Home Blog Page 2379

ভেদাই লতাৰ ঔষধি গুণ সমূহ কি কি জানেনে…

ভেদাই লতা হৈছে ঔষধি গুণেৰে ভৰপূৰ এবিধ লতাজাতীয় শাক। যাৰ ব্যৱহাৰ অসমীয়া সমাজৰ অত্যাধিক। সাধাৰণতে ভেদাই লতা গাঁৱৰ অঞ্চলত অতি সহজলভ্য আৰু অত্যাধিক ব্যৱহাৰ কৰা দেখা যায়।ভেদাই লতাক আৰু আন কিছুমান নামেৰেও জনা যায়। সেই নাম সমূহ হৈছে-পাদুৰিলতা, গন্ধভাদুলীয়া, ভাদুলীলতা, আৰু প্ৰসাৰণী।অতীত কালৰে পৰা বিভিন্ন ৰোগত ভেদাই লতাৰ ডাল, পাত, শিপা ব্যৱহাৰ কৰি আহিছে।গতিকে আহকছোন ভেদাই লতাইনো আমাৰ শৰীৰত কেনেদৰে উপকাৰ কৰে তাৰ বিষয়ে আলোচনা কৰো-

১/ ভেদাই লতাই এলাৰ্জি ৰোগ নিৰাময় কৰাত সহায় কৰে।

২/ ভেদাই লতা শুক্ৰবৰ্ধক বল শক্তি দায়ক।

৩/ সন্তান প্ৰসৱৰ পাছত ভেদাই লতা
খোৱাটো বৰ উপকাৰী। কিয়নো ভেদাই লতাই মহিলাৰ প্ৰসৱ বেদনা দূৰ কৰে।

৪/ লিভাৰৰ যিকোনো সমস্যাৰ বাবে ভেদাই লতা যথেষ্ট উপকাৰী।

৫/ পেটৰ যিকোনো সমস্যাৰ বাবে ভেদাই লতাক ৰামবান ঔষধ বুলি কোৱা হয়।

৬/ ভেদাই লতা চালৰ বাবেও যথেষ্ট উপকাৰী।

৭/ দাঁতৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত ভেদাই উপশম কৰে।

৮/ ভেদাই লতা খালে গা আৰু বুকুৰ বিষ দূৰ হয়।

৯/ হাপানি ৰোগৰ বাবে ভেদাই লতা উপকাৰী।

১০/ ডায়েৰিয়াৰ বাবেও ভেদাই লতা মহৌষধ।

বি:দ্ৰ উপৰোক্ত লেখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কোনো জটিল ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।

শৈশৱত ভোকত দিন কটাইছিল,বৰ্তমান দক্ষিণৰ চুপাৰষ্টাৰ

শৈশৱত ভোকত শুইছিলে বৰ্তমান দক্ষিণৰ চুপাৰষ্টাৰ হিৰো।তেওঁ শৈশৱতে ভোকত শুইছিল, ভনীয়েকৰ মৃত্যুত নীৰৱ হৈ পৰিছিল, কোটি টকা উপাৰ্জন কৰা বিজয় কেনেকৈ দক্ষিণৰ চুপাৰষ্টাৰ হ’ল? অজ্ঞাত তথ্য শিকক আপুনি, নিশ্চয় তামিল চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা থালাপতি বিজয়ক চিনি পাইছে। একাধিক হিট ছবি দিয়া বিজয়ে কোটি টকা উপাৰ্জন কৰে। ১০ বছৰ বয়সৰ পৰা অভিনয়ৰ ক্ষেত্ৰত কাম কৰি থকা বিজয়ে প্ৰতিটো চৰিত্ৰত সোমাই পৰে। বিজয়ৰ শেহতীয়া মুক্তিৰ ছবি বিষ্টে বক্স অফিচত ঢৌ তুলিছে। এই ছবিখন বিজয়অনুৰাগীসকলৰ বাবে এটা ডাঙৰ আমোদজনক। ছ’চিয়েল মিডিয়াত বিজয়ৰ প্ৰৱণতা আছে।  কিন্তু আপুনি জানেনে যে বিজয়ৰ যাত্ৰা এক মহাকাশীয় বিজয় হোৱাৰ যাত্ৰা একেবাৰে সহজ নহয়? শৈশৱতে দৰিদ্ৰতাত ডাঙৰ-দীঘল হোৱা বিজয়, যাৰ প্ৰথম দৰমহা আছিল মাত্ৰ ৫০০টকা, আছিল।এটা খোঁচাৰ বাবে ষ্টাৰডমৰ চিৰি বগাটো এটা ডাঙৰ সপোনতকৈ কম নহয়। এই প্ৰতিবেদনত, আমি বিজয়ৰ তাৰকা হোৱাৰ চমৎকাৰ যাত্ৰাৰ বিষয়ে কথা পাতিছো ।বিজয়ৰ কেৱল দেশতে নহয় বিদেশতো অনুৰাগী আছে। এজন মুখ্য অভিনেতা হিচাপে, তেওঁ ৬৫ খন চলচ্চিত্ৰত কাম কৰিছে ।

১০বছৰ বয়সত, বিজয়ে শিশু অভিনেতা হিচাপে চলচ্চিত্ৰত ইনিংছ আৰম্ভ কৰিছিল। তেওঁ ১৯৮৪ চনৰ ভেত্ৰী চলচ্চিত্ৰত কাম কৰিছিল।তেওঁৰ প্ৰথম ব্লকবাষ্টাৰ চলচ্চিত্ৰ খন ১৯৯৬ চনত ওলাইছিল। যাৰ নাম আছিল পুভ উনাক্কাগা। বিজয়ৰ চুপাৰ ডুপাৰ হিটবোৰৰ ভিতৰত আছে চৰকাৰ, মাৰ্শ্বেল, কাৱালান, নানবান, থুপক্কি, তেনে ধৰণৰ চলচ্চিত্ৰঅন্তৰ্ভুক্ত কৰা হৈছে।

লাহৰীঘাটৰ ব্যৱসায় সন্থাৰ উদ্যোগত ৰাজহুৱা ইফতাৰ 

ৰোজাৰ মাহ চলি থকা অৱস্থাত ৰোজদাৰী ব্যক্তি সকলৰ দ্বাৰা কেতিয়াবা এককভাবে কেতিয়াবা বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ উদ্যোগত ৰাজহুৱা ইফতাৰ লোৱাৰ ব্যবস্থা প্ৰদান কৰা পৰিলক্ষিত হয়।  মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ ব্যৱসায় সন্থাৰ উদ্যোগতো লাহৰীঘাট বজাৰৰ পান মহলত বিশাল  ৰাজহুৱা ইফতাৰ লোৱাৰ ব্যবস্থা কৰা হয়। ব্যৱসায় সন্থাৰ সভাপতি জামাল উদ্দিন আৰু সম্পাদক ইক্ৰামুল হুছেইনে  জনোৱা মতে এই ইফতাৰত ৰোজদাৰী সকলৰ বাবে বিভিন্ন ফল-মূলৰ লগতে , সকলোৰে ৰোজাৰ মাহৰ প্ৰিয় খিচিৰীৰো ব্যৱস্থা কৰা হয়। ইফতাৰৰ আজানৰ পূৰ্বে ৰোজদাৰী সকলক লই বিশ্ব শান্তিৰ বাবে লাহৰীঘাট গাৰেছুৰ মছজিদৰ ঈমাম ক্কাৰী ছিৰাজুল ইছলামে সামুহিক দোৱা প্ৰাৰ্থনা কৰে।

 

কেবা শতাধিক ৰোজদাৰী সকলৰ উপস্হিতিত ইফতাৰ লোৱা অনুষ্ঠানে আৰু এবাৰ প্ৰমাণ কৰি দিলে যে ব্যৱসায় সন্থাই অকল বজাৰৰ সমস্যা সমাধান নকৰে তেওঁ লোকে কিছু সামাজিক নীতি -নিয়মো পালন কৰে ৰাইজৰ হকে।

দক্ষ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ২০২৪ চনৰ বাবে কোন খন ৰাজ্যত কি কৰিব? পৰিকল্পনা কি?

ছোনিয়া গান্ধীৰ সৈতে হোৱা বৈঠকত প্ৰশান্ত কিশোৰে লগতে পৰামৰ্শ দিছিল যে কংগ্ৰেছ দুৰ্বল ৰাজ্যসমূহত কংগ্ৰেছে আন সহযোগী দলৰ সৈতে মিত্ৰতা গঠন কৰিব লাগে।কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে আহ্বান কৰা জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকত অংশ গ্ৰহণ কৰি দক্ষ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সকলোকে আচৰিত কৰি তুলিছিল। বৈঠকত প্ৰশান্ত কিশোৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিসন্দৰ্ভত তেওঁৰ পৰামৰ্শ দিছিল, কিন্তু ৰাজ্যসমূহত মিত্ৰতা সম্পৰ্কে প্ৰশান্ত কিশোৰে যি কৈছিল সেয়া কম আকৰ্ষণীয় নহয়।সূত্ৰঅনুসৰি, ছোনিয়া গান্ধীৰ সৈতে হোৱা বৈঠকত প্ৰশান্ত কিশোৰে লগতে পৰামৰ্শ দিয়ে যে কংগ্ৰেছ দুৰ্বল হৈ থকা ৰাজ্যসমূহত কংগ্ৰেছে আন সহযোগী দলৰ সৈতে মিত্ৰতা গঢ়ি তোলা উচিত। কিন্তু সূত্ৰঅনুসৰি, বিহাৰৰ সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ মতামত অতি আকৰ্ষণীয়। সূত্ৰঅনুসৰি, প্ৰশান্ত কিশোৰে বিহাৰত আৰজেডিৰ সৈতে মিত্ৰতাৰ বিৰুদ্ধে নিজৰ মতামত ব্যক্ত কৰে আৰু যুক্তি দিয়ে যে ই অ-যাদৱ ভোট কাঢ়ি লয়।কেৱল এয়াই নহয়, প্ৰশান্ত কিশোৰে কেইবাজনো কংগ্ৰেছ নেতাৰ সাম্প্ৰদায়িক মেৰুকৰণৰ যুক্তিও নাকচ কৰি কয় যে বিজেপিৰ বিজয়ৰ কাৰণ সাম্প্ৰদায়িক মেৰুকৰণ নহয়। সূত্ৰঅনুসৰি, ৰাহুল গান্ধীয়েও প্ৰশান্ত কিশোৰৰ কথাত কেইবাবাৰো সন্মত হৈছিল।

প্ৰশান্ত কিশোৰে উত্তৰ প্ৰদেশত অকলশৰীয়া খোজ কাঢ়িবলৈ আৰু বংগ, তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত মিত্ৰতাৰ বাবে ল’বি কৰিছিল।আমোদজনক ভাৱে, প্ৰশান্ত কিশোৰৰ প্ৰৱেশৰ প্ৰত্যক্ষ প্ৰভাৱ সন্ধিয়া সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে সকলো বিৰোধী নেতাৰ যুটীয়া আবেদনত দেখা গৈছিল, যিটো ছোনিয়া গান্ধী আৰু শৰদ পাৱাৰৰ উপৰিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্বাক্ষৰ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, যোৱা কেইবামাহধৰি গান্ধী পৰিয়াল আৰু মমতা বেনাৰ্জীৰ মাজৰ সম্পৰ্ক ভালদৰে চলি থকা নাছিল।

বিহু গাবলৈ গৈ নিহত পাঁচ গৰাকী যুৱক-যুৱতী

বিশ্বনাথৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ দুৰ্ঘটনা ৷হুঁচৰি গাৱলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু পাছগৰাকী যুৱক যুৱতীৰ৷
মৃত্যু পাছগৰাকী যুৱক যুৱতীৰ মৰনোত্তৰ পৰীক্ষা বাবে বিহালীলৈ লৈ আনে ।বিহালীৰ মৰনোত্তৰ পৰীক্ষা কেন্দ্ৰৰ সামূহিক পৰিবেশ
AS 25 DC 7418 নম্বৰৰ এখন বলেৰ পিকআপ গাড়ীত হুছৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল ৷ দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতী সহ দুজন যুৱকৰ ৷যুৱতী কেইগৰাকী ক্ৰমে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়োবৰ্ণালী বড়ো ৷

নিহত যুৱক কেইজন ক্ৰমে সঞ্জয় বসুমতাৰী কলিমন বসুমতাৰী ৷আনহাতে ৫ জন আহত , আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰনি গেৰেজ গাঁৱৰ৷

মৰিয়নিত সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠান

মৰিয়নি , সগ্রামী যুৱ ছাত্ৰ পৰিষদ অসম মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত সংগ্রামী মহিলা পৰিষদ মৰিয়নি আৰু নকছাৰি সমিতিৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচীৰে মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃহত বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়।পুৱা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে উপদেষ্টা নবজীত বৰা আৰু বিহুৱান উত্তোলন কৰে বিশিষ্ট নাট্যকাৰ তথা সমাজকৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই। ছহীদ তর্পন কৰে মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক নবীন সন্দিকৈয়ে। ইয়াৰ পিছতে বিহুৰ ওলগ আৰু সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হয়। উপদেষ্টা নবজীৎ বৰাই আঁত ধৰা অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰে।এই অনুষ্ঠানতে ধর্মপ্রাণ ব্যক্তি নিত্যানন্দ হাজৰিকা, জিলা কৃতি শিক্ষক পুৰস্কাৰ প্রাপক মনোজ কুমাৰ শৰ্মা, প্রবীণ নাট্যকাৰ সমৰেশ চক্রবর্তী, প্রবীণ ঢুলীয়া ক্ষীৰোদ গগৈ ,সুশীল লাহন অনাতাঁৰ শিল্পী ,প্ৰফুল্ল বৰুৱা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক, জীৱন চন্দ্ৰ দত্ত জেষ্ঠ সাংবাদিক, শিৱ ভগৱান আগৰবালা , সমাজকৰ্মী,ৰোহিত বৰা প্রবীণ ঢুলীয়া , অনু।গগৈ প্রবীণ বিহুৱা , ত্রিদীপ গগৈ সমৰকলা প্রশিক্ষক, অনিতা দত্ত ধর্ম পৰায়ণ মহিলা, মধুস্মিতা বৰুৱা ৰাষ্ট্রীয় ভাৰত্তোলক ,নেকিব ইছলাম, শিক্ষাবিদ, কৃতি শিক্ষক নগেন গগৈ আদি গণ্য মান্য ব্যক্তি সকলক চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত মৰিয়নি প্রেছ ক্লাবৰ সম্পাদক, জেষ্ঠ সাংবাদিক দিব্যজ্যোতি শইকীয়া, বিশিষ্ট নাট্যকাৰ তথা মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোঁহাইবৰুৱা, সমাজকৰ্মী কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া, উপপৌৰপতি প্রদীপ দাস, সাংবাদিক আদিত্য নন্দন কোঁচ, সাংবাদিক ৰমেশ আগৰৱালা, দীপক জোন দত্ত , শিক্ষক চহন কানু, আছু নেতা অনন্ত বৰঠাকুৰ ,বিবেক সাহা ,সংগ্রামী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সম্পাদক নৱজ্যোতি নেওগ, মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিতুল বৰা, উপসভাপতি প্রাণজীৎ খনিকৰ ,টাইপা তিতাবৰৰ উপদেষ্টা ৰবীন গগৈ, জিলা পৰিষদৰ সদস্যা প্রদীপ দত্ত, যুৱ ব্যৱসায়ী প্ৰশান্ত দাস, আদি ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নামৰুপিয়া জেং বিহু দল আৰু ৰাংঢালি জেংবিহুদলৰ বিহুনৃত্য প্রদর্শন আছিল অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। আন্তৰিকা বৰা, পিংকী কলিতাৰ গীতৰ শৰাই সকলোকে আপ্লুত কৰে।

ৰণবীৰ কাপুৰে তেওঁৰ বিয়াত প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফক নকল কৰিছে,এখন বিশেষ ফটো চৰ্চা হৈছে

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ ফটো আৰু ভিডিঅ’ আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ ছ’চিয়েল মিডিয়াস্ক্ৰ’ল কৰাৰ লগে লগে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ ফটো সকলোতে দেখা গৈছে৷ এই তাৰকা দম্পতীৰ ফটোলৈ চাই সকলোৱে কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াখন হেৰুৱাই ছে। আপুনি হয়তো লক্ষ্য কৰা নাই, কিন্তু তেওঁলোক দুয়োৰে বিবাহত এটা বিশেষ কথা আছে। এনে পৰিস্থিতিত, দুয়োজনৰ বিয়াত বীন কি সেয়া আপোনাক কওঁ আহক।১৪ এপ্ৰিলত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ ঘৰ বাস্তুত তেওঁলোকৰ জীৱনৰ এক নতুন আৰম্ভণি কৰিছিল।ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ ফটো দেখি, তেওঁলোকৰ অনুৰাগীসকলক বহুত সুখী দেখা গৈছে। এতিয়া ৰণবীৰ আৰু আলিয়াৰ মেহেন্দিৰ ফটোও ওলাইছে। দম্পতীহালৰ মেহেন্দি অনুষ্ঠানৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, কিন্তু এখন ফটো কেটৰিনা আৰু বিকিৰ বিয়াৰ সৈতেও সম্পৰ্কিত। মেহেন্দি অনুষ্ঠানত, আলিয়া আৰু ৰণবীৰে বিকি কৌশল আৰু কেটৰিনা কাইফৰ দৰে ভংগীমা নকল কৰিছিল। এনে পৰিস্থিতিত, আপুনি তেওঁলোক দুয়োৰে মেহেন্দি অনুষ্ঠানৰ ফটো চাই সাদৃশ্যৰ ধাৰণা পাব পাৰে।


মেহেন্দি অনুষ্ঠানৰ ছবিখনত দুয়োজনৰ অভিনেতাক তেওঁলোকৰ অংশৰ কোলাত আৰাম কৰা দেখা গৈছে৷ ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়া অৱশ্যে বেলেগ আছিল, কিন্তু মেহেন্দি অনুষ্ঠানত তেওঁলোকে বিকি আৰু কেটৰিনাৰ ভংগীমা নকল কৰিছিল৷ অৱশ্যে, মেহেন্দি অনুষ্ঠানত তেওঁলোকক বৰ মৰমলগা দেখা গৈছে বুলি কোৱাটো ভুল নহ’ব৷ আলিয়া আৰু ৰণবীৰৰ মুখৰ হাঁহিটোৱে কৈছে যে তেওঁলোকে তেওঁলোকৰ নতুন যাত্ৰা আৰম্ভ কৰিবলৈ কিমান সুখী আৰু উৎসাহিত।

শিঙৰীৰ পৰা ২ নং পিৰাকটা হৈ কেহেৰুখন্দা সংযোগীপথলৈ তীব্ৰ ভাবুকি,নিদ্ৰামগ্ন ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ

শিঙৰীৰ পৰা ২ নং পিৰাকটা হৈ কেহেৰুখন্দা সংযোগী পথলৈ তীব্ৰ ভাবুকি৷নিদ্ৰামগ্ন ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ৷শোণিতপুৰ জিলাৰ ২ নং পিৰাকটাত বেলশিৰি নৈ তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷খহনীয়া কলত পৰি ইতিমধ্যে খেতিমাটিৰ লগতে গৃহহীন হ’ল ২ নং পিৰাকটাৰ শতাধিক দৰিদ্ৰ পৰিয়ালঃআনকি খহনীয়াৰ কবলত পৰি উচন হল বিদ্যালয়,নেতাজী ক্লাব,নেতাজী ৰাজহুৱা খেলপথাৰ৷

চৰকাৰৰ বৃহৎ ঘোষণাঃ সকলোৱে পাব ৩০০ ইউনিট ফ্ৰী বিদ্যুৎ…

চৰকাৰ গঠন কৰাৰে পৰা পঞ্জাৱ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে ঘোষণা কৰিছে যে, ১জুলাইৰ পৰা পৰা ৰাজ্যবাসীয়ে ৩০০ ইউনিটকৈ বিদ্যুত বিনামূলীয়াকৈ লাভ কৰিব।মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰিছে যে, আপৰ চৰকাৰে পঞ্জাৱত চৰকাৰ গঠন কৰা ৩০দিন অতিক্ৰম কৰিছে।

এই ৩০টা দিনত আমি প্ৰতিদিনে প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আহিছো। উল্লেখ কৰা প্ৰয়োজন যে, আপ চৰকাৰে প্ৰথমখন কেবিনেট মিটিঙতে ২৫হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চাপৰত ধুমুহাৰ তাণ্ডৱ,উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ

দুদিন ধৰি নিশা অহা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে চাপৰত। উৰুৱাই নিলে গৃহস্থৰ চালৰ টিনপাত,উভালি পৰিছে বিদ্যুতৰ খুঁটা,প্ৰকাণ্ড প্ৰকাণ্ড গছ ।

ধুবুৰী জিলাৰ চাপৰত নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয়৷ নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও অঞ্চলটোত বিদ্যুতৰ খুঁটা উভালি পৰি বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি যায় ফলত অঞ্চলজুৰি বিদ্যুত সংযোগ ব্যাহত হৈ পৰে৷

এফালে বহু ঠাইত গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় ৷ যোৱা নিশা চাপৰৰ উজ্জ্বল গুহ নামৰ এগৰাকী ব্যক্তিৰ ওপৰত এটা তামোল গছ পৰি গুৰুতৰভাৱে আহত হয়। বৰ্তমান গুহ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।