Home Blog Page 2439

চিৰাঙত দুটাকৈ অঞ্চলত চাঞ্চল্যৰ ডকাইতি,পিষ্টল দেখুৱাই লুটি নিলে ছয় লাখ টকা

চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৰ কয়লা ময়লা উপ আৰক্ষী চকীৰ অধীনৰ মালিভিটা ভি চি ডি চিৰ অন্তৰ্গত দুটাকৈ স্থানত কালি নিশা ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ ফলত জিলাখনৰ ভিতৰুৱা অঞ্চলত জনসাধাৰণৰ মাজত বিৰাজ কৰিছে শংকা ৷ উল্লেখযোগ্য যে, বিটিআৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পাছত বিটিচিত শান্তি প্ৰতিষ্ঠা হৈছিল যদিও চিৰাঙত কালিৰ ঘটনাত মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে দুটাকৈ ডকাইতিৰ ঘটনা সংঘটিত কৰে ৷ প্ৰথমটো ঘটনা সংঘটিত হয় মালিভিটা ভিচিডিচিৰ অধীনৰ দুই নম্বৰ যমুনাগুৰি গাঁৱত ৷ ছজনীয়া মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে উল্লিখিত গাঁৱৰ অবিনাশ মুছাহাৰী নামৰ তামোলৰ ব্যৱসায়ী জনৰ ঘৰত সন্ধিয়া ৭.১৫ মান বজাত সোমাই পিষ্টলেৰে হত্যাৰ ভাবুকি দি ব্যৱসায়ী জনৰ পৰিয়ালৰ পৰা দুই লাখ টকা লৈ যোৱাৰ লগতে পৰিবাৰৰ পৰা দুযোৰ কাণৰ সোণ লৈ যায়৷

দ্বিতীয় ঘটনা সংঘটিত হয় প্ৰথম ঘটনাৰ চাৰি কিলোগ্ৰাম নিলগৰ মালিভিটা ইন্দ্ৰপুৰ গাঁৱত ৷মালিভিটা বজাৰৰ গেলামাল দোকানী কৃষ্ণ লুইটেলৰ ঘৰত তিনিজনীয়া পিষ্টলধাৰী যুৱকে লুইটেলৰ বোৱাৰীক ঢকিয়াই দি ঘৰৰ ভিতৰত দুটাকৈ পিষ্টলৰ গুলি ফুটাই মৃত্যুৰ ভাবুকি দি কৃষ্ণ লুইটেলৰ লগতে পুত্ৰ বোৱাৰীৰ পৰা কমেও চাৰি লাখ টকা লৈ যায় ৷ইপিনে কালি নিশাৰ ঘটনাৰ পাছতে চিৰাং আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ঘটনা সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ঘটনাৰ পাছতে আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ৷ অতি সোনকালে অপৰাধী সকলক কৰায়ত্ত কৰিবলৈ সক্ষম হব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

কাৰ সৈতে লং ড্রাইভত গৈছে সুন্দৰী শচীন তনয়া!

শচীন তেণ্ডুলকাৰৰ সুন্দৰী কন্যা ছাৰা তেণ্ডুলকাৰকলৈ চৰ্চাৰ কোনো অন্ত নাই৷ ছচিয়েল মিডিয়াত ছাৰাৰ পোষ্ট লগে লগে ভাইৰেল হৈ পৰে৷ ছাৰা তেণ্ডুলকাৰে অলপতে লং ড্ৰাইভত যোৱাকলৈ ছচিয়েল মিডিয়াত ব্যাপক আলোচনা চলিছিল।শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁক ড্ৰাইভ কৰিবলৈ যোৱা দেখা গৈছিল৷

তেওঁৰ সৈতে কোন আছে সেয়া ভিডিঅ’টোৰ পৰা জনা নাযায়৷ ছাৰা তেণ্ডুলকাৰৰ বিষয়ে গচিপৰ অন্ত নাই৷ শুভমান গিলৰ সৈতেও ছাৰা তেণ্ডুলকাৰ প্ৰেমৰ সম্পৰ্কত আছে বুলি চৰ্চা চলি থাকে। ছাৰা তেণ্ডুলকাৰে গাড়ীত হৃত্বিক ৰোশনৰ প্ৰথম ছবি কহো না প্যাৰ হেৰ চুপাৰহিট গান ‘না তুম জানে না হাম’ বজোৱা শুনিবলৈ পোৱা গৈছিল।

ছাৰা তেণ্ডুলকাৰক সকলো সময়তে সুন্দৰী লাগে। সেইদিনাও নাছিল ইয়াৰ ব্যতিক্ৰম৷ লগতে বৰ আনন্দ মনে থকা দেখিবলৈ পোৱা গৈছিল।ছাৰাৰ বয়স ২৪ বছৰ। বৰ্তমান স্কটলেণ্ডত অৱসৰ বিনোদনত ব্যস্ত শচীন কন্যা।

জুনো মহাকাশযানৰে বৃহস্পতি গ্ৰহৰ ফটো তুলিলে নাছাই…

জুনো মহাকাশযানৰ জৰিয়তে বৃহস্পতি গ্ৰহৰ কিছুমান নতুন ছবি তুলিবলৈ সক্ষম হৈছে। জুনো মিছনৰ জৰিয়তে বৃহস্পতিগ্ৰহৰ দক্ষিণ অংশৰ কেইবাখনো ছবি তোলা হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে আইঅ’ আৰু ইউৰোপা ছবি।চলিত বৰ্ষৰ ১২ নৱেম্বৰত জুনো মহাকাশযানখন ৩৯ সংখ্যক বাৰৰ বাবে বৃহস্পতিগ্ৰহৰ অতি ওচৰত উপস্থিত হৈছিল। সেই সময়তে বৃহস্পতিগ্ৰহৰ ফটো লোৱা হৈছিল বুলি নাছাই দাবী কৰে।

ফটো লোৱাৰ সময়ত, জুনো মহাকাশযান বৃহস্পতিৰ গ্ৰহৰ ক্লাউড টপৰ পৰা ৬১,০০০ কিলোমিটাৰ ওপৰত আছিল। নাছাই কয় যে, ছবিবোৰ জুনোকেম ইনষ্ট্ৰুমেণ্ট তথ্য ব্যৱহাৰ কৰি নাগৰিক বিজ্ঞানী এণ্ড্ৰিয়া লাকে আবদ্ধ কৰিবলৈ সক্ষম হৈছে।নাছাই লগতে এইটোও ঘোষণা কৰিছে যে ২০২৩ চনৰ শেষৰ ফালে আৰু ২০২৪ ৰ আৰম্ভণিৰ ভিতৰত জুনো মহাকাশযান আইঅ’ৰ ওচৰ চাপিব। নাছাই এই অভিয়ানকালত চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব। এই অভিযান ছেপ্টেম্বৰ ২০২৫-ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি নাছাই ঘোষণা কৰে। সেই অভিযানৰ সময়ত, গৱেষকসকলে সৌৰজগতৰ চন্দ্ৰৰ বিষয়ে আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য বিচাৰি পাব বুলি আশা কৰে। ইয়াৰ উপৰিও, নাছাই ৰহস্যময় চন্দ্ৰৰ আৰু কিছুমান ফটো বিচাৰি পাব বুলি আশা কৰিছে। এই উৎক্ষেপণটো ২০২৪ চনৰ অক্টোবৰত অনুষ্ঠিত হ’ব।

জুনো মহাকাশযানে ২০১৬ চনত বৃহস্পতিগ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিছিল। জুনো যানখন যোৱা বছৰৰ ৭ জুনত বৃহস্পতিগ্ৰহৰ সৰ্ববৃহৎ চন্দ্ৰ গানিমেডৰ আটাইতকৈ ওচৰলৈ গৈছিল। সেই সময়ত, গানিমেডৰ পৰা মহাকাশযানখনৰ দূৰত্ব আছিল ৬৪৫ মাইল। ২০০০ চনৰ ২০ মে তাৰিখে নাছাৰ গেলিলিঅ মহাকাশযান চন্দ্ৰৰ ওচৰ চাপি আহিছিল।

IAS টিনা ডাবিয়ে বিচাৰি পালে জীৱনসংগী…

প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ মাজত চৰ্চিত এক নাম টিনা ডাবি। ২০১৫ বৰ্ষৰ UPSC পৰীক্ষাৰ টপাৰ টিনা ডাবি পুনৰ এবাৰ চৰ্চালৈ আহিছে। ৰাজস্থানৰ বিত্ত মন্ত্ৰণালয়ৰ যুটীয়া সচিব ২৮ বছৰীয়া টিনাই দ্বিতীয় বিবাহৰ বাবে সাজু হৈছে। IAS বিষয়া প্ৰদীপ গৱাণ্ডেৰ সৈতে জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব। গৱাণ্ডে বৰ্তমান ৰাজস্থান আৰ্কিঅলজী এণ্ড মিউজিয়ামৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে। ছচিয়েল মিডিয়াত এক্টিভ টিনা ডাবিয়ে ইতিমধ্যে সুখবৰ শ্বেয়াৰ কৰিছে। মই এই হাঁহি পিন্ধি আছো, যি তুমি বিলাই আছা বুলি কেপচন দি দুয়োৰে ৰঙা পোছাক পৰিহিত ফটো আপলোড কৰিছে। উল্লেখ্য যে, ২২ এপ্ৰিলত দুয়োৰে বিয়াৰ ৰিচেপচনৰ আয়োজন কৰিছে। জয়পুৰৰ এখন হোটেলত বিশেষ অতিথিৰ উপস্থিতিত সম্পন্ন হব আড়ম্বৰপূৰ্ণ অনুষ্ঠান।

মন কৰিবলগীয়া যে, ২০১৮ চনত IAS বিষয়া অতহৰ আমিৰৰ সৈতে বিবাহ হৈছিল যদিও দুয়োৰে বিবাহিত জীৱন সফল নহল। দুবছৰৰ পিছতে ২০২০ চনত জয়পুৰৰ এখন ফেমিলী কৰ্টত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। ২০২১ চনৰ আগষ্ট মাহত আনুষ্ঠানিকভাবে দুয়োগৰাকীয়ে সম্পূৰ্ণ পৃথক বুলি ঘোষণা কৰে। উল্লেখ্য যে, ২০১৫ চনত সৰ্বভাৰতীয় পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল টিনা ডাবিয়ে। সেই সময়ৰ প্ৰেমিক তথা প্ৰথম স্বামী অতহৰে দ্বিতীয় স্থান দখল কৰিছিল। মধ্যপ্ৰদেশৰ ভূপালত টিনা ডাবিয়ে জন্মগ্ৰহণ কৰিছিল যদিও বৰ্তমান টিনাৰ পৰিয়াল জয়পুৰৰ আৱাসী। বয়সত ১৩ বছৰ ডাঙৰ IAS বিষয়াগৰাকীৰে টিনাই আৰম্ভ কৰিব নতুন জীৱন।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী থানাত স্মাৰক পত্ৰ প্ৰদান ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলৰ…

কামৰূপ জিলাৰ অন্তৰ্গত হাজো আৰক্ষী থানাত ড্ৰাগছ আৰু চোৰৰ সন্ত্ৰাসৰ বিৰুদ্ধে উচিত তদন্তৰ বাবে আজি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলে।উল্লেখ্য যে বিগত দিন ছোৱাত নিজ হাজো এলেকাত একাংশ অসাধু ড্ৰাগছ সেৱনকাৰীয়ে চুৰি ডকাইতি কাৰ্যৰে ড্ৰাগছ সেৱনৰ লগতে ড্ৰাগছ সৰবৰাহৰ ৰমৰমীয়া বেহা চলাই থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।যাৰ পৰিনতিত একাংশ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰিছে।

আৰু ইয়াৰ পৰা পৰিত্ৰান পাবলৈ হাজো আৰক্ষী থানাত ড্ৰাগছ আৰু চোৰৰ সন্ত্ৰাসৰ বিৰুদ্ধে উচিত তদন্তৰ বাবে আজি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলে।শীৰ্ষক স্মাৰক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস,ভাৰতীয় জনতা যুৱ মৰ্চা হাজো মণ্ডলৰ সভাপতি দীক দাস,বিজেপি কৰ্মী পংকজ দাসকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।অৱশ্যে এইক্ষেত্ৰত অনাগত দিনত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়েওঁ উচিত পদক্ষেপ গ্ৰহন কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

এটা উটৰ দাম কিমান? এটা উটৰ দামে হতচকিত কৰিব আপোনাক…

আপুনি হয়তো বিভিন্ন সামগ্ৰীৰ ভিন্ন দাম শুনিছে। এটা উটৰ মূল্য শুনিলে আপুনি আচৰিত হৈ উঠিব। এটা উট এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। উটটোৰ মূল্য শুনিলে আপুনিও আচৰিত হ’ব, এই উটটোৰ দাম ১৪ কোটি ২৩ লাখ টকা। চৌদি আৰৱৰ উট বিশ্বত প্ৰায়ে চৰ্চাত থাকে। মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বাঢ়িছে উটৰ দাম। চৌদি আৰৱত এই উটটোৰ মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল। প্ৰাৰম্ভিক অৱস্থাত উটটোৰ দাম ভাৰতীয় টকাৰ হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ টকা ধাৰ্য কৰা হৈছিল। পিছত এই উটটোৰ মূল্য ১০ কোটিৰ পৰা ১৪ কোটি লৈ বৃদ্ধি পায়।

উটটোৰ সৰ্বাধিক মূল্য ৭ মিলিয়ন চৌদি ৰিয়েল নিলাম নিবিদা আছিল। ভাৰতীয় টকাৰ হিচাপত ১৪ কৌটি ২৩ লাখ ৪৫ হাজাৰ টকা। উটটো এই মূল্যত কোনে ক্ৰয় কৰে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৃহৎ মূল্যত বিক্ৰী হোৱা এই বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো নিজৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত। এই প্ৰজাতিৰ উট পাবলৈ তেনেই তাকৰ। যাৰ বাবেই এই প্ৰজাতিৰ উট ক্ৰয় কৰিবৰ বাবে লোকসকলে কোটি কোটি টকা খৰচ কৰে। ৰমজান মাহত উটক অতি গুৰুপূৰ্ণ গণ্য কৰা হয়, কাৰণ চৌদি আৰৱত ৰমজান মাহৰ শেষৰ দিনা উট বলি দিয়া হয়। প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত কৰা হয়।

চিচিবৰগাঁৱত অনুষ্ঠিত ১৫ দিনীয়া বিহু আখৰাৰ সামৰণি…

চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ বিহুৱা সমাজৰ উদ্যোগত আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ চিচিবৰগাঁৱৰ সহযোগত চৌখামটিং গাঁৱত অৱস্থিত বীৰাংগনা সতী সাধনী স্মৃতি ভৱনত যোৱা ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হৈছিল বিহুনাম, হুঁচৰি, বিহুনাচ আৰু বিহু বাদ্যৰ এক আখৰাৰ অনুষ্ঠান । সম্প্ৰতি গাওঁসমূহৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা হুঁচৰি আৰু চোতাল বিহুৰ পৰম্পৰাক জীয়াই ৰখাৰ স্বাৰ্থত চৌখামটিং গাঁৱৰ কেইজনমান বিহুপ্ৰেমী যুৱকৰ প্ৰচেষ্টাত অনুষ্ঠিত কৰা হৈছিল এই বিহুৰ আখৰা অনুষ্ঠানৰ ।

১৫ দিনীয়া বিহু আখৰা অনুষ্ঠানত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল শিৱসাগৰৰ বিহুৱা ক্ৰমে অঞ্জন বৰুৱা, সুদৰ্শন শইকীয়া, জ্যোতিপ্ৰসাদ দাস, টিংখাঙৰ যোগেশ বিকাশ শইকীয়া আৰু সাপেখাটীৰ বিহুৱতী মৰমী বৰুৱাই । অনুষ্ঠানটোত অঞ্চলৰ শতাধিক কণ কণ নাচনীয়ে বিহুনাচ, বিহুবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে অঞ্চলৰ বহুতো যুৱক-যুৱতীয়ে হুঁচৰি, বিহুগীত আৰু বিহুবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰে । আজি উক্ত আখৰা অনুষ্ঠানৰ সফল সফলতাৰে সামৰণি পৰে । আজি অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানত ঢোল, পেঁপাৰ মাত আৰু শতাধিক নাচনীৰ বিহুনাচত উখলমাখল পৰিবেশ সৃষ্টি হয় উদযাপনস্থলীত ।  চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষাবিদ, সাহিত্যিক পূৰ্ণচন্দ্ৰ চুতীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অঞ্চলটোৰ পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ।

হেই, বাদ দিয়া হে! এই বুমৰাহ-ভূমৰাই কি কৰিবঃ কোহলী

Indian cricket captain Virat Kohli congratulate Jasprit Bumrah during the 3rd One Day International cricket match between Sri Lanka and India at the Pallekele international cricket stadium at Kandy, Sri Lanka on Sunday 27 August 2017. (Photo by Tharaka Basnayaka/NurPhoto via Getty Images)

আৰচিবিৰ জাৰ্ছীৰ পৰা পোনে পোনে IPL বিশেষজ্ঞৰ বাব ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলেলৈ। একপ্ৰকাৰ আসন্ন হৈ পৰিছে পাৰ্থিৱ পেটেলৰ ক্ৰিকেট কেৰিয়াৰ। অৱশ্যে, ক্ৰিকেট ‘পণ্ডিত’ হোৱাৰ পাছত কেইবাটাও চাঞ্চল্যকৰ পুৰণি ঘটনা শ্বেয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছে পাৰ্থিৱ পেটেলে। ক্ৰিকবাজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, পাৰ্থিৱে বুমৰাহৰ বিষয়ে কোহলীৰ চাঞ্চল্যকৰ মন্তব্য শ্বেয়াৰ কৰি ক্ৰীড়া এৰিনাত আলোড়নৰ সৃষ্টি কৰিছে। পাৰ্থিৱে কয়, ‘২০১৪ চনত, যেতিয়া মই আৰচিবিৰ হৈ খেলিছিলো তেতিয়া মই কোহলীক এক অজ্ঞাত বুমৰাহৰ বিষয়ে সতৰ্ক কৰি দিছিলো। বুমৰাহৰ ওপৰত চকু ৰাখিবলৈ কৈছিলো। বিৰাটে কৈছিল, ‘হেই, বাদ দিয়া হে! এই বুমৰাহ-ভূমৰাই কি কৰিব।’

পাৰ্থিৱৰ এনে মন্তব্যৰ পাছতে যথেষ্ট আলোচনা হোৱা দেখা গৈছে। বুমৰাহৰ প্ৰসংগত কোহলীৰ ব্যঙ্গাত্মক মন্তব্যত ছ’চিয়েল মিডিয়া যোগে সকলোকে জনাই দিয়াৰ পাছত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এনে আলোচনাৰ মাজতে পাৰ্থিৱে পুনৰ ইঙ্গিতপূৰ্ণ টুইট কৰিছে। যিটো টুইটে ক্ৰিকেট এৰিনাত কোহলী কেন্দ্ৰীক বিতৰ্কত নতুনকৈ ইন্ধন যোগাব বুলি ধাৰণা কৰি লৈছে ক্ৰীড়া বিশেষজ্ঞসকলে। পাৰ্থিৱে লগতে কয়, ‘নীম পাত আৰু সত্য কথা দুয়োটাই তিতা।’

২০১৩ চনৰ IPL ত মুম্বাইৰ জাৰ্ছীত আত্মপ্ৰকাশ কৰিছিল বুমৰাহে। আৰু বুমৰাহে IPL ত কোহলীৰ আৰচিবিৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল। তেতিায়াই হেনো কোহলীয়ে এইদৰে মন্তব্য কৰিছিল বুমৰাহৰ বিষয়ে। অৱশ্যে, পাৰ্থিৱ পেটেলৰ মন্তব্যক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিৰাট কোহলীয়ে।

এপ্ৰিলত ৰাজপথত আৰু চকা নুঘূৰে কৰ অনাদায়কাৰী বাহনৰ…

চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিলৈ আৰু মাত্ৰ এটা দিন থকা অৱস্থাত পূৰ্বৰ সকলো কৌশল-প্ৰচেষ্টাকো চেৰাই কঠোৰৰো কঠোৰতম ভূমিকা গ্ৰহন কৰি যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে বুধবাৰে দিনে নিশাই ৰাজপথত সদলবলে তালাচী চলালে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷ প্ৰতিখন বাহনৰে নথিপত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰি বাহনৰ বৈধতা সন্দৰ্ভতো নিশ্চিত হ’ল অভিযানকাৰী দল ৷ ইফালে যোৱা প্ৰায় এমাহে বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ লগতে শেহতীয়াকৈ কঠোৰ সকীয়নি প্ৰদানৰ পিছতো গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি নূন্যতমো দায়িত্ববোধ প্ৰদৰ্শন নকৰি চূড়ান্ত কৰফাকিৰে বিনাদ্বিধাই ঘূৰি ফুৰাসকলৰ পৰা ৰাজপথতে জৰিমণাসহ ঠিতাতে আদায় কৰিলে যান-বাহন কৰ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে বুধবাৰে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰি বৃহত্তৰ খানাপাৰা, ছয়মাইল অঞ্চলকে ধৰি বহু গুৰুত্বপূৰ্ণ স্থানত অতৰ্কিতে তালাচী চলায়।

যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ, বলেন পাঠক, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জোনালী পাটোৱাৰী, অণুপমা বৰ্মন, বিনীতা কাঠাৰ, জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, চাফিকুল আহমেদ, সুমীত্ৰা চৌধুৰী, বেবীলতা দলেকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে বুধবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ১৫০০ৰো অধিক বাহনত তালাচী চলাই ৷ তালাচীৰ সময়ত বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াৰ উপৰি নথিপত্ৰৰ গুৰুতৰ বিসঙ্গতিত বহু বাহনৰ পৰা ঠিতাতে কৰ আদায় কৰি শতাধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৭০ৰো অধিক বাহন জব্দ কৰে। জব্দ হোৱা বহু বাহনেই জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই কৰ পৰিশোধ কৰিব নোৱাৰি বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষ শেষ হ’বলৈ আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত স্বাভাৱিকতেই অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বাহনৰ গৰাকী আৰু চালকক পাৰ্যমানে ৰাজপথৰ সুৰক্ষিত যাতায়তৰ বাবে নিজৰ দায়িত্ববোধ সন্দৰ্ভত সজাগ কৰে। বিগত প্ৰায় এমাহৰ নিৰন্তৰ অভিযানতো যানবাহনৰ কৰ আদায় নিদিয়াসকল আৰু এটা দিনৰ পিছতে সন্মুখীন হ’বলগীয়া অনাকাংক্ষিত পৰিস্থিতিৰ কথা উল্লেখ কৰি পৰিবহণ বিষয়া গৰাকীয়ে কয় যে কৰ অনাদায়কাৰী বাহনক পহিলা এপ্ৰিলৰ পৰা আৰু ৰাজপথত চকা ঘূৰিবলৈ দিয়া নহ’ব ৷ যানবাহনৰ কৰ আদায় দি ৰাজ্যৰ সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ প্ৰতি সামান্যতমো দায়িত্ববোধ নেদেখুওৱা সকলক কোনো কাৰনতে ৰেহাই দিয়া নহ’ব ৷ নিয়ম ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক জৰিমণা বিহাৰ উপৰি কঠোৰ শাস্তিৰ সন্মুখিন হব বুলিও উল্লেখ কৰে পৰিবহণ বিষয়াগৰাকীয়ে।

হৰিশিঙাত এবছুৰ উদ্যোগত শ্বহীদ বালিৰাম বড়োৰ স্মৃতি দিৱস…

বড়ো শান্তি চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৄহমন্ত্ৰী ইমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি যদি একশ শতাংশ পালন নকৰে  তেন্তে তেতিয়া বড়ো জনগনে বিকল্প পথ গ্ৰহন কৰিব। আজি হৰিশিঙাত অনুষ্ঠিত শ্বহীদ বালিৰাম বড়োৰ ২৬ সংখ্যক স্মৃতি দিৱসত উপস্হিত থাকি এই মন্তব্য কৰে নিখিল ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি  দ্বীপেন বড়োৱে। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত  আৰু জিলা এব্ছুৰ সহযোগত ওদালগুৰিৰ হৰিশিঙাত বড়ো জাতীয় শ্বহীদ বালিৰাম বড়োৰ ২৬ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়।  মৃত্যু দিৱস উপলক্ষে   এবছুৰ সভাপতি দ্বীপেন বড়োৰ সঞ্চা  অনুষ্ঠিত মুকলি  সভাত অংশ গ্ৰহন কৰি এবছুৰ প্ৰাক্তন সাধাৰন সম্পাদক নাথুৰাম বড়োৱে  শ্বহীদ বালিৰাম বড়োৰ বড়ো জাতিৰ প্ৰতি কৰা অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে সোৱৰন কৰে। অনুষ্ঠান নিখিল বড়ো ছাত্ৰ সন্হাৰ  প্ৰাক্তন উপ সভাপতি ৰবিন্দ্ৰ মোছাহাৰীকে ধৰি  প্ৰতিজন বক্তাই জাতীয়  শ্বহীদ বালিৰাম বড়োৰ জাতিৰ প্ৰতিথকা অৰিহনাৰ কথা দাঙি ধৰে।   অনুষ্ঠানত উপস্হিত থকা  এবছুৰ সভাপতি দ্বীপেন বড়োৱে  সাংবাদিকৰ আগত  দিয়া সাক্ষাৎ কাৰত আজিৰ দিনটো বড়োজাতিৰ বাৱে  এক তাৎপৰ্যপূৰ্ণ দিন বুলি মন্তব্য কৰে। 

এক  সংগ্ৰামৰ মাজেৰে বড়ো জাতিটোৱে শান্তি আৰু সফলতাৰ দিশত আগবঢ়া বুলি উল্লেখ কৰি  এই সংগ্ৰামী ক্ষেত্ৰ খনত শ্বহীদ বালিৰাম বড়োৰ দৰে ব্যক্তিৰো  অতুলনীয় অৱদান   থকা বুলি এবছু নেতা গৰাকীয়ে মন্তব্য কৰে।বালিৰাম বড়ো কোন বা তেও কি কৰিছিল সেই বিষয়ত জনাৰ লগতে এনেধৰনৰ ইতিহাস যাতে  নৱ প্ৰজন্মৰ মাজত সজীব হৈ থাকে তাৰ বাৱে আজি বালিৰাম বড়োৰ স্মৃতি দিৱসৰ দৰে কাৰ্যসুচীৰ আয়োজন কৰা বুলি তেও সাংবাদিকৰ ওচৰত উল্লেখ কৰে।   তেও কয় -এনডিএফবি ৰ চাৰিটা গোটক লৈ   ২০২০ চনৰ ২৭ জানুৱাৰীত বি টি আৰ গঠনেৰে নতুন ব়়ড়ো শান্তি চুক্তি গঠন হল আৰু  সেই  চুক্তিৰ বিভিন্ন দিশ ৰূপায়নৰ  দিশত আগবাঢ়ি থকা হৈছে।কিন্তু  চুক্তি সম্পুৰ্ণ ৰূপে ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৄহমন্ত্ৰী অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতি যদি  পালন নকৰে তেতিয়া বড়ো ৰাইজে বিকল্প পথ গ্ৰহন কৰিব বুলি নেতা গৰাকীয়ে সাংবাদিকৰ ওচৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰি  তেনে পৰিবেশৰ পুৰ্বেই একাংশ বড়ো নেতাই এই চুক্তি খনৰ বিৰুদ্ধে আদালতৰ দাৰস্হ হোৱা কাৰ্যক তেও দুৰ্ভাগ্যজনক আখ্যা দিয়ে। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত দুই ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এলক একেলগে কামকৰাৰ বাৱে পুনৰবাৰ আহ্বাম জনাই এইক্ষেত্ৰ জাতীয় সংগঠন হিচাপে  ভুমিকা গ্ৰহন কৰিব লাগিলে  আমি সাজু আছো বুলি তেও মন্তব্য কৰে। ৰাজ্য সভাৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি দুয়োগৰাকী প্ৰাৰ্থীক জিকোৱাৰ ক্ষেত্ৰত বি জে পি  ,এ জি পি আৰু ইউ পি পি এলৰ সৈতে একে লগে কাম কৰি আছে ।গতিকে ৰাজ্যসভা নিৰ্বাচনে ইউ পি পি এল আৰু বি পি এফৰ  সম্পৰ্ক স্হাপনৰ এক নতুন প্ৰয়াস হব পাৰে বুলি এবছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।