Home Blog Page 2328

‘যোদ্ধা’ সমাজত চলি থকা ড্ৰাগছ আৰু অসৎ কাৰ্য ক্ৰলাপৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন চুটি ছবি

কলিয়াবৰৰ কেইজনমান যুৱক যুৱতীয়ে নিৰ্মান কৰি উলিয়াইছে সমাজত চলি থকা ড্ৰাগছ আৰু অসৎ কাৰ্য ক্ৰলাপৰ ওপৰত ভিত্তি কৰি এখন চুটি ছবি ‘যোদ্ধা’ ।এই ছবি খনৰ যোগেদি বৰ্তমান সমাজ খন কেনেদৰে শুদ্ধ পথত নিব পাৰি তাৰেই চেষ্টা চলাইছে।


এই ছবিখন পৰিচালনা কৰিছে কলিয়াবৰৰ যুৱক ৰাজু দাসে।আৰু ছবিখনত অভিনয় কৰা দেখা গৈছে কলিয়াবৰৰ ন ন শিল্পী সকলে।মুক্তি পালে যোদ্ধাৰ দ্বিতীয় খণ্ডই মুক্তি লাভ কৰিব।

এমজিএনৰেগা পুঁজিৰ জালিয়াতি

ঝাৰখণ্ডৰ খনি সচিবৰ একাধিক চৌহদত ইডিৰ অভিযান।প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) শুকুৰবাৰে ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘল আৰু তেওঁৰ পৰিয়ালকে ধৰি একাধিক চৌহদত অভিযান চলায়।ঝাৰখণ্ডৰ খনি সচিব পূজা সিংঘলৰ বিৰুদ্ধে এমজিএনৰেগা পুঁজি আত্মসাৎ কৰাৰ অভিযোগৰ উত্থাপন হৈছিল।২০০৮-১১ বৰ্ষত ৰাজ্যখনৰ খুণ্টি জিলাত ১৮ কোটি টকাৰ এমজিএনআৰইজিএ পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পিছতে বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছিল।ইডিয়ে ৰাজ্যখনৰ ৰাজধানী ৰাঁচীত তালাচী চলাই দুটা চৌহদৰ পৰা মুঠ ১৯.৩১ কোটি টকা নগদ ধন জব্দ কৰে৷ ৰাঁচীস্থিত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰৰ চৌহদৰ পৰা প্ৰায় ১৭.৫১ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে ।আইএএছ বিষয়া আৰু তেওঁৰ পৰিয়ালৰ লোকে পুঁজিৰ ধন আত্মসাৎ কৰাত উক্ত চাৰ্টাৰ্ড একাউণ্টেণ্ট-আৰু ফাইনেন্সিয়েল এডভাইজাৰগৰাকীয়ে সহায় কৰাৰ অভিযোগ উঠিছিল।চহৰখনৰ আন এটা স্থানৰ পৰা ইডিয়ে প্ৰায় ১.৮ কোটি টকা উদ্ধাৰ কৰে বুলি ইডিৰ সূত্ৰই জনাইছে।অভিযানৰ সময়ত বহু আপত্তিজনক নথিপত্ৰও জব্দ কৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য পূজা সিংঘল ২০০০ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া ।

তেওঁ এটা সময়ত খুণ্টি জিলাত উপায়ুক্ত হিচাপে নিযুক্ত হৈ আছিল।

অমিত শ্বাহৰ সৈতে নৈশ ভোজনৰ পিছত, সৌৰভ গাংগুলীয়ে ক’লে— তেওঁ মমতাৰ অতি ঘনিষ্ঠ

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে শনিবাৰে কয় যে তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক নৈশ ভোজনৰ বাবে তেওঁৰ বাসগৃহলৈ আমন্ত্ৰণ জনোৱাৰ এদিন পিছতে সৌৰভ গাংগুলীৰ এনে মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।অমিত শ্বাহৰ সৈতে সৌৰভ গাংগুলী , তেওঁৰ পত্নী নৃত্যশিল্পী ডোনা গাংগুলী আৰু ভাতৃ স্নেহাসিশ গাংগুলীৰ নৈশ ভোজৰ পিছতে বহুতে ধাৰণা কৰিছিল যে সৌৰভ গাংগুলীয়ে হয়তো বিজেপিত যোগদান কৰিব পাৰে। কিন্তু নৈশভোজনৰ এদিন পিছতে সৌৰভে মমতাৰ প্ৰতি ব্যক্ত কৰা আনুগত্যই বহুতৰে ধাৰণাত আউল লগাইছে।সৌৰভ গাংগুলীয়ে কয়—”মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মোৰ অতি ঘনিষ্ঠ ব্যক্তি। মই তেওঁৰ কাষ চাপিছিলো,”।তেওঁ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰাৰ সময়ত সৌৰভ গাংগুলীয়ে এনেদৰে কয়।


