প্ৰাগজ্যোতিষ ফিল্মছৰ বেনাৰত ঘোষণা হল এখন নতুন অসমীয়া ছবিৰ নাম। আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে ঘোষণা কৰা ছবিখনৰ নাম ‘মোৰ পৃথিৱী’ । ছবিখনৰ নাম উন্মোচনৰ ভিডিঅ’ মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। লগতে ছবিখনৰ বেনাৰ-পোষ্টাৰ মুকলি কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে।
অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাক লৈ শিক্ষা বিভাগৰ নতুন সিদ্ধান্ত ৷ দীৰ্ঘদিনধৰি কেৱল গুৱাহাটীৰ চান্দমাৰীত গ্ৰন্থমেলা আয়োজন কৰি অহাৰ পিছত এইবাৰ অসমৰ চাৰিখন চহৰত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আয়োজনৰ সিদ্ধান্ত শিক্ষা বিভাগৰ ৷ পূৰ্বতে অসম প্ৰকাশন পৰিষদ আৰু উত্তৰ পূব গ্ৰন্থ বিক্ৰেতা সন্থাৰ লগত যৌথভাৱে গ্ৰন্থমেলা গুৱাহাটীৰ চান্দমাৰী খেল পথাৰত অনুষ্ঠিত হৈছিল ৷ এইবাৰ প্ৰকাশন পৰিষদ ৰ গ্ৰন্থমেলা অসমৰ চাৰিখন চহৰত অনুষ্ঠিত হ’ব ৷ এই কথা ধেমাজিত ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ৷
চাৰি নৱেম্বৰৰ পৰা ধেমাজিত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ৷ পুৰ্বৰ কেৱল গুৱাহাটীত এখন গ্ৰন্থমেলা আয়োজনৰ পৰিৱৰ্তে ২০২২ বৰ্ষত চাৰিখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিব অসম প্ৰকাশন পৰিষদে ৷ অসম প্ৰকাশন পৰিষদৰ ২০২২ বৰ্ষৰ প্ৰথমখন গ্ৰন্থমেলা চাৰি নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ধেমাজিত , দ্বিতীয়খন গ্ৰন্থমেলা দুই ডিচেম্বৰৰ পৰা যোৰহাটত , তৃতীয়খন গ্ৰন্থমেলা ২৯ ( উনত্ৰিশ ) ডিচেম্বৰত গুৱাহাটীত আৰু চতুৰ্থখন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব বঙাই গাঁৱত ৷