Home Blog Page 2356

মালাধৰা  ৰংছাইত ৰাভা হাছঙৰ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ 19 নং দ’দান পৰিষদীয় সমষ্টিৰ অন্তর্গত মালাধৰা আৰু ৰংছাইত 25 এপ্ৰিল তাৰিখে একেদিনাই পৰিষদৰ  বিত্তীয় অনুদানেৰে নির্মিত  আৰু  নির্মান হ’বলগীয়া  তিনি খনকৈ আঁচনিৰ  শুভাৰম্ভণিল কার্য  ৰুপায়ন কৰে  ৰাভা হাছঙৰ কার্যবাহী সদস্যা  জ্যোতিকা ৰাভাই  ।

পুৱা দহ বজাত পৰিষদৰ 2019 – 20 বিত্তীয় বর্ষৰ আৰ্থিক অনুদানেৰে নির্মিত  মালাধৰা ৰাজহুৱা খেলপথাৰ প্ৰাঙ্গনত মালাধৰা বাৰে-বৰণীয়া সাংস্কৃতিক সংঘৰ  সাংস্কৃতিক  মঞ্চৰ  গৃহ  উন্মোচন কৰে  কার্যবাহী সদস্যা জ্যোতিকা ৰাভাই  । সাংস্কৃতিক  মঞ্চৰ গৃহ উন্মোচনী অনুষ্ঠানত মালাধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ লগতে অঞ্চলৰ  বিশিষ্ট ব্যক্তিসকল  উপস্থিত  থাকে ।ইয়াৰ পিছতে দিনৰ এঘাৰ বজাত কার্যবাহী সদস্যাগৰাকীয়ে  ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ  2020 -21  বিত্তীয়বর্ষৰ মুখ্য  কার্যবাহী  সদস্যৰ  বিশেষ  পুঁজিৰ  21 লাখ টকা ব্যয় সাপেক্ষে নির্মাণ  হ’বলগীয়া ৰংছাই – বায়দাস্থিত ঐতিহ্যমণ্ডিত  দ’দান মন্দিৰৰ নাচঘৰ নির্মানৰ  আধাৰশিলা স্থাপন কৰে ।

উক্ত  অনুষ্ঠানত দ’দান থান পৰিচালনা কমিটিৰ  সভাপতি সম্পাদক  ক্ৰমে নিষ্টোমোহন  ৰাভা আৰু শিৱপ্ৰসাদ ৰাভাৰ  লগতে বিশিষ্ট সাহিত্যিক চাৰুমোহন ৰাভা ,দুর্যোধন ৰাভা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল  উপস্থিত  থাকে । তাৰ পিছতে কার্যবাহী সদস্যা গৰাকীয়ে ৰংছাই বজাৰত পৰিষদৰ  মুখ্য কার্যবাহী সদস্যৰ বিশেষ পুঁজিৰ 15 লাখ টকা ব্যয় সাপেক্ষে  মেছপাৰা  মধ্যাঞ্চল  ৰাভা সমাজৰ কার্যালয় গৃহ  নির্মানৰ  আধাৰশিলা স্থাপন কৰে ।

উল্লেখ্য যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সৱল নেতৃত্বত পৰিষদীয় এলেকাত বিশেষকৈ  দ’দান  আৰু জয়ৰামকুছি সমষ্টিত যি সামগ্ৰীক উন্নয়নৰ ধাৰা অব্যাহত হৈছে তাৰ বাবে কার্যবাহী সদস্যা জ্যোতিকা ৰাভাই ৰাভা হাছঙৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা লৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ।

মাজবাটত ব্লাড কেঞ্চাৰত আক্ৰান্ত ১৩ বছৰীয়া কিশোৰী

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গতধনশ্ৰীঘাটৰ ভালুকমাৰীৰ  দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেৱৰাজ ছেত্ৰীৰ  জ্যেষ্ঠ  কন্যা দীক্ষা ছেত্ৰী নামৰ  ১৩ বছৰীয়া ছাত্ৰী গৰাকী বিগত বহু দিন ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে ৷ 

যোৱা বছৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখৰ পৰাই গুৱাহাটী মেডিকেল কলেজত প্ৰায়ে ৫ মাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷ যদিও  উক্ত ব্লাড কেঞ্চাৰ লিওকেমিয়া ৰোগত আক্ৰান্ত হোৱা ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে বাংগালোৰ লৈ যোৱাত দুখীয়া পৰিয়ালে আৰ্থিক সংকটত ভুগিব লগা হৈছে ।

পৰিয়ালৰ লগতে স্থানীয় ৰাইজে এই দুৰ্ভাগীয় পৰিয়ালৰ বিপদত পৰা বিষয়টো মঙ্গলদৈ সাংসদ দিলীপ শইকীয়াৰ নমিনি তথা মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মাক  অৱগত কৰোৱাত শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে লৈ সাংসদ দিলীপ শইকীয়াৰ লগত যোগাযোগ কৰাত তাৎক্ষণিক ভাৱে সাংসদ শইকীয়াই ব্যক্তিগত ভাবে ১০হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ বাবে অনুদান আগবঢ়ায় ।


ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সাংসদ দিলীপ শইকীয়াই প্ৰদান কৰা চেক ২৫এপ্ৰিলত  মাজবাটৰ বিজেপি নেতা কিশোৰ শৰ্মাৰ লগতে মান্না দে ,অনুজ শৰ্মা ,সুন্দৰ  টিগ্গা, কঁপিল মাহাতোকে আদি কৰি কেইবাজনো বিজেপি কৰ্মীয়ে  সাংসদ দিলীপ শইকীয়াই ব্যক্তিগত ভাৱে আগবঢ়োৱা চেক পৰিয়ালৰ হাতত প্ৰদান কৰি ছাত্ৰী গৰাকী সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰে ।

বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য……

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডত এগৰাকী আদহীয়া মহিলাৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নসেৰ আলীৰ ঘৈণীয়েক ৰেজিয়া খাতুন (৪২)ৰ নিজ গৃহৰ গোহালীত তেজেৰে লুতুৰি পুতুৰি থকা অৱস্থাত কটাৰীসহ মৃতদেহ উদ্ধাৰ হয়।

মহিলাগৰাকীক দীৰ্ঘদিন ধৰি শাৰিৰীক আৰু মানসিক ভাৱে অত্যাচাৰ কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ।আজি ৰাতিপুৱা মহিলাগৰাকীক অত্যাচাৰ কৰা বুলি উল্লেখ কৰে মহিলাগৰাকীৰ ককায়েকে।

ইফালে মহিলাগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱা বাবে নিজেই আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে স্বামীয়ে । ঘটনাস্হলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈছে ।হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব।

পাপন, শ্ৰেয়া ঘোষালে গোৱা ত্ৰিভাষিক প্ৰেমগীত ‘কৈ নিদিয়া কিয়’ শ্ৰোতাৰ মাজত হিট হ’ল কেনেকৈ?গীতটিক লৈ শ্ৰেয়া ঘোষালে কি কলে ?

গায়ক পাপনে গায়িকা শ্ৰেয়া ঘোষালৰ সৈতে ‘কৈ নিদিয়া কিয়’ শীৰ্ষক এটা ত্ৰিভাষিক প্ৰেমগীতৰ বাবে লগ লাগিছে।
পাপনে কয়, “কৈ নিদিয়া কিয়’ হৈছে তিনিটা মিঠা ভাষাৰে নিহিত এটা সুন্দৰ গান। যিসকলে তিৱা, বড়ো আৰু অসমীয়াভাষা কয় তেওঁলোকৰ বাবে এয়া এক শ্ৰদ্ধাঞ্জলি। এইটো সঁচাকৈয়ে এটা বিশেষ গান কাৰণ ইয়াৰ জৰিয়তে মই শ্ৰেয়া ঘোষালৰ সৈতে পুনৰ মিলিত হৈছো। তাইৰ সৈতে গান গোৱাটো সদায় ইমান আনন্দদায়ক। মই নিশ্চিত যে এই গীতটোৱে প্ৰেমৰ বাৰ্তা প্ৰদান কৰিব।”
ঘোষালে এইদৰে কৈছিল: “এটা গীতত তিনিটা ভাষাৰ সংমিশ্ৰণ মোৰ বাবে প্ৰথম। ইমান দিনৰ পিছত মই অসমত গান গাই সুখী। পাপনৰ সৈতে লগ হোৱাটো আশ্চৰ্যজনক। আমি দুয়োজনে সংগীত প্ৰেমীসকলৰ বাবে কিবা উপন্যাস আনিবলৈ চেষ্টা কৰিছো। গানটো ওলাই অহাৰ বাবে মই এতিয়া উৎসাহিত হৈছোঁ।”

পাপন আৰু শ্ৰেয়া দ্বৈত ৰ মুখ্য আকৰ্ষণ হ’ল যে ই তিনিটা ভাষাৰ সংমিশ্ৰণ – তিৱা, বড়ো আৰু অসমী। কেশৱ নয়নৰ দ্বাৰা লিখা আৰু পৰশেৰ বৰুৱাৰ দ্বাৰা পৰিচালিত এই গীতটোত শ্ৰেয়া ঘোষাল, পাপন হেলিনা দৈমাৰী, জয় নাৰায়ণ আৰু কেশব নয়নে অভিনয় কৰিছে।

Birthday Boyঅৰিজিত সিঙৰ জন্মদিনত কোনে কি উপহাৰ দিলে? আমিৰ খানে জন্মদিনৰ শুভেচ্ছাবানী কেনেকৈ দিলে?

গায়ক অৰিজিত সিঙৰ জন্মদিনত, বলীউডৰ তেওঁৰ আটাইতকৈ ডাঙৰ অনুৰাগীজনৰ ওপৰত এবাৰ চকু ফুৰাওক। আপুনি অনুমান কৰিব পাৰিবনে এইটো কোন?

গায়ক অৰিজিত সিঙৰ জন্মদিনত, আমি বলীউডত গায়কৰ আটাইতকৈ ডাঙৰ অনুৰাগী – আমিৰ খানলৈ এবাৰ চকু ফুৰাওঁ। হয়, আপুনি সেইটো শুদ্ধকৈ পঢ়িছে। আমিৰে যোৱা বছৰ এটা অনলাইন পুঁজি সংগ্ৰহৰ সময়ত প্ৰকাশ কৰিছিল যে তেওঁ অৰিজিতৰ এজন ডাঙৰ অনুৰাগী আৰু যেতিয়াই তেওঁ লাইভ প্ৰদৰ্শন কৰে, অভিনেতাজনে সদায় তেওঁক উৎসাহিত কৰিবলৈ সন্মুখৰ শাৰীত বহে।

সেয়া নহয়, আমিৰ খানে আনকি অনুষ্ঠানটোৰ পিছত অৰিজিতক এটা গান গাবলৈ অনুৰোধ কৰিছিল – চেকমেট কোভিড চেলিব্ৰিটি সংস্কৰণ শেষ হৈছিল। তেওঁ অৰিজিতক ক’লে, “এক দো লাইন গা কে চুনাও য়াৰ।”
অৰিজিতে তেতিয়া অভিনেতাজনক এটা গানৰ পৰামৰ্শ বিচাৰিছিল আৰু আমিৰে তেওঁক তেওঁৰ প্ৰিয় গানটো গাবলৈ কৈছিল। অৱশ্যে, অৰিজিতে তেওঁৰ প্ৰিয় গানটো মনত পেলাব নোৱাৰিলে সেয়েহে আমিৰে তেওঁক মনত পেলাই দিছিল যে এইটো ‘এ দিল হে মুস্কিল’।

অৰিজিতৰ গান গোৱাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বিষয়ে উল্লেখ কৰি আমিৰে কয়, “তেওঁ আচৰিত, তেওঁ ইমান আশ্চৰ্যজনক গায়ক। ইমান আশ্চৰ্যকৰ গায়ক। মই তেওঁক বহুবাৰ জীয়াই থকা দেখিছোঁ আৰু প্ৰতিবাৰেই তেওঁ মোৰ মন উৰুৱাই দিয়ে।

শ্বাহিদ কাপুৰে এতিয়াৰে পৰা পত্নী মীৰা কাপুৰৰ অনুমতি লৈহে টকা খৰচ কৰিব!

‘মই এতিয়া এজন পৰিয়ালৰ মানুহ’, অভিনেতা শ্বাহিদ কাপুৰে কয় যে আগতে তেওঁ টকা খৰচ কৰাৰ ক্ষেত্ৰত সকলো বোৰ বাহিৰলৈ গৈছিল, কিন্তু বিবাহে সেইটো সলনি কৰিছে। জাৰ্চীৰ অভিনেতাজনে কৈছিল যে তেওঁ টকা খৰচ কৰাৰ আগতে এতিয়া পত্নী মীৰা কাপুৰৰ পৰা “অনুমতি” ল’ব লাগিব।

“মই আগতে সকলো খৰচ কৰিম কিন্তু এতিয়া মই এজন পৰিয়ালৰ মানুহ। অৱশ্যে, তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁ তেওঁৰ ল’ৰাৰ ভ্ৰমণৰ বাবে অনুমতি লোৱা নাছিল

শ্বাহিদে ২০১৫ চনত মীৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ ক্ৰমে মিছা আৰু জাইন নামৰ এজনী ছোৱালী আৰু এজন পুত্ৰ আছে।
সাক্ষাৎকাৰটো চলি থকাৰ লগে লগে শ্বাহিদে মীৰাৰ ৰন্ধন দক্ষতাৰ বিষয়ে মুখ খুলিলে। এজন ভাল ৰান্ধনী কোন বুলি সোধাত শ্বাহিদে কয় যে এইটো তেওঁৰ দেউতাক পংকজ কাপুৰ আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়া।

দুলিয়াজান বিধান সভা সমষ্টিৰ এখন গাঁও,স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ দেখা নাই এই গাঁও খনে

উন্নয়নৰ ধাক ধোল বজোৱা চৰকাৰৰ এখন নগ্ন ছবি টেঙাখাতৰ গন্ধিয়া ভাজনী গাঁৱত।স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাওঁ।পথৰ দুৰৱস্থাই জলা কলা খোৱাইছে ৰামকানাই গাওঁৰ বাসিন্দা সকলক।১১৮নং দুলিয়াজান বিধান সভা সমষ্টিৰ টেঙাখাত গন্ধিয়া-ভাজনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত লেংৰাই পৰা উইলটন সংযোগী পথটোত এতিয়া ৰাইজে খেতি কৰিব পৰা অবস্থালৈ পৰিগণিত হৈছে।

অনবৰতে উন্নয়নৰ কথা কোৱা শাসকিয় চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা, কিম্বা শাসকিয় দলৰ পঞ্চায়ত সভাপতি ত্ৰিবেণী ফুকনৰ চকু ফুৰাবলৈ সময় নাই এই সকল ৰাইজৰ দুখৰ কথা।

যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গোগামুখত ব’হাগী উৎসৱ আৰম্ভ , ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক ব্যৱস্থা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে গোগামুখত আৰম্ভ হৈছে সপ্তম বাৰ্ষিক বৃহত্তৰ গোগামুখ ব’হাগী উৎসৱ ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গোগামুখ নগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা ব’হাগী উৎসৱৰ সকলো আয়োজন সুন্দৰ হৈছে ৷ ব’হাগী উৎসৱৰ আজিৰ কাৰ্যসূচী অনুযায়ী সামূহিক চাফাই, পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উত্তোলন কৰে যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ সভিপতি বলোৰাম টাইদে ৷ বিহু পতাকা উত্তোলন কৰে ব’হাগী উৎসৱ উদ্‌যাপল সমিতিৰ সভাপতি ৰঞ্জিত গগৈয়ে ৷ শ্বহীদ তৰ্পণ কৰে যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ সম্পাদক পাপুল দাসে ৷ গছপুলি ৰোপন কৰে গোগামুখ নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক দণ্ডেশ্বৰ বুঢ়াগোঁহায়ে ৷ বিহুৰ পৰম্পৰা অনুযায়ী বয়োজেষ্ঠ সকলৰ আশীষ গ্ৰহণ কাৰ্যসূচীও উদ্‌যাপন সমিতিয়ে অনুষ্ঠিত কৰে ৷ আঁঁত ধৰে অতুল হাজৰিকা আৰু বিনোদ খনিকৰে ৷ বিহু মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী প্ৰিয় দত্তই ৷ ইয়াৰ পিছতে সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ কাইলৈ সাংগঠনিক কৰ্মশালা, তকা বিহু আৰু মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখনীয় যে সম্প্ৰতি সমগ্ৰ বিশ্বত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে ৷ ড্ৰাগছ আসক্ত লোকৰ লগতে ড্ৰাগছৰ পৰা মানুহক আঁতৰাই ৰাখিবৰ বাবে এখন প্ৰতীকি গৃহ নিৰ্মাণ কৰিছে আৰু তাত ড্ৰাগছ বিৰোধী বিভিন্ন শ্ল’গান সম্বলিত প্ৰতিমা স্থাপন কৰিছে ৷

বিহুৰ বাকৰিত ড্ৰাগছ বিৰোধী এনে সজাগতামূলক কাৰ্যসূচীয়ে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাত সহায়ক হ’ব বুলি আশা কৰা হৈছে৷

খাৰুপেটীয়াত এডোখৰ ভূমিক লৈ পিতা পুত্ৰৰ ভয়ংকৰ সংঘাত

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক চান্চল্যকৰ ঘটনা ।খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত এন চি খেতাশ্বৰ গাঁৱৰ মৃত মবেৰ আলীৰ পুত্ৰ দহিজল হকে পুত্ৰ বোৱাৰীক ডেগাৰেৰে আক্ৰমণ কৰে ।অভিযোগ মতে , দহিজল হক আৰু পুত্ৰ ইক্ৰামুল হকে মিলি এডোখৰ মাটি কিনি ঘৰ সাজি বসবাস কৰি আহিছে । কিন্তু সামান্য কাজিয়া লাগিলেই ঘৰৰ পৰা ওলাই দিয়াৰ চেষ্টা কৰে পুত্ৰ ইক্ৰামুলক। শুক্ৰবাৰে কণ কণ শিশু সকলৰ কাজিয়াৰ গইনা লৈ ইক্ৰামুলৰ পত্নীৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰে দহিজল হকৰ লগতে পত্নী আৰু বিবাহিত কন্যা সকলে ।ঘটনাৰ খবৰ পাই পত্নীক ৰক্ষা কৰিবলৈ আগবাঢ়ি যায় ইক্ৰামুল । কিন্তু খঙত অগ্নিশৰ্মা হৈ থকা পিতৃ দহিজল হকে ডেগাৰ লৈ খেদি অহাত দৌৰি পলায়ন কৰে পুত্ৰ ইক্ৰামুলে ।পুত্ৰ ৰক্ষা পৰে যদিও ডেগাৰেৰে আক্ৰমণ কৰে শিশু নাতিনীক আৰু বোৱাৰী মাছুমা বেগমক ।ডেগাৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ১ বছৰীয়া শিশু সহ ইক্ৰামুল হকৰ পত্নী । লগে লগে খাৰুপেটীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাৰ পৰা জি এম চি এইচ লৈ প্ৰেৰণ কৰে ।বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে মাতৃ কন্যা ।এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত।

ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাত এজেহাৰ দাখিল কৰি ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে ।

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস

দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাস।দ্বীপজ্যোতি সাংস্কৃতিক আৰু ক্ৰীয়া সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন।দক্ষিণ ৰাংছালীত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসৰ গীতত হাজাৰ হাজাৰ দৰ্শকে ককাল ঘুৰাই ঘুৰাই নাছিলে উৰে নিশাৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ ৰাংছালীৰ ৩১ তৰ্ম ৰঙালী বিহু মঞ্চত নিশা প্ৰাণ ঢালি গীত পৰিবেশন কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপন দাসে।

দাসৰ গীতত ককাল ঘুৰাই ঘুৰাই নাচালে হাজাৰ হাজাৰ দৰ্শকে। প্ৰিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান চাবলৈ বিহালী বিশ্বনাথৰ বিভিন্ন স্থানৰ অনুৰাগীৰ উপস্থিত হল দক্ষিণ ৰাংছালীত।