Breaking

চিলাপথাৰৰ চিচিবৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা!থিতাতে নিহত এজন,সংকটজনক অৱস্থাত এজনক ডিব্ৰুগৰলৈ প্ৰেৰণ

0 1,059

আজি চিলাপথাৰৰ চিচিবৰগাঁও আমগুৰি সংযোগী পথৰ সাতুলাচুকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । চিচিবৰগাঁও বৰচুকৰ ৰাজু ভূঞাৰ ২০ বছৰীয়া পুত্ৰ অপু ভূঞাই মটৰচাইকেলেৰে গড়মৰাৰ পৰা আহি আছিল । ইফালে ভাটিচুক গাঁৱৰ প্ৰয়াত অপিল শইকীয়াৰ ২২ বছৰীয়া পুত্ৰ বিমান ওৰফে বুবুল শইকীয়াই যোৱানিশা গড়মৰাত অনুষ্ঠিত বিহু সন্মিলনৰ বিপিন চাউদাঙৰ সাংস্কৃতিক অনুষ্ঠান চাই বাইচাইকেল আৰোহী এজনৰ লগত উঠি আহি থকা অৱস্থাত বাটতে অপুক লগ পাই তাৰ মটৰচাইকেলত উঠি আহে । তীব্ৰবেগেৰে আহি থকা মটৰচাইকেলখনে সাতুলাচুকত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে দুৰ্ঘটনাত পতিত হয় ।দুৰ্ঘটনাটোত দুয়োজন যুৱক গুৰুতৰভাৱে আহত হয়।

দুয়োকে ১০৮ এম্বুলেন্সেৰে ৰাইজে চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে বিমান শইকীয়াক মৃত ঘোষণা কৰে আৰু আনজন যুৱকক সংকজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । সৰবৰহী যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ চিচিবৰগাঁৱতে শোকৰ ছাঁ পৰিছে।

Leave A Reply