ব্যৱসায়ী, সমাজসেৱক বিনোদ বিহাৰী দত্তৰ ১৭ সংখ্যক মৃত্যু তিথি উদযাপনঃ ভূমিধৰ শৰ্মা, মহেশ ডেকা, দুগ্ধ ডেকা, ধীৰাজ চহৰীয়াক সম্বৰ্ধনা

‘বিনোদ বিহাৰী দত্ত অকল গেলামালৰ দোকানী নাছিল, তেওঁ আছিল এগৰাকী সমাজসেৱক, সাংস্কৃতিক কৰ্মী। ঘৰৰ সাত বন কাতি কৰি চপাই অঞ্চলৰ বহু জটিল ৰোগত আক্ৰান্ত ৰোগীক তেওঁ গুৱাহাটী, ছিলং আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ চিকিৎসালয়লৈ নি চিকিৎসা কৰোৱাই আৰোগ্য কৰোৱাইছিল। তেওঁ খুলীয়া ভাওনা, নাগাৰা নামৰ শিল্পী আছিল। সমাজ জীৱনৰ লগত একাত্ম হৈ কাম কৰাৰ বাবে তেওঁৰ কৰ্মৰ এতিয়াও গ্ৰাম্যাঞ্চলত হয় চৰ্চা’- এই ভাষ্য বিশিষ্ট লোক সংস্কৃতিৰ সাধক নীলকান্ত ডেকাৰ।

মঙলদৈ চহৰৰ নিকটৱৰ্তী চপাই শালৈপাৰাৰ ব্যৱসায়ী, সমাজসেৱক বিনোদ বিহাৰী দত্তৰ ১৭ সংখ্যক মৃত্যু তিথিত তেওঁ এইদৰে কয়। বিনোদ বিহাৰী দত্ত ন্যাসৰ সভাপতি তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ অধ্যাপক ড৹ বিজয় কুমাৰ শৰ্মাৰ সভাপতিত্বত আজি দিনৰ ১২.৩০ বজাত হোৱা স্মৃতিচাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সাধাৰণ সম্পাদক ৰমেশ চহৰীয়াই চপাই নেহৰু ময়দান নিৰ্মাণত বিনোদ বিহাৰী দত্ত আৰু তেওঁৰ মাতৃ জগত কামিনী দত্তৰ অৱদানৰ কথা সোঁৱৰণ কৰে।

ন্যাসৰ সম্পাদক তথা ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীকান্ত শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত কৰুণাধাৰা ন্যাসৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ ড৹ মনোজ কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাপ্ৰাপক শশাংক হাজৰিকাই ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত নিজ মোগলবেছা নিবাসী, অৱসৰপ্ৰাপ্ত গ্ৰামীণ ডাকসেৱক ভূমিধৰ শৰ্মা, ২৫ বছৰে বিনা বেতনে ১নং গধিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা তথা চপাই অঞ্চলৰ বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান গঢ়োতা, অভিনেতা – পৰিচালক দুগ্ধ ডেকা, মেধিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক, আদৰ্শ খেতিয়ক মহেশ ডেকাক ফুলাম গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জ্ঞাপন কৰে পৰিয়ালৰ হৈ অমিয় দত্ত, ৰুণু দত্ত, জয়ন্তী দত্ত, নিয়তি নন্দী, মহাশ্বেতা দত্ত, অপৰাজিতা দত্ত, ৰাজদ্বীপ দত্ত জ্যোতিস্মিতা দত্তই।

আনহাতে ১০ বাৰ ৰক্তদান কৰা ঔতলাৰ ধীৰাজ চহৰীয়াকো এই অনুষ্ঠানত কনিষ্ঠ পুত্ৰ কাৰ্ত্তিক দত্তই সম্বৰ্ধনা জ্ঞাপন কৰে। জ্যেষ্ঠ শিল্পী শৰৎ শৰ্মাই এটি গীত পৰিবেশন কৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ পুত্ৰ গণেশ দত্তই। এই অনুষ্ঠানত কবি ইবিনাথ ৰাভা, ব্যৱসায়ী উপেন চন্দ্ৰ ডেকা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰুৱা, পূব মঙলদৈ শাখা ব্ৰাহ্মণ সভাৰ সভাপতি মোহন চন্দ্ৰ শৰ্মা, ভাগৱত পাঠক ভাৰত চন্দ্ৰ ডেকা, দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড৹ সুৰুজজ্যোতি বৰুৱা, বিষয় শিক্ষয়িত্ৰী তৃষ্ণা হাজৰিকা, পশ্চিম মঙলদৈ আঞ্চলিক পঞ্চায়তৰ উপসভাপতি মঞ্জুলা বৰুৱা, ‘আশাৰ আলোক’ মানুহে মানুহৰ বাবে—, দৰং, অসমৰ সম্পাদক জয়প্ৰকাশ শৰ্মা, কোষাধ্যক্ষ গোলোক বৰা, চিত্ৰ শিল্পী পংকজ চহৰীয়া, বিশিষ্ট সমাজসেৱক জিতুমণি চহৰীয়া, ক্ৰীড়া সংগঠক ডম্বৰুধৰ ডেকা, লোকশিল্পী উপেন চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰ চন্দ্ৰ দে, সমাজসেৱক ভাগ্য বৰুৱাকে ধৰি শতাধিক লোক উপস্থিত থাকে।

Related Articles