Home Blog Page 2421

অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

  • অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব ডিব্ৰুগড়লৈ।
  • অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মান সম্পূৰ্ণ হোৱা ৭ খন কৰ্কট ৰোগৰ হস্পিটেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

  • প্ৰধানমন্ত্ৰীয়ে সেই দিনা ডিব্ৰুগড়ৰ খনিকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত এক জনসভাত অংশগ্ৰহণ কৰিব।
  • এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

হাজো ধূপৰগুৰি সত্ৰ সভাগৃহত সাধৰণ সভা সম্পণ্ণ…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজো ধূপৰগুৰি সত্ৰ সভাগৃহত হাজো ৰাইজ কমিটি গঠনাৰ্থে এখনি সাধৰণ সভা সম্পণ্ণ হ’য়  । সভাত সভাপতিত্ব কৰে হাজো ৰাইজ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন মালাকৰে।সভাৰ উদ্দেশ্য  বাখ্যাৰ লগতে যোৱাটো কাৰ্যকালৰ প্ৰতিবেদন পাঠ ও হিচাপ দাখিল কৰে ভাৰপ্ৰাপ্ত সম্পাদক গৌতম শইকীয়াই ।উক্ত সভাত তিনিবছৰীয়া কাৰ্যকালৰ পুৰনা কমিটি ভংগ কৰি হাজো ৰাইজ কমিটিৰ অন্তৰ্গত ৩০ টাকৈ চুবুৰীৰ প্ৰতিনিধিবৰ্গই হাজো ৰাইজ কমিটিৰ নতুন কমিটি গঠন কৰা হ’য়।

উক্ত কমিটিত সভাপতি পদত মোহন চন্দ্ৰ মালাকৰ,কাৰ্যকৰী সভাপতি পদত নৃপেন কুমাৰ দাস,সম্পাদক পদত গগন কলিতা নিৰ্বাচিত হৈ পূৰ্ণাংগ কমিটি খন গঠন কৰা হ’য়।তদুপৰি আজিৰ সদ্যনিৰ্বাচিত নতুন কমিটি খনে আগন্তুুক পৰ্যায়ত হাজো ৰাইজৰ সৰ্বাংগীন উণ্ণয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি উল্লেখ কৰে সদ্য নিৰ্বাচিত নতুন কমিটিৰ সভাপতি মোহন চন্দ্ৰ মালাকৰে। সভাত পৰ্যবেক্ষক হিচাপে শৰত নায়ক উপস্থিত থকাৰ লগতে সমূহ ৰাইজ গয়ৰহৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে।

খৈৰাবাৰীত আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন

ওদালগুৰি জিলাৰ খৈৰাবাৰীত ড° বি আৰ আম্বেদকাৰ ভৱন নামৰ নতুন ভৱন এটিৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে ৷ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ণ মন্ত্ৰী ড° ৰনোজ পেগুই ৷নৱ গঠিত খৈৰাবাৰী বি. আৰ. আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ উদ্যোগত ৰবিবাৰে দিনৰ ১ বজাত বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়ণত মুখ্য ভুমিকা গ্ৰহন কৰে কেন্দ্ৰীয় অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক সুশীল সুত্ৰধাৰে ৷


আধাৰশিলা স্থাপন অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো,অসম অনুসূচীত জাতি উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস আৰু অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে ৷

তামুলপুৰত বিশেষভাৱে সক্ষম শিশুৰ বাবে যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

তামুলপুৰ জিলা সদৰৰ তামুলপুৰ পূৰণ চকত আজি এটি যোগ কেন্দ্ৰ মুকলি কৰা হয়।যোগকেন্দ্ৰটো এক মাংগলিক পৰিৱেশত আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে।বাল ভাৰতী শৈক্ষিক ন্যাস ৰ উদোগত ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত জীৱধাৰা প্ৰকল্পৰ আচনিৰ জৰিয়তে এই যোগ প্ৰশিক্ষণ কেন্দ্ৰটো
পৰিচালিত হব।১৬ বছৰ বয়সলৈকে বিনামূলীয়া আৰু ১৬ বছৰৰ উৰ্ধৰ প্ৰতিবন্ধকতা সকলোকো সামৰি বিশেষভাৱে সক্ষম শিশু সকলক ঘাইকৈ ইয়াত যোগৰ প্ৰশিক্ষণ দিয়া হব।

যোগ প্ৰশিক্ষণ কেন্দ্ৰটোত Speech therapy, Occupation therapy, Special Education বিষয়বোৰো অতি সোনকালে উপলদ্ধ হ’ব ।

সমাগত অশোকাষ্টমী স্নান আৰু অষ্টমী মেলা…

সমাগত অশোকাষ্টমী স্নান আৰু অষ্টমী মেলা সুকলমে অনুষ্ঠিত হোৱাতো নিশ্চিত কৰিবলৈ আজি বিয়লি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগতে অশোকাষ্টমী মেলা আয়োজক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ বিগত দুটা বৰ্ষত কোভিডৰ বাবে বাধাপ্ৰাপ্ত হোৱা অশোকাষ্টমী স্নান আৰু অষ্টমী মেলাক লৈ ভক্তৰ বৰ্দ্ধিত উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অহা ৯ এপ্ৰিলত ধুবুৰী চহৰত থকা ব্ৰহ্মপুত্ৰৰ চাৰিটা ঘাটত অশোকাষ্টমী স্নানৰ ব্যৱস্থা কৰা হ’ব৷ ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যোগমায়া ঘাটত এইবাৰ স্নানৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত বৈঠকত লোৱা হয়৷ ঘাটবোৰ ধুবুৰী পৌৰসভাই আভ্যন্তৰীন জল পৰিবহণ বিভাগ আৰু মেলা সমিতিৰ সহায়ত ভক্তৰ স্নানৰ বাবে সাজু কৰি তুলিব৷ যিকোনো অঘটনৰ সৈতে মোকাবিলা কৰাৰ বাবে এছ ডি আৰ এফ, বি এছ এফ আৰু চিকিৎসকৰ দল সাজু থকিব৷ আনহাতে অষ্টমী মেলা ৯ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ ১৫ দিন ধৰি চলিব৷ প্ৰতিদিনে নিশা ১০ বজাত মেলা বন্ধ হ’ব৷

মেলাস্থলীত জুৱা আৰু সুৰাৰ বিক্ৰী-সেৱন সম্পূৰ্ণ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে৷ সুশৃংখলিত ৰূপত মেলাখন আয়োজনৰ বাবে আৰক্ষীক সহযোগ কৰিবলৈ মেলা সমিতিয়ে ৭০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিব৷ স্বেচ্ছাসেৱকসকলক আৰক্ষীৰ তৰফৰ পৰা প্ৰশিক্ষনো দিয়া হ’ব৷ মেলাস্থলীত সমিতিয়ে ১০ টা চিচি কেমেৰা স্থাপন কৰিব৷ স্নানৰ সময়ত আৰু মেলাৰ দিনকেইটাত যাতে কোনোধৰণৰ অঘটন বা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে মেলা সমিতি আৰু দায়িত্বপ্ৰাপ্ত বিভাগ আৰু বিষয়াসকলক সষ্টম হৈ থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী, মানস শইকীয়া, ধুবুৰী, আগমনি আৰু গোলকগঞ্জৰ চক্ৰ বিষয়া সকল, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া সহিতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

বৰপেটা শিৰোমণি বঁটা প্ৰাপক অৰ্জুন দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” উন্মোচন ৷

বৰপেটা শিৰোমণি আৰু তাঁতীকুছি বঁটা প্ৰাপক তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” আজি উন্মোচন কৰা হয় ৷বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অৰ্জুন দাসৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে ৷অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যকৃষ্ণ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যৰ্পনেৰে শুভাৰম্ভ কৰা হয় ৷বন্তি প্ৰজ্বলন কৰে অৰ্জুন দাসৰ সহধৰ্মিনী প্ৰিয়ম পাঠকে ৷শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ “অক্লান্ত অৰ্জুন” উন্মোচন কৰে শিক্ষাবিদ ড° তাৰকেশ্বৰ চৌধুৰীয়ে ৷

চৌধুৰীয়ে উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পায় নিজকে অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে অৰ্জুন দাসৰ লগত কটোৱা স্মৃতি ৰোমন্ঠন কৰি কয় অৰ্জুন দাস এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰিও সমাজত এজন সমাজ কৰ্মী আৰু সমাজ সংগঠক হিচাপে বিশেষ জনপ্ৰিয়তা আছিল।

অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় অৰ্জুন দাস ছাৰ আছিল শিক্ষক, শিক্ষাবিদ আৰু শিক্ষা সংগঠক এই ত্ৰিবেনী সংগম হৈছিল তেওৰ ব্যক্তিত্ব ৷ তেও আছিল সমাজ সেৱক, সমাজ সংগঠক আৰু সাংস্কৃতিক সেৱক, সাংস্কৃতিক সংগঠক ৷ বৃহত্তৰ বৰপেটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল তেও ৷ তেও এই স্মৃতিগ্ৰন্থ খনে তেওৰ স্মৃতি বহন কৰিব ৷ এই গ্ৰন্থখনৰ যোগেদি তেও বহু বছৰ জীয়াই থাকিব আৰু নতুন পুৰুষে তেওৰ স্মৃতি সোৱৰি উপকৃত অনুপ্ৰানিত হব ৷অনুষ্ঠানত বিশিষ্ট লেখক দয়ানন্দ পাঠক, অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই অৰ্জুন দাসৰ কৰ্ম জীৱনৰ লগতে এজন সমাজৰ আদৰ্শ ব্যক্তি হিচাপে আলোকপাত কৰে।

উজনি বংকোৱাল নাট্য মন্দিৰত প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ…

বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ সেচ্ছা সেৱী অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত আৰু মহুৰামুখৰ উত্তৰ অংশৰ সমগ্ৰ বান ক্ষতিগ্ৰস্ত অঞ্চলতোৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “নৈ পৰীয়া সুৰ বাহিনীৰ” সহযোগত আজিৰ পৰা প্ৰযোজনা ভিত্তিক এমহীয়া নাট প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় উজনি বংকোৱাল নাট্য মন্দিৰ প্ৰঙ্গনত৷এই উপলক্ষে আয়োজিত শুভাৰম্ভনি সভাৰ সভাপতিত্ব কৰে “প্ৰজন্ম” আৰু “নৈ পৰীয়া সুৰ বাহিনী”ৰ সভাপতি দ্বয় ৰিন্টু দুৱৰা আৰু সুৰেশ বৰিয়ে৷বিশিষ্ট কবি,সমাজ সেৱক জয়ন্ত মাধৱ মৰাং আৰু কন্ঠ শিল্পী বিশ্বজিত মৰাঙে আতঁ ধৰা অনুষ্ঠানতো উদ্বোধন কৰে কবি,সাংবাদিক,অভিনেতা অমল দাৱে৷

অনুষ্ঠানতোত বিশিষ্ট অতিথি হিছাপে  উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসমীয়া নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰ,কবি ৰফিকুল হুচেইন,নৈ পৰীয়া অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী,সংগ্ৰামী সত্ত্বা ডালিমী লইঙে৷সভাত উপস্থিত থাকে নাট্যকাৰ,গল্পকাৰ সপোন জ্যোতি বৰঠাকুৰ,কবি-নাট্যকাৰ অমৰ শৰ্মা,প্ৰশিক্ষক-নাট পৰিচালক অবিনাশ শৰ্মা,অভিনেতা-নাট প্ৰশিক্ষক টিকেন্দ্ৰজিত দাস,কবি-নাট্যকাৰ পলাশ লইং,বিশিষ্ট লিখক অৰ্ণৱ শইকীয়া,অভিনেতা-ছুটি ছবি নিৰ্মাতা-অভিনেতা সত্যৰঞ্জন বৰা,সংগীত শিল্পী পাপু,মেলামৰা কলেজৰ সহযোগী অধ্যাপক ড° দুৰ্লভ বৰি,জেষ্ঠ মঞ্চ অভিনেতা বুধেশ্বৰ লইং,সমাজকৰ্মী বগাৰাম বৰি,মেকআপ আৰ্টিষ্ট বুলেন বৰাৰ লগতে অঞ্চলতোৰ বহু কেইগৰাকী নাট্য অনুৰাগী ব্যক্তি উপস্থিত থকে৷

অসমৰ ছাত্ৰই নিৰ্মাণ কৰি উলিয়ালে ‘Sensor Enabled’ স্মাৰ্ট জোতা…

দৃষ্টিহীন লোকসকলক সহায় কৰাৰ বাবে অসমৰ এজন ছাত্ৰই নিৰ্মাণ কৰিছে চেন্সৰ-সক্ষম স্মাৰ্ট জোতা। অসমৰ কৰিমগঞ্জ জিলাৰ ৰোৱােলেণ্ডৰ মেম’ৰিয়েল হাই স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰিত কৰ্মকাৰে স্মাৰ্ট জোতাযোৰ ডিজাইন কৰি উলিয়াইছে যাতে দৃষ্টিহীন লোকসকলে খোজ কাঢ়ি থাকোঁতে তেওঁলোকৰ পথত অহা বাধাৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে।

“অন্ধ লোকসকলৰ বাবে মই এই স্মাৰ্ট জোতাযোৰ তৈয়াৰ কৰিছোঁ। যদি এজন অন্ধ ব্যক্তিৰ পথত বাধা থাকে, তেনেহ’লে জোতাৰ চেন্সৰে সেই বাধাটো চিনাক্ত কৰিব আৰু হৰ্ণে সতৰ্কবাণী দিব। যেতিয়া হৰ্ণ বাজিব, দৃষ্টিহীন লোকজনে ইয়াক শুনিবলৈ সক্ষম হ’ব আৰু তেওঁ সতৰ্ক হ’ব পাৰিব আৰু বাধাটো এৰাই চলিবলৈ সেই অনুসৰি কাম কৰিব পাৰিব,” কৰ্মকাৰে কয়।

কৰ্মকাৰে লগতে কয় যে তেওঁ গ্ৰেট ব্ৰিটেইনৰ এজন ব্যক্তিৰ দ্বাৰা স্মাৰ্ট জোতা নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল যিয়ে একে ধৰণৰ জোতা‌ আগতে তৈয়াৰ কৰিছিল। যুৱকজনে লগতে কয় যে “মোৰ লক্ষ্য হৈছে এজন বিজ্ঞানী হোৱা। মই এনে ধৰণৰ কাম কৰিম যিয়ে জনসাধাৰণক সহায় কৰিব”।

ঘগ্ৰাপাৰ হাইস্কুলত নাম ভৰ্তিৰ বাবে লানি নিছিগা সোঁতঃ বিপদত পৰিচালনা সমিতি

যিটো সময়ত চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী বিচাৰি শিক্ষকে ঘৰে ঘৰে যাব লগা হৈছে, শিক্ষাৰ্থীক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৃষ্ট কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ন কৰিব লগা হৈছে, সেই সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুলত নাম ভৰ্তি ৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে। ১৯৪৯ চনতে ঘগ্ৰাপাৰৰ মাজমজিয়াত স্থাপন কৰা ঘগ্ৰাপাৰ হাইস্কুলত বিগত বৰ্ষত নলবাৰী জিলাৰ ভিতৰতে সৰ্বাধিক ছাত্ৰ ছাত্ৰী আছিল। এইবেলিও নৱম আৰু ষষ্ঠ শ্ৰেণীৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰি নাম ভৰ্তিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটে। বিদ্যালয়খনত বৰ্তমানেও  ৯০০ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰী থকাত পুনৰ ষষ্ঠ মান  শ্ৰেণীত প্ৰায় ১৪০ গৰাকী ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ  সুবিধা দিব পাৰিব যদিও এইবেলি অষ্টম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছে ১৩৮ আৰু নৱম মানত ফেল কৰিছে ৭০ গৰাকী সেইমৰ্মে বৰ্তমান নৱম শ্ৰেণীত আছে ২০৮ গৰাকী । নতুনকৈ মাত্ৰ কেইগৰাকীমান হে নাম ভৰ্তিৰ সুবিধা পাব যদিও সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত নাম ভৰ্তি কৰিব নোৱাৰিব। আওপুৰণিয়া সৰু সৰু শ্ৰেণী কোঠাৰ বাবে , শিক্ষকৰ অভাৱ তথা আন্তঃগাঁঠনি অভাৱৰ বাবে বৰ্তমান বিদ্যালয়খনৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হব লগা হৈছে। প্ৰায় ৯০০ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ উক্ত সমস্যা দীৰ্ঘদিনিয়া। আজি নৱম আৰু ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছৰে পৰা বিদ্যালয়খনত নাম ভৰ্তিৰ বাবে অভিভাৱক সকলে হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হয়।

আনহাতে বাছনি পৰীক্ষাৰ প্ৰাকক্ষণত অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য বিদ্যালয়খনত কি কাৰণত সকলো ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ সুবিধা দিব নোৱাৰিব সেই সম্পৰ্কে বাখ্যা কৰি  বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথু ৰাম তালুকদাৰ আৰু বাছনি পৰীক্ষাৰ সভাপতি ৰাতুল চন্দ্ৰ ডেকাই দুখ প্ৰকাশ কৰে।বৰ্তমান নাম ভৰ্ত্তিৰ বিষয়টোৱে শিক্ষক গোট আৰু পৰিচালনা সমিতিক বিপদত পেলোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে শিক্ষকৰ পদ খালী থকা, আন্তঃগাঁথনি অতি দুৰ্বল হোৱাৰ পিছতো বিদ্যালয়খনত অভিভাৱক সকলৰ দিহা পৰামৰ্শত বিদ্যালয় সপ্তাহ, বিভিন্ন খেল ধেমালি,  নিয়মীয়া ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ধাৰাবাহিকভাবে “অংকুৰ” নামৰ বাৰ্ষিক আলোচনী প্ৰকাশ কৰা হয়। এন, চি, চিৰ ক্ষেত্ৰত বিশেষ সুবিধা থকা বিদ্যালয়খনত শৈক্ষিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ ঘগ্ৰাপাৰ অঞ্চলৰ সচেতন অভিভাৱক তথা বিভিন্ন দল,সংগঠনে দাবী জনাইছে।

গোৱালপাৰা জনতা যুৱ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত…

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ এখন অন্যতম জিলা হৈছে গোৱালপাৰা। আজি গোৱালপাৰা জনতা যুৱ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা খন দুধনৈ জন মন্দিৰত অনুষ্ঠিত হয় । ভাৰতীয় জনতা যুৱ মৰ্চা গোৱালপাৰা জিলাৰ সভাপতি শ্ৰীযুত পৱিত্ৰ ৰাভাৰ সভাপতিত্বত আয়োজিত এই সভাত অংশগ্ৰহণ কৰে গোৱালপাৰা জিলা বিজেপিৰ সভাপতি শ্ৰীযুত হিমাদ্ৰী দাস,সাধাৰণ সম্পাদিকা শ্ৰীযুতা গায়ত্ৰী নাথ,সম্পাদক শ্ৰীযুত পংকজ ৰাভা ।

লগতে উপস্থিত থাকে অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদিকা শ্ৰীযুতা টিনামণি দৈমাৰী,জিলা বিজেপিৰ উপসভাপতি শ্ৰীযুত প্ৰহ্লাদ বসুমতাৰী, কোষধোৱা মণ্ডলৰ মণ্ডল সভাপতি শ্ৰীযুত ৰাকেশ সাহা। উপস্থিত থাকে জিলা যুৱ মৰ্চাৰ প্ৰভাৰী অৰ্ণৱজ্যোতি লহকৰ ডাঙৰীয়া, সহ প্ৰভাৰী জ্যোতিষ্মান কাশ্যপ ডাঙৰীয়া, গোৱালপাৰা অনুসূচিত জাতি বোৰ্ডৰ  অধ্যক্ষ শ্ৰীযুত ৰজত কমল দাস ডাঙৰীয়া, গোৱালপাৰা জিলাৰ সামাজিক মাধ্যমৰ সমল ব্যক্তি শ্ৰীযুত অজয় কলিতা ডাঙৰীয়া লগতে জিলা বিষয়ববীয়া, মণ্ডল বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকল ।