বৰপথাৰ নগৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰৰ নগৰৰ মৌজাদাৰ কাৰ্যালয়ৰ কাষতে শুক্ৰবাৰে বিয়লি উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।
নিৰ্মীয়মান এটা নলাৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় উৱলি গৈছিলগৈ। মৃতদেহৰ অৱস্থালৈ চাই কেইবাদিনৰ আগতেই মৃত্যু হোৱা লোকজনৰ বয়স প্ৰায় ৪০ বছৰৰ উৰ্ধৰ বুলি অনুমান কৰিছে আৰক্ষীয়ে।
ইপিনে ঘটনাৰ খবৰ পাইয়েই বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
বৰ্তমানলৈকে লোকজন কোন আৰু কেনেকৈ মৃত্যু হ’ল সেয়া জানিব পৰা হোৱা নাই।

