Home Blog Page 2357

অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান অনুষ্ঠান সম্পন্ন

অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান ৷ য়চে দৰজে ঠংছিক ২০২১ বৰ্ষৰ দুম্বেৰ দাই বঁটা প্ৰদান ৷

বুধবাৰে অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্য্যলয়ৰ উদ্যেগত দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰথিতযশা সাহিত্যিক পদ্মশ্ৰী য়েচে দৰজে ঠংছিক প্ৰদান কৰে এই বঁটা।


২০০৯ চনৰ পৰাই অসম সাহিত্য সভাই দুবছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে সাহিত্যসূৰ্য্য দুম্বেৰ দাই বঁটা।
ইতিমধ্যে অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিকক এই লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে অসম সাহিত্য সভাই ৷

মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে জিলাখনৰ বহুকেইজন সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেমত ঘূৰিছে ভূ -মণ্ডল,প্ৰেমত ফুৰিছে শতদল।প্ৰথমে প্ৰেম ,তাৰ পিছত শাৰিৰীক সম্পৰ্ক। দুয়োকে ৰাইজে আটক কৰি উত্তম মাধ্যম দি গতালে আৰক্ষীক।

এই ঘটনা সংঘটিত হৈছে জনীয়াৰ বালিকুৰিত। বৰপেটা জিলাৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগজানি গাওঁৰ অবিবাহিত যুৱক হাবিজুৰ আৰু বালিকুৰী গাওঁৰে বিবাহিতা মহিলা কহিনুৰ খাতুন মাজত দুদিন ধৰি গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

দুদিন পূৰ্বে গঢ়ি উঠা প্ৰেমৰ সুযোগ গ্ৰহণ কৰিয়ে মঙ্গলবাৰে নিশা মহিলাজনীৰ স্বামী ঘৰত নথকাৰ সুযোগত প্ৰেমিক প্ৰেমিকাই লিপ্ত হয় অবৈধ কৰ্মত। দুয়ো অবৈধ কৰ্মত লিপ্তহৈ থকা অৱস্থাতে গাওঁৰ একাংশ যুৱকে হাতে লোটে ধৰে যদিও এই কৰ্মক মহিলাজনীয়ে অস্বীকাৰ কৰি শহুৰেকৰ পৰিয়ালে চক্ৰান্ত কৰি ফচাই দিয়াৰ অভিযোগ উত্থাপন কৰে। আনহাতে দুয়োজনে অবৈধ কৰ্ম কৰা বুলি অবিবাহিত যুৱক হাবিজুৰে নিজ মুখে স্বীকাৰ কৰে যদিও মহিলা জনীয়ে ফোনযোগে যুৱক জনক ঘৰত মাতি নি পৰিকল্পিত ভাবে ফচাই দিয়াৰ অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বেশ্যা বৃত্তিক বৈধ বুলি ঘোষনা কৰাৰ পিছতেই এনেবোৰ কৰ্ম কৰাত আগ্ৰহী হল নেকি একাংশ মহিলা। সেই প্ৰশ্নই সচেতন মহলত এতিয়া ব্যপক চর্চা লাভ কৰিছে। পিছমুহুৰ্তত স্থানীয় ৰাইজে দুয়ো প্ৰেমিক প্ৰেমিকাক উত্তম মাধ্যম দি বালিকুৰী আৰক্ষীক গতাই দিয়ে। এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত ৰাখিছে।

আপোনাৰ চকুৰ গুৰি কলা নেকি , তেন্তে শীঘ্ৰেই কৰক এই কাম

মুখমণ্ডলৰ সৌন্দৰ্যতাৰ মূলতে হৈছে চকু৷ এজন ব্যক্তিৰ উজ্জ্বল, ধুনীয়া চকুযুৰিয়ে সহজতে আনক আকৰ্ষণ কৰাৰ লগতে চকুযুৰিত মানুহজনৰ ব্যক্তিত্বও ফুটি উঠে৷ কিন্তু এই ধুনীয়া চকুযুৰিত যদি ক’লা দাগ পৰে, তেন্তে সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ চকুৰ গুৰিত ক’লা দাগ পৰাৰ কেইবাটাও কাৰণ আছে৷ টোপনি খতি কৰা, বহুসময় ধৰি কম্পিউটাৰ বা ম’বাইল ব্যৱহাৰ কৰা, ৰক্তহীনতা বা লিভাৰৰ সমস্যা, কম পৰিমাণে পানী খোৱা, অত্যধিক চিগাৰেট, মদ্যপান সেৱনৰ ফলত চকুৰ গুৰি ক’লা পৰিব পাৰে৷ চকুৰ গুৰিত পৰা দাগ নাইকিয়া কৰিবলৈ তলত উল্লেখ কৰা বিধানবোৰ পালন কৰক–

(১) আলু এটা পিচি তাৰ ৰস কপাহেৰে চকুৰ গুৰিত লগাওক৷ শুকোৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷
(২) তিয়ঁহৰ ৰস ফ্ৰীজত থৈ কপাহেৰে চকুৰ গুৰিত লগালে দাগ নাইকিয়া হয়৷
(৩) টী বেগ পানীত তিয়াই কোমল কৰি ফ্ৰীজত ভৰাই ঠাণ্ডা কৰি লওক৷ দহ মিনিট সময় চকুৰ পতাত ৰাখিব লাগে৷ এনেদৰে কৰিলে দাগ নোহোৱা হয়৷


(৪) বিলাহীৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চকুৰ ক’লা পৰা দাগত লগালে সুফল পোৱা যায়৷
(৫) নিশা শোৱাৰ আগতে আলমণ্ড অইলেৰে চকুৰ গুৰিৰ দুয়োকাষে লাহে লাহে মালিচ কৰিব লাগে৷
(৬) তিয়ঁহ পাতল পাতলকৈ চকলিয়াই চকুৰ গুৰিত লগালে ক’লা দাগ নাইকিয়া হয়৷
(৭) চালকুঁৱৰী লগালেও সুফল পোৱা যায়৷
(৮) গোলাপ জলত গাখীৰ মিহলাই ফ্ৰীজত ঠাণ্ডা হ’বলৈ দি কপাহেৰে চকুৰ গুৰিত লগালে আৰোগ্য লাভ কৰিব পাৰি৷

ধুবুৰীৰত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুত্বৰ ভাৱে আহত মহিলা

ধুবুৰীৰ ১১নং ৱাৰ্ডৰ বাহাদুদটাৰীত নিশা দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ মহিলা সহ দুজন লোক গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাম প্ৰসাদ দাস নামৰ যুৱক জনে বিষ্ণু দাসৰ ঘৰতে আহি বিষ্ণু দাসক আৰু তেওঁৰ পত্নী জয়মতী দাসক লোহাৰ ৰটেৰে মূৰত আঘাত কৰে। স্থানীয় ৰাইজে ৰাম প্ৰসাদ দাসক আটক কৰি ধুবুৰী আৰক্ষীক গতাই দিছিল, কিন্তু আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক এৰি দিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰে। এই ঘটনা সন্দৰ্ভত বিষ্ণু দাস নামৰ ব্যাক্তি গৰাকীয়ে ধুবুৰী সদৰ থানাত এখন এজাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে।

বৰ্তমান বিষ্ণু দাসৰ পত্নী জয়মতী দাস ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পুনৰ ধুবুৰী আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক আটক কৰিবলৈ ১১ নং ৱাৰ্ডত উপস্থিত হয় যদিও যুৱক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই। যোৱা কিছুদিন পূৰ্বে ৰাম প্ৰসাদ দাসক ধুবুৰী আৰক্ষীয়ে গানজা বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বুলি মন্তব্য আগবঢ়ায় স্থানীয় ৰাইজে।

লিচুত লুকাই আছে বহু ঔষধি গুণ , জানিলে আচৰিত হৈ পৰিব আপুনি

লিচু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পোৱা এবিধ ৰসাল ফল৷ গ্ৰীষ্মকালত হোৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম (Litchi chinensis)৷ মে’ মাহত সাধাৰণতে ইয়াৰ ফল পকিবলৈ আৰম্ভ কৰে৷ ই এবিধ সপুষ্পক উদ্ভিদ

ইয়াৰ গা-গছডাল ১০-৩৫ মিটাৰপৰ্যন্ত ওখ হয়৷ এইবিধ ফল দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে সোৱাদ লগা৷ লিচু আমাৰ শৰীৰৰ বাবে বেছ উপকাৰী৷ ই বিভিন্ন ধৰণে আমাৰ শৰীৰৰ ৰোগ নিমূূৰ্ল কৰে৷
(১) লিচুত থকা এণ্টিঅক্সিডেণ্ট আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে৷


(২) লিচুত অলিগনাল নামেৰে এক উপাদান পোৱা যায়, যিয়ে নাইট্ৰিক এচিড উৎপন্ন কৰে৷
(৩) লিচুই শৰীৰৰ ৰক্তচাপৰ মাত্ৰা ঠিকে ৰাখে৷
(৪) লিচুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে ই কেঞ্চাৰ বিশেষকৈ, স্তন কেঞ্চাৰ নিয়ন্ত্ৰণত সহায় কৰে৷
(৫) প্ৰতি ১০০ গ্ৰাম লিচুত মাত্ৰ ৬৬ কেল’ৰি থাকে৷ ইয়াত ফাইবাৰ পোৱা যায় বাবে দেহৰ চৰ্বি কমোৱাত অৰিহণা যোগায়৷ শৰীৰৰ ওজন কমাবলৈ লিচু খোৱাটো দৰকাৰী৷


(৬) বিভিন্ন ধৰণৰ ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হ’ব পাৰে৷ সাধাৰণতে দেখা যায় ইনফ্লুৱেঞ্জাজনিত ৰোগত লিচু খালে সুফল পোৱা যায়৷
(৭) লিচুই হজম শক্তি বৃদ্ধি কৰে৷ লিচুত পোৱা পানী আৰু ফাইবাৰে খোৱাবস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷
(৮) লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ফলত ছাল, দাঁত, হাড় আদি সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷
(৯) এইবিধ ফল আমাৰ শৰীৰৰ ইমিফনিটি প্ৰক্ৰিয়া বঢ়োৱাত সহায় কৰে৷


(১০) মুখমণ্ডলত পৰা বলিৰেখা কমোৱা বা নাইকিয়া কৰাত লিচুৰ আছে উপকাৰী গুণ৷
সেয়েহে এনে এবিধ সোৱাদযুক্ত অসাধাৰণ গুণবিশিষ্ট ঋতুকালীন ফল সকলোৱে খোৱাটো উচিত, যিয়ে শৰীৰত হ’ব পৰা ৰোগ নিৰাময় কৰিব পাৰে৷

পাঁচখন গাঁৱৰ সমন্বয়ৰ স্থলীলৈ ৰূপান্তৰ খুমটাইৰ মৌখোৱা বিল

যি সময়ত ধৰ্মক লৈ একাংশই ৰাজনীতিত নামি পৰিছে তেনে সময়তে খুমটাইৰ পাঁচখন গাঁৱৰ ৰাইজে দেখুৱালে একতাৰ অপূৰ্ব নিদৰ্শন। হাতে হাতে জাকৈ খালৈ, জাল লৈ সহস্ৰাধিক লোকে খুমটাইৰ মৌখোৱা বিলত পৰম্পৰা অনুসৰি জাতি ধৰ্ম- বৰ্ণ নিৰ্বিশেষে পাঁচখন গাঁৱৰ ৰাইজে একেলগে ধৰিলে মাছ। খুমটাইৰ মৎশ্য শিল্প সমবায় সমিতিৰ দ্বাৰা ১৯৬৬ চনৰ পৰাই মৌখোৱা, নাথ গাঁও, দাবিদুবি,মেলামৰা, মচদুৰ গাঁও আদি দাঁতি কাষৰীয়া পাঁচখন গাঁৱৰ ৰাইজে একেলকে মাছ ধৰি বিলাই আহিছে  ঐনক্যৰ মাজত ঐক্যৰ বতৰা।

জাতি – ধৰ্ম নিৰ্বিশেষে  সমবেত হোৱা ৰাইজে প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে মৌখোৱা বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে । স্বতঃস্ফুৰ্ত ৰং-ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুৱে মাছ ধৰাৰ বাবে বিলত নামে ৷ উল্লেখ্য যে হিন্দু মুছলমান আদি ধৰ্মৰ বিবেদ হৈ থকাৰ সময়তে খুমটাইৰ এই গাঁও কেইখনে দেখাইছে সমন্বয়ৰ আদৰ্শ।

গেলেকী চিকিৎসালয়লৈ অ’ এন জি চিৰ দুখন এম্ব’লেঞ্চ প্ৰদান

প্ৰায় ৬ – ৭ বছৰ ধৰি নাজিৰা আৰু গেলেকী চিকিৎসালয়ৰ অন্তৰ্গত ৰাইজৰ ব্যাপক সমস্যাৰ প্ৰতি শেহতীয়াকৈ সঁহাৰি জনাইছে ” তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদ ” ( অ’ এন জি চি ) কৰ্তৃপক্ষই । নাজিৰাৰ ৰাইজ ,  কেইজনমান সংবাদসেৱী , নাজিৰা নগৰস্থ চিকিৎসালয়ৰ তদানীনন্তন চিকিৎসা বিষয়া ডাঃ সত্যজিৎ দত্ত , স্বাস্থ্য কৰ্মী ফইজুন ৰহমানকে ধৰি ভালেকেজনৰ কেইবাবছৰ ধৰি নিগম কৰ্তৃপক্ষক আবেদন কৰি আহিছিল যদিও বিভিন্ন কাৰণত সেয়া সফল হোৱা নাছিল ।

ইয়াৰ পিছতো ৰাইজ , স্বাস্থ্য বিষয়া – কৰ্মীসকলে সেই প্ৰচেষ্টাৰ পৰা আতৰি নাহি পুনৰ যোৱা ৭ – ৮ মাহ ধৰি চেষ্টা কৰি থকাৰ অন্তত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপৰ তৎপৰতাত অ’ এন জি চিৰ অসম সম্পদ কৰ্তৃপক্ষই মানৱ সম্পদ বিভাগৰ আঁচনিৰ অধীনত অৱশেষত আজি নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয় আৰু গেলেকী চিকিৎসালয়লৈ দুখনকৈ এম্ব’লেঞ আগবঢ়ায় ।

এই উপলক্ষে নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত মহকুমাধিপতি সব্যসাচী কাশ্যপ , নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক আৰ কে শৰ্মা , মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক এম গনেশ্যন , ডি জি এম আমনদ্বীপ সিঙ , নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , শিক্ষাবিদ ৰাজেন শৰ্মা , নাজিৰাৰ পৌৰপতি বৰ্ণালী চেতিয়া আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিগম কৰ্তৃপক্ষই এম্ব’লেঞ দুখন আনুষ্ঠানিক ভাৱে আগবঢ়ায় ।

গোপাল বৰুৱাই আঁতধৰা অনুষ্ঠাটোতেই উক্ত এম্ব’লেঞ দুখন সুচাৰুৰূপে পৰিচালনাৰ বাবে নাজিৰা আৰু গেলেকী ব্যৱসায়ী সন্থাক দায়িত্ব ন্যস্ত কৰা হয় ।

গুনোৎসৱ চলি থকাৰ মাজতে ধুবুৰীৰ এখন বিদ্যালয়ত চোৰৰ তাণ্ডৱ

ৰাজ্যখনৰ বিদ্যালয়ে বিদ্যালয়ে এতিয়া চলিছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । গুনোৎসৱ চলি থকাৰ মাজতে এখন বিদ্যালয়ৰ চুৰিকাণ্ডৰ ঘটনাই এক চাঞ্চলৰ সৃষ্টি হৈছে । ঘটনা স্থান এইবাৰ ধুবুৰীৰ ।

চোৰৰ চকু পৰিল এইবাৰ শিক্ষা প্ৰতিষ্ঠানলৈ , উল্লেখ যে ধুবুৰী জিলাৰ এ এম কো ৰোড আৰক্ষী চকীৰ অন্তৰ্গত অয়ৰান জংলা তৃতীয় খণ্ড গাঁওত অৱস্থিত অতি পুৰণি এখন শিক্ষানুষ্ঠানত চোৰে চুৰি কৰি নিলে শ্ৰেণী কঠাৰ দুটাকৈ চিলিং ফ্যান আৰু টিউব লাইট, ইফালে গৰমত ছঠপঠাই আছে বিদ্যালয়ৰ অধ্যায়নৰত কন কন ছাত্ৰ ছাত্ৰী সকলে । দৰাচলতে ভাষানী চৰ গাঁও পঞ্চায়তৰ অয়ৰান জংলা তৃতীয় খণ্ড গাঁওৰ এই শিক্ষা প্ৰতিষ্ঠান খন ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰ তথা ১৯৪৪ চনত স্থাপিত হোৱা ৬০৪ নং দৈখোৱাপাৰা ছোৱালী জে বি স্কুলত নিশা চোৰে টিনৰ বেৰ ভাংগী দুটাকৈ চিলিং ফ্যান আৰু টিউব লাইট সমুহ চুৰি কৰি লৈ যায় ।

পিছে স্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে ৰাতি পুৱাত স্কুলত প্ৰবেশ কৰি স্কুল গৃহৰ টিনৰ বেৰ ভংগা প্ৰত্যক্ষ কৰাত চুৰি হোৱাত পিছে স্থানীয় একাংশ ৰাইজক লগতলৈ ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এখন লিখিত ভাবে অবগত কৰে যদিও আৰক্ষী প্ৰশাসনক অতি শীঘ্ৰেই ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায়ছে প্ৰধান শিক্ষক জনৰ লগতে কন কন ছাত্ৰ ছাত্ৰী সকলেও ।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পুণ্যতিথিত ৰাজ্যজুৰি ,স্মৰণ

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল ।

জীৱন সম্পৰ্কে তেখেতৰ সংজ্ঞা আছিল– জীৱনটো এক অনন্ত কবিতা৷ জীৱন জীৱন বৰ অনুপম৷ তেখেত অসমৰ জাতীয় জীৱনক গীত, সুৰ আৰু কবিতাৰে গভীৰ আৰু বিস্তৃতভাৱে স্পৰ্শ কৰা ড° নিৰ্মলপ্ৰভা বৰদলৈ ৷

সাহিত্য-সংস্কৃতিৰ বিশাল পৰিমণ্ডলৰ এটি উজ্জ্বল তৰা হিচাপে জিলিকি থকা সৰস্বতী ‘নীলা বাইদেউ’ৰ প্ৰতিভা আৰু প্ৰজ্ঞাই যিধৰণে আহ্লাদিত কৰিছিল, আজিও তেখেতৰ অপূৰ্ব সৃষ্টিসমূহে হেজাৰজনক উজ্জীৱিত কৰে৷ জ্ঞান তপস্বিনী ড° নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ আজি পৱিত্ৰ পুণ্যতিথিত আমাৰ দৈনন্দিন বাৰ্তাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ৷

আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত আৰাম্ভ হৈছে গুণোৎসৱ। আজিৰে পৰা আৰাম্ভ হৈছে ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ মূল্যায়ন আৰু মান নিৰুপনৰ কাৰ্যসূচি হ’ল গুণোৎসৱ।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনটোত ধুবুৰী জিলা চাপৰৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত পালন হল গুণোৎসৱ। এই দৃশ্য ২৩৪৪ নং ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাত:সভাৰ। আনহাতে এই দৃশ্য জে,বি স্কুল আৰু চাপৰ মধ্য ইংৰাজী বিদ্যালয়ৰ। যত শিক্ষক শিক্ষয়িত্ৰী সকলৰ গুণোৎসৱ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি চাপৰত পালন কৰিলে গুণোৎসৱ। ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতত ঠাইৰ অভাৱ দেখিবলৈ পোৱা যায়।

আনপিনে চাপৰ মধ্য ইংৰাজী বিদ্যালয়ত এদিন বৰষুণ দিলে পানীৰ তলত বুৰ যায় বুলি জানিবলৈ দিয়ে। যাৰ বাবে বিভাগীয় কতৃপক্ষক পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।