গৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে পথটো ।

প্ৰতিবাদস্থলীত উপস্থিত বইটামাৰী চক্ৰ বিষয়াক অচিৰেই পথটো নিৰ্মান আৰু গধুৰ যান বাহন চলাচল কৰা বন্ধ কৰিবলৈ দাবী জনাই বঙাইগাঁও জিলা উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ

অভিনেত্ৰী মাধুৰী দীক্ষিত উফ মোমেন্টছৰ ভুক্তভোগী, ছ’চিয়েল মিডিয়াত ভাইৰেল ছবি…

মাধুৰী দীক্ষিত দেশৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম ডাঙৰ অভিনেত্ৰী। তেওঁৰ চলচ্চিত্ৰসমূহ সদায় চহৰখনৰ কথা। অলপ সময়ৰ বাবে, তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নায়িকা আছিল। চলমান খান হওঁক বা অনিল কাপুৰ হওঁক, সকলোৰে সৈতে তেওঁৰ যুটি অবিশ্বাস্য আছিল। যদিও শ্বাহৰুখ বা আমিৰ খানৰ সৈতে তেওঁৰ বেছি চিনেমা নাছিল, তেওঁৰ জনপ্ৰিয়তাত কোনো সমস্যা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ নৃত্য দক্ষতা। তাইৰ নৃত্যৰ বাবে, তাই 1990-ৰ দশকৰ এগৰাকী নৃত্যময়ী ডিভা আছিল।

অৱশ্যে, বিবাহৰ পিছত, তেওঁ কিছু সময়ৰ বাবে চিনেমাৰ পৃথিৱী এৰিছে, কিন্তু তেওঁ পুনৰ তেওঁৰ পুৰণি পৃথিৱীলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। তেওঁ কলংকৰ দৰে চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অৱশ্যে, কেইদিনমান আগতে তাইৰ কিছুমান ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল য’ত তাই পোছাকৰ সৈতে সমস্যাত পৰিব লগা হৈছিল। তাত তেওঁ উপছ মুহূৰ্তৰ ভুক্তভোগী হৈছিল আৰু সেইকাৰণে তেওঁ সামাজিক মাধ্যমত শ্লেষ শুনিব লগা হৈছিল।

৫৫ বছৰ বয়সত, ৯০ ৰ দশকৰ অভিনেত্ৰীগৰাকীৰ বাবে এনে ধৰণৰ ঘটনা অত্যন্ত লজ্জাজনক হৈ পৰিছিল। সাধাৰণতে বাস্তৱ জীৱনত, মাধুৰী দীক্ষিতক শাৰী আৰু অন্যান্য দেশৰ পোছাকত অধিক দেখা যায়। কিন্তু অতিথি হিচাপে এটা অনুষ্ঠানলৈ যাওঁতে, তেওঁ নীলা গাউন পিন্ধিছিল, যিটো এটা সময়ত অভিনেত্ৰীগৰাকীৰ বাবে লাজৰ কাৰণ হৈ পৰিছিল। সাধাৰণতে মাধুৰী দীক্ষিতে খুব সৰু কাপোৰ পৰিধান নকৰে। কিন্তু এই অনুষ্ঠানলৈ যাবলৈ তাই এনেকুৱা পোছাক পিন্ধিব লগা হৈছিল। দৰাচলতে, তেওঁ সেই পোছাকটো চম্ভালিব নোৱাৰিলে আৰু সেইকাৰণে তেওঁ সমস্যাত পৰিছিল।

পুত্ৰৰ বাবে আৰবাজ মালাইকা পুনৰ লগ হোৱাৰ সম্ভাৱনা…

শেহতীয়াকৈ, মালাইকা অৰোৰাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, এই ভিডিঅ’টোত তেওঁক তেওঁৰ পুত্ৰৰ উপৰিও তেওঁৰ প্ৰাক্তন স্বামী অৰ্থাৎ আৰবাজ খানৰ সৈতে দেখা গৈছে। মালাইকা আৰু অৰহান খানৰ মাজৰ বন্ধনও বহুত শক্তিশালী আৰু তেওঁলোক দুয়োজনে ইজনে সিজনক যথেষ্ট সন্মান দিয়ে। শেহতীয়াকৈ, মালাইকা অৰোৰাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁ তেওঁৰ প্ৰাক্তন স্বামী অৰ্থাৎ আৰবাজ খান আৰু পুত্ৰ আৰহানৰ সৈতে থিয় হৈ আছে। ভিডিঅ’টো দেখি, এনে লাগিছে যে তেওঁলোক দুয়ো আৰহান এৰিবলৈ আহিছে।

পুত্ৰৰ কাৰণে আৰবাজ মালাইকা একেলগে আহে

শেহতীয়াকৈ, বিমানবন্দৰৰ পৰা আৰবাজ খান, মালাইকা অৰোৰা আৰু তেওঁলোক দুয়োৰে পুত্ৰ আৰহান খানৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টোত, তেওঁলোক দুয়োকে তেওঁলোকৰ পুত্ৰক প্ৰেম ৰখা দেখা গৈছে। এনেকুৱা লাগিছে যেন তেওঁলোকৰ পুত্ৰ আৰহানৰ কাৰণে দুয়ো একেলগে আহিছে। মই আপোনাক কওঁ, আৰহানে বিদেশত পঢ়া-শুনা সম্পূৰ্ণ কৰি আছে আৰু আজিকালি তেওঁ ছুটিত মুম্বাইলৈ আহিছিল আৰু এতিয়া তেওঁৰ ভিডিঅ’টো চাই, এনে লাগিছে যে এতিয়া তেওঁ পঢ়াশুনাকৰিবলৈ উভতি গৈছে।

বিবাহৰ 19 বছৰ ভঙা

মালাইকা অৰোৰা আৰু আৰবাজ খানে ১৯৯৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। এয়া কোনো ব্যৱস্থাপনা বিবাহ নাছিল, কিন্তু দুয়োজনে ইজনে সিজনক ভালদৰে বুজি বিয়া কৰাৰ সিদ্ধান্ত লৈছিল। 5 বছৰ ডেটিং কৰাৰ পিছত, মালাইকা আৰু আৰবাজে চিৰদিনৰ বাবে একেলগে থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। বিবাহৰ পিছত, তেওঁলোক দুয়ো 19 বছৰ একেলগে আছিল, কিন্তু তাৰ পিছত তেওঁলোকৰ সম্পৰ্ক এটা আঘাতত ভাগি পৰিছিল।

ৰৌতাৰ ঝাড়গাঁৱৰ দোকানৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ মাজবাট শ্ৰমিক পৰিদৰ্শন বিষয়াৰ

ৰাজ্যত দিনে দিনে শিশু ওপৰত নানা ধৰণৰ অপৰাধজনীত ঘটনা সংঘটিত হৈ থকাৰ সময়তে বুধবাৰে ওদালগুৰি জিলাৰ লালপুল আউত পোষ্টৰ অন্তৰ্গত ঝাড়গাঁও চকত এখন দোকানত শিশু শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকাৰ মুহূৰ্তত লালপুল আউত পোষ্ট আৰু ৰৌতা থানাৰ আৰক্ষীৰ সহযোগত মাজবাট শ্ৰমিক পৰিদৰ্শন বিষয়া দীপ্তি ৰাইৰ নেতৃত্বত আবিদুল হকৰ “হক ষ্টুৰ”ৰ পৰা এজন ১৫ বছৰীয়া কিশোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি অস্থায়ী ভাবে শিশু কল্যান সমিতিয়ে কিশোৰ জনক শিশু গৃহত ৰাখে আৰু তদন্ত অব্যাহত ৰাখিছে।আনহাতে উক্ত উদ্ধাৰ অভিযানত সহযোগ কৰে ওদালগুৰি জিলা চাইল্ড লাইনৰ পৰিচালক ললিত বড়ো, সমন্বয়ক বেলিনা দৈমাৰী,সংগঠক অৰূপবড়ো, অনচুলা মোচাহাৰী, শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া লগতে সমাজ সেৱক দিলীপ শৰ্মাই।

২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম ঘোষণা…

২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম ঘোষণা।প্ৰদ্যুম্ন কুমাৰ গগৈ,দিগন্ত ওজালৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা।

২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম আজি ঘোষণা কৰা হৈছে।

এই বৰ্ষৰ সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে। গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন `চকী আৰু অন্যান্য গল্প’ৰ বাবে সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে। আনহাতে লেখক-সাংবাদিক দিগন্ত ওজালৈ ২০২‍২ বৰ্ষৰ সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা।

‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে দিগন্ত ওজালৈ এই বঁটা।

জোনাইত কেবালক্ষাধিক মূল্যৰ ৭টা চোৰাং হাতীদাঁত, এটা বন্দুকসহ ৭ টা কাৰ্টিজ উদ্ধাৰ৷ জোনাই আৰক্ষী অভিযানত দুজন অৰুনাচলী চোৰাং ব্যৱসায়ীক আটক৷

জোনাই আৰক্ষীয়ে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম অৰুনাচল সীমান্ত জোনাইত কালি নিশাৰে পৰা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে অভিযান চলাই আজি প্ৰায় পূৱা ৮.৩০ বজাত লক্ষী নেপালী বস্তিত বেচা কিনা কৰিবলৈ বুলি অনা বনৰীয়া হাতীৰ দাঁতসহ আটক কৰে দুজন অৰুণাচলী চোৰাং ব্যৱসায়ীক দুজন চোৰাং ব্যৱসায়ীৰ সৈতে জব্দ হয় এখন চুইফ ডিজাৰ্ট, ৭টা বনৰীয়াহাতী দাঁত, এটা দুইনলীয়া বন্দুক, ৭ টা কাৰ্টিজ, তিনটা মবাইল সহ কিছু আপত্তি জনক নতিপত্ৰ।

চোৰাং চিকাৰী দুজন হল অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ চিলে থানাৰ টাডে জামহ আৰু টাগে ৰিনা ৷ জব্দ হোৱা চোৰাং বনৰীয়া হতীদাঁত সমূহ পৰীক্ষাৰ কাৰণে জোনাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত জোনাই থানা লৈ আহে জব্দ কৃত চোৰাং হাতীদাতসূহ৷ জব্দ কৃত হাতীদাঁতসমূহ বজাৰ মূল্য পাচ লাখৰো অধিক বুলি জানিব দিয়ে জোনাই আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে৷ উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অসম অৰুণাচল সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ‍্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষীৰ দলটোৱে।

উক্ত হাতী দাঁতৰ চোৰাং সৰবৰাহকাৰী দলত জোনাইৰ স্থানীয় ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জোনাই আৰক্ষীয়ে।হাতীদাঁতৰ চোৰাং সৰবৰাহকাৰী দুজনক তদন্তৰ ভাৱে জোনাই আৰক্ষীৰ জিম্মাত বৰ্তমান ৰখা হৈছে৷

নতুন অসমীয়া ছবি ‘মোৰ পৃথিৱী’ৰ পোষ্টাৰ মুকলি…

প্ৰাগজ্যোতিষ ফিল্মছৰ বেনাৰত ঘোষণা হল এখন নতুন অসমীয়া ছবিৰ নাম। আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ঘোষণা কৰা ছবিখনৰ নাম ‘মোৰ পৃথিৱী’ । ছবিখনৰ নাম উন্মোচনৰ ভিডিঅ’ মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। লগতে ছবিখনৰ বেনাৰ-পোষ্টাৰ মুকলি কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে।

নতুন অসমীয়া ছবি ‘মোৰ পৃথিৱী’ৰ পোষ্টাৰ মুকলি

বিশিষ্ট চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ চিত্ৰনাট্য, কাহিনী, সংলাপ আৰু পৰিচালনাৰে আহিবলগীয়া ছবিখনৰ প্ৰযোজনা দ্বীপ দাসৰ। লগতে ছবিখনৰ মুখ্য প্ৰযোজকৰ দায়িত্বত আছে হৰেকৃষ্ণ দাস। ছবিখনৰ সংগীত পৰিচালনা কৰিব জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে আৰু DOP হিচাবে থাকিব সুমন দুৱৰা ।

ছবিখনৰ বিষয়ে চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই কয়- ছবিখন অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত নিৰ্মান কৰা হব। অসমীয়া ভাষাত ছবিখনৰ নাম হব ‘মোৰ পৃথিৱী’ আৰু হিন্দী ভাষাত ছবিখনৰ নাম হব ‘My World’ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব আইমী বৰুৱা, ৰঞ্জিৱ লাল বৰুৱাৰ লগতে এদল জনপ্ৰিয় অভিনয় শিল্পীয়ে। অনুষ্ঠানটিত উপস্থিত থকা অন্যান্য ব্যক্তি সকলৰ ভিতৰত ড০ হিতেশ বৰুৱা, বিশিষ্ট পৰিচালক মুন্না আহমেদ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, বিশিষ্ট চিত্ৰনাট্যকাৰ- পৰিচালক ৰজনী বৰ্মন ,পৰিচালক কৃপাল কলিতা, বিকাশ সাহা, ৰূপজ্যোতি বৰা, মুনমী ফুকন, তপন শইকীয়া, নজৰুল হক, অপূর্ব তালুকদাৰ আদিৰ লগতে বহু গণ্য মান্য ।

১৮ চেপ্তেম্বৰৰ পৰা অসম টি গ’ল্ডেন আন্তঃচাহ বাগিচা মহিলা ফুটবল প্রতিযোগিতা ৰ আয়োজন

প্রাক্তন মুখ্যমন্ত্রী সৰ্ব্বানন্দ সোণোৱাল ৰ কাৰ্য্যলয়ত সমগ্র অসমত তিনিটা মণ্ডলত বিভক্ত কৰি চাহ বাগিচাত আন্তঃ বাগিচা চি. এম. কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল যদিও পৰৱৰ্তী সময়ত চি এম কাপ ফুটবল প্ৰতিযোগিতা তাপ মাৰিলে। চি এম কাপ প্ৰতিযোগিতাৰ চুড়ান্ত খেলত বিজয়ী দলটোৰ খেলুৱৈ সকলক বিভিন্ন চৰকাৰী সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰ লগতে বাগিচা সমূহত সাত লাখ টকা ব্যয় সাপেক্ষে বিজ্ঞান সন্মত ভাবে খেল পথাৰ নিৰ্মাণ কৰি বাগিচাৰ যুৱক যুৱতী’ক ‘ফুটবল’খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে প্ৰশিক্ষণৰ ব্যবস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। উক্ত প্ৰতিশ্ৰুতি ৰ এটা অংশও কাৰ্য্যকৰী কৰা পৰিলক্ষিত নহল। প্ৰতিশ্ৰুতি সমূহ ধোৱা চাঙত তুলি থোৱা হ’ল। শেষতীয়া ভাৱে বৰ্তমানৰ মূখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰ খনে অহা ১৮ চেপ্তেম্বৰৰ ২০২২ ৰ পৰা অসম টি গ’ল্ডেন কাপ প্ৰতিযোগিতা আৰম্ভ কৰাৰ নিমিত্তে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম চাহ জনগোষ্ঠী ক্রীড়া আৰু সাংস্কৃতিক সন্হাৰ উদ্যোগত অসম ফুটবল সন্হাৰ ওত্বাবধানত আৰু বিভিন্ন জিলাৰ ক্রীড়া সন্হাৰ সহযোগত আন্তঃচাহ বাগিছা মহিলা ফুটবল প্ৰতিযোগিতাৰ ব্যাপক প্ৰচাৰৰ নিমিত্তে THEME SONG আৰু JERSEY উন্মোচন ৰ বাবে অহা ২ চেপ্তেম্বৰ ২০২২ তাৰিখে পুৱা ৯ বজাত গুৱাহাটীৰ জ্যোতি চিত্রবনৰ প্ৰেক্ষাগৃহত উন্মোচনী সভা আয়োজন কৰিছে আসাম টি গ’ল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিয়ে। ব্যয় বহল বাজেটেৰে ১৮ চেপ্তেম্বৰৰ পৰা আৰম্ভ কৰিব লগীয়া আন্তঃ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ সন্দৰ্ভত ব্যপক প্ৰচাৰৰ নিমিত্তে উন্মোচন হব ‘Theme song ‘।

লগতে উন্মোচন হব জাৰ্চি। চাহ বাগিচা ৰ মহিলাৰ মাজত ফুটবল প্ৰতিযোগিতাৰ কোনো প্ৰশিক্ষণ ৰ ব্যবস্থা নকৰাকৈ কেইটামান সক্রিয় দলৰ ওপৰত নিৰ্ভৰ কৰি আয়োজন কৰা প্ৰতিযোগিতা খনে সমাজ খনৰ মহিলাৰ মাজত কৈ প্ৰভাৱ পেলাব সময়ত স্পষ্ট হৈ পৰিব। অহা ২ চেপ্তেম্বৰত অনুষ্ঠিত হব লগা উন্মোচনী সভা প্ৰাৰম্ভনীক কাৰ্য্যক্ৰমনিকা অনুসৰি পুৱা ৯ বজাত বন্তি প্ৰম্বলন কৰিব প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি তথা শ্ৰম মন্ত্রী সজ্ঞয় কিষানে।৯ পুৱা ৯ ১৫ বজাত আদৰণি ভাষণ প্রদান কৰিব প্ৰতিযোগিতা আয়োজক সমিতিৰ সম্পাদক ৰাজেশ বদন নায়কে। পুৱা ৯ ৩০ বজাত ‘Theme song’ উন্মোচন কৰিব ভাৰত চৰকাৰৰ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ কৃষি মন্ত্রী অতুল বৰাই। পুৱা ৯ ৪৫ বজাত জাৰ্চি উন্মোচন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক আৰু উদ্যোগ মন্ত্রী বিমল বড়া আৰু ৰাজহ মন্ত্রী যোগেন মানে। পুৱা ১০ বজাত সামৰনি পৰা উন্মোচনী সভাত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব চাহ জনজাতি কল্যাণ বিভাগৰ আযুক্ত সচিব জে বি একা (আই এ এচ), ক্ৰীড়া ও যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী (ACS ) কে ধৰি ৰাজ্য খনৰ ২৪ গৰাকী উচ্চ পদস্থ বিষয়াকে ধৰি মন্ত্রী সাংসদ উপস্থিত থাকিব।

