সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা । Himanta Biswa Sarma
গুৱাহাটী, ২জুন: himanta biswa sarma । অসম চৰকাৰৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সন্দৰ্ভত অহা ৪জুনত মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰৰ লোকসেৱা ভৱনত শতবাৰ্ষিকী উদযাপনৰ মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব।
এই সভাৰ প্ৰস্তুতি সন্দৰ্ভত আজি জনতা ভৱনৰ কাৰ্যালয় কক্ষত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ , বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। চলিত বৰ্ষৰ ৮ছেপ্টেম্বৰত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিতব্য ভাৰত ৰত্ন ড০ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী আয়োজন সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা হ’ব লগীয়া এই সভাত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ বহুসংখ্যক আগশাৰীৰ ব্যক্তি উপস্থিত থাকিব।
সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডিবি কল্যাণ চক্ৰৱৰ্তী, সচিব পল্লবী ফুকন, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, সাংস্কৃতিক মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপাকে ধৰি ভালে সংখ্যক বিভাগীয় বিষয়া উপস্থিত থকা পৰ্যালোচনা বৈঠক খনত মন্ত্রী বড়াই মুখ্যমন্ত্রীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভা খনৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে সভাখন যাতে নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰবাবে বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।
এই বৈঠকৰ পাছতে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধীনত ৰাজ্যৰ শিল্পী আৰু কলা -কুশলী সকলক এক বীমা আঁচনি আগবঢ়োৱা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত অন্য এখন সভা অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰাৰম্ভিক আলোচনাত ৰাজ্যৰ শিল্পী, কলা-কুশলী সকলক চিকিৎসা আদিকে ধৰি সমুখীন হোৱা বিভিন্ন দুৰ্যোগৰ সময়ত বীমা আঁচনিৰ জৰিয়তে কিদৰে সকাহ দিয়াৰ ব্যৱস্হা কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। সভাত আঁচনিখনৰ ওপৰত কেতবোৰ পৰামৰ্শও আগবঢ়াই ।
আজি উপস্থিত বয়োজেষ্ঠ সকলে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এক উপযুক্ত গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।
আনহাতে আজি গৌৰৱ গগৈৰ লগত সংগ প্ৰদান কৰে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।শইকীয়াই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো চল-চাতুৰি ওফৰাই গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে দলে এক বিৰাত উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰি কয় যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপি উৎখাত কৰিবলৈ সক্ষম হ’ব।আনহাতে তেওঁ বৰ্তমান কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি কয় যে ববিতা শৰ্মাই কোনো দলীয় বিসম্বাদৰ বাবে নহ’য় বৰঞ্চ ব্যক্তিগত কাৰণত দলীয় দায়িত্বৰ পৰা আঁতৰি দিছে।সেইদৰে বিৰোধী দলপতি গৰাকীয়ে বিৰোধী ঐক্যমঞ্চৰ পোষকতা কৰি কয় যে এই ঐক্যমঞ্চৰ বাবে আঞ্চলিক-জাতীয়তাবাদী দলসমূহেও এৰা-ধৰা কৰিব লাগিব।
আনহাতে বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত শিৱ দ’লৰ পৰা এক শুভাযাত্ৰাত অংশ লৈ সভাপতি গগৈয়ে এক নতুন উদ্যমেৰে আগবঢ়া কংগ্ৰেছ দলক সমৰ্থন প্ৰদান কৰিবলৈ ৰাইজক আহবান কৰে।
গৌৰৱ গগৈয়ে আজি শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেতেঁন তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক লৈ এই বিশ্বাস নকৰিলে হেতেঁন। তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে।