নীট পৰীক্ষাত সফলতা বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰৰ টেম্পো চালকৰ পুত্ৰ…

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ২ নং জয়সাগৰ গাওঁ নিবাসী নুৰুল হক আৰু মামণি বেগমৰ পুত্ৰ ৰাহুল আমিনে সদ্যঘোষিত নীট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ছাত্ৰজনে নলবাৰীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত ৮৩ শতাংশ আৰু হোজাইস্থিত আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৮১ শতাংশ নম্বৰ লাভেৰে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হৈছিল।

পৰৱৰ্তী সময়ত আজমল ছুপাৰ ৪০ ত কোচিং কৰি মুঠ ৭২০ নম্বৰৰ ভিতৰত ৫৫৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

টেম্পো চালক নুৰুল হকে অশেষ কষ্টৰে একমাত্ৰ পুত্ৰক বিভিন্ন ঠাইলৈ শিক্ষা গ্ৰহণৰ বাবে নিজৰ টেম্পোত কঢ়িয়াই লৈ ফুৰিছিল।

Related Articles