নলবাৰী আমছা হাউচত নলবাৰী পৰিবহন বিভাগ, দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগত তথা নলবাৰী স্বাস্থ্য বিভাগ,পৰ্যটন বিভাগৰ উদ্যোগত ড্ৰাইভিং প্ৰশিক্ষণাৰ্থীক পৰ্যটন বিষয় সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ প্ৰদান

নলবাৰী জিলাৰ তিনিওটা সমষ্টিত ক্ৰমে, নলবাৰী,ধৰ্মপুৰ,বৰক্ষেত্ৰীত ৰাজ্যৰ পৰিবহন বিভাগ তথা দক্ষতা বিকাশৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল ৪২ দিনীয়া বিনামূলীয়া ড্ৰাইভিংৰ প্ৰশিক্ষণ । সেইমৰ্মে আজি নলবাৰী জিলা পৰিবহন বিভাগ, দক্ষতা বিকাশ কেন্দ্ৰ তথা ৰাজ্যৰ পৰ্যটন বিভাগ আৰু স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয় এদিনীয়া পৰ্যটন বিষয় সন্দৰ্ভত প্ৰশিক্ষণৰ কৰ্মশালা । বিশিষ্ট নাট্যকাৰ গিৰীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত পৰ্যটন বিষয় সন্দৰ্ভত আলোকপাত কৰে আমন্ত্ৰিত অতিথি তথা পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক ডা: হৃদয় ৰঞ্জন দাসে।

আনহাতে বিদেশৰ পৰা অহা এগৰাকী পৰ্যটকক কেনেকুৱা সজ ব্যৱহাৰ কৰি সেৱা প্ৰদান কৰিব লাগে সেই সন্দৰ্ভতো মত ব্যক্ত কৰে পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক গৰাকীয়ে । তদুপৰি সদায় যাতায়তৰ সময়ত সদায় সুস্থ মগজুৰে তথা পৰিবহন আইন মানি চলি গাড়ী চলাবলৈ আহ্বান জনাই নলবাৰীৰ পৰিবহন বিষয়া সীমান্ত কুমাৰ বৰাই । অনুষ্ঠানটোত উপস্থিত প্ৰশিক্ষণাৰ্থী সকলে এই বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ বাবে পৰিবহন বিভাগ,পৰ্যটন বিভাগ,দক্ষতা বিকাশ কেন্দ্ৰ তথা প্ৰশিক্ষণ প্ৰদান কৰি থকা গ্লোবেল গ্ৰাফিক্স কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত নলবাৰী পৰিবহন বিভাগৰ এম ভি আই জয়ন্ত দেউৰী,সহকাৰী পৰ্যটক তথ্য বিষয়া গৌতম গগৈ, মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডা: সুৰেন্দ্ৰ নাথ মজুমদাৰ,গ্লোবেল গ্ৰাফিক্স নলবাৰীৰ স্বত্বাধিকাৰী উদ্ধৱ কলিতা সহ তিনিও টা সমষ্টিৰ প্ৰশিক্ষণাৰ্থী সকল উপস্থিত থাকে । আনহাতে অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সাংস্কৃতিক কৰ্মী বিনোদ ৰাজবংশীয়ে ।

লামডিং ৰেল ষ্টেচনত বৃহত পৰিমাণৰ ব্ৰাউন সুগাৰ উদ্ধাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত ও একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে বৰ্তমান ও চলাই আ্ছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ ৰমৰমীয়া বেহা লামডিং ৰেলৱে জংচনত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। গুৱাহাটী -লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ তহলদাৰী দলে উদ্ধাৰ কৰে ব্ৰাউন চুগাৰখিনি । ১৫৬২৫ উজনীমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলখনৰ AC ডবাৰ এটা পৰিত্যক্ত বেগৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীৰ তহলদাৰী দলে জব্দ কৰে ব্ৰাউন চুগাৰখিনি৷

৫৭ টা চাবোনৰ বাকচত ৭৫৫ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ হয় ৷ উদ্ধাৰ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৭৫ লাখ টকাৰ অধিক হ’ব বুলি জানিব দিয়ে ৰেলৱে সুৰক্ষা বাহিনীয়ে ৷ আৰ পি এফৰ দলটিয়ে যদিওবা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰিছে কিন্তু এই সংক্ৰান্তত এতিয়ালৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই৷