Home Blog Page 23

ৰক্তদানৰ দৰে পবিত্ৰ আৰু মহৎ কাৰ্যসূচীৰে জুবিন গাৰ্গলৈ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটো অধিক স্মৰণীয় কৰি ৰাজ্যিক বিজেপিয়ে ‘জীৱন সুৰভি’ নামেৰে ৰাজ্যখনৰ ৫৩ স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয়ৰ শিবিৰ অনুষ্ঠিত কৰি প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি অর্পন কৰে। এই উপলক্ষে খানাপাৰাত আয়োজন কৰা কেন্দ্ৰীয় ৰক্তদান শিবিৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী অশোক সিংঘল আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰণ্য ব্যক্তিত্ব অভিনেতা প্রাঞ্জল শইকীয়াই। এই শিবিৰ উদ্বোধন কৰি সভাপতি দিলীপ শইকীয়াই কয় যে, জুবিন গাৰ্গ কেৱল এগৰাকী গীতিকাৰ, শিল্পী, অভিনেতা, কবি, লেখক অথবা চিত্র নির্মাতাই নাছিল, তেওঁ আছিল মানবীয় অনুভূতিৰে পৰিপূৰ্ণ এগৰাকী মহান অসমপ্রেমী।

শিল্পীগৰাকীৰ সাংস্কৃতিক সৃষ্টিৰাজীক জীয়াই ৰখাটো যেনেদৰে অসমৰ শিল্পীসমাজ বা উদীয়মান শিল্পী প্রতিভাৰ দায়িত্ব তেনেদৰে অসমপ্রেমী জুবিন গাৰ্গৰ জীৱনবোধ আৰু মানৱীয় কৰ্মৰাজীক জীয়াই ৰখাটো প্ৰতিগৰাকী অসমীয়া আৰু অনুৰাগীৰ মহান কর্তব্য আৰু দায়িত্ব। সাংস্কৃতিক কৰ্মৰাজীৰ উপৰিও সামাজিক ক্ষেত্ৰত তেওঁৰ অৱদান সমূহৰ মূল্যায়ন আৰু সেই কৰ্মৰাজীক আগুৱাই নিব পাৰিলেহে শিল্পীগৰাকীৰ প্রতি প্রকৃত শ্রদ্ধা জ্ঞাপন কৰা হ’ব।

সভাপতি গৰাকীয়ে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে তেওঁলোকৰ শোকাভিভূত পৰিয়াল-পৰিজনলৈ আজি পুনৰ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইফালে লণ্ডনৰ পৰা উভতি আহিয়েই বিয়লিৰ ভাগত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মায়ো খানাপাৰাৰ শিবিৰত ৰক্তদান কৰাৰ পিছত মন্তব্য কৰে যে, জীৱিত কালত জুবিন গার্গে নিজৰ গাঁঠিৰ ধন খৰচ কৰি চিনাকি-অচিনাকি হাজাৰজন দুর্গত লোকলৈ সহায়ৰ হাত আগবঢ়াই গভীৰ মানৱতাবোধৰ পৰিচয় দাঙি ধৰিছিল। শিল্পীগৰাকীৰ তেনে মানবীয় প্রমূল্যৰ প্রতি শ্রদ্ধা জনায়েই আজি সমগ্র ৰাজ্যৰ ৫৩ স্থানত ৰাজ্যিক বিজেপিয়ে অগপ, ইউপিপিএল, বিপিএফ আদি এনডিএ ৰ অন্তৰ্ভূক্ত দলৰ সহযোগত ‘জীৱন সুৰভি’ নামেৰে এই ৰক্তদান শিবিৰৰ আয়োজন কৰিছে, যাৰ দ্বাৰা হেজাৰ আৰ্তজনক সহায় আগবঢ়াব পৰা যাব। আনহাতে, ৰাজ্যিক বিজেপিৰ অনুৰোধত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰক্তদান শিবিৰ সমূহ সুকলমে অনুষ্ঠিত কৰাত আগবঢ়োৱা আন্তৰিকতাপূর্ণ সহযোগিতাৰ বাবে সভাপতি শইকীয়াই মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ ৰাজ্যতে আজি কেইবাগৰাকীও মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ কেইবা সহস্রাধিক কাৰ্যকৰ্তাই ৰক্তদানেৰে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজিৰ ৰক্তদান কাৰ্যসূচীৰ দ্বাৰা প্রায় ৫,৩০০ ইউনিট ৰক্ত সংগ্ৰহ কৰি বিভিন্ন চিকিৎসালয়ৰ ৰক্ত ভঁৰাললৈ প্ৰেৰণ কৰা হৈছে যিটো অন্য এক অভিলেখ হিচাপে পৰিগণিত হৈছে।

জুবিন গাৰ্গহীন প্ৰথম জন্মদিনত দেশজুৰি আবেগৰ ঢৌ…

শিল্পী জুবিন গাৰ্গৰ অবর্তমানত কটাৰ প্ৰথম ওপজা দিনটোৱে আজিৰ দিনটোক অনুৰাগীসকলৰ বাবে শুধু স্মৰণৰ নহয়, এক গভীৰ আবেগৰ দিনত পৰিণত কৰি তুলিছে। তেওঁৰ স্মৃতিৰ ওচৰলৈ অহাত গীত–সুৰ–স্মৰণৰ সমাহাৰে আজিৰ দিনটো যেন এক ব্যাপক মানসিক আন্দোলনৰ দিন। বিগত বছৰৰ দৰে এইবাৰো নিশাৰ পৰা আৰম্ভ হৈছিল অনুৰাগীৰ ব্যস্ততা—কোনোৱে মোমবাতি জ্বলাইছে, কোনোৱে গীত বাজাইছে, কোনোৱে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে। শিল্পীগৰাকীৰ অনুপস্থিতি সত্ত্বেও যেন সকলোৰে হৃদয়ত তেখেতেই—সৰ্বশক্তি, সৰ্বঅনুভৱ, সৰ্বচেতনা। কাহিলীপাৰাৰ বাসগৃহটো আজিও যেন মানুহে মানুহে গিজগিজাইছিল। মঙলবাৰে গভীৰ ৰাতিৰ পৰা অনুৰাগীসকল আহিছিল জন্মদিন অৰ্পণা কৰিবলৈ। লগতে শিল্পীগৰাকীৰ প্ৰিয় “জয় জুবিনদা” ধ্বনিৰ প্রতিধ্বনিৰে পৰিবেশখন মঞ্জিৰাৰ দৰে বগাই উঠিছিল। আজি পুৱা আয়তীসকলে গৃহপ্ৰাঙ্গনত গাই উঠা দিহানামত যেন সুৰৰ মাজে–মাজেই জুবিনদাৰ স্মৃতি জীৱন্ত হৈ পৰিছিল। খোল, তাল, গায়ন–বায়ন, আৰু দিহানামৰ সুৰেৰে কাহিলীপাৰাৰ ঘৰখন পবিত্ৰ উৎসৱৰ ৰূপ লৈছিল।


এইবাৰ জন্মদিন উদযাপনক এক নতুন ৰূপ দিলে বকুল জোপাৰ তলত স্থাপন কৰা জুবিন গাৰ্গৰ নতুন আবক্ষ মূৰ্তিয়ে। পিতৃ কপিল বৰঠাকুৰে মূৰ্তিটো উন্মোচন কৰোঁতেই উপস্থিত সকলো লোকে যেন সময়ক এক ক্ষণৰ বাবে থমকি দিয়া অনুভৱ কৰিলে। পিতৃয়ে স্পৰ্শ কৰামাত্রে মূৰ্তিটোৰ এনে অনুভৱ হল যেন পুত্ৰ–পিতৃৰ বন্ধন মুহূৰ্তটোত বাস্তৱ হৈ উঠিল। পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়ালবৰ্গ আৰু অসংখ্য ভক্তই চকুপানীত ভিজাইলে সেই আবেগময় মুহূৰ্তটো। আবক্ষ মূৰ্তিৰ শিল্পী জ্যোতিশংকৰ ভটাচাৰ্যেয়ে আবেগভৰাই জনাই—
“এই কামখিনি অসম্ভৱ যেন লাগিছিল। কিন্তু দলটোৰ সকলোৰে কষ্ট, ধৈৰ্য আৰু শৰীৰ–মন লগাই কৰোঁতে শেষত এই ৰূপ দিয়া গʼলো। প্ৰথমকালে বহু সমস্যা হৈছিল, মূৰ্তিটো ঠিকঠাক দাঁড়াই উঠা নাছিল, কিন্তু আমাৰ দলটোৱে একমাত্ৰ উদ্দেশ্য লৈ কাম কৰিছিল—জুবিনদাক সঁজুলি এটা দিয়া।” আজিৰ দিনটো প্ৰমাণ কৰিলে—জুবিন গাৰ্গ শারীৰিকভাৱে নাথাকিলেও তেওঁৰ সুৰ, জীৱনদর্শন আৰু শিল্পচেতনা লক্ষ্যাধিক অনুৰাগীৰ হৃদয়ত সদায় জীৱন্ত ।

Sapekhati News: সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন

সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন
সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ত কণ্ঠশিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন


আজি ১৮ নৱেম্বৰ। (Sapekhati News) সকলোৰে হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গ গাৰ্গৰ জন্মদিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতী চিত্ৰলেখা চিত্ৰাংকন বিদ্যালয়ে ও তেখেতৰ জন্মদিন উদযাপন কৰে। সমাজ কৰ্মী জীৱন জ্যোতি গগৈয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক জীৱন গাৰ্গৰ আদৰ্শ অনুকৰণ কৰি সমাজৰত ভাল কৰ্মৰে প্ৰতিষ্ঠা হবলৈ আহ্বান জনায়।

বিদ্যালয়ৰ খনৰ স্বত্বাধিকাৰী অংকুৰিকা গগৈৰ পৰিচালনাত ‘জুবিন গাৰ্গৰ অনুভৱত ‘ শীৰ্ষক এখনি চিত্ৰাংকন প্ৰতিযোগিতা ও অনুষ্ঠিত হয় । স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক গছৰ পুলি আৰু এখনকৈ কিতাপেৰে পুৰস্কাৰ প্ৰদান কৰা হয়। উক্ত প্ৰতিযোগিতা খনি বিচাৰক ৰূপে উপস্থিত থাকে চেনহলতা মেমৰীয়েল আৰ্ট স্কুলৰ স্বত্বাধিকাৰী যোগেশ ভূঞাই।

Zubeen Garg: জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন

জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন
জুবিন গাৰ্গৰ জন্ম দিনত ডিব্ৰুগড়ত এটা পথ আৰু উদ্যান উন্মোচন

জুবিন গাৰ্গ (Zubeen Garg) অনুৰাগী মঞ্চৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত ডিব্ৰুগড় মহানগৰবাসীলৈ উপহাৰ।

মুকলি হ’ল জুবিন গাৰ্গৰ নামেৰে এটা পথ ”জুবিন গাৰ্গ পথ” আৰু প্ৰিয় শিল্পী গৰাকীৰ স্মৃতিত নিৰ্মাণ কৰা ”মায়াবিনী বাগিচা” নামৰ এখন শিশু উদ্যানৰ।

তদুপৰি পুৱাৰে পৰা জুবিন গাৰ্গৰ জন্ম দিন উপলক্ষত সৰ্ব ধৰ্ম প্ৰাৰ্থনা, দিহানাম, জিকিৰ পৰিবেশনৰ লগতে সন্ধিয়া লৈ জুবিনৰ গীতৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Zubeen Garg Death Case: জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ
জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত আন এক অগ্ৰগতি। (Zubeen Garg Death Case)

ছিংগাপুৰত মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত ইতিবাচক খবৰ।

এখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া।

ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধা।

কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে।

BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষী।

দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয় তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি।

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক।

সামাজিক মাধ্যমযোগে এই খবৰ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

১০ ডিচেম্বৰৰ ভিতৰত এখন পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় অসম চৰকাৰ।

Zubeen Garg News Teok: টীয়কৰ বিভিন্ন স্থানত ভাগৱত পাঠ, নাহৰ পুলি ৰোপণ, ৰক্তদান কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন

ভাগৱত পাঠ,নাহৰ পুলি ৰোপণ,ৰক্তদান কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন
ভাগৱত পাঠ,নাহৰ পুলি ৰোপণ,ৰক্তদান কাৰ্যসূচীৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন

আজি (Zubeen Garg News Teok) হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন।সমগ্ৰ ৰাজ্যই আজি বিষাদৰ মাজতে উলহ মালহে উদযাপন কৰিছে প্ৰাণৰ শিল্পীগৰকীৰ জন্মদিন।টীয়কতো বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচী। এয়া টীয়কৰ খাৰঘৰীয়া অঞ্চলৰ পৰিবেশ সমূহ খাৰঘৰীয়াবাসীয়ে প্ৰিয় শিল্পীগৰকীৰ জন্মদিন উপলক্ষত আজিৰ পৰা চাৰিদিনীয়াকৈ ভাগৱত পাঠ কাৰ্যসূচী গ্ৰহণ কৰিছে।পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সমাপণ কৰি জয় জুবিন দা, জুবিন দা অমৰ হওক, justice for zubeen আদি শ্লোগানেৰে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে এখন সোণৰ অসম গঢ় দিয়াৰ সংকল্প লৈছে।

ইপিনে টীয়কৰ এগৰাকী উদিয়মান যুৱক শ্যাম ফুকনে তেওঁৰ শ্যাম ভেজিটেবুলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উদ্যোগত টীয়কৰ কেইবাটাও স্থানত সহযোগীসকলে লৈ জুবিন গাৰ্গৰ প্ৰিয় ৫৩ টাকৈ নাহৰ পুলি ৰোপন কৰিছে লগতে প্ৰতিপালনৰ দায়িত্বও লৈছে।উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰেই টীয়কৰ অন্যতম সামাজিক অনুষ্ঠান সুবাসে টীয়কৰ ফুডভিল্লাত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে।উক্ত ৰক্তদান শিবিৰৰ আৰম্ভণিতে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী গীত পৰিবেশন কৰে উপস্থিত সকলোৱ।

উক্ত ৰক্তদান কাৰ্যসূচীত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক জুবিন অনুৰাগীয়ে ৰক্তদান কৰিছে লগতে অসম চৰকাৰে আজিৰ দিনটোত বিভিন্ন স্থানত আয়োজন কৰা ৰক্তদান শিবিৰৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছে।সুবাসৰ উদ্যোক্তাসকলে কয় যে সামাজিক মাধ্যমত justice for zubeen লিখাৰ সমান্তৰালকৈ আমি হাতে কামে কৰ্ম ক্ষেত্ৰত জুবিন গাৰ্গৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যাব।

Zubeen Garg Birthday: নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন

নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন
নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন

নাহৰ (Zubeen Garg Birthday) পুলি ৰোপণ কৰি জুবিন গাৰ্গবিহিন প্ৰথমটো ওপজা দিন উদযাপন। আজি মহান শিল্পী, সকলোৰে আদৰৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গ বিহিন প্ৰথমটো জন্মদিন। আজিৰ দিনটোত প্ৰয়াত শিল্পী গৰাকীক প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে। বিভিন্ন জনে বিভিন্ন ধৰণে জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। অনুৰূপ ধৰণে কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে নিজৰ বাসভৱনৰ পদুলি আৰু সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত থকা বাগিছাত শিল্পী গৰাকীৰ অতি প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে।

নাহৰ পুলি ৰোপণৰ অন্তত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাধীন অৱস্থাত থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ ওপৰিও অআৰএচএল বিতৰণ কৰা দেখা যায়। ছাহজাহান আলীৰ এই কাৰ্যসূচীত চিকিৎসক ডাঃ মোজ্জামেল মল্লিক, ডাঃ জাহিদুল ইছলাম,সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা দোস্ত খলিলুৰ ৰহমান, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক আবু শ্বহিদুল ইছলাম, কেইবাগৰাকী নাৰ্চ প্ৰমুখ্যে স্থানীয় ভালে সংখ্যক স্থানীয় লোকে সংগ দিয়ে। মহান শিল্পী গৰাকীৰ পবিত্ৰ ওপজা দিনটোতেই তেওঁৰ বিদেহ আত্মাৰ শান্তি বিচাৰি ঈশ্বৰক প্ৰাৰ্থনা জনায়। লগতে অসম বাসীক জুবিন গাৰ্গে বিচৰা ধৰণৰ হিংসা আৰু জাতীয়তা বিদ্বেষহীন বৰ অসম গঢ়াৰ আহ্বান জনায়।

Sivasagar News: ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই

ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই
ঘৰত অগ্নিসংযোগ কৰি একেলগে আত্মহ*নন কৰিলে মাতৃ-কন্যাই

শিৱসাগৰ অ’ এন জি চি কলনীৰ সমীপত পুৱতি নিশা চাঞ্চল্যকৰ ঘটনা।(Sivasagar News)

মাতৃ-কন্যাই একেলগে কৰিলে আত্মহনন ।

ঘৰত নিজেই অগ্নি সংযোগ কৰি আত্মহনন ।

মাতৃৰ নাম ৰূপা বৰগোঁহাই, কন্যাৰ নাম উপাসনা বৰগোঁহাই ।

উপাসনা বৰগোঁহাই এগৰাকী বিবাহিত মহিলা, লগতে তেওঁ এগৰাকী টেট শিক্ষয়িত্ৰী ।

আত্মহত্যাৰ সন্দৰ্ভত লিখি থৈ গৈছে ছুইচাইড নোট।

উপাসনা বৰগোঁহাই বিয়া হৈছিল শিৱসাগৰ চাৰিং হাফলুটিং নিবাসী বিদ্যুৎ নাথৰ সৈতে।

ইয়াৰ পূবেও ২০২৪ চনৰ ১০ মে’ত স্বামীৰ সৈতে চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল উপাসনাই ।

শিৱসাগৰত মাতৃ কন্যাৰ অগ্নিদগ্ধ হৈ ৰহস্যজনক মৃত্যুৰ প্ৰসংগত উপাসনা বৰগোঁহাইৰ শিক্ষক স্বামী বিদ্যুৎ নাথক আটক।

চাৰিঙৰ পৰা আটক তেওঁৰ স্বামীক।

Sheikh Hasina: শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে

শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে
শ্বেখ হাছিনাক মৃত্যুদণ্ড বিহিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে

ক্ষমতাত থকাৰ (Sheikh Hasina) সময়ত নিজৰ শক্তিৰ অপপ্ৰয়োগ কৰি প্ৰতিবাদকাৰীৰ ওপৰত নিষ্ঠুৰভাবে জঁপিয়াই পৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দি এতিয়া মহা বিপদত পৰিছে শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত বৰ্বৰ পন্থা গ্ৰহণ কৰাৰ অভিযোগত এতিয়া দোষী সাৱস্থ্য হয় বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ প্ৰতিবাদ দমনৰ নামত মানৱতাৰ বিৰুদ্ধে অপৰাধত লিপ্ত হোৱাৰ বাবে দোষী সাব্যস্ত হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা৷ হাছিনাই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ বাবে তেওঁক সাব্যস্ত কৰিছে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে৷ হাছিনাৰ বিৰুদ্ধে আছে ৬ জনকৈ প্ৰতিবাদীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগ৷

বিগত বৰ্ষৰ প্ত আগষ্টত সংঘটিত হৈছিল এই ঘটনা৷ নিৰস্ত্ৰ প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণৰ নিৰ্দেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত হাছিনা৷ হাছিনাৰ নিৰ্দেশতেই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰা বুলি প্ৰমাণ হৈছে৷ ইয়াৰ পিছতে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে হত্যাৰ মুঠ প্তটা গোচৰ চলি আছিল৷ তিনিজন সদস্য থকা ট্ৰিবিউনেলে ৪৫৩ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰি হাছিনাক মৃত্যুদণ্ড বিহে৷ তেওঁক পৃথক পৃথক গোচৰত আইটিচিয়ে দোষী সাব্যস্ত কৰে আৰু মৃত্যুদণ্ডৰ শাস্তি বিহে৷ এই ট্ৰিবিউনেলৰ নেতৃত্বত আছিল জাষ্টিচ মহম্মদ গুলাম মুৰ্তাজা মজুমদাৰ৷

আইচিটিৰ ন্যায়াধীশৰ মতে, এই গোচৰ অতি গভীৰ আছিল, ফলত সিদ্ধান্তও ৬ ভাগত দিয়া হৈছে৷ আদালতৰ এই সিদ্ধান্তক বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক অভূতপূৰ্ব সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে৷ কিয়নো প্ৰথমবাৰৰ বাবে এখন দেশৰ সৰ্বোচ্ছ ৰাজনৈতিক পদত অধিষ্ঠিত নেতাৰ বিৰুদ্ধে এই ধৰণৰ ৰায় প্ৰদান কৰিছে আদালতে৷ বাংলাদেশত প্ৰথমবাৰ ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেলে কোনো তৎকালীন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰায় প্ৰদান কৰিছে৷ ট্ৰিবিউনেলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধৰী আব্দুল্লা অল মামুনৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে৷

Zubeen Garg Birthday: জন্মদিনৰ শুভেচ্ছাৰে জুবিনবিহীন প্ৰথম জুবিনৰ জন্মদিন

মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা...
মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা...

আজি জুবিন গাৰ্গৰ জন্মদিন। আজি জুবিন (Zubeen Garg Birthday) বিহীন তেখেতৰ প্ৰথমটো ওপজা দিন। ৫৩ সংখ্যক জন্মদিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ।

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ। কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন কৰি গালে ‘মায়াবিনী ৰাতি… ‘। সোণাপুৰত নিশা ‘জয় জুবিন দা’, ‘We Want Justice’ শ্ল’গান জুবিন অুৰাগীৰ।

হাৰ্টথ্ৰ’ৱৰ ৫৩ সংখ্যৰ জন্মদিনত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ, আৱেগিক হৈ পৰিল পিতৃও। দবা-শংখ, নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিল কাহিলীপাৰা বাসগৃহ। জুবিনগাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত ২০ কেজি ওজনৰ কেক কাটি পালন কৰা হয় জন্মদিন।

প্রাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ আজি প্রথমটো জন্মদিন। ৰাজ্যজুৰি গুণমুগ্ধই পালন কৰিছে মহানায়ক জুবিন গাৰ্গৰ ওপজা দিন। গীতে-মাতে সকলোৱে সোঁৱৰণ কৰিছে জুবিন গাৰ্গক।