Breaking

লাহৰীঘাটৰ ব্যৱসায় সন্থাৰ উদ্যোগত ৰাজহুৱা ইফতাৰ 

0 1,091

ৰোজাৰ মাহ চলি থকা অৱস্থাত ৰোজদাৰী ব্যক্তি সকলৰ দ্বাৰা কেতিয়াবা এককভাবে কেতিয়াবা বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ উদ্যোগত ৰাজহুৱা ইফতাৰ লোৱাৰ ব্যবস্থা প্ৰদান কৰা পৰিলক্ষিত হয়।  মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ ব্যৱসায় সন্থাৰ উদ্যোগতো লাহৰীঘাট বজাৰৰ পান মহলত বিশাল  ৰাজহুৱা ইফতাৰ লোৱাৰ ব্যবস্থা কৰা হয়। ব্যৱসায় সন্থাৰ সভাপতি জামাল উদ্দিন আৰু সম্পাদক ইক্ৰামুল হুছেইনে  জনোৱা মতে এই ইফতাৰত ৰোজদাৰী সকলৰ বাবে বিভিন্ন ফল-মূলৰ লগতে , সকলোৰে ৰোজাৰ মাহৰ প্ৰিয় খিচিৰীৰো ব্যৱস্থা কৰা হয়। ইফতাৰৰ আজানৰ পূৰ্বে ৰোজদাৰী সকলক লই বিশ্ব শান্তিৰ বাবে লাহৰীঘাট গাৰেছুৰ মছজিদৰ ঈমাম ক্কাৰী ছিৰাজুল ইছলামে সামুহিক দোৱা প্ৰাৰ্থনা কৰে।

 

কেবা শতাধিক ৰোজদাৰী সকলৰ উপস্হিতিত ইফতাৰ লোৱা অনুষ্ঠানে আৰু এবাৰ প্ৰমাণ কৰি দিলে যে ব্যৱসায় সন্থাই অকল বজাৰৰ সমস্যা সমাধান নকৰে তেওঁ লোকে কিছু সামাজিক নীতি -নিয়মো পালন কৰে ৰাইজৰ হকে।

Leave A Reply