Breaking

বৰপেটা সত্ৰত সাতবিহুৰ সামৰণি, সত্ৰৰ কীৰ্তনঘৰৰ দালানৰ সন্মুখত ঠিয় নামেৰে সামৰণি পৰিল সত্ৰনগৰী বৰপেটাৰ বৈহাগৰ দোমাহী……

0 183

বৰপেটা সত্ৰত চ’তৰ সংক্ৰান্তিৰ পৰা ছয় ব’হাগলৈ বহাগৰ দোমাহী বা বহাগ বিহু পালনৰ পিছত ৭ ব’হাগত বৰপেটা সত্ৰৰ দালানৰ সমুখত থিয়নামেৰে সামৰণি পৰিল বৰপেটা সত্ৰত পালিত বহাগ বিহু ৷ সত্ৰনগৰী বৰপেটাত বিহু মুলতঃ সত্ৰকেন্দ্ৰীক পৰম্পৰাৰে পালন কৰা হয় ৷ পূৰ্ব পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ ২২ খন হাটীৰ বাপুসকলে সাতবিহুৰ ঠিয়নামত অংশ লয় ৷

সাত বহাগৰ ঠিয় নামৰ পৰম্পৰা অনুসৰি চিত্ৰ-বিচিত্ৰ বৰপাল টানি, বৰশৰাই আৰু বৰচৰিয়া স্থাপন কৰি দালানৰ সন্মুখত তিনিখনকৈ নামথলী ভক্তসকলে ঠিয়নাম পৰিবেশন কৰে ৷ আনহাতে ভক্তসকলেও শৰাইত মগু ফলমুল আদিৰ পৰিবৰ্তে নৈবেদ্য হিচাপে গুৰ, চেনী আৰু গুৱামুৰি আগবঢ়াই সেৱা লোৱাৰ পৰম্পৰা চলি আহিছে ৷

দালানৰ সন্মুখৰ ঠিয়নামৰ শেষত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাপুসকলে বাট বুলনি ঘোষা গাই সত্ৰত প্ৰৱেশ কৰে আৰু সত্ৰৰ মঠৰ চোতালত থান বন্দনী ঘোষা আৰু প্ৰাৰ্থনাৰ ঘোষা গাই আশীৰ্বাদ প্ৰদান কৰি সকলোৰে মংগল কামনাৰে সাতবিহুৰ থিয় নামৰ সামৰণি পৰে ৷

উল্লেখ্য যে, বহাগৰ দোমাহীৰ সাত বহাগৰ নামত যিখন বৰপাল টনা হয় সেয়া প্ৰায় তিনিশ বছৰৰো অধিক পুৰণি ৷
ৰং বিৰঙী উক্ত পাল মাথো বহাগৰ সাত বিহুৰ নামতহে ব্যৱহাৰ কৰাৰ পৰম্পৰা চলি আহিছে ৷ইপিনে সুন্দৰীদিয়া সত্ৰতো সাত বহাগৰ নাম অনুষ্ঠিত হয় ৷

Leave A Reply