নাজিৰাত চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী সম্পন্নঃ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ আদৰণি ভাষণ

শিৱসাগৰ জিলা অসম আৰক্ষী বাহিনীৰ উদ্যোগত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানা, নাজিৰা থানা পৰ্যায়ৰ নাগৰিক সমিতি লগতে নাজিৰা নাগৰিক সমিতিৰ সহযোগত আজি এখনি চাইবাৰ অপৰাধ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। নাজিৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত চাইবাৰ অপৰাধ সন্দৰ্ভত অনুষ্ঠিত হোৱা এই সজাগতা সভাত ছাত্ৰ-ছাত্ৰী, সচেতন নাগৰিক আৰু স্থানীয় ৰাইজৰ মাজত চাইবাৰ অপৰাধ, অনলাইন সুৰক্ষা, প্ৰৱঞ্চনা প্ৰতিৰোধ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল অতি সচেতন ব্যৱহাৰ আদিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই চাইবাৰ অপৰাধ সজাগতা সভাখনি অনুষ্ঠিত কৰা হয়।

শিৱসাগৰ জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম দেৱে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছত জিলা চাইবাৰ চেলৰ সহকাৰী পৰিদৰ্শক দ্বয় বিকাশ গগৈ আৰু ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চাইবাৰ অপৰাধৰ বিভিন্ন দিশ সমূহৰ ওপৰত আলোকপাত কৰে। আনহাতে নাজিৰা নগৰ সমিতিৰ সভাপতি প্ৰভাত বৰঠাকুৰ, সাধাৰণ সম্পাদক বিমল আগৰৱালা আৰু সম্পাদকদ্বয় নাছেৰ খান আৰু ৱাছিম আহমেদ ডাঙৰীয়াও এই অনুষ্ঠানত উপস্থিত থাকে । লগতে তেখেত লোকে চাইবাৰ অপৰাধ সজাগতা সন্দৰ্ভতো নিজা ভাষণ আগবঢ়ায়। এতিয়া এইদৰে জনসাধাৰণৰ মাজত জন সচেতনতা বঢ়োৱাৰ প্ৰয়াস কৰা হৈছে।

Related Articles