সৌৰভে লগতে কয়— ‘মই ফিৰহাদ হাকিমৰ ওচৰতো আছো। মই দশম শ্ৰেণীত থকাৰ পৰাই তেওঁ মোক দেখা পাই আহিছে। তেওঁ আমাৰ পাৰিবাৰিক বন্ধু আছিল’।

৪০ কোটি টকাৰ জালিয়াতিৰ গোচৰ: আপ পঞ্জাৱৰ বিধায়ক যশৱন্ত সিং গজ্জনৰ ৩ টা স্থানত অভিযান চিবিআইৰ

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে আজি ৪০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত আপৰ পঞ্জাৱৰ বিধায়ক যশৱন্ত গজ্জনৰ সৈতে জড়িত তিনিটা স্থানত তালাচী চলায়। আপৰ বিধায়ক যশৱন্ত সিং ‘গজজন’, তেওঁৰ ভাতৃ কুলৱন্ত সিং আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে চিবিআইৰ ওচৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।যশৱন্ত সিঙে বেংক অফ ইণ্ডিয়াক ৪০ কোটি টকাৰ প্ৰৱঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ উঠিছিল।যশৱন্ত সিং আম আদমী পাৰ্টিৰ পঞ্জাৱৰ অমৰগড়ৰ বৰ্তমানৰ বিধায়ক। ঋণ আদায় নিদিয়াৰ বাবেই বিধায়কগৰাকীৰ ঋণটো মঞ্জুৰ কৰা একাউণ্টটোক অনা-কাৰ্যকৰী একাউণ্ট হিচাবে ২০১৪ চনৰ ৩১ মাৰ্চত ঘোষণা কৰা হৈছিল।
একেদৰে বেংকে ২০১৮ চনৰ ৯ ফেব্ৰুৱাৰী ৪০.৯২ টকাৰ বকেয়া পৰিমাণৰ ধন অনাদায় হৈ থকা বুলি ঘোষণা কৰিছিল।


বিধায়কজনে বিভিন্ন জাল নথিপত্তৰ সহায়ত ঋণ লোৱাৰো অভিযোগ উঠিছিল। এনে অভিযোগৰ মাজতে আজি চিবিআইয়ে মালেৰকোটলা আৰু গৌনচপুৰাৰ তিনি স্থানত তালাচী চলায়।

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দেশ ডুবাইত বিহু:ডুবাইৰ অসমীয়া সমাজৰ উদ্যোগত ডুবাইত অসমীয়া বাপতি সাহোন বিহুৰ উন্মাদনা

কৰ্মসূত্ৰে অথবা ব্যৱসায় সূত্ৰে ডুবাইত বসবাস কৰা অসমীয়া সমাজে শণিবাৰে ব্যাপক উৎসাহ উদ্বীপনাৰে বহাগী বিদায় উৎসৱ উদযাপন কৰে।ডুবাইৰ কাৰ্লটন পেলেচ হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত বিহু হুঁচৰি আদিৰ লগতে ভালেমান সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।বিদেশৰ মাটিত আয়োজন কৰা এই বিহুক কেন্দ্ৰ কৰি ডুবাইত কালি এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
অসমীয়া কলা কৃষ্টিক বিদেশৰ মাটিত প্ৰতিষ্ঠা কৰাৰ সজ উদ্দেশ্য লৈ ডুবাইত থকা সমাজ একত্ৰিত হৈ আয়োজন কৰে এই বহাগী বিদায় উৎসৱৰ।বোপা ককাৰ দিনৰ বিহুৰ পৰম্পৰাক প্ৰবাসী অসমীয়া সমাজে ডুবাইত সজীৱ কৰি তোলাৰ সমান্তৰাল ভাৱে বিহুৰ আনন্দত ডুব যোৱা দেখা যায়।এই উপলক্ষে মৰুৰ দেশ ঢোল পেঁপা গগনাৰ মাতত কঁপি উঠিল।

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ দেশত প্ৰবাসী অসমীয়া সকলে অতি হেঁপাহেৰে পালন কৰা বিহুৰ এই অনুষ্ঠানত অসমৰ বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ লগতে আন কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰি গীত পৰিবেশন কৰে।

