Home Blog Page 2424

আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

আম আদমী পাৰ্টিয়ে গুৱাহাটী পৌৰ নিগম দখল কৰিলে দূৰ কৰিব খোৱা পানীৰ সমস্যা

আমাৰ নিৰ্বাচনী ইছ্যু হব গুৱাহাটীৰ খোৱা পানীৰ সমস্যা

২০০৯ চনতে গুৱাহাটীৰ খোৱা পানী প্ৰকল্পৰ বাবে ৪টা কোম্পানীক দায়িত্ব দিছিল

সেই সময়ত উক্ত প্ৰকল্পৰ ৪০০ কোটিৰ বাজেট ধাৰ্য কৰিছিল

কিন্তু এতিয়া প্ৰকল্পৰ বাজেট ৮০০ কোটি টকালৈ বৃদ্ধি কৰিলে

২০২২ চনৰ জুনত প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ কথা আছিল

এতিয়ালৈ ৫০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই প্ৰকল্পৰ

উন্নয়ন মূলক কাম কাজৰ বিপৰীতে শাসকীয় পক্ষই সদায় জাত পাতৰ ৰাজনীতি কৰাৰ অভিযোগ

আমাৰ দলে যি কামৰ প্ৰতিশ্ৰুতি দিয়ে সেয়া কৰি দেখুৱাই

গুৱাহাটীত এক সংবাদমেল যোগে আপৰ ৰাজ্যিক নেতৃত্বই এবাৰ গুৱাহাটীক সেৱা কৰাৰ সুযোগ দিবলৈ আহ্বান জনাই

গোসাইগাঁৱত ইউ পি পি এল দলৰ জিলা কাৰ্যালয় শুভ উদ্বোধন

গোসাইগাও চহৰৰ টি পি ৰোডত ইউ পি পি এল দলৰ গোসাইগাও জিলা সমিতিৰ কাৰ্যালয় খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।২৮ নং গোসাইগাও বিধান সভা সমষ্টিৰ বিধায়কজিৰণ বসুমতাৰীয়ে কাৰ্যালয়খন উদ্ধোধন কৰি কয় যে পূৰ্বতে ভিতৰুৱা ঠাইত
কাৰ্যালয় থকাত আহ যাহ কৰাৰ ক্ষেত্ৰত দলীয় কৰ্মী সকলৰ অসুবিধা থকাত ৰাস্তাৰ কাষতে কাৰ্যালয়খন স্থাপন কৰা হৈছে বুলি কয়।বিজেপি আৰু ইউ পি পি এল দলৰ প্ৰতি ৰাইজৰ বিশ্বাসসমৰ্থন বৃদ্ধি পাইছে।ৰাজ্যসভাতো ইউ পি পি এল দলৰ পৰা সাংসদ জয়ী হৈছে বুলিও কয়।সভাত গোসাইগাও জিলা ইউ পি পি এল দলৰ সভাপতি অনিন্ধ বসুমতাৰীয়ে জিলা সমিতিৰ দায়িত্ব ভাৰ গ্ৰহন কৰিয়েই দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ চেষ্টা চলাই নতুন কৈ ব্লক সমিতি সমূহ গঠন কৰা হৈ আছে বুলি কয়।

অনুষ্ঠানত সাধাৰণ সম্পাদক আয়নাল হক আৰু উৎপল সৰেণ,বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী,কেন্দ্ৰীয় উপসভাপতি জিৰাণ বসুমতাৰী,সাংগঠনিক সম্পাদিকা মুৰ্শিদা বেগম,লোকনাথ নাৰ্জাৰী,ৰাজু নাৰ্জাৰী সহ বহু নেতৃবৃন্দ উপস্থিত থাকে।

এখন কাঠৰ দলঙে যমৰ – যাতনা দেখুৱাইছে মানকাচৰৰ ৰাইজক

সৱধান , ভয়ংকৰ , বিপদজনক এখন কাঠৰ দলং ।আমি দেখুৱাম এখন জোৰাজীৰ্ণ কাঠৰ দলং।ভয়ানক ভঙা এখন কাঠৰ দলংৰ জীয়া ছবি।মানকাচৰ বিধান সভা সমষ্টিৰ দলংখন চিৰা খোৱা কুটিৰ ঘাট সংযোগী এখন দলঙে দেখুৱাইছে উন্নয়ন ফোপোলা স্বৰূপ।উল্লেখযোগ্য যে মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱা একমাত্ৰ দলং।

দলং খন জৰাজীৰ্ণ হোৱাৰ কাৰণে স্থানীয় ৰাইজ অথবা ছাত্ৰ ছাত্ৰী সকলোৰ অহা যোৱা বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছে । বিধায়ক আমিনুল ইছলামক আমছু কৰ্মকৰ্তা সকলে এক সপ্তাহত দলং খনৰ নিৰ্মান কৰি দিয়াৰ দাবী জনায় আৰু দলং খন নিৰ্মান নকৰিলে ভয়াৱহ আন্দোলন কৰিব বুলি জানিব দিয়ে।

ভাৰত বাংলাদেশ সীমান্তত অনুষ্ঠিত হ’ল কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰীয়া আজাদি কি অমৃত মহোৎসৱ অনুষ্ঠান।

ভাৰত ৰাষ্ট্ৰৰ ৰাজধানী নতুন দিল্লী অৰ্থাৎ শাসণাধিস্থ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দেশৰ স্বাধীনতাৰ ৭৫বছৰ পূৰ্ণ হোৱা উপলক্ষে শেহতীয়াকৈ সমগ্ৰ দেশ ব্যাপী উদযাপিত হৈ অহা “আজাদি কি অমৃত মহোৎসৱ “ৰ সৈতে সংগতি ৰাখি অসম চৰকাৰ সংস্কৃতিক মন্ত্ৰণালয় সহযোগিতাত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ উদ্যোগত নামনি অসমৰ ধুবুৰী জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৰ গোলোকগঞ্জ অঞ্চলৰ বিষখোৱাত অনুষ্ঠিত হয় “সৰহদ কো স্বৰাঞ্জলি ” নামৰ এক বৃহৎ অনুষ্ঠান।প্রাপ্ত বাতৰিমতে চলিত কেইবাদিনো ধৰি নামনি অসমত নেৰানেপেৰা বৰষুণৰ মাজতো জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰা উক্ত কাৰ্যসূচী সমূহ “কাৰ্গিল পথাৰত” অনুষ্ঠিত হোৱা মূলতো জিতুল সোনোৱাল ,বিদ্যাসাগৰ, সীমান্ত শেখৰ ,মন্মথ বৰুৱা,ববিতা শৰ্মা,ত্ৰিবেণী মজুমদাৰ,শৰৎ ৰাগ আৰু জয় চক্ৰৱৰ্তী কে ধৰি কেইবাগৰাকী ৰাজ্য ৰ জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আৰু ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ- সংযোজন প্রদীপন ,দিল্লীৰ হনস ফাউণ্ডেচন ৰ সঞ্চালক বিকাশ বাৰ্মা ,অসম প্ৰকাশন পৰিষদ ৰ সঞ্চালক প্ৰমোদ কলিতা, যোগেন ৰায়,বিনীত ৰাৱাত ,নিখিল চন্দ্ৰ সৰকাৰ ,উপেন্দ্ৰ নাথ চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত তথ্য চিত্ৰ আৰু নাটকৰ লগতে জনসভাত অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ।

দুখবৰ! দুৰ্ঘটনাতগ্ৰস্ত অভিনেত্ৰী মালাইকা অৰোৰা…

মুম্বাইত অভিনেত্ৰী মালাইকা অৰোৰাৰ বাহন দুৰ্ঘটনাতগ্ৰস্ত। চকুৰ ওচৰত আঘাত পোৱাৰ পিছত মালাইকা অৰোৰাক চিকিৎসাৰ বাবে এপোলো চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

তিনিখন বাহনৰ খুন্দাত তিনিওখন বাহন ক্ষতিগ্ৰস্ত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰিছে। আৰু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধান কৰাৰ পিছত এখন এজাহাৰ পঞ্জীয়ন কৰা হ’ব।

অভয়াপুৰীৰ ধৰ্মপুৰ-বৰঘোলা ৰাজ্যিক পথত প্ৰকাণ্ড-প্ৰকাণ্ড গাত…

 বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত অভয়াপুৰী ধৰ্মপুৰৰ পৰা বৰঘোলালৈ যোৱা ৰাজ্যিক ঘাইপথটো বছৰ-বছৰ ধৰি মেৰামতি নকৰাৰ ফলতেই বিধ্বস্ত হৈ পৰাত যাতায়ত বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ  আই-মানাহৰ বিধৌত অঞ্চলটোৰ কোকিলা, কীৰ্তনপাৰা, জপেয়া,নাম্বাৰপাৰা,বৰঘোলা, তিলপুখুৰী, কাহিবাৰী, দৰকিনামাৰী, বটগুৰি ,চক্ৰভৌম, সৃজনগ্ৰাম আদি অঞ্চলৰ লোকে শিক্ষা, চিকিৎস্যা,ব্যৱসায়-বানিজ্য আদি বিভিন্ন ক্ষেত্ৰত নিতৌ হাজাৰ-হাজাৰ লোকে মহকুমাৰ সদৰ অভয়াপুৰী তথা জিলাৰ সদৰ বঙাইগাৱঁলৈ অহা-যোৱা কৰিব লাগে ।তেনেদৰে সৃজনগ্ৰাম খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি গুৰুত্বপূৰ্ণ স্হানলৈ উক্ত পথতেই একমাত্ৰ পথ হোৱাৰ লগতে অভয়াপুৰী, বঙাইগাওঁ, উত্তৰ-শালমাৰা আদি অঞ্চলৰ লোকো একেটা পথেৰেই অহা-যোৱা কৰিব লাগে ।

কিন্ত আজি কেবাবছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্ৰকাণ্ড-প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে । এনে অৱস্থাত বিগত দুদিনৰ বৰষুণৰ পানীয়ে পথৰ বহু অংশ বুৰাই পেলাইছে । কবলৈ গ’লে উত্তৰ অভয়াপুৰী সমষ্টিৰ একমাত্ৰ ব্যস্ত পথটো কেবাবছৰ ধৰি মেৰামতি নকৰাৰ ফলত ইমানেই জৰাজীৰ্ণ  হৈ পৰিছে যে যান-বাহনৰ চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে । প্ৰসূতি বা অন্যান্য ৰোগীৰ লগতে বয়োজ্যেষ্ঠ লোকে পথছোৱাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত এশবাৰ ভাবিবলগীয়া হৈছে ৷ বাৰিষাৰ আগতে দুদিনৰ বৰষুণতে পথটোৰ অৱস্থা তথৈবচ হৈ পৰাত সৃজনগ্ৰাম সন্মিলিত নাগৰিক মঞ্চই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছ ৷ সংগঠনটোৱে পথটো শীঘ্ৰে নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনায় ৷

হাজোৰ মীনপালন কাৰ্যালয়ত কৃষক সজাগতা সভা…

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মীনপালন কাৰ্যলয় বাসগৃহত আজি ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডল আৰু উত্তৰ হাজো মণ্ডলৰ কিষান মৰ্চাৰ উদ্যোগত এখনি কৃষক সজাগতা সভা সম্পণ্ণ হ’য়।বন্তি প্ৰজলন ,পুষ্পাঞ্জলী অৰ্পন,মাতৃ বন্দনাৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষন আগবঢ়াই কিষান মৰ্চা হাজো মণ্ডলৰ সাধাৰণ সম্পাদক অনিৰুদ্ধ ডেকাই। উত্তৰ কামৰূপ জিলা কিষান মৰ্চাৰ সভাপতি ৰাজীৱ লোচন  শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনিত মীন পালন ,কৃষি কাৰ্য,পশু পালনৰ জঢ়িয়তে কৃষকৰ উপযুক্ত শ্ৰম মৰ্যাদাৰে কিদৰে আত্মস্বাৱলম্বী হব পাৰি সেই বিষয়ে উপস্থিত কৃষক সকলক উদ্দেশ্যি গঠনমূলক বক্তব্য আগবঢ়াই  ।


সভাত সমল ব্যক্তি ৰূপে উপস্থিত থাকি মাগদৰ্শন আগবঢ়াই ড° কমল শৰ্মা, ড° দিলীপ পাঠক,পশু চিকিৎসকড° নৱজ্যোতি শৰ্মা,কৃষি বিভাগৰ ব্লক টেকনিকেল মেনেজাৰ অনিল মেধি,আৰু মীন উণ্ণয়ন বিষয়া ৰঞ্জিত শৰ্মাই।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিজেপি হাজো মণ্ডল কৃষক মৰ্চাৰ সভাপতি শশীন নাথে। তদুপৰি আজিৰ সভাত উপস্থিত থাকে  ৩ নং জিলা পৰিষদৰ সদস্য বিপুল দাস,সুবল পাল,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি উদয় কলিতা,সাধৰণ সম্পাদক দ্বীপেন চন্দ্ৰ দাস,সত্যজিৎ দাস,মণ্টু দাস,ভাগ্যশ্ৰী বৈশ্য,নিতু দাস,গিৰিন্দ্ৰ কলিতা,মৃদুল বৰ্মন,বিনা বৈশ্যকে প্ৰমূখ্য কৰি অৰ্ধ শতাধিক দলীয় কৰ্মী, কৃষক সমাজ ও প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

কামৰূপ জিলা দিৱসত নীলিম কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত ‘বসন্তত শব্দৰ বৰষুণ’  শীৰ্ষক কবি সন্মিলন…

কামৰূপ জিলা দিৱসৰ আজি তৃতীয় দিনা অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে জীপাল হয় আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ৷ জিলাখনৰ পৰ্যটন বিষয়া ডেনি গামে আঁত ধৰা ‘বসন্তত শব্দৰ বৰষুণ’ শীৰ্ষক কবি সন্মিলনখন সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে৷ সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি তথা কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক লুটফা হানুম ছেলিমা বেগমে৷ সন্মিলনখনত নীলিমা ঠাকুৰীয়া হক, বিজয় শংকৰ বৰ্মন, সৌৰভ শইকীয়া, নিবেদন দাস পাটোৱাৰী, অনিন্দিতা ফুকন, বৰ্ণালী ভৰালী, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ভূপেন পাটোৱাৰী, কোকিল শইকীয়া, হিমাদ্ৰী বৰা আৰু সমীন বেজবৰুৱা, ৰুণু ৰঞ্জন লহকৰকে ধৰি কেইবাগৰাকীও কবিয়ে স্বৰচিত কবিতা পাঠ কৰে৷ সঞ্চালক কুমাৰে কয় যে কবিতা লিখোতে কবিয়ে কেতিয়াও শিল্পৰ পৰা আঁতৰি যাব নালাগে৷ শব্দইহে স্মৃতিক জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয় যে শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত কবিসকল অতি সচেতন হ’ব লাগে যাতে ইয়াৰ অযথা ব্যৱহাৰ নহয়৷ আনহাতে আজিৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ই-প্ৰস্তুতিৰ অধীনত ডিজাইন কৰা জিলা ৱেৱছাইট kamrup.assam.gov.in আনুষ্ঠানিকভাৱে মুকলি কৰে৷

ভাষণ প্ৰসংগত শ্ৰীকাৰ্তিকে এই ৱেব ছাইট ডিজাইন আৰু ডেভেলপ কৰাৰ বাবে ভাৰত চৰকাৰৰ এন আই চিক ধন্যবাদ জনায় আৰু এই ৱেব ছাইটে প্ৰশাসন আৰু ৰাইজৰ মাজত আধুনিক যোগসূত্ৰ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ৱেব ছাইটটো ভৱিষ্যেতেও তথ্য সমৃদ্ধ কৰি পৰিচালনা কৰাৰ বাবে আহ্বান জনায়৷  আজিৰ কথাছবি প্ৰদৰ্শন শিতানত ভিলেজ ৰকষ্টাৰ, কণিকাৰ ৰামধেনু, নিষিদ্ধ নদী আৰু সোণৰ বৰণ পখী কথাছবি প্ৰদৰ্শন কৰা হয়৷ সন্ধিয়া শুৱালকুছি ফেশ্বন টেকন’লজি প্ৰতিষ্ঠানে এখন ফেশ্বন শ্ব’ প্ৰদৰ্শন কৰে৷ আনহাতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীয় লোক নৃত্য-গীতেৰে বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী প্ৰণীতা বৈশ্য মেধিয়ে লোসংগীত পৰিবেশন কৰে৷ আনহাতে  জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্য এক আকৰ্ষণ৷

ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ পথত মণ্টু কোঁৱৰ…

চিচি ব্লক (RKVY Vety  Project ) FPC ৰ  CEO লখিমপুৰ নাৰায়ণপুৰৰ  মণ্টু কোঁৱৰ নামৰ যুৱকজনে ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বগীবিলৰ  শিঙিৰ বিলৰ পাৰৰ ১৩ বিঘা মাটিত জৈৱিক ভাৱে ভোট জলকীয়া খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহ জন্মাই এক আদৰ্শ দাঙি ধৰিছে । স্থানীয় যুৱক ভাস্কৰ টায়ে আৰু লক্ষীনাথ দলেৰ সহযোগত মণ্টু কোঁৱৰে প্ৰায়  ৪ লাখ ৫০ হাজাৰ টকা খৰচ কৰি ১৪ হাজাৰ জোপা ভোট জলকীয়া পুলি ৰুই প্ৰতি কেজিত ৫০০  টকাকৈ প্ৰায় ১৪ লাখ টকা সংগ্ৰহৰ পৰিকল্পনা কৰিছে ।

মণ্টু কোঁৱৰে এই ভোট জলকীয়াৰ উন্নতমানদণ্ডৰ পুলিসমূহ নাগালেণ্ড, ডিমাপুৰ আৰু শিৱসাগৰৰ পৰা সংগ্ৰহ কৰাৰ কথা আমাক অৱগত কৰে । উৎপাদিত ভোট জলকীয়া ভূটান, মুম্বাইৰ লগতে অন্যান্য বহুকেইটা বহু জাতিক কোম্পানীলৈ ৰপ্তানিৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও যুুুৱকজনে ১০ বিঘা মাটিত গোমধানৰ খেতি কৰাৰ লগতে অন্য ৮০  বিঘা মাটিত আগতীয়াকৈ মাটি  মাহৰ  খেতি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

আপুনি ফাইনেঞ্চত গাড়ী কিনিছে যদি সাবধান হওক…

হয় আপুনি ফাইনেঞ্চত গাড়ী কিনাছে নেকি ? যদিহে কিনিছে সাবধান হওক .কাৰণ  একাংশ দালাল ৰূপী ভুৱা লোকে আপোনাৰ গাড়ী খন আগোচি চলাব পাৰে ধকাইতিৰ দৰে গুণ্ডাৰাজ ৷ তাৰে প্ৰমাণ হ’ল বিশ্বনাথৰ এগৰাকী গাড়ী ক্ৰয় কৰা ব্যক্তিৰ ওপৰত ৷ ব্যক্তি গৰাকীয়ে মহিন্দ্ৰা ফাইনেঞ্চৰ জৰিয়তে আজিৰ পৰা ৪ বছৰ ৬ মাহ পুৰ্বে ক্ৰয় কৰিছিল এখন TATA TIAGO   এখন বাহন । মহিন্দ্ৰা ফাইনেঞ্চত তেখেতে প্ৰতি মাহে EMI  দি আহিছিল , যদিও কভিড কালীন পৰিস্থিতিৰ বাবে দুটা মাহৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে যোৱা কালি তেজপুৰৰ গৰৈমাৰীত AS 12 AB 3842 নম্বৰৰ SWIFT বাহনত অহা এটা ৪/৫ জনীয়া দলে তেখেতৰ গাড়ী খন আগোচি গাড়ীৰ গৰাকীক নমাই নি চুইফট বাহন খনত বলপুৰ্বক ভাৱে বহিবলৈ যোৰ কৰে , অন্যথা ৩০ হাজাৰ টকা দিলে তেওক গাড়ীখন সহ যাব  দিব বুলি ভাবুকি দিয়ে , কিছু সময়ৰ পাছতে গাড়ীৰ গৰাকীৰ মোবাইল লৈ তেওঁৰ একাউণ্টৰ পৰা  9101674946 নম্বৰৰ পিংকি শইকীয়া নামৰ যুৱতী গৰাকীৰ নম্বৰত ১৭০০০ টকা  প্ৰেৰণ কৰাৰ লগতে আবেলি ৪ বজাৰ ভিতৰত আৰু ৪ হাজাৰ টকা প্ৰেৰণ নকৰিলে গাড়ী খন পুনৰ জব্দ কৰাৰ ভাবুকি দিয়ে ৷

উপায়ন্তৰ হৈ ভুক্তভোগী গৰাকীয়ে নিজৰ খুৰীয়েকেক চকু চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ বাবে নিয়া সকলো পইচা তেখেত সকল ক্ৰমে অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালী নামৰ ধকাইতি সদৃশ মহিন্দ্ৰা ফাইনেঞ্চৰ নাম লোৱা গুণ্ডাগিৰী দলটোক ২১০০০ টকা দিবলৈ বাধ্য হয় ৷ পাছত মহিন্দ্ৰা ফাইনেঞ্চৰ কতৃপক্ষৰ লগত যোগাযোগ কৰাত উলাই পৰে উৰহি গছৰ ওৰ ৷ ফাইনেঞ্চ কোনো অনুমতি নোহোৱাকৈ আজি বহু দিন ধৰি এই অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালীৰ টিমে REPO  ৰ নাম লৈ চলাই আহিছে বিভিন্ন ধৰণে গুণ্ডাৰাজ ৷ এখন গাড়ীৰ পৰা Recovery চাৰ্জ হিচাপে দিমান কৰে প্ৰায় ১০০০০ হাজাৰৰ অধিক টকা ৷ ঠিক যোৱা কালি গুণ্ডাগিৰি চলাই লুহিত শইকীয়াৰ পৰা লোৱা ২১০০০ টকাৰে ১০০০০ টকা repo  চাৰ্জ হিচাপে লয় পিংকি শইকীয়া নামৰ যুৱতী গৰাকীৰ লগতে নয়নজ্যোতি ভৰালীৰ টিম টোৱে ৷ আইনৰ সহায় লোৱা বুলি গম পাই পৰবৰ্তী সময়ত পিংকি শইকীয়াই ১১০০০ হাজাৰ টকা মহিন্দ্ৰা ফাইনেঞ্চক দিয়ে , বাকী  ১০০০০ টকা ভূক্তভোগী গাড়ীৰ গৰাকীক পিংকি শইকীয়াই ঘুৰাই দিয়ে ৷ এইক্ষেত্ৰত মহিন্দ্ৰা ফাইনেঞ্চৰ পৰিচালক গৰাকীয়ে ৰাইজক সচেতন হোৱাৰ বাবে কয় যে এনেকুৱাকৈ যদি আপোনাৰ গাড়ী খন ৰাস্তাত আগুচি ধৰে পোন প্ৰথমে বিভাগীয় কতৃপক্ষৰ লগত যোগাযোগ কৰিহে পইচা দিব নহলে আইনৰ সহায় লবৰ বাবে ৰাইজক অনুৰোধ জনাই ৷ ইতিমধ্যে লুহিত শইকীয়াই জিনজিয়া আৰক্ষী থানাত এক গোচৰ তৰিছে , এতিয়া প্ৰশ্ন হয় অংকুৰ ভূঞা , নয়নজ্যোতি ভৰালী আৰু পিংকি শইকীয়া নামৰ এই ভূৱা recovery টিম টোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব ৷ নে আকৌ সৰ্বসাধাৰণ লোকক বিনা কাৰণে এইদৰে ৰাজপথত ৰখাই ধকাইতিৰ দৰে লুটপাট চলাই অব্যাহত ৰাখিব সিহঁতৰ গুণ্ডাৰাজ ৷