Home Blog Page 2450

৩০ এপ্ৰিল – ১ মে’ত বগীনদীত মিচিং জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় অধিৱেশন,তুংগত উঠিছে প্ৰস্তুতি

গোগামুখ, ২২ এপ্ৰিলঃ মিচিং সমাজৰ অন্যতম মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৗবাং চমুকৈ এম এম কেৰ ৮ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন লখিমপুৰ জিলাৰ বগীনদীত অনুষ্ঠিত হ’ব৷বগীনদীৰ ছৗঃদি-মৗঃল’ লত্তাত ৩০ এপ্ৰিল আৰু ১ মে’ত অনুষ্ঠিত হ’বলগা অধিৱেশনখনৰ বাবে অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দলে, কাৰ্যকৰী সভাপতি দেৱৰঞ্জন মৰাং আৰু সম্পাদক অনিল পায়েঙে জনোৱা মতে এম এম কেৰ কেন্দ্ৰীয় অধিৱেশনত সমগ্ৰ অসমৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকিব ৷ ইতিমধ্যে ছৗঃদি-মৗঃল’ লত্তা আটকধুনীয়াকৈ সজাই তোলা হৈছে আৰু অতিথি আপ্যায়ন আৰু প্ৰতিনিধি সকলৰ থকা-খোৱাৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷কাৰ্যসূচী অনুযায়ী অধিবেশনৰ প্ৰথম দিনা চাফাই অভিযান, প্ৰতিনিধি শিবিৰ মুকলি, মূল আদৰণি তোৰণ উন্মোচন, সমবেত গীত পৰিৱেশন, প্ৰতিনিধি সভা, কৰ্মশালা, অন্তৰংগ আলাপ আৰু এম এম কেৰ জিলা সমিতি সমূহৰ সাংগঠনিক প্ৰতিবেদন দাখিল কাৰ্যসূচী অনুষ্ঠিত হ’ব৷

দিত্বীয় দিনা গছপুলি ৰোপন, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, কৰ্মশালা, প্ৰতিনিধি সভা, নতুন সমিতি গঠন আদি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত নিশালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল কুমাৰ পেগু আৰু সম্পাদক বিজু কুমাৰ পেগুৱে অধিৱেশনত সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

ইন্ডিয়া বুকচ অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল অসমৰ তথাকথিত সাহিত্য অভিযন্তাৰ নাম

সাম্প্ৰতিক সময়ত অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন বাতৰি কাকত আৰু সামাজিক মাধ্যমত সাহিত্য অভিযন্তা হিচাপে আত্মপ্ৰকাশ কৰা তথা কৰ্ম সূত্রে নয়ডাৰ নিৱাসী চুমিন্দ্ৰ চৌধুৰীয়ে কৰোণা মহামাৰীৰ সময়ত ২০২১ চনত দেশজুৰি তলা বন্ধ হোৱাৰ সময়তে watsappৰ জৰিয়তে ১,২০,০০০ শব্দ লিপিবদ্ধ কৰি পাচত মুদ্ৰিত কৰা তিনিখনকৈ গ্ৰন্থ ৰ বাবে India Book of Records নামৰ সংস্থাটোৱে তেওঁৰ কৰ্মৰাজিক প্ৰশংসা পত্রৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰিছে । মিজোৰাম আৰু অৰুনাচলৰ নেৰিষ্টৰ পটভূমিত অসমীয়া ভাষাত শ্ৰী চৌধুৰীয়ে লিখি উলিওৱ ‘বিহংগম দৃষ্টিত মিজোৰাম’ নামৰ উপন্যাসখনৰ লগতে সেইখন গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘ Nghah-Loh-Dawr ‘আৰু ‘এজন সাহিত্য অভিযন্তাৰ আত্ম কথা’  নামৰ গল্প আৰু প্ৰবন্ধৰ সংকলন গ্ৰন্থ কেইখনে ইতিমধ্যেই পাঠকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে । উল্লেখনীয় যে বিহংগম দৃষ্টিত মিজোৰাম গ্ৰন্থখন ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে গবেষণাৰ বিষয় বস্তু হিচাপে মনোনীত কৰিছে ।নয়ডাস্থিত কোবেল্ক কনষ্ট্ৰাকছন নামৰ জাপানীজ কোম্পানী এটাত কৰ্মৰত পেছাত এজন যান্ত্ৰিক অভিযন্তা চুমিন্দ্র চৌধুৰীয়ে প্ৰায় আঠ মাহ সময়ৰ ভিতৰত লিখি যুগুতাইছিল এই দুখন উপন্যাসৰ লগতে চল্লিশ টা ভিন্নসুৰী গল্প আৰু ত্রিশটা বিভিন্ন বিষয়ৰ মনোগ্ৰাহী প্ৰবন্ধৰে সমৃদ্ধ সংকলনখনো ।

লেখক চৌধুৰীদেৱে এই কঠিন সময়খিনিত সাহিত্যক এক অভিযান্ত্ৰিক বিষয় হিচাপে লৈ কৰোণা মহামাৰীৰ সময়ত বিভিন্ন গল্প আৰু প্ৰবন্ধৰ জৰিয়তে সমাজৰ লোকসকলৰ মাজত যোগাত্মক আবেগৰ সৃষ্টিৰে পাঠকৰ হৃদয়ত স্থান দখল কৰিব সমৰ্থ হৈছিল । চৌধুৰী দেৱৰ স্বৰচিত এই আটাইকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ভাষা প্ৰকাশন নামৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ শ্ৰীযুত মুকুটশৰ্মা ডাঙৰীয়াই । 

ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত দুধনৈৰ ৰাজপথত ওলাই আহিল শ শ প্ৰতিবাদকাৰী……..

মানৱ শৃংখলাৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ । দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলত ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ২ এপ্ৰিলৰ পৰা আৰম্ভ কৰা প্ৰায় দুমহীয়া আন্দোলনৰ তৃতীয়লানি কাৰ্যসূচী অনুসৰি আজি গোৱালপাৰা জিলাৰ দুধনৈত ৰূপায়ণ কৰা হয় বিশাল মানৱ শৃংখল।

ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা দিনৰ প্ৰায় চাৰে এঘাৰ বজাত আৰম্ভ হোৱা কাৰ্যসূচীৰ সময়ত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুঠ ৮ টা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ সময়ত দুধনৈ নদীৰ ওপৰত থকা দলংৰ পৰা দুধনৈ চাৰিআলিলৈকে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া শাৰীৰে প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘আৰছু লং লিভ,’  ‘ষষ্ঠ অনুসূচী দাবী সমিতি লং লিভ’, ‘ৰাভা বিৰোধী হুচিয়াৰ, ‘ৰাভা ঐক্য জিন্দাবাদ’, ‘ষষ্ঠ অনুসূচী আমাক লাগিবই’ আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ বাবে সুদীৰ্ঘ বছৰেও অসম চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল। কাৰ্য্যসূচী অনুসৰি ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মেৰ পৰা ২৬ মেলৈ জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হব।

ইপিনে কাৰ্যসূচীৰ সময়ত গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই কয় যে চৰকাৰে আমাৰ দাবী মানি নললে ইয়াতকৈ ভয়াবহ জংগী আন্দোলন গঢ়ি তোলা হব। আজি গোৱালপাৰা জিলাৰ শোলমাৰী আৰু ধূপধৰাতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লাহৰীঘাটৰ কাঠনিত আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা

লাহৰীঘাটৰ কাঠনিত আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা । মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনি মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত  জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত  আজি আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য মেলাত স্বাস্থ্য সম্পৰ্কীয় সকলো বিভাগেই উপস্থিত থাকে। স্বাস্থ্য মেলাত জিলা স্বাস্থ্য যুটীয়া সঞ্চালনাক ডাঃ ফণী পাঠক, যক্ষ্মাৰোগৰ বিশেষজ্ঞ ডাঃ জয়ন্ত কুমাৰ নাথ, SDM & HO i/c ডাঃ ধীৰেন্দ্ৰ কুমাৰ দাসদেৱৰ লগতে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰো উপস্থিত থাকি স্বাস্থ্য সম্পর্কীয় বিভিন্ন বেমাৰৰ পৰা হাত সাৰিবলৈ সজাগতাৰ ওপৰত বক্তব্য ৰাখে।

অৱশ্যে উক্ত স্বাস্থ্য মেলাত স্বাস্থ্য সেৱা, বিনামূলীয়া ৰোগ নিৰ্ণয়, বিনামূলীয়া ঔষধ, ABHA Health ID, আয়ুষ্মান ভাৰত কাৰ্ড, টেলি পৰামৰ্শ, ডায়েবেটিচ Scrinic  কৰা, উচ্চ ৰক্ত চাপ, মূখৰ কৰ্কট ৰোগ, যক্ষ্মা ৰোগৰ চিকিৎসা আদি  উক্ত স্বাস্থ্য মেলাত কৰোৱা হয়। বিশেষ ভাবে নৌকা চিকিৎসা সেৱাৰো অস্থায়ী কেন্দ্র পৰিলক্ষিত হয়।

জুবলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠানত হিয়া উজাৰি নাচিলে চাপৰৰ বিহু প্ৰেমী ৰাইজে

জুৱলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠানত হিয়া উজাৰি নাচিলে চাপৰৰ বিহু প্ৰেমি ৰাইজে ।

চাপৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনত কেইবা শহস্ৰাধিক বিহু প্ৰেমিৰ সমাৱেশ৷ বুধবাৰে নিশা জুৱলী বৰুৱাৰ সাংস্কৃতিক অনুষ্ঠানত হিয়া উজাৰি নাচিলে শহস্ৰাধিক বিহু প্ৰেমি ৰাইজে৷আৰু লগতে বোকা নৃত্য ।


চাপৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ অন্তিম দিনৰ কাৰ্যসূচী মতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে জুবলী বৰুৱা।
শহস্ৰাধিক বিহুবলীয়াৰ স্পৰ্শত চাপৰ গান্ধী ময়দান খেলপথাৰ৷ যোৱা ১৪ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ ৭ দিনাৰ বাবে অনুষ্ঠিত কৰিছিল ৰঙালী বিহু সন্মিলনখনি৷

বি টি আৰত MGNREGA আঁচনিৰ শুভাৰম্ভ …..

বি টি আৰৰ পৰ্বতঝোৰাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ মাদাতী VCDC ত MGENREGA আঁচনিৰ কামৰ আজি শুভাৰম্ভ কৰে পৰ্বতঝোৰা জিলা UPPL ৰ সভাপতি প্ৰসন কুমাৰ ব্ৰহ্মই ৷

মাদাতী VCDC ৰ দ্বিতীয় খণ্ড গাওঁত এখন এগ্ৰৰিল বান্ধ আৰু মদাতী তৃতীয় খণ্ড গাওঁত এটা শিৱ মন্দিৰৰ লেণ্ড ডেভেলপমেণ্টৰ বাৱে MGNREGA আঁচনিৰ অধীনত দুটা কামৰ শুভ উদ্বােধন কৰে ৷ ইয়াৰ লগতে আজি মদাতী VCDC টোত MGENREGA আঁচনিৰ অধীনত বিভিন্ন কামৰ শুভ উদ্বােধন কৰিব বুলি জানিবলৈ দিয়ে পৰ্বতঝোৰা জিলা ইউ পি পি এলৰ সভাপতি গৰাকীয়ে ৷

এই বেলি অকল MGENREGA আঁচনিৰ কাম নহয় বিভিন্ন আঁচনিৰ কাম কাজ সমুহ কেনেদৰে কৰিলে ৰাইজৰ উপকৃত তাৰ প্ৰতি লক্ষ্য কৰি UPPL দলে চোকা নজৰ ৰাখিছে বুলি পৰ্বতঝোৰাৰ UPPL ৰ জিলা কমিটিৰ সাংগঠনিক সাধাৰন সম্পাদক ছেলিম আহেমেদ খান আৰু প্ৰশাসনিক সাধাৰন সম্পাদক মহিৰাম কামাই সাংবাদিকক জানিবলৈ দিয়ে ৷

লগতে ছেলিম আহামেদ খানে কয় বি টি আৰত হাগ্ৰামা চৰকাৰে দীৰ্ঘ দিনীয়া শাসন কৰিছিল ৷কিন্ত বি টি আৰত কোনো উন্নয়ন কৰিব পৰা নাই ৷পৰ্বতঝোৰাৰ ভিতৰত একেবাৰে উন্নয়নৰ দিগে পিছপৰা VCDC হৈছে মদাতী ৷ যাৰ বাবে আমাৰ দলৰ ফালৰ পৰা এইখন মদাতী VCDC ত চোকা দৃষ্টি ৰাখিছে আমাৰ দলৰ ফালৰ পৰা ৷ প্ৰায় ৫০ লক্ষাধিক টকাৰ কামৰ শুভ উদ্বোধনী কৰে ।

শ্ৰদ্ধা কাপুৰে ‘পৃথিৱী দিৱস’ত কি ব্যৱস্থা গ্ৰহণ কৰিছে….

শ্ৰদ্ধা কাপুৰে সদায় পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পোৱা দেখা গৈছে। শ্ৰদ্ধা কাপুৰ বৰ্তমান প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী। বলীউড ডিভাগৰাকীয়ে পৃথিৱী মাতৃৰ সংৰক্ষণ আৰু সংৰক্ষণৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে, যাক সকলোৱে তেওঁলোকৰ দৈনন্দিন জীৱনশৈলীত গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ কাম কৰিব পাৰে।


শ্ৰদ্ধাই সদায় পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পোৱা দেখিছে। অভিনেত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা অভিযানত সক্ৰিয় অংশগ্ৰহণ দেখুৱাইছে। তেওঁ ‘প্ৰকৃতি মাতৃ’ সম্পৰ্কে ভাগ বতৰা কৰি থকা পোষ্টবোৰৰ ওপৰত তেওঁৰ অনুৰাগীসকলৰ পৰা অপৰিসীম মৰম লাভ কৰিছে।

1. বাঁহৰ টুথব্ৰাছ ব্যৱহাৰ কৰা (প্লাষ্টিকৰ বিকল্প হিচাপে)

2. পানী বচাবলৈ দীঘলীয়া বৰষুণৰ পৰিৱৰ্তে বাল্টি বাথ কৰা।

3. তাম, গ্লাছ আৰু পুনৰ ব্যৱহাৰযোগ্য বটলৰ দৰে একক ব্যৱহাৰ কৰা প্লাষ্টিকৰ পানীৰ বটলৰ বিকল্প ব্যৱহাৰ কৰা।

4. উৎসৱৰ দিনবোৰত পৰিৱেশ অনুকূল গণপতি ব্যৱহাৰ কৰা।

কৰ্মক্ষেত্ৰত, শ্ৰদ্ধাই দৰ্শকসকলক কেৰিয়াৰৰ এক বিশাল সময়ত আশ্চৰ্যজনক প্ৰদৰ্শনেৰে আচৰণ কৰিছে, যেনে এবিচিডি, বাগী, আশিকী 2-ৰ দৰে কেইটামানৰ নাম ল’বলৈ। কাপুৰে এতিয়া অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে সাজু হৈছে, যি খন ২০২৩ চনৰ ৮ মাৰ্চত মুক্তি পাব। এতিয়াও শিৰোনাম লাভ কৰিব পৰা ছবিখন বলীউডৰ অতি প্ৰতীক্ষিত মুক্তিৰ ভিতৰত অন্যতম। চলচ্চিত্ৰখনে ৰণবীৰৰ সৈতে শ্ৰদ্ধাৰ প্ৰথম সহযোগিতা চিহ্নিত কৰিব, যাৰ বাবে তেওঁৰ অনুৰাগীসকল তেওঁৰ বাবে সৰ্বাধিক উৎসাহিত।

 মেটগালাৰ অতিথি হ’ব এইবাৰ বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকন ……..

বলীউডৰ আটাইতকৈ প্ৰতিভাশালী আৰু ধুনীয়া সৌন্দৰ্য অভিনেত্ৰী দীপিকা পাডুকন বলীউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। দীপিকা আজি এটা ডাঙৰ ব্যক্তিত্ব হৈ পৰিছে । এনে পৰিস্থিতিত, বলীউডৰ এই ডিভাগৰাকীয়ে এইবাৰ আটাইতকৈ ডাঙৰ ফেশ্বন অনুষ্ঠান মেট গালা ২০২২ ত অংশগ্ৰহণ কৰিবলৈ গৈ আছে আৰু এইবাৰ তেওঁ বিশ্বৰ সৰ্ববৃহৎ ব্ৰেণ্ডৰ ভাৰতীয় ব্ৰেণ্ড এম্বেচেডৰ হৈ ৰেড কাৰ্পেটত উপনীত হ’ব ।

দীপিকা পুনৰ মেট গালাৰ অতিথি হ’ব । পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি, ডায়েট চাবিয়াই জনাইছে যে দীপিকাই এইবাৰ ২০২২ চনৰ মে’ত অনুষ্ঠিত হ’বলগীয়া মেট গালা ২০২২ ত লুই ভিট্টনৰ আতিয়াৰত ধুমধাম কৰিব আৰু কোৱা হৈছে যে লুই ৱাইটনে এপ্ৰিলৰ শেষত তেওঁৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰিব। দীপিকা পাডুকোনে মেট গালা ২০১৭ ত আত্মপ্ৰকাশ কৰিছিল, যাৰ পিছত তেওঁ 2019 চনলৈকে অনুষ্ঠানটোৰ অংশ আছিল, কিন্তু ২০২০ চনত মহামাৰীৰ বাবে, দীপিকাই অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে, কিন্তু এতিয়া আকৌ এবাৰ দীপিকা এই চমৎকাৰ আৰু অত্যন্ত বিখ্যাত অনুষ্ঠানটোত প্ৰৱেশ কৰিবলৈ সাজু হৈছে।

আমলখিয়ে নিৰাময় কৰে বহু জটিল ৰোগ………

আমলখিক ফলৰ ৰজা বুলি এইকাৰণেই কোৱা হয় যে আমলখিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে।বিশেষকৈ ক’ৰনাৰ এই জটিল পৰিস্থিতিত বিশেষজ্ঞ সকলে দৈনিক আমলখি খোৱাৰ পৰামৰ্শ আগবঢ়াইছে। লগতে নিয়মিত আমলখি খালে মাৰাত্মক কেন্সাৰ,মধুমেহ তথা হৃদৰোগৰ দৰে ৰোগ নিয়ন্ত্ৰণ হয়।

ইয়াৰোপৰি শীতকালত পানীলগা,কাহ আদিৰ লগতে ব্ৰংকাইটিছ দৰে ৰোগ প্ৰতিৰোধ কৰাতো আমলখিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে শীতকালত মানুহৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বৃদ্ধি পায়।তেনেক্ষেত্ৰত বিশেষজ্ঞই দৈনিক আমলখি কোৱাৰ পৰামৰ্শ আগবঢ়াইছে।

বৰ্তমান মানুহৰ অতিৰিক্ত ওজন বৃদ্ধি পোৱাটো এক গুৰুতৰ সমস্যা হৈ পৰিছে।তেনেক্ষেত্ৰত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক এটা আমলখি খোৱাৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ সকলে। শৰীৰত থকা দূষিত পদাৰ্থ বাহিৰ কৰাত আমলখিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।তেনেক্ষেত্ৰত মৌ বা গুৰৰ লগত আমলখি খোৱাৰ অভ্যাস কৰিব লাগে।

ইয়াৰোপৰি আমলখিয়ে তেজ পৰিষ্কাৰ কৰে লগতে তেজত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰাত আমলখিয়ে ঔষধৰ দৰে কাম কৰে।   শৰীৰৰ না-না ৰোগ প্ৰতিৰোধ কৰাৰ লগতে আমলখিয়ে মানুহৰ দৃষ্টি শক্তি অটুট ৰখাতো সহায় কৰে। নিয়মিত আমলখি খালে মানুহৰ আৰ্থাৰাইটিছৰ দৰে ৰোগো নিয়ন্ত্ৰণ হয়।লগতে ছাল আৰু চুলিৰ বাবেও আমলখি অতিকৈ উপযোগী।

চাপৰ বজাৰত শোকাৱহ পথ দুৰ্ঘটনা….

চাপৰ বজাৰত শোকাৱহ পথ দুৰ্ঘটনা। চাপৰৰ বজাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা। পথচাৰীক মহতিয়ালে ধুবুৰী জিলা উপায়ুক্তৰ বাহনে। চাপৰ চিকিৎসালয়ত মৃত্যু পথচাৰী তথা বালাপাৰাৰ নিবাসী ময়দান আলী(৫৫)।

ধুবুৰী জিলাৰ চাপৰ বজাৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় বালাপাৰাৰ নিবাসী ময়দান আলী নামৰ এজন পথচাৰী। জানিব পৰা মতে ধুবুৰী জিলা উপায়ুক্ত বাহনৰ খুন্দাত মৃত্যু হয় পথচাৰী জনৰ। জিলা উপায়ুক্ত গৰাকীয়ে আজি শুক্ৰবাৰ দিনা চৈবাৰী চাহ বাগিচাৰ নৱ নিৰ্মিত আদৰ্শ হাইস্কুল পৰিদৰ্শন কৰি উভতাৰ পথত এই দূৰ্ঘটনা সংঘটিত হয়।

উক্ত দূৰ্ঘটনাত গুৰুত্ব ভাবে আহত হয় ময়দান আলী নামৰ এজন পথচাৰী। পিছত চাপৰ চিকিৎসালয়ত ব্যক্তিজনক ভৰ্তি কৰে যদিও চাপৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ব্যক্তিজনৰ।