Home Blog Page 23

Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ
Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ। (Nitish Kumar Oath Ceremony)

মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে।

দশম বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব নীতিশ কুমাৰে।

পাটনাৰ গান্ধী ময়দানত হ’ব নীতিশ কুমাৰ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান।

পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সম্ৰাট চৌধুৰী, বিজয় সিনহাই।

বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed

বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed
বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed

Rekibuddin Ahmed । কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত বুধবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বদলা-ৰাংগাপানী যুৱ সংঘৰ আয়োজিত বাৰ্ষিক অধিৱেশন আৰু মুকলি ও বঁটা বিতৰণী সভাত অংশগ্ৰহণৰ বাবে বৃহৎ ৰেলীৰে এলগেই স্থানীয় একাংশ লোকৰ ক্ষোভৰ মুখামুখি হয়।

জানিব পৰা মতে, নৱগঠিত ছমৰীয়া সমষ্টিটোৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থী বনোৱাৰ দাবী যথেষ্ট জোৰুত উঠি আছে কংগ্ৰেছৰ স্থানীয় কৰ্মী আৰু জনসাধাৰণৰ মাজত। এই পৰিপ্ৰেক্ষিতত বহিৰাগত প্ৰাৰ্থী হিচাপে ধাৰণা কৰা বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সঘন ভ্ৰমণ আৰম্ভ কৰাত স্থানীয় জনতাত অসন্তোষ সৃষ্টি হয়।

বুধবাৰে সন্ধিয়া সোণতলীৰ মাহতলী বজাৰত বিধায়কৰ ৰেলী যোৱা সময়তেই কিছু লোক “গ বেক” ধ্বনিৰে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। উত্তেজিত জনতাই বিধায়ক ৰেকিবুদ্দিন আহমেদক বিজেপিৰ এজেণ্ট বুলি কটাক্ষো নিক্ষেপ কৰে। আচমকা সংঘটিত এই ঘটনাত মুহূর্ততে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় আৰু আকাশ-বতাহ কপাই তোলে প্ৰতিবাদী ধ্বনিয়ে।

পিছত উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহে আৰু সংঘটনটোক অধিক বাঢ়ি নোহোৱাকৈ সমাধান কৰিবলৈ সক্ষম হয়।

ছমৰীয়া সমষ্টিৰ স্থানীয় জনতাৰ এই ক্ষোভ প্ৰদৰ্শনে কংগ্ৰেছৰ অভ্যন্তৰীণ সমীকৰণ আৰু আগন্তুক নিৰ্বাচনী পৰিৱেশক লৈ নতুন চর্চাৰ জন্ম দিছে।

“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati

“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati
“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati


Guwahati । গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ জি এম চি–ৰ মেয়ৰ মৃগেন শৰণীয়া।আৰু উক্ত অনুষ্ঠানত ভাগ লৈ তেখেতে কয়,গুৱাহাটী মহানগৰীৰ আধুনিকীকৰণক লক্ষ্য কৰি পৌৰ নিগম চলাই থকা বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই বিষয়ে উল্লেখ কৰি তেখেতে কয় যে নাগৰিকসকলক নিশ্চিন্ত,
সুৰক্ষিত আৰু পৰিচ্ছন্ন নগৰ পৰিবেশ প্ৰদান কৰাই জি এম চি –ৰ মূল দায়িত্ব।


উদ্বোধনী সভাত বক্তব্যত মেয়ৰ শৰণীয়াই স্পষ্টভাৱে কয়, “গুৱাহাটী আমাৰ দায়িত্ব আৰু আমাৰ গৰ্ব।
নগৰৰ ৰূপ-ৰেখা শৃংখলিত ৰূপে গঢ়ি তুলিবলৈ জি এম চি দিনে-ৰাতি কাম কৰি আছে। এই পদপথ পুনঃউন্নয়ন উদ্যোগও সেই বৃহৎ লক্ষ্যৰ অংশ।”


তেওঁ কয় যে জিএম চি–এ নগৰৰ প্ৰতিটো অঞ্চলৰ পথ-পথাৰত সুষ্ঠুভাৱে পদযাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে একাধিক উন্নয়ন প্ৰকল্প চলাইছে।
গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন কাম সম্পূৰ্ণ নিগমৰ ৰাজহ পুঁজিৰে কৰা হৈছে আৰু এই কামে গণ–চলাচল আৰু পথ-ব্যৱস্থাপনক উল্লেখযোগ্যভাৱে সুধাৰিব বুলি মেয়ৰৰ আশা।


মেয়ৰ শৰণীয়াই লগতে উল্লেখ কৰে—“নগৰৰ অভ্যন্তৰীণ গাঁথনি মজবুত হ’লে উন্নয়ন নিজেই বেগবান হয়।
নাগৰিকৰ সুবিধাক প্রথম অগ্ৰাধিকাৰ, আৰু আগলৈও এই কাম অধিক তীব্ৰভাৱে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।”
উল্লেখ্য, উদ্বোধনী অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তি, স্থানীয় ৰাইজ আৰু জিএমচি–ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi

মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi
মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi

Akil Gogi । মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ৰণডংকা বজাই উঠাৰ মাজতেই অসমৰ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰ ৰাজনৈতিক সচলতা বৃদ্ধি কৰিছে। বুধবাৰে গগৈয়ে মুম্বাইত এন চি পিৰ দুজন শীৰ্ষ নেতা শাৰদ পাৱাৰ আৰু সাংসদ সুপ্ৰিয়া ছুলেক সৈতে সাক্ষাৎ কৰি এক দীঘলীয়া বৈঠকত অংশ লয়ে।

নতুন দিল্লীত আপ নেতা অৰবিন্দ কেজৰিৱালৰ সৈতে সাক্ষাৎ কৰাৰ তিনিদিন পিছতেই শাৰদ পাৱাৰক লগ ধৰাটোৱে বিশেষ রাজনৈতিক তাৎপৰ্য বহন কৰে বুলি বিশ্লেষকৰ অভিমত। অখিল গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে এই বৈঠকত দেশত বিজেপিয়ে চলাই থকা “সাম্প্ৰদায়িক ফেচিবাদ”, কৃষি ব্যৱস্থাৰ সংকট, ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা আৰু কৃষক সমস্যা আদি বিষয়ত বিস্তৃত আলোচনা হয়। পাৱাৰে মহাৰাষ্ট্ৰৰ বাৰামতিত কৃষি উন্নয়নৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

ইদিকে অখিল গগৈৰ মুম্বাই ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা উত্থাপন কৰিছে। জুবিন গাৰ্গৰ জন্মদিনৰ দিনা—যি দিনটোত ছেলিব্ৰেটিৰ ন্যায়ৰ দাবীত বহুয়ে আগবাঢ়িছিল—অখিল গগৈ অসমতে অনুপস্থিত থকাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে প্ৰশ্নবিদ্ধ কৰিছে।

মুখ্যমন্ত্ৰীৰ মন্তব্য—
“কালি জুবিনৰ জন্মদিনত অখিল গগৈক অসমত কোনোৱে দেখা নাই। অখিল গগৈ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি থাকিল। আমি লণ্ডনৰ পৰা আইতেহে কষ্ট কৰি আহিলোঁ। বিজেপিৰ সদস্যসকলে কালি তেজ দিছে। ‘Justice for Zubeen’ বুলি চিঞৰা সকলে কালি কি কৰিলে?”

সেইসাথে ১০ ডিচেম্বৰ পৰেই “মুখৰ মাত বন্ধ হৈ যাব” বুলি মুখ্যমন্ত্ৰীৰ গুঢ় মন্তব্যৰ পিছত নতুন ৰাজনৈতিক উত্তাপ সৃষ্টি হৈছে।

অখিল গগৈৰ এই শাৰদ পাৱাৰ সাক্ষাৎ আৰু মুখ্যমন্ত্ৰীৰ কটাক্ষ—দুয়োটা ঘটনাই ২০২৬ৰ নিৰ্বাচনৰ আগত অসমৰ ৰাজনৈতিক সমীকৰণ অধিক চঞ্চল কৰি তুলিছে।

Team India: গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি
গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়া।(Team India)

গুৱাহাটীত উপস্থিত ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল।

আজি বিশেষ বিমানযোগে উপস্থিত হয় টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলসহ তাৰকা খেলুৱৈসকল।

২২ নৱেম্বৰৰ পৰা গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ।

গুৱাহাটীত উপস্থিত হয় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত অৱত্তীৰ্ণ হ’ব টীম ইণ্ডিয়া।

২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচ।

বিমানবন্দৰত ৰবিন্দ্ৰ জাদেজা, শুভমান গীলক চাবলৈ ভীৰ অনুৰাগীৰ।

Tezpur News: আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী
আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী

আন্তৰাষ্ট্ৰীয় (Tezpur News) পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী। হাৰিয়ানাৰ কৰ্নালত অনুষ্টিত হোৱা ষষ্ঠ যোগাসন ক্ৰিয়া বিশ্বকাপ ২০২৫ ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহন কৰি মৃত্তিকাই বঞ্জৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

যোগ ক্ৰিয়া ফেডাৰেচন অফ ইণ্ডিয়াই আয়োজন কৰা এই আন্তৰাষ্ট্ৰীয় ক্ৰিয়া প্ৰতিযোগিতা খনৰ চাবজুনিয়ৰ শাখাৰ পৰমপৰাগত যোগ ক্ৰিয়াৰ একক শিতানত প্ৰতিদ্বণ্ডিতা কৰি সুনাম কঢ়িয়াই আনে মৃত্তিকা মেৰুৱে।

ভাৰত বৰ্ষকে ধৰি জাপান ,ইৰান, ভিয়েটনাম, হংকঙ ,থাইলেণ্ড, ফিনলেণ্ড,ৰাছিয়া,আদি কেইবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহন কৰা টুৰ্নামেন্তখনৰ মৃত্তিকাৰ এই সাফল্যত স্বাভিৱেকতে উৎফুল্লিত হৈ পৰিছে তেজপুৰবাসী তথা ৰাজ্যবাসী। উল্লেখ্য যে তেজপুৰত শলমাৰা অৱষ্ঠিত কেন্দ্ৰিয় বিদ্যালয়-১-ৰ দ্বিত্বীয় শ্ৰেণীৰ ছাত্ৰী মৃত্তিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ প্ৰশিক্ষন আৰু অনুশিলন অব্যাহত ৰাখিছে।

তেজপুৰ উষানগৰ নিবাসী সাংবাদিক মেৰু মিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ কন্যা তথা শিক্ষাবিদ অতুল চন্দ্ৰ কটকীৰ নাতিনী মৃত্তিকাৰ সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা তেজপুৰ জিলা ক্ৰিয়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ আৰু শোণিতপুৰ জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী মৃদুষ্মিতা হাজৰিকা ডেকাকে ধৰি বিবিন্ন ব্যক্তি দল -সংগঠনে অভিনন্দন যনায়। উল্লেক্ষ্য যে, অহা বৰ্ষত এই প্ৰতিযোগিতাখনি ভিয়েটনাম ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

Nitish Kumar: ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰীসকল কোন কোন ?

ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰীসকল কোন কোন ?
ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰীসকল কোন কোন ?

দশমবাৰৰ বাবে (Nitish Kumar) বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। কাইলৈ বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ। পাটনা গান্ধী ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। গান্ধী ময়দানত দিনৰ ১.৩০ বজাত অনুষ্ঠিত হ’ব শপতগ্রহণ অনুষ্ঠান।

আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নিতীশ কুমাৰে ইতিমধ্যে ৯ বাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

বিহাৰ বিধানসভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নিৰ্ণায়ক জয় লাভ কৰাৰ লগে লগে জনতা দলৰ নেতা তথা ৰাজ্যৰ সৰ্বাধিক দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু এটা কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে। নীতিশ কুমাৰে ইতিমধ্যে ৯ বাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰীসকল কোন কোন-

ভাৰতৰ দহজন দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী-


১) পৱন কুমাৰ চামলিং, ছিকিমঃ ২৪ বছৰ (১২ ডিচেম্বৰ, ১৯৯৪ – ২৬ মে’, ২০১৯)

পৱন কুমাৰ চামলিঙে প্ৰায় ২৫ বছৰ ধৰি উল্লেখযোগ্য ধাৰাবাহিকতাৰে ছিকিমৰ নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত তেওঁৰ দলে একেৰাহে পাঁচটা কাৰ্যকালত জয়লাভ কৰি ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।

২) নবীন পাটনায়ক, ওড়িশাঃ ২৪ বছৰ (৫ মাৰ্চ, ২০০০ – ১২ জুন, ২০২৪)

২০০০ চনত নবীন পাটনাইকে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু দুটা দশকৰো অধিক সময় ওড়িশাৰ নেতৃত্বত আছিল।।

৩) জ্যোতি বসু, পশ্চিম বংগঃ ২৩ বছৰ (২১ জুন, ১৯৭৭ – ৫ নৱেম্বৰ, ২০০০)

জ্যোতি বসুৱে ভাৰতৰ অন্যতম সন্মানীয় ৰাষ্ট্ৰনেতা হিচাপে থিয় দিছে। তেওঁ দুটা দশকৰো অধিক সময় পশ্চিম বংগৰ নেতৃত্ব দিছিল আৰু ৰাজনৈতিক বুদ্ধিমত্তাৰ বাবে তেওঁক বহুলভাৱে গণ্য কৰা হৈছিল। এই পদৰ প্ৰস্তাৱ পোৱাৰ পিছতো বাসুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ অস্বীকাৰ কৰে।

৪) গেগং আপং, অৰুণাচল প্ৰদেশঃ ২২ বছৰ (১৮ জানুৱাৰী, ১৯৮০ – ১৯ জানুৱাৰী, ১৯৯৯; ৩ আগষ্ট, ২০০৩ – ৯ এপ্ৰিল, ২০০৭)

অৰুণাচল প্ৰদেশৰ ৰাজনীতিত প্ৰভাৱশালী ব্যক্তি গেগং আপাঙে দুটা পৃথক কাৰ্যকালত প্ৰায় ২৩ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৯৯ চনলৈকে তেওঁৰ প্ৰথম কাৰ্যকালয়ে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰভাৱৰ মঞ্চ তৈয়াৰ কৰিছিল, যিটো তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈকে দ্বিতীয় কাৰ্যকালৰ সৈতে বৃদ্ধি কৰিছিল।

৫) লাল থানহোৱালা, মিজোৰামঃ ২২ বছৰ (১৯৮৪ চনৰ ৫ মে’ – ১৯৮৬ চনৰ ২১ আগষ্ট; ১৯৮৯ চনৰ ২৪ জানুৱাৰী – ১৯৯৮ চনৰ ৩ ডিচেম্বৰ; ২০০৮ চনৰ ১১ ডিচেম্বৰ – ২০১৮ চনৰ ১৫ ডিচেম্বৰ)

লাল থানহোৱালা মিজোৰামৰ এগৰাকী জ্যেষ্ঠ ভাৰতীয় ৰাজনীতিবিদ যিয়ে একাধিক কাৰ্যকাল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বই তিনিটা পৃথক কাৰ্যকাল সামৰি লৈছিল। কাৰ্যকালত থানহোৱালাই মিজোৰামৰ পথ নেটৱৰ্ক, স্বাস্থ্যসেৱাৰ সুবিধা আৰু শিক্ষানুষ্ঠানৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

৬) বীৰভদ্ৰ সিং, হিমাচল প্ৰদেশঃ ২১ বছৰ (৮ এপ্ৰিল, ১৯৮৩ – ৫ মাৰ্চ, ১৯৯০; ৩ ডিচেম্বৰ, ১৯৯৩ – ২৪ মাৰ্চ, ১৯৯৮; ৬ মাৰ্চ, ২০০৩ – ৩০ ডিচেম্বৰ, ২০০৭; ২৫ ডিচেম্বৰ, ২০১২ – ২৭ ডিচেম্বৰ, ২০১৭)

ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰবীণ বীৰভদ্ৰ সিঙে একাধিক কাৰ্যকাল হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি দুটা দশকৰ ভিতৰত ৰাজ্যখনৰ সৰ্বাধিক দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৭) মাণিক সৰকাৰ, ত্ৰিপুৰাঃ ১৯ বছৰ (১১ মাৰ্চ, ১৯৯৮ – ৯ মাৰ্চ, ২০১৮)

১৯৯৮ চনৰ পৰা ২০১৮ চনলৈকে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে চাৰিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল মাণিক সৰকাৰে।

৮) নীতিশ কুমাৰ, বিহাৰঃ ১৯ বছৰ (৩ – ১১ মাৰ্চ, ২০০০; ২৪ নৱেম্বৰ, ২০০৫ – ২০ মে’, ২০১৪; ২ ফেব্ৰুৱাৰী, ২০১৫ – বৰ্তমান)

নীতিশ কুমাৰ হৈছে বিহাৰৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী, প্ৰায় ২০ বছৰ ধৰি একাধিক কাৰ্যকালত কাৰ্যভাৰ গ্ৰহণ কৰি।

৯) এম কৰুণানিধি, তামিলনাডু: ১৮ বছৰ (১৯৬৯ চনৰ ১০ ফেব্ৰুৱাৰী – ১৯৭৬ চনৰ ৩১ জানুৱাৰী; ১৯৮৯ চনৰ ২৭ জানুৱাৰী – ১৯৯১ চনৰ ৩০ জানুৱাৰী; ১৯৯৬ চনৰ ১৩ মে’ – ২০০১ চনৰ ১৪ মে’; ২০০৬ চনৰ ১৩ মে’ – ২০১১ চনৰ ১৬ মে’)

জন্ম মুথুভেল কৰুণানিধি এম কৰুণানিধিয়ে একাধিক কাৰ্যকাল তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যখনৰ ৰাজনীতিত এক স্থায়ী উত্তৰাধিকাৰ এৰি থৈ যায়।

১০) পৰকাশ সিং বাদল, পঞ্জাৱঃ ১৮ বছৰ (২৭ মাৰ্চ, ১৯৭০ – ১৪ জুন, ১৯৭১; ২০ জুন, ১৯৭৭ – ১৭ ফেব্ৰুৱাৰী, ১৯৮০; ১২ ফেব্ৰুৱাৰী, ১৯৯৭ – ২৬ ফেব্ৰুৱাৰী, ২০০২; ১ মাৰ্চ, ২০০৭ – ১৬ মাৰ্চ, ২০১৭)

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে একাধিক কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা পাৰ্কাশ সিং বাদলে দেশৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰীও আছিল।

Badruddin Ajmal: নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমলঃ কাৰাগাৰৰ সন্মুখত আজমল জিন্দাবাদ, আমিনুল জিন্দাবাদ ধ্বনি

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমল।(Badruddin Ajmal)
নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমল।(Badruddin Ajmal)

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বদৰুদ্দিন আজমল।(Badruddin Ajmal)

বিধায়ক আমিনুল ইছলামক সাক্ষাৎ কৰে বদৰুদ্দিন আজমলে।

কাৰাগাৰৰ সন্মুখতে আমিনুল ইছলামৰ সমৰ্থকে আজমল জিন্দাবাদ, আমিনুল জিন্দাবাদ ধ্বনি দিয়ে।

আমিনুল ইছলামক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী তুলে এআইউডিএফৰ সমৰ্থকে।

ইপিনে সংবাদমাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বদৰুদ্দিন আজমলে কয় অসমত ৪০ শতাংশ মুছলমান আছে।

আমি সহায় নকৰিলে কোনেও নিৰ্বাচনত জিকিব নোৱাৰে।

অখিল গগৈ বিজেপিৰ মানুহ বুলিও মন্তব্য আজমলৰ।

গৌৰৱ গগৈ, ৰকিবুল হুছেইন বিজেপিৰ বাবে ১০৮।

গৌৰৱ গগৈয়ে অসমৰ কথা একো নাজানে।

আমাৰ টাৰ্গেট বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা।

আমিনুল ইছলামে জেলৰ পৰাই নিৰ্বাচন খেলিব।

জেলত থাকি বহু বিধায়ক হৈছে।

হাৰিয়ানা-মহাৰাষ্ট্ৰত জেলত থাকি বহু বিধায়ক হৈছে।

কংগ্ৰেছে বিচাৰিছে আমিনুল জেলত থকাটো।

২৬ত অসমত এআইডিএফে অকলেই নিৰ্বাচন খেলিব বুলিও আজমলে মন্তব্য কৰে।

লগতে কোনো দলৰ সৈতে মিত্ৰতা নকৰে বুলিও উল্লেখ কৰে আজমলে।

আনহাতে ওৱেছি সম্পৰ্কত আজমলে কয় ওৱেছিক অসমলৈ আমি স্বাগতম জনাইছো।

২ ডিচেম্বৰত আমাৰ সজাতী দলে ওৱেচিক লগ পাব।

Goalpara News: গোৱালপাৰাত সংগীত সম্ৰাট জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে

জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে
জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে

গোৱালপাৰাত সংগীত( Goalpara News) সম্ৰাট জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে গৰীয়া জাতীয় পৰিষদে। জুবিন গাৰ্গৰ দ্বাৰা প্ৰেৰিত হোৱা নতুন প্ৰজন্মৰ শিল্পী সকলেও জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি দিনটোক অধিক ৰঙীন কৰি তোলে।

বিশেষকৈ কালি সমগ্ৰ অসমৰ লগতে গোৱালপাৰা চহৰৰ বিঅচিত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ গোৱালপাৰা টাউন কমিটিৰ সহযোগত তথা গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত সংগীত সম্ৰাট জুবিন গাৰ্গৰ ৫৩তম জন্ম দিৱস উপলক্ষে কেক কাটি জন্ম দিৱস উৎযাপন কৰাৰ লগতে প্ৰানৰ শিল্পী গৰাকীৰ প্ৰতিছবিত মাল্যৰ্পনৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


শিল্পী গৰাকীৰ জন্ম দিৱস তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে গৰীয়া জাতীয় পৰিষদৰ জিলা সভাপতি চাহাবুল ইছলাম, টাউন কমিটিৰ উপদেষ্টা তথা অধিবক্তা শ্বৰীফা ইয়াছমিনৰ লগতে জিলা খনৰ বিভিন্ন বিষয়ববীয়া সমুহ।
কেৱল সেয়াই নহয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তথা জন্ম দিন পালন কৰা ঠাইৰ পৰা গৰীয়া জাতীয় পৰিষদ গোৱালপাৰা জিলা সমিতিৰ ফালৰ পৰা মৰমৰ শিল্পী গৰাকীৰ ৰহস্য জনক মৃত্যুৰ ন্যায় সন্দৰ্ভত দাবী উত্থাপন কৰে ।

HSLC-HS Exam: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা

HSLC-HS পৰীক্ষাৰ দিন ঘোষণা
HSLC-HS পৰীক্ষাৰ দিন ঘোষণা

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা।(HSLC-HS Exam)

২০২৬ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব HSৰ চূড়ান্ত পৰীক্ষা।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা।