Breaking

আজি বিশ্ব ধৰিত্ৰী দিৱস

0 731

আজি বিশ্ব ধৰিত্ৰী দিৱস । ২২ এপ্ৰিলৰ দিনটোত প্ৰতি বছৰে এই এই ধৰিত্ৰী দিৱস পালন কৰা হয় । এই দিনটোত পৰিবেশ সন্দৰ্ভত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । বৰ্তমান বিশ্বৰ ১৯২ খন দেশে এই দিৱস উদযাপন কৰে ।

ধৰিত্ৰী দিৱস ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয় । ১৯৬৯ চনত চান ফ্ৰান্সিস্ক’ত হোৱা ইউনেস্ক’ৰ এক আলোচনাচক্ৰত শান্তি উদ্যোগী জন মেককনেলে শান্তিৰ ভাৱ আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটো সমগ্ৰ বিশ্বতেই উদযাপনৰ বাবে প্ৰস্তাৱ দিয়ে।

১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থাণ্টে চহী কৰা এখন চনদৰ যোগেদি এই দিৱসৰ অনুমোদন কৰা হয়।

ইফালে ১৯৭৭ চনৰ ২২ এপ্ৰিলত আমেৰিকান চিনেটৰ গে’লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। গে’লৰ্ড নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অৱ ফ্ৰিডম বঁটা প্ৰদান কৰা হয়৷

ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১খন দেশত ইয়াক পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন সংগঠনে এই সময়তে পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচীৰে ধৰিত্ৰী সপ্তাহ পালন কৰে।

Leave A Reply