Home Blog Page 2451

ৰূপত লক্ষ্মী, গুণগত মানদণ্ডত সৰস্বতী, বলীউডৰ নায়িকাসকলেও এই 5 গৰাকী গায়িকাৰ সৌন্দৰ্যৰ বাবে লজ্জিত

বলীউডৰ নায়িকাসকলৰ অনুশীলনৰ কোনো অন্ত নাই। অৱশ্যে, জনপ্ৰিয় গায়কসকলে সৌন্দৰ্যৰ ক্ষেত্ৰত ডাঙৰ নায়িকাকো পৰাস্ত কৰিব পাৰে।

নেহা কক্কৰ: নেহা কক্কৰে নৃত্য, গান, অভিনয়ৰ অভিব্যক্তিত মঞ্চ নিৰ্ধাৰণ কৰিব পাৰে। আকৌ নেহা কক্কৰ ককাৰে তাইৰ মেকআপৰ বাবে অনুৰাগীৰ চক্ৰত বহুত ভাল পায়। ইণ্ডিয়ান আইডল প্ৰতিযোগী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ব্যক্তিজন আজি বলীউডৰ আগশাৰীৰ গায়ক।

মোনালী ঠাকুৰঃ বঙালী ছোৱালী মোনালীয়ে চনি টিভিৰ ইণ্ডিয়ান আইডলৰ মঞ্চৰ পৰা গানৰ কেৰিয়াৰ আৰম্ভ কৰিছে। তেওঁ বলীউডৰ এগৰাকী সফল গায়িকা। অনুৰাগীসকলে তাইৰ সৌন্দৰ্যৰ লগতে গানটোত প্ৰভাৱিত হৈছে। শেহতীয়াকৈ, মোনালীয়ে একাধিক গানৰ ৰিয়েলিটি শ্ব’ত ন্যায়াধীশৰ আসনত অংশগ্ৰহণ কৰিছে।

শ্ৰেয়া ঘোষাল: বলীউডৰ দ্বিতীয় লতা মংগেশকাৰ হিচাপে জনাজাত শ্ৰেয়া ঘোষালৰ সৌন্দৰ্য কম আকৰ্ষণীয় নহয়। শ্ৰেয়া ঘোষালক বলীউডৰ এই যুগৰ শ্ৰেষ্ঠ মহিলা গায়িকাসকলৰ ভিতৰত গণ্য কৰা হয়। তেওঁ বলীউডক শ শ ধুনীয়া গান দিছে। মেকআপৰ বাহিৰেও, শ্ৰেয়া যথেষ্ট ধুনীয়া।

নীতি মোহনঃ বলীউডৰ অন্যতম সফল নেটবেক গায়িকা নীতি মোহনে তেওঁৰ কণ্ঠেৰে বহু অনুৰাগীক প্ৰভাৱিত কৰিছে। তেওঁৰ কেৰিয়াৰ ‘ষ্টুডেণ্ট অফ দা ইয়েৰ’ৰ ‘ইশ্ক ৱালা লাভ’ গানটোৰ সৈতে আৰম্ভ হৈছিল। কিন্তু অনুৰাগীসকলৰ এটা অংশও নীতিৰ ৰূপত প্ৰভাৱিত হয়।

সোণাক্ষীয়ে নাপাব দেউতাকৰ সম্পত্তিৰ অংশ , কঠিন সিদ্ধান্ত পিতৃৰ …..

শত্ৰুঘ্ন সিনহা (শত্ৰুঘ্ন সিনহা) বলীউডৰ আটাইতকৈ প্ৰভাৱশালী অভিনেতাসকলৰ মাজৰ এজন। তেওঁ তেওঁৰ পত্নী, দুই পুত্ৰ আৰু এজনী কন্যাক এৰি থৈ গৈছে। যদিও ল’ৰাবোৰে বলীউডত স্থান লাভ কৰিব নোৱাৰিলে, কন্যা সোণাক্ষী সিনহা (সোনাক্ষী সিনহা) বলীউডৰ পথত বহুদূৰ আগবাঢ়িছে। যদিও তেওঁ তেওঁৰ দেউতাকৰ সমান নহয়, দেউতাকে তেওঁৰ প্ৰতিভাত তেওঁৰ জীয়েকৰ পৰিমাণৰ বাবে গৌৰৱান্বিত।

সোণাক্ষী সিনহাই চলমান খানৰ বিপৰীতে অভিনয় জীৱন আৰম্ভ কৰিছে। গোটেই বলীউডতেওঁৰ চকুৰ যাদুত আছে। তেওঁ চলমান খানৰ পৰা শ্বাহিদ কাপুৰৰ পৰা চেইফ আলী খানলৈকে একাধিক তাৰকাৰ সৈতে অভিনয় কৰিছে। তেওঁ বলীউডত তেওঁৰ দেউতাকৰ মানদণ্ড ৰাখিছে যদিও তেওঁ তুলনামূলকভাৱে কম চলচ্চিত্ৰত অভিনয় কৰিছে। তাইৰ বৰ্তমান ইনষ্টাগ্ৰামত ২০ মিলিয়নতকৈও অধিক অনুসৰণকাৰী আছে। বলীউডৰ তাৰকা হিচাপে তেওঁৰ জনপ্ৰিয়তা কম নহয়।

বলীউডত, প্ৰায় কন্যা সোনাক্ষীয়েই তেওঁৰ দেউতাকৰ মুখ খন ৰাখিছে। অৱশ্যে শত্ৰুঘানৰ পুত্ৰ লবে তেওঁৰ দেউতাকক দেখি অভিনয় জগতত প্ৰৱেশ কৰিব বিচাৰিছিল। কিন্তু তেওঁ ইয়াৰ সুবিধা এনেদৰে ল’ব নোৱাৰিলে। ইয়াৰ তুলনাত, সোণাক্ষী হৈছে শত্ৰুঘ্নৰ গৌৰৱ। ঠিক এইকাৰণেই শত্ৰুঘ্ন সিনহাই সোণাক্ষীক তেওঁৰ সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত লৈছে।

সোণাক্ষী তাইৰ পিতৃ-মাতৃৰ প্ৰিয় সন্তান। অৱশ্যে, শত্ৰুঘ্ন সিনহাই দুবছৰ আগতে ঘোষণা কৰিছিল যে ছোৱালীজনীক তাইৰ সম্পত্তিৰ পৰা বঞ্চিত কৰা হ’ব। বৰ্তমান শত্ৰুঘানৰ ১৯৩ কোটি টকাৰ সম্পত্তি আছে। যাৰ ভিতৰত সোণাক্ষীয়ে এটাও কনকদি নাপাব। এই সকলোবোৰ তেওঁৰ দুই ভাতৃৰ মাজত সমানে বিভক্ত কৰা হ’ব।

শত্ৰুঘানে দাবী কৰে যে তেওঁৰ ছোৱালীয়ে নিজে যি অৰ্জন কৰিছে, তাই যথেষ্ট নাইকিয়া হ’ব। সোণাক্ষীয়ে এই সকলোবোৰ নিজৰ প্ৰচেষ্টাত পাইছিল। তেওঁ তেওঁৰ দেউতাকৰ সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। সেয়েহে, শত্ৰুঘানে ছোৱালীজনীক বঞ্চিত কৰিব বিচাৰিছিল আৰু দুয়োটা ল’ৰাক সম্পত্তিদাবী কৰিবলৈ বাধ্য কৰিব বিচাৰিছিল। তেওঁৰ মৃত্যুৰ পিছত, ল’ৰাবোৰ সম্পত্তিৰ দাবীদাৰ হ’ব। সোণাক্ষীয়ে একো নাপাব।

আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ……

আজি ১৯৭ গৰাকী পৌৰ নিগমৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএম মেচিনত । আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিয়লি  ৪.৩০ বজাত সমাপ্ত হ’ব । আজি এই নিৰ্বাচনতে গুৱাহাটী পৌৰ নিগমৰ ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ।

মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ইতিপূৰ্বে ৬,৭ আৰু ২২ নম্বৰৰ তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী ঘোষণা কৰা হৈছে ।

যাৰ পৰিপ্ৰেক্ষিতত আজি ৫৭ টা ৱাৰ্ডতহে নিৰ্বাচন অনুষ্ঠিত হৈছে । উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰলৈ ইভিএম মেচিন ব্যৱহাৰ হোৱা পৌৰ নিৰ্বাচনত মুঠ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৮০ টা কেন্দ্ৰত কেৱল মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে ।এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হৈছে ৭ লাখ ৯৭ হাজাৰ ৮০৭ গৰাকী। ইয়াৰে ৩ লাখ ৯৭ হাজাৰ ১২৮ গৰাকী পুৰুষ আৰু ৪ লাখ ৬৫৪ গৰাকী মহিলা ভোটাৰ । লগতে ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

সুদীৰ্ঘ ৯ বছৰৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচনত পুৱাৰে পৰা ভোটাৰৰ লানি নিচিঙা শাৰী দেখিবলৈ পোৱা গৈছে । ইফালে শাসনধিষ্ঠ বিজেপিৰ প্ৰচাৰ তুংগত আছিল যদিও শেহতীয়াকৈ কংগ্ৰেছৰ শূণ্য স্থিতিৰ সুযোগ গ্ৰহণ কৰি  আপৰ সক্ৰিয় ভূমিকাই নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাক অধিক আকৰ্ষণীয় কৰি  তোলা দেখা গৈছে ।

বছৰ বছৰ ধৰি গুৱাহাটীবাসীয়ে খোৱা পানীৰ নাটনি, অপৰিষ্কাৰ নলা-নৰ্দমা, কৃত্ৰিম বানপানী, যান-জঁটৰ দৰে জটিল সমস্যাৰ মাজত এক দুৰ্বিসহ জীৱন পাৰ কৰি আহিছে । তেনেক্ষেত্ৰত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকলেও এইবাৰ নিৰ্বাচনত মূলতে খোৱাপানী সমস্যা দূৰ কৰা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা গৈছে । ভোটাৰ সকলেও প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সঁহাৰি জনাই সুদীৰ্ঘ ৯ বছৰৰ পিছত হোৱা এই নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

নিশা বৰভাগৰ বৰবুকীয়াত আনন্দ উল্লাস ……

বৰভাগৰ সু-সন্তান ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলা প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰক উস্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন।

চন্দন তালুকদাৰৰ নেতৃত্বত দেশৰ তিনিখন জিলাৰ ভিতৰত প্ৰথম স্হান লাভ নলবাৰী জিলাৰ। নতুন দিল্লীৰ পৰা বঁটা গ্ৰহণ কৰি বৃহস্পতিবাৰে নিশা জন্ম গাঁওত উপস্হিত হোৱাৰ লগে লগে বিভিন্ন দল -সংগঠনৰ লগতে দক্ষিণ – পূৱ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে বিহুতলিলৈ আদৰি অনাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে।

বৰবুকীয়া জগৎজ্যোতি সংঘ ও পুথিভড়াল প্ৰাঙ্গণত দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰঙালী বিহুত বিভিন্ন খেল- ধেমালি প্ৰতিযোগিতাৰ লগতে মুকলি বিহু,নৃত্য প্ৰতিযোগিতা আৰু বিহু হুঁচৰি প্ৰদৰ্শনৰ লগতে বাৰে-বহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ….

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি ছয়গাঁও অঞ্চলত চিআৰপিএফৰ কেম্প নিৰ্মাণ কৰিবলৈ ৭৮ বিঘা ভূমি আৱণ্টনত কেবিনেটে অনুমতি প্ৰদান কৰিছে ।NRCত নাম থকা বা নথকা সকলো লোকে আধাৰ কাৰ্ড বনাব পাৰিব বুলিও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।


উল্লেখ্য যে,পূৰ্বে NRCত নাম নথকা ২৮ লাখ লোকে আধাৰ কাৰ্ড তৈয়াৰ কৰিব পৰা নাছিল।ৰাজ্যত ১ হাজাৰ ৮৫ খন কাঠৰ দলং পকীকৰণ হ’ব। ইয়াৰ বাবদ ৪,৩৬০ কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটৰ ।

সোণাপুৰৰ ডিমৰীয়া অঞ্চলত অফিচ অফ দ্যা ৰয়েল ভূটানিজ উচ্চ আযুক্তৰ কাৰ্য্যালয় নিৰ্মাণ হ’ব। ইয়াৰ বাবে ৫ বিঘা ভূমি প্ৰদানত অনুমতি ৰাজ্য চৰকাৰৰ।

ওৱেৰ হাউছ নিৰ্মাণ কৰিবলৈ এতিয়াৰ পৰা দিছপুৰলৈ ফাইল আহিব নালাগে, বিপৰীতে উপায়ুক্তসকলে ওৱেৰ হাউছ নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব পাৰিব। পাব্লিক ইমাৰজেঞ্চি ফাণ্ডৰ বাবদ ১০ কোটি টকা সুকীয়াকৈ ধাৰ্য্য কৰা হৈছে । বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য, দুৰ্ঘটনা বীমাৰ বাবেও এই ফাণ্ড ব্যৱহাৰ হ’ব।

লগতে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ বাবে অসম চৰকাৰৰ সংৰক্ষণ ব্যৱস্থা । ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় গ্ৰেডত ২% সংৰক্ষণৰ ব্যৱস্থাত অনুমোদন কেবিনেটৰ ।

আম আমাৰ শৰীৰৰ কাৰনে কিমান বাৰু উপকাৰী………

আম এবিধ অতিকৈ সুস্বাদু ফল। গ্ৰীষ্মকালত উপলব্ধ হোৱা ফল সমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু পুষ্টিকৰ ফল। আমত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ পোৱা যায়।

ইয়াৰ উপৰিও আম কেলচিয়াম, ফছফৰাছ, ছ’ডিয়াম, পটাছিয়াম, কপাৰ, মেগনেছিয়াম, ক্ল’ৰিণ আদিৰে ভৰপূৰ।আম স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী। কিয়নো আম বহুতো ঔষধি গুণেৰে সমৃদ্ধ। আমৰ কেইটামান বিশেষ গুণৰ-

আমত থকা ভিটামিন ‘চি’-এ চৰ্মৰোগ দূৰ কৰে।

পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে।

উচ্চ ৰক্তচাপত পকা আমৰ ৰস বৰ উপকাৰী।

দেহত বল বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধিত পকা আম যথেষ্ট উপকাৰী।

চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ পকা আম প্ৰতিদিনা ২০০ গ্ৰামকৈ হ’লেও খাব লাগে।

গভাৱতী মহিলাৰ বাবে আম অত্যন্ত উপকাৰী।

ৰাতি আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়।

স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত এচামুচ আদা ৰস মিলাই খালে উপকাৰ পোৱা যায়।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস । ২২ এপ্ৰিলৰ দিনটোত প্ৰতি বছৰে এই এই ধৰিত্ৰী দিৱস পালন কৰা হয় । এই দিনটোত পৰিবেশ সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । বৰ্তমান বিশ্বৰ ১৯২ খন দেশে এই দিৱস উদযাপন কৰে ।

ধৰিত্ৰী দিৱস ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয় । ১৯৬৯ চনত চান ফ্ৰান্সিস্ক’ত হোৱা ইউনেস্ক’ৰ এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককনেলে শান্তিৰ ভাৱ আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটো সমগ্ৰ বিশ্বতেই উদযাপনৰ বাবে প্ৰস্তাৱ দিয়ে।

১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থাণ্টে চহী কৰা এখন চনদৰ যোগেদি এই দিৱসৰ অনুমোদন কৰা হয়।

ইফালে ১৯৭৭ চনৰ ২২ এপ্ৰিলত আমেৰিকান চিনেটৰ গে’লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। গে’লৰ্ড নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰিডম বঁটা প্ৰদান কৰা হয়৷

ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১খন দেশত ইয়াক পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন সংগঠনে এই সময়তে পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচীৰে ধৰিত্ৰী সপ্তাহ পালন কৰে।

অসমৰ ৫ ক্ৰিকেটাৰ নিৰ্বাচিত হল ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ……..

 ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ নিৰ্বাচিত অসমৰ ৫ ক্ৰিকেটাৰ । বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী শিবিৰৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৯ বছৰ অনূৰ্দ্ধ ৫ গৰাকী ক্ৰিকেটাৰ । এই একাডেমীত তেওঁলোকে উন্নত পৰ্যায়ৰ প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব ।

একাডেমীলৈ আমন্ত্ৰিত অসমৰ ক্ৰিকেটাৰ কেইগৰাকী হ’ল — ঋষভ দীপক , অনুৰাগ ফুকন , ময়ুখ হাজৰিকা , ৰোচন তপ্ন আৰু পাৰভেজ মোচাৰফ । ইয়াৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী শিবিৰত প্ৰশিক্ষক ৰূপে নিযুক্তি লাভ কৰিছে অসমৰ দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে । তেওঁলোক হ’ল শুভ্ৰজিত শইকীয়া আৰু এন এফ ৰেলৱেৰ চৈয়দ জাকাৰীয়া জুফ্ৰী ।

চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা প্লাটন কামাণ্ডেটৰ

চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা প্লাটন কামাণ্ডেটৰ কামাণ্ডেন্ট জনৰ নাম প্ৰবীণ গগৈ (৫৬)টেঙা পুখুৰীৰ নিজা বাসভৱনত গুলিয়াই আত্মহত্যা ।

২৫ নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ । শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও মৃত ঘোষণা চিকিৎসকৰ শিৱসাগৰৰ ৰুদ্ৰসাগৰত কৰ্মৰত প্ৰবীণ গগৈ আজি গৈছিল টেঙা পুখুৰী ঘৰলৈ।

বৰপেটা সত্ৰত সাতবিহুৰ সামৰণি, সত্ৰৰ কীৰ্তনঘৰৰ দালানৰ সন্মুখত ঠিয় নামেৰে সামৰণি পৰিল সত্ৰনগৰী বৰপেটাৰ বৈহাগৰ দোমাহী……

বৰপেটা সত্ৰত চ’তৰ সংক্ৰান্তিৰ পৰা ছয় ব’হাগলৈ বহাগৰ দোমাহী বা বহাগ বিহু পালনৰ পিছত ৭ ব’হাগত বৰপেটা সত্ৰৰ দালানৰ সমুখত থিয়নামেৰে সামৰণি পৰিল বৰপেটা সত্ৰত পালিত বহাগ বিহু ৷ সত্ৰনগৰী বৰপেটাত বিহু মুলতঃ সত্ৰকেন্দ্ৰীক পৰম্পৰাৰে পালন কৰা হয় ৷ পূৰ্ব পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ ২২ খন হাটীৰ বাপুসকলে সাতবিহুৰ ঠিয়নামত অংশ লয় ৷

সাত বহাগৰ ঠিয় নামৰ পৰম্পৰা অনুসৰি চিত্ৰ-বিচিত্ৰ বৰপাল টানি, বৰশৰাই আৰু বৰচৰিয়া স্থাপন কৰি দালানৰ সন্মুখত তিনিখনকৈ নামথলী ভক্তসকলে ঠিয়নাম পৰিবেশন কৰে ৷ আনহাতে ভক্তসকলেও শৰাইত মগু ফলমুল আদিৰ পৰিবৰ্তে নৈবেদ্য হিচাপে গুৰ, চেনী আৰু গুৱামুৰি আগবঢ়াই সেৱা লোৱাৰ পৰম্পৰা চলি আহিছে ৷

দালানৰ সন্মুখৰ ঠিয়নামৰ শেষত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাপুসকলে বাট বুলনি ঘোষা গাই সত্ৰত প্ৰৱেশ কৰে আৰু সত্ৰৰ মঠৰ চোতালত থান বন্দনী ঘোষা আৰু প্ৰাৰ্থনাৰ ঘোষা গাই আশীৰ্বাদ প্ৰদান কৰি সকলোৰে মংগল কামনাৰে সাতবিহুৰ থিয় নামৰ সামৰণি পৰে ৷

উল্লেখ্য যে, বহাগৰ দোমাহীৰ সাত বহাগৰ নামত যিখন বৰপাল টনা হয় সেয়া প্ৰায় তিনিশ বছৰৰো অধিক পুৰণি ৷
ৰং বিৰঙী উক্ত পাল মাথো বহাগৰ সাত বিহুৰ নামতহে ব্যৱহাৰ কৰাৰ পৰম্পৰা চলি আহিছে ৷ইপিনে সুন্দৰীদিয়া সত্ৰতো সাত বহাগৰ নাম অনুষ্ঠিত হয় ৷