Home Blog Page 22

বিনেশ ফ’গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিনেশ ফ'গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে
বিনেশ ফ'গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিনেশ ফ’গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। এছিয়ান গেমছ’ত অন্তর্ভুক্ত কৰা নাছিল মল্লযুঁজাৰু বিনেশ ফ’গাটক।ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক ধমক দিল্লী উচ্চ ন্যায়ালয়ৰ। বিনেশ ফ’গাটৰ গোচৰৰ তদন্ত আৰু মূল্যায়নৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰকষ

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে আগন্তুক এছিয়ান গেমছৰ বাছনি প্ৰক্ৰিয়াৰ বাবে অযোগ্য ঘোষণা কৰাৰ পিছতে বিনেশ ফ’গাট বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। গণ্ডাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মুকলি ৰেংকিং প্ৰতিযোগিতাত ফ’গাটক প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ খবৰ পোৱাৰ পিছতে এই বিষয়টো তীব্ৰতৰ হৈ পৰে, ডব্লিউ এফ আইয়ে অৱসৰ সম্পৰ্কীয় নিয়ম আৰু এণ্টি ড’পিং পদ্ধতিৰ উল্লেখ কৰে। ফেডাৰেচনৰ মতে, অৱসৰৰ পৰা উভতি অহা খেলুৱৈসকলৰ ক্ষেত্ৰত প্ৰযোজ্য এণ্টি ড’পিং নিয়মৰ অধীনত ছমাহৰ জাননীৰ সময়সীমা বাধ্যতামূলক হোৱাৰ বাবে ২০২৬ চনৰ ২৬ জুনলৈকে মল্লযুঁজাৰুগৰাকীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অযোগ্য হৈ আছে। অৱশ্যে এই বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত হয় আৰু আদালতে ডব্লিউ এফ আইৰ সিদ্ধান্তক তীব্ৰ প্ৰশ্ন উত্থাপন কৰে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াক লৈ গঠিত বিচাৰপীঠে ফেডাৰেচনক সমালোচনা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত খেলুৱৈসকলক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত বাধা দিয়াটোৱে ভাৰতীয় ক্ৰীড়াৰ বাবে ভুল বাৰ্তা প্ৰেৰণ কৰা বুলি পৰ্যবেক্ষণ কৰা বুলি জানিব পৰা গৈছে। উচ্চ ন্যায়ালয়ে ডব্লিউ এফ আইক বিনেশ ফ’গাটক এছিয়ান গেমছৰ বাছনি পৰীক্ষাত অংশগ্ৰহণৰ অনুমতি দিবলৈও নিৰ্দেশ দিয়ে। শুনানিৰ সময়ত আদালতে তেওঁৰ যোগ্যতা মূল্যায়নৰ বাবে বিশেষ বিশেষজ্ঞ পেনেল গঠন কৰিবলৈ কয়, কাৰণ অধিবক্তাই বিচাৰপীঠক জনাইছিল যে ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই ব্যতিক্ৰমী ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠী শিথিল কৰাৰ অনুমতি দিয়ে।

আদালতে ফ’গাটৰ ব্যক্তিগত জীৱনৰ পৰিস্থিতিৰ ওপৰত আৰু আলোকপাত কৰি উল্লেখ কৰে যে ২০২৫ চনৰ জুলাই মাহত তেওঁ মাতৃ হৈছিল আৰু এবছৰ নৌহওঁতেই তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। বিচাৰকসকলে মন্তব্য কৰে যে মাতৃত্বক ক্ৰীড়াৰ পৰা বৰ্জনৰ কাৰণ হোৱাতকৈ উদযাপন আৰু সমৰ্থন কৰা উচিত। ২০২৬ চনৰ এছিয়ান গেমছৰ বাছনি পৰীক্ষাত বিনেশে অংশগ্রহণ কৰিব পৰাটো নিশ্চিত কৰিবলৈও নির্দেশ আদালতৰমাতৃত্ব অপৰাধ নহয় আৰু কোনো খেলুৱৈকে প্রতিশোধৰ ব্যৱহাৰ কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে আদালতে।

বৰপথাৰ নগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰপথাৰ নগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বৰপথাৰ নগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰপথাৰ নগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰৰ নগৰৰ মৌজাদাৰ কাৰ্যালয়ৰ কাষতে শুক্ৰবাৰে বিয়লি উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।

নিৰ্মীয়মান এটা নলাৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় উৱলি গৈছিলগৈ। মৃতদেহৰ অৱস্থালৈ চাই কেইবাদিনৰ আগতেই মৃত্যু হোৱা লোকজনৰ বয়স প্ৰায় ৪০ বছৰৰ উৰ্ধৰ বুলি অনুমান কৰিছে আৰক্ষীয়ে।

ইপিনে ঘটনাৰ খবৰ পাইয়েই বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বৰ্তমানলৈকে লোকজন কোন আৰু কেনেকৈ মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই।

গণ প্ৰহাৰত প্ৰাণ গ’ল দুই গৰু চোৰৰ

গণ প্ৰহাৰত প্ৰাণ গ'ল দুই গৰু চোৰৰ
গণ প্ৰহাৰত প্ৰাণ গ'ল দুই গৰু চোৰৰ

শোণিতপুৰৰ অসম-অৰুণাচলৰ সীমান্তৰ ভালুকপুঙৰ সমীপত দুজন গৰু চোৰ নিহত।

ৰাইজৰ প্ৰহাৰত নিহত দুটাকৈ গৰু চোৰ।

আন এজনক সংকটজনক অৱস্থাত তেজপুৰলৈ মেডিকেললৈ নিয়া হয়।

ভালুকপুঙৰ সমীপৰ জালিত সংঘটিত হৈছে এই ঘটনা।

পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

এখন ইকমেট ট্ৰাক লৈ গৰু চোৰ কৰিব আহিছিল।

চোৰ কেইজন মৰিগাওঁৰ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বিজনী মহাবিদ্যালয়লৈ Platinum Sustainable Campus বঁটা

বিজনী মহাবিদ্যালয়লৈ Platinum Sustainable Campus বঁটা
বিজনী মহাবিদ্যালয়লৈ Platinum Sustainable Campus বঁটা

বিজনী মহাবিদ্যালয়লৈ Platinum Sustainable Campus বঁটা। ভাৰতবৰ্ষৰ সৰ্বমুঠ ৩২১ খন শিক্ষানুষ্ঠানৰ ভিতৰত ৪৬ নম্বৰ স্থান লাভ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিজনী মহাবিদ্যালয়।

বিজনী মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিলে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰহাসগিৰি বসুমতাৰীয়ে।

বিজনী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আৰু Resarch Height Foundation and Environment Protection Training & Research institute(EPTRI)ৰ সহযোগত মহাবিদ্যালয় খনত ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত হোৱা “পৃথিৱী সপ্তাহ” উপলক্ষে আয়োজিত Bharat Environment Programme– “A Bharat Sustainable Campus Misson 2026″ত সমগ্ৰ ভাৰতবৰ বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহৰ লগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই প্ৰতিষ্ঠানটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষানুষ্ঠান সমূহৰ পৰিবেশ সম্পৰ্কীয় কাৰ্যব্যৱস্থা তথা আভ্যন্তৰীণ পৰিবহণ সুৰক্ষিত ব্যৱস্থাপনা সমূহৰ তথ্যভিত্তিক ডাটা সংগ্ৰহ কৰি তিনিটা পৰ্যায়ত এই স্বীকৃতি প্ৰদান কৰিছে। সেইমৰ্মে বিজনী মহাবিদ্যালয়ে Platinum Sustainable Campus Award লাভ কৰিবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত অহা পহিলা জুন তাৰিখে Hyderabad Global Peace Auditorium ত ৰাষ্ট্ৰীয় পৰ্যায়ত এই বঁটা আৰু মানপত্ৰ প্ৰদান কৰিব বুলি জানিব দিয়ে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰহাসগিৰি বসুমতাৰীয়ে।

সংবাদমেলত অধ্যক্ষ গৰাকীৰ উপৰিও উপাধ্যক্ষ সবিতা ৰায়, আভ্যন্তৰীণ মান নিৰূপক কোষৰ আহ্বায়ক ড৹ বাবুল বসুমতাৰী, ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া ড৹ শেৱালী পাঠকসহ মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকাসকল উপস্থিত থাকে।

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ
মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ আছুৰ

মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ উদ্যোগত ৰাজ্যজুৰি প্ৰতিবাদ।

আমিনগাঁৱতো সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি প্ৰতিবাদ কামৰূপ জিলা ছাত্ৰ সন্থাৰ।

ইন্ধন,অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কৰে আছুৰ সদস্য সকলে।

মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক, জীৱনদাঢয়িনী ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক আদি শ্লোগান দি উত্তাল কৰে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰবেশদ্বাৰ।

জিলা আয়ুক্ত কাৰ্যালয়ৰ উপপথত প্ৰতিবাদী সমদল কৰি ঘেৰাও কৰে আয়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰবেশ দ্বাৰ।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকাৰ লগতে শতাধিক আছু কৰ্মীয়ে।

আজি আদালতত হাজিৰ কৰোৱা হ’ব ACS বিষয়া লাচিত কুমাৰ দাসক

আজি আদালতত হাজিৰ কৰোৱা হ'ব ACS বিষয়া লাচিত কুমাৰ দাসক
আজি আদালতত হাজিৰ কৰোৱা হ'ব ACS বিষয়া লাচিত কুমাৰ দাসক

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া লাচিত কুমাৰ দাসৰ G-A ফ্লেটত মাজনিশা দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত জব্দ প্ৰায় ৫০ লাখ টকা নগদ ধন, ৫০০ গ্ৰাম সোণৰ আ-অলংকাৰ। জব্দ একাধিক জীৱন বীমাৰ নথি-পত্ৰ।

অভিযোগ অনুসৰি গুৱাহাটীৰ কেইবা স্থানতো লাচিত কুমাৰ দাসৰ আছে ভূমি আৰু বিলাসী ফ্লেট। আজি আদালতত হাজিৰ কৰোৱা হ’ব দুৰ্নীতিগ্ৰস্ত ACS বিষয়া লাচিত কুমাৰ দাসক। উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল ACS বিষয়াগৰাকী।

মিতব্যয়ী অসম বিধান সভাঃ বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই

মিতব্যয়ী অসম বিধান সভাঃ বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই
মিতব্যয়ী অসম বিধান সভাঃ বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই

মিতব্যয়ী হ’ব অসম বিধানসভা।

এতিয়াৰে পৰা বিধানসভাত নাথাকিব বিলাসী হোটেলৰ মিঠাই।

প্লেটত থাকিব এখন পিঠা আৰু এখন নিমকি।

সৌজন্যমূলক চাহমেলৰ মেনুত থাকিব নাৰিকলৰ লাডু আৰু কুকিজ।

এইয়া কোনোবাই খালে খাব নাখালে নাই।

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ ডাঙৰ ঘোষণা।

আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণসেতু

আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণসেতু
আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণসেতু

আজি মহানগৰবাসীয়ে লাভ কৰিব এখন নতুন উৰণসেতু।

আজি মুকলি হ’ব গুৱাহাটীৰ লালগণেশ উৰণ সেতু।

সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন।

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে সেতুখনৰ নামকৰণ।

৩৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

উৰণ সেতুখনৰ দৈৰ্ঘ্য ২.৮ কিলোমিটাৰ, প্ৰস্থ ১২ মিটাৰ।

নিৰ্ধাৰিত ৩০ মাহৰ পৰিৱৰ্তে ২৬ মাহত সম্পূৰ্ণ নিৰ্মাণকাৰ্য।

ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঁহাৰি

ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঁহাৰি
ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঁহাৰি

ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঁহাৰি।

কেন্দ্ৰৰ আহ্বানৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ SOP।

অহা ২৫ মে’ৰ পৰা এমাহৰ বাবে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।

এদিন এৰি এদিন ৫০ শতাংশ কৰ্মচাৰীৰে চলিব ন্যায়ালয়ৰ কাম-কাজ।

ভাৰ্চুৱেলী গোচৰৰ শুনানিত গুৰুত্ব উচ্চ ন্যায়ালয়ৰ।

ন্যায়াধীশৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবেও SOP।

ই-অফিচ প্লেটফৰ্মত গুৰুত্ব দিবলৈ নিৰ্দেশনা।

আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন

আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন
আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন

আজি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ দ্বিতীয় দিন।

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ সদনৰ কাম-কাজ।

ৰাজ্যপালৰ ভাষণ অন্ত পৰাৰ পাছতেই আৰম্ভ হ’ব ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক।

বিতৰ্কত অংশ ল’ব শাসক-বিৰোধী উভয় শিৱিৰৰ বিধায়কে।