Breaking

বাৰিষাৰ পূৰ্বেই নাৰায়ণপুৰত দ্ৰোপাং নদীয়ে ভাঙিলে নৱনিৰ্মিত মথাউৰি…

0 1,103

ধাৰাষাৰ বৰষুণৰ ফলত লখিমপুৰ জিলাৰ নাৰায়নপুৰত দ্ৰোপাং নদীয়ে তাণ্ডৱ সৃষ্টি কৰি নৱ নিৰ্মিত মাঠাউৰী ভাঙি পেলায়।  কিন্তু আজি দ্ৰোপাং নদীয়ে ভাঙি চুৰ-মাৰ কৰিলে এটা নৱনিৰ্মিত মাথাউৰি  । যোৱা কেইবাদিন ধৰি লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা প্ৰৱল বৰষুণৰ ফলত দ্ৰোপাং নদীৰ পানী  বৃদ্ধি পোৱাত খৰস্ৰোতা নদীখনৰ পানীয়ে আজি পুৱা নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তাতিবাহাৰ- মাঘনোৱা-  লক্ষীপুৰ সংযোগী মাথাউৰিটোৰ ওপৰত থকা এখন পকী দলঙৰ কাষত এটা অংশ ভাঙি লৈ যায়।

যাৰ ফলত  আজি হঠাতে অহা বানে অঞ্চলটোৰ পৰীক্ষাৰ্থী সকলৰ লগতে আন  সকলৰো যাতায়ত ব্যাহত কৰি তোলে । বৰ্তমান‌ জিলা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । নতুনকৈ বনোৱা মাথাউৰিটো বালিৰে নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ইফালে লালুকতো আজি গাভৰু নৈৰ বানে তাণ্ডব সৃষ্টি কৰে। একে দৰে লখিমপুৰ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ইয়াৰ বিভিন্ন নদ নদী ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰাত নদী কাষৰীয়া লোক সকল শংকিত হৈ পৰিছে।

Leave A Reply