Home Blog Page 2225

টংলাত আক্রাছুৰ উদ্যোগত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্র সন্থা পশ্চিমৰ উদ্যোগত, ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল, যুৱ, মহিলা সন্মিলনী আৰু টংলা আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাৰ সহযোগত আজি টংলাস্থিত অমৃত বিবাহ ভৱনত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান এখন অনুষ্ঠিত হৈ যায়।

ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি মিন্টু বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খন উদ্বোধন কৰে উপদেষ্টা নিলধৰ ডেকাই,সভাৰ উদ্দেশ্যে বাখ্যা কৰে যুটীয়া সম্পাদক পংকজ ডেকাই।আনহাতে সম্বৰ্ধনা অনুষ্ঠান আঁত ধৰে সংবাদকৰ্মী নাৰায়ণ ডেকাই।উক্ত অনুষ্ঠান খনত বিগত বৰ্ষৰ ২০২২ চনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩২ খন আঞ্চলিকৰ ছাত্র ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে কৰ্ম উদ্যোমী নয়ন জ্যোতি বৰুৱা,ৰিক্সা ছালক ইলা ডেকা আৰু সমাজ কৰ্মী ভবেন্দ্ৰ নাথ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠান খনত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে ক্ৰমে আক্রাছু দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ নাথ ডেকা,আক্রাছুৰ মুখ্য উপদেষ্টা গৌতম চহৰীয়া আৰু টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘটেশ্বৰ বৰুৱাই।আক্রাছু কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচে আঁত ধৰা সাংস্কৃতি অনুষ্ঠান খনত জাতীয় পোছাঁকৰ গীত নৃত্যই আনুষ্ঠান খন জীপাল কৰি তোলে।

জামুগুৰিহাটত বিহু কৰ্মশালাৰ সামৰনি। আবতৰীয়া বিহুয়ে কপালে জামুগুৰিহাট

আবতৰিয়া বিহুয়ে কপালে জামুগুৰিহাট৷ঢোল পেপা গগনাৰ মাতৰ লগতে ঢুলীয়াৰ ঢোলৰ চেৱত এজাক নাচনীৰ নাচত আজি ৰজনজনাই গল সমগ্ৰ জামুগুৰিহাট৷ হয় জামুগুৰিহাটৰ কুচুমটোলাৰ এক অগ্ৰনী সাংস্কৃতিক গোষ্ঠী গগনাৰ সৌজ্ন্যত অনুস্ঠিত বিহু কৰ্মশালাৰ আজি সামৰনিৰ দিন৷ এইউপলক্ষে কুচুমটলাৰ হাইস্কুলৰ প্ৰাংগনত আজি অনুস্হিত হয় এক বৰ্নাধ্য কাৰ্যসুচীৰ ৷জামুগুৰি নগৰ কমিটিৰ পৌৰপতি পল্লবীতা শৰ্মা মহন্তই শুভ উদ্বোধন কৰা এই বিহু অনুস্হানত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে৷

উল্লেখ্য যে যোৱা ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈ কুসুমটলাত অনুস্হিত হৈছিল এক বিহু কৰ্মশালা এই কৰ্মশালাত অন্চলটোৰ প্ৰায় শতাধিক যুবক যুবতীয়ে অংশগ্ৰহণ কৰে৷ অসমীয়া জাতীয় জীবনৰ অন্যতম উপাদান ঢোল পেপাৰ লগতে বিহু নাচৰ প্ৰশিক্ষন দিয়া এই কৰ্মশালাত ঢোল আৰু পেপা বাদনৰ প্ৰশিক্ষক হিচাপে উপস্হিত থাকে ক্ৰমে ৰন্টু বৰকটকী ;উৎপল দাস আৰু ;ৰিপুন শইকীয়া৷ একেদৰে বিহু নাচৰ প্ৰশিক্ষন দিয়ে বিহুৱতী ৰশ্মিৰেখা দাস আৰু পম্পী গগৈয়ে৷ অসমৰ সাংস্কৃতিক ৰাজধানী ৰুপে পৰিচিত জামুগুৰিহাটৰ কুসুমটলাৰ গগনা সাংস্কৃতিক গোষ্ঠিৰ এনে বিহু কৰ্মশালাই উঠি অহা প্ৰজন্মক সাংস্কৃতিক দিশত যথেস্ট আগুৱাই নিব বুলি সাংস্কৃতিক মহলে মন্ত্যব্য কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেস্টাক সকলোৱে প্ৰশংসা কৰিছে৷

লাহৰীঘাটৰ নগাবন্ধাত দূৰ্বিত্তৰ দ্বাৰা খাদ্যত নিচাযুক্ত দ্ৰব্য মিলোৱাত গোটেই পৰিয়াল অচেতন। বৰ্তমান এজন আই চি ইউত ভৰ্তি…

মৰিগাঁও জিলাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ আব্দুৰ ৰৌফৰ ঘৰত যোৱা নিশা কোনো অজ্ঞাত দূৰ্বিত্তই হয়তো চুৰি বা ডকাইতি কৰাৰ লক্ষৰে নিশা খিৰিকীৰে তৰকাৰীত নিচাযুক্ত দ্ৰব্য মিহলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

নিশা পৰিয়ালৰ লোকে ৰাতিৰ আহাৰ খোৱাৰ ফলত সকলোৱেই অচেতন হৈ পৰে। বহু সময় পিছত স্হানীয় ব্যক্তি সকলে গম পাই চিকিৎসাৰ বাবে নগাঁও ডিউ কেয়াৰ ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰে। সম্প্রতি জানিব পৰা মতে আব্দুৰ ৰৌফ আই ছি ইউত চিকিৎসাধীন হৈ আছে। এই সংক্ৰান্তত পৰিয়ালৰ লোকে বৰছলা আৰক্ষী চকীত জনোৱাৰ পিছত আৰক্ষীয়ে ঘটনা স্হলী পৰ্যবেক্ষণ কৰে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

মুখমণ্ডলৰ অৱনতি ঘটিছে নেকি? এই কৌশলবোৰ গ্ৰহণ কৰি ডাবল থুঁতৰিৰ পৰা পৰিত্ৰাণ পাওক…

মুখৰ চৰ্বি কেনেদৰে হ্ৰাস কৰিব: ওজন হ্ৰাস কৰিবলৈ, আমি প্ৰায়ে সম্পূৰ্ণ গুৰুত্ব দিওঁ, যাৰ ভিতৰত আছে গধুৰ ব্যায়াম আৰু এক কঠোৰ আহাৰ, যি পেট আৰু কঁকালৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। বহুলোকে বিশেষ প্ৰকাৰৰ বেল্ট পিন্ধে আৰু পেটৰ আকৃতি লুকুৱাই ৰাখে, কিন্তু যদি মুখখন এনেকুৱা বস্তু হয়, তেন্তে সকলোৰে চকু দৃষ্টিগোচৰ হয়। এনে পৰিস্থিতিত, যদি আপোনাৰ মুখত ডাবল থুঁতৰি বা বৰ্ধিত চৰ্বি থাকে, তেনেহ’লে মুখৰ সৌন্দৰ্যৰ ওপৰত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰে। এনে পৰিস্থিতিত কি কৰিব পাৰি?

মুখৰ চৰ্বি আৰু ডাবল থুঁতৰি আঁতৰাবলৈ আপুনি হাজাৰ হাজাৰ লাখ খৰচ কৰিব নালাগে, ইয়াৰ বাবে আপুনি ঘৰত ব্যৱস্থা ল’ব পাৰে। আপুনি জানি আচৰিত হ’ব যে মুখমণ্ডলৰ যোগৰ জৰিয়তে এই সমস্যাটো দূৰ কৰিব পাৰি। সেই 3 টা পদক্ষেপৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।

সিংহৰ ভংগীমা: এই ভংগীমাত, আপুনি আপোনাৰ জিভা সম্পূৰ্ণ শক্তিৰে বাহিৰলৈ উলিয়াই আনে আৰু মুখত বায়ু ভৰাই জিভাখন সোঁ আৰু বাওঁফালে ঘূৰাই দিয়ে, এনে কৰিলে আপোনাৰ মুখৰ ছাল টান হ’ব আৰু মুখমণ্ডলৰ অতিৰিক্ত চৰ্বিও আঁতৰ কৰা হ’ব।

আপুনি আপোনাৰ দৈনন্দিন জীৱন ধুবলৈ এনে ধৰণৰ ভংগীমা প্ৰস্তুত কৰিব লাগিব। ইয়াৰ বাবে, আপোনাৰ মুখখন যিমান সম্ভৱ সিমান বায়ুৰে ভৰাই দিয়ক। তাৰ পিছত মুখখন সোঁ-বাওঁফালে ঘূৰাওক, ভৰ্তি বায়ুভিতৰলৈ ৰাখি। যদি আপুনি দিনে 5 ৰ পৰা 7 বাৰ এনে কৰে, আপুনি কেৱল ডাবল থুঁতৰিৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে, কিন্তু কঁকালৰ হাড়বোৰো শক্তিশালী হ’ব।

এই প্ৰকাৰৰ যোগত, আপুনি আপোনাৰ গাল ভিতৰলৈ টানি নিব পাৰে আৰু মাছৰ দৰে আকৃতি সৃষ্টি কৰিব পাৰে। শৈশৱতে, আপুনি ক্ৰীড়া আৰু খেলবোৰত এনে এক ৰূপ সৃষ্টি কৰিব লাগিব, যি আজি আপোনাৰ বাবে কামত আহিব পাৰে। এনে যোগে কেৱল মুখৰ পৰা অতিৰিক্ত চৰ্বি আঁতৰ নকৰে, লগতে পেশীবোৰ টান কৰে আৰু কোঁচবোৰো আঁতৰ কৰিব পাৰি।

মুখমণ্ডলৰ যোগকৰাৰ আন বহুতো উপায় আছে। এই সকলোবোৰৰ উদ্দেশ্য হৈছে মুখৰ চলাচল বৃদ্ধি কৰা। ই মুখমণ্ডলৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু লাহে লাহে আপুনি আকাংক্ষিত ফলাফল পোৱা আৰম্ভ কৰে।

নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। পঞ্চাশ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নকছাৰি এৰাগাঁও অৰুণোদয় পুথিভঁৰাল আৰু যুৱক মণ্ডলৰ প্ৰেক্ষাগৃহত আজি এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। নকছাৰি আছুৰ সম্পাদক মাধুৰ্য গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে তিতাবৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়া, তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ, সাধাৰণ সম্পাদক অৰ্জুনমনি ভুঞা, আছু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ, আছু যোৰহাট মহকুমাৰ সভাপতি ৰিয়াজ হুছেইন, নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা, ট মৰিয়নি থানাৰ আৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰব আছুৰ সম্পাদক ব বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰি কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।অভিনন্দন অনুষ্ঠানটো আঁত ধৰে নকছাৰি আছুৰ উপদেষ্টা অবিনাশ ফুকন আৰু সম্পাদক মাধুৰ্য গগৈয়ে।

২০২২ বর্ষত কৃতিত্ব সহকাৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্রায় পঞ্চাশ গৰাকী ছাত্ৰ ছাত্ৰীক গছপুলি ,মানপত্ৰ সম্বলিত পুৰস্কাৰ প্রদান কৰি অভিনন্দন জ্ঞাপন কৰা হয়।

অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতি গঠন।অসম চাহ মজদুৰ সংঘ, নাজিৰা শাখা প্ৰাঙ্গণত এই অনুষ্ঠানৰ আয়োজন

অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতি গঠন। অসম চাহ মজদুৰ সংঘ, নাজিৰা শাখা প্ৰাঙ্গণত আজি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম উড়িয়া যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰা হয়।

অনুষ্ঠানত অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। য’ত কেন্দ্ৰীয় সমিতিৰ সভাপতি উমেশ চন্দ্ৰ দাস, উপঃসভাপতি বিজয় তাঁতী, সম্পাদক লক্ষীনাথ তাঁতী, সহঃসম্পাদক ৰচান্ত গোৱালা, উপদেষ্টা বেণুধৰ তাঁতী, গৌৰ তাঁতী, সাংস্কৃতিক সম্পাদক বিজয় দাসৰ লগতে মহন্তী তাচা উপস্থিত থাকে।

কৃষ্ণাই আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগচ সহ আটক এজনক…

সমগ্ৰ ৰাজ্যখনতে চলিছে মাৰাত্মক ড্ৰাগচৰ বিৰুদ্ধে অভিযান। সমান্তৰাল ভাৱে গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ড্ৰাগচৰ ওপৰত চলাইছিল বিনিদ্ৰ অভিযান। এই অভিযানত কৃষ্ণাইৰ ঝৰাবড়ীত এজন ড্ৰাগচ সৰবৰাহ কাৰীৰ আটক কৰাৰ লগতে ১২৫ গ্ৰাম হিৰোইন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আটকাকৃত হিৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ছয় লক্ষাধিক হ’ব।

উল্লেখ্য যে ধৃত ড্ৰাগচ ব্যৱসায়ি জন মানকাচাৰ জিলাৰ ফকিৰগঞ্জৰ যুৱক নুৰুল হক। ড্ৰাগচ খিনি AS -13F-4252- নম্বৰৰ বাহন খনেৰে লৈ অহা অৱস্থাত কৃষ্ণাই আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি হিৰোইন খিনি জব্দ কৰিবলৈ সক্ষম হয়।


নতুন দিল্লী আৰক্ষী আয়ুক্ত হ’ব সঞ্জয় অৰোৰা! সঞ্জয় অৰোৰাৰ বিষয়ে পঢ়ক…

গৃহ মন্ত্ৰালয়ে দেওবাৰে (৩১ জুলাই) ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) জ্যেষ্ঠ বিষয়া সঞ্জয় অৰোৰাক দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। ১৯৮৮ বেচৰ তামিলনাডু কেডাৰৰ আইপিএছ বিষয়া অৰোৰাই, যি এতিয়ালৈকে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, ৰাকেশ আস্থানাৰ উত্তৰাধিকাৰী হ’ব আৰু সোমবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব।

“দিল্লীৰ আৰক্ষী আয়ুক্ত শ্ৰী ৰাকেশ আস্থানাক ৩১ জুলাইৰ আবেলি ৪.০০ বজাত দিল্লীৰ নতুন পুলিচ লাইনৰ পেৰেড গ্ৰাউণ্ডত বিদায় পেৰেডৰ আয়োজন কৰা হৈছে,” সকলো জ্যেষ্ঠ আৰক্ষী বিষয়াক দিয়া এক চৰকাৰী নিৰ্দেশত পঢ়া হৈছে।

দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত আইপিএছ সঞ্জয় অৰোৰাৰ বিষয়ে ইয়াত আছে
সঞ্জয় অৰোৰা তামিলনাডু কেডাৰৰ এজন ১৯৮৮ বেচৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া। তেওঁ জয়পুৰৰ মালৱীয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰী লাভ কৰিছে।

টাবুলাস্পনচৰড লিংকৰ দ্বাৰা আপুনি পছন্দ কৰিব পাৰে

আই.পি.এছ.-ত যোগদান কৰাৰ পিছৰে পৰা, অৰোৰাই তামিলনাডু আৰক্ষীত বিভিন্ন পদত সেৱা আগবঢ়াইছে। তেওঁ বিশেষ টাস্ক ফ’ৰ্চৰ আৰক্ষী অধীক্ষক (এছপি) আছিল, য’ত তেওঁ বীৰাপ্পান দলৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছিল, যাৰ বাবে তেওঁক সাহসিকতা আৰু বীৰত্বমূলক কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ বীৰত্ব পদক প্ৰদান কৰা হৈছিল।

এলটিটিইৰ কাৰ্যকলাপৰ দিনবোৰত তামিলনাডুৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা প্ৰদান কৰাৰ বাবে বিশেষ সুৰক্ষা গোট (এছএছজি) গঠন কৰাত সঞ্জয় অৰোৰাৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

পি এছ সঞ্জয় অৰোৰাই যোৱা বছৰ আইটিবিপি ডিজিৰ দায়িত্ব গ্ৰহণ কৰিছিল
আই.পি.এছ. সঞ্জয় অৰোৰাই 31 আগষ্ট, 2021 তাৰিখে ডি.জি. আই.টি.বি.পি.-ৰ দায়িত্ব গ্ৰহণ কৰিছিল, বাহিনীৰ 31 তম প্ৰধান হিচাপে। তেওঁ ১৯৯৭ চনৰ পৰা ২০০২ চনলৈ কমাণ্ডেণ্ট হিচাপে প্ৰতিনিধিত্বত সীমান্ত ৰক্ষী সংগঠনত সেৱা আগবঢ়াইছে।অৰোৰাই ১৯৯৭ চনৰ পৰা ২০ চনলৈ উত্তৰাখণ্ডৰ মাতলীত এটা সীমান্ত ৰক্ষী আইটিবিপি বেটেলিয়নকো কমাণ্ড কৰিছে। এজন প্ৰশিক্ষক হিচাপে, তেওঁ প্ৰশিক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, 2000 চনৰ পৰা 2002 চনলৈ মুচুৰীৰ আইটিবিপি একাডেমীত কমাণ্ডেণ্ট (কমবেট উইং) হিচাপে সেৱা আগবঢ়াইছিল।

সঞ্জয় অৰোৰাই কোয়েম্বাটুৰ আৰক্ষী আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে
সঞ্জয় অৰোৰাই ২০০২ ৰ পৰা ২০০৪ চনৰ ভিতৰত কইম্বাটুৰ চহৰৰ আৰক্ষী আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ভিল্লুপুৰম ৰেঞ্জৰ উপ আৰক্ষী মহাপৰিদৰ্শক আৰু সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী উপ-সঞ্চালকও আছিল।

তেওঁ চেন্নাই মহানগৰ আৰক্ষীক অতিৰিক্ত আয়ুক্ত – অপৰাধ আৰু মুখ্য কাৰ্যালয় আৰু অতিৰিক্ত আয়ুক্ত – যান-বাহন হিচাপে নেতৃত্ব দিছে। পদোন্নতিৰ পিছত, তেওঁক তামিলনাডু আৰক্ষীত এডিজিপি (অপাৰেচন) আৰু এডিজিপি (প্ৰশাসন) হিচাপে নিযুক্তি দিয়া হৈছিল।

নাগা চৈতন্যই বিবাহ বিচ্ছেদৰ সন্দৰ্ভত কয় যে ‘সামান্থা আৰু মই দুয়ো নিজৰ নিজৰ জীৱনত আগবাঢ়ি গৈছো’…

নাগা চৈতন্য, যাক অন্যথা সংৰক্ষিত ল’ৰা বুলি জনা যায়, সামান্থা ৰুথ প্ৰভুৰ সৈতে তেওঁৰ বিচ্ছেদৰ বিষয়ে মুকলি কৈছিল। নাগাই কৈছিল যে তেওঁ তেওঁৰ জীৱনৰ প্ৰতি মানুহৰ আকৰ্ষণ বুজি পায় কিয়নো এনে ধৰণৰ বস্তু এজন চেলিব্ৰিটি হোৱাৰ সৈতে আহে।নতুন দিল্লী: এবাৰ দক্ষিণৰ আটাইতকৈ আকৰ্ষণীয় দম্পতী হিচাপে টেগ কৰা, সামান্থা ৰুথ প্ৰভু আৰু নাগা চৈতন্যৰ ৰূপকথাৰ বিবাহে যোৱা বছৰ শিলৰ তলত আঘাত কৰিছিল আৰু দুয়োজনে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰায় চাৰি বছৰ ধৰি বিবাহপাশত আৱদ্ধ হৈ থকা ‘চাইচামে’ পৃথক পথলৈ গৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এক মিলিয়ন হৃদয় ভাঙি পেলাইছিল। আজি, তেওঁলোক দুয়োজনে তেওঁলোকৰ নিজ নিজ পেছাদাৰী প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৱশ্যে, যেতিয়াই তেওঁলোকে তেওঁলোকৰ বিবাহ বিচ্ছেদসম্বোধন কৰাৰ সিদ্ধান্ত লয়, তেওঁলোকে শিৰোনাম দখল কৰে।

নাগা চৈতন্য, যি অন্যথা এজন সংৰক্ষিত ল’ৰা বুলি জনা যায়, সামান্থা ৰুথ প্ৰভুৰ পৰা পৃথক হোৱাৰ বিষয়ে মুকলি কৈছিল। ইটাইমছৰ সৈতে এক স্পষ্ট বাৰ্তালাপত, চৈতন্যই সামান্থাৰ পৰা পৃথক হোৱাৰ বিষয়ে সকলো ঢিলা কথা-বতৰাৰ বিষয়ে মুকলি কৈছিল আৰু স্বীকাৰ কৰিছিল, “ই হতাশাজনক। মই ইয়াত এজন অভিনেতা হিচাপে আছোঁ আৰু মই বিচাৰো যে মোৰ পেছাদাৰী জীৱনে কথা পাতিব। মই নিবিচাৰো যে মোৰ ব্যক্তিগত জীৱন আলোচনাৰ বিষয় হওক। আমাৰ সকলোৰে এটা ব্যক্তিগত স্থান আছে আৰু ইয়াক ‘ব্যক্তিগত’ বুলি কোৱাৰ এটা কাৰণ আছে।”

কুমাৰীকাটাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত সদ্য ঘোষিত উচ্চতৰ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতীমান ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাৱে অভিনন্দন জনোৱা হয়৷ কুমাৰীকাটা আছাৰ মুখ্য কাৰ্যালয়ত জিচাই বাগে আঁঁত ধৰা আৰু কুমাৰীকাটা আছাৰ সম্পাদক সঞ্জীৱ বাৰাৰ সভাপতিত্বত অনুস্থিত অভিনন্দন অনুষ্ঠিত সভাত অঞ্চলটোৰ আদিবাসী সম্প্ৰদায়ৰ ৪০ গৰাকী কৃতীমান ছাত্ৰ ছাত্ৰীক ফুলাম গামোছা,মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কুমাৰীকাটা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক বুদ্ধ ছেত্ৰী,অৱসৰ প্ৰাপ্ত শিক্ষক খগেন দাস পানিকাৰ লগতে আছাৰ প্ৰাক্তন শিক্ষা সম্পাদক সুশীল পিটৰ লাক্ৰাই কৃতীমান ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যেী গঠন মূলক দিহা পৰামৰ্শ দি বক্তব্য আগবঢ়াই৷

তামুলপুৰৰ পৰা প্ৰসাদ দাস প্ৰতিবেদন