আজি মাতৃ দিৱস,প্ৰতিগৰাকী মাতৃলৈ যাচিলোঁ অলেখ শুভকামনা,মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত মাতৃ দিৱস উদযাপন

মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত মাতৃ দিৱস উদযাপন।সম্বৰ্ধনা জনোৱা হল নলবাৰী জিলাৰ নৱ পৌৰপতি জয়শ্ৰী পাঠক তালুকদাৰক।প্ৰথমতে বিশ্ব আটাইকেই গৰাকী মাতৃলৈ আমাৰ পৰিয়ালৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো।মা’ বুলি কলেই মনলৈ আহে এগৰাকী মহিয়সী নাৰী। দুখ-কষ্ট অনুভৱ নকৰা,আজৰি সময় বা ছুটিৰ সময় নথকা অহৰহ ঘৰখন বা পৰিয়ালৰ হ’কে কাম কৰি যোৱা এগৰাকী নাৰীয়ে হৈছে “মা”। সেয়ে মাতৃ সদায়ে আমাৰ পূজনীয়।মাতৃ সদায়ে আমাৰ শ্ৰদ্ধাৰ।।দেশ-ৰাজ্যৰ লগতে নলবাৰীতো বিভিন্ন প্ৰান্তত আজি মাতৃ দিৱস উদযাপন কৰা হয়। নলবাৰী জাপাৰকুছিস্থিত নালন্দা পাব্লিক বিদ্যালয়ত মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত এদিনীয়া বৰ্ণাদ্ধ কাৰ্যসূচীৰে “মাতৃ দিৱস” উদযাপন কৰা হয়। ৰাতিপুৱা বন্তী প্ৰজ্জ্বালন,পতকা উত্তোলন কাৰ্যসূচীৰ পিছত এগৰাকী মাতৃ তথা নলবাৰী পৌৰ সভাৰ পৌৰপতি জয়শ্ৰী পাঠক তালুকদাৰক নিজ গৃহৰ পৰা বিদ্যালয় চৌহদলৈ আদৰি আনি সম্বোৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পিছত মহিলা সকলৰ মাজত বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

ইনষ্টাগ্ৰামত কেটৰিনাই শ্বেয়াৰ কৰিলে বিকি কৌশলৰ সৈতে ৰোমাণ্টিক মূহুৰ্তৰ ফটো…প্ৰিয়ংকা চোপ্ৰা আৰু হৃত্বিক ৰোশনৰ কমেণ্ট

প্ৰিয়ংকা চোপ্ৰাই হৃদয়-চকুৰ ইমোজি মন্তব্য কৰিছিল, আনহাতে হৃত্বিক ৰোশনে পোষ্টটোত লিখিছিল, “ইমান ভাল”।কেটৰিনা কাইফ আৰু বিকি কৌশল বি-টাউনৰ আটাইতকৈ গৰম দম্পতিসকলৰ ভিতৰত অন্যতম। দম্পতীহালে ইনষ্টাগ্ৰামত একেলগে ফটো পোষ্ট কৰি তেওঁলোকৰ জীৱনৰ আভাস দি থাকে। কেটৰিনা কাইফে স্বামী বিকি কৌশলৰ সৈতে আন এখন ফটো পোষ্ট কৰি সপ্তাহান্তটো আৰম্ভ কৰিছিল।সূৰ্যবংশী অভিনেতাজনে বিকিৰ সৈতে এখন বাষ্পীয় ছবি শ্বেয়াৰ কৰিছিল য’ত তেওঁলোকক কিছু পুল সময় উপভোগ কৰা দেখা গৈছিল। কেটৰিনাই বগা চুইমচুট পিন্ধিআছে কিয়নো তাই তাইৰ ওচৰত এটা চাৰ্টলেছ বিকি ধৰি আছে। কেটৰিনাই ভৰিবোৰ  স্বামীৰ কঁকালত মেৰিয়াই থোৱা আছে আৰু  বাহুবোৰ ডিঙিত মেৰিয়াই থোৱা আছে। শিৰোনামটোত, কেটৰিনাই উল্লেখ কৰিছিল, “মই আৰু মোৰ,” কেইটামান হৃদয়ৰ ইমোটিকনৰ সৈতে। ছবিখনে অনুৰাগী আৰু চেলিব্ৰিটিসকলৰ পৰা একেধৰণে প্ৰেম লাভ কৰিছিল। প্ৰিয়ংকা চোপ্ৰাই হৃদয়-চকুৰ ইমোজি মন্তব্য কৰিছিল, আনহাতে হৃত্বিক ৰোশনে লিখিছিল, “ইমান ভাল,” এটা ৰঙা হৃদয়ৰ ইমোজি যোগ দি। গায়িকা ৰাজা কুমাৰীয়ে লিখিছিল, “আপোনালোক দুয়োকে সম্পূৰ্ণ আশীৰ্বাদ। “শেহতীয়াকৈ হেলো আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, বিকিয়ে কেটৰিনাৰ বিষয়ে কৈছিল আৰু কেটৰিনাৰ মাজত জীৱন সংগী বিচাৰি পোৱাৰ বাবে নিজকে ‘অতি সৌভাগ্যৱান’ বুলি অভিহিত কৰিছিল। “কেটৰিনা মোৰ জীৱনৰ প্ৰতিটো দিশতে যথেষ্ট প্ৰভাৱ পেলাইছে। মই বহুত সৌভাগ্যৱান যে কেটৰিনাৰ মাজত এজন জীৱন সংগী বিচাৰি পাইছো কিয়নো কেটৰিনা এগৰাকী অত্যন্ত জ্ঞানী, বুদ্ধিমান আৰু সহানুভূতিশীল ব্যক্তি। মই কেটৰিনাৰ পৰা প্ৰতিদিনে বহুত শিকিছো,” বিকিয়ে হেলো আলোচনীক কৈছিল।

কেটৰিনা আৰু বিকিয়ে 9 ডিচেম্বৰ, 2021 তাৰিখে ৰাজস্থানত এক ব্যক্তিগত অনুষ্ঠানত তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পেছাদাৰী ক্ষেত্ৰত, কেটৰিনাক পৰৱৰ্তী সময়ত শ্ৰীৰাম ৰাঘৱনৰ দ্বাৰা পৰিচালিত টাইগাৰ 3, মেৰী খ্ৰীষ্টমাছ আৰু প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাটৰ সৈতে ফাৰহান আখটাৰৰ পথ ভ্ৰমণ ছবি জী লে জাৰাত দেখা যাব। লক্ষ্মণ ইউটেকাৰৰ এতিয়ালৈকে শীৰ্ষক নোহোৱা চলচ্চিত্ৰখনত চাৰা আলী খানৰ বিপৰীতে বিকিক দেখা যাব। অভিনেতাজনৰ পাইপলাইনত গোবিন্দা নাম মেৰা, চেম বাহাদুৰ আৰু দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিও আছে।

‘কেজিএফ’ত অভিনয় কৰা অভিনেতা মোহন জুনেজাৰ মৃত্যু

কেজিএফ অভিনেতাৰ মৃত্যু, ‘কেজিএফ’ অভিনেতা মোহন জুনেজাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মৃত্যু হৈছে। অভিনেতাজনৰ মৃত্যুৰ পিছৰে পৰা, মনোৰঞ্জন জগত শোকত আছে। কেজিএফ ২ বোলছবিখনে আজিকালি বক্স অফিচত যথেষ্ট ধন প্ৰহাৰ কৰিছে। যশৰ অভিনয়ৰ উপৰিও, ছবিখনৰ বাকী কলাকুশলীসকলেও এক ভাল কাম কৰিছে। এই ছবিখনৰ বিষয়ে এটা বেয়া খবৰ ওলাইছে। ছবিখনৰ সৈতে জড়িত অভিনেতা মোহন জুনেজাৰ মৃত্যু হৈছে। তেওঁ ২০২২ চনৰ ৭ মে’ত শেষ নিশ্বাস ত্যাগ কৰে।

অভিনেতাজন তেওঁৰ কৌতুক চৰিত্ৰৰ বাবে জনাজাত আছিল:

আপোনাক কওঁ যে ‘কেজিএফ’ অভিনেতা মোহন জুনেজা দীৰ্ঘদিন ধৰি অসুস্থ আছিল । 7 মে তাৰিখে, তেওঁ বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত উশাহ লয়। অভিনেতাজনে গম্ভীৰৰ বাহিৰেও চলচ্চিত্ৰৰ পৰ্দাত বহুতো কৌতুক চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ উজ্জ্বল অভিনয়ৰ সৈতে, তেওঁ উদ্যোগটোত এটা দীঘলীয়া ইনিংছ খেলিছে। মোহন জুনেজাৰ মৃত্যুৰ বাতৰি অহাৰ পিছৰে পৰা চলচ্চিত্ৰ উদ্যোগ আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট শোকৰ ছাঁ পৰিছে। অভিনেতাজনৰ অন্তিম সংস্কাৰ শনিবাৰে সম্পন্ন কৰা হ’ব। ‘কেজিএফ চাপাৰ ২’ বোলছবিখনত মোহন জুনেজাই সাংবাদিক আনন্দীৰ ইনফৰ্মাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

১০০  খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছিল:

মোহন জুনেজা দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ এটা জনপ্ৰিয় নাম। তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। যদিও তেওঁ কেতিয়াও বলীউডৰ চলচ্চিত্ৰ উদ্যোগত হাত দিয়াৰ চেষ্টা কৰা নাছিল, তেওঁ নিশ্চিতভাৱে কেজিএফ চলচ্চিত্ৰত তেওঁৰ সৰু চৰিত্ৰৰ দ্বাৰা স্বীকৃতি লাভ কৰিছিল। অভিনেতাজনে ‘কেজিএফ ১’ আৰু অধ্যায় ২ ত ওলাইছে। তেওঁৰ মৃত্যুৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে।

চিলাপথাৰৰ চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা!থিতাতে নিহত এজন,সংকটজনক অৱস্থাত এজনক ডিব্ৰুগৰলৈ প্ৰেৰণ

আজি চিলাপথাৰৰ চিচিবৰগাঁও আমগুৰি সংযোগী পথৰ সাতুলাচুকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চিচিবৰগাঁও বৰচুকৰ ৰাজু ভূঞাৰ ২০ বছৰীয়া পুত্ৰ অপু ভূঞাই মটৰচাইকেলেৰে গড়মৰাৰ পৰা আহি আছিল । ইফালে ভাটিচুক গাঁৱৰ প্ৰয়াত অপিল শইকীয়াৰ ২২ বছৰীয়া পুত্ৰ বিমান ওৰফে বুবুল শইকীয়াই যোৱানিশা গড়মৰাত অনুষ্ঠিত বিহু সন্মিলনৰ বিপিন চাউদাঙৰ সাংস্কৃতিক অনুষ্ঠান চাই বাইচাইকেল আৰোহী এজনৰ লগত উঠি আহি থকা অৱস্থাত বাটতে অপুক লগ পাই তাৰ মটৰচাইকেলত উঠি আহে । তীব্ৰবেগেৰে আহি থকা মটৰচাইকেলখনে সাতুলাচুকত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে দুৰ্ঘটনাত পতিত হয় ।দুৰ্ঘটনাটোত দুয়োজন যুৱক গুৰুতৰভাৱে আহত হয়।

দুয়োকে ১০৮ এম্বুলেন্সেৰে ৰাইজে চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে বিমান শইকীয়াক মৃত ঘোষণা কৰে আৰু আনজন যুৱকক সংকজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সৰবৰহী যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ চিচিবৰগাঁৱতে শোকৰ ছাঁ পৰিছে।

মাণিকপুৰৰ বঙাইগাঁৱত আৰক্ষীৰ বৃহৎ বাইক ৰেলী

মাণিকপুৰত বঙাইগাঁও আৰক্ষীৰ বৃহৎ বাইক ৰেলী। ৰাষ্ট্ৰপতিয়ে অসম আৰক্ষীক সন্মান প্ৰদান কৰি আগবঢ়োৱা President Colour Award ৰ ১০ মেত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই সন্মান প্ৰদান কৰিব।এই উপলক্ষে বঙাইগাঁও আৰক্ষীৰ উদ্যোগত আৰু মাণিকপুৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় এই বাইক ৰেলীৰ। জিলা আৰক্ষী অধিক্ষক. সপ্ননীল ডেকাই উদ্বোধন কৰা ৰেলীটো মাণিকপুৰ থানাৰ পৰা আৰম্ভ কৰি মাণিকপুৰ চাৰি আলি হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ গেৰুকাবাৰী টহলদাৰী আৰক্ষী নিৰীক্ষণ চকীত ৰেলীৰ সামৰণি পৰে।

উক্ত কাৰ্যসূচীত মানিকপুৰৰ কেবাটাও স্বেচ্ছাসেৱী সংস্থা লগতে গাওঁৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে।মানিকপুৰ বাইক ৰেলীৰ পিছত আৰক্ষী অধীক্ষকে অভয়াপুৰী আৰক্ষী থানাতো এখন বাইক ৰেলীৰ আজি ব্যৱস্থা কৰিব লগতে বঙাইগাঁৱৰ আন আন ঠাইতো বাইক ৰেলীৰ লগতে প্ৰীতি ফুটবল খেলৰো আয়োজন কৰিছে।