Home Blog Page 234

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ
Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

বিশ্বত এক সুস্থ পৰিৱেশ বৰ্তাই ৰাখিবলৈ ১৯৭৩ চনৰ(Kaliabor News)পৰাই নিৰবাচ্ছিন্নভাৱে চেষ্টা চলি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো কলিয়াবৰ সমজিলা প্ৰশাসনৰ সৌজন্যত কামাখ্যা গাঁৱতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।


বিগত প্ৰায় তিনিটা দশক ধৰি অঞ্চলটোত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ চৰকাৰী ভূমিত বৃক্ষৰোপণ কৰাৰ পৰিকল্পনা হাতত লৈছে কলিয়াবৰ সমজিলা প্ৰশাসনে। নগাঁও বন বিভাগৰ ব্যৱস্থাপনাত কলিয়াবৰ সমজিলা প্ৰশাসনে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত ২ বিঘা চৰকাৰী ভূমিত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে।


অঞ্চলটোৰ দুখীয়া লোক সকলে খৰি কাটিবৰ বাবে পাহাৰলৈ যাব লগা নহয়। কিয়নো খৰি বিচাৰি পাহাৰলৈ যোৱা কেইবাজনো লোকে ইতিমধ্যে বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বহু কেইজন লোকে বন্যপ্ৰাণীৰ আক্ৰমণত আহত হৈ জীৱন অতিবাহিত কৰি আছে।


আজিৰ এই বিশ্ব পৰিবেশ দিৱসত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকা, নগাঁও জিলা বন সংমণ্ডল বিষয়া সুহাশ কদম কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত থাকে।


বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত “নদীৰ অসুখ” শীৰ্ষক বাটৰ নাট খনি পৰিবেশন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱসত গোৰেশ্বৰৰ “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন । environment day

বিশ্ব পৰিৱেশ দিৱসত গোৰেশ্বৰৰ "ষ্টিফেন হকিংচ একাডেমী"ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন । environment day

৫ জুন ২০২৫:environment day । বিশ্ব পৰিৱেশ দিৱস ২০২৫ উপলক্ষে গোৰেশ্বৰৰ নাওকাটাত এক ব্যতিক্ৰমধৰ্মী আৰু মানৱীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইষাণ ফাউণ্ডেচনে স্থাপন কৰা “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম তথা প্রতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰা হয় এই দিৱস।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা। তেওঁ শিক্ষানুষ্ঠানখনৰ উদ্যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰি ব্যক্তিগতভাৱে আৰ্থিক সহায় আগবঢ়ায়। লগতে, অসম চৰকাৰৰ পৰাই শিক্ষানুষ্ঠানখনক প্রয়োজনীয় সুবিধা প্ৰদানৰ আশ্বাস দিয়ে।

অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায় নাওকাটাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া তথা কৰ্মচাৰীসকল।

উল্লেখযোগ্য যে, গোৰেশ্বৰ অঞ্চলৰ সদাশয় ৰাইজে বিশেষভাৱে সক্ষম শিশুদের বাবে “ষ্টিফেন হকিংচ একাডেমী” প্ৰতিষ্ঠা কৰি, ইষাণ ফাউণ্ডেচনৰ সহযোগত এই ছাত্ৰ-ছাত্রীসকলক বিনামূলীয়াকৈ সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰে সমৃদ্ধ কৰি তুলিছে।

এই উপলক্ষে বৃক্ষৰোপণ, পৰিৱেশ সচেতনতামূলক আলোচনা আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণত বিশেষ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।

এই মহৎ কাৰ্যসূচী সফল ৰূপত সম্পন্ন হোৱাত অঞ্চলবাসী ৰাইজে যুৱ নেতা ৰাতুল শৰ্মাৰ সহানুভূতিপূৰ্ণ পদক্ষেপক আদৰিছে আৰু শিক্ষানুষ্ঠানখনৰ উজ্বল ভবিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছে।

বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ সৈতে পালন কৰা এই ধৰণৰ উদাহৰণীয় কাৰ্যসূচীয়ে সমাজত এক গভীৰ প্ৰভাৱ পেলাব বুলি বিশ্বাস প্ৰকাশ কৰে অঞ্চলবাসীয়ে।

গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma

গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma
গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma

গুৱাহাটী, ৫ জুন ঃ himanta biswa sarma । অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত গুৱাহাটীৰ উলুবাৰী বক্সিং ক্লাবে আয়োজন কৰা সদৌ অসম আন্তঃজিলা জুনিয়ৰ [ল’ৰা-ছোৱালী] আৰু এলিট [পুৰুষ-মহিলা] শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন আজিৰে পৰা আৰম্ভ হৈছে৷ কছাৰী বস্তিস্থিত উলুবাৰী বক্সিং ক্লাবৰ চৌহদত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বক্সাৰৰ বিশ্বজয়ৰ সফলতাৰ বাবে ৰাজ্যৰ গৌৰৱ পৃথিৱীতে জাকতজিলিকা হৈ উজলিছে৷

‘ক্ৰীড়া হৈছে সংস্কৃতি, বিজ্ঞান-প্ৰজ্ঞানৰ দৰেই এটা জাতীৰ আত্মা৷ এখন দেশৰ উন্নয়ন যিদৰে গুৰুত্বপূৰ্ণ সমানে গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ জড়িয়তে প্ৰজন্মক আগুৱাই লৈ যোৱা যাতে ক্ৰীড়াবিদৰ সফলতাই দেশৰ শক্তিক বিশ্বত গৌৰৱৰে প্ৰতিষ্ঠা কৰে৷ অসমো এই পথৰে অনিৰুদ্ধ যাত্ৰাৰে আগুৱাই যাব লাগিব৷ আনহাতে বক্সিং অসমৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এবিধ ক্ৰীড়া৷ উলুবাৰী বক্সিং ক্লাবৰ পৰাই অসমৰ বক্সাৰৰ যি গৌৰৱৰ অবিৰত যাত্ৰাৰ আৰম্ভনি হৈছিল সেয়া শিৱ থাপা-লাভলিনা বৰগোহাঁয়ে অলিম্পিকৰ মঞ্চলৈ লৈ গৈ অসমক বিশ্বতে পৰিচয় কৰি দিছে৷ যোৱা তিনিটা দহকত অসমৰ বক্সাৰে ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়ত সফলতা লাভ কৰি প্ৰমান কৰিছে অসম ভূমি বক্সাৰ অন্যতম কমাৰশাল৷ সেয়ে ৰাজ্য চৰকাৰে অন্য ক্ৰীড়াৰ লগতে বক্সিঙক আগুৱাই নিয়াত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিব৷’ মুখ্যমন্ত্ৰীয়ে কয়৷

তেওঁ অসমৰ ক্ৰীড়া বিকাশৰ বাবে আধুনিক আন্তঃগাঠনি, উন্নত প্ৰশিক্ষণ আৰু এক্সপ’জাৰৰ সুবিধা খেলুৱৈক প্ৰদান কৰাৰ কথা ব্যক্ত কৰাৰ লগতে আৰ্থিক নিৰাপত্তাৰ দিশটোও ৰাজ্য চৰকাৰে সমানে গুৰুত্ব দিব বুলি কয়৷ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, মেয়ৰ মৃগেন শৰনীয়া আদি উপস্থিত থাকে৷

অহা আঠ জুনত সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত অসম বক্সিং সন্থাৰ স্বীকৃতি প্ৰাপ্ত ৩২ খন জিলাৰ প্ৰায় চাৰিশ খেলুৱৈয়ে অংশ লৈছে৷ আজি পূৱাৰে পৰাই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলসমুহ অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাৰ পৰাই আসন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দলটো গঠন কৰা হ’ব৷

গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত “বিশ্ব পৰিবেশ দিৱস” পালন । World Environment Day 

গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত "বিশ্ব পৰিবেশ দিৱস" পালন । World Environment Day 

৫ জুন ২০২৫:World Environment Day । “বিশ্ব পৰিবেশ দিৱস – ২০২৫” উপলক্ষে পৰ্য্যাৱৰণ সংৰক্ষণ, গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত এক সজাগতা কাৰ্যসূচী আয়োজিত হয়। মহানগৰৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাঙ্গণত “প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰন” শীৰ্ষক বিষয়ত আয়োজন কৰা হয় এই পৰিৱেশ বান্ধৱ কাৰ্যসূচী।

উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰুৱা। তেওঁ বৃক্ষৰোপণৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পিছত অনুষ্ঠিত হয় এক জ্ঞানোন্মুখী বিশেষ বক্তৃতা অনুষ্ঠান।

কাৰ্যসূচীৰ আৰম্ভণিত অধ্যক্ষা ড° মনীষা ভট্টাচাৰ্যই অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা আৰু মহাবিদ্যালয়ৰ অবদানৰ বিষয়ে ভাষণ প্ৰদান কৰে।

আৰম্ভনী বক্তৃতা প্ৰদান কৰে গুৱাহাটী মহানগৰৰ পৰ্য্যাৱৰণ সংৰক্ষণৰ সংযোজক তথা গৌহাটী বিশ্ববিদ্যালয়ৰ এম.বি.এ. বিভাগৰ সহকাৰী অধ্যাপক ড° সমীৰ চৰকাৰে। তেওঁ পৰিবেশ বান্ধৱ জীৱনধাৰা আৰু সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্লাষ্টিক প্ৰদূষণৰ উৎপত্তি, প্ৰভাৱ আৰু সমাধানমূলক দিশসমূহৰ ওপৰত মূল্যৱান বক্তব্য আগবঢ়ায় গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° বিপুল বেজবৰুৱাই। আনহাতে, ড° কুলদীপ শৰ্মাই জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ উপৰিও পৰম্পৰাগত শিশু গল্প কোৱাৰ পৰম্পৰা আৰু ইয়াৰ পৰিৱেশগত তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

কাৰ্যসূচীৰ অন্তত ধন্যবাদ জ্ঞাপন কৰে পৰ্য্যাৱৰণ সংৰক্ষণ গতিবিধিৰ “প্ৰান্ত জনসম্বাদ” প্ৰমুখ ড° দীপাংকৰ দেৱনাথে।

এই গঠনমূলক কাৰ্যসূচীত উপস্থিত থাকে বহু সংখ্যক শিক্ষক, শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু গুৱাহাটী মহানগৰৰ পৰ্য্যাৱৰণ সংৰক্ষণ গাতিবিধিৰ স্থানীয় সদস্যসকল।

এন. এছ. এছ, এন. চি. চি আৰু আই. কিউ. এ. চি-ৰ সমন্বয়ক আৰু স্বেচ্ছাসেৱক সকলৰ সক্ৰিয় সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰে।

মার্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ১২খন দেশৰ লগতে পাকিস্তানো আছেনে ! United States

মার্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ১২খন দেশৰ লগতে পাকিস্তানো আছেনে ! United States

৪ জুন ২০২৫: United States । সন্ত্রাসবাদক সমৰ্থন কৰাৰ অভিযোগত মার্কিন যুক্তৰাষ্ট্ৰই ১২খন দেশৰ নাগৰিকৰ USA ভিছা লাভৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলত এই দেশবোৰৰ নাগৰিকে আমেৰিকালৈ ভ্ৰমণ কৰিবলৈ নতুনকৈ ভিছা লাভ নকৰিব।

নিষিদ্ধ দেশবোৰৰ তালিকাত আছে:
আফগানিস্তান, ইৰাণ, লিবিয়া, য়েমেন, ছিৰিয়া, ছুডান, ছোমালিয়া, উত্তৰ কোৰিয়া, ইৰাক, চাদ, ভেনিজুৱেলা আৰু কিউবা।

এই দেশবোৰৰ চৰকাৰ সন্ত্রাসবাদক আশ্ৰয়, সমৰ্থন বা প্ৰচ্ছন্ন সহায় আগবঢ়াইছে বুলি যুক্তৰাষ্ট্ৰৰ গহীন বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে।

মার্কিন গৃহসচিব Alejandro Mayorkas-এ কয়, “জাতীয় সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ। কোনো দেশৰ নাগৰিকে যদি আমেৰিকাত অনুপ্ৰৱেশ কৰি সম্ভাব্য বিপদ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ হয়, তেন্তে সেই ক্ষেত্ৰত আগতীয়াকৈ ব্যৱস্থা লোৱা অত্যাৱশ্যক।”

এই নিষেধাজ্ঞাৰ ফলত শিক্ষা, চিকিৎসা, পৰ্যটন বা ব্যৱসায়িক ভিছাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’ব এই দেশবোৰৰ নাগৰিক। যদিও কিছুমান ক্ষেত্ৰত কুটনীতিক আৰু বিশেষ অনুমোদনভুক্ত ভিছাৰ বাবে ব্যতিক্ৰমী ব্যৱস্থা থাকিব পাৰে বুলি জানিব পৰা গৈছে।

এই সিদ্ধান্তৰ বিৰুদ্ধে কিছুমান দেশ ইতিমধ্যে আপত্তি উত্থাপন কৰিছে। বিশেষকৈ ইৰাণ, লিবিয়া আৰু ছুডানৰ চৰকাৰে আমেৰিকাৰ এই পদক্ষেপক একপাক্ষিক আৰু কূটনৈতিক অপমান হিচাপে অভিহিত কৰিছে।

উল্লেখযোগ্য যে, এই ধৰণৰ নিষেধাজ্ঞা পূৰ্বতো কিছু সময়ৰ বাবে কার্যকৰ আছিল, কিন্তু এতিয়া ইয়াক অধিক কড়া ৰূপত পুনৰ আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ স্বার্থত এই সিদ্ধান্ত লৈছো বুলি হোয়াইট হাউছে উল্লেখ কৰিছে।

লক্ষ্য যুজ নহয় ! চোৰাংচিকাৰ ৰোধত নতুন প্ৰয়াস: আধুনিক অস্ত্ৰেৰে সুসজ্জিত হ’ব অসমৰ বনৰক্ষীসকল । Himanta Biswa Sarma

চোৰাংচিকাৰ ৰোধত নতুন প্ৰয়াস: আধুনিক অস্ত্ৰেৰে সুসজ্জিত হ’ব অসমৰ বনৰক্ষীসকল । Himanta Biswa Sarma
চোৰাংচিকাৰ ৰোধত নতুন প্ৰয়াস: আধুনিক অস্ত্ৰেৰে সুসজ্জিত হ’ব অসমৰ বনৰক্ষীসকল । Himanta Biswa Sarma


গুৱাহাটী, ৪ জুন ২০২৫: himanta biswa sarma । চোৰাংচিকাৰৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। ৰাজ্যখনৰ অমূল্য বন-সম্পদ তথা জীৱ-বৈচিত্ৰ্য ৰক্ষাৰ বাবে এইবাৰ বনৰক্ষীসকলক আধুনিক অস্ত্ৰ আৰু প্ৰযুক্তিৰে সুসজ্জিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বন বিভাগৰ সূত্ৰ অনুসৰি, বৰ্তমান সময়ত বনৰক্ষীসকলক আগৰ তুলনাত অধিক উন্নত আৰু প্ৰযুক্তিনিৰ্ভৰ উপকৰণ প্ৰদান কৰা হৈছে। শেহতীয়া অস্ত্ৰ, নাইট ভিজন ডিভাইচ, GPS-সজ্জিত পেট্ৰ’লিং গিয়াৰ, আৰু উন্নত যোগাযোগ ব্যৱস্থা জোৰদাৰ কৰি বনাঞ্চলসমূহত চোৰাংচিকাৰৰ বিৰুদ্ধে এক সজাগ ব্ৰিগেড গঠন কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ জীৱ-বৈচিত্ৰ্য আমাৰ গৰিমা। একো মূল্যত আমি ইয়াক হেৰুৱাব নোৱাৰো। আমাৰ বনৰক্ষীসকল হৈছে এই প্ৰাকৃতিক সম্পদৰ প্ৰকৃত সংৰক্ষক। তেওঁলোকৰ সাহস, দক্ষতা আৰু সজাগতাই আজিৰ এই পদক্ষেপৰ অনুপ্ৰেৰণা।”

উল্লেখযোগ্য যে, কাজিৰঙা, মানাহ, ওৰাং, নামেৰি আদি সংৰক্ষিত বনাঞ্চলত গৰাখহুৱা, হাতী, ৰয়েল বেংগল বাঘ আদি মূল্যবান বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত চোৰাংচিকাৰ এক ডাঙৰ ভাবুকি হৈ আছে। এই নতুন প্ৰয়াসৰ জৰিয়তে সেই ভাবুকিৰ সন্মুখীন হ’বলৈ সক্ষম হ’ব বুলি বিশ্বাস প্ৰকাশ কৰিছে বন বিভাগৰ বিষয়াসকলে।

এই পদক্ষেপৰ লগে লগে বন সংৰক্ষণ, ইকো-টুৰিজম উন্নয়ন আৰু স্থানীয় গাঁওবাসীৰ সহযোগিতাৰ সৈতে এক নতুন যুগৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন । world environment day

ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন । world environment day
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন । world environment day

ঢকুৱাখনাঃ world environment day । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা ফালৰ পৰা ঢকুৱাখনাৰ মাজমজিয়াৰ প্ৰায় সংখ্যক বিদ্যালয়লৈ গৈ বিদ্যালয়ৰ চৌহদত শিক্ষাগুৰুসকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। প্ৰায় ১০ খন বিদ্যালয়ত এই কাৰ্য সম্পাদন কৰা হয়। ইয়াৰ পাছতে ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আনুষ্ঠানিক ভাৱে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত গছপুলি ৰোপণ, সাংস্কৃতিক অনুষ্ঠান, সজাগতামূলক নাট্য পৰিৱেশন আৰু পৰিৱেশ বিষয়ক আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলৰ মাজত পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ উদ্বোধন কৰে। তেওঁ নিজৰ বক্তৃতাত প্লাষ্টিকৰ অত্যধিক ব্যৱহাৰৰ ভয়াৱহ পৰিণতিৰ বিষয়ে আলোকপাত কৰে।


অনুষ্ঠানত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃগাংক দত্ত, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দত্তকে আদি কৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।


অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ আছিল মানস প্ৰতিম দত্তৰ ৰচনা আৰু অচিন্ত সৰকাৰ তথা পুলকেশ বৰুৱাৰ পৰিচালনাত সৰ্প সজাগতা বিষয়ক নাট “সেউজীয়া বনৰ সুহুৰি” আৰু গীতি নাট “সুজলা সুফলা”ৰ মঞ্চস্থ পৰিৱেশন। এই নাটকেইখনে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে সৰ্প আৰু পৰিৱেশৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰোৱাৰ বাৰ্তা প্ৰচাৰ কৰে।


অনুষ্ঠানত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপস্থিতিয়ে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লগতে স্থানীয় সমাজতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

Dhakuakhana News: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ‘পৰিৱেশৰ বাবে এদিন’ কাৰ্যসূচী সম্পন্ন

Dhakuakhana News: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব 'পৰিৱেশৰ বাবে এদিন' কাৰ্যসূচী সম্পন্ন
Dhakuakhana News: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব 'পৰিৱেশৰ বাবে এদিন' কাৰ্যসূচী সম্পন্ন

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Dhakuakhana News) বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক দিনজোৰা কাৰ্যসূচীৰে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে পৰিৱেশৰ বাবে এদিন শীৰ্ষক কাৰ্যসূচী সম্পন্ন হয়। বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত গছপুলি ৰোপণ, সাংস্কৃতিক অনুষ্ঠান, সজাগতামূলক নাট্য পৰিৱেশন আৰু পৰিৱেশ বিষয়ক আলোচনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলৰ মাজত পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যুৱ প্ৰজন্মৰ দায়বদ্ধতাৰ ভাৱ জাগ্ৰত কৰাৰ এক সাৰ্থক প্ৰয়াস গঢ়ি উঠে।


কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে আনুষ্ঠানিকভাৱে অনুষ্ঠানৰ উদ্বোধন কৰে। তেওঁ নিজৰ বক্তৃতাত প্লাষ্টিকৰ অত্যধিক ব্যৱহাৰৰ ভয়াৱহ পৰিণতিৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, পুনঃব্যৱহাৰ আৰু পুনঃচক্ৰীকৰণৰ জৰিয়তে পৰিৱেশৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ কমোৱা সম্ভৱ। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন জীৱনত পৰিৱেশ বান্ধৱ অভ্যাস গঢ়ি তোলাৰ আহ্বান জনায়। তেওঁৰ বক্তৃতাই উপস্থিত সকলোৰে মনত পৰিৱেশ সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে এক গভীৰ প্ৰভাৱ পেলায়।


অনুষ্ঠানত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃগাংক দত্ত, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দত্তকে আদি কৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।


পুৱা মানস প্ৰতিম দত্ত, দীপমজ্যোতি বৰুৱা, প্ৰীতি ৰঞ্জন শইকীয়া, বিজয় প্ৰসাদ কানু আৰু প্ৰসেনজিৎ মিলিৰ নেতৃত্বত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ পৰিসৰত বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ লগতে সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছৰ গুৰুত্ব আৰু তাৰ যতনৰ প্ৰতি সচেতনতা বৃদ্ধি পায়।


অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ আছিল মানস প্ৰতিম দত্তৰ ৰচনা আৰু অচিন্ত সৰকাৰ তথা পুলকেশ বৰুৱাৰ পৰিচালনাত সৰ্প সজাগতা বিষয়ক নাট “সেউজীয়া বনৰ সুহুৰি” আৰু গীতি নাট “সুজলা সুফলা”ৰ মঞ্চস্থ পৰিৱেশন। এই নাটকেইখনে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে সৰ্প আৰু পৰিৱেশৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰোৱাৰ বাৰ্তা প্ৰচাৰ কৰে। সৰ্পৰ পৰিৱেশত থকা গুৰুত্ব আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাত ইয়াৰ ভূমিকাৰ বিষয়ে নাটৰ জৰিয়তে দৰ্শকৰ মাজত এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ সৈতে জড়িত বিভিন্ন গীত, নৃত্য আৰু সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰে। এই পৰিৱেশনসমূহে দৰ্শকৰ মাজত পৰিৱেশ সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে সচেতনতা সৃষ্টি কৰাৰ লগতে এক প্ৰীতিৰ পৰিৱেশৰ সৃষ্টি কৰে।


বিদ্যালয়ৰ ছাত্ৰী লিচা গগৈ আৰু ত্ৰিবেদিতা গগৈয়ে পৰিৱেশ সুৰক্ষা আৰু আমাৰ কৰণীয় বিষয়ত নিজৰ মতামত আৰু অভিজ্ঞতা ব্যক্ত কৰে। তেওঁলোকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে দৈনন্দিন জীৱনত সৰু সৰু পদক্ষেপৰ জৰিয়তে ইতিবাচক পৰিৱৰ্তন আনিব পৰাৰ কথা উল্লেখ কৰে। লিচা গগৈয়ে প্লাষ্টিকৰ বিকল্প হিচাপে কাপোৰৰ বেগ ব্যৱহাৰৰ পৰামৰ্শ দি কয় যে এনে সৰু পদক্ষেপে পৰিৱেশৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। ত্ৰিবেদিতা গগৈয়ে গছপুলি ৰোপণ আৰু তাৰ যতনৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰৰ চাৰিপাশত গছপুলি ৰোপণৰ পৰামৰ্শ দিয়ে।


অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপস্থিতিয়ে এই কাৰ্যসূচীৰ গুৰুত্ব আৰু ব্যাপ্তি বৃদ্ধি কৰে। এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লগতে স্থানীয় সমাজতো ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।


বিদ্যালয়ৰ শিক্ষক মানস প্ৰতিম দত্ত আৰু বিকাশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি সফলতাৰে সম্পন্ন হয়। এই ধৰণৰ কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলাৰ লগতে সমাজত স্থায়ী পৰিৱৰ্তনৰ পথ মুকলি কৰে। বিদ্যালয়ৰ এই প্ৰয়াসে ভৱিষ্যত প্ৰজন্মৰ মাজত পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত এক স্মৰণীয় ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এনে উদ্যোগৰ জৰিয়তে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত এক উদাহৰণ স্থাপন কৰিছে।

World Environment Day: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ বিশ্ব পৰিবেশ দিৱস পালন

World Environment Day: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ বিশ্ব পৰিবেশ দিৱস পালন
World Environment Day: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ বিশ্ব পৰিবেশ দিৱস পালন

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নাৰেংগী আঞ্চলিক(World Environment Day) মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ গোটে পৰিৱেশ সচেতনতাৰ প্ৰচাৰৰ উদ্দেশ্যে এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত অন্তর্ভুক্ত আছিল এক গণসচেতনতা কাৰ্যক্রম, বিশেষ বক্তৃতা অনুষ্ঠান আৰু বৃক্ষ ৰোপণ অভিযান।(narengi)


আউটৰিচ কাৰ্যসূচীৰ অংশ হিচাপে, NSS স্বেচ্ছাসেৱকসকলে নাৰেংগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিভিন্ন জাতৰ বৃক্ষ ৰোপণ কৰে। তাৰ পাছত কলেজৰ প্ৰাংগণতো দ্বিতীয়বাৰ বৃক্ষ ৰোপণ অভিযান চলোৱা হয়, য’ত কলেজৰ অধ্যক্ষ ড° লোকেন্দ্ৰ কাকতি, উপাধক্ষ গীতিকা শৰ্মা, আৰু NSS কাৰ্যসূচী বিষয়া ড° লখিমী গগৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।


এক গণসচেতনতা সভাও অনুষ্ঠিত হয়, যি NSS, NCC আৰু কলেজৰ পৰিৱেশ আৰু বহনক্ষম উন্নয়ন কোষৰ যৌথ উদ্যোগত অনুষ্ঠিত হয়। এই সভাত পৰিৱেশ অধ্যয়নৰ অধ্যাপিকা নীলাঞ্জনা তালুকদাৰে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত মূল্যবান তথ্যসমূহ আগবঢ়ায়।


সভাৰ আৰম্ভণি NSS কাৰ্যসূচী বিষয়া ড° লখিমী গগৈৰ ভাষণৰে হয় আৰু তাৰ পাছতেই কলেজৰ অধ্যক্ষ ড° লোকেন্দ্ৰ কাকতিয়ে দিৱসটোৰ তাৎপৰ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে। পিছতে উপাধক্ষ গীতিকা শৰ্মা, NCCৰ মেজৰ মীনু দাস আৰু ইংৰাজী বিভাগৰ সহ-অধ্যাপিকা তথা বিভাগীয় প্রধান ড° ৰ’জী পটংগীয়াই বক্তব্য আগবঢ়ায়। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° পৰিনীতা শইকীয়া বৰাই আগবাঢ়োৱা শলাগৰ শৰাইৰ পিছতে সভাখন অন্ত পৰে ৷

Guwahati News: উদয়াস্ত আলিবাটৰ উদ্যোগত ভাস্কৰ নগৰৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা, ড০ মঞ্জুলা গোস্বামীৰ চিন্তা সকলোৰে‌ বাবে পাথেয়: দীপক শৰ্মা

Guwahati News: উদয়াস্ত আলিবাটৰ উদ্যোগত ভাস্কৰ নগৰৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা
Guwahati News: উদয়াস্ত আলিবাটৰ উদ্যোগত ভাস্কৰ নগৰৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

উদয়াস্ত আলিবাট অসম(Guwahati News) (সামাজিক -সাংস্কৃতিক-অৰাজনৈতিক অনুষ্ঠান)ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰয়াত শিশিৰ গোস্বামীৰ পবিত্ৰ সোঁৱৰণত মহানগৰীৰ ভাস্কৰ নগৰ অঞ্চলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক কালি বিয়লি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

মানৱ দৰদী কৃতী শিক্ষয়িত্ৰী, কবি-‌লেখিকা ড০ মঞ্জুলা গোস্বামীৰ একক তথা অন্যন্য প্ৰচেষ্টাত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ‘দৈনন্দিন‌ বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক ড০ নৰেন হাজৰিকাই। অঞ্জুৰাণী দেৱীয়ে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি উদয়াস্ত আলিবাট অসমৰ কাণ্ডাৰী ড০ মঞ্জুলা গোস্বামীয়ে কয়- “কৃতী ছাত্ৰ-ছাত্ৰীসকলক এধানিমান সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিলে আমি সাৰ্থক অনুভৱ কৰিব পাৰো।” সভাত বক্তৃতা প্ৰদান কৰি পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই কয়- “ড০ মঞ্জুলা গোস্বামীৰ চিন্তা আমাৰ সকলোৰে বাবে পাথেয়।

তেওঁ লোৱা এই ঈৰ্ষান্বিত প্ৰচেষ্টাই এদিন সকলোৰে বাবে আদৰ্শ হৈ পৰিব। আমি প্ৰতিদিনে ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই যাব লাগে।” আন এগৰাকী অতিথি বিশিষ্ট অভিনেতা দিলিপ বৰুৱাই কয়- ‘বৰ্তমান সময়ত ড্ৰাগছৰ অবাধ প্ৰচলনে যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। সৎ‌ মানুহ হ’বলৈ হ’লে, যিকোনো মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি আহিব লাগিব। শিষ্টাচাৰ আৰু সংস্কাৰি‌ হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলে শিকিব লাগিব।’ অনুষ্ঠানত কবি কৃষ্ণ দত্ত, অসীম ডেকাই বিশিষ্ট অতিথি হিচাপে অংশ লয় ।

সভাত ভাস্কৰ বিদ্যাপীঠত ছাত্ৰ-ছাত্ৰী ক্ৰমে জয়ৰাজ কৌশিক, ইমৰাণ হুছেইন আৰু ৰিয়া ঘোষক অভিনন্দন পত্ৰ, অত্যাৱশ্যকীয় সামগ্ৰী, নগদ ধন আৰু ফুলৰ ফুলিলে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী মনোবিজ্ঞানৰ অধ্যাপিকা ড০ তামান্না গোস্বামী শৰ্মাই সত্ৰীয়া নৃত্য, অনিতা‌ দাস বৰগোহাঁইয়ে বিহু গীত, অনামিকা কৌশিক আৰু বিনিতা ৰয়ে আধুনিক গীত পৰিৱেশন কৰি পৰিৱেশটি প্ৰাণৱন্ত কৰি তোলে।

সভাপতিৰ ভাষণত জ্যেষ্ঠ সাংবাদিক ড০ নৰেন হাজৰিকাই কয়- “এজন মানুহ হিচাপে থিয় হোৱাৰ সপোন দেখিব লাগে। এই‌ সপোন‌ শৈশৱ-কৈশোৰৰ পৰা দেখিব লাগে। যিমানে ধুমুহা নাহক, এদিন নহয় এদিন সফল ক্ষেত্ৰত উপনিত হ’ব পাৰি।” সভাত সমজুৱাৰ পৰা সমাজসেৱী প্ৰজ্ঞাশ্ৰী খাউণ্ডেও‌ বক্তৃতা প্ৰদান কৰে।