Home Blog Page 2417

মৰিগাঁও অসামৰিক চিকিৎসালয়ত মহিলাৰ একক অৱস্থান কেন্দ্ৰ মুকলি…

সমাজ কল্যাণ বিভাগৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত পাঁচখন বিছনাযুক্ত মহিলাৰ একক অৱস্থান কেন্দ্ৰ ( সখী ) মুকলি কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। বিভিন্ন সময়ত পাৰিবাৰিক অথবা অন্যান্য বিষয়ক কেন্দ্ৰ কৰি সমাজৰ একাংশ মহিলা নিৰ্যাতনৰ বলি হোৱা দেখিবলৈ পোৱা যায়। এনেদৰে নিৰ্যাতিত অথবা ভুক্তভোগী মহিলা সকলক Counselingৰ বাবে মৰিগাঁও জিলাত পূৰ্বতে সমাজ কল্যাণ বিভাগৰ কোনোধৰণৰ স্থায়ী একক অৱস্থান কেন্দ্ৰ নথকাত বিভাগটোৰ কৰ্মচাৰী সকলে কেতিয়াবা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও এতিয়াৰ পৰা তেনেদৰে আৰু অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

সোমবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত স্থায়ীভাৱে নিৰ্মাণ কৰা পাঁচখন বিছনাযুক্ত মহিলাৰ একক অৱস্থান কেন্দ্ৰটিৰ (সখী)ৰ ফিটা কাতি শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অৰুন্ধোতী নিপুণ নৰহ, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুন কুমাৰ নাথ, জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুতুম সহ বিভাগটোৰ বহু বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

এইবাৰ গ্ৰেমী এৱাৰ্ডত দেখা গ’ল কাহানীও নেদেখা এক দৃশ্য…

আমেৰিকাৰ নেভাডাত অনুষ্ঠিত হ’ল “৬৪সংখ্যক গ্ৰেমী বঁটা” প্ৰদান অনুষ্ঠান। প্ৰতিবছৰৰ দৰেই সংগীত শিল্পী,গীতিকাৰ তথা মিউজিক এলবামসমূহক যথোপযুক্ত সন্মান আগবঢ়াই আয়োজন কৰা হল “গ্ৰেমী বঁটা” প্ৰদান অনুষ্ঠান। কিন্তু এইবাৰ গ্ৰেমী এৱাৰ্ডত দেখা গ’ল কাহিনীও নেদেখা এক ব্যতিক্ৰমী অনুষ্ঠান। সংগীত, কবিতা আৰু বাদ্যযন্ত্ৰৰ সৈতে সহাৱস্থান কৰিলে যুদ্ধৰ অবৰ্ণনীয় গাঁথাই। গ্ৰেমীৰ বঁটা প্ৰদান আৰু বিভিন্ন কাৰ্যসূচীৰ মাজতে এই অনুষ্ঠানে লাভ কৰিলে বিশেষ চৰ্চা। আমেৰিকান গায়ক জন লেজেণ্ডৰ এক অনুষ্ঠান, অনুষ্ঠানৰ কিছুক্ষণ আগতেই পূ্ৰ্বে বাণীবদ্ধ কৰা এটা ভিডিঅ’ত দেখা গ’ল যুদ্ধই কোঙা কৰা দেশ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিক। বিশ্ববিখ্যাত গ্ৰেমী এৱাৰ্ডৰ সমূহ দৰ্শকক সম্বোধন কৰি জেলেন্স্কিৰ আহ্বান “যিকোনো ধৰণে আমাক সমৰ্থন কৰক। আমাৰ ভূমিত যুদ্ধই ভয়ংকৰ নীৰৱতা আনিছে! আপোনাৰ সংগীতে সেই নীৰৱতা ভংগ কৰক!”


অসহায় কণ্ঠেৰে ৰাষ্ট্ৰপতিজনে আৰু কৈ গল- “যুদ্ধ!যি সংগীতৰ সম্পূৰ্ণ বিপৰীত। আমাৰ ল’ৰা-ছোৱালীয়ে ৰকেট আঁকিছে,আঁকিছে প্ৰাণঘাটি ক্ষেপণাস্ত্ৰ,কিন্তু উৰণীয়া তৰা অঁকা নাই। ৪০০ তকৈও অধিক শিশু আঘাতপ্ৰাপ্ত হৈছে আৰু মৃত্যু হৈছে ১৫৩ টা শিশুৰ। আমাৰ ভূমিত,আমি ৰাছিয়াৰ সৈতে যুঁজি আছো,যি যুঁজে আনিছে এক ভয়ংকৰ নীৰৱতা,মৃত্যুৰ নীৰৱতা। আপোনাৰ সংগীতে সেই নীৰৱতা পূৰণ কৰক। আপোনাৰ সামাজিক মাধ্যমত,টিভিত এই যুদ্ধৰ বিষয়ে সঁচা কথা কওঁক। “আপুনি যিকোনো ধৰণে আমাক সমৰ্থন কৰক
যিকোনো ধৰণে, মাত্ৰ নীৰৱতাৰে নহয়।” ইয়াৰ পিছতেই আৰম্ভ হল নীৰৱতাক ভংগ কৰা সংগীত। আমেৰিকান গায়ক জন লেজেণ্ড আৰু ইউক্ৰেইনৰ কবি লিউবা য়াকিমচুকৰ সন্মিলিত সাংগীতিক তথা কাব্যিক অনুষ্ঠানে চকু সেমেকাই তুলিলে বহুতৰে।
এইদৰেই গ্ৰেমীৰ মঞ্চত বিশ্ববাসীলৈ কাতৰ অনুৰোধ ভলডিমিৰ জেলনস্কিৰ। ৬৪ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত এই অভূতপূৰ্ব কাৰ্যসূচীয়ে লাভ কৰিলে বিশেষ চৰ্চা।

বাৰিষাৰ পূৰ্বেই নাৰায়ণপুৰত দ্ৰোপাং নদীয়ে ভাঙিলে নৱনিৰ্মিত মথাউৰি…

ধাৰাষাৰ বৰষুণৰ ফলত লখিমপুৰ জিলাৰ নাৰায়নপুৰত দ্ৰোপাং নদীয়ে তাণ্ডৱ সৃষ্টি কৰি নৱ নিৰ্মিত মাঠাউৰী ভাঙি পেলায়।  কিন্তু আজি দ্ৰোপাং নদীয়ে ভাঙি চুৰ-মাৰ কৰিলে এটা নৱনিৰ্মিত মাথাউৰি  । যোৱা কেইবাদিন ধৰি লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা প্ৰৱল বৰষুণৰ ফলত দ্ৰোপাং নদীৰ পানী  বৃদ্ধি পোৱাত খৰস্ৰোতা নদীখনৰ পানীয়ে আজি পুৱা নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তাতিবাহাৰ- মাঘনোৱা-  লক্ষীপুৰ সংযোগী মাথাউৰিটোৰ ওপৰত থকা এখন পকী দলঙৰ কাষত এটা অংশ ভাঙি লৈ যায়।

যাৰ ফলত  আজি হঠাতে অহা বানে অঞ্চলটোৰ পৰীক্ষাৰ্থী সকলৰ লগতে আন  সকলৰো যাতায়ত ব্যাহত কৰি তোলে । বৰ্তমান‌ জিলা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । নতুনকৈ বনোৱা মাথাউৰিটো বালিৰে নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ইফালে লালুকতো আজি গাভৰু নৈৰ বানে তাণ্ডব সৃষ্টি কৰে। একে দৰে লখিমপুৰ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ইয়াৰ বিভিন্ন নদ নদী ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰাত নদী কাষৰীয়া লোক সকল শংকিত হৈ পৰিছে।

ডিমৌত ‘ৰান্ধনী’ খাটি সৰিয়হ তেলৰ উদ্যোগৰ শুভ উদ্ধোধন বিধায়ক সুশান্ত বৰগোহাঁইৰ..

ডিমৌৰ দুই উদ্যমী যুৱকৰ প্ৰচেষ্টাত গড় লৈ উঠা ডিমৌ নগৰৰ মছ্কৰাত বি আৰ এণ্টাৰপ্ৰাইজৰ ৰান্ধনী নামৰ খাটি সৰিয়হ তেলৰ উদ্যোগে ডিমৌ অঞ্চললৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।আজি থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে ৰান্ধনী নামৰ সৰিয়হ তেলৰ উদ্যোগটো । উদ্যোগ উদ্ধোধন কৰি স্বত্বাধিকাৰী বেনু হাজৰিকা আৰু ৰজনী গগৈ নামৰ দুই যুৱকক প্ৰশংসা কৰাৰ লগতে চৰকাৰী সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকী

দিহিং নদীৰ চাপৰিত খেতি কৰি সফলতা লাভ কৰা বেনু হাজৰিকা আৰু ৰজনী গগৈয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে ২০০ বিঘা মাটিত সৰিয়হ খেতিৰ লগতে বিভিন্ন পাছলিৰ খেতিৰে কেইবাজনো নিবনুৱা যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে ।ডিমৌবাসীয়ে এই উদ্যোগত উৎপাদন হোৱা খাতি সৰিয়হ সুলভ মুল্যত লাভ কৰিবলৈ সক্ষম হব বুলি উল্লেখ কৰে। আজিৰ এই উদ্ধোধনী অনুষ্ঠানত ডিমৌৰ ভালে সংখ্যক বিশিষ্ট লোকৰ লগতেডি মৌ পৌৰ সভাৰ অভিযন্তা গৌতম কলিতা, সাংবাদিক শেখৰজ্যোতি দুৱৰী, প্ৰাক্তন আছু নেতা প্ৰণৱ চেতিয়া, নিপেন ফুকন আদি উপস্থিত থাকি উদ্যোগী যুৱকদ্বয়ক এই কৰ্মৰ বাবে উৎসাহিত কৰে। 

মাজুলীত দুদিনীয়াকৈ অনুষ্ঠিত অসম প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ বাৰ্ষিক সভা…

অসম প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ বাৰ্ষিক সাধাৰণ সভাখনি দুদিনীয়া কাৰ্যসূচীৰে যোৱা ২ আৰু  ৩ এপ্ৰিল শনিবাৰ আৰু ৰবিবাৰে মাজুলী জিলাৰ ৰঙাচাহী গাঁৱৰ নামঘৰত অনুষ্ঠিত হয় । ২ এপ্ৰিল তাৰিখে সন্ধিয়া পাঁচ বজাৰ পৰা  পুৰোহিত সন্মিলনীৰ কাৰ্যকৰী সভাখন অনুষ্ঠিত হয় । ৩ এপ্ৰিলত পুৱা ৭ বজাত পৰিবেশ নিকাকৰণেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পুৱা ৮ বজাত বৃক্ষ ৰোপন কৰে দেবেশ্বৰ বৰাই ,পুৱা ৯ বজাত প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনী আৰু মাজুলী জিলা যোগী পুৰোহিত সন্মিলনীৰ পতাকা উত্তোলন কৰে  প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ সভাপতি লক্ষীৰাম নাথ আৰু মাজুলী জিলা পুৰোহিত সন্মিলনীৰ সৰ্বেশ্বৰ নাথে । দিনৰ ১১  বজাৰ পৰা প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ সভাপতি লক্ষ্মীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি প্ৰনৱ ধ্বনি , শিৱ-স্ত্ৰোত্ৰ আৰু গুৰু বন্দনাৰে আৰম্ভ হয় ।

মুকলি সভাখন উদ্বোধন কৰে মাজুলী জিলা যোগী সন্মিলনীৰ সভাপতি নীলকান্ত নাথে ,সভাত মুখ্য অতিথি হিচাবে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক অজিত কুমাৰ নাথ , নিদিষ্ট বক্তা হিচাবে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত নাথ , ৰামসাগৰ নাথ ,  অমূল্য নাথ , আনন্দ নাথ , জয়ন্ত নাথ ,জিতেন নাথ আদিয়ে অংশগ্ৰহণ কৰে ।  সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয় । অসমৰ বৰাক- ব্ৰহ্মপুত্ৰৰ প্ৰায়কেইখন জিলাৰ পৰা উপস্হিত থকা পুৰোহিত প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে । সন্ধিয়া শান্তি পাঠেৰে সভাৰ সমাপ্তি হয় ।

ভাগৱত পাঠেৰে শিক্ষাবৰ্ষ শুভাৰম্ভ ৰাংছালী জনতাৰ শঙ্কৰদেৱ শিশু নিকেতনৰ…

আৰম্ভ হ’ল  ২০২২-২০২৩ শিক্ষা বৰ্ষ। যোৱা বছৰৰ দৰে এই বছৰো ভাগৱত পাঠেৰে শিক্ষা বৰ্ষৰ  বিদ্যাৰম্ভ কৰা হল শঙ্কৰদেৱ শিশুনিকেতনৰ । আজি পুৱাভাগত  সকলো শিক্ষক-শিক্ষয়িত্ৰী’ অভিভাৱক  সমন্বিতে  ছাত্র ছাত্ৰী সকলকৰ উপস্তিতিত ভাগৱত পাঠ কৰা হয়। ছাত্ৰ জ্যোতিপল বৰাৰ  এটি কবিতা পাঠেৰে  শুভাম্ভ কৰে অনুষ্ঠান ভাগ ।এই বিদ্যাৰম্ভ অনুষ্ঠান ভাগত এটি  ঘোষাৰে আতঁ ধৰে  শ্ৰীমন্ত শঙ্কৰদেৱ শঙ্ঘৰ বিশ্বনাথ জিলাৰ প্ৰচাৰ সম্পাদক পৱন বৰায়ে। ভাগৱত পাঠ কৰে (পাঠেকী )শ্ৰীমন্ত শঙ্কৰদেৱ শঙ্ঘৰ বিশ্বনাথ জিলা সদস্য জয়ন্ত বৰায়ে “ভাগৱত ব্যাখ্যা আগবঢ়াই গহপুৰ জিলা প্ৰচাৰ বিভাগৰ দায়িত্বত থকা দিলীপ বৰুৱাই। 

এই অনুষ্ঠান ভাগত উপস্থিত থাকি সহযোগিতা আগবঢ়াই  প্ৰধান আচাৰ্য কুইন বৰা” সহ আচাৰ্য নাৰায়ন ঢাহাল” ৰীণা বৰা ‘শেৱালী লাহন বৰা”ৰাধীকা ঘিমিৰে”ঝিনা গগৈ”শৈশৱ বৰুৱা জীৱন বৰা ৰিজু নাথ আদিয়ে।  এই পৱিত্ৰ ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে – অভিভাৱক তথা ছাত্র ছাত্ৰী সকলে।  আন্তৰিকতাৰে কামনা কৰিলোঁ।

প্ৰমোদ বড়োৱে দাখিল কৰিলে ৩১৩৭.৬৬ কোটিৰ ঘাটি বাজেট…

বিটিচিৰ বাজেট অধিবেশনৰ প্ৰথম দিনা বিৰোধিৰ সদনত্যাগৰ মাজতে সোমবাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বাজেট দাখিল কৰিছে । চলিত বিত্তীয় বৰ্ষত বিটিচিয়ে লাভ কৰিবলগীয়া ৭২২.৮৪ কোটি টকাক লৈ সৰ্বমুঠ ৩১৫৭.৬৬ কোটি টকাৰ বাজেট দাখিল কৰিছে। আনহাতে চলিত বিত্তীয় বৰ্ষত ব্যায় হিচাপে দেখুওৱা হৈছে ৩২৭১.৩১ কোটি টকা ।অৰ্থাৎ বাজেট ঘাটিৰ পৰিমাণ ১১৩.৬৫কোটি টকা । উল্লেখ্য যে, বিটিচি বিধান পৰিষদৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই বিৰোধীপক্ষই সদনত হুলস্থুল কৰে । সদনৰ প্ৰশ্নোত্তৰ শিতান কাৰ্যক্ৰমনিকাৰ শেষৰ পিনে লৈ যোৱাক কেন্দ্ৰ কৰি বিৰোধী পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদন ত্যাগ কৰাৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে চলিত বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিছে ।প্ৰশ্নোত্তৰ শিতানৰ পৰিবৰ্তে প্ৰমোদ বড়োই প্ৰথমে বাজেট দাখিল আৰু বাজেট ভাষণ কাৰ্যক্ৰমনিকাক আগস্থান দি প্ৰশ্নোত্তৰ শিতান পিছলৈ নিয়াক কেন্দ্ৰ কৰি বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত সদনত প্ৰমোদ বড়োৰ ভাষণ শুনিবলৈ অহা নাই বুলি মন্তব্য কৰি প্ৰমোদ বড়োৰ চৰকাৰে গণতন্ত্ৰৰ পৰম্পৰা ভংগ কৰিছে বুলি অভিযোগ কৰে ।

প্ৰশ্নোত্তৰ শিতানৰ পৰিবৰ্তে প্ৰমোদ বড়োৰ ভাষণ আগত দি জনসাধাৰণৰ আশা-আকাংক্ষা মষিমুৰ কৰিছে বুলি মন্তব্য কৰি এয়া গণতন্ত্ৰৰ অশুভ পৰস্পৰা আৰু সংসদীয় গণতন্ত্ৰত প্ৰশ্নোত্তৰ শিতানক সৰ্বপ্ৰথম অগ্ৰাধিকাৰ দিয়া হয় বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে। ইপিনে বিটিচিৰ সংসদীয় কমিটীৰ কাৰ্যবাহী সদস্য গৌতম দাসে বিৰোধিৰ এনে কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অযথা ইচ্ছু বনাই বিৰোধীয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে বুলি মন্তব্য কৰে । সংসদীয় নিয়মৰ অনুচ্ছেদ ৩০ অনুসৰি সদনৰ অধ্যক্ষই সদনৰ কাৰ্যক্ৰমনিকা সলনি কৰিব পাৰে । প্ৰশ্নোৰ শিতান পিছুৱাই হে দিয়া হৈছিল বাতিল কৰা হোৱা নাছিল বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৌতম দাসে পবিত্ৰ সদনৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ বিৰোধী দলৰ প্ৰতি আহ্বান জনাইছে । ইপিনে প্ৰশ্নোত্তৰ শিতান আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী দলৰ সদস্যসকল পুনৰ সদনত উপস্থিত হৈ কেইবাগৰাকী নিৰ্বাচিত সদস্যই প্ৰশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰে ।

বিটিচিৰ নিৰ্বাচিত সদস্য তথা বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বিটিচি এলেকাৰ অপ্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা হাতত লৈছেনে বুলি কৰা এক প্ৰশ্নত শিক্ষা বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি প্ৰথম পৰ্যায়ত ২৬ খন অপ্ৰাদেশিকৃত মহাবিদ্যালয় তিনিমাহৰ ভিতৰত প্ৰাদেশীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । তদুপৰি ৰাজ্যিক বাজেটত ইতিমধ্যে ১০ খন মহাবিদ্যালয়ক প্ৰাদেশীকৰণ কৰা হব বুলি ঘোষণা কৰিছে ।ইয়াৰোপৰি পৰ্যায়ক্ৰমে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ তথ্যও সংগ্ৰহ কৰি থকা হৈছে । প্ৰশ্নোত্তৰ শিতানত বিটিচিৰ এমচিএলএ ক্ৰমে দনেশ্বৰ গয়াৰী , ফ্ৰেছ মুছাহাৰী , পানীৰাম ব্ৰহ্ম , জয় মুছাহাৰী , হেমন্ত কুমাৰ ৰাভা আদিয়ে ভাগ লৈ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ইপিনে পূৰ্বৰ চৰকাৰে ২০১০ চনৰ ২০২০চনলৈ প্ৰায় ২৩৫০ কোটি টকাৰ অনাদেয় ধন এৰি থৈ যোৱা বুলি প্ৰকাশ পাইছে । ইপিনে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে ২০২২ -২৩ বিত্তীয় বৰ্ষৰ বাবে এচ অ’ পি ডিৰ ধন মাত্ৰ ৭২২.৮৪ কোটি টকা হোৱা বাবে উদ্বেগ প্ৰকাশ কৰে । নিয়মানুসৰি প্ৰতি বছৰে উক্ত ধনৰাশি ১০ শতাংশকৈ বাঢ়িব লাগে আৰু সেই হিচাপত চলিত বিত্তীয় বৰ্ষৰ বাবে ৮৯৪.১৫ কোটি হব লাগিছিল যদিও কাৰ্যক্ষেত্ৰত ৭২২.৮৪ লাখ হে পাইছে ।

আনহাতে ২০২১ -২২ বিত্তীয় বৰ্ষত ৬৫০.০৩ কোটিৰ ভিতৰত ৩৭৭.১২ কোটিহে বিটিচিয়ে খৰছ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ অব্যৱহৃত ধনৰ পৰিমাণ হ’ল ২৭২.৯১ কোটি। প্ৰণিধানযোধ্য যে চলিত বিত্তীয় বৰ্ষৰ বাজেটত শিক্ষা বিভাগত ১১৪.৩৫ কোটি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৯৬.১১ লাখ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৭২.৯২ কোটি , চহৰ উন্নয়ন ৬১.৭৫কোটি , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ১১৬৯.৪৩কোটি টকা ধাৰ্য কৰিছে । মঙ্গলবাৰে অৰ্থাৎ বাজেটৰ অন্তিমদিনা বাজেট বিতৰ্ক হ’ব আৰু সদনত বাজেট গৃহীত হোৱাৰ সম্ভাৱনা আছে । কেবাটাও বাজেট অধিবেশনত অনুপস্থিত থকা বিৰোধী দলৰ শেহতীয়া সক্ৰিয়তাক লৈ বিশেষ তাপপৰ্য বহন কৰিছে ।

ভাৰততো সৃষ্টি হ’ব পাৰে শ্ৰীলংকা সদৃশ পৰিস্থিতি!

শ্ৰীলংকা সদৃশ পৰিস্থিতি সৃষ্টি হ’ব পাৰে ভাৰতত ! এই আশংকা ব্যক্ত কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱৰ। বিগত দিন কেইটাত শ্ৰীলংকাৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক জৰুৰী অৱস্থা ঘোষণা কৰিবলীয়া হৈছে।দেশখনত কেৱল এতিয়া অৰাজকতা। চীনকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ ধাৰৰ বুজা কঢ়িয়াই ভাগৰি পৰা শ্ৰীলংকাৰ চৰকাৰে ধাৰ পৰিশোধ কৰিব নোৱাৰে বুলিও ঘোষণা কৰিছে। দেশখনত দেখা দিয়া এনে পৰিস্থিতিত মুদ্ৰাস্ফিতিৰ লগতে মূল্য বৃদ্ধিয়ে আকাশ স্পৰ্শ কৰিছে।

দেশখনৰ সাধাৰণ জনতাই চৰকাৰ তথা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিক্ষিপ্ত ঘটনা সংঘটিত কৰিছে। বহু শ্ৰীলংকান নাগৰিকে দেশ এৰি ভাৰত তথা আন আন দেশলৈ গতি কৰিছে।শ্ৰীলংকাত সৃষ্টি হোৱা এনে পৰিস্থিতি ভাৰততো দেখা দিয়াৰ আশংকা ব্যক্ত কৰিছে সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱৰ লগতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।সমাজবাদী পাৰ্টীৰ সাংসদ গৰাকীয়ে সোমবাৰে সংসদৰ বাহিৰত সাংবাদিকৰ আগত কয় যে, শ্ৰীলংকাসদৃশ পৰিস্থিতি ভাৰততো ঘটিব পাৰে। কেন্দ্ৰৰ ওচৰত চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিবলৈও ধনৰ অভাৱ হ’ব। কেন্দ্ৰৰ ২ বছৰত ৪.২৭ লাখ কোটি টকাৰ এফচিআই ৰাজসাহায্য আছে। তেওঁলোকৰ ওচৰত কোনো ধন নাই। এই চৰকাৰ দেউলিয়া হৈছে।

আনহাতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থা বেয়া কিন্তু ভাৰতৰ অৱস্থা শ্ৰীলংকাৰ অৱস্থাতকৈ অধিক বেয়া। ইয়াত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে চিবিআই আৰু ইডি ব্যৱহাৰ কৰাৰ সলনি আমাৰ দেশৰ অৰ্থনৈতিক সংকটৰ বিষয়ে আলোচনা কৰিবলৈ সকলো ৰাজনৈতিক দলক মাতিব লাগে। উল্লেখ্য যে, ভাৰতত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’ল, ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰা হৈছে। ৮০০ বিধ জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে। গেছ চিলিণ্ডাৰৰ পৰা গাখীৰলৈকে দেশত বৃদ্ধি কৰা হৈছে মূল্য। আনহাতে দেশত বৃদ্ধি কৰা হৈছে টোল টেক্সকে ধকি অন্যান্য বহু টেক্স। এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে চৰকাৰ কেৱল টেক্স আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ কৰিয়েই চলাবলগীয়া হৈছে। গতিকে এনে পৰিস্থিতি সাংসদ ৰামগোপাল যাদৱ আৰু মমতা বেনাৰ্জীৰ মন্তব্য গুৰুত্বপূৰ্ণ বুলি চৰ্চা চলিছে।

আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰমজানৰ সমূহীয়া প্ৰাৰ্থনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মুছলমানসকলে নিউয়ৰ্কৰ টাইমচ স্কোৱেৰত প্ৰাৰ্থনা কৰিছিল। এই সময়ছোৱাত হাজাৰ হাজাৰ মুছলমান সমবেত হৈছিল। তাৰাৱীহৰ প্ৰাৰ্থনা পঢ়া হৈছিল। ৰাস্তাত প্ৰাৰ্থনা কৰা মুছলমানসকলে সামাজিক মাধ্যমত এক বিতৰ্কৰ সৃষ্টি কৰিছে। বহুলোকে টাইমছ স্কোৱেৰত প্ৰাৰ্থনা কৰাত সমৰ্থন জনাইছে, আনহাতে বেছিভাগ লোকে ইয়াৰ বিৰোধিতা কৰিছে।ইছলাম ধৰ্ম আমান গাল্ফ টুডেৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে মুছলমানসকলে টাইমছ স্কোৱেৰৰ দৰে বিখ্যাত স্থানত প্ৰাৰ্থনা কৰিছে। অনুষ্ঠানটোৰ আয়োজকসকলে কৈছিল যে আমেৰিকাত বাস কৰা মুছলমানসকলে বিচাৰিছিল যে নিউয়ৰ্ক চহৰৰ এই বিখ্যাত স্থানত ৰমজান উদযাপন কৰা হ’ব আৰু জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব যে ইছলাম শান্তিৰ ধৰ্ম। আয়োজকসকলৰ মতে, ইছলাম সম্পৰ্কে পৃথিৱীত বহুতো ভুল ধাৰণা আছে।

“আমি আমাৰ ধৰ্মৰ বিষয়ে সকলোকে সেই সকল লোকক ক’ব বিচাৰিছিলো যিসকলে এই বিষয়ে নাজানে। ইছলাম হৈছে শান্তিৰ ধৰ্ম। মুছলমানসকলৰ বাবে পবিত্ৰ ৰমজান মাহ শনিবাৰে আৰম্ভ হৈছিল। চন্দ্ৰ দেখা দিয়াৰ পিছত ৰমজান আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছিল।আন এজন ব্যৱহাৰকাৰীয়েও লিখিছিল- মই এজন মুছলমান কিন্তু টাইমছে বৰ্গক্ষেত্ৰত প্ৰাৰ্থনা কৰাটো সমৰ্থন নকৰে। এইটোৱে ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে যে ইছলাম এজন ‘আক্ৰমণকাৰী’ বা অনুপ্ৰৱেশকাৰী। গতিকে মছজিদত প্ৰাৰ্থনা পঢ়ক।

১৭৫ টা বন্ধ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কোম্পানীৰ ২৭,৫০০ শ্ৰমিকে এই ভাট্টাৰ সুবিধা লাভ কৰিছে

জ্যোতি বসুৰ চৰকাৰে এটা সময়ত বন্ধ কাৰখানাসমূহৰ শ্ৰমিকসকলৰ বিষয়ে চিন্তা কৰি এটা প্ৰকল্প আৰম্ভ কৰিছিল। কিন্তু এইটো কেইবাবাৰো অভিযোগ কৰা হৈছিল যে সেই প্ৰকল্পটোৰ লাভালাভে ৰাজ্যখনত বহুতো শ্ৰমিক পোৱা নাছিল। কিন্তু যোৱা ১১ বছৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অধীনত বন্ধ কাৰখানাৰ কৰ্মীসকলে প্ৰায় ৫০০ কোটি টকা লাভ কৰিছে। শ্ৰম বিভাগৰ সূত্ৰই কৈছিল যে বিভাগটোৱে ইতিমধ্যে সদ্যসমাপ্ত বিত্তীয় বৰ্ষত খণ্ডটোত ৫০ কোটিটকাৰ অধিক ব্যয় কৰিছে। উত্তৰ প্ৰদেশৰ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিয়পি থকা ১৭৫ টা বন্ধ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কোম্পানীৰ ২৭,৫০০ শ্ৰমিকে এই ভাট্টাৰ সুবিধা লাভ কৰিছে। একে সময়তে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত, এই বন্ধ কাৰখানাৰ শ্ৰমিকসকলে পূজা বা ঈদৰ আগতে এবছৰত অতিৰিক্ত এমাহৰ ভাট্টা লাভ কৰে।শ্ৰম বিভাগৰ প্ৰকল্পটোৱে জেচপ আৰু ডানলপ নামৰ দুটা ডাঙৰ কোম্পানীৰ শ্ৰমিকসকলক সামৰি লোৱা নাই। ৰাজ্যিক উদ্যোগ বিভাগে এই দুটা বন্ধ কোম্পানীৰ শ শ শ্ৰমিকক প্ৰতি মাহে ১০,০০০ টকাৰ ভাট্টা প্ৰদান কৰে। শ্ৰম বিভাগৰ সূত্ৰঅনুসৰি, বাওঁ মৰ্চাত মুঠ ২৩৯ জন বন্ধ কাৰখানাৰ শ্ৰমিকক ভাট্টা দিয়া হৈছিল আৰু এতিয়া সেই কাৰখানাসমূহৰ সংখ্যা ১৯৪ লৈ হ্ৰাস পাইছে। অৱশ্যে, সংশ্লিষ্ট কাৰখানাটো খোলাৰ পিছত, আৰু ছয় মাহৰ বাবে ভাট্টা দিয়াৰ নিয়মত কিছু পৰিৱৰ্তন কৰা হৈছে। ছয় মাহৰ পৰিৱৰ্তে, এতিয়া ইয়াক দুমাহ তৈয়াৰ কৰা হৈছে। ইয়াৰ সৈতে, শ্ৰম বিভাগৰ মতে, বন্ধ কাৰখানাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

যোৱা১১ বছৰত, চৰকাৰে এতিয়ালৈকে এই খণ্ডত ৪৬০ কোটি টকা ব্যয় কৰিছে। বিভাগটোৰ এজন বিষয়াই কৈছিল যে তেওঁলোকে এতিয়াও সদ্যসমাপ্ত বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ হিচাপ লাভ কৰিবলৈ বাকী আছে। গতিকে এইটো ক’ব পাৰি যে এই পৰিমাণটো ৪৬০ কোটি টকাতকৈও অধিক। ৰাজ্যিক শ্ৰম বিভাগে বাওঁ মৰ্চাৰ শাসনতকৈ প্ৰায় ৯০ কোটি টকা অধিক ব্যয় কৰিছে। বন্ধ কাৰখানাৰ শ্ৰমিকসকলৰ বাবে মাহিলী ভাট্টা জ্যোতিবাবুৰ শাসনত ১৯৯৮-‘৯৯ চনত প্ৰৱৰ্তন কৰা হৈছিল। সংশ্লিষ্ট কৰ্মীয়ে অৱসৰৰ নিৰ্ধাৰিত সময়লৈকেএই ভাট্টা প্ৰাপ্ত কৰাৰ অধিকাৰ আছে। বৰ্তমান, শ্ৰম বিভাগে প্ৰতিজন ব্যক্তিক প্ৰতি মাহে ১৫০০ টকা পৰিশোধ কৰে। বন্ধ কাৰখানাৰ শ্ৰমিকসকলৰ প্ৰয়োগ পৰীক্ষা কৰাৰ পিছত আৰু কিছুমান নিয়ম পূৰণ কৰাৰ পিছত ইয়াক দিয়া হয়। বাওঁ মৰ্চাৰ শাসনকালৰ যোৱা ১৩ বছৰত এই খণ্ডত হোৱা মুঠ ব্যয় আছিল প্ৰায় ৩৭৪ কোটি টকা।