Breaking

টংলাত আক্রাছুৰ উদ্যোগত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান

0 1,592

ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্র সন্থা পশ্চিমৰ উদ্যোগত, ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল, যুৱ, মহিলা সন্মিলনী আৰু টংলা আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাৰ সহযোগত আজি টংলাস্থিত অমৃত বিবাহ ভৱনত বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান এখন অনুষ্ঠিত হৈ যায়।

ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি মিন্টু বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খন উদ্বোধন কৰে উপদেষ্টা নিলধৰ ডেকাই,সভাৰ উদ্দেশ্যে বাখ্যা কৰে যুটীয়া সম্পাদক পংকজ ডেকাই।আনহাতে সম্বৰ্ধনা অনুষ্ঠান আঁত ধৰে সংবাদকৰ্মী নাৰায়ণ ডেকাই।উক্ত অনুষ্ঠান খনত বিগত বৰ্ষৰ ২০২২ চনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩২ খন আঞ্চলিকৰ ছাত্র ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে কৰ্ম উদ্যোমী নয়ন জ্যোতি বৰুৱা,ৰিক্সা ছালক ইলা ডেকা আৰু সমাজ কৰ্মী ভবেন্দ্ৰ নাথ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠান খনত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে ক্ৰমে আক্রাছু দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ নাথ ডেকা,আক্রাছুৰ মুখ্য উপদেষ্টা গৌতম চহৰীয়া আৰু টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ঘটেশ্বৰ বৰুৱাই।আক্রাছু কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক হেমন্ত বড়া কোচে আঁত ধৰা সাংস্কৃতি অনুষ্ঠান খনত জাতীয় পোছাঁকৰ গীত নৃত্যই আনুষ্ঠান খন জীপাল কৰি তোলে।

Leave A